গল্প-কবিতা

কচৰৎ-(অনুপমা ভূঞা অধিকাৰী)

চুই চাওঁ আহাঁ
পৰস্পৰৰ বুকু
কিমান কোলাহল হ’লে
অকলশৰীয়া অনুভৱ হয়
অথবা কিমান নিসংগতাত
মুখৰ হয় বুকুৰ কোলাহল

আহাঁ আমি লুকাই চুৰকৈ
ইজনে সিজনৰ ভিতৰলৈ সোমাই যাওঁ
কোলাহলত সাঁতুৰি নাদুৰি
নিসংগতাত মুখৰ হ‌ওঁ ।

খৰালি শুকাবলৈকে বাৰিষা নৈখনে পাৰ ভাঙে‌।

আহাঁ আমিও কচৰৎ কৰোঁ
পুৱা চৰাইৰ দৰে গান গাই
ৰাতি হ’লে শুই যাবলৈ
আহাঁ কচৰৎ কৰোঁ
টোপনিৰ শেষত আকৌ গান গাবলৈ
আহাঁ কচৰৎ কৰোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *