অনুবাদকবিতা

কষ্টিচ্ পাপাক গোছৰ কবিতা (অনুবাদঃ ৰবীন্দ্ৰ সৰকাৰ)

অনুবাদকৰ টোকা:
গ্ৰীচৰ এটা বিপ্লৱী পৰিয়ালত কষ্টিচ্ৰ জন্ম ১৯৩৬ চনত। যিখন গাঁৱত তেওঁৰ জন্ম তাৰ নিসর্গ দৃশ্য বতাহ, পোহৰ, গছ-গছনিয়ে তেওঁৰ কবি সত্তাক দিছিল এক পূর্ণতাৰ ৰূপ। তুৰ্কীৰ অধীনত থকা গ্ৰীচত স্বাধীনতা সংগ্ৰামৰ যি ঐতিহ্য প্রতিষ্ঠিত হৈছিল বহুজনৰ আত্মত্যাগৰ মাজেদি, তাত তেওঁলোকৰ পৰিয়ালটোৰ অৱদান কম নাছিল। কষ্টিচেও উত্তৰাধিকাৰ সূত্ৰত লাভ কৰিছিল সেই ঐতিহ্য। তদুপৰি গ্ৰীক ভাষা-সংস্কৃতিৰ যি তিনি হেজাৰ বছৰৰ গৌৰৱময় ইতিহাস তাৰ লগতো আছিল তেওঁৰ সম্পর্ক। গ্রীক কবিতাত তেওঁ শ্লেষ আৰু বিদ্ৰূপৰ এটা নতুন মাত্রা যোগ কৰিবলৈ সক্ষম হৈছিল। কেতিয়াবা ইয়াৰ ৰূপ কৰুণ, আকৌ কেতিয়াবা ভয়ংকৰ। সকলাধৰণৰ সামাজিক-ৰাজনৈতিক অন্যায়, অবিচাৰৰ বিৰুদ্ধে প্রতিবাদে অনন্য এক শিল্পৰূপ লাভ কৰিছে তেওঁৰ কবিতাত। কষ্টিচ্ৰ প্রথম কাব্যগ্রন্থ “Not crucified’ প্রকাশিত হয় তেওঁৰ কুৰি বছৰ বয়সত। তাৰ পিছৰ পৰা এতিয়ালৈকে বহুকেইখনখন কাব্যগ্রন্থ আৰু অসংখ্য ৰাজনৈতিক ৰচনা প্রকাশিত হৈছে। ১৯৭৬-ত প্রকাশিত হয় তেওঁৰ “মীথচ” আৰু ১৯৭৯-ত “ড্রিম” নামৰ কাব্যগ্রন্থ। তেওঁৰ কবিতা লক্ষ্যহীন শব্দৰ খেল নহয়—দেশৰ মানুহৰ স্বাধীনতা সংগ্রাম, গৃহ যুদ্ধৰ নিষ্ঠুৰ অভিজ্ঞতা আৰু সময় সংঘাতৰ ছবি পৰিস্ফুট।

সম্পাদকৰ টোকা:
সূত্ৰধাৰ” (১-১৫ এপ্ৰিল, ১৯৯০) আলোচনীত প্ৰকাশ পোৱা এই অনুবাদ কবিতাকেইটি অনুবাদকৰ সন্মতি লৈ পুনৰ্প্ৰকাশ কৰা হ’ল।

বসন্তকাল

গছজোপাই নাদৰ ওপৰত দোঁ খাইছে
এটি পখীৰ দৰে
আৰু পানী খাইছে

পখীটিয়ে এখন ভৰিৰে থিয় হৈ আছে
যেন এজোপা গছ।

আঁঠুকাঢ়ি বহিছে চিকাৰী
পখীটোৰ তলত
আৰু গছজোপাক লক্ষ্য কৰি
বন্দুক টোৱাইছে।

নাদৰ পৰা বেগেৰে ওলাইছে
সেউজীয়া তেজ।

শেষ পৰিদর্শক

ৰঙা পাত সৰি পৰা পথত
প্রথম সি শুনিলে তেওঁৰ কাহৰ শব্দ।

তাৰ পিছত এটা ফটা-ছিটা জীর্ণ চোলাৰে
শৰীৰটো ঢাকি
আঙুৰ গছৰ ছাঁৰ মাজেদি
তাক গৈ থকা দেখিলে।

সি তেওঁৰ একেবাৰে ওচৰলৈ গৈ ক’লে—
‘স্বাগতম’!
নিচিনাৰ ভাও জুৰি—
মদিৰাৰ পাতল ছাল টানি নিলে তেওঁ
আৰু তাৰ পিনে আগুৱাই দিলে পানপাত্র।

আঙুৰ লতাত ওলমি আছিল
আঙুৰ আৰু চৰাইবোৰ,
সৰল গছবোৰত শব্দ-তৰংগ সৃষ্টি কৰা
পতংগবোৰে খেলিছিল।

সেই আগৰ দৰেই বলিছিল বতাহ
সূর্যও ক’লা হৈ যোৱা নাছিল।
প্ৰতিটো দুপৰীয়া যেনেকৈ থাকে
ঠিক তেনেকৈ আছিল সকলো।

সূর্য

এদিন সূর্য আছিল ন্যায়
কিন্তু মাকৈ গুটিৰ দৰে সৰু।

কুকুৰা এটাই খাই পেলালে সেই গুটিটো
পৃথিৱী আন্ধাৰ হৈ গ’ল।

পুলিচ এটাই খালে সেই কুকুৰাটো
পৃথিৱী আগতকৈ আৰু আন্ধাৰ হৈ গ’ল

পুলিচৰ ঢোৰোহা পেটত
জিলিকিব ধৰিলে ন্যায়;
গৰ্ভৱতী কৰি তোলা এই চহৰত
সি তুলি ললে তাৰ পিস্তল
চাবুক আৰু আইন শৃংখলা ৰক্ষাৰ যাবতীয় সঁজুলি।

বেআইনী

এই বছৰ টব-ৰ সেই পুলিটোত
পাত মেলা নাই
গজিছে দীঘল দীঘল দাঁত।

ৰাতি কলত পিহি থকা এটা শব্দত
আমি সাৰ পাওঁ,
যেতিয়া সিহঁতে লালসাত
ৰাতিৰ শৰীৰত ডুবি থাকে।

আমি বিছনাৰ পৰা জঁপিয়াই উঠো
আৰু তেজ সৰি পৰা দাঁতবোৰ
খৰধৰকৈ মচিবলৈ ধৰো।

তিৰোতাজনীয়ে দৌৰি পাকঘৰলৈ সোমাই যায়
আৰু কফি বনায়—

এয়া হৈছে বগা পোছাকৰ সেই ভদ্রলোকৰ বাবে
প্রতি পুৱাতেই যি আমাৰ ইয়ালৈ আহে।

এই বছৰ আমি সকলোৱে কাম কৰিছোঁ
অকল ঋণ পৰিশোধৰ বাবে,
কফি আৰু টুথপেষ্টৰ।

ৰুটি বনৱা মানুহজন

কিছুমান সৰু সুৰা মানুহক ভালকৈ মলি
একো একোটা নাম দি
ভৰাই দিলে চৌকাত।

তাৰ পিছত সি পৰম জ্ঞানী চক্রেটিছক খালে
নাজাৰেথৰ এজন দুখীয়া মাছমৰীয়াক
লেনিন আৰু মাওক।

শেষৰ চুটি মানুহজন পুৰি একেবাৰে
ক’লা হৈ গ’ল, যাক
কোনোমতেই খোৱা সম্ভৱ নহয়;
ৰুটি বনোৱা মানুহজনে
তেতিয়া তাক‌ড়
দলিয়াই দিলে বাহিৰলৈ।

কিন্তু মানুহজন আকৌ জী উঠিল
আৰু তাৰ পিছে পিছে
গুচি আহিল উগান্ডালৈ;
মানুহ খাবলৈ আৰম্ভ কৰিলে।

ধৰ্মৰ পৰা বিচ্যুত হোৱা বাবে
ৰুটি বনোৱা সেই মানুহজনে
খঙৰ কোবত,
বিধর্মী বুলি তাক ভৰাই থ’লে
আন আন দৈত্য-দানবৰ সৈতে নৰকত।

সি মানুহ খায় বুলি নহয়
নেসেঁকাকৈ খায় বুলিহে।

মাজৰাতি

চহৰৰ ওপৰত জোনটো
আৰু এটা নিগনিয়ে নেজেৰে
চাবুকৰ কোৰ মাৰে গীর্জাৰ ঘণ্টাত।

কবৰত, মৃতসকলে
সেই শব্দ শুনে,
সিহঁতে কয়—
এয়া একোৱেই নহয়
আৰু নিজৰ নিজৰ বুটামবোৰ গণি থাকে।

সাৰ পায়েই বৃদ্ধ তিৰোতাগৰাকীয়ে
লুকাই লুকাই শুকান ডিমৰু খাবলৈ
পাকঘৰলৈ গুচি যায়।

মাজৰাতি, তেওঁ ভাবে
হায়নাবোৰে মানুহৰ
স্বপ্ন এৰি গৈ আছে—
সকলোৱে এতিয়া দেৱদূত হব।

বুঢ়া মানুহজনে সাৰ পায় আৰু ভোৰাভোৰায়,
মই মোৰ কৃত্রিম দাঁতৰ পাৰিত
সুমুৱাই দিম লৰ শলখা
আৰু সিহঁতে চোবাই সকলোকে
টুকুৰা-টুকুৰ কৰি পেলাওক!

আৰু হঠাৎ ঘণ্টা টো খহি পৰে তললৈ
গোটেই চহৰ জুৰি
আৰু নাকেৰে ঘোৰঘোৰাবলৈ ধৰে
বাহিৰত অকল নিঃসংগ জোনটো।

Leave a Reply

Your email address will not be published. Required fields are marked *