কয়লাঘাটৰ ছবি ।। অচ্যুৎ মাধৱ দাস
চকুত টোপনি নধৰা হোৱা সুমিত্ৰা দেৱীয়ে বিড়ি এটাকে তিনিভাগ কৰি গোটেই ৰাতিটো পাৰ কৰে। কিছু বছৰৰ আগত টি বি বেমাৰে শয্যাশায়ী কৰা সুমিত্ৰাৰ জীৱটো সেইবাৰলৈ কোনোমতে বাছিল, কিন্তু সেই তেতিয়াই কাহ এটা বুকুত যি লাগিল সেয়া আৰু নেৰিলে… শুকান বিড়ি এটা জ্বলাই লৈ সুমিত্ৰাই কৈ গ’ল… “আমাৰ দৰে মানুহবোৰৰ বাবে ভগৱানো অন্ধ, মৰিবলৈ বিচাৰি থকা কিমান দিনেই হ’ল অথচ ভগৱানে আমাক নেদেখে”
দশক দশক জুৰি কয়লাঘাটৰ মাটি-পানী-বতাহ খাই ডাঙৰ-দীঘল হোৱা এইখিনি মানুহৰ মাজৰ পৰাও কোনোবাই হয়তো এদিন দেশৰ স্বাধীনতা আন্দোলনৰ সমদলতো ভাগ লৈছিল। ভাবিছিল, দেশ এদিন সলনি হ’ব। সেইমতেই দেশৰ বহুত কিছু সলনিও হ’ল, একমাত্ৰ এওঁলোকৰ কয়লাঘাটৰহে কোনো সলনি নহ’ল। কয়লাঘাটৰ সেই দীঘলীয়া ইতিহাস না ক’ৰবাত লিপিবদ্ধ হ’ল, না কয়লাঘাটে নিজৰ ইতিহাস মনত ৰাখিব পৰাকৈ বিলাসী জীৱন এটা পালে। ক্ষোভ আৰু বঞ্চনাৰে ভৰা এওঁলোকৰ শ্ৰমজীৱী জীৱনত ক’ত যে গল্পৰ বুকত ফুটুকলা গজি মাটিত মিহলি হৈ গ’ল। ক’ত যে সপোন ৰ’দ-বৰষুণত ধোৱা হৈ উৰি গ’ল। কোনে ক’ত তাৰ খবৰ ৰাখে।
ডিব্ৰুগড় চহৰৰ দাঁতিতে থকা নৈ পৰীয়া এটা সৰু চুবুৰি, কেইটামান মাঝি পৰিয়ালৰ। তেওঁলোকে মাছ নামাৰি নৈত উটি অহা কাঠ ধৰি সেই কাঠৰে কয়লা তৈয়াৰ কৰে। এনেকৈয়ে সাত আঠটা দশকৰ পৰা আজিও এওঁলোকৰ সেই একেই জীৱিকাৰে শ্ৰমজীৱী সংগ্ৰাম চলি আছে। কিন্তু দশক দশক জুৰি এই কঠিন শ্ৰমজীৱী জীৱন লৈ যুঁজ দিয়াৰ পাছতো তথাকথিত উন্নত সমাজৰ স’তে ফেৰ মাৰিব পৰাকৈ এওঁলোকৰ মাটি, ঘৰ, গাড়ী একোৱেই নহ’ল। নাই যে নাই এটা চেনিটেৰী লেট্ৰিনো নাই, নাই মহিলাই গা-ধুব পৰাকৈ আঁৰ-বেৰ থকা এটা গা-ধোৱা ঘৰ।
এইবোৰৰ মাজতে আকৌ হপ্তাখোৰ চৰকাৰী বিষয়াৰ অংক নিমিলাৰ বাবে কাঠ কটা, কয়লা বনোৱাক লৈ দাবী-ধমকি ভয়-ভীতি আছেই।
যোৱা ৭ বছৰ মান আগতে বেদখলকাৰী বুলি চৰকাৰে তেওঁলোকৰ ঘৰবোৰ ভাঙি দিয়াৰ পাছত এতিয়া কাঠ-কয়লাৰ মলিন বস্তাৰ দমবোৰৰ মাজে মাজে তিৰ্পালৰ সৰু সৰু জুপুৰিবোৰেই এওঁলোকৰ একমাত্ৰ আশ্ৰয়।
প্ৰজন্মৰ পাছত প্ৰজন্ম কঠোৰ শ্ৰম কৰি কয়লা উৎপাদনৰ বাহিৰে যেন এওঁলোকৰ শ্ৰমজীৱী জীৱনত নিস্তাৰ নাই। কোনোবা টি বি হৈ মৰিছে, কোনোবা কেঞ্চাৰ হৈ, অপুষ্টিজনীত অন্যান্য বেমাৰবোৰ আছেই। গোটেই চুবুৰিটোত বিচাৰি এটাও ল’ছালি নাপালোঁ যি হাইস্কুলৰ ডেওনা পাৰ কৰিছে, সেয়াই হৈছে কয়লাঘাটৰ শ্ৰমজীৱী মানুহৰ সপোন আৰু ভবিষ্যতৰ ছবি।