বিবিধ চিন্তা

‘ক্ৰান্তি জাৰী ছ’: এখন অনন্য গ্ৰন্থ— (বীথিকা হাজৰিকা)

নিৰ্মেদ আৰু অনায়াস কাব্যিকতা যদি গদ্য লিখন শৈলী হয় আৰু সেই শৈলীৰ গৰাকী এগৰাকী এক্টিভিষ্ট আৰু গৱেষক হয়, সৃষ্টি সুখপাঠ্য হোৱাৰ লগতে হৈ পৰে প্ৰতিবাদ আৰু প্ৰতিৰোধৰ হাতিয়াৰ। তেনে এগৰাকী লেখিকা ৰশ্মিৰেখা বৰাৰেই সদ্য প্ৰকাশিত গ্ৰন্থ ‘ক্ৰান্তি জাৰী ছ’। কবি আৰু গল্পকাৰ হিচাপে বিশেষভাৱে পৰিচিত ৰশ্মিৰেখা বৰাৰ এই গ্ৰন্থখন নেপালৰ জনযুদ্ধত মহিলাৰ অংশগ্ৰহণ সম্বন্ধে কৰা এক গৱেষণাৰ কাহিনী ৰূপ। গ্ৰন্থখনত লেখিকাই জনযুদ্ধত অংশগ্ৰহণ কৰা নাৰী সৈনিক সকলৰ জীৱনৰ সঁচা কাহিনীৰ চৰিত্ৰায়ণ কৰিছে। গৱেষণালব্ধ তথ্যক স্পষ্ট আদৰ্শগত বীক্ষন আৰু সৰল প্ৰকাশভংগীৰে উপস্থাপনা কৰাৰ প্ৰচেষ্টাত সৃষ্টি হৈছে এইখন অনন্য গ্ৰন্থ।


কিছু প্ৰশ্ন আগত ৰাখি লেখিকাই গৱেষণাৰ দিশলৈ আগবাঢ়ি গৈছিল-
“সাধাৰণতে পুৰুষৰ ক্ষেত্র বুলি গণ্য কৰা সশস্ত্ৰ সংগ্ৰাম এখনত অংশ ল’বলৈ মহিলাসকলক কোনবোৰ কাৰকে উৎসাহ যোগায়? সামাজিক, অৰ্থনৈতিক, জাতীয় আৰু সাংস্কৃতিক পৰিচয়ৰ বিভিন্নতাত মহিলাসকলৰ কাৰণে এই কাৰকবোৰ কেনে ধৰণৰ হয়? খুউব বেছি পৰিমাণে ‘পুৰুষালি সম্পন্ন’ সামৰিক ক্ষেত্ৰত লিংগ-ভিত্তিক ভূমিকাৰ কেনে ধৰণৰ সালসলনি হয়? মহিলা যুঁজাৰুসকলে সংগ্ৰাম চলি থকা কালছোৱাত দলৰ মাজতে সম-অধিকাৰ লাভ কৰেনে? যিকোনো দলীয় সিদ্ধান্ত গ্ৰহণত তেওঁলোকে সমানে অংশ ল’ব পাৰেনে? দলৰ মাজতে তেওঁলোক কেতিয়াবা যৌন নিৰ্যাতনৰ বলি হয় নেকি? যুদ্ধ চলি থকা সময়ত কামৰ বিভাজন লিংগ-ভিত্তিক হয় নেকি? শান্তি প্ৰক্ৰিয়াত মহিলাৰ ভূমিকা কেনেকুৱা হয়? যুদ্ধৰ অন্তত নাগৰিক জীৱনলৈ উভতি যোৱাৰ পাছত মহিলা আৰু পুৰুষ সৈনিকৰ জীৱন একেই থাকেনে? সমাজে পুৰুষ আৰু মহিলা সৈনিকসকলক একেদৰেই গ্ৰহণ কৰেনে?”

এই সমূহ প্ৰশ্নৰ সদুত্তৰ বিচাৰি লগ কৰিছিল নেপালৰ মাওবাদী জনযুদ্ধৰ বহু কেইগৰাকী নাৰী সৈনিকক। সেই ক্ষেত্র অধ্যয়নৰ অভিজ্ঞতা আৰু বহু অধ্যয়নলব্ধ তথ্যক সাৰথি কৰি পিতৃতন্ত্ৰৰ কুৎসিত ৰূপটোক উদঙাই দি লেখিকাই আগবঢ়াই নিছে গ্ৰন্থখন। শিল্প সৃষ্টিৰ ক্ষেত্রত লেখিকাৰ জীৱন দৰ্শনৰ উমান পাব পাৰি স্পষ্ট ৰূপত-
“… শিল্প কোনো অ-ৰাজনৈতিক বিষয় নহয়। সকলো শিল্পকৰ্মৰেই এক ৰাজনৈতিক চৰিত্ৰ থাকে আৰু সমাজখন কেনেধৰণৰ হ’ব লাগে এই বিষয়ে কওঁতে শিল্পই বিভিন্ন ধৰণৰ ৰাজনৈতিক কথাকেই প্ৰকাশ কৰে।”
নাৰীৰ শ্ৰেণী বা বৰ্গ বিচাৰ কৰাটো কঠিন। নাৰীৰ যন্ত্ৰণাৰ স্বৰূপ উপলব্ধি কৰাটো তাতোকৈ কঠিন। সংগ্ৰামৰ পথাৰত কথাবোৰ হৈ পৰে আৰু বেছি জটিল আৰু ভয়ানক।
আৰু কঠিন উপলব্ধি কৰাৰ পাছত তৰপবোৰ খুলি খুলি উন্মোচন কৰিব পৰাকৈ প্ৰাঞ্জল ভাষা এটা আয়ত্ব কৰাটো। জটিল কথাবোৰ খুউব সহজকৈ কৈ ভিতৰলৈকে জোঁকাৰি পেলাব পৰা ভাষা এটা লেখিকাৰ নিজাকৈয়ে আছিল। কিতাপখনে বহু কথা নতুনকৈ ভবাই তুলিব সংগ্ৰামত আস্থা ৰখা সকলক। নাৰীৰ যন্ত্ৰণাৰ প্ৰতি সংবেদনশীল বুলি ভবা পুৰুষসকলেও সংগ্ৰামী নাৰীৰ যন্ত্ৰণাৰ স্বৰূপটো উপলব্ধি কৰাত নিজে কিমান দূৰলৈকে সফল হৈছে তাকে পৰীক্ষা কৰি চাবলৈও কিতাপখন পঢ়ি চোৱা উচিত। সংগঠনবোৰৰ মাজত বৰ্তি থকা পুৰুষতন্ত্ৰক আওকাণ কৰি শ্ৰেণীসংগ্ৰাম আগুৱাই নিয়াৰ চেষ্টা কৰাৰ ভয়ানক কাৰবাৰটোক নগ্ন কৰি দি ইমান মনোগ্ৰাহীকৈ লিখা কিতাপ অসমীয়া ভাষাত প্ৰথম পঢ়িবলৈ পালোঁ। আন ভাষাৰ কথা নাজানো আৰু সাহিত্যৰ কোনটো বিভাগত পৰে সেয়াও আমাৰ জ্ঞাত নহয়। কিতাপখন পঢ়োঁতে মাজে মাজে ৰৈ যাব লগা হৈছে। কেতিয়াবা হঠাৎ কিতাপখন জপাই নিজক চম্ভালিব লগা হৈছে। ভিতৰলৈ টানি টানি লৈ গৈ থকা এখন কিতাপ। জটিল সন্ধিক্ষণত সমৃদ্ধ হ’ব পৰাকৈ এনে এখন গ্ৰন্থ উপহাৰ দিয়াৰ বাবে ৰশ্মিৰেখা বৰা ধন্যবাদৰ পাত্ৰ।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *