ক্ৰিকেটীয় জাতীয়তাবাদ সম্পৰ্কে কিছু কথা- (জিতেন বেজবৰুৱা)
সাম্প্ৰতিক ভাৰতীয় জাতীয়তাবাদৰ জনপ্ৰিয় ধাৰাটো আটাইতকৈ স্পষ্ট আৰু তীব্ৰ ৰূপত প্ৰকাশ পায় ক্ৰিকেট আৰু হিন্দী চিনেমাৰ মাধ্যমেৰে৷ ক’বলৈ গ’লে বৰ্তমান এই দুটা হ’ল জাতীয়তাবাদৰ ঘাই সাংস্কৃতিক আধাৰ৷ এতিয়া আমি প্ৰথমটোৰ বিষয়েহে কেইষাৰমান কথা ক’ব খুজিছো৷ খেলৰ সৈতে জাতীয়তাবাদৰ সনা-পোটোকা কেৱল ভাৰতৰে ঘটনা নহয়, ই এটা বিশ্বজোৰা ঘটনা৷ সাম্প্ৰতিক বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন ৰূপত সাংস্কৃতিক জাতীয়তাবাদৰ বিকাশৰ সৈতে ই জড়িত, সেয়ে তাৰ গোলকীয় আয়তন থাকিলেও একে সময়তে সি উক্ত অঞ্চলসমূহৰ সমাজ-ৰাজনীতিৰ সৈতে গভীৰভাৱে জড়িত৷ ১৯৪৫ চনতে লিখা এটা লেখাত জৰ্জ অৰৱেলে খেলক যুদ্ধৰ নামান্তৰ বুলি অভিহিত কৰিছিল, য’ত গুলীচালনাৰ বাদে যুদ্ধৰ আন সকলোবোৰ লক্ষণেই দেখিবলৈ পোৱা যায় – it is war minus the shooting. ভাৰতত ক্ৰিকেটৰ ক্ষেত্ৰত সেইটো দেখিবলৈ পোৱা যায়৷ ভাৰতীয় জাতীয়তাবাদৰ সৈতে ক্ৰিকেটৰ সম্পৰ্ক ইমানেই ওপৰাউপৰি যে বিখ্যাত সমাজবিজ্ঞানী আশিস নন্দীয়ে তেওঁৰ ক্ৰিকেট সম্পৰ্কীয় কিতাপখনৰ প্ৰথম বাক্যটোৱেই লিখিছে এইবুলি : Cricket is an Indian game accidently invented by the British. এই সম্পৰ্কৰ উৎস বহু পুৰণি, কিন্তু সাম্প্ৰতিক সময়ৰ ইয়াৰ যিটো ৰূপ সি বৰ বেছিদিনীয়া নহয়৷ ইয়াক টেলিভিছনৰ বহুল আগমনৰ পাছৰ বুলিব পাৰি৷ যোৱা শতিকাৰ নব্বৈৰ দশকত বিশ্বায়নৰ লগে লগে ভাৰতক বিশ্বশক্তিৰ ৰূপত কল্পনা কৰা যি আগ্ৰাসী জাতীয়তাবাদৰ উত্থান হ’ল তাৰ প্ৰেক্ষাপটতে ক্ৰিকেটৰ বৰ্তমান ৰূপটোৰ বিকাশ ঘটিল। টেলিভিছনৰ দৰ্শক ভাৰতীয়ৰ বাবে ক্ৰিকেট হৈ পৰিল জাতীয় চেতনাৰ উগ্ৰতম প্ৰকাশ। আনহাতে, প্ৰবাসী ভাৰতীয়সকলৰ বাবেও ই হৈ পৰিল ভাৰতীয় শিপাৰ সৈতে যুক্ত হোৱাৰ উপায় – যাৰ জৰিয়তে হেৰোৱা পৰিচয়টোৰ সৈতে একাত্ম অনুভৱ কৰিব পৰা যায়। সমান্তৰালভাৱে হিন্দু জাতীয়তাবাদৰ আগমনে ক্ৰিকেটৰ এই অৱতাৰটোক অধিক জংগী ৰূপত প্ৰতিষ্ঠা কৰে।
বৰ্তমান ক্ৰিকেট হ’ল যুদ্ধৰ আন নাম। এই যুদ্ধখন হ’ল ভাৰতীয় জাতি-ৰাষ্ট্ৰই আন আন ৰাষ্ট্ৰৰ বিৰুদ্ধে চলোৱা যুদ্ধ, বিশেষকৈ পাকিস্তানৰ বিৰুদ্ধে। আগ্ৰাসী ভাৰতীয় জাতীয়তাবাদৰ প্ৰধান অৱলম্বন হ’ল পাকিস্তান – পাকিস্তান নহ’লে এই ভাৰতীয় জাতীয়তাবাদ নচলে। গতিকে ক্ৰিকেটৰ যুদ্ধখন সবাতোকৈ উত্তেজনাপূৰ্ণ হয় পাকিস্তানৰ লগতেই। জনপ্ৰিয় স্তৰত ক্ৰিকেটৰ বাবে সহজভাৱে যুদ্ধৰ পৰিভাষা ব্যৱহাৰ কৰা হয়। অলপতে চেম্পিয়ন্স ট্ৰফিৰ এক মেচত ভাৰতে পাকিস্তানক পৰাজিত কৰোতে ‘অসমীয়া প্ৰতিদিন’ কাকতৰ প্ৰথম পৃষ্ঠাত বাতৰি ওলাইছে এইবুলি – ‘ভাৰতৰ ছাৰ্জিকেল ষ্ট্ৰাইকত বিধ্বস্ত পাকিস্তান’। আনহাতে, ফাইনেল খেলখনত পাকিস্তানৰ হাতত ভাৰতৰ পৰাজয় হোৱাৰ পাছত ‘ৰিপাব্লিক টিভি’ত অৰ্ণৱ গোস্বামীয়ে হ’বলগীয়া প্ৰগ্ৰেমৰ বিজ্ঞাপন দিছে এইবুলি যে ক্ৰিকেট খেলখন বিশেষ কামৰ বস্তু নহয় (কাৰণ ভাৰত হাৰিলে!!), আচল যুদ্ধখন হ’ল ভাৰতে পাকিস্তানী সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলোৱা যুদ্ধখন। অৰ্থাৎ, ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা যুদ্ধ আৰু ক্ৰিকেটৰ মাজত কোনোধৰণৰ পাৰ্থক্য নাই – এটাক আনটোৰ সলনাসলনিকৈ ব্যৱহাৰ কৰিব পাৰি। তদুপৰি, ফাইনেলত ভাৰতে পাকিস্তানৰ হাতত পৰাজয় বৰণ কৰাৰ পাছত কিছু লোকে সান্ত্বনা লোৱা দেখিছো যে একে সময়তে হোৱা হকী খেলত ভাৰতে পাকিস্তানক পৰাজিত কৰিছে! তাৰ মানে হ’ল ভাৰতে পাকিস্তানৰ হাতত পৰাজয় স্বীকাৰ কৰিব নোৱাৰে, কাৰণ কৰিলে সি হ’ব ভাৰতীয় অস্তিত্বৰ ওপৰতে কুঠাৰাঘাত। এই উদাহৰণকেইটাৰপৰা বুজিবলৈ অলপো অসুবিধা নহয় যে ক্ৰিকেট হ’ল একপ্ৰকাৰ জাতীয় যুদ্ধ, য’ত ক্ৰিকেটাৰসকলে যোদ্ধাৰ ৰূপত অৱতীৰ্ণ হৈ দেশমাতৃৰ সন্মান আৰু গৌৰৱ ৰক্ষা কৰে। ক্ৰিকেটাৰসকল হ’ল অতিমানৱীয় যোদ্ধা-দেৱতা – তেওঁলোক প্ৰত্যেকেই হ’ল একো একোজন ‘বাহুবলী’ (‘বাহুবলী’ চিনেমাখনে সাম্প্ৰতিক ভাৰতীয় জাতীয়তাবাদৰ মনস্তত্ত্বকে প্ৰতিফলিত কৰিছে), আৰু ক্ৰিকেট খেলখন হ’ল ভাৰতীয় জাতিৰ অস্তিত্ব ৰক্ষাৰ এক মহাকাব্যিক যুদ্ধ। কিন্তু এই যুদ্ধ কেৱল ক্ৰিকেটাৰসকলেই নকৰে – খেল দৰ্শনৰ জৰিয়তে সমস্ত ভাৰতীয় দৰ্শকেই যুদ্ধত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। গতিকে ই এখন বিৰাট জাতীয় যুদ্ধ – যিখন ক্ৰিকেটাৰসকলে খেলপথাৰত খেলে দৈহিকভাৱে, আৰু দৰ্শকসকলে দেশজুৰি খেলে মনস্তাত্ত্বিকভাৱে। এই যুদ্ধৰ জৰিয়তে সাম্প্ৰতিক ভাৰতীয় আগ্ৰাসী জাতীয়তাবাদৰ লক্ষণসমূহ জলজল-পটপটকৈ ফুটি উঠিছে। এই জাতীয়তাবাদ হ’ল এক উগ্ৰ, হিংসাপৰায়ণ, পুৰুষতান্ত্ৰিক, হিন্দুত্ববিধৌত জাতীয়তাবাদ – আৰু এই সকলোখিনিৰ প্ৰকাশ ঘটে ক্ৰিকেটৰ মাধ্যমেৰে। ক্ৰিকেটাৰসকল হ’ল ভাৰতীয় পৌৰুষৰ প্ৰতীক আৰু সেয়ে তেওঁলোক অপৰাজেয়। যদি তেওঁলোকে পৰাজয় বৰণ কৰে তেন্তে তেওঁলোক আৰু পৌৰুষদীপ্ত হৈ নাথাকে – তেওঁলোক পৌৰুষৰপৰা অৱনমিত হৈ ‘হিজৰা’ বা তিৰোতাত পৰিণত হয়। তদুপৰি বাস্তৱিকতেও ক্ৰিকেট হ’ল পুৰুষৰ খেল – ভাৰতৰ মহিলা ক্ৰিকেট টিমবিলাকে ক’ত কি হাৰিছে-জিকিছে কোনোবাই খবৰ ৰাখে জানো? আনহাতে, ভাৰতীয় মুছলমানৰ দেশপ্ৰেম পৰীক্ষা কৰাৰ কষটি-শিল হ’ল ক্ৰিকেট।
এইখিনিতে খেল হিচাপে ক্ৰিকেটৰ চৰিত্ৰ সম্পৰ্কে এটা কথা কৈ লওঁ। সমজুৱা খেলবিলাকৰ ভিতৰত ক্ৰিকেটেই হয়তো সবাতোকৈ ব্যক্তিবাদী খেল। ফুটবল, ভলিবল আদিৰ দৰে ইয়াত সকলো খেলুৱৈৰ সুষম অংশগ্ৰহণ নিশ্চিত নহয়। তাৰ বিপৰীতে ক্ৰিকেটত বিভিন্ন খেলুৱৈৰ অংশগ্ৰহণ অ-সম আৰু বৈষম্যপূৰ্ণ, আৰু কিছু খেলুৱৈৰ হিৰ’ইজমৰ বাবে ই বেছি সুচল। জাতীয়তাবাদে দাঙি ধৰা হিৰ’ইজমৰ সৈতে এই লক্ষণটো অতিকে খাপ খোৱাবিধৰ। তদুপৰি মেডিয়া-পৰিচালিত চেলিব্ৰিটি সংস্কৃতিৰো এইটো প্ৰধান অৱলম্বন। জাতীয় উন্মাদনাৰ ৰূপত ভাৰতত ক্ৰিকেটৰ উত্থানত এই দুটা কাৰণৰো হয়তো কিছু ভূমিকা আছে।
বৰ্তমানৰ আগ্ৰাসী ভাৰতীয় জাতীয়তাবাদ যিদৰে ভিতৰি বিভিন্ন দ্বন্দ্ব আৰু স্ববিৰোধেৰে পৰিপূৰ্ণ, তাৰ ক্ৰিকেটীয় সংস্কৰণটোও স্বাভাৱিকতেই ভিতৰি ফোঁপোলা। ক্ৰিকেট বৰ্তমান পুঁজিপতি-কৰ্প’ৰেট শক্তিবিলাকৰ মুনাফাৰ এক প্ৰধান অৱলম্বন। মুনাফা-পৰিচালিত এই কৰ্মকাণ্ডত জাতীয় বুলিবলৈ একো নাই – জাতীয়তাবাদ আছে ক্ৰিকেট-কেন্দ্ৰিক সাংস্কৃতিক বাগধাৰাটোতহে।
এইখিনিতে শেহতীয়াকৈ মুক্তি পোৱা ‘ডংগল’ চিনেমাখনৰ দুটামান কথা উল্লেখ কৰো। চিনেমাখন মোৰ বোধেৰে দুটা দিশৰপৰা গভীৰভাৱে সমস্যাজনক। প্ৰথমটো হ’ল আমিৰ খান অভিনীত পিতৃ চৰিত্ৰটোৰ মাধ্যমেৰে পুৰুষতান্ত্ৰিক অভিভাৱকত্ববাদৰ সৰ্বাত্মক আধিপত্য। কুস্তি খেলুৱৈ হিচাপে ছোৱালী দুজনীক গঢ় দিয়াৰেপৰা ডাঙৰ ছোৱালীজনীয়ে ভাৰতৰ হৈ সোণৰ পদক কঢ়িয়াই অনালৈকে – এই সমস্ত ঘটনাৰাজি বান্ধ খাই আছে পিতৃজনৰ প্ৰতিজ্ঞা তথা তাৰ মাজেৰে প্ৰকাশ পোৱা তেওঁৰ পুৰুষতান্ত্ৰিক ইগ’ৰ জৰিয়তে। শেষপৰ্যন্ত ছোৱালী দুজনীৰ গাইড হিচাপে পিতৃজনে অবিসম্বাদী ভূমিকা পালন কৰিছে, যিটোক অধিক উজ্জ্বল কৰিবৰ বাবে প্ৰফেছনেল ট্ৰেইনাৰজনক সংকীৰ্ণমনা ইগ’ইষ্টিক হিচাপে প্ৰক্ষেপ কৰা হৈছে। আনকি একেবাৰে শেষত গীতা ফোগাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ফাইনেল ৰাউণ্ড খেলি থাকোতে পিতৃ অনুপস্থিত থকা অৱস্থাত পিতৃৰ কল্পনায়েই তাইক পৰ্যাপ্ত পথনিৰ্দেশ কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ পিতৃৰ অভিভাৱকত্ব সৰ্বাত্মক – তাৰ অবিহনে ছোৱালীহঁতে স্বয়ংচালিত হৈ একো কৰিব নোৱাৰে। কিন্তু পিতৃৰ এই দৃঢ় প্ৰতিজ্ঞা কিহৰ প্ৰতি নিবেদিত? জাতিৰ প্ৰতি। এইখিনিতেই দ্বিতীয় সমস্যাটো লুকাই আছে। গীতাই আন্তঃৰাজ্যিক প্ৰতিযোগিতাকে আদি কৰি বিভিন্ন খেলত জয়ী হৈ আহিছে যদিও পিতৃৰ এটাই কথা – ইমানতে সন্তুষ্ট হ’লে হ’ব নোৱাৰি, তেওঁৰ ছোৱালীয়ে এদিন দেশৰ হৈ খেলিব লাগিব আৰু দেশৰ বাবে সোণৰ পদক কঢ়িয়াই আনিব পাৰিব লাগিব, আন ভাষাত, দেশৰ নাম উজ্জ্বল কৰিব লাগিব। পিতৃজনে এইটো বাৰংবাৰ যুক্তি হিচাপে ব্যৱহাৰ কৰিছে। তেওঁ প্ৰকাশ্যে এইবুলিও কৈছে যে ৰাজ্যিক বা আঞ্চলিক পৰ্যায়ত জিকিলে কোনে মনত ৰাখিব, কাইলৈকে মানুহে পাহৰি থাকিব, কিন্তু দেশৰ হৈ সোণৰ পদক লাভ কৰি আনিলে ইতিহাসত নাম লিখা ৰ’ব, অমৰ হৈ ৰ’ব। পিতৃৰ বাসনা অৱশেষত পূৰ্ণ হৈছে : জীয়েকে ভাৰতৰ হৈ সোণৰ পদক লাভ কৰিছে, ভাৰতৰ জাতীয় সংগীত বাজি উঠিছে, ভাৰতৰ নাম উজলি উঠিছে। ইয়াৰপৰা আমি বুজিলো যে খেলুৱৈ হিচাপে খেল এটা খেলাৰ আৰু খেলি বিজয়ী হোৱাৰ চৰম সাৰ্থকতা স্বয়ং খেলটোৰ মাজত নাই – আছে জাতীয়তাবাদৰ মাজত। সেইবাবেই ৰাজ্যিক বা আঞ্চলিক পৰ্যায়ৰ সৈতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলৰ পাৰ্থক্য। আঞ্চলিক বা ৰাজ্যিক পৰ্যায়ত খেলি যিমানেই বিজয়ী নহওক লাগিলে, খেলুৱৈজন এজন সাধাৰণ খেলুৱৈয়েই হৈ থাকিব যাৰ কোনো অন্য গৰিমা নাই। কিন্তু দেশখনক প্ৰতিনিধিত্ব কৰি বিজয়ী হোৱাৰ অৰ্থই হ’ল এজন সাধাৰণ খেলুৱৈৰ স্তৰৰপৰা উত্তীৰ্ণ হৈ এক অতিমানৱীয় স্তৰত উপনীত হোৱা – জাতিৰ প্ৰতীকত পৰিণত হোৱা। (যিবোৰ অঞ্চলত নিজা নিজা জাতীয়তাবাদ অধিক প্ৰবল, সেইসমূহত আন্তঃৰাষ্ট্ৰীয় স্তৰলৈ নোযোৱাকৈও কিছু পৰিমাণে জাতীয় প্ৰতীকত পৰিণত হ’ব পাৰে। কিন্তু দুইটাৰে ব্যাকৰণটো একেই।) খেলৰ মাজেৰে জাগি উঠা আৰু আত্মোপলব্ধি কৰা জাতীয় সম্প্ৰদায়টোৱে জাতীয় নায়ক(-নায়িকা)ৰ আসন দান কৰে খেলুৱৈজনক, আৰু তাৰ মাজেৰেই তেওঁৰ অমৰত্ব নিশ্চিত হয়। গতিকে খেলুৱৈ এজনৰ চূড়ান্ত প্ৰাপ্তি হ’ল নিজৰ পাৰ্থিৱ সীমা অতিক্ৰম কৰি জাতীয় প্ৰতীকত পৰিণত হোৱা। অৰ্থাৎ খেলৰ মুক্তি জাতীয়তাবাদৰ মাজত। চিনেমাখনত পিতৃৰ পুৰুষতান্ত্ৰিক অভিভাৱকত্ববাদৰ সৈতে ইয়াৰ সম্পৰ্ক আকস্মিক নহয়, বৰং ওতপ্ৰোত। চিনেমাখনে সাম্প্ৰতিক ভাৰতীয় সাংস্কৃতিক জাতীয়তাবাদৰে এখন চিত্ৰ দাঙি ধৰিছে, আৰু তাৰ মাজত খেলৰ দুৰ্ভাগ্যজনক অৱস্থাৰ কথাকে পৰোক্ষভাৱে প্ৰতিপন্ন কৰিছে। চিনেমাখনত প্ৰফেছনেল ট্ৰেইনাৰজনে প্ৰতিনিধিত্ব কৰা সংকীৰ্ণ ইগ’ইজম আৰু ক্ৰীড়া-জড়িত চৰকাৰী প্ৰতিনিধিবিলাকৰ মাজেৰে দেখিবলৈ পোৱা ৰঙা ফিতাৰ মেৰপাক – এই দুটাক ঠিকেই সমালোচনা কৰা হৈছে। এই দুটা নিশ্চয়কৈ খেলৰ বিকাশৰ দুটা গুৰুত্বপূৰ্ণ হেঙাৰ। কিন্তু তাতোকৈ গুৰুতৰ তথা ভয়াৱহ প্ৰতিবন্ধকটো হ’ল জাতীয়তাবাদ। গতিকে খেলৰ বিকাশৰ বাবে তাক প্ৰথমে মুক্ত কৰিব লাগিব জাতীয়তাবাদৰপৰা। ‘ডংগল’ চিনেমাখনে তাৰ ঠিক ওলোটা কামটোকে কৰিছে।
খেলৰ প্ৰধান কাম হ’ল শাৰীৰিক সুস্থতাৰ প্ৰতি বৰঙণি যোগোৱা আৰু সামূহিক চেতনাৰ বিকাশ ঘটোৱা। সুস্থ-সবল শৰীৰৰ ব্যক্তি আৰু সুস্থ-ঐক্যবদ্ধ সামূহিক চেতনা – এই দুটা সমাজৰ প্ৰতিও ডাঙৰ অৱদান। সেইবাবেই খেলৰ গুৰুত্ব অসীম। কিন্তু খেলে সেই অৱদান যোগাবলৈ হ’লে তাক প্ৰথমে মুক্ত কৰিব লাগিব যুদ্ধোন্মাদ জাতীয়তাবাদৰ হাতোৰাৰপৰা। এই কথাটো আটাইতকৈ বেছিকৈ খাটে ক্ৰিকেটৰ ক্ষেত্ৰত।
(১৯-০৬-২০১৭)