কৃষকৰ অধিকাৰ আইন, বিষ্ণু ৰাভা আৰু গাজিৰাম ৰাভা – (দীপাংকৰ ঠাকুৰীয়া)
আমাৰ দেশখনে বৃটিছৰাজৰ পৰা প্ৰশাসনিক স্বাধীনতা লভাৰ পাছত দেশখনত ইতিমধ্যে বৰ্তি থকা বৈষম্যৰ ভাৱবোৰ ক্ৰমশঃ প্ৰগাঢ় হৈ আহিছিল। এই বৈষম্যৰ দূৰত্বই সমাজৰ উৎপাদনৰ লগত জড়িত মানুহখিনি, যেনে: কৃষক, শ্ৰমিক, কুটীৰ শিল্পী আদিক বৰ পুতৌ লগাকৈ প্ৰভাবিত কৰিছিল। বৃটিছ চৰকাৰৰ কংগ্ৰেছ আৰু মুছলিম লীগৰ সৈতে হোৱা আলোচনাৰ জড়িয়তে দেশখনক ভাৰত আৰু পাকিস্তান ৰূপে দ্বিখণ্ডিত কৰি যি স্বাধীনতা প্ৰদান কৰা হ’ল, সেই স্বাধীনতাই দৰাচলতে দুয়োখন দেশৰ কিছুসংখ্যক স্বাৰ্থপৰ মধ্যবিত্ত বা বুৰ্জোৱা আৰু ধনিক শক্তিৰ কাষলৈ ক্ষমতাৰ হস্তান্তৰকৰণ আৰু বিতৰণহে কৰিলে। জনসাধাৰণৰ মাজত অৰ্থনৈতিক, সামাজিক সমতা আৰু ন্যায়ৰ নিশ্চিতি নিদিলে;যিটো আছিল ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰধান চৰ্ত। এনেধৰণৰ কথাবোৰ বিষ্ণু ৰাভাৰ দৰে পৰ্বতসম ব্যক্তিত্বৰ মানুহচামে অনুধাৱন কৰিব পাৰিছিল। ৰাভাই ছাত্ৰাৱস্থাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈয়ো যুক্তিপূৰ্ণ ভাবে অনুধাবন কৰিব পাৰিছিল যে সাম্ৰাজ্যবাদী বৃটিছৰ দৰে এই দেশৰ ধণাঢ্য এক শক্তিধৰ শ্ৰেণী যেনে: মহাজন, ভূমিৰ জমিদাৰ, মৌজাদাৰ আৰু তেতিয়ালৈকে গা টঙাই উঠা বণিক কিছুমানো কৃষক, শ্ৰমিক, বনুৱা আদি খাটিখোৱা মানুহচামক শতৰু। বৰং দেখা গৈছিল বৃটিছতকৈও এওঁলোক কুবুদ্ধিত সিয়ান। কংগ্ৰেছৰ দ’লৰ ভিতৰচ’ৰাত সুবিধাবাদী দেশীয় শতৰুৰ গিজগিজনি, যিসকলে বাৰে বাৰে মহাত্মা গান্ধীৰ আদৰ্শ আৰু গ্ৰাম অৰ্থনীতিৰ সূত্ৰ সমূহক অৱহেলা কৰিছিল। গান্ধীজীৰ নিকা ছবিখন কেৱল ব্যৱহাৰ কৰিছিল বিদেশৰ আনুগত্য লাভৰ আহিলা ৰূপে। যিটো কাৰ্য এতিয়াও বৰ্তমান।
এনেবোৰ স্বৰূপ দেখি বিষ্ণু ৰাভাই পিছলৈ ১৯৪৫ চনত ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টিত যোগদান কৰিছিল। তাহানিৰ পৰা প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত অসমৰ কৃষকসকলৰ অধিকাৰৰ ক্ষেত্ৰত বিষ্ণু ৰাভাৰ সৈতে প্ৰথমাৱস্থাত ওলাই আহিছিল পলাশবাৰীৰ গোৱিন্দ কলিতা, বলোৰাম বসুমতাৰী আদি আৰ. চি. পি. আই. ৰ নেতাসকল। কামৰূপ জিলাৰ দক্ষিণপাৰ বা বৰ্তমানৰ দক্ষিণ কামৰূপ কৃষকৰ অধিকাৰৰ হকে মাত মতাৰ আখৰাগৃহত পৰিণত হৈছিল। জনজাতীয় অধ্যুষিত এলেকাৰ ৰাভা, বড়ো, গাৰো মানুহখিনিৰ ভূমিকা এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ। কৃষিভূমিৰ সংৰক্ষণৰ সমান্তৰাল ভাৱে আন এক দূৰদৰ্শী চিন্তাই গা কৰি উঠিছিল। সেয়া হৈছে অৰণ্য, পাহাৰৰ সম্পদ সংৰক্ষণ তথা জনজাতীয় এলেকাৰ সংৰক্ষণ। ৰবৰ উৎপাদনকে ধৰি বনাঞ্চল সমূহৰ বিতৰণৰ উচিত ব্যৱস্থা গ্ৰহণ। সেই সময়তে কৃষক সকলৰ হিতাৰ্থে গঠন হৈছিল ‘নিখিল অসম কৃষক পঞ্চায়ত’। ১৯৪৬ চনৰ নবেম্বৰ মাহত দক্ষিণ কামৰূপৰ ভাঙুৰীপাৰাত এই পঞ্চায়তৰ প্ৰথম অধিৱেশনখন ‘সৰ্বভাৰতীয় কৃষক বনুৱা পঞ্চায়ত’ ৰূপে আয়োজিত হৈছিল। বাধা বিঘিনি সত্বেও প্ৰায় পঞ্চাশ হেজাৰ কৃষক, বনুৱা গোটখোৱা এই অধিৱেশনত পি. চি. যোশী, চৌকত ওচমানি আদি সৰ্বভাৰতীয় নেতৃত্বই ভাষণ ৰাখিছিল। সেই ভাষণ উৰ্দুৰ পৰা ঠাইতে ভাঙনি কৰি কৈ গৈছিল বিষ্ণু ৰাভাই। সেই বছৰতেই ‘কৃষক বনুৱা পৰিষদ’ৰ বেলতলাৰ সভাপতি আনিৰাম বসুমতাৰীৰ ঘৰত বিশাল সংখ্যক জনজাতীয় আৰু অজনজাতীয় আধিয়াৰ কৃষক গোট খাই কৰৰ বোজা আৰু আধিয়াৰ চুকানি খোৱা কৃষকৰ সমস্যাবোৰৰ আলচ কৰি প্ৰতিবাদী হবলৈ সাহ গোটায়। ই দক্ষিণ কামৰূপৰ কৃষিৰ অধিকাৰৰ এক গুৰুত্বপূৰ্ণ অংশ। ইয়াৰ কিছুদিনৰ পাছত পৰৱৰ্তী বছৰত উক্ত অনুষ্ঠানৰ কামৰূপ জিলা পঞ্চায়তৰ অধিৱেশনখন বঙৰাত অনুস্থিত হৈছিল। বিষ্ণু ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত এই অধিবেশনত উপস্থিত আছিল ভাৰতবৰ্ষৰ বিখ্যাত কৃষক নেতা শিৱনলাল চাক্সেনা। ১৯৪৬ চনত ‘অসম প্ৰাদেশিক ছাত্ৰ ফেডাৰেশ্যন’ৰ বাৰ্ষিক সন্মিলন খন গোৱালপাৰাত বহিছিল। তালৈ বিষ্ণু ৰাভাৰ বিপ্লৱী গুৰু সৌমেন্দ্ৰ নাথ ঠাকুৰ আহিছিল। ক্ৰমশঃ অসমত কৃষক আন্দোলন নতুন দিশত গতি কৰে, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কৃষক-বনুৱাসকল সচেতন হৈ উঠে।All Assam Plain Tribal League,Ahom Association আদি গঠন হোৱাৰ উপৰিও নেলী, লিডু, মাৰ্ঘেৰিটা আদিত মোহনলাল মূখাৰ্জী আৰু উপেন দাসৰ নেতৃত্বত কৃষকসকল সংগঠিত হৈছিল। এই অনুষ্ঠানে কামৰূপ জিলাৰ ৰাণী, বকো, ছয়গাঁও, বেলতলা আদি অঞ্চলত ভূমিহীন কৃষকক লৈ গণ বিক্ষোভ আৰম্ভ কৰিছিল। বকোত ১৯৪৮ চনত কাতিৰাম ৰাভাৰ পদক্ষেপেৰে বিষ্ণু ৰাভাই মাকেলী সংৰক্ষিত বনাঞ্চলৰ ভূমিত ভূমিহীন দূখীয়া কৃষকে খেতি কৰাৰ কাৰণে কৃষক সন্মিলন পাতিছিল। বিশাল এলেকাৰ ভূ-গিৰি, মহাজন বা সূদৰ বিনিময়ত মাটি বাজেয়াপ্ত কৰা মানুহচাম লগলাগি ধনবলেৰে প্ৰশাসনৰ সহযোগত এনে আন্দোলনসমূহক মষিমূৰ কৰিবলৈ চেষ্টা কৰিছিল। পুলিচ, চি. আৰ. পি. ৰ বলেৰে প্ৰতিবাদী কৃষক সকলৰ ওপৰত অৱৰ্ণনীয় অত্যাচাৰ কৰিছিল, জীয়াৰী -বোৱাৰী সকলেও ৰেহাই পোৱা নাছিল। কামৰূপ জিলাৰ বেলতলা মৌজাৰ ৰজনীবালা বড়ো গৰ্ভৱতী মহিলা গৰাকীৰ পুলিচৰ লাঠিৰ কোৱত মৃত্যু হৈছিল। ইমানৰ পাছতো প্ৰতিবাদী কৃষক-শ্ৰমিকক টলাব পৰা নাছিল। বিষ্ণু ৰাভাৰ গীতসমূহেও এই ক্ষেত্রত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। এই আন্দোলনৰ পৰিপ্ৰেক্ষিতত চৰকাৰে কৃষকৰ ওচৰত হাৰ মানিবলৈ বাধ্য হৈছিল তথা ১৯৪৮ চনত “আধিয়াৰ স্বাৰ্থ সুৰক্ষা আইন” আৰু ১৯৫৬ ত “মাটিৰ চিলিং আইন” প্ৰণয়ন হয়। সম্পূর্ণ কৃষকৰ পক্ষে নহ’লেও এই আইনে কিন্তু কৃষকক দখলী মাটিৰ স্বত্ব প্ৰদান কৰাত অৰিহণা যোগাইছিল।
সাম্যবাদৰ আধাৰত এখন শ্ৰেণীহীন সমাজ গঢ় দিবলৈ বিচৰা আৰ চি পি আইৰ সংগ্ৰামী কাৰ্যকলাপ বাঢ়ি যোৱাত ভাৰত চৰকাৰে দলটোক নিষিদ্ধ ঘোষণা কৰিছিল। বিপ্লৱৰ অন্যতম নেতা বিষ্ণু ৰাভা সমন্বিতে দলৰ আন নেতৃবৃন্দ আৰু কৰ্মী সকলৰ বিৰুদ্ধে চৰকাৰে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল।ৰাভাই এই সময়ত আত্মগোপন কৰি গণ-সংগঠনৰ উদ্দেশ্যে ৰাইজৰ মাজত সোমাই পৰিছিল। কৃষক জাগৰণৰ এই সময়ছোৱাত বিষ্ণু ৰাভাই অসমৰ দীঘে-বাণীয়ে বিভিন্ন ঠাই ভ্ৰমি ভিন্ন জনগোটৰ সৈতে একাত্ম হৈ মেহনতী জনতাৰ দুখ, মৰ্মবেদনা অনুভৱ কৰাত সফল হৈছিল।মানুহৰ পৰা পাইছিল অফুৰন্ত মৰম আৰু সঁহাৰি।নাম পাইছিল ফেৰেংগেদাও, বিষ্টু ৰাভা ইত্যাদি। এনেকুৱা দিনসমূহতে ৰাভা দেৱে ছয়গাঁওৰ ঘোঁৰামাৰা গাঁবত উপস্থিত হৈ লগ পাইছিল কেইজনমান উদীয়মান ডেকাক। তেওঁলোকক বিষ্ণু ৰাভাই সুধিছিল-” বাপুহাঁত তহঁত ক’ত থাকা? এতে কি কৰি আছাঁ? ” এনে কথোপকথনৰ মাজতেই বিষ্ণু ৰাভাই তেওঁলোকক বুজাইছিল – “ভাৰতে স্বাধীনতা পালে, কিন্তু এই স্বাধীনতা কংগ্ৰেছৰ সমৰ্থিত ধনী মহাজন, জমিদাৰৰ স্বাধীনতা, আমাৰ দৰে দুখীয়া কৃষক, শ্ৰমিক ৰাইজৰ নহয়।আমি দুখীয়াৰ স্বাধীনতাৰ কাৰণে সংগ্ৰাম কৰিব লাগিব। মন কৰিলে আমাৰ লগত কাম কৰিব পাৰিবি। আমাৰ মানুহ ডুবজেনী গাঁৱত আছে।” এইবুলি কৈ বিষ্ণু ৰাভাই মোনাৰ পৰা কাগজ কেইখিলামান উলিয়াই ঘৰত গৈ পঢ়িব দি আঁতৰি গৈছিল। সেই ডেকা কেইজনৰ এজনে কথাবোৰ পঢ়ি-বুজি গুৰুত্ব সহকাৰে লৈছিল। তিনিদিন পিছত ডেকাজন ডুৱজেনী গাঁৱত হাজিৰ হৈছিল।সেই ল’ৰাজনেই আছিল পিছলৈ বিষ্ণু ৰাভাৰ সহযোগী গাজিৰাম ৰাভা। বিষ্ণু ৰাভা কেইদিনমানৰ পাছত তালৈ আহোঁতে গাজিৰামক দেখি কমৰেড সম্বোধন কৰিলে আৰু প্ৰতাপ ৰাভা নাম দি আন্দোলনৰ সহযাত্রী বুলি আঁকোৱালি ল’লে। বিষ্ণু ৰাভাৰ নিৰ্দেশত তেঁও গাঁও এৰি গোৱালপাৰাৰ চচল ৰাভাৰ সৈতে বেলতলাৰ কৰ্মী সকলৰ সৈতে যোগ দিছিল। প্ৰতাপ ৰাভা সহিতে সকলো কৰ্মীয়ে আত্মগোপন কৰি থাকিয়েই গাৱেঁ-ভূঁয়ে কৃষক-শ্ৰমিকৰ অধিকাৰৰ হকে প্ৰচাৰ চলাইছিল। প্ৰতাপ ৰাভাই নিজ দলৰ হৈ ঘাইকৈ বাৰ্তা বাহক আৰু খাদ্য ৰচদ যোগনীয়াৰ হিচাপে কাম কৰিছিল। গুৰুত্বপূৰ্ণ চিঠি-পত্ৰৰ আদান-প্ৰদান তথা কেন্দ্ৰীয় কমিটিৰ সৈতে অইন মানুহৰ সাক্ষাৎ আৰু যোগাযোগ তেওঁৰ যোগেদি হৈছিল। সেই হেতুকে তেওঁ পাৰ্টিৰ গোপন স্হান আৰু সামৰিক শিবিৰবোৰ জানিছিল। বিষ্ণু ৰাভাই তেওঁক বিশ্বাসযোগ্য আৰু সকলো পৰিস্হিতিতেই দৃঢ় হ’বলৈ শিকাইছিল বুলি তেওঁ নিজ মুখে স্বীকাৰ কৰিছিল । খাদ্যবস্তু যোগাৰৰ উদ্দেশ্যে এদিন তেওঁ নাৰেংগীৰ চপাইডঙৰ পৰা ৰেলআলিৰে আহি চানমাৰি পাওঁতে পুলিচৰ হাতত ধৰা পৰিছিল। দ’লৰ কোনো ধৰণৰ গোপন তথ্য প্ৰতাপ ৰাভাৰ পৰা উলিয়াব নোৱাৰিলে যদিও বিষ্ণু ৰাভাৰ হাতে লিখা গানৰ বহী এখন তেওঁৰ লগত পাইছিল। পুলিচে বিষ্ণু ৰাভা, উপেন দাস আৰু দলৰ আন আন সদস্য সকলৰ নাম, আত্মগোপনৰ স্হান সমূহৰ কথা সুধি সামৰিক চাউনিত তেওঁৰ ওপৰত কঠোৰ অত্যাচাৰ চলাইছিল। প্ৰয়াত গাজিৰাম ৰাভাই কোৱা অনুসৰি তেওঁক বন্দুকৰ নলীৰে খোঁচ মাৰি, বুট জোতাৰে গচকি অত্যাচাৰ চলাইছিল৷ আনকি ইলেক্ট্ৰিক শ্বক পৰ্যন্ত দিয়া হৈছিল। ইমান অত্যাচাৰৰ পাছতো এষাৰ মাত নোলোৱাত আৰক্ষীয়ে তেওঁক এদিন কঁকালত শকত জৰীৰে বান্ধি ট্ৰাকত উঠাই, খোজকঢ়াই গুৱাহাটীৰ উপকণ্ঠ বোন্দাৰ আশ-পাশৰ ৰাক্ষসী পাহাৰ, বীৰকুছি পাহাৰ আদিত ঘূৰাই লৈ ফুৰালে। গাজিৰাম ৰাভাই নিজৰ দলৰ প্ৰতি থকা আনুগত্য আৰু খাটিখোৱা কৃষক শ্ৰমিকসকলৰ শোষণৰ পৰা মুকুতিৰ সপোন নীৰৱে বুকুত গুজি কোনো তথ্যৰ সম্ভেদ নিদিয়াকৈ ইখনৰ পাছত সিখন পাহাৰ ঘূৰি ফুৰিলে। পাহাৰত নিশা হোৱাত তেওঁক তাতেই কঁকলত আৰু ভৰিত ৰচীৰে বাঁহ এজোপাৰ সৈতে বান্ধি ৰাখিলে। পৰৱৰ্তী দিনা তেওঁৰ ওপৰত অমানুষিক অত্যাচাৰ চলাটো নিশ্চিত আছিল । সেই শাৰীৰিক অত্যাচাৰত যদি কেনেবাকৈ মুখৰ পৰা বিষ্ণু ৰাভা আৰু আন আন বিপ্লৱী নেতা সকলৰ কথা ওলাই পৰে, তেতিয়া অসমীয়া জাতিটোৰ অশেষ ক্ষতি হ’ব। “কোনোপধ্যে বিষ্ণু ৰাভাৰ গোপন তথ্য পুলিচক দিব নোৱাৰি, তাতকৈ মৃত্যুয়েই শ্ৰেয়।”-এইবুলি মনতে প্ৰতাপ ৰাভাই জিভাখন উলিয়াই দাঁতেৰে কামুৰি সোঁহাতেৰে থুতুৰিত জোৰকৈ হেঁচা মাৰি জিভাৰ আগ অংশ চিঙি পেলালে। শৰীৰৰ সমস্ত কাপোৰ কানি তেজেৰে লুতুৰি পুতুৰি হৈ তেওঁ অচেতন হৈ পৰিছিল। পিছত তেওঁক সাঙী বান্ধি হাস্পাতাললৈ লৈ যায়। সাধাৰণ জনতাৰ ন্যায়ৰ হকে, তেওঁলোকৰ প্ৰাপ্য অধিকাৰৰ হ’কে তেওঁৰ এই ত্যাগে সাধাৰণ শ্ৰমজীৱী মানুহৰ মাজত সাহসৰ ঢৌ তোলে।
তেওঁক জেললৈ প্ৰেৰণ কৰা হ’ল। শ্বিলং, নগাঁও, কাৰাগাৰত বন্দী হৈ থকাৰ পাছত দিল্লীৰ চুপ্ৰিম কোৰ্টত আবেদন কৰি তিনি বছৰৰ মূৰত তেওঁ মুকলি হৈছিল। জেলৰ পৰা ওলোৱাৰ পাছত তেওঁ নিজ গাঁৱলৈ ওভতে আৰু কৃষিকেই নিজৰ কৰ্মজীৱন হিচাপে বাচি লয়। মৃত্যুৰ সময়লৈকে তেওঁ বিষ্ণু ৰাভাৰ বিপ্লৱী সত্তাক অনুধাৱন কৰি তেওঁৰ মহান আদৰ্শেৰে অসমৰ কৃষকৰ প্ৰধান সমস্যা সমূহ বিশ্লেষণ কৰি তাৰ সমাধানত গুৰুত্ব দিবলৈ চৰকাৰী পক্ষক জোৰ দিছিল।
এজন নহয়, ১২ ফেব্ৰুৱাৰী ২০১২ চনত ৯০ বছৰ বয়সত মৃত্যু ঘটা এনেকুৱা বহুজন গাজিৰাম ৰাভা ওৰফে কমৰেড প্ৰতাপ ৰাভাক জন্ম দিয়া বিষ্ণু ৰাভাৰ প্ৰতিবাদবোৰ এতিয়াও ভিন্ন ৰূপেৰে নিনাদিত হৈ আছে, থাকিব৷