অনুবাদগল্প

কুকুৰাজনী (The Hen): (মূল-Lord Dunsany, অনুবাদ- কৌশিক দাস)

পামখনৰ দেৱালখনত দীঘলীয়া শাৰী পাতি পৰিভ্রমী বতাহী চৰাইবোৰ বহি আছিল। সিহঁতে ইটোৱে সিটোৰ ফাললৈ ঘনে পতি ডিঙি ঘূৰাই ঘূৰাই কথাৰ মহলা মাৰি আছিল। হ’লেও, সিহঁতৰ আটায়ে কিন্তু ভাবি আছিল জহকালিৰ কথা, দক্ষিণৰ দেশৰ কথা। কাৰণ শৰৎ কাল শেষ হ’বলৈ গৈ আছিল আৰু উত্তৰ দিশৰ বতাহ আহি পাবৰ সময় হৈছিল।

হঠাতে এদিন সিহঁত উৰি গুচি গ’ল। আৰু সকলোৱে বতাহী চৰাইবোৰৰ কথা, দক্ষিণৰ দেশৰ কথা পাতিবলৈ আৰম্ভ কৰিলে।

তাৰ মাজতেই পামখনৰ কুকুৰা এজনীয়ে ঘোষণা কৰিলে, “অহা বছৰ মই নিজেই দক্ষিণৰ দেশলৈ যাম”।

বছৰটো পাৰ হ’ল। বতাহী চৰাইবোৰ আকৌ উভতি আহি পামখনৰ দেৱালত বহিল আৰু গোটেই কুকুৰাৰ জাকটোৱে সেই কুকুৰাজনীৰ আগন্তুক যাত্রাৰ কথা আলোচনা কৰিবলৈ ধৰিলে।

এদিন দোকমোকালিতে উত্তৰ দিশৰ বতাহ অহাৰ উমান পাই বতাহী চৰাইৰজাকটো দক্ষিণৰ দেশলৈ বুলি উৰিবলৈ আৰম্ভ কৰিলে। বতাহৰ পৰশে সিহঁতৰ ডেউকাত জন্ম দিলে মানুহে ভাবিব নোৱৰাধৰণৰ এটা শক্তি আৰু এক আচৰিত দিক্‌সন্ধানী বিচাৰবোধৰ। ডেউকা কোবাই সিহঁত নগৰবোৰৰ ধোঁৱা, ঘৰ-দুৱাৰৰ মূধচবোৰ এৰি বহু ওপৰলৈ উৰি গৈ থাকিল। অৱশেষত সিহঁতে দেখিলে সেই বিশাল, পাৰাপাৰহীন সাগৰখন। দক্ষিণমুখী ধূসৰ সামুদ্রিক সোঁত আৰু বতাহক সাৰথি কৰি সিহঁত উৰি গৈ থাকিল। কুঁৱলীৰ চাদৰৰ আঁৰত জিলিকি উঠা উপকূলৰেখা, শিৰ উচ্চ কৰি থকা প্রাচীন দ্বীপবোৰ, ধীৰ গতিৰে অনাই-বনাই ঘূৰি ফুৰা জাহাজ, মুকুতাৰ সন্ধান কৰা অভিযাত্রী, যুদ্ধভূমি এই সকলোবোৰ চাই চাই সিহঁত উৰি গৈ থাকিল। অৱশেষত যেতিয়া পৰিচিত শৃংগবোৰ আৰু অভীস্পিত পৰ্বতমালা সিহঁতৰ চকুত পৰিল, তেতিয়া সিহঁতে ডেউকা জপাই দক্ষিণ দেশৰ সেই উপত্যকালৈ নামিবলৈ ধৰিলে।

“বোধকৰোঁ এয়াই সঠিক বতাহ”, এইবুলি সেই কুকুৰাজনীয়ে কুকুৰা-পামখনৰপৰা ওলাই দৌৰিবলৈ আৰম্ভ কৰিলে। তাই পাখি ধপধপাই ধপধপাই বাটটোৱেদি অলপ দূৰ লৰ মাৰি গৈ এখন বাগিচা পালেগৈ।

মুনিচুনি বেলিকা তাই ফোঁপাই ফোঁপাই পামখনলৈ উভতি আহিল।

পামখনৰ কুকুৰাৰ জাকটোক তাই ক’বলৈ ধৰিলে, কেনেকৈ তাই সুউচ্চ পথেৰে গৈ দক্ষিণৰ দেশখন চাই আহিছে। তাই ক’বলৈ ধৰিলে বিশাল চৰাচৰৰ গাড়ী-ঘোঁৰাৰ কথা, আলুখেতিৰ বিস্তীৰ্ণ পথাৰৰ কথা। অৱশেষত তাই ক’লে বাটটোৰ সিমূৰৰ কথা। তাত আছিল এখন বাগিচা; য’ত বাগিচাৰ মালীজনে অপূৰ্ব সুন্দৰ গোলাপ ফুলবিলাকৰ যতন লৈ আছিল।

কুকুৰাৰ জাকটোৱে অভিভূত হৈ চিঞৰি উঠিল, “ইমান মজা! ইমান ধুনীয়া ! আৰু ইমান সুন্দৰ তোমাৰ বৰ্ণনা”!!

কষ্টকৰ শীতকাল শেষ হৈ বছৰটোৰ বসন্ত আৰম্ভ হ’ল আৰু বতাহী চৰাইৰ জাকটো আকৌ আহি পালেহি।

সিহঁতে ক’লে, “আমি সাগৰ পাৰ হৈ দক্ষিণ দেশৰ উপত্যকালৈ গৈছিলোঁ”।

কিন্তু কুকুৰাৰ জাকটোৱে মানি নল’লে যে দক্ষিণ দিশত এখন সাগৰ আছে। সিহঁতে বতাহী চৰাইৰ জাকটোক ক’লে, “তোমালোকে আমাৰ কুকুৰাজনীৰ কথা শুনা উচিত”।

Leave a Reply

Your email address will not be published. Required fields are marked *