কলচুম বিবিৰ উপন্যাস “ছিন্নমূল”— (মীনাক্ষী বৰুৱা)
তিৰাশীৰ আন্দোলনৰ ভৰপক সময়। গোষ্ঠীগত আৰু সাম্প্ৰদায়িক সংঘাত-সংঘৰ্ষত জুৰুলা অসম। জুই জ্বলিছে, মানুহ মৰিছে, কাটিছে, মাৰিছে, ক’ৰবাত জ্বলাই দিয়া হৈছে গাঁও। আন্দোলনকাৰীয়ে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে হুংকাৰ দিছে। অস্তিত্ব হেৰুওৱাৰ সংশয়ত তেওঁলোকে হিংসাত্মক ৰূপ ধাৰণ কৰিছে। নৈপৰীয়া গাঁওখনত তেতিয়া চেপা উত্তেজনা। গাঁওখনৰ মুখীয়াল ব্যক্তি ফকিৰ আলীৰ বাংলা ঘৰত মেল বহিছে। দেশৰ পৰিস্থিতিৰ আলচ চলিছে। মেলেকীসকলৰ কপাল কোঁচ খাইছে, টান হৈ পৰিছে হাতৰ মুঠি। ফকিৰ আলীয়ে মন্তব্য আগবঢ়াইছে – “এই ছময় ভয় পাই হাত পা বান্ধি ৰৈ থকাৰ ছময় নয়। শত্রুগিলা আংগো মাৰতে আইতাচি বলি আমি কি বুকতা পাইতা দিম। না। আমৰা যুদ্ধ কৰা হ’বই। কিন্তু তাৰ পৰে আমি আংগেৰ বাচ্চা, মেয়ে আৰ বেটি চবাইকে বাচাতে হ’বে। চবাইকে নিৰাপদ স্থানে নিতে হ’বে।”
পাকৈত নাৱৰীয়া বচিৰ আৰু জমিৰৰ নাৱেৰে শিশু আৰু মহিলাসকলক নৈখন পাৰ কৰি দিয়াৰ নিৰ্দেশ আহিল। নৈখনৰ সিপাৰে থকা মায়ঙত সিহঁতৰ নিজৰ মানুহ আছে। পিছদিনা পুৱা পোহৰ নৌহওঁতেই মানুহবোৰ ঢপলিয়াই গৈ নাৱত উঠিলগৈ। ফকিৰ আলীৰ সাত-আঠ বছৰীয়া নাতিনী তনুজাৰ কোলাত ভায়েক ৰহিম। তাইৰ মাক আৰু খুড়ীয়েকৰ কোলাই হাতেও কেঁচুৱা। দৌৰাদৌৰিত মানুহবোৰ বিশৃংখল হৈ পৰিল। মানুহৰ ঠেলাহেঁচাৰ মাজত তনুজা মাকহঁতৰপৰা ফালৰি কাটি গ’ল। প্ৰাণৰ মায়াত সকলো কাতৰ। তাই মাকহঁতক আৰু বিচাৰি নাপালে। বিচাৰি নাপালে ভাই-ভনী আৰু ককাক ফকিৰ আলীক। ইক্ৰামে এখন নাৱত ৰহিমৰ সৈতে তনুজাক তুলি দিলে। নাৱত মানুহৰ সংখ্যা অধিক হৈছিল। মাজ নৈত হুৱাদুৱা লাগিল। ভাগি পৰিল তনুজাহঁতৰ নাওখন। মানুহবোৰ কোন বাচিল, কোন ডুবিল, তাৰ কোনো হিচাব নাথাকিল। পানীত ওপঙি থকা কাঠৰ টুকুৰা এটা সাৱটি অচেতন হৈ তনুজা ওপঙি থাকিল। বহুত দেৰি পিছত নৈখনৰ সিপাৰৰ মানুহে তাইক উদ্ধাৰ কৰিলে। চেতনা ঘূৰাই পোৱাৰ পিছত তাই ৰহিমক বিচাৰিলে। কিন্তু ৰহিম তেতিয়ালৈ আৰু নাছিল। তনুজাৰ নাকে-কাণে ওলমি থকা ৰূপৰ গহনাই উদ্ধাৰকাৰীৰ মাজত ঘৃণাৰ বিষবাষ্প বিয়পালে। কোনোবাই ক’লে – “তাইক পানীত পেলাই দে। আমাৰ ছলিহঁতে আন্দোলন কৰি শ্বহীদ হৈছে আৰু আমি সিহঁতক উদ্ধাৰ কৰিছোঁ। ছিঃ ছিঃ।”
উদ্ধাৰকাৰীৰ মাজতে আছিল আন্দোলনকাৰী নিৰ্মল। নিৰ্মলক তেওঁৰ পিতাকে মানুহক ঘিণ কৰিবলৈ শিকোৱা নাছিল। শিকোৱা নাছিল হিংসা কৰিবলৈ। তনুজাক তেওঁ ঘৰলৈ লৈ গ’ল। ছিন্নমূল তনুজাই নিৰ্মলৰ ঘৰত নতুন নাম পালে তনুমাই। ঘৰখনত তনুমায়ে ঘৰৰ ছোৱালী হৈ চাহ-ভাতত সহায় কৰাৰপৰা পূজা-পাতলৰ নিয়ম, নাম-কীৰ্তনলৈকে সকলো শিকিলে। সকলোৱে তাইক মৰম কৰিলে।
সাম্প্ৰদায়িক ঘৃণা আৰু বিদ্বেষ কিছুমান মানুহৰ মজ্জাত বিয়পি থাকে। তনুমাই নিৰ্মলৰ জীয়াৰী হৈ চিৰদিন তেওঁৰ ঘৰত থাকিবলৈ নাপালে। গাঁৱৰ মানুহৰপৰা বিপদৰ আগজাননী পাই দুবছৰমান পাছত নিৰ্মলে তাইক নিৰাপদ ঠাইলৈ প্ৰেৰণ কৰিলে বগাঘৰ চুবাৰ মকবুলৰ সহায়েৰে। মকবুল লম্পট পুৰুষ। চৰিত্ৰহীন। শৈশৱকালৰেপৰাই নাৰীৰ প্ৰতি তাৰ লোলুপ দৃষ্টি। নিজৰ বৰদেউতাকৰ ছোৱালীৰপৰা তনুজালৈকে তাৰ একেই আসক্তি। এৰাতি মকবুলৰ ঘৰত ৰাখি পিছদিনা মকবুলে চাইকেলৰ কেৰিয়াৰত বহুৱাই তনুজাক মঙ্গলদৈৰ মনচুৰ আলীৰ ঘৰলৈ লৈ গ’ল।
মনচুৰ আলীৰ ঘৰৰ পৰিৱেশ তনুজাৰ বাবে অনুকূল আছিল। পুত্ৰ-বোৱাৰী, নাতি-নাতিনীৰে মনচুৰ আলীৰ ভৰা পৰিয়াল। মনচুৰ আলীৰ মৰমত তাই দাদু ফকিৰ আলীক ঘূৰাই পোৱা যেন পালে। তথাপি তাইৰ ঘনে ঘনে মনত পৰে নিজৰ গাঁওখনৰ কথা। মা-বাবা, ভাই-ভনী আৰু দাদুৰ কথা।
উপন্যাসখনে তিৰাশীৰ আন্দোলনৰপৰা গৰুখুটিৰ উচ্ছেদলৈকে এছোৱা দীঘলীয়া সময় সামৰি লৈছে। সামৰি লৈছে বিমূদ্ৰাকৰণে মোহাৰি যোৱা সমাজখন, লিগেচি ডাটাৰ অভাৱত মূৰ্ছাপ্ৰায় হোৱা মানুহবোৰৰ ছবিখন। এন. আৰ. চিয়ে তৎপৰ কৰা সমাজখন। সুখপাঠ্য, কৌতুহলপূৰ্ণ আৰু লগতে বাস্তৱ ঘটনাপ্ৰবাহৰ দলিলস্বৰূপ এই উপন্যাসখনে লেখিকাৰ পৰিপাটী আৰু পৈণত চিন্তাৰ স্ফুৰণ ঘটাইছে। উপন্যাসখনত অসম আন্দোলনে কঢ়িয়াই অনা সামাজিক গাঁঠনিৰ অৱক্ষয়ৰো কিছু আভাস পোৱা যায়। শৃংখল চিন্তা। মেদহীন ভাব ভাষা। কথকৰ ভূমিকা পৰিমাৰ্জিত। দৃষ্টি নিৰপেক্ষ আৰু উপস্থাপন হিচাবী। দীঘলীয়া আৰু আমনিদায়ক বৰ্ণনাৰে পাঠকক মূল কাহিনীৰ প্ৰতি বিকৰ্ষিত কৰা নাই। শব্দ আৰু বাক্যৰ প্ৰয়োগত লেখিকাৰ সচেতনতা চকুত পৰে। কাহিনীৰ নেপথ্য সংগীত যদিও কৰুণ, তৎস্বত্বেও লেখিকাই তেওঁৰ পৈণত হাতেৰে সেই বিষাদক চিম্ফনী সংগীতৰ ৰূপত সাৱলীল ৰূপত কম্পোজ কৰিছে। বিষ-বেদনাৰ বানত খহি পৰা নাই ভাবনাৰ গৰা। অথবা পাঠকক সেই বেদনাৰ ভৰেৰে কোনো এঠাইত বান্ধি ৰখাৰো প্ৰয়াস কৰা নাই। প্ৰকৃতি, স্থান আৰু পৰিস্থিতিৰ নিখুঁত, পৰিপাটী অংকন-দক্ষতা মনকৰিবলগীয়া। ভাল লাগিল, প্ৰত্যাৱৰ্তনৰ বেদনাই ঠোঁহ পাতি ধৰি ৰখা নাই তনুজাৰ মন-মগজু। প্ৰবাহমান সময়ক বাস্তৱৰ দৰেই চলন্ত ৰূপত তুলি ধৰা হৈছে উপন্যাসখনত। ইয়াত লেখিকাই কোনো পৰিস্থিতিতে নিৰ্ণায়কৰ ভূমিকা গ্ৰহণ কৰা নেদেখিলোঁ। কাহিনীৰ গতি মসৃণ। পট পৰিৱৰ্তন আৰু সময়ৰ সলনিয়ে পঢ়ুৱৈৰ মনত সামান্যও খোকোজা নলগায়।
মনচুৰ আলীৰ ডাঙৰ নাতিনী জুবিনা প্ৰেমত পৰিছে। পুৰুষপ্ৰধান সমাজ এখনত নাৰীৰ স্বভাৱজাত লাজ-সংকোচৰ বাবেই হওক বা স্বাভিমানৰ বাবেই হওক ছোৱালীয়ে ল’ৰাৰ সন্মুখত প্ৰেমৰ প্ৰস্তাৱ দিয়াটো সাধাৰণতে বিৰল। তেনেক্ষেত্ৰত কলচুম বিবিয়ে জুবিনাক ব্যতিক্ৰমী ৰূপত সজাই তুলিছে। বুঢ়ীৰ দেউল চাবলৈ গৈ আচিফৰ চকুত চকু থৈ তাই কৈ উঠিছে – “তোমাক মোৰ ভাল লাগে। সঁচাকৈয়ে। ভালপাওঁ তোমাক। বিয়া কৰাবানে মোক?” ভাল লাগিল সুধাংশুৰ চৰিত্ৰটো। সমাজৰ প্ৰচলিত ধৰ্মীয় সংকীৰ্ণতাক নস্যাৎ কৰি প্ৰেম আৰু সততাক মান্যতা দিয়াৰ ক্ষেত্ৰত কোনো সময়তে তেওঁ বিবেক-দংশনত ভোগা নাই।
উপন্যাসখনৰ শেষৰফালে এটা শক্তিশালী নাৰী চৰিত্ৰৰ প্ৰৱেশ ঘটিছে। শ্ৰাৱণী। তনুজাৰ পুত্র তাপসৰ প্ৰেয়সী। শ্ৰাৱণীয়ে লোক-সংস্কৃতিৰ অধ্যয়নৰ বাবে প্ৰান্তীয় অঞ্চলত বসবাস কৰি থকা বিভিন্ন জাতি-জনগোষ্ঠীসমূহৰ কাষলৈ গৈ থাকিব লাগে। তেওঁৰ চিন্তা যুক্তি পোন আৰু সবল। ভিতৰুৱা অঞ্চলৰ ছাত্র-ছাত্ৰীৰ উত্তৰণৰ বাবে তেওঁ বহুতো ভাল কাম কৰি আছে। শ্ৰাৱণীয়ে ভাবে, “মানুহক বৰ বেছি দিনলৈ মূর্খ সজাই ৰাখিব নোৱাৰি। দমন কৰিও ৰাখিব নোৱাৰি। যিমানে দমন কৰিবলৈ বিচাৰিব, অত্যাচাৰ কৰিবলৈ চেষ্টা কৰিব এই প্রান্তীয় মানুহবোৰে সিমানেই প্রতিবাদ কৰিবলৈ শিকিব। নিজৰ অধিকাৰৰ হকে মাত মাতিবলৈ শিকিব। সিহঁতৰ পিন্ধন-উৰণ, চলন-ফুৰণ, খাৱন-শোৱনত আভিজাত্য, ভেম ফুটি নুঠিব পাৰে। নাথাকিব পাৰে সিহঁত সুউচ্চ দালানত। নাথাকিব পাৰে সিহঁতৰ মখমলৰ বিছনা। কিন্তু সিহঁতৰ স্বাভিমান আছে। কেৱল ইহঁতেই নহয়। ইতিহাস সাক্ষী আছে। কোনেও কাকো অত্যাচাৰ কৰি বৰ বেছি দিনলৈ ৰাজত্ব কৰিব পৰা নাই। নিম্নবর্গীয় এই মানুহবোৰৰ জীয়া কাহিনী ইতিহাসৰ পাতে পাতে। দেশৰ চুকে-কোণে শোষণৰ বলি হৈ আছে। আইনী ব্যৱস্থায়ো যে সুৰক্ষা দিব পৰা নাই। সকলোতে একোজন ধুৰন্ধৰ বদমাচ নেতা থাকেই। ইহঁতৰ মাজতো আছে। ইহঁতে সেয়া চিনি পাব লাগিব।”
তনুজাৰ লিগেচি ডাটা নাই। প্ৰায় চাৰি দশকৰ আগতেই পৰিয়ালৰপৰা তাই বিচ্ছিন্ন হৈ গৈছে। গাঁওখন আছেনে, মা-বাবা, ভাই-ভনী, দাদু জীয়াই আছেনে নাই তাকো তাই নাজানে। দুশ্চিন্তাৰ ভৰত ত্ৰস্তমান। লিগেচি ডাটা যে তাইক লাগিবই। নহ’লে এই তথ্যৰ অভাৱত তাই পুনৰ বিচ্ছিন্ন হৈ যাব সুধাংশু আৰু সন্তানকেইটাৰপৰা। ইহঁতক এৰি ডিটেনচন কেম্পত তাই কেনেকৈ জীয়াই থাকিব? তাই শুনিছে, ডিটেনচন কেম্পত মানুহৰ কেনে নাজল-নাথল অৱস্থা হয়। কেনেকৈ ভুগি ভুগি মৃত্যু হয় মানুহৰ। ভাবি ভাবি হতাশগ্ৰস্ত হৈ এসময়ত তনুজাই মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে। তাইৰ মাত কথা আচৰণ সকলো সলনি হয়। শৰীৰত বিশেষ শক্তিৰ আগমন ঘটিছে বুলি প্ৰচাৰ চলিল। উপন্যাসখনৰ এইখিনিতে লেখিকাৰ কলমৰ কিছু দুৰ্বলতা চকুত পৰিল। তেওঁ লিখিছে, কামলৈ ওলাই যোৱা চুবুৰীয়া ভদ্ৰক তনুজাই কৈছে, “তুমি আজ কাজে যাবে না। বাড়ি ফিৰে যাও।”
ভদ্ৰ কামলৈ যায় আৰু গধূলি নিথৰ দেহটো ঘৰলৈ ঘূৰি আহে। ইফালে ডাক্তৰৰ মতে তনুজা ডিমেচিয়াত আক্ৰান্ত। সামাজিক প্ৰচাৰ এক বিভ্ৰম বুলি পৰোক্ষভাৱে প্ৰকাশ কৰাও হৈছে— “অমুকজন তান্ত্ৰিকৰ ওচৰলৈ লৈ যা! অমুকজন বেজৰ ওচৰলৈ লৈ যা! অমুকজন বাবাৰ ওচৰলৈ এবাৰ লৈ যাচোন। অমুকজন মৌলবী বিখ্যাত। তাবিজ-পানী দিয়ে। জৰা-ফুঁকা কৰে। এবাৰ গৈ চাবিচোন! কোনেও নকয় অমুকজন ডাক্তৰ ভাল লৈ যাবিচোন! কোনেও নকয় অমুকখন মেডিকেল ভাল লৈ যাবিচোন! আমিয়ে সহায় কৰিম।”
তেনেহ’লে? এগৰাকী অসুস্থ মহিলা কেনেকৈ হ’ব পাৰে ভৱিষ্যদ্ৰষ্টা? কেৱল এটা উদাহৰণেই নহয়, আন এটা ঘটনাৰেও তেওঁ এই বিশ্বাসক দৃঢ় কৰাৰ প্ৰয়াস কৰিছে। এনে কনফিউজনে লেখকৰ দুৰ্বল মানসিক স্থিতিক সূচায়। আশাকৰোঁ কলচুম বিবিয়ে কথাটো এবাৰ বিবেচনা কৰি চাব। তনুজাৰ জীয়াৰী পূজা গুৱাহাটীত থাকে। এদিন ৰাতি হঠাতে তনুজাই ধৰফৰাই উঠে। চিঞৰি চিঞৰি কয়— “পূজো বাড়িতে নিয়ে এসো। নিয়ে এসো।” পিছদিনা খবৰ ওলায় পূজা গেং ৰেপৰ বলি হৈছে। হস্পিতালত মৃত্যু ঘটিছে। এনে আগজাননী সম্ভৱনে? ইয়াৰ কিবা বৈজ্ঞানিক ভিত্তি থাকিব পাৰেনে? বিশ্বাস আৰু বিজ্ঞানক যুক্তিৰে বিচাৰ কৰি চোৱা দৰকাৰ। নহ’লে এনে কাহিনীয়ে সাধাৰণ মানুহক বিভ্ৰান্ত কৰাৰ থল থাকে। কেতিয়াবা ক’ৰবাত মিলি যোৱা কথাবোৰ বিজ্ঞান নহয়, অনুমান। ইয়াৰোপৰি উপন্যাসখনত দুই এটা বৰ্ণাশুদ্ধি আৰু ব্যাকৰণিক ভুলেও উজুটি খুৱায়। পৰৱৰ্তী সংস্কৰণত এইখিনি আঁতৰাব পাৰিলে পঠনত উজুটি খোৱাৰ থল নাথাকিব।
তনুজাই শ্ৰাৱণীক লগ পোৱাৰ পিছত অতীতলৈ ভুমুকিয়াই চোৱাৰ এটা বাট বিচাৰি পালে। ডাক্তৰৰ ঔষধ আৰু শ্ৰাৱণীৰ সংগত লাহে লাহে তেওঁ কিছু আৰোগ্য হৈ উঠিল আৰু এদিন শ্ৰাৱণী আৰু তাপসৰ লগত হেৰাই যোৱা শিপাডাল বিচাৰি জন্মস্থান অভিমুখে ৰাওনা হ’ল।
উপন্যাসখনত চৰ অঞ্চলৰ সামগ্ৰিক পৰিৱেশটোৰ বৰ্ণনাই মন ভাৰাক্ৰান্ত কৰি তোলে। মদ, ড্ৰাগছ, চুৰি, হত্যা, মাটিৰ কেচ, নাৰীজনিত অপৰাধৰ যেন অন্ত নাই। কাহিনীত তাৰ অন্তৰ্নিহিত কাৰকবোৰৰো কিছু আভাস দিয়া হৈছে। চৰ অঞ্চলৰ বাট-পথ, বিদ্যালয়ৰ দুৰৱস্থা, শিক্ষকৰ অৱহেলা, পৰিদৰ্শনৰ অভাৱ, চিকিৎসা সেৱাৰ অভাৱ, হাই-কাজিয়া, কম বয়সতে বিয়া, বহু সন্তান আদিৰে সংসাৰৰ বোজা বহন কৰা, শিক্ষা আৰু প্ৰাপ্য অধিকাৰৰ প্ৰতি অজ্ঞতা ইত্যাদি অনেক সমস্যাৰে জুৰুলি-জুপুৰি। পোহৰ দেখুওৱা মানুহৰ অভাৱ। বাৰিষা এই অঞ্চলবোৰ ডুবি থাকে পানীত। কেনেকৈ আহিব পৰিৱৰ্তন?
অসুস্থ দেহাৰে, থৰক-বৰক খোজেৰে, আধা গাড়ীৰে আধা নাৱেৰে, মাকৈ খেতি, সৰিয়হৰ খেতি পাৰ হৈ তনুজাহঁত ওলাল শিপাৰ সন্ধানত। বিলাহী, বেঙেনা, ৰঙালাও, পানীলাওৰে খেতিপথাৰবোৰ ভৰি আছে। তনুজাৰ মানসপটত পয়ত্ৰিশ বছৰ আগৰ নাকফুলি, কাণফুলি পিন্ধা, ফটা গাল, ৰঙচুৱা চুলিৰ ছোৱালীজনীয়ে দেও দি উঠিছে—
“ছোট নদীৰ ঢৌ
বড় নদীৰ ঢৌ
ইট্টু ইট্টু ছেৰীৰা
জামাদ্দাৰেৰ বৌ।”
সুঁতিটোৰ সিপাৰে দূৰৈত সৌৱা মছজিদটো। কাষতে পৰিত্যক্ত স্কুলখন। গাঁওখন? দাদু ফকিৰ আলী আছেনে জীয়াই? নাই। “ফকিৰ আলী কাকা তিৰাশীৰ ওই আন্দোলনে অছমীয়া মানুছৰ হাতত মাৰা গেছেন। কাকাৰ পৰিয়ালেৰ কোনো লোক জিন্দা নাই। .. খয়াৰতলী বানপানীয়ে ভাসাই নিল। চৰকাৰে মছজিদ আৰু পাঠশালাটা বন্ধ কৰি দিছেন।”
অকস্মাতে যেন ক’ৰবাৰপৰা ৰফিকৰ কান্দোন ভাঁহি আহিল। ৰফিক, ৰফিক বুলি চিঞৰি তনুজাই নৈখনলৈ দৌৰ দিলে। তাৰপিছত?
কল্পনাৰ ৰহন সানি বাস্তৱক মনে বিচৰা ধৰণে পোৱা সম্ভৱনে? ৰাজনীতি আৰু আমাৰ ব্যক্তিগত জীৱন পৃথক নেকি? সাম্প্ৰদায়িক ৰাজনীতিৰ মেৰপাকত দেশৰ জনসাধাৰণ কিমান সুৰক্ষিত? প্ৰাপ্য অধিকাৰ আৰু ন্যায়ৰ বাবে অহৰহ যুজঁ কৰি থকা সমাজ এখনৰ উদ্ধাৰৰ বাট কেনি? সমস্যাৰ মূল কেৰোণবোৰ ক’ত? উন্নত জীৱনযাপনৰ অধিকাৰৰপৰা যুগে যুগে মানুহ কিয় বঞ্চিত হৈ থাকে? এনে বহু শীতল অথচ কঠিন প্ৰশ্ন “ছিন্নমূল”ৰ পাতত জিলিকি উঠিছে। উপন্যাসখনৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হৈছে দৰঙীয়া লোকভাষা আৰু সংখ্যালঘুৰ কথিত ভাষাৰ প্ৰয়োগ। এই প্ৰয়োগে কাহিনীৰ সামগ্ৰিক ছবিখন পঢ়ুৱৈৰ চকুত জলজলপটপটকৈ দাঙি ধৰাত সহায় কৰে। ২৬৪ পৃষ্ঠাৰ সুখপাঠ্য এই উপন্যাসখনৰ প্ৰকাশক পূৰ্বায়ণ প্ৰকাশন। মূল্য ৩৫০ টকা।