অতিথি সম্পাদকৰ চ'ৰাপঞ্চম বছৰ (প্ৰথম সংখ্যা)

কুসংস্কাৰৰ অৰ্থ (মূল: ভবানীপ্ৰসাদ চাহু; অসমীয়া অনুবাদ: কুমুদ ঘোষ)

আক্ষৰিকভাৱে কুসংস্কাৰৰ স্পষ্ট অৰ্থ হ’ল বেয়া বা ক্ষতিকৰ সংস্কাৰ। আকৌ সংস্কাৰ কথাটোৰ মূলগত অৰ্থ সংশোধন জাতীয় কিবা এটা হ’লেও কিন্তু ইয়াত সংস্কাৰ বুলিলে কিছু বিশেষ ধৰণৰ বিশ্বাস আৰু আচৰণবিধিকেই বুজায়। কাৰোবাৰ মৃত্যুৰ পিছত গোষ্ঠীৰ জ্ঞাতি-কুটুমৰ মাজত যি মৃতাশৌচ পালিত হয় কিংবা কোনো নৱজাতকৰ জন্মৰ পিছত যি জন্মাশৌচ পালিত হয়, সেই অশৌচৰ নিৰ্দিষ্ট সময়ৰ পিছত জ্ঞাতি-কুটুমৰ সদস্যসকলে দাড়ি-চুলি, নখ আদি কটোৱাৰ নিচিনা ক্ৰিয়াকৰ্ম সম্পাদন কৰে, যাক সংস্কাৰ কৰ্ম হিচাবেই অভিহিত কৰা হয়। এইক্ষেত্ৰত বিশ্বাস যে অশৌচৰ সময়ত সেই গোষ্ঠীৰ সকলো সদস্য অশুচি হৈ পৰিছিল। সংস্কাৰ-কৰ্মৰ সাহায্যত শৰীৰৰ পৰা সেই অশুচিজনিত ত্ৰুটিৰ সংশোধন কৰা হ’ল। এইদৰে কাৰোবাৰ জন্ম বা মৃত্যুৰ পিছত গোষ্ঠীৰ সকলোকে অশুচি বুলি ভবা কথাটো সম্পূৰ্ণ মিছা হ’লেও, সেয়া এক সংস্কাৰত পৰিণত হৈছে অৰ্থাৎ বিশ্বাসলৈ পৰিণত হৈছে।

সকলো সময়তেই যে সংস্কাৰ মিছা সেয়া হয়তো নহয়। কিন্তু সাধাৰণভাৱে প্ৰায় সকলোবোৰ সংস্কাৰেই যুক্তিহীন আৰু ভিত্তিহীন। সুদীৰ্ঘদিন সেয়া অনুসৰণ কৰাৰ ফলত অতি বেছি যদি হয় সিয়েই এক বদ্ধমূল বিশ্বাস বা অৱশ্য আচৰণীয় প্ৰক্ৰিয়া হিচাবে প্ৰতিষ্ঠিত হৈ পৰে। অশৌচৰ সংস্কাৰটি নিঃসন্দেহে মিছা, কাৰণ তাৰ লগত আত্মা সম্পৰ্কিত অলীক কল্পনা যিদৰে সাঙোৰ খাই আছে তেনেকৈ সাঙোৰ খাই আছে জ্ঞাতি বা গোষ্ঠীৰ কোনো পৰিয়ালত জন্ম বা মৃত্যু ঘটিলে সকলোকে অশুচি আৰু অশুদ্ধ বুলি জ্ঞান কৰাৰ ভিত্তিহীন ধাৰণাও। কিন্তু সমান্তৰালভাৱে বিষয়টোৰ মাজত জ্ঞাতি-গোষ্ঠীৰ সকলোকে ঐক্যবদ্ধ কৰি ৰখাৰ যি প্ৰক্ৰিয়া দেখা যায় সেয়া নিশ্চয় ইতিবাচক আৰু তাৰ বাস্তৱ উপযোগিতাও আছে। অৱশ্যে, এই ধৰণৰ সংস্কাৰৰ মাজত ক্ষতিকৰ দিশ কিমান আৰু উপকাৰী দিশ কিমান সেয়া বিচাৰ কৰা মস্কিল।

জ্ঞাতিৰ সকলোৱেই অশৌচ পালনৰ বিষয়¸টোকে ধৰা হওক। সাম্প্ৰতিক সময় আৰু অৰ্থনৈতিক-সামাজিক অৱস্থাই মানুহৰ মাজত বিচ্ছিন্নতা বঢ়াই মানুহক ক্ৰমশঃ স্বাৰ্থপৰ আৰু আত্মকেন্দ্ৰিক কৰি তুলিছে। আনকি, একেই গোষ্ঠী তথা জাতিৰ (যিসকলৰ মাজত জিনগত অৰ্থাৎ Genetic সাদৃশ্য থাকে) সদস্যসকলৰ মাজতো পূৰ্বৰ ঐক্য আৰু সহমৰ্মিতাৰ মনোভাৱ ক্ৰমশঃ নষ্ট হৈছে। ইয়াক ঠিক সুস্থ বিষয় বুলি ক’ব নোৱাৰি। কিন্তু ওচৰা-উচৰিকৈ এয়াও সত্য যে এতিয়া অৰ্থনৈতিক ব্যৱস্থা এনে পৰ্যায় পাইছেগৈ যে, আগৰ নিচিনাকৈ জ্ঞাতি-কুটুমৰ মানুহবোৰৰ মাজত পাৰস্পৰিক সহযোগিতাৰ কথাটো বাস্তৱ ক্ষেত্ৰত অপ্ৰয়োজনীয় হৈ উঠিছে। আগেয়ে একেই গোষ্ঠীৰ মানুহবোৰ একেটা স্থানতে একেই ধৰণৰ সমস্যা মকামিলা কৰি বসবাস কৰিছিল। সেয়ে তেওঁলোকৰ মাজত ঐক্য আৰু সহযোগিতা আছিল নিজৰ অস্তিত্বৰ বাবে একান্তই প্ৰয়োজন। কিন্তু এতিয়া ভিতৰুৱা কোনো গাঁৱৰ কোনো এজন ব্যক্তি বা আদিবাসী হিচাপে চিহ্নিত কোনোবাজনো কৰ্মসূত্ৰে বহুদূৰলৈকে সিচঁৰতি হৈ পৰে। য’ত তেওঁ নতুন মানুহৰ সৈতে সহযোগ-সহমৰ্মিতাৰ মনোভাৱ গঢ়ি তুলিব লগা হয়। নিজৰ প্ৰত্যক্ষ আত্মীয়-স্বজনৰ বাহিৰে গোষ্ঠীৰ আন আনসকলৰ সৈতে সম্পৰ্ক ক্ৰমশঃ টুটি আহে। নতুন ঠাইত নতুনকৈ সৃষ্টি হয় নতুন গোষ্ঠী। এইদৰে সময়ৰ সৈতে এসময়ৰ প্ৰয়োজনীয় এটি সামাজিক সংস্কাৰ অপ্ৰাসংগিক হ’বলৈ ধৰে।

অন্যান্য নানা বিশ্বাস আৰু আচৰণবিধিৰ ক্ষেত্ৰতো সেয়া সঁচা। কিন্তু এই সঁচা কথাটো নুবুজাকৈ যিসকলে অন্ধৰ নিচিনাকৈ তাক অনুসৰণ কৰিব বিচাৰে আৰু সময়ক জোৰকৈ  পাছফাললৈ টানি আনক সেয়া অনুসৰণ কৰিবলৈ বাধ্য কৰে, তেওঁলোকৰ ভিতৰত এক যুক্তিহীন আৰু অবাস্তৱ গোড়ামিয়ে কাম কৰে। আৰু তেতিয়াই সেয়া কুসংস্কাৰত পৰিণত হয়।

ইংৰাজী Superstition শব্দটোৰ বঙ্গানুবাদ হিচাপে কুসংস্কাৰ শব্দটোৰ প্ৰচলন হৈছে।১ কিন্তু ‘সংস্কাৰ’ শব্দটো সংস্কৃত বা বাংলা ভাষাত সততে ব্যৱহাৰ হ’লেও, ‘কুসংস্কাৰ’ শব্দটো বহু পিছতহে ৰপ্ত (Coin) কৰা হৈছে। যতদূৰ সম্ভৱ প্ৰায় এশ বছৰ পূৰ্বে বিগত শতাব্দীত বঙ্গত পাশ্চাত্য জ্ঞানবিজ্ঞান আৰু দৰ্শন চৰ্চাৰ সময়ত সমাৰ্থক ইংৰাজী শব্দটোৰ সৈতে পৰিচয় হোৱাৰ পিছত ‘কুসংস্কাৰ’ শব্দটো বাংলা ভাষাত ক্ৰমাত বহুল ব্যৱহৃত হ’বলৈ ল’লে। ইয়াৰ ফলত  বাংলা ভাষাৰ অভিধানতো শব্দটোৱে ঠাই পালে। (প্ৰসঙ্গক্ৰমে উল্লেখ কৰিব পাৰি যে এতিয়া ‘মৌলবাদ’ শব্দটো বাংলা ভাষাত বহুল ব্যৱহৃত হ’লেও কিন্তু অধিকাংশ বাংলা ভাষাৰ অভিধানত এই শব্দটো এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই, বা সিবিলাকৰ দুই-এটাৰ সংস্কৰণত পূৰ্বেও শব্দটো নাছিল)।

বিভিন্ন বাংলা ভাষাৰ অভিধানত ‘কু-সংস্কাৰ’ শব্দটোৰ অৰ্থ বিভিন্নধৰণে দিয়া হৈছে যদিও মূলগতভাৱে সেয়া প্ৰায় একেই।২ চলন্তিকা অভিধান মতে ‘কু-সংস্কাৰ’ৰ অৰ্থ হ’ল, “ভ্ৰান্ত বা দুষ্ট ধাৰণা, প্ৰথা বা ধৰ্মবিশ্বাস”। দেখদেখকৈ ইয়াত কুসংস্কাৰৰ এক অতি ব্যাপক অৰ্থ নিৰ্দেশ কৰা হৈছে, য’ত ‘ভ্ৰান্ত বা দুষ্ট’ ধৰ্মবিশ্বাসকো পোনপটীয়াকৈ তাৰ অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে সাহিত্য একাডেমি (অকাদেমি)ৰ বঙ্গীয় শব্দকোষত কুসংস্কাৰৰ অৰ্থক দুভাগত ভাগ কৰি উল্লেখ কৰা হৈছে – “(১) সঙ্গত কাৰণহীন সিদ্ধান্ত; (২) ধৰ্মত অন্ধবিশ্বাস বা গোড়ামি”। সাধাৰণভাৱে দুয়োখন অভিধানৰ অৰ্থ মূলত একে হ’লেও, বিশ্লেষণ কৰি চালে সিবিলাকৰ মাজত কিছু পাৰ্থক্য নিৰূপণ কৰা অসম্ভৱ নহয়।  চলন্তিকা অভিধানত ভ্ৰান্ত বা দুষ্ট (অৰ্থাৎ ক্ষতিকৰ) ধাৰণা, প্ৰথা বা ধৰ্মবিশ্বাসক কুসংস্কাৰ বুলি কোৱা হৈছে, কিন্তু বঙ্গীয় শব্দকোষত এই ধৰ্মবিশ্বাস অন্ধবিশ্বাস বা গোড়ামিৰ পৰ্যায়লৈ গ’লেই তাক স্পষ্টভাৱে কুসংস্কাৰ বুলি চিহ্নিত কৰা হৈছে (চলন্তিকা অভিধানৰ মতে ধৰ্মবিশ্বাস কুসংস্কাৰ নহয়; যেতিয়া সেয়া ‘ভ্ৰান্ত আৰু দুষ্ট’ হয় তেতিয়াই সেয়া কুসংস্কাৰ। কিন্তু ধৰ্মবিশ্বাস কেতিয়াও সম্পূৰ্ণ অভ্ৰান্ত হোৱা সম্ভৱ নহয়। আনহাতে বঙ্গীয় শব্দকোষ অনুযায়ীও ধৰ্ম বা ধৰ্মবিশ্বাস কুসংস্কাৰ নহয়; যেতিয়া তাৰ মাজত অন্ধতা আৰু গোড়ামিৰ অনুপ্ৰৱেশ ঘটে তেতিয়া সেয়া কুসংস্কাৰ। কিন্তু ধৰ্মবিশ্বাস কম-বেছি পৰিমাণে গোড়া আৰু অন্ধ হ’বলৈ বাধ্য। এইটোও ঘটনা যে, ঈশ্বৰ বিশ্বাসকেন্দ্ৰিক সকলোবোৰ প্ৰাতিষ্ঠানিক ধৰ্মই ‘সঙ্গত কাৰণহীন সিদ্ধান্ত’, যদিও অসঙ্গত আৰু সঙ্গতৰ বিচাৰ কৰাৰ ক্ষেত্ৰত বিতৰ্ক আৰু দ্বিমতৰ অৱকাশ আছে)। সাহিত্য সংসদৰ ইংৰাজী-বাংলা সংসদ অভিধানত ‘কুসংস্কাৰ’ৰ ইংৰাজী প্ৰতিশব্দ স্বাভাৱিকভাবে ‘Superstition’ বুলি উল্লেখ কৰা হৈছে আৰু এই Superstition (তথা কুসংস্কাৰ)ৰ ব্যাখ্যা এনেদৰে দিয়া হৈছে – (১) “false worship or religion;  মিছা উপাসনা বা ধৰ্ম”  (২) “an ignorant and irrational belief in superstitional agency, omens, sorcery etc; অতিপ্ৰাকৃত শক্তি, দৈৱবাণী, যাদুবিদ্যা প্ৰভৃতিত অযৌক্তিক অন্ধবিশ্বাস, কু-সংস্কাৰ” (৩) “a deep rooted but unfounded general belief; মানুহৰ মনত ব্যাপকভাৱে বদ্ধমূল অযৌক্তিক বিশ্বাস।” ঈশ্বৰ বিশ্বাসকো প্ৰকৃত অৰ্থত অতি প্ৰাকৃত শক্তিত অযৌক্তিক অন্ধবিশ্বাস হিচাপে অভিহিত কৰিব পাৰি আৰু এইভাৱে সমস্ত ঈশ্বৰবিশ্বাসী আৰু ধৰ্মীয় ব্যক্তিয়েই কুসংস্কাৰাচ্ছন্ন। সংসদৰ বাংলা-ইংৰাজী অভিধানত ‘কুসংস্কাৰ’ৰ অৰ্থ দিয়া হৈছে এনেদৰে, “ভ্ৰান্ত যুক্তিহীন ধাৰণা অথবা ধৰ্মবিশ্বাস, গোড়ামি”। ঠিক সেইদৰে IPP-ৰ অভিধানত ‘কুসংস্কাৰ’ বুলি কওঁতে “যুক্তিহীন ভ্ৰান্ত ধাৰণা আৰু বিশ্বাস আৰু সেই অনুসাৰে পালন কৰা আচাৰ, অনুষ্ঠান, গোড়ামি”ক চিহ্নিত কৰা হৈছে।

এয়া এতিয়া সাধাৰণভাৱে প্ৰচলিত যে, নানা প্ৰাতিষ্ঠানিক ধৰ্মৰ সৈতে যুক্ত হৈয়েই  হওক বা নোহোৱাকৈয়েই  হওক, সকলো ধৰণৰ মিছা বিশ্বাস – যিবোৰ চূড়ান্ত অৰ্থত যিকোনো ধৰণেই হওক ক্ষতিকৰ – সেই সকলোবোৰকেই কুসংস্কাৰ বুলি অভিহিত কৰিব পাৰি। ভাৰতৰ কোনো প্ৰাক্তন ৰাষ্ট্রপতি বা প্ৰধানমন্ত্ৰীয়ে যেতিয়া গভীৰ বিশ্বাসেৰে দক্ষিণ ভাৰতৰ জঁপৰা চুলিৰ মেজিছিয়ান সাইবাবাক ভগৱানৰ প্ৰতিনিধি বুলি ভাবি তেওঁৰ পিছে পিছে ঘূৰে বা উদং গাৰে স্নান কৰি বাবা বিশ্বনাথৰ অস্তিত্বহীন অস্তিত্বক সন্তুষ্ট কৰাৰ বাবে পূজা দিবলৈ দৌৰে, তেতিয়া সেয়া যেনেকৈ সংশ্লিষ্ট ব্যক্তিৰ কুসংস্কাৰাচ্ছন্ন বিশ্বাসৰ পৰিচয়, তেনেকৈ, অশিক্ষিত দৰিদ্ৰ কৃষক ৰমণীয়ে পৰম বিশ্বাসেৰে ঘৰৰ চোতালত কৰা লক্ষ্মীৰ পদচিহ্নৰ অসাধাৰণ আলপনা, অতি ভিতৰুৱা গাঁৱৰ আদিবাসী মানুহে ‘অসন্তুষ্ট অলৌকিক’ শক্তিক সন্তুষ্ট কৰিবৰ বাবে দিয়া কুকুৰা বলিয়েও তেওঁলোকৰ নিজা নিজা কুসংস্কাৰৰেই বহিঃপ্ৰকাশ ঘটায়। বিজ্ঞানক পেছা হিচাপে গ্ৰহণ কৰিয়ো যিজনে সূৰ্যগ্ৰহণৰ সময়ত খাদ্য গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে, পৰীক্ষাৰ আগেয়ে যিজন ছাত্ৰই সৰস্বতীক এবাৰ হ’লেও সেৱা কৰি যায়, যিগৰাকী মাতৃয়ে তেওঁৰ সন্তানক নানা অপশক্তিৰ পৰা বচাবলৈ কপালত কাজলৰ ফোট আঁকি দিয়ে বা একেই উদ্দেশ্যৰে যিজন ড্ৰাইভাৰে গাড়ীৰ পিছফালে ছিগা জোতা, জলকীয়া আৰু নেমু আঁৰি লয় বা আঁকি দিয়ে, অথবা যিজন মানুহে শৰীৰ সবল কৰি ৰখাৰ বাবে টনিক খায়, ৰোগ আঁতৰাবলৈ গ্ৰহৰত্ন ধাৰণ কৰে, হাতেৰে স্পৰ্শ কৰি অৰ্থাৎ ৰেইকি (স্পৰ্শ চিকিৎসা)ৰ সাহায্যত মহাজাগতিক ৰশ্মি আৰু শক্তিক ধৰি ৰাখি শাৰীৰিক কষ্ট কমোৱাৰ কথা প্ৰচাৰ কৰে – তেওঁলোক সকলোৱেই কুসংস্কাৰৰ চিকাৰ। সাধাৰণভাৱে শুনিবলৈ বেয়া লাগিলেও প্ৰকৃত বিচাৰত সেয়াই বাস্তৱ সত্য। সঁচা কথা ক’বলৈ গ’লে পৃথিৱীত ধাৰণা হয় আমি এনে কোনোৱেই নাই যিজনে চূড়ান্তভাৱে কিবা নহয় কিবা এক ধৰণৰ মিছা বিশ্বাস বা ধাৰণা একেবাৰে পোষণ নকৰোঁ। কিন্তু পৃথিৱীজুৰি সিচঁৰতি হৈ থকা ইমানবোৰ বিচিত্ৰ ধৰণৰ অসংখ্য কুসংস্কাৰৰ জন্ম হ’ল কেনেকৈ?

অনুবাদকৰ টোকা :

১) অসমীয়া ভাষাতো ইংৰাজী Superstition শব্দটোৰ প্ৰতিশব্দ হিচাপে কুসংস্কাৰ শব্দটো প্ৰচলন হৈ আহিছে।

২) অসমীয়া ভাষাৰ অভিধান সমূহতো কুসংস্কাৰ শব্দটোৰ অৰ্থ ভিন ভিন ধৰণে পোৱা যায়। হেমকোষ (পঞ্চদশ সংস্কৰণ, ২০১৩)ত  কুসংস্কাৰ শব্দটোৰ অৰ্থ দিয়া হৈছে এনেদৰে, “বেয়া বা অসৎ শিক্ষা, বেয়াকৈ পোৱা শিক্ষা, অসৎ মনোবৃত্তি, bad education and upbringing, uncultured disposition; নুবুজি কৰা সিদ্ধান্ত, prejudice;  অন্ধবিশ্বাস, মিছা বস্তুক সঁচা বুলি কৰা বিশ্বাস, superstition; যুক্তি নথকা নীতি, প্ৰথা বা ধৰ্মবিশ্বাস, irrational custom, illogical notion.”। চন্দ্ৰকান্ত অভিধান (তৃতীয় সংস্কৰণ, ২০০৩)ত  কুসংস্কাৰ শব্দটোৰ অৰ্থ দিয়া হৈছে এনেদৰে, “নেজানি নুবুজি কৰা সিদ্ধান্ত;  prejudice. (২) যুক্তি নথকা ধৰ্ম্ম-বিশ্বাস; অমূলক বা মিছা বস্তুক সঁচা বুলি কৰা বিশ্বাস; superstition.”। চলন্ত অভিধান (প্ৰথম সংস্কৰণ, ২০০১)ত  কু-সংস্কাৰ শব্দটোৰ অৰ্থ দিয়া হৈছে এনেদৰে, “অন্ধ বিশ্বাস; ভ্ৰান্ত নীতি; কোনো বিজ্ঞানসন্মত কাৰণ নোহোৱাকৈ কৰা বিশ্বাস; prejudice; superstition.”। আধুনিক অসমীয়া শব্দকোষ (ষষ্ঠ সংস্কৰণ, ১৯৯৯)ত  কুসংস্কাৰ শব্দটোৰ অৰ্থ দিয়া হৈছে এনেদৰে, “যুক্তিহীন প্ৰথা; অন্ধ-বিশ্বাস; [superstition.]

৩. আধুনিক অসমীয়া অভিধান¸ (পঞ্চদশ সংস্কৰণ, ২০০৮)ত  কুসংস্কাৰ শব্দটোৰ অৰ্থ দিয়া হৈছে এনেদৰে, “যুক্তিহীন প্ৰথা; অন্ধবিশ্বাস।” শৰাইঘাট অভিধান (দ্বিতীয় মুদ্ৰণ, ২০১১)ত  কুসংস্কাৰ শব্দটোৰ অৰ্থ দিয়া হৈছে এনেদৰে, “১। যুক্তি নথকা বিশ্বাস, প্ৰথা আদি। ২। বেয়া বা অশুদ্ধ আচাৰ-ব্যৱহাৰ, ধাৰণা। prejudice; bad customs.”।

(মূল লেখকৰ অনুমতি সাপেক্ষে লেখাটো অনুবাদ কৰি ‘মুক্ত চিন্তা’-লৈ আগবঢ়োৱা হ’ল~অনুবাদক)

Leave a Reply

Your email address will not be published. Required fields are marked *