লাপতা লেডীজঃ ওৰণীৰ তলৰে আকাশ চাব খোজা নাৰীৰ কাহিনী ।। সীমান্ত কোঁৱৰ
দুমাহমানৰ আগতে কোনোবা এটা দিনত অটিটি প্লেটফৰ্ম নেটফ্লিক্সত পৰিচালক কিৰণ ৰাৱৰ ’লাপতা লেডীজ’ নামৰ ২য় চিনেমাখন চোৱাৰ সুযোগ পাইছিলো৷ ট্ৰেইলাৰটো চোৱাৰ সময়ত ভাবিছিলো চিনেমাখন নিশ্চয় খুহুটীয়া হ’ব৷ দুঘণ্টা দুই মিনিটৰ পাছত চিনেমাখন চাই যেতিয়া শেষ কৰিলো, তেতিয়ালৈকে মোৰ চকু আৰু নাকৰ পানী শুকুৱা নাছিল৷ (স্বীকাৰ কৰিছো, চিনেমা চাওঁতে আজিও মোৰ চকুৰ পানী ওলায়!) চিনেমাখন চাওঁতে সৰু লৰা-ছোৱালীৰ দৰে যিদৰে হাঁহিলো, শেষৰ দৃশ্যটোত একেদৰেই কান্দিলো, মুঠতে কিবা এটা ভাল লগাই মনটো আবৰি পেলালে আৰু গোটেই দিনটো চিনেমাখনৰ চৰিত্ৰবোৰ আৰু কাহিনীটোক মনৰ ভিতৰত বাৰে-বাৰে জুকিয়াই চোৱাত কথাবোৰ, অনুভৱবোৰ বেছি ভালকৈ চকুৰ আগত স্পস্ট হৈ পৰিল৷ এইখিনিতে কৈ থব বিচাৰিছো যে সমালোচকৰ বিপৰীতে চিনেমা ৰসিক হোৱাৰ বাবে লেখাটোত মই মাত্ৰ চিনেমাখনৰ মোৰ ব্যক্তিগত ভাল লগা তথা যোগাত্মক দিশ কেইটামানহে আলোচনা কৰিম৷
বহুত বছৰৰ আগতে ’নৈ বৈ যায় ৰ সৃষ্টিকৰ্তা বিখ্যাত স৷হিত্যিক ডঃ লীলা গগৈদেৱে তেখেতৰ ’’কপলিঙ চিগা ৰেল’ নামৰ গ্ৰন্হখনত ’পত্নী বিভ্ৰাট নে একচেঞ্জ’ নামৰ এটি গল্প লিখিছিল৷ শিৱসাগৰ নগৰত শিৱৰাত্ৰি মেলা চাই উভটি যোৱা নতুনকৈ বিয়া হোৱা দীঘল ওৰণী লোৱা কইনা দুগৰাকী শিৱসাগৰ টাউন ষ্টেচনৰ ভিৰত, লৰা-ধপৰাত সলনি হৈ বেলেগ ঠাই পোৱাৰ মধুৰ কাহিনী এটাৰে ডঃ গগৈয়ে সকলোকে মোহিত কৰিছিল৷ সেই কাহিনীটোৰেই যেন ২০০১ চনৰ পটভূমিত উত্তৰ প্ৰদেশৰ কোনোবা গাঁৱৰ ৰঙা দীঘল উৰুণী লোৱা দুজনী ন-কইনাৰ কাহিনী হৈ চিনেমাখন নিৰ্মান হ’ল৷ হুবহু একে কাহিনী, পাথৰ্ক্য মাত্ৰ পাত্ৰত, পাথৰ্ক্য মাত্ৰ পৰিবেশত!
’লাপতা লেডীজ’ বা ‘হেৰাই যোৱা নাৰী’ চিনেমাখনৰ কাহিনী, ’ফুল’ আৰু ’জয়া’ নামৰ দুগৰাকী পুৰুষতান্ত্ৰিক সমাজব্যৱস্হাত পদদলিত নকইনাৰ কাহিনী, যি বিয়াৰ পাছত অচিনাকী দৰাৰ ঘৰৰ ঠিকনা নজনাকে দৰাৰ হাত ধৰি অচিন ৰেলত যাত্ৰা কৰে এক অচিন ভৱিষ্যতৰ দিশে৷ সেই যাত্ৰাত দুয়োগৰাকী কইনাৰে মনত ভয়, সংশয় আৰু ভৱিষ্যতৰ অনিশ্চয়তা স্পষ্ট৷ চিনেমাখনত ওৰণী এটা মেটাফৰ, যাৰ জড়িয়তে পৰিচালকে সমাজৰ পদদলিত নাৰীৰ ছবি অংকন কৰিছে৷ পুৰুষপ্ৰধান এই সামাজিক ব্যৱস্হাত কইনাই গিৰিয়েকৰ নাম লোৱাটো অপৰাধ, ওৰণী উঠাই মূৰ তুলি কথা কোৱাটো অপৰাধ, নিজৰ ইচ্ছামতে নিজৰ ভৱিষ্যত বাচি লোৱাটোও অপৰাধ৷ ওৰণী উঠাই চাব নোৱাৰাৰ বাবেই বা একো কব নোৱাৰাৰ বাবেই জয়াই পৰিয়ালৰ হেঁচাত বিয়াত বহিব লগা হয় বা অচিনাকী পুৰুষৰ হাতত ধৰি অচিন ষ্টপেজত নামি দিবলগীয়া হয়৷ একেদৰে ’ফুলে’ও গিৰিয়েকৰ ঠিকনা নজনাৰ বাবে বেলেগ ষ্টেচনত নামি মঞ্জুমাইৰ চাহৰ দোকানত কাম কৰিব লগীয়া হয়৷ ৰেলৰ পৰা নমাৰ পাচতহে যেন দুয়োজনী কইনাই নিজকে চিনি পায় বা আৱিষ্কাৰ কৰে৷
চিনেমাখনৰ ’জয়া’, ’ফুল’ বা ’মঞ্জুমাই’ প্ৰতিটো চৰিত্ৰই এই সমাজৰ আন সেই মহিলাবোৰকো প্ৰতিনিধিত্ব কৰে যিসকলৰ অস্তিত্ব হেৰাই গৈছে এই পুৰুষতান্ত্ৰিক সমাজৰ, উচিত্ত-অনুচিত, মৰেল আৰু ট্ৰেডিচনেল মূল্যবোধৰ কৰাল হেঁচাত, সেইসকল মহিলাই নিজৰ স্বকীয় পৰিচয়ৰ বাবে, নিজৰ ইচ্ছানুসৰি জীৱন জীয়াই থাকিবলৈ অনুমতিৰ বাবে আজিও যুঁজ দিবলগীয়া হয়৷ আজিও, কোটি কোটি ভাৰতীয় ঘৰত, এজনী কন্যা জন্মগ্রহণ কৰাৰ পৰাই পিতৃ-মাতৃৰ প্ৰতিটো সিদ্ধান্ত কন্যাজনীক এগৰাকী যোগ্য বোৱাৰী আৰু ভাল পত্নীৰূপে তৈয়াৰ কৰাৰ স্বাৰ্থত লোৱা হয়৷ পৰিয়ালে বা পৰিবেশেও তেওঁলোকক সেই শিক্ষাই দিয়ে যাতে ছোৱালীজনী আজীৱন নম্ৰ, শিষ্টাচাৰী, অনুগত হয় কিন্তু উচ্চাকাংক্ষী হবলৈ কোনোদিনে উৎসাহিত কৰা নহয়। মহিলা সদায় নীৰৱ, অনুগত, সন্মানজনক, মাতৃসুলভ, গৃহস্হ, ধৰ্মীয়, আৰু চিৰন্তন আনক বুজিব পৰা মমতাময়ী হৈ থকাই যেন এই সমাজৰ কাম্য৷
লেখাটোৰ প্ৰয়োজনত ফুল আৰু জয়াৰ উপৰিও চিনেমাখনত থকা আন কেইগৰাকীমান ’হেৰাই যোৱা নাৰী’ ৰ চৰিত্ৰৰ বিষয়ে অকণমান অৱগত কৰিব বিচাৰিছো৷
(ক) হেৰাই যোৱা নাৰী ১- নাম উহ্য
মদ ভাঙ খাই, হাই-কাজিয়া কৰি হাজোতত সোমাই থকা অকলশৰীয়াকে ডাঙৰ-দীঘল কৰা একমাত্ৰ পুতেকক, লোক সংগীত গাই জীৱন নিৰ্বাহ কৰা, বিবাহ বিচ্ছেদ হোৱা মহিলাগৰাকীয়ে উলিয়াই নিবলৈ আহে৷ যাৰ বাবে পুতেকেই একমাত্ৰ সম্পদ৷
(খ) হেৰাই যোৱা নাৰী ২- পুনম
ছবি অকাৰ জন্মগত বিৰল প্ৰতিভা লৈ অহা পুনমে নিজেও আনকি নাজানে তাইৰ প্ৰতিভাৰ কথা, তাই নিজেও ভাৱে যে এই ছবি অকা কামটো ’ফিজুল’ বা অৰ্থহীন৷
(গ) হেৰাই যোৱা নাৰী ৩- মঞ্জুমাই
পৰিয়ালৰ আপোনজনৰ দ্বাৰা শোষিত, নিস্পেষিত হৈ ঘৰৰ পৰা আঁতৰি আহি ৰেলৱে প্লেটফৰ্মত চাহৰ দোকান দি নিজে উপাৰ্জন কৰা মঞ্জুমায়েই ফুলক শিকায় আত্মনিৰ্ভৰশীলতা তথা আত্মসন্মানৰ পাঠ৷ মঞ্জুমাইৰ ভাষাত বুৰ্বক হোৱা লাজৰ কথা নহয়, বু্ৰ্বক হৈয়ো গৰ্ব কৰাটোৱেহে লাজৰ কথা৷
(ঘ) হেৰাই যোৱা নাৰী ৪- যশোদা(দীপকৰ মাক)
পৰিয়ালৰ পত্নী, মাতৃ, বোৱাৰীৰূপে দ্বায়িত্ব পালন কৰোঁতে-কৰোঁতে, পৰিয়ালৰ সকলোৰে পচন্দমতে ৰন্ধা-বঢ়া কৰোঁতে যশোদাই নিজেই পাহৰি যায় তেওঁ নিজে কি খাই ভাল পাইছিল৷
ফুল আৰু জয়াৰ উপৰিও এই সকলোকেইগৰাকী নাৰীয়েই চিনেমাখনৰ প্ৰথমাৰ্ধত সমাজৰ চকুত একো এগৰাকী হেৰাই যোৱা নাৰী, কিন্তু সকলোৱে শেষত নিজৰ স্বকীয় পৰিচয় উদ্ধাৰ কৰে, নিজকে সলনি কৰে, সলনি কৰে সমাজকো৷
চিনেমাখনত কিৰণ ৰাৱে মূল চৰিত্ৰকেইটাৰ নামাকৰণো যেন কাহিনীটোৰ স্বাৰ্থতে কৰিছিল, যেনে ধৰক ’ফুল’ এপাহ ফুলৰ দৰেই নিস্পাপ, সংসাৰৰ একো ভু-ভা নোপোৱা এজনী পত্নী যি নিজৰ পতিক খুওৱ ভাল পায়, ’জয়া’ – যি জৈৱিক কৃষিপ্ৰণালী পঢ়িব বিচাৰিও পৰিয়ালৰ হেঁচাত বিয়াত বহে অথচ কাহিনীৰ শেষত তাই নিজৰ লক্ষ্যত উপনীত হয়, জয় হয় তাইৰ সপোনৰ, সেয়ে জয়া আৰু ’দীপক’- নৱবিবাহিত পত্নীক হেৰুওৱাৰ পাছতো দীপকে কোনোদিনে আশা নেহেৰুৱাই, চিনেমাখনৰ অন্তলৈকে বিয়পি থকা সেই চিৰন্তন আশাৰ প্ৰতীক যেন দীপক এগছি বন্তি৷
একেদৰে চিনেমাখনত খুৱ ভাললগাকে কিছুমান ধনাত্মক পৰিবৰ্তন দেখুওৱা হৈছে। উদাহৰণ স্বৰূপে, ফুলে প্ৰথমতে নিজৰ পতিৰ নাম লোৱা নাছিল, হাতৰ তলুৱাত জেতুকাৰে লিখি ৰখা নামটো দেখাইছিল, সেই ফুলেই শেষত ষ্টেচনৰ ভিৰৰ মাজতে সকলোৱে শুনাকৈ ’দীপক’ বুলি চিঞৰি উঠিছিল৷ একেদৰে চিনেমাৰ প্ৰথমাৰ্ধত বাছৰ ওপৰত বহি আহোঁতে দীপকে পৰি নাযাবলৈ এখন হাতেৰে ফুলক ধৰি আহিছিল, সেই ফুলেই চিনেমাৰ শেষৰ ফালে অটোৰ পৰা নামিবলৈ লওঁতে দীপকে হাতখন আগবঢ়াই দিওঁতে নালগে বুলি নিজে নামি আহিছিল৷ আন এটা দৃশ্যত ফুলে সুৰক্ষাৰ বাবে ৰুমালত বান্ধি লৈ ফুৰা চাউলৰ খইচাটোক মঞ্জুমায়ে উপহাস কৰি কৈছিল যে কেইটামান চাউলে তাইক কেনেকে বচাব, সেই ফুলেই পাচত নিজে উপাৰ্জন কৰা পইচাকেইটাক চাদৰৰ আচঁলত বান্ধি খইচা বা পুতলিটোক পাহৰি এৰি গৈছিল মঞ্জুমাইৰ পইচাৰ বাকচত৷ একেদৰে নতুনকৈ বিয়াহৈ অহা ফুলৰ হাতৰ তলুৱাত প্ৰথমে যিদৰে আছিল পতি দীপকৰ নাম আৰু ফুল, তাই কালাকন্দ বনাই, মঞ্জুমাইৰ হোটেলত কাম কৰি প্ৰথম উপাৰ্জন কৰাৰ পাছত তাইৰ হাতৰ তলুৱাৰ পৰা অস্পষ্ট হৈ পৰিছিল গিৰিয়েকৰ নাম৷
আত্মত্যাগ আৰু নিঃস্বাৰ্থতাৰে পৰিয়ালৰ সকলোৰে সেৱা কৰি-কৰি, সকলোৰে জীৱনত সৰলভাৱে জড়িত হৈ মহিলাই, আনৰ লগতে নিজৰো যে কিবা প্ৰায়ৰিটি থাকিব পাৰে, সেয়া পাহৰি পেলাবলৈ বাধ্য হয়৷ জীৱনৰ তিতা-মিঠাৰে অভিজ্ঞ মঞ্জুমায়ে সেয়ে ফুলক কয় যে আমাৰ দেশৰ সৰ্ববৃহৎ জালচাজি হৈছে “ভাল ঘৰৰ ছোৱালী’ কনচেপ্ট আৰু সেই কনচেপ্টৰ স্বাৰ্থতে ছোৱালী এজনীয়ে কেনেকৈ আজীৱন ভাল আচৰণ কৰি যাব লগীয়া হয়৷ কিন্তু দুখজনকভাৱে, পিতৃতান্ত্ৰিকতাই কেবল যে মহিলাকে শোষণ কৰে এনে নহয়, পুৰুষকো ’যোগান দিয়া আৰু দমন কৰা’ৰ যুগ্মভূমিকা পালন কৰিবলৈ বাধ্য কৰে৷ বৈষম্যমূলক বৈবাহিক সম্পর্কত দায়িত্বৰ সমবিতৰণৰ পৰিবৰ্তে মহিলাক অধিক দ্বায়িত্বৰ বোজা দি আমি আজিও কোটি কোটি মহিলাৰ শিক্ষাৰ, উপাৰ্জনৰ তথা আত্মপ্ৰকাশৰ অধিকাৰক অস্বীকাৰ কৰোঁ।
চিনেমাখনত পৰিচালকে আনুভুতিক সহানুভুতিৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে যে সফলতা বা আত্মপ্ৰকাশৰ অধিকাৰ সাবস্ত্যকৰণে এয়া নুবুজায় যে সকলোৱে নিজা- নিজা কৰ্মক্ষেত্ৰত ব্যৱসায়িকভাৱে সফল হ’ব বা ডাঙৰ কিবা হ’ব৷ মঞ্জুমাইৰ চাহৰ দোকানত কাম কৰি থাকোঁতে ফুলে নিজ হাতেৰে বনোৱা কালাকন্দ বিক্ৰী কৰি প্ৰথম উপাৰ্জন কৰি নিজেই আত্মসন্তুস্টি লাভ কৰে। একেদৰে জয়াই যেনেতেনে তাইৰ জৈৱিক কৃষিকাৰ্যৰ শিক্ষা সম্পূৰ্ণ কৰিবলৈ বিচাৰে। ফুলে তাইৰ পতিক ভাল পায়, পতিৰ সেৱা কৰাটো আজীৱন কৰ্তব্য বুলি ভাৱে, অথচ জয়াৰ বাবে বিয়া তাইৰ সপোনৰ আটাইতকৈ ডাঙৰ প্ৰতিৰোধক৷ শেষত দুয়োগৰাকীয়ে নিজৰ পথ বাচি লয়, আৰু চিনেমাখন শেষ হোৱাৰ লগে লগে তেওঁলোকে পুনৰ যাত্ৰা আৰম্ভ কৰে। কিন্তু এইবাৰৰ যাত্ৰা হৈ পৰে তেওঁলোকৰ নিজা, নিৰ্ভীক আৰু স্বনিয়ন্ত্ৰণৰ যাত্ৰা৷
নাৰীক সঠিক মূল্যায়ন নকৰা বা দূৰ্বল বুলি অধিক সুৰক্ষা প্ৰদান কৰি অহাটো এক চিৰকালীন অপৰাধ, যাক আজি পৰ্যন্ত অপৰাধ হিচাপে গণ্য কৰা হোৱা নাই৷ কিন্তু তাতোকৈ গুৰুতৰ অপৰাধ হৈছে নাৰীয়ে নিজৰ ইচ্ছামতে কৰিব খোজা প্ৰতিটো কামকে পুৰষতান্ত্ৰিক দৃষ্টিভংগীৰে বিচাৰ কৰি ৰায়দান কৰাটো৷ লাপতা লেডিজৰ উদ্দেশ্যও সেয়াই যে এই সমাজত যিসকল নাৰী লাপতা হৈছে বা হেৰাই গৈছে, তেওঁলোকক যাতে বিচাৰি উলিওৱা যায়৷ সময়ৰ বিবৰ্তনৰ লগে-লগে সামাজিক পৰিস্থিতিৰ পৰিবৰ্তনৰ আশা সদায়েই জীৱিত৷ কিৰণ ৰাৱৰ এই চিনেমাখনে সকলো নাৰীকে নিজৰ ওৰণী উঠাই অহুকলীয়া যুগৰ পৰা স্বাভাৱিকৃত অন্যায় আৰু বৈষম্যৰ সন্মুখীন হবলৈ আহ্বান জনাইছে, যাতে ভৱিষ্যতে আৰু কোনো মহিলা অস্তিত্বৰ আন্ধাৰত হেৰাই নাযায়৷৷