অতিথি সম্পাদকৰ চ'ৰাচতুৰ্থ বছৰচতুৰ্থ বছৰ (চতুৰ্থ সংখ্যা)

নতুন পৃথিৱীৰ ৰূপকাৰ লেনিন (পৰী বৰুৱা)

আৰম্ভণি

লেনিন : অফুৰন্ত প্রেৰণাৰ অম্লান উৎস

মানৱ-সভ্যতাৰ ইতিহাস আমাৰ ব্যক্তিগত জীৱনকালৰ তুলনাত অনেক গুণ দীঘলীয়া। এই দীৰ্ঘ সমস্যাবহুল পথ মানৱ-জাতিয়ে বহু সংগ্রামৰ মাজেদিহে অতিক্রম কৰি আহিছে। আদি অৱস্থাত প্রকৃতিৰ নানান প্রতিকুল পৰিস্থিতিৰ বিৰুদ্ধে কৰিবলগীয়া হোৱা যুদ্ধখনেই আছিল মানুহৰ মূল সংগ্রাম। কিন্তু পাছলৈ, বিশেষকৈ, ব্যক্তিগত সম্পত্তিৰ ধাৰণাটোৱে মানৱ-সমাজত কেন্দ্রীয় স্থান দখল কৰাৰ পাছত, অন্য এবিধ সংগ্রামেও মানৱ-ইতিহাসৰ ৰংগমঞ্চত প্রৱেশ কৰিলে। ব্যক্তিগত সম্পত্তিৰ উদ্ভৱৰ পৰৱৰ্তী কালত মানৱ-সমাজখন নানান শ্রেণীত বিভক্ত হৈ পৰিল। মানুহৰ এটা শ্রেণীয়ে শোষণ কৰিবলৈ আৰম্ভ কৰিলে মানুহৰেই অন্য এটা শ্রেণীক। কোনোবা হ’ল দুখীয়া, কোনোবা হ’ল ধনী। কাৰোবাৰ হাতত পুঞ্জীভূত হ’ল অপৰিসীম ক্ষমতা, কোনোবা আকৌ হৈ পৰিল দুৰ্ৱল, অসহায়। স্বাভাবিকতেই তেনে শ্রেণীসমূহৰ মাজত দ্বন্দ্বৰ উদ্ভৱ হ’ল। সমাজত শোষণ আৰু নিস্পেষণৰ মাত্রা দিনকদিনে বা‌ঢ়ি আহিল। তেনে ঘটনাৰ অনিবাৰ্য পৰিণতি হিচাপে মানৱ-সমাজলৈ আহিল শ্রেণী-সংগ্রাম। শোষিত শ্রেণীয়ে নিজৰ মুক্তিৰ বাবে জীৱন-মৰণ সংগ্রামত লিপ্ত হৈ পৰিল। সংগ্রামী মানুহৰ যুঁজখন কেৱল প্রকৃতিৰ বিৰুদ্ধেই সীমাবন্ধ হৈ নাথাকিল, সংগ্রামখনে এক বিস্তাৰিত সামাজিক ৰূপ ধাৰণ কৰিলে। দেখা গৈছে যে তেনে সংগ্রামৰ মাজেদিয়েই মানৱ-সমাজখনক প্রগতিৰ বাটত আগব‌ঢ়াই লৈ আহিছে সংগ্রামী জনতাই। এই কথাটোৰ লগতে আমি আৰু এটা দিশলৈ মন দিব লাগিব। সমাজত বৰ্তি থকা অন্যায়-অবিচাৰ-অসাম্যৰ বিৰুদ্ধে যুগে যুগে জনগণ সংগ্রামত অৱতীৰ্ণ হৈ আহিছে, সেইটো সঁচা। কিন্তু জনতাৰ সংগ্রামক এটা অৰ্থবহ ৰূপ প্রদান কৰিবলৈ যথোপযুক্ত নেতাৰো প্রয়োজন হয়। মানৱ-জাতিৰ ইতিহাসত তেনে এজন যুগন্ধৰ সংগ্রামী পথিকৃৎ আছিল লেনিন।

লেনিনৰ জংগম, ঘটনাবহুল আৰু বৰ্ণাঢ্য জীৱন তথা সুবিশাল কৰ্মৰাজিৰ বিশদ বৰ্ণনা কৰাটো এটা দুৰূহ কাম। এই নিবন্ধত আমি তেনে প্রচেষ্টাৰ কথা চিন্তা নকৰি, মাত্র এই মহান বিপ্লৱী চিন্তানায়ক আৰু কৰ্মযোগীগৰাকীৰ জীৱনৰ কিছু কথা বিক্ষিপ্তভাবে ক’বলৈ প্রয়াস কৰিম। লগতে কৈ থোৱা উচিত হ’ব, এই চমু প্রবন্ধটো ৰচনা কৰা হৈছে ন-প‌ঢ়ুৱৈসকলৰ উদ্দেশ্যেহে। প্রবন্ধটো প‌ঢ়ি ন-প‌ঢ়ুৱৈসকলে অন্যান্য সমল ব্যৱহাৰ কৰি লেনিনৰ জীৱন, আদৰ্শ আৰু কৰ্মৰ সংক্রান্তত যদি অধিক জানিবলৈ উৎসাহ লাভ কৰে, তেন্তে এইখন ৰচনাৰ উদ্দেশ্য পূৰণ হ’ব।

বিপ্লৱীজনৰ আদিকাল

১৮৭০ চনৰ ২২ এপ্ৰিলত ভল্গা নৈৰ পাৰত অৱস্থিত ছিমৱিস্ক (এতিয়া উলিয়ানভক্স) নগৰীত লেনিনৰ জন্ম হৈছিল। প্রথমতে কৈ থোৱা উচিত হ’ব, লেনিন—যিটো নাম যুগ যুগলৈ চিৰস্থায়ীভাবে থাকি গ’ল—সেই নামটো কিন্তু এটা ছদ্মনামহে আছিল। জন্মৰ পাছত তেওঁৰ পিতৃ-মাতৃয়ে দিয়া নামটো আছিল ভ্লাদিমিৰ ইলিচ উলিয়ানভ। লেনিন নামটো তেওঁ লৈছিল পাছৰ জীৱনত। আমাৰ সুবিধাৰ বাবে, এই ৰচনাত আমি প্রথমৰ পৰাই লেনিন নামটোৱেই ব্যৱহাৰ কৰিম।

লেনিন আছিল পিতৃ-মাতৃৰ আঠোটা সন্তানৰ মাজৰ তৃতীয়জন। শেষৰ দুটি সন্তানৰ সৰু কালতেই মৃত্যু হৈছিল। লেনিনৰ শৈশৱ আৰু যৌৱন অতিবাহিত হৈছিল ছিমৱিক্স কাজান আৰু ছামাৰা নগৰীত। লেনিনৰ পিতৃৰ নাম আছিল ইলিয়া নিকোলায়েভিচ উলিয়ানভ আৰু মাতৃ আছিল মাৰিয়া আলেক্সন্দ্ৰভনা। লেনিনৰ মাতৃ এজন চিকিৎসকৰ জীয়ৰী আছিল। সংগীত আৰু জ্ঞানৰ প্ৰতি ধাউতি থকা লেনিনৰ মাতৃগৰাকীয়ে লেনিন সৈতে মুঠ ছয়োটি সন্তানৰ শিক্ষা-দীক্ষাৰ কাৰণে আত্মনিয়োগ কৰিছিল।

লেনিনতকৈ চাৰি বছৰে ডাঙৰ ককায়েকজনৰ নাম আছিল আলেক্সন্দাৰ। আলেক্সন্দাৰ আছিল অতি মেধাৱী আৰু বেলেগ ধাতুৰে গ‌ঢ়া। পুস্কিন, গ’গল, তুৰ্গেনিভ, তলস্তয়, বেলিনক্সি, চেৰ্নিস্কেভস্কি, দব্লিউভ অদিৰ দৰে বিখ্যাত লেখক আৰু বিপ্লৱী চিন্তাধাৰাৰ লোকৰ ৰচনাই লেনিনৰ ককায়েকক প্ৰভাৱিত কৰিছিল। লেনিনেও ককায়েকৰ পৰাই মাৰ্ক্সীয় সাহিত্য বিষয়ে প্ৰথম জ্ঞাত হয়। তেতিয়া ৰাচিয়াত শাসন কৰিছিল তৃতীয় আলেকজাণ্ডাৰে। ৰাচিয়াৰ জাৰতন্ত্র আছিল এক অতি অত্যাচাৰী আৰু স্বৈৰতান্ত্রিক শাসনব্যৱস্থা। শতিকাৰ পাছত শতিকা ধৰি জাৰতন্ত্রই চলোৱা ভয়ংকৰ শোষণ আৰু অৱদমনে সৰ্বসাধাৰণ কৃষক-শ্রমিকক কোঙা কৰি পেলাইছিল। কিন্তু ক্রমাৎ জনগণৰ মাজতো বিদ্রোহৰ অগ্নি উমি উমি জ্বলিবলৈ আৰম্ভ কৰিছিল। লেনিনক ককায়েক আলেক্সন্দাৰৰ মনটোও জাৰতন্ত্রৰ বিৰুদ্ধে ঢাল খাইছিল। ককায়েকৰ তেনে বিদ্রোহী মনোভাৱৰ প্ৰভাৱ পৰৱৰ্তী পৰ্যায়ত লেনিনৰ ওপৰতো পৰিছিল। অলপ দিনৰ পাছতেই আলেক্সন্দাৰ এটা বিদ্রোহী বাঁওপন্থী বিদ্রোহী সংগঠনৰ সংস্পৰ্শলৈ আহে। সংগঠনটোৱে এটা বোমা নিৰ্মাণ কৰি অত্যাচাৰী জাৰক হত্যা কৰাৰ পৰিকল্পনা কৰিছিলহে মাত্র, কিন্তু তাৰ আগতেই বিদ্রোহীসকল ধৰা পৰিল। লেনিনৰ ককায়েক আলেক্সন্দাৰক ১৮৮৭ চনত ছেন্টপিটাৰ্ছবুগত ফাঁচী দিয়া হয়। তাৰ ঠিক আগৰ বছৰটোত, ১৮৮৬ চনত—মস্তিকৰ ৰক্তক্ষৰণ হৈ লেনিনৰ দেউতাকৰ মৃত্যু হৈছিল। চেমনীয়া কালৰে পৰাই পোৱা তেনে কঠোৰ ঘাত-প্ৰতিঘাতে লেনিনক দৃঢ়মনৰ অধিকাৰীহে কৰি তুলিছিল। তেওঁ আছিল এগৰাকী ভাবিব নোৱাৰাধৰণৰ পৰিশ্রমী পাঠক। সৰুকালতেই ওপৰা-উপৰিকৈ পোৱা মৰ্মান্তিক আঘাত সত্ত্বেও বিদ্যালয়ৰ শেষ পৰীক্ষাত তেওঁ প্রথম স্থান লাভ কৰিছিল; তদুপৰি, অতি বেছি উন্নত ফল প্রদৰ্শন কৰাৰ বাবে তেওঁ এটি স্বৰ্ণপদকো লাভ কৰে।

১৮৮৯ চনৰ পৰা উলিয়ানভ পৰিয়ালটিয়ে ছামাৰা গুবেনিৰ্য়াত বাস কৰিবলৈ লয়। এইখিনি সময়তে লেনিনে মাৰ্ক্সবাদ গভীৰভাৱে অধ্যয়ন কৰিবলৈ লৈছিল। এই কালছোৱাতে “কমিউনিষ্ট পাৰ্টীৰ ইস্তাহাৰ”-খন লেনিনে ৰুছ ভাষালৈ অনুবাদ কৰে। গভীৰ অধ্যয়নৰ লগতে, নিয়মিত ব্যায়াম, খোজকঢ়া, সংগীত, দবা খেল আদিৰ বাবে সময় উলিয়াই লৈছিল লেনিনে। তাৰ মাজতেই, বিশ্ববিদ্যালয়ৰ চাৰিবছৰীয়া পাঠ্যক্ৰম ওঠৰমাহতেই সুকলমে শেষ কৰি ১৮৯১ চনত ছেন্টপিটাৰ্ছবুগ বিশ্ববিদ্যালয়ৰ পৰা আইন পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অনাৰ্চ ডিগ্ৰী লাভ কৰে। লগতে, মাক্সৰ্বাদ অধ্যয়নৰ জৰিয়তে সক্ৰিয় বৈপ্লৱিক কাৰ্যৰ প্ৰস্তুতিৰ বাবে নিজকে নিয়োগ কৰে। উল্লেখযোগ্য যে তেওঁ ১৯০১ চনৰ পৰাহে লেনিন বুলি নিজৰ নামত চহী কৰিবলৈ আৰম্ভ কৰিছিল।

লেনিনৰ নিৰৱছিন্ন বিপ্লৱী জীৱনৰ কিছু টুকুৰা ছবি

লেনিনৰ জীৱনটোৱে আছিল বিপ্লৱৰ চানেকি। নিজৰ সমগ্র জীৱন লেনিনে বিপ্লৱী কাৰ্যকলাপত উৎসৰ্গ কৰিছিল। কিন্তু অতিশয় গুৰুত্ত্বপূৰ্ণ কথা, মাৰ্ক্সবাদৰ তাত্ত্বিক দিশটোতো লেনিনে তেখেতৰ প্রখৰ মেধাৰে অতি সুগভীৰ অৱদান সংযোজন কৰিছিল। তেনে তত্ত্বৰ গঠনত আকৌ নিৰ্ণায়ক ভূমিকা লৈছিল বাস্তৱৰ সংগ্রামখনৰ পৰা তেখেতে আহৰণ কৰা প্রচুৰ অভিজ্ঞাতাই। তাৰ ফলস্বৰূপে বিপ্লৱ সমন্ধে লেনিনৰ মত হৈ পৰিছিল তত্ত্ব আৰু প্রয়োগৰ এক অখণ্ড আৰু অবিভাজ্য সমাহাৰ। এই গুণটোৰ বাবেই লেনিনৰ মতামত আৰু সিদ্ধান্তসমূহ হৈ পৰিছিল অতি নিৰ্ভুল আৰু শক্তিশালী। তেনে চিন্তাধাৰা পাছলৈ লেনিনবাদ নামে বিশ্ববিখ্যাত হৈ পৰে।

সেইসময়ত শ্ৰমিক আন্দোলনৰ অন্যতম প্ৰধান কেন্দ্ৰস্থল আছিল ৰুছিয়াৰ ৰাজধানী ছেন্টপিটাৰ্ছবুগ। লেনিনে মাৰ্ক্স আৰু এংগেলচৰ মতবাদ প্ৰচাৰৰ লগতে মাৰ্ক্সবাদক পুঁজিপতি আৰু মালিক-শ্ৰেণীৰ বিৰুদ্ধে প্ৰয়োগ কৰিবলৈ সুসংগঠিত ৰূপত শ্ৰমিক শ্ৰেণীৰ এটি বিপ্লৱী পাৰ্টি গঠন কৰে। লেনিন উদাৰনৈতিক আৰু আপোচকামী নীতিৰ ঘোৰ বিৰোধী আছিল। লেনিনে অতিশয় গুৰুত্ব দিছিল শ্ৰমিক আৰু কৃষক সম্প্ৰদায়ৰ মৈত্ৰীৰ ওপৰত। ১৮৯০-ৰ দশকটোৰ পৰা ৰাছিয়াত শিল্পৰ প্ৰসাৰ ঘটা আৰম্ভ হৈছিল। তাৰ সৈতে সংগতি ৰাখি ৰাচিয়াত লাহে লাহে শ্রমিক শ্রেণীটোও সংগঠিত হ’বলৈ আৰম্ভ কৰিছিল। সেই সময়ত আন্তৰ্জাতিক শ্ৰমিক নেতা আছিল “কমিফনিষ্ট পাৰ্টিৰ ইস্তাহাৰ”-ৰ অন্যতম ৰচক ফ্ৰিডৰিখ এংগেলছ। ১৮৯৫ চনত ইউৰোপৰ শ্ৰমিক আন্দোলনৰ লগত জড়িত প্লেখানভ, আলেকজেন্দাৰক আদি সক্রিয় শ্রমিক নেতাক লগ ধৰি লেনিনে পেৰিচ, বাৰ্লিন আদিৰ শ্ৰমিক সভাত অংশগ্ৰহণ কৰে। তাৰ পৰা উভতি আহি তেওঁ মাৰ্ক্সবাদ অনুশীলনৰ বাবে শ্ৰমিক শ্ৰেণীৰ মুক্তি সংগ্ৰাম সংঘ এটি গঠন কৰে।

১৮৯৬ চনৰ জহকালি ছেন্টপিটাৰ্চবুগৰ কাপোৰ কলৰ বনুৱাসকলৰ বিখ্যাত ধৰ্মঘট সংঘটিত হয়। ত্রিশ সহস্রাধিক কলঘৰৰ  বনুৱাই এই ধৰ্মঘটত অংশগ্ৰহণ কৰে। ইয়াৰ পিছতেই ছচিয়েল ডেমক্ৰেটসকলৰ অমিত শক্তিৰ কথা সমগ্ৰ দেশতে বিয়পি পৰিল আৰু এই কথাটোৱে ৰুছিয়াৰ বিপ্লৱৰ অগ্নি প্রজ্জ্বলিত কৰিলে। দেশখনত শ্ৰমিক-শ্ৰেণীৰ নেতৃত্বত এটি মাৰ্ক্সবাদী পাৰ্টি গঠনৰ কাম সহজ হৈ পৰিল। “সংগ্ৰাম সংঘ”-ৰ জনজাগৰণত জাৰতন্ত্ৰী চৰকাৰ স্বাভাবিকতেই শংকিত হৈ পৰিল। বিপ্লৱীসকলৰ প্ৰচেষ্টাত বাধা দিবলৈ লেনিনক চেন্টপিটাৰ্চবুগ ফাটেকত আবদ্ধ কৰি ৰখা হ’ল। লেনিনে “ৰাছিয়াত পুঁজিবাদৰ বিকাশ” নামৰ বিশ্ববিখ্যাত কিতাপখন জেলত থকা অৱস্থাতে লিখিবলৈ আৰম্ভ কৰিছিল, লগতে সাংগঠনিক কাম কৌশলেৰে পৰিচালনা কৰিছিল।

বিপ্লৱ আৰু সমাজ-পৰিৱৰ্তনৰ ক্ষেত্রত অনমনীয় লেনিনৰ বিৰুদ্ধে ১৮৯৭ চনত ঘোষিত হ’ল তিনি বছৰ নিৰ্বাসনৰ দণ্ডাদেশ। গুৰ্বেনিয়া মিনুছিনক্স জিলাৰ ছুচেনক্সয়ে গাঁওলৈ তেওঁক নিৰ্বাসন দিয়া হৈছিল। নিৰ্বাসিত অৱস্থাত তেওঁ যদিও ওকালতি কৰাৰ অনুমতি পোৱা নাছিল, তথাপি সোণৰ খনিৰ মালিক এজনৰ বিৰুদ্ধে এজন বনুৱাক মোকৰ্দমাত জিকাত লেনিনে দিহা পৰামৰ্শৰে সহায় কৰাত, সেই অঞ্চলৰ খেতিয়কসকল তেওঁৰ ওচৰলৈ সঘনাই আহি দিহা-পৰামৰ্শ লৈছিল। এবছৰৰ পাছত ক্ৰুপক্সায়া নামৰ এগৰাকী মহীয়সী সংগ্রামী নাৰীকো “সংগ্ৰাম সংঘ”-ৰ লগত জড়িত হৈ থকাৰ বাবে নিৰ্বাসিত কৰা হৈছিল। পৰৱৰ্তী কালত এইগৰাকী ক্ৰুপক্সায়াৰ লগতেই লেনিনৰ বিবাহ সম্পন্ন হৈছিল। নিৰ্বাসনৰ কালতেই লেনিনে পাৰ্টিৰ এখন খচৰা কাৰ্যসূচী, ত্ৰিশখনৰো বেছি কিতাপ আৰু অন্যান্য সৰুসুৰা পুথি লিখে। ক্ৰুপক্সায়াৰ সৈতে তেওঁ বিদেশীভাষাৰ পৰা বহুতো মাৰ্ক্সবাদী ৰচনা ৰুচ ভাষালৈ অনুবাদ কৰি উলিয়ায়। মৌলিক ৰচনাসমূহৰ ভিতৰত ১৮৯৯ চনত প্ৰকাশিত “ৰুচ ছচিয়েল ডেমক্ৰেটিকসকলৰ কৰ্তব্য” লেনিনৰ এখন উল্লেখযোগ্য ৰচনা। ১৯০০ চনৰ মে মাহত গোপনে ছেন্ট পিটাৰ্চবুগলৈ অহাৰ সময়ত তেওঁক গ্ৰেপ্তাৰ কৰে। কিন্তু লেনিনে দেশ এৰি জাৰ্মানীলৈ যাবলৈ সক্ষম হয়। প্ৰায় পাঁচবছৰ কাল লেনিনে এইদৰেই অতিবাহিত কৰে।

ইফালে সেই সময়চোৱাতেই সমগ্র ইউৰোপত শ্রমিক-শ্রেণীৰ সংগ্রাম দিনে দিনে তীব্রতৰ হৈ আহিছিল। ১৯০৩ চনত ৰুছ ছচিয়েল ডেমক্ৰেটিক শ্ৰমিক পাৰ্টীৰ দ্বিতীয় কংগ্ৰেছ লণ্ডনত মুকলি কৰা হয়। ১৯০৪ চনত বলচেভিকসকলে সংগ্রাম তীব্র কৰি তোলে। তাৰ লগে লগে কিন্তু দলৰ ভিতৰতো চলি আছিল আভ্যন্তৰীণ দ্বন্দ্ব আৰু সংঘাত। পাৰ্টীৰ আভ্যন্তৰীণ সংগ্ৰামৰ সংকটময় কালছোৱাত সৰহভাগ পাৰ্টি কমিটিয়ে বলচেভিকসকলৰ পক্ষ ললে।

১৯০৫ চনৰ ৯ জানুৱাৰীত পিটাৰ্চবুগত জাৰৰ নিৰ্দেশত সেনাবাহিনীয়ে শ্ৰমিকসকলৰ শান্তিপূৰ্ণ শোভাযাত্ৰাৰ ওপৰত অতৰ্কিতে গুলীবৰ্ষণ কৰে। পিটাৰ্চবুগৰ ঘটনাৰ পিচত শ্ৰমিক সকলে “মৃত্যু অথবা মুক্তি” ধ্বনিত ৰাছিয়াত তোলপাৰ লগায়। ১৯০৫ চনৰ এপ্ৰিল মাহত ৰাছিয়াত চচিয়েলিষ্ট ডেমক্ৰেটিক শ্ৰমিক পাৰ্টিৰ তৃতীয় কংগ্ৰেছ অনুষ্ঠিত হয়। বলচেভিকসকলৰ এইখন আছিল প্ৰথম কংগ্ৰেছ।

বলচেভিক আৰু মেনচেভিকৰ  পাৰ্থক্য

বলচেভিকসকলৰ মতে বিপ্লৱৰ প্ৰধান চালিকা শক্তি হ’ল সৰ্বহাৰাসকল আৰু লগতে, শ্ৰমিক শ্ৰেণীৰ সহযোগী কৃষক সম্প্ৰদায়টো। এওঁলোকৰ প্রধান উদ্দেশ্য  হ’ল জমিদাৰৰ হাতৰ পৰা মাটি কাঢ়ি লৈ জাৰতন্ত্ৰৰ উচ্ছেদ ঘটোৱা। ৰুছ বুৰ্জোৱাসকল জাৰতন্ত্ৰৰ পক্ষত আছিল। মেনচেভিকসকলৰ ৰণকৌশল কৈছিল যে বুৰ্জোৱা বিপ্লৱত শ্ৰমিক শ্ৰেণীয়ে বুৰ্জোৱাক সমৰ্থন কৰক। বলছেভিকৰ বিপৰীতে, কৃষক শ্ৰমিকৰ মৈত্ৰীক মেনচেভিকসকলে বিপ্লৱী শক্তি বুলি বিশ্বাস নকৰিছিল। সশস্ত্ৰ অভ্যুত্থানক তেওঁলোকে দৃঢ়তাৰে বিৰোধিতা কৰিছিল। লেনিনে ব্যাপক ৰাজনৈতিক ধৰ্মঘট অভ্যুত্থান ঘটোৱাৰ ৰণকৌশল হিচাপে প্ৰথমবাৰৰ বাবে প্ৰয়োগ কৰিছিল, আৰু ১৯০৬ চনৰ মাৰ্চত “কাদেতসকলৰ জয় আৰু শ্ৰমিকসকলৰ পাৰ্টি কৰ্তব্য” নামৰ ৰচনাত তেওঁ শ্ৰমিকসকলৰ তেনে আন্দোলনক ঐতিহাসিক খোজ বুলি আখ্যা দিছিল।

১৯০৬ চনত কংগ্ৰেছত কৃষিৰ প্ৰশ্নত বলচেভিক আৰু মেনচেভিকৰ মাজত তুমুল দ্বন্দ্ব হয়। জমিদাৰৰ মাটি বাজেয়াপ্ত কৰি সকলো মাটি জাতীয়কৰণ কৰি অৰ্থাৎ মাটিত ব্যক্তিগত মালিকানাৰ বিলোপ আৰু ইয়াক ৰাষ্ট্ৰৰ সম্পত্তিত পৰিণত কৰাৰ বাবে স্বৈৰতন্ত্ৰৰ উচ্ছেদ, জাৰ-জমিদাৰৰ বিৰুদ্ধে বলছেভিকসকলে কৃষকসকলক থিয় দিবলৈ আহ্বান জনালে। মেনচেভিকসকলে মাটিৰ জাতীয়তাকৰণৰ বিৰোধিতা কৰিলে ভূ-সম্পত্তি নগৰপালিকাসমূহৰ হাতত প্ৰদান কৰাৰ দাবী জনালে। মেনচেভিকসকলে যদিও কেন্দ্ৰীয় কমিটিত সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিলে, আনকি “ছোচিয়েল ডেমক্ৰেত” নামৰ পাৰ্টিৰ কেন্দ্ৰীয় মুখপত্ৰখনো তেওঁলোকৰ নিয়ন্ত্ৰণাধীন হ’ল, তথাপি তেনে প্রতিকুল পৰিস্থিতিতো লেনিনে অক্লান্ত চেষ্টা কৰি শ্ৰমিক, বুদ্ধিজীৱি, অফিচৰ কৰ্মচাৰী আৰু ছাত্ৰসকলক লগ ধৰি আলচ কৰিছিল। উল্লেখযোগ্য যে ১৯০৭ চনত ৰাছিয়ান চচিয়েলিষ্ট ডেমক্ৰেটিক লেবাৰ পাৰ্টিৰ পঞ্চম কংগ্ৰেছত বিশ্ববিখ্যত বিপ্লৱী সাহিত্যিক মেক্সিম গৰ্কীও উপস্থিত আছিল। বলচেভিকৰ মূল দাবী আছিল তিনিটা— গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ গঠন, আঠঘন্টাৰ কৰ্মদিন আৰু জমিদাৰী ভূসম্পত্তি বাজেয়াপ্তকৰণ।

জাতিসত্বা সম্পৰ্কত লেনিন

১৯১৩-১৪ চনত জাতিসত্বাৰ সৈতে সম্পৰ্কিত সমস্যাসমূহেও ৰাচিয়াত মূৰ দাঙি উঠিছিল। চুইজাৰলেণ্ডত থকাৰ সময়ত লেনিনে জাতীয় সমস্যা সম্পৰ্কে জুৰিখ, জেনেভা, বাৰ্ণ আদিত বক্তৃতা দিছিল। অন্যহাতেদি বুৰ্জোৱা আৰু জমিদাৰসকলে শ্ৰমিক শ্ৰেণীৰ লগতে সাধাৰণ ৰাইজৰ মাজত বিভাজন আমিবলৈ জাতীয় বিদ্বেষ জগাই তুলিছিল। তেনে কৌশলৰ জৰিয়তে জাৰতন্ত্ৰী চৰকাৰেও জাতীয় মুক্তি আন্দোলনক দমন কৰি ৰাখিবলৈ বিচাৰিলে। আনহাতে, লেনিনে বলচেভিকসকলৰ আগত দাঙি ধৰিলে নিজৰ মতবাদ—, শ্ৰমিক আন্দোলনৰ   আন্তৰ্জাতিক ঐক্য ৰক্ষাৰ কৰ্তব্যৰ সন্দৰ্ভত। তেওঁ মত দিছিল যে ৰাছিয়াৰ দৰে বহুজাতিক দেশত সবাতোকৈ গুৰুত্বপূৰ্ণ কাম, ৰুছ প্ৰলিতাৰীয়েতৰ শ্ৰেণী সংগ্ৰামক নিপীড়িত জাতিসমূহৰ শ্ৰমিক আৰু সকলো মেহনতী মানুহৰ সংগ্ৰামৰ লগত সম্পৃক্ত কৰাতো। জাতি সংক্ৰান্তত পাৰ্টিৰ কাৰ্যসূচীৰ মূল দাবীকেইটা লক্ষ্য কৰিলেই লেনিনৰ মতৰ প্রসংগিকাত অনুধাৱন কৰিব পৰা যাব। উক্ত প্রসংগত পাৰ্টিৰ মুখ্য দাবী আছিল এনেধৰণৰ— জাতিৰ পূৰ্ণ সমতা, জাতিসমূহৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ, আৰু উমৈহতীয়া প্ৰলিতাৰীয় সংগঠনৰ মাজত সকলো জাতিৰ শ্ৰমিকসকলৰ ঘনিষ্ঠ মিলন। প্ৰলিতাৰীয় আন্তৰ্জাতিকতাৰ পতাকাৰ তলত সমবেত হোৱা সকলো জাতিৰ  শ্ৰমিকসকলৰ ঐক্যইহে যে প্ৰধান কথা, সেইটো উক্ত উদ্দেশ্যৰ পৰা পৰিস্কাৰকৈ ওলাই পৰে। শ্ৰমিক শ্ৰেণীৰ বাহিনীত বুৰ্জোৱা জাতীয়তাবাদৰ অনুপ্ৰৱেশৰ বিৰুদ্ধে, বিচ্ছিন্নতা আৰু সংকীৰ্ণতাৰ বিৰুদ্ধে লেনিনে আপোচহীন সংগ্ৰাম চলাইছিল। বলচেভিকসকলৰ ৰাজনৈতিক ধৰ্মঘটৰ লগতে পৰস্পৰ যুক্ত হ’ল অৰ্থনৈতিক ধৰ্মঘট। ১৯১৪ চনত ৰাছিয়াত বিপ্লৱী আন্দোলনে নতুন মোৰ লৈ বিপ্লৱৰ অভিমুখে আগবাঢ়িল।  প্ৰায় পোন্ধৰ লাখ নিবনুৱাই ধৰ্মঘটত যোগ দিলে।

যুদ্ধৰ সম্পৰ্কত লেনিন

১৯১৪ চনত আৰম্ভ হ’ল প্রথম মহাসমৰ। বিংশ শতিকাৰ আৰম্ভণিতেই বিশ্বজনতাই প্রত্যক্ষ কৰিলে এখন ভয়াবহ সাম্ৰাজ্যবাদী যুদ্ধ। এইখন আছিল দুই শক্তিৰ মাজত সংঘৰ্ষ—, এফালে জাৰ্মানী-অষ্ট্ৰিয়া-হাংগেৰী-তুৰস্ক আৰু বুলগেৰীয়া; আনফালে ব্ৰিটেইন, ফ্ৰান্স আৰু ৰাছিয়া; সাম্রাজ্যবাদ আছিল দুই গোষ্ঠীৰে মূলমন্ত্র। পাছলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰ, জাপান, ইটালী, অন্যান্য দেশেও যোগ দিলে যুদ্ধত। ফলত ৰণখন বিশ্বযুদ্ধলৈ পৰিণত হ’ল। জনসাধাৰণৰ বাবে ভয়ংকৰ দুৰ্যোগৰ দিন নামি আহিল। সমস্ত বোজা আহি পৰিল মেহনতী মানুহৰ মূৰত। যুদ্ধৰ সময়ত যুদ্ধত চোৰাংচোৱাগিৰী কৰাৰ অভিযোগত জাৰৰ পুলিচে লেনিনক দুসপ্তাহ ধৰি আটক কৰি ৰাখিলেও, অভিযোগ অমূলক হোৱাত এৰি দিবলৈ বাধ্য হয়। তথাপিও লেনিনে আকৌ এবাব দেশ এৰিবলগীয়া হয়। যুদ্ধত জড়িত দেশ অষ্ট্ৰিয়াত থাকি বিপ্লৱৰ কামকাজ চলোৱাত লেনিনে অসুবিধা পাইছিল। সেইবাবে তেওঁ চুইজাৰলেণ্ডলৈ যায়। যুদ্ধৰ সময়ত ছচেলিষ্টসকলৰ মাজত কেইবাটাও চিন্তাধাৰা প্ৰকট হৈ পৰিল। ফান্স, ব্ৰিটেইন, বেলজিয়ামত আদিত ছচেলিষ্ট নেতাসকলে যুদ্ধৰ সপক্ষে মত আগবঢ়ালে। এইটো আছিল শ্ৰমিক-শ্ৰেণীটোৰ প্রতি কৰা বিশ্বাসঘাতকতা। সিমানেই নহয়, যুদ্ধৰ সময়ত শ্রমিকসকলে বুৰ্জোৱাবিলাকৰ বিৰুদ্ধে সংগ্ৰামৰ কথা পাহৰি যাবলৈ ক’লে প্লেখানভ, আলেক্সিনক্সী, মাস্লভ, আদি সমাজবাদী উগ্ৰ স্বদেশবাদীসকলে। অন্যহাতে, জাৰ্মানীত কাউত্‌স্কি, ৰাছিয়াত ট্ৰট্‌স্কি, ফ্ৰান্সত লংগে আদিৰ নেতৃত্বত সমাজতন্ত্ৰীসকলৰ মধ্যমপন্থীয়ে সমাজবাদী উগ্ৰ স্বদেশীকতাৰ সৈতে মতানৈক্য ঘোষণা কৰিলে। গতিকে, নেতাসকলৰ বিশ্বাসঘাতকতা, আৰু সাংগঠনিক বিশৃংখলতাৰ বাবে শ্রমিক-শ্রেণীটোৱে সবল যুদ্ধবিৰোধী অৱস্থান এটা ল’বলৈ সক্ষম নহ’ল। কিন্তু লেনিনৰ বলচেভিক পাৰ্টিয়ে প্ৰলিতাৰীয় আন্তৰ্জাতিকতাৰ পতাকা উৰ্দ্ধত তুলি ধৰি প্ৰতিক্ৰিয়াশীল বুৰ্জোৱা চৰকাৰ আৰু সাম্ৰাজ্যবাদী যুদ্ধৰ বিৰুদ্ধে প্ৰলিতাৰীয় বিপ্লৱৰ সুস্পষ্ট কাৰ্যসূচী দাঙি ধৰিলে। অন্যহাতেদি ইফালে বৃহৎ পুঁজিবাদী দেশৰ বুৰ্জোৱাবিলাকৰ সাম্রাজ্যবাদী কাৰ্যত যোগ দিছে ৰুছ বুৰ্জোৱা জাৰতন্ত্ৰীসকলেও। তেনে এটা পটভূমিত লেনিনে “ইউৰোপীয় যুদ্ধত বিপ্লৱী ছচিয়েল ডেমক্ৰেচিৰ কৰ্তব্য” শীৰ্ষক ৰচনাত স্পষ্ট ৰূপত যুদ্ধৰ চৰিত্ৰ, শ্ৰমিক শ্ৰেণী আৰু ইয়াৰ পাৰ্টিৰ কৰ্তব্য আদিৰ ক্ষুৰধাৰ বিচাৰ-বিশ্লেষণ আগব‌ঢ়ালে। সাম্ৰাজ্যবাদী যুদ্ধক গৃহযুদ্ধলৈ—, অৰ্থাৎ নিজ দেশৰ বুৰ্জোৱা শ্ৰেণীৰ বিৰুদ্ধে শ্ৰমিক আৰু মেহনতী জনগণৰ যুদ্ধলৈ—ৰূপান্তৰ কৰাৰ প্রয়োজনীয়তাৰ কথা তেওঁ ব্যক্ত কৰিলে। লেনিনে তেনেকুৱা যুদ্ধক সমৰ্থন কৰিছিল যদিহে সেই যুদ্ধ সাম্ৰাজ্যবাদী আক্ৰমণকাৰীহতৰ বিৰুদ্ধে জনগণৰ আত্মৰক্ষামূলক যুদ্ধ হয়, কিন্বা জাতীয় মুক্তিৰ যুদ্ধ হয়, নতুবা পুঁজিবাদী হাতোৰাৰ পৰা মুক্তি লাভৰ বাবে শ্ৰমিক শ্ৰেণীৰ দ্বাৰা চালিত গৃহযুদ্ধ হয়, অথবা সমাজতান্ত্ৰিক ৰাষ্ট্ৰ ৰক্ষাৰ যুদ্ধ হয়। এই ক্ষেত্ৰত লেনিনৰ বক্তব্য আছিল, সাম্ৰাজ্যবাদী যুগত “ন্যায়সংগত” আৰু “আত্মৰক্ষামূলক” বিপ্লৱী যুদ্ধও হব পাৰে। তেওঁ লগতে কৈছিল, অন্যান্য যুদ্ধৰ বিৰুদ্ধে প্ৰধান সংগ্রামী ভূমিকা গ্ৰহণ কৰিব লাগিব বিভিন্ন দেশৰ বনুৱাসকলৰ আন্তৰ্জাতিক সংহতিয়ে।

তেনেবাৰ কাৰ্য আৰু তত্ত্বৰ যোগেদি লেনিনে সুবিধাবাদীসকলৰ মাৰ্ক্সবাদক বিকৃত কৰাৰ সকলো প্ৰচেষ্টাৰো মুখা খুলি দিছিল। যুদ্ধৰ বছৰবোৰত লেনিনে ৰুছ ছচিয়েল ডেমক্ৰেটসকলৰ মাজত গা কৰি উঠা সুবিধাবাদৰ বিৰুদ্ধেও সংগ্ৰাম কৰিছিল। লেনিনে দেখুৱাইছিল যে তেনে পটাভূমিত গণতন্ত্ৰৰ কাৰণে সংগ্ৰামেই যে সমাজতন্ত্ৰক অধিক ওচৰ চপাই আনে, এই সত্যক তেওঁলোকে বুজি নাপাইছিল। বুখাৰিন, পিয়াতাকভ আদিৰ গোষ্ঠীয়ে সমাজতন্ত্ৰৰ সংগ্ৰাম আৰু গণতন্ত্ৰৰ সংগ্ৰামক পৰস্পৰবিৰোধী বুলি গণ্য কৰিছিল। বুখাৰিনে সেই সময়ত ৰাষ্ট্ৰ আৰু শ্ৰমিক শ্ৰেণীৰ একনায়কত্বৰ প্ৰশ্নত অৰ্দ্ধ-নৈৰাজ্যবাদী এক অৱস্থান লৈছিল। অন্যহাতেদি জিনোভিয়েভে পোষণ কৰিছিল আপোচমূলক মনোভাৱ। তেনে এক কঠিন পৰিস্থিতিৰ মাজতেই বিপ্লৱী কাৰ্যকলাপৰ আভ্যন্তৰীণ প্ৰক্ৰিয়াৰ মাজত থকা ৰাজনৈতিক নিৰ্বুদ্ধিতা, সংকীৰ্ণতা, সুবিধাবাদ আদিৰ বিৰুদ্ধে সংগ্রামৰ অনিবাৰ্যতাৰ কথা লেনিনে প্রতীয়মান কৰিছিল। এনেবাৰ নিদৰ্শনৰ পৰাই লেনিনৰ ৰাজনৈতিক পৰিপক্কতা কিমান যে অতলস্পৰ্শী আছিল, সেইটো অনুমান কৰিব পাৰি।

১৯১৬ চনত লেনিনৰ মাতৃৰ মৃত্যু হয়। আঁতৰত থকাৰ বাবে বিপ্লৱীগৰাকীয়ে মাতৃৰ শেষকৃততো উপস্থিত থাকিব নোৱাৰিলে। মাতৃৰ মৃত্যুৱে তেওঁৰ মনত গভীৰ আঘাত দিছিল। তাৰ মাজতো কিন্তু তেওঁ লেখি উলিয়াইছিল এখন আপুৰুগীয়া তাত্ত্বিক গ্রন্থ, “সাম্রাজ্যবাদ : পুঁজিবাদৰ সৰ্বোচ্ছ পৰ্যায়”। তাৰ লগতে তেওঁ অতি গভীৰভাবে অধ্যয়ন কৰিবলৈ লয় এৰিষ্টটোল, হেগেল আৰু ফয়েৰবাখৰ মতবাদসমূহ। তেনে বিস্তাৰিত অধ্যয়নে লেনিনৰ মাৰ্ক্সবাদৰ বিচাৰ-বিশ্লেষণ অতি সমৃদ্ধ কৰি তুলিলে।

অক্টোবৰ বিপ্লৱ আৰু লেনিন

লেনিনৰ নেতৃত্বত ৰাছিয়াৰ বলচেভিক পাৰ্টি আছিল যুদ্ধৰ বিৰুদ্ধে সংগ্ৰামৰত আন্তৰ্জাতিক শ্ৰমিক শ্ৰেণীৰ সমুখ শাৰীত। সামৰিক পৰাজয়, অৰ্থনৈতিক বিপৰ্যয়, দুৰ্ভিক্ষ আদিৰে জৰ্জ্জৰিত জাৰতন্ত্ৰৰ বিৰুদ্ধে দেশবাসীৰ অসন্তোষৰ পূৰ্ণপ্ৰকাশ ঘটিল। ১৯১৭ চনৰ ৯ জানুৱাৰীত জাৰতন্ত্ৰৰ বিৰুদ্ধে পেত্ৰগ্ৰাদত শ্ৰমিকৰ তেজেৰে ৰাঙলী ৰাজপথত ৰাজপথত সমদল যাত্ৰা বাহিৰ কৰা হ’ল। তেনেকুৱা শোভাযাত্ৰা উলিওৱা হ’ল মস্কো, বাকু, নিজ্‌নি আদি নগৰীতো।  দিনক দিনে বাঢ়িব ধৰিলে শ্ৰমিক শ্রেণীৰ বিক্ষোভ। ১৯১৭ চনৰ ফেব্ৰুৱাৰীত বলচেভিক পাৰ্টিৰ আহ্বানত পেত্ৰগ্ৰাদত শ্ৰমিকসকলে সংগঠিত কৰিলে ৰাজনৈতিক ধৰ্মঘট—শ্ল’গানৰে আকাশ-বতাহ কঁপি উঠিল—স্বৈৰতন্ত্ৰ ধ্বংস হওঁক, যুদ্ধ ধ্বংস হওঁক, আমাক ৰুটি লাগে….। লগতে, জাৰতন্ত্ৰৰ স্বৈৰাচাৰ উচ্ছেদ, অস্থায়ী বিপ্লৱী চৰকাৰ গঠন, গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা, আঠ ঘন্টাৰ কৰ্মদিনৰ প্ৰচলন, জমিদাৰী মাটি বাজেয়াপ্তকৰণ আৰু যুদ্ধ শেষ কৰাৰ আহ্বান জনাই এখন ঘোষণা পত্ৰও প্ৰচাৰ হ’ল। তেনে প্রৱল বিক্ষোভৰ ফলত জাৰতন্ত্ৰী ব্যৱস্থাৰ পতন হ’ল, বুৰ্জোৱা গণতান্ত্ৰিক বিপ্লৱ জয়ী হ’ল ৰাছিয়াত। শ্ৰমিক আৰু সৈনিক প্ৰতিনিধিৰে গঢ়ি উঠিল ছোভিয়েট। ফেব্ৰুৱাৰীৰ বিপ্লৱৰ প্ৰথম দিনাই বলছেভিক পাৰ্টিয়ে গুপ্ত অৱস্থাৰ পৰা ওলাই আহি নিজ শক্তিৰ সমাবেশ কৰিলে। ষ্টেলিনকে ধৰি বহুকেইজন নেতা কাৰাগাৰৰ পৰা  মুকলি হ’ল। অস্থায়ী চৰকাৰৰ কামকাজৰ ওপৰত জনতাৰ নিয়ন্ত্ৰণ নাছিল, অস্থায়ী চৰকাৰ আৰু যুদ্ধৰ প্ৰসংগত আধা মেনচেভিক নীতি গ্ৰহণ কৰা হৈছিল। বুৰ্জোৱা শ্ৰেণীয়ে ইচ্ছা কৰিয়েই অৰ্থনৈতিক সংকট বঢ়াই তুলিছিল আৰু বিপ্লৱক মষিমূৰ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছিল। দেশৰ পুঁজিপতিবোৰে কল-কাৰখানা বন্ধ কৰি দিলে, হাজাৰ হাজাৰ বনুৱাৰ কাম গল, ভোকত ৰাখি শ্ৰমিকসকলৰ সংগ্ৰামী উদ্দীপনা আৰু মনোবল ভাঙি দিবলৈ অপচেষ্টা চলাই য়োৱা হ’ল। এইবোৰ কুটবুদ্ধিৰে বুৰ্জোৱাই সমাজতান্ত্ৰিক বিপ্লৱক ৰুধিব কৰিবলৈ চলাই গ’ল অবিৰাম প্রচেষ্টা। লেনিন গোপনে আহিল পেত্ৰগাদলৈ—সশস্ত্ৰ অভ্যুত্থানৰ প্ৰস্তুতিত নেতৃত্ব দিবলৈ। বলচেভিক পাৰ্টি আৰু জনসাধাৰণৰ দ্বাৰা পৰিচালিত শক্তিৰ ওপৰত লেনিনৰ আছিল দুৰন্ত বিশ্বাস। ২৫ অক্টোবৰৰ ৰাতি অস্থায়ী চৰকাৰৰ মন্ত্ৰীসকল গোট খাইছিল বুৰ্জোৱা চৰকাৰৰ প্ৰাসাদটিত। “অৰোৰা” নামৰ যুদ্ধ জাহাজৰ পৰা ঐতিহাসিক তোপধ্বনিৰে দিয়া হ’ল প্ৰাসাদটোৰ ওপৰত আক্ৰমণৰ সংকেত। বিপ্লৱী বাহিনীয়ে ধুমুহাৰ গতিত পতন আনিলে শেষ এই প্ৰাসাদটিৰো। অক্টোবৰ বিপ্লৱ সফল হ’ল, লেনিনবাদৰ বিজয় হ’ল। লেনিনৰ নেতৃত্বত বলচেভিক পাৰ্টিয়ে ৰুছিয়াত সমাজতন্ত্ৰৰ পথ মুকলি কৰিলে।

১৯২৪ চনৰ ২১ জানুৱাৰী, সন্ধিয়া ৬.৫০ বজাত মস্তিষ্কৰ ৰক্তক্ষৰণৰ ফলত লেনিনৰ মৃত্যু হয়। ২৭ জানুৱাৰীৰ আবেলি ৪ বজাত লেনিনৰ সমাধি অনুষ্ঠান আৰম্ভ হয়, ৰেড স্কোৱাৰত বিশেষভাৱে নিৰ্মিত এক সমাধিত স্থাপন কৰা হ’ল লেনিনৰ মৃতদেহ। আজিও এই মৃত দেহ ৰাছিয়াৰ ৰেড স্কোৱাৰত সংৰক্ষিত হৈ আছে।

শোষণমুক্ত এক নতুন পৃথিৱীৰ ৰূপকাৰ আছিল ভ্লাদিমিৰ লেনিন। লেনিনৰ কায়িক মৃত্যু হোৱা প্রায় এশ বছৰ হ’ল। বলছেভিক ৰাচিয়াতো বহু পৰিৱৰ্তন আহিল। প্রগতিশীল আন্দোলনতো বিশ্বব্যাপী বৰ্তমান এক ভাটা পৰা পৰিলক্ষিত হৈছে। তাৰ মাজতো কিন্তু অম্লান হৈ আছে লেনিনৰ চিন্তা আৰু কৰ্ম। এই সংকটপূৰ্ণ পৰিস্থিতিত লেনিন আৰু তেখেতৰ চিন্তা তথা কৰ্মপদ্ধতিৰ সন্দৰ্ভত প্রগতিশীল লোকসকলে গভীৰভাবে, নতুনকৈ অনুশীলন কৰাটো অতি জৰুৰী হৈ পৰিছে।   

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *