নিবন্ধবিজ্ঞান-প্ৰযুক্তি

বিজ্ঞানৰ সীমাৱদ্ধতা বনাম ধৰ্ম আৰু ঈশ্বৰ! (ভাৰ্গৱ বৰঠাকুৰ)

বোধশক্তিজনিত বিপ্লৱৰ (Cognitive revolution) পাছত ’ম’ চেপিয়ান্স  প্ৰজাতিলৈ আটাইতকৈ যি ডাঙৰ পৰিৱৰ্তন আহিছিল সেইয়া আছিল কৃষি-বিপ্লৱ। চিকাৰী জীৱনৰ পৰা কৃষি-বিপ্লৱলৈ ’ম’ চেপিয়ান্স প্ৰজাতিৰ বিভিন্ন পৰিৱৰ্তন আহিছিল। প্ৰাকৃতিক পৰিৱেশৰ ওপৰত তেতিয়া আদিম মানুহৰ নিৰ্ভৰশীলতাও বৃদ্ধি হৈছিল। কৃষি-বিপ্লৱৰ আগলৈকে হ’ম’ চেপিয়ান্সৰ দলবোৰ‌ সৰু সৰু আছিল গতিকে সিহঁতৰ মাজৰ সামাজিক বান্ধোনডাল সহজে নিয়ন্ত্ৰণ কৰিব পৰা হৈছিল। কিন্তু কৃষি-বিপ্লৱে ’ম’ চেপিয়ান্সৰ দলবোৰ বৃদ্ধি কৰাইছিল অৰ্থাৎ জন্মৰ হাৰ তুলনামূলকভাৱে বৃদ্ধি পাইছিল। সমান্তৰালভাৱে তেনে বৃহৎ দলবোৰৰ মাজৰ বান্ধোনডাল নিয়ন্ত্ৰণ কৰিবলৈ তথা ৰহস্যময় প্ৰকৃতিৰ  বিশালতাই জন্ম দিয়া অজ্ঞানতাৰ বাবেও ’ম’ চেপিয়ান্স প্ৰজাতিটো অলৌকিক শক্তিৰ ওপৰত নিৰ্ভৰশীল‌ হৈ পৰিছিল। আৰু কালক্ৰমত এই ’ম’চেপিয়ান্স প্ৰজাতিটো ‘Dual Reality’ত সোমাই পৰিছিল। কাৰণ Objective Reality-তকৈ (যেনে- গছ-বন, প্ৰকৃতি, নদ-নদী, জীৱ-জন্তু) ’ম’ চেপিয়ান্সে Imaginary Reality-ৰ (যেনে-ঈশ্বৰ, ধৰ্ম, ৰাষ্ট্ৰ) ধাৰণাক বেছিকৈ অগ্ৰাধিকাৰ দিবলৈ লৈছিল। তথাপিও মানৱজাতিৰ সত্যানুসন্ধান অব্যাহত  আছিল। সত্যানুসন্ধান হৈছে সত্যৰ অনুসন্ধান কৰা। পিছে সত্যনো কি? আমাৰ নিজস্ব বিচাৰধাৰাৰ ওপৰত নিৰ্ভৰ কৰি সত্য দুই প্ৰকাৰৰ হ’ব পাৰে। এটা এনেকুৱা বিচাৰধাৰা য’ত সত্যৰ সলনি হয়। অৰ্থাৎ য’ত আমি কওঁ আজি আমাৰ হাতত নতুন তথ্য আহি পৰিছে, গতিকে আজিৰ সত্য সলনি হোৱা সত্য। আনটো সত্য কুঁৱা বা পুখুৰীৰ পানীৰ দৰে। য’ত একো পৰিৱৰ্তন নহয় বা নতুনত্বক মানি ল’ব নোখোজে। এই নতুন সত্যক মানি ল’ব নিবিচৰা মানসিকতাই হৈছে ধৰ্মান্ধতা তথা অন্ধবিশ্বাস! সত্য কোনো গণতান্ত্ৰিক সংস্থা নহয়। য’ত ৯৯% মানুহে মানিলেই যে সত্য হ’ব, তেনে নহয়। ১% মানুহে মানিলেও সত্য সদায় সত্যই।

চিকাৰী মানৱৰ পৰা আধুনিক মানৱলৈ বিৱৰ্তনৰ যি এক দীঘলীয়া প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ জৰিয়তেই মানুহৰ মস্তিস্কৰ বিকাশ ঘটি চিন্তাৰ ক্ষমতা লাভ কৰিছিল। আৰু মানুহে যেতিয়া প্ৰশ্ন কৰিবলৈ শিকিছিল তেতিয়া  বহুধৰণৰ প্ৰশ্নৰ অৱতাৰনা হৈছিল। তেনে‌ বহু প্ৰশ্নৰ উত্তৰ কিন্তু সেইসময়ৰ মানুহৰ হাতত‌ নাছিল। তেওঁলোকে সেই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিছিল “কিয়” প্ৰশ্নটোৰে। আৰু যেতিয়াই মানুহে “কিয়” প্ৰশ্নটোৰে উত্তৰ বিচাৰি জ্ঞানৰ চৰমসীমাত উপনীত হৈছিল, তেতিয়াই ইয়াৰ উত্তৰ শেষ হৈছিল ঈশ্বৰ, গড, আল্লা নামৰ অলৌকিক শক্তিৰ হাতত। অৰ্থাৎ পৰিঘটনাটোৰ সৃষ্টি “কিয়” হৈছিল বুলি প্ৰশ্ন কৰাত উত্তৰ আহিছিল— নিশ্চয় ইয়াৰ অন্তৰালত কিছুমান অলৌকিক শক্তি আছে। কিন্তু যেতিয়াই প্ৰশ্নৰ আৰম্ভণি হয় “কেনেকৈ”-টোৰে, তেতিয়াই সেইটো বিজ্ঞানৰ প্ৰশ্ন হয়। আৰু এই ‘কেনেকৈ’ প্ৰশ্নটো যেতিয়াই আমাৰ জ্ঞানৰ সীমাৱদ্ধতা হৈ ৰয়, তেতিয়াই  সেই প্ৰশ্নৰ উত্তৰ হয় এইটো— আজি আমি নাজানোঁ, হয়তো‌ কাইলৈ আমাৰ তথ্য-প্ৰমাণে  এই সম্পৰ্কত জ্ঞান আৰু বৃদ্ধি কৰিব। অৰ্থাৎ কোনো পৰমশক্তিক সংযোজন নকৰাকৈ বিজ্ঞানে নিজৰ সীমাৱদ্ধতাৰ কথা স্বীকাৰ কৰিব পাৰে। কিন্তু ধৰ্মই বিজ্ঞানৰ এনে সীমাৱদ্ধতাৰ ফাঁকবোৰতেই জন্ম দিয়ে কিছুমান‌ অলৌকিক কাহিনীৰ।

বিজ্ঞানৰ‌ জ্ঞান-ভাণ্ডাৰত‌ যিবোৰ ফাঁক থাকে অৰ্থাৎ বৰ্তমান‌ সময়লৈকে বিজ্ঞানে যিবোৰ‌ প্ৰাকৃতিক পৰিঘটনাৰ সঠিক উত্তৰ দিব পৰা নাই, বিজ্ঞানৰ সেই সীমাৱদ্ধতাৰ ফাঁকবোৰত এচাম ধাৰ্মিকে ঈশ্বৰৰ‌ ধাৰণাৰে পূৰণ কৰিবলৈ বিচাৰে। মহাবিশ্বৰ ৰহস্য আৰু বিকাশশীল বিজ্ঞানৰ জ্ঞানসম্পদৰ মাজৰ ব্যৱধানে জন্ম দিয়া এনে ঈশ্বৰক ‘God of the gaps’  বোলা হয়। আজি বিজ্ঞানে যিবোৰ‌ প্ৰশ্নৰ উত্তৰ দিব পৰা নাই অনাগত সময়ত হয়তো সেইবোৰ‌ প্ৰশ্নৰ সঠিক উত্তৰ পোৱা ‌যাব। তেতিয়া সেই ‘ফাঁকজাত ঈশ্বৰ (god of the gaps)-ৰ কি হ’ব? নিশ্চয় তেতিয়া নতুন ফাঁক বিচাৰি তাতেই তেওঁক পুনঃপ্ৰতিষ্ঠা কৰা হ’ব। বিজ্ঞানমনস্কতা বা যুক্তিবাদী চিন্তাৰ কথা ওলালেই বহুতে নিজ ধৰ্ম বা ধৰ্মীয় পৰম্পৰাক ৰক্ষণাবেক্ষণ দিয়াৰ নামত বিভিন্ন যুক্তি দিয়া দেখা যায়। যেনে, বিজ্ঞানে মৰা মানুহ জীয়াই তুলিব কিয় নোৱাৰে? বিজ্ঞানে অমুকটো কিয় কৰিব পৰা নাই— ইত্যাদি বিভিন্ন প্ৰশ্ন। ঠিক আছে বাৰু, বিজ্ঞানে মৰা মানুহ জীয়াই তুলিব পৰাকৈ এতিয়াও সক্ষম হোৱা নাই, কিন্তু এই কাম সৰ্বশক্তিমান বুলি ভবা ঈশ্বৰ, গড, আল্লাই কিয় কৰিব নোৱাৰে? গতিকে প্ৰশ্ন হয়, বিজ্ঞানে ৰহস্যভেদ কৰিব নোৱৰা কিছুমান পৰিঘটনাৰ বাবেই ‘আমি ঈশ্বৰক বিশ্বাস কৰিম নে? নে নিজস্ব চিন্তাৰ গভীৰতালৈ নগৈ কেৱল কণাৰ লাখুটি হিচাপেই সকলোতে ঈশ্বৰক বিচাৰিম? বহু দিনৰ আগতে আস্তিকসকলৰ প্ৰশ্ন‌ আছিল ঈশ্বৰে সৃষ্টি‌ কৰা তেজ জানো ‌বিজ্ঞানে উলিয়াব পাৰিব? কিন্তু বিজ্ঞানে ইয়াৰ উত্তৰ দিলে। বিগত বৰ্ষত জাপানৰ বিজ্ঞানীয়ে সফলতাৰে কৃত্ৰিম তেজ‌ আৱিষ্কাৰ কৰি জীৱৰ গাত পৰীক্ষামূলকভাৱে সুমুৱাই চাইছিল। বিজ্ঞানৰ নতুন‌ নতুন আৱিষ্কাৰসমূহৰ খবৰ‌ ৰখাসকলে জানে, মানুহৰ‌ মগজুত ‘মাইক্ৰচিপ’ লগোৱাৰ যো-জা চলি আছে। ধাৰ্মিকসকলে কেৱল ঈশ্বৰকেই অন্তৰ্যামী বুলি ভাবে। বিজ্ঞানৰ বলত আমি সকলোৱেই অন্তৰ্যামী হ’ব পাৰিম‌ অৰ্থাৎ ‘মাইক্ৰচিপ’ৰ দ্বাৰা আপুনি মনতে কি ভাবিছে আনজনে সঠিককে কৈ ‌দিব পাৰিব। বিজ্ঞান আজি ইমান উন্নত‌ হৈছে‌ যে‌ মানুহৰ হৃদযন্ত্ৰৰ‌ দৰে অতি সংবেদনশীল অংগ কৃত্ৰিমভাৱে ‌তৈয়াৰ কৰি মানুহৰ‌ গাত সংস্থাপন‌ কৰিবলৈ বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলি আছে। Cyborg engineering, genetic engineering, nano technology  ইত্যাদিৰ দৰে অত্যাধুনিক প্ৰযুক্তিৰ দ্বাৰা মানুহক কেনেকৈ চুপাৰহিউমেন (Homo sapiens to Homo deus) কৰি তুলিব পাৰি, সেই বিষয়েও চিন্তা-চৰ্চা চলি আছে। বিজ্ঞান সত্যৰ চৰম সীমাত উপনীত হোৱাহি নাই, আজিও ই সত্যানুসন্ধানৰ এটা বৌদ্ধিক অভিযানহে৷ বিজ্ঞানে গোড়া তথা অগণতান্ত্ৰিক মনোভাৱক প্ৰশ্ৰয় নিদিয়ে। বিজ্ঞানীয়ে এই কথা নকয় যে তেওঁৰ মত আৰু সিদ্ধান্তক কোনেও‌ প্ৰশ্ন কৰিব নোৱাৰিব। কিন্তু বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুবোৰৰ ক্ষেত্ৰত তেনে‌ দেখা নাযায়। তেওঁলোকে জানেই এনে স্বাধীনতা দিলে যে তেওঁৰ ভক্তৰ‌‌ সংখ্যা হ্ৰাস পাব। গতিকে নজনা কথাবোৰো তেওঁলোকে  ‘বিজ্ঞানৰ গোন্ধ’ থকা শব্দৰেই মানুহক বুজাবলৈ চেষ্টা কৰে। বৈজ্ঞানিক পৰিভাষাত ব্যৱহৃত শব্দৰে নিজ নিজ ধৰ্মক বিজ্ঞানৰ বৈধতা প্ৰদান কৰিবলৈ যোৱা যেন ছদ্মবিজ্ঞানৰ বেপাৰীসকলৰ নতুন কৌশল হৈ পৰিছে।

ঈশ্বৰক আপুনি জ্ঞান-বুদ্ধিৰে, পঞ্চ ইন্দ্ৰিয়ৰে, মন-মগজুৰে জানিব নোৱাৰে—এইয়া আমাৰ কথা নহয়। এইয়া ধৰ্মগ্ৰন্থ আৰু শাস্ত্ৰত লিখা কথা। কিন্তু এই কথা জানিও কিয় আস্তিক বা ধাৰ্মিকসকলে  ঈশ্বৰৰ‌ অস্তিত্ব প্ৰমাণ কৰিবলৈ‌ বিভিন্ন যুক্তি দিয়া পৰিলক্ষিত হয়? কোনোবা বিজ্ঞানী ঈশ্বৰত বিশ্বাসী হ’লেই ধাৰ্মিকসকলে বিজ্ঞানত‌ ঈশ্বৰৰ‌ বৈধতা প্ৰদান‌ কৰাত উঠি পৰি লাগে। হিগছ ব’ছন কণিকাটো প্ৰকাশকে “গড পাৰ্টিকল” নামেৰে নামকৰণ কৰাৰ সময়তো ‌তেনে উদাহৰণ দেখা গৈছিল। সি যি নহওক ঈশ্বৰৰ সন্ধান কৰা বিজ্ঞানৰ উদ্দেশ্য নহয়। কোনোবা বিজ্ঞানীয়ে ঈশ্বৰৰ অস্তিত্ব মানি ল’লে বুলিয়েই ‘বিজ্ঞানে’ তাৰ প্ৰমাণ দিয়াটো নুবুজায়। বিজ্ঞানী এক ব্যক্তিসত্তাহে যি বিজ্ঞানৰ প্ৰণালীৱদ্ধ পৰীক্ষা-নিৰীক্ষাৰ মাজেৰেহে কিবা এটা বিষয়ৰ প্ৰমাণ দিব পাৰে। ধৰা হ’ল কোনোবা এজন বিজ্ঞানী গণেশৰ পৰমভক্ত। গতিকে গণেশৰ ভক্ত হিচাপে গণেশৰ বাহন নিগনিক মৰাটো তেওঁৰ বিশ্বাসৰ পৰিপন্থী। কিন্তু বৈজ্ঞানিক পৰীক্ষাটোৰ সফলতাৰ বাবে নিগনিটো মাৰিবই লাগিব। অৰ্থাৎ বিজ্ঞানীজন ঈশ্বৰৰ  পৰমভক্ত হ’লেও বৈজ্ঞানিক পৰীক্ষাৰ ক্ষেত্ৰত তেওঁৰ ব্যক্তিগত বিশ্বাসক একাষৰীয়া কৰিবই লাগিব। গতিকে ‘বিজ্ঞান’ৰ বিশ্লেষণত বিশ্লেষণকাৰীৰ ব্যক্তিগত আস্থাৰ স্থান নাই। তদুপৰি বিজ্ঞানী এজন ঈশ্বৰ-বিশ্বাসী হ’লেও বিজ্ঞানে কিন্তু ঈশ্বৰৰ অস্তিত্বৰ প্ৰমাণ দিয়া নাই। ঈশ্বৰ আছে‌ নে‌ নাই বিজ্ঞানৰ বাবে এই প্ৰশ্ন গুৰুত্বহীন৷ প্ৰকৃতিৰ পৰিঘটনা আৰু আমাৰ চিন্তা তথা বুদ্ধিমত্তাৰ মাজত যোগসূত্ৰ বিচাৰ কৰাই হ’ল বিজ্ঞানৰ মূল কথা। ঈশ্বৰৰ অনুপস্থিতিৰ কথা বুজাবলৈ বাৰে বাৰে বিজ্ঞানক টানি অনাৰো প্ৰয়োজন নাই। প্ৰাচীন ঋষি-মুনিসকলেই ঈশ্বৰৰ অনুপস্থিতিৰ কথা কৈ গৈছে। যেনে, চাৰ্বাক বা লোকায়ত দৰ্শনৰ দৰে বস্তুবাদী দৰ্শনৰ কথা আমি বহুতেই জানো। ঈশ্বৰৰ অস্তিত্বৰ প্ৰমাণ  দাঙি ধৰা কাম প্ৰকৃততে আস্তিকসকলৰহে। কিন্তু আজিলৈকে আস্তিকসকলে তেনে কোনো খণ্ডন কৰিব নোৱৰা প্ৰমাণ বা যুক্তি দাঙি ধৰিব পৰা নাই।

প্ৰশ্ন হয়, মানুহৰ অজ্ঞানতাই সৃষ্টি কৰা ধৰ্ম যদি কাল্পনিকেই, তেন্তে মানুহে ‌কিয় আজিও ধৰ্মত বিশ্বাস‌ ৰাখে? এই প্ৰশ্নৰ উত্তৰত য়ুভাল নোৱা হাৰাৰীয়ে তেওঁৰ ‘Sapiens’ নামৰ কিতাপখনত কৈছে— ধৰ্মত মানুহে বিশ্বাস ৰাখে ‌কাৰণ ইয়াৰ মূল আধাৰ মানুহৰ লগত নহয়, এটা সৰ্বশক্তিমান শক্তিৰ‌ লগত‌ জ‌ড়িত। তদুপৰি মানুহে নিজৰ মাজত বান্ধ খাই থাকিবলৈ বা সহযোগ ৰাখিবলৈ ধৰ্মত সহজে বিশ্বাস কৰি লয়। ধৰ্ম আৰু বিজ্ঞান কেতিয়াও পৰিপূৰক নহয়। বিজ্ঞান জ্ঞানৰ এনে এটা ‘অংগ’ যাৰ সীমা সদায় বৃদ্ধিহৈ গৈ থাকে। কিন্তু বিজ্ঞানৰ সীমা যিমানেই বৃদ্ধি পাব, ধৰ্মৰ সীমা সিমানেই সংকোচন হৈ পৰিব। য়ুভাল নোৱা হাৰাৰীৰ দৰে ভৱিষ্যতদৰ্শীসকলৰ মতে অনাগত সময়ত মানৱতাবাদ, উদাৰবাদ, ৰাষ্ট্ৰবাদ আদিৰ দৰে আধুনিক বিচাৰধাৰাই‌ ধৰ্মৰ স্থান সহজেই অধিকাৰ কৰিব পাৰিব। উদাহৰণ হিচাপে তেওঁ কৈছে ষ্টেডিয়ামত ফুটবল খেল এখন উপভোগ কৰি থকা সময়ত গ’ল হ’লে সেই দেশৰ সকলোখিনি মানুহেই গ’ল‌ দিয়াজনক উৎসাহিত কৰিবলৈ হাতচাপৰি বজাব— কাৰণ সেইসকলৰ ধৰ্ম বেলেগ হ’লেও একে দেশৰে মানুহ। গতিকে অনাগত সময়ত মানৱতাবাদ, উদাৰবাদৰ দৰে আধুনিক বিচাৰধাৰাই মানুহক ধৰ্মীয় সংকীৰ্ণতাৰ পৰা মুক্ত কৰি কেৱল ‘মানুহ’ হিচাপে জীয়াই থকাত সহায় কৰিব বুলি আশা কৰিব পাৰি।

Print Friendly, PDF & Email

One thought on “বিজ্ঞানৰ সীমাৱদ্ধতা বনাম ধৰ্ম আৰু ঈশ্বৰ! (ভাৰ্গৱ বৰঠাকুৰ)

  • Dr. Khalilur Rahman

    ধৰ্ম তথা ঈশ্বৰ আৰু বিজ্ঞানৰ মাজত এই বিতৰ্ক বহুকাল ধৰি চলি আছে।ধাৰ্মিকসকল যুক্তি বাদী নহয় কাৰণে এই বিতৰ্ক প্ৰায় পুণঃপৌণিকতা প্ৰাপ্ত হৈছে।যুক্তি এৰিলে যে ধৰ্মও এৰিব লাগে!

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *