অনুবাদগল্প

ছাদাত হাছান মাণ্টোৰ গল্প: কুৎসিত সময়ৰ প্ৰতিফলন (প্ৰণৱজ্যোতি ডেকা)

১৯১২ চনৰ ১১ মেত পাঞ্জাবৰ লুধিয়ানাৰ এটা মধ্যবিত্ত পৰিয়ালত জন্ম হৈছিল ছাদাত হাছান মাণ্টোৰ। মাণ্টোৰ পূর্বপুৰুষ কাশ্মিৰী বংশোদ্ভূত আৰু মাণ্টোৰ পিতৃ আছিল আদালতৰ এগৰাকী বিচাৰক। আদালতৰ কঠোৰ নিয়মৰ মাজত তেওঁ ঘৰখনকো বান্ধি ৰাখিব বিচাৰিছিল। স্বাভাৱিকতে পৰিয়ালৰ সদস্যসকলৰ প্ৰতিও তেওঁ এগৰাকী বিচাৰকৰ দৃষ্টিভংগীৰেহে চাইছিল। পিছে এই কঠোৰ শাসনৰ মাজত থাকি মাণ্টো অতিষ্ঠ হৈ পৰিছিল, যাৰ ফলত মাণ্টো সৰুৰে পৰাই বোহেমিয়ান স্বভাৱৰ হৈ উঠিছিল। লেখা-পঢ়া আৰম্ভ হৈছিল অমৃতসৰৰ এখন মুছলিম হাইস্কুলত। কিন্তু স্কুলৰ পৰিৱেশ তেওঁৰ বাবে আছিল জেল সদৃশ, পঢ়াশুনাত তেওঁ ভালদৰে মনোযোগ দিব পৰা নাছিল, দুবাৰকৈ শিক্ষান্ত পৰীক্ষা দিও উত্তীর্ণ হ’ব পৰা নাছিল। কিন্তু পাঠ্যবহির্ভূত গল্প-উপন্যাস, গ্ৰন্থ আদি পঢ়াৰ প্ৰতি আছিল প্ৰবল আগ্রহ, অমৃতসৰ ৰেল ষ্টেচনত প্লেটফৰ্ম বুকষ্টলৰ পৰা আনকি কিতাপ চুৰি কাৰ্যতো লিপ্ত হৈছিল। ১৯৩২ চনত, ভাৰতৰ স্বাধীনতা সংগ্রামৰ অশান্ত পৰিৱেশৰ মাজতে মাণ্টোৰ পিতৃৰ মৃত্যু ঘটিছিল, যাৰ ফলত পৰিয়ালটো হৈ পৰিছিল অসহায়। পৰিয়ালৰ অর্থ কষ্ট লাঘবৰ বাবে তেতিয়াৰ পৰাই তেওঁ উপার্জনৰ পথ বিচাৰিবলগীয়া অৱস্থা হৈছিল। ছাদাতৰ জীৱনৰ টাৰ্নিং পইণ্ট বুলিলে ক’ব পাৰি ১৯৩৩ চনত একৈশ বছৰ বয়সত, যেতিয়া তেওঁৰ লেখক আব্দুল বাৰী আলিগৰ সৈতে চিনাকি হৈছিল। এই চিনাকি ছাদাত হাছান মাণ্টোৰ জীৱনত এটি মাইলফলক হৈ থাকি যায়। তেওঁ ছাদাতৰ প্ৰতিভাৰ উমান পাইছিল, তেওঁৱেই মাণ্টোক ৰাছিয়ান আৰু ফৰাচী লেখকৰ কিতাপসমূহ পঢ়িবলৈ উৎসাহিত কৰিছিল। ছাদাতে পঢ়াশুনা এৰি দিয়াৰ কথাই ভাবিছিল, কিন্তু আলিগৰ সান্নিধ্যই তেওঁক পঢ়াৰ প্ৰতি ধাউতি যোগালে। তেওঁ তৃতীয়বাৰৰ বাবে মেট্ৰিক পৰীক্ষা দি তৃতীয় বিভাগত পাছ কৰিবলৈ সক্ষম হ’ল। ইয়াতেই উৎসাহিত হৈ মাণ্টোৱে এইবাৰ আলিগড় মুছলিম বিশ্ববিদ্যালয়ত স্নাতক ডিগ্ৰী অর্জনৰ ফালে মন মেলিলে। মাণ্টোৰ জীৱনৰ দ্বিতীয় গল্প “ইনক্লাব পাচান্দ” ১৯৩৫ চনৰ মার্চ মাহত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ আলোচনীত প্রকাশ হৈছিল। সকলোতকৈ মজাৰ কথা হ’ল, উৰ্দু ভাষাত ফেইল কৰা এই ছাত্ৰজনেই পিছলৈ উৰ্দু সাহিত্যৰ এগৰাকী শ্রেষ্ঠ লেখক হিচাবে পৰিচিতি লাভ কৰিছিল। তেওঁৰ লেখাত নাছিল সুলিখিত বাক্যৰ গাঁথনি, হাতুৰীৰ আঘাতত শক্তিশালী হৈ পৰা খহটা শব্দই পাঠকৰ চিন্তা চেতনাত জন্ম দিছে প্ৰতিবাদী সত্তাৰ।

কেইমাহমানৰ ভিতৰতে মাণ্টোৱে ৰাছিয়ান আৰু ফৰাচী ভাষাও আয়ত্ব কৰিলে আৰু ভিক্টৰ হুগোৰ “The last Day of a Condemned Man”-ৰ “এগৰাকী বন্দীৰ গল্প” নামেৰে উর্দু ভাষাত তেওঁ কৰা অনুবাদ প্রকাশিত হয়। পৰৱৰ্তী সময়ত এইদৰে মাণ্টোৰ হাতত ৰাছিয়ান গল্পৰ উর্দু অনুবাদ “ৰাছি আফ্‌ছানে” প্রকাশিত হয়। বিদেশী সাহিত্য উর্দু ভাষাত অনুবাদ কৰিবলৈ গৈ মাণ্টোৱে অন্য এখন জগতৰ সন্ধান পালে। ভিক্টৰ হুগোৰ উপৰিও কিংবদন্তি লেখক অস্কাৰ ওৱাইল্ড, ৰাছিয়ান লেখক আন্তন চেখভ, মাক্সিম গৰ্কী প্ৰমুখ্যে বিখ্যাত সাহিত্যিকসকলৰ সাহিত্যকৃতিৰ লগত পৰিচিত হয় নিবিড়ভাৱে। আলিগড় মুছলিম বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ত তেওঁ ভাৰতীয় প্রগতিশীল লেখক সমিতিৰ (আইপিডব্লিউএ) লগত যুক্ত হয় আৰু ইয়াতেই তেওঁ বিশিষ্ট লেখক আলী চৰ্দাৰ জাফৰীৰ সৈতে চিনাকি হৈছিল আৰু তেওঁৰ সান্নিধ্যত লেখামেলা কৰিবলৈ উৎসাহ উদ্দীপনা লাভ কৰিছিল। ক্রমশঃ মাণ্টোৱে উর্দু সাহিত্যৰ এগৰাকী জনপ্ৰিয় গল্পকাৰ হিচাবে পৰিচিতি লাভ কৰে। তেওঁৰ বিখ্যাত গল্পসমূহ হ’ল, টোবা টেগ সিং, তামাচা, ঠাণ্ডা গোস্ত, ক’লা চেলোৱাৰ, খালি বটল, ধোঁৱা ইত্যাদি। তেওঁৰ সমূহ সৃষ্টি দেশ বিভাজন, সাম্প্রদায়িকতা, দাংগা, মানৱ-চৰিত্রৰ বিভৎসতা আদিৰ ভিত্তিত ৰচিত হৈছিল। তেওঁৰ প্ৰকাশভংগী আছিল পোনপটীয়া। বক্তব্যত আছিল বাস্তৱৰ নিৰ্দয় প্ৰতিফলন। ৰক্ষণশীলতাৰ পৰা নিজকে আঁতৰাই ৰখা প্রগতিশীল অসাম্প্রদায়িক চিন্তাৰ এই উর্দু চুটিগল্পকাৰগৰাকী বহুবাৰ তেওঁৰ মুক্তচিন্তাৰ কাৰণে অপমানিত, লাঞ্ছিত হ’বলগীয়া হৈছিল ভাৰত পাকিস্তান দুয়ো দেশতেই। আনকি তেওঁৰ গল্পত অশ্লীলতাৰ অভিযোগ আনি ছয়বাৰ বিচাৰৰ কাঠগৰাত উঠিবলৈ বাধ্য কৰোৱা হৈছিল। বহুকেইবাৰ জৰিমনা ভৰিবলগীয়া অৱস্থাও হৈছিল। ১৯৪৮ চনৰ পৰা পাকিস্তানত থাকিবলৈ লোৱাৰ পিছত কবি ফয়েজ আহমেদ ফয়েজ, নাচিৰ কাজমি, আহমদ ৰ’হি আদিৰ সংস্পর্শলৈ আহে। এওঁলোকে সদায়েই মাণ্টোৰ সাহিত্য সৃষ্টিক উৎসাহ যোগাইছিল। তেওঁৰ ৰচনাসমূহ প্রগতিশীল ৰাজনৈতিক সাহিত্যচর্চাৰ বাটকটীয়া বুলি ক’ব পাৰি। ১৯৪৭ চনৰ ১৪ আগষ্টৰ মাজৰাতি ভাৰত বিভাজনৰ আঘাতে সদ্য স্বাধীন দুই দেশৰ জনজীৱন স্তব্ধ কৰি দিলে। তেওঁলোকৰ ঘৰ-বাৰী, ভাষা, সংস্কৃতি আদিয়ে ৰাতিটোৰ ভিতৰতে ভিন্নতাৰ পৰিচয় দাঙি ধৰিলে। দুই কোটি মানুহ এক ৰাতিৰ ভিতৰতেই নিজৰ দেশতে বিদেশী হৈ গ’ল। নিজৰ অতীত, বৰ্তমান, বিশ্বাস আৰু ভালপোৱাবোৰ মানুহৰ মাজৰ হিংস্রতা আৰু অমানুুুুষিকতাই উটুৱাই লৈ গ’ল। বিশেষকৈ ক্ষতিগ্ৰস্ত হ’ল উর্দু সাহিত্য। দেশবিভাজনৰ পিছত ১৯৪৮ চনত এক অবাঞ্ছিত পৰিস্থিতিত মাণ্টো সপৰিয়ালে তেওঁৰ প্ৰাণৰ বোম্বে চহৰ আৰু বন্ধু-বান্ধৱ এৰি সপৰিবাৰে লাহোৰলৈ গুচি যায়।

জীৱনৰ দ্বিতীয়ার্ধত লাহোৰত ছাদাতৰ জীৱন সংগ্ৰাম, অভাৱ অনাটনৰ ছবিখন বৰ কৰুণ। জীৱিকাৰ বাবে কলম ধৰিব নোৱৰা অৱস্থা হ’ল ছাদাতৰ, দিনে ৰাতিয়ে মদ আৰু চিগাৰেটৰ আশ্ৰয় ল’বলগীয়া অৱস্থা। প্ৰৱল অৰ্থসংকটত কেতিয়াবা বাতৰি কাকতৰ অফিচলৈ গৈ দাবী কৰে— “টকা দিয়া”, সম্পাদকে কাগজ-কলম আনি তেওঁৰ হাতত তুলি দিয়ে, কয়— “কিবা লিখি দিয়া”। মাণ্টোৱে কেতিয়াবা পাঁচ শাৰী, কেতিয়াবা এক-ডেৰ পৃষ্ঠা লিখি দিয়ে, বিনিময়ত সম্পাদকে দিয়া ৫ টকা লৈ তেওঁ আঁতৰি যায়। তেনেদৰে সৃষ্টি হোৱা গল্পসমূহেই আছিল তীব্র ব্যংগাত্মক দেশবিভাজনৰ সাম্প্ৰদায়িক হিংসাৰ গল্প। অভাৱ-অনাটনৰ মাজত থাকি মাণ্টোৰ পৰিবাৰ বিৰক্ত হৈ পৰিছিল। গল্প লিখাতকৈ গেলামালৰ দোকান দিবলৈ পৰামর্শ দিছিল। মাণ্টোৰ যমজ ভাতৃ আবিদ হাছান মাণ্টোৱে এটা প্ৰবন্ধত এনেদৰে উল্লেখ কৰিছিল যে “ছাদাতৰ খং উঠিলে উগ্ৰতা প্ৰদৰ্শন এক নিয়মিত ঘটনা। বস্তু ভাঙি ছিঙি একাকাৰ কৰিছিল। পৰিয়ালৰ বাবে এই সময়খিনি আছিল ভয়ংকৰ। ছাদাতে মাৰ্ক্স, হেগেল, ফ্রয়েড কাৰো লেখা পঢ়া নাছিল। কিন্তু আলোচকে মন্তব্য কৰিছিল যে এওঁলোকৰ লেখাৰ দ্বাৰা মাণ্টো প্ৰভাৱিত। দৰাচলতে মাণ্টোৱে নিজৰ লেখাত কাৰো প্ৰভাৱ পৰাটো নিবিচাৰিছিল। তেওঁৰ ধাৰণা যে শিক্ষা দিবলৈ চেষ্টা কৰা লোকসকল ‘ইডিয়ট’ৰ বাহিৰে আন একো নহয়, এজনে আন এজনক পৃথিৱী সম্পৰ্কে শিকাবলৈ যাব কিয়? পৃথিৱী সম্পৰ্কে প্ৰতিজনৰে নিজা দৃষ্টিভংগী আছে, লিখিবলৈ এয়েই যথেষ্ট। বহু সমালোচকে মাণ্টো আৰু মাণ্টোৰ সাহিত্যক নৈৰাজ্যবাদী, হতাশাবাদী আখ্যা দিব খোজে। এই বিষয়ত মাণ্টোৰ উত্তৰ আছিল স্পষ্ট—, তেওঁ এখন আইনাৰ দৰে, য’ত সময় আৰু জীৱন প্রতিফলিত হৈছে। যদি সেয়া কুৎসিত দর্শন হয়, তেতিয়া বুজিব লাগিব সময়টোৱেই কুৎসিত। আর্থিক অনাটনৰ সমুখত মাণ্টোৰ জীৱন শেষৰ ফালে দুৰ্বিষহ হৈ পৰিছিল। সেই বিষয়ে এতিয়া সবিশেষ আলোচনা নকৰোঁ। শৰীৰৰ প্রতি অযত্ন, চিকিৎসাৰ অভাৱ আৰু আৰ্থিক দৈন্যত জর্জৰিত মাণ্টোৰ জীয়াই থাকিবলৈ প্ৰৱল আগ্রহ থকা সত্ত্বেও তেওঁ হাৰ মানিলে, ১৯৫৫ চনৰ ১৮ জানুৱাৰীত যকৃতৰ অসুখত শতিকাৰ শ্ৰেষ্ঠ গল্পকাৰগৰাকীৰ অকাল মৃত্যু ঘটে লাহোৰত। শেষত ছলমান ৰুশ্বদিৰ এটি মন্তব্যৰে লেখাটোৰ সামৰণি পেলাব খুজিছোঁ। “Manto, undisputed master of modern Indian short story…….” মাণ্টো সম্পর্কত ৰুশ্বদিৰ এই বাক্য যে আখৰে আখৰে সঁচা, তেওঁৰ গল্পসমূহ পঢ়িলে বুজা যায়। ঠাণ্ডা গোষ্ট, খোল দো আদি তেওঁৰ শ্ৰেষ্ঠ গল্পৰ শাৰীত থব পাৰি। হয়তো আপোনালোকৰ বহুতে মাণ্টোৰ এই গল্পবোৰ পঢ়িছে। তথাপিও ভাৰতীয় গল্প সাহিত্যৰ অবিসংবাদী গল্পকাৰ ছাদাত হাছান মাণ্টোৰ ৫টা সৰু সৰু গল্পৰ অনুবাদ পাঠকৰ হাতত তুলি দিয়াৰ লোভ সামৰিব নোৱাৰিলোঁ।

(১) দয়া

“মোৰ চকুৰ সমুখত মোৰ ছোৱালীজনীক নামাৰিবা, হাত যোৰ কৰিছোঁ..” “বাৰু, ঠিক আছে, বাপেকৰ কথা ৰখা যাওক, ছোৱালীজনীক ঘৰৰ পিছফালে লৈ যোৱা ….”।

(২) লোকচান

দুই বন্ধুৱে দহ বিছগৰাকী যুৱতীৰ মাজৰ পৰা এগৰাকী বিয়াল্লিশ টকাৰে কিনি নিলে। ৰাতি প্ৰায় শেষ হোৱাৰ সময়ত দুই বন্ধুৰ এজনে সেই ছোৱালীজনীক সুধিলে, “তোমাৰ নাম কি?” ছোৱালীজনীয়ে নিজৰ নামটো ক’লে। নামটো শুনি সি চক খাই উঠিল। “আমাকতো সিহঁতে কৈছিল, তুমি অন্য ধর্মৰ!” “সিহঁতে মিছা কথা কৈছে”— নিৰ্যাতিতা ছোৱালীজনীয়ে উত্তৰ দিলে। এই কথা শুনি সি তাৰ বন্ধুজনৰ কাষলৈ গৈ ক’লে, “চাল্লা হাৰামজাদাহঁতে আমাক ঠগিলে, আমাৰ হাতত আমাৰেই ধৰ্মৰ ছোৱালী বিক্ৰী কৰিলে, “ব’ল, তাইক ঘূৰাই দি টকাকেইটা উভতাই আনোঁগৈ।”

(৩) পৰিচ্ছন্নতা

ৰেল গাড়ীখন ষ্টেচনত আহি থামিল। তিনিজন যুৱকে হাতত বন্দুক লৈ কম্পার্টমেন্ট এটাৰ কাষত ৰৈ খিৰিকীৰে যাত্ৰীসকলক সুধিলে, “কি ভাই! ইয়াত মুৰ্গী আছে নেকি?” এজন যাত্রীয়ে কিবা এটা ক’ব খুজিও নক’লে। বাকীবোৰে উত্তৰ দিলে, “নাই।” অলপ সময় পিছত হাতত ত্ৰিশূল লৈ আন চাৰিজন আহিল। খিৰিকীৰে সুধিলে, “কি ভাইসকল, মুৰ্গী-তুৰ্গী আছে নেকি কোনোবা?” প্রথমবাৰ কিবা এটা ক’ব খুজি ৰৈ যোৱা যাত্ৰীজনে উত্তৰ দিলে, “ক’ব নোৱাৰোঁ ভাই, ভিতৰলৈ আহি বাথৰুমত চাই লোৱা।” ত্ৰিশূলধাৰীকেইটা ভিতৰলৈ সোমাই গ’ল। বাথৰুমৰ দৰ্জা ভাঙি তাত লুকাই থকা এজন ‘মুৰ্গী’ উলিয়াই আনিলে। এজন ত্ৰিশূলধাৰীয়ে ক’লে, “ইয়াক শেষ কৰি দিওঁ!” দ্বিতীয়জনে ক’লে, “না না, ইয়াত নহয়, দবাটো লেতেৰা হৈ যাব, বাহিৰলৈ লৈ ব’ল।”

(৪) জবাই আৰু বলি

“মই মানুহজনৰ ডিঙিত চুৰি বহুৱাই ধীৰে ধীৰে হেঁচি ধৰি জবাই কৰি পেলালোঁ।” “হেই, তই কি কৰিলি এইটো?” “কিয়, কি হ’লনো?” “জবাই কৰিলি কিয়?” “এনেকৈয়েতো মজা!” “চাল্লা মজাৰ পোৱালি, তই একে ঘাপে নামাৰিলি কিয়, এইদৰে…..” আৰু জবাই কৰোঁতা যুৱকজনৰ মূৰটো একে ঘাপতে শৰীৰৰ পৰা বিচ্ছিন্ন হৈ গ’ল।

(৫) মিঠাই বিতৰণ

মহাত্মা গান্ধীৰ মৃত্যুৰ খবৰটো চাৰিওফালে বিয়পি পৰিল। গান্ধীজীৰ মৃত্যুত দেশ মৰ্মাহত, কিন্তু খবৰ আহিল, অমৃতসৰ, গোৱালিয়ৰ আৰু বোম্বাইৰ বহু ঠাইত মানুহৰ মাজত মিঠাই বিতৰণ কৰা হৈছে, জাতিৰ পিতাক হত্যা কৰাৰ ‘আনন্দত’….।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *