অতিথি সম্পাদকৰ চ'ৰাপঞ্চম বছৰপঞ্চম বছৰ (প্ৰথম সংখ্যা)

লোকবিশ্বাস বনাম যুক্তিবাদী আন্দোলন (ভূত-প্ৰেতৰ প্ৰসংগ উল্লেখসহ) -(টুনুজ্যোতি গগৈ)

চন্দ্ৰযানৰ উৎক্ষেপণ, মহাসাগৰত মহানগৰ স্থাপন আদিৰে বিজ্ঞান-প্ৰযুক্তি বহু দূৰ আগ বাঢ়ি যোৱাৰ পাছতো মানুহৰ মনৰপৰা ভূত-প্ৰেত সম্পৰ্কীয় অন্ধবিশ্বাস দূৰ হোৱা নাই। লোকসংস্কৃতিৰ গৱেষকসকলে মানৱ সমাজত যুগ যুগ ধৰি পৰম্পৰাগতভাৱে প্ৰচলিত হৈ অহা এনে অন্ধবিশ্বাসবোৰক লোকবিশ্বাস বুলি অভিহিত কৰিছে। নক’লেও হয় যে যুক্তিবাদী বা বিজ্ঞানমনস্ক মানুহে ভূত-প্ৰেত আদিক বিশ্বাস নকৰিলেও বা ইবোৰক অন্ধবিশ্বাস বুলি এৰাই চলিলেও সমাজৰ গৰিষ্ঠসংখ্যক মানুহেই ভূত-প্ৰেতক এক অলৌকিক আৰু ৰহস্যময় জীৱ বুলি বিশ্বাস কৰে। তেওঁলোক ভূত-প্ৰেত সম্পৰ্কীয় যিকোনো কথাত উত্তেজিত বা ভীতিগ্ৰস্ত হোৱা দেখা যায়। ভূত-প্ৰেত সম্পৰ্কত মানুহৰ চিৰন্তন আগ্ৰহ আৰু ৰহস্যময়তা শেষ হৈ যোৱা নাই বাবেই ভূত-প্ৰেতৰ আধাৰত বিশ্বজুৰি বিভিন্ন সাহিত্য, চিনেমা আদি সৃষ্টি হৈয়ে আছে আৰু এই ভৌতিক সাহিত্য বা চিনেমাবোৰৰ জনপ্ৰিয়তাও অটুট আছে।

এই প্ৰবন্ধত মানৱ সমাজত কেনেকৈ ভূত-প্ৰেতৰ ধাৰণা উদ্ভৱ হ’ল, ভূত-প্ৰেতৰ উদ্ভৱৰ পাছত কেনেকৈ বেজ-ওজা-ডাইনী আদিৰ সৃষ্টি হ’ল, ভূত-প্ৰেতে কেনেকৈ অসমৰ লোক-সংস্কৃতিৰ ভঁৰালটো চহকী কৰি ৰাখিছে, প্ৰযুক্তিনিৰ্ভৰ সমাজতো অযৌক্তিক অন্ধবিশ্বাসবোৰ কি কাৰণত জীয়াই আছে, লোকবিশ্বাসে যুক্তিবাদী আন্দোলনৰ পথত কেনেদৰে অন্তৰায় সৃষ্টি কৰি আহিছে আদি সম্পৰ্কত চমুৱাই আলোচনা কৰা হ’ব।

আদিম মানুহসকল বিভিন্ন প্ৰাকৃতিক ঘটনা, যেনে– ৰ’দ-বৰষুণ, ধুমুহা, উল্কাপাত, ভূমিকম্প, চন্দ্ৰ-সূৰ্যৰ গ্ৰহণ আদিৰ উৎস আৰু হেতু সম্পৰ্কত তেনেই অজ্ঞ আছিল। সেই অজ্ঞতাৰ বাবে তেওঁলোকে প্ৰকৃতিৰ ওচৰত বৰ অসহায় অনুভৱ কৰিছিল। সেই অজ্ঞতা আৰু অসহায়বোধেই তেওঁলোকৰ মনত ৰহস্যময় প্ৰাকৃতিক ঘটনাবোৰৰ সম্পৰ্কত বিভিন্ন ভ্ৰান্ত ধাৰণাৰ জন্ম দিছিল। তেনে ভ্ৰান্ত ধাৰণাবোৰৰ ভেটিতে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ সৃষ্টি হৈছিল। সৃষ্টি হৈছিল ধৰ্ম আৰু ভগৱানৰ ধাৰণাও। আদিম মানুহে প্ৰাকৃতিক ঘটনাবোৰ কোনো অলৌকিক শক্তিয়ে সম্পন্ন কৰে বুলি বিশ্বাস কৰাৰ লগতে সেইবোৰক দেৱ-দেৱতা, ভূত-প্ৰেত আদি নাম দি লৈছিল। মানুহৰ হিত সাধন কৰা প্ৰাকৃতিক ঘটনাবোৰৰ আঁৰত দেৱ-দেৱতা আৰু মানুহৰ অহিত সাধন কৰা প্ৰাকৃতিক ঘটনাবোৰৰ আঁৰত ভূত-প্ৰেত জড়িত থাকে বুলি বিশ্বাস কৰিছিল।

আদিম যুগৰপৰা নানা বিৱৰ্তনৰ মাজেৰে আহি ভূত-প্ৰেতৰ ধাৰণাটোৱে বৰ্তমানৰ ৰূপ পাইছে। ভূত-প্ৰেতৰ ধাৰণাৰ বিৱৰ্তনক তিনিটা পৰ্যায়ত ভাগ কৰা হয়। প্ৰথম পৰ্যায়ত আদিম মানুহে জীৱন আৰু মৰণৰ পাৰ্থক্য বিচাৰি পোৱা নাছিল। তেওঁলোকে দেখিছিল যে বনৰীয়া জীৱ-জন্তুৰ আক্ৰমণ, দুৰ্ঘটনা আদিৰ ফলত আঘাতপ্ৰাপ্ত কিছুমান মানুহ সাময়িকভাৱে অচেতন হৈ পৰে আৰু পাছত স্বাভাৱিক জীৱন ঘূৰাই পায়। সেয়ে তেওঁলোকে মৃতকৰ শৰীৰ সন্মান সহকাৰে ৰাখিছিল আৰু খোৱা বস্তু যাচিছিল। দ্বিতীয় পৰ্যায়ত আদিম মানুহে মৰণক এক সাময়িক ঘটনা বুলি মানি লৈ¸ মৃতকে পুনৰ্জীৱন পাব বুলি ধাৰণা কৰিছিল। এই ধাৰণাৰপৰাই আত্মাৰ বিশ্বাস জন্ম হয়। তৃতীয় পৰ্যায়ত আদিম মানুহে তেওঁলোকৰ জীৱিত শৰীৰত আত্মা থাকে আৰু আত্মা অবিনশ্বৰ বুলি বিশ্বাস কৰিছিল।

মানুহৰ মনত অন্ধবিশ্বাস আৰু কুসংস্কাৰে খোপনি পুতি বহাৰ সময়তে সমাজত এনে একাংশ লোকৰ উদ্ভৱ হৈছিল, যিসকলে বিভিন্ন তন্ত্ৰ-মন্ত্ৰ উচ্চাৰণ কৰি আৰু বিভিন্ন অংগী-ভংগী কৰি নিজকে অলৌকিক ক্ষমতাৰ অধিকাৰী বুলি সাব্যস্ত কৰিছিল। এই চতুৰ লোকসকলে বিভিন্ন চল-চাতুৰীৰে তেনেই সহজ-সৰল মানুহসকলক এনেদৰে পতিয়ন নিয়াইছিল যে তেওঁলোকে নিজৰ অলৌকিক ক্ষমতা ব্যৱহাৰ কৰি মানুহক যি ইচ্ছা তাকেই কৰিব পাৰে, দূৰৈৰপৰাই মন্ত্ৰ মাতি নিৰোগী মানুহক ৰোগী কৰি তুলিব পাৰে, ভূত-প্ৰেত আদিক বশ কৰি সিহঁতৰ হতুৱাই অসাধ্য সাধন কৰাব পাৰে ইত্যাদি। এনে চল-চাতুৰী কৰা ওজা-বেজসকলক সাধাৰণ মানুহে সদায় ভয় কৰি চলিছিল।

এইখিনিতে ক’ব লাগিব যে মানৱ জাতিয়ে যুগে যুগে যি অভিজ্ঞতা অৰ্জন কৰিলে, যি কথা শিকিলে, যি বিষয় চৰ্চা কৰিলে; সেইবোৰ প্ৰত্যেক মানুহৰ চেতন বা অৱচেতন মনত পুৰুষানুক্ৰমে থিতাপি লয়। আজি বিজ্ঞানে যিটো কথা ভুল বুলি প্ৰতিপন্ন কৰিছে, সেইটো এসময়ত সত্যৰূপেই বৰ্তি আছিল। আদিম মানৱৰ চিন্তাত যুক্তিও আছিল, কিন্তু এখন সুকীয়া সমাজত বাস কৰাৰ পৰিণামস্বৰূপে সেই যুক্তিৰ আধাৰ সুকীয়া আছিল। লেভি ব্ৰুহ্লে আদিম মানৱৰ চিন্তাক ‘প্ৰাক্ যৌক্তিক’ আখ্যা দিছে। ব্ৰুহলৰ মতে, ‘আদিম মানৱৰ চিন্তা অযৌক্তিক বা যুক্তিবিৰোধী নাছিল, মাথোন তাৰ যুক্তিৰ ভিত্তি আছিল সুকীয়া; পৰিণামাত্মক বিৰোধ বা অসংগতি পৰিহাৰ কৰাৰ আধুনিক মানুহৰ যি প্ৰবৃত্তি, আদিম মানুহৰ চিন্তাত সি নাছিল৷’

লোকসংস্কৃতি বা লোকবিশ্বাসত ভূত-প্ৰেতৰ উল্লেখ থকাটোত আপত্তি কৰিবলৈ একো নাই। কিয়নো, ভূত-প্ৰেতেই অসমীয়া লোকবিশ্বাস আৰু লোকসাহিত্যক বহু পৰিমাণে চহকী কৰি আহিছে। কিন্তু, এয়া সকলো সময়তে মনত ৰাখিব লাগিব যে লোকবিশ্বাসৰ উৎস সদায়ে অযৌক্তিক প্ৰত্যয়। ৱেলেণ্ড ডি হেণ্ডৰ মতে, ‘সাধাৰণতে যি সমাজৰ মানসিক দিগন্তৰ পৰিসৰ তুলনামূলকভাৱে সীমিত আৰু বিচাৰ-বিবেচনাৰ পৰিসৰ ঠেক, তেনে সমাজতহে লোকবিশ্বাস বা অন্ধবিশ্বাসাদিৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া সুদূৰ প্ৰসাৰী। কাৰ্য আৰু কাৰণৰ সম্বন্ধ নিৰ্ণয় কৰিব নোৱাৰা যিকোনো সময় আৰু পৰিৱেশৰ লোকে জগৎ-প্ৰপঞ্চৰ বিভিন্ন কাৰ্য আৰু ঘটনাত ঐন্দ্ৰিজালিক লীলা-খেলা দেখিবলৈ পায়।’

অসমীয়া লোকবিশ্বাসত ভূত-প্ৰেত

লোকবিশ্বাস অনুসৰি, প্ৰতিজন মানুহ বা জীৱ-জন্তুৰ শৰীৰত আত্মা থাকে। আত্মা অবিনশ্বৰ। মানুহৰ মৃত্যুৰ পাছত আত্মাই শৰীৰ ত্যাগ কৰে আৰু নতুনকৈ জন্ম লোৱা অন্য এক শৰীৰত থিতাপি লয়। ভূত বা প্ৰেত হ’ল কেতবোৰ অশৰীৰী আত্মা। মানুহৰ মৃত্যুৰ পাছতো সুখ-শান্তিৰ সন্ধান নোপোৱা আত্মাবোৰেই ভূত বা প্ৰেতাত্মালৈ ৰূপান্তৰিত হয়। তেনে আত্মাবোৰকেই অতৃপ্ত আত্মা বুলি কোৱা হয়। পৃথিৱীত অস্বাভাৱিকভাৱে অৰ্থাৎ হত্যা, আত্মহত্যা, দুৰ্ঘটনা আদি অনাকাংক্ষিত কাৰণত মৃত্যু হোৱা ব্যক্তিসকলৰ আত্মাই প্ৰতিশোধ ল’বৰ বাবে ভূত-প্ৰেতলৈ পৰিণত হয় বুলি বিশ্বাস কৰা হয়। উল্লেখ্য যে ভূত আৰু প্ৰেত শব্দ দুটা পুৰুষবাচক। ভূত-প্ৰেতৰ নাৰীবাচক শব্দ দুটা হ’ল ভূতুনী আৰু প্ৰেতনী।

সাধাৰণতে ভূত-প্ৰেতৰ শৰীৰী ৰূপ নাথাকে বুলি বিশ্বাস কৰা হয়। কিন্তু, ভূত-প্ৰেতৰ চাল-চলন স্বাভাৱিক জীৱিত শৰীৰৰ দৰে; যাক স্পষ্টকৈ দেখা নাযায়, কেৱল অনুমানহে কৰিব পাৰি। অৱশ্যে, কিছুমান ভূত-প্ৰেতে যিকোনো আকৃতি ধাৰণ কৰিব পাৰে। লোকবিশ্বাস মতে, ভূতবোৰে সাধাৰণতে পৰিত্যক্ত ঘৰ, ডাঙৰ গছ, এৰাবাৰী, নিৰ্জন অঞ্চল, পুখুৰী, বিল আদিত বসবাস কৰে। ভূতে নিৰ্জন ঠাইতহে মানুহক আক্ৰমণ কৰে। কিছুমান ভূতে আকৌ নিশাহে বিচৰণ কৰে। ভূতবোৰ অকলশৰে থাকে আৰু একো নিৰ্দিষ্ট স্থানত ঘূৰা-মেলা কৰে। জীৱিত কালত সম্পৰ্ক থকা ব্যক্তিকেই ভূতে বেছি আমনি কৰে।

অসমীয়া সংস্কৃতিত বিভিন্ন ধৰণৰ ভূতৰ বিশ্বাস প্ৰচলন হৈ আহিছে। সেইবোৰৰ ভিতৰত কেইটামান উল্লেখযোগ্য ভূতৰ বিষয়ে আলোচনা কৰিব পাৰি।

দেও : এইবিধ ভূতে পৰিত্যক্ত পুখুৰী, বিল, নদী আদিত বাস কৰে। দেৱে কেতিয়াবা কোনো মানুহক পানীৰ তললৈ নি মানুহ মাৰি পেলাই বুলি বিশ্বাস কৰা হয়।

মাছ খোৱা ভূত : এইবিধ ভূতে সাধাৰণতে মাছ ভক্ষণ কৰি ভাল পায়। এইবিধ ভূত সাধাৰণতে গাঁৱৰ পুখুৰী, বিল আদিত থাকে। কেতিয়াবা সিহঁতে ৰান্ধনিঘৰৰ ভজা বা পুৰা মাছ, নাৱত ৰাখি থোৱা মাছো চুৰি কৰি খায়। মাছখোৱা ভূতক বাঁক বা মাছখোৱা যখ বুলিও কোৱা হয়।

পৰুৱা : এইবিধ ভূতে মানুহক চিনাকি বাট পাহৰাই দি অচিনাকি ঠাইলৈ লৈ যায়। কেতিয়াবা আকৌ একেটা বাটতে বাৰে বাৰে ঘূৰাই থাকে। অকলশৰে যাত্ৰা কৰা মানুহক পৰুৱাই অচিনাকি ঠাইলৈ নি হত্যা পৰ্যন্ত কৰে।

কবন্ধ : এইবিধ ভূতৰ শিৰ নাথাকে। সাধাৰণতে যিসকল মানুহৰ ৰেল বা অন্য দুৰ্ঘটনাত শৰীৰৰপৰা শিৰ খণ্ডিত হৈ পৰে, সেইসকল মানুহৰ আত্মাই কবন্ধ হৈ পৰে। কবন্ধই নিজৰ হেৰুওৱা মূৰ বিচাৰি অন্য জীৱিত মানুহক আক্ৰমণ কৰে।

ধনগুলৈ: নিশাৰ অন্ধকাৰত জলাহভূমি বা মুকলি প্ৰান্তৰত এইবিধ ভূত দেখা যায়। জুইৰ শিখাৰ দৰে দূৰৰপৰা দৃশ্যমান হোৱা এইবিধ ভূত মানুহে মাটিৰ তলত পুতি থোৱা ধন-সম্পদৰপৰা উদ্ভৱ হোৱা বুলি বিশ্বাস কৰা হয়।

খেতৰ : এইবিধ ভূত গৰুৰ গাত লম্ভে বুলি বিশ্বাস কৰা হয়। গাই জগিলে ফেঁহুৰে পিঠা সাজি পোৱালিক খেতৰৰপৰা ৰক্ষা কৰিবলৈ ভোগ দিয়া হয়।

ডাইনী : ডাইনী কোনো আত্মা নহয়, জীৱিত নাৰীহে। সাধাৰণতে যাদু-মন্ত্ৰত পাৰদৰ্শী নাৰীকেই ডাইনী বুলি কোৱা হয়। ডাইনীয়ে জীৱিত মানুহক অসুখীয়া কৰি তোলে বুলি বিশ্বাস কৰা হয়।

এইবোৰৰ উপৰি অপদেৱতা, তাল, ডাঙৰীয়া-ডাঙৰীয়ানী, কালিকা, বেতাল, ঘোঁৰাপাক, হাটোৱালী, দ’ত, কালধূমা, ক্ষেত্ৰপাল, বুঢ়া-ডাঙৰীয়া আদি বিভিন্ন ভূতৰ উল্লেখ লোকসংস্কৃতিত পোৱা যায়। পুৰণি অসমীয়া মন্ত্ৰসমূহতো অনেক ভূত-প্ৰেতৰ উল্লেখ আছে। সেই সকলোবোৰ তালিকাভুক্ত কৰাটো ইয়াত সম্ভৱ নহয়। উদাহৰণ স্বৰূপে এই মন্ত্ৰটিলৈ লক্ষ্য কৰা হওক – ‘নাহৰ প্ৰেতক বান্ধোঁ, কোঙা প্ৰেতক বান্ধোঁ, লনকা প্ৰেতক বান্ধোঁ, গোনা প্ৰেতক বান্ধোঁ, সোনা প্ৰেতক বান্ধোঁ, টকা প্ৰেতক বান্ধোঁ, গোঙোৱা প্ৰেতক বান্ধোঁ, জপৰা প্ৰেতক বান্ধোঁ, ঘাৰভঙা প্ৰেতক বান্ধোঁ, পখৰা প্ৰেতক বান্ধোঁ, চিতৰা প্ৰেতক বান্ধোঁ, হেকৰা প্ৰেতক বান্ধোঁ, প্ৰেতসকলক বাধিয়া থৈলন্ত। প্ৰেতনীসকলক বান্ধিবে লৈলন্ত।। ৰাঙলী প্ৰেতনীক বান্ধোঁ, নাতৰি প্ৰেতনীক বান্ধোঁ, জাতলি প্ৰেতনীক বান্ধোঁ, ভতাৰি প্ৰেতনীক বান্ধোঁ, দান্তচিগি প্ৰেতনীক বান্ধোঁ, গোৰবান্দি প্ৰেতনীক বান্ধোঁ, খহুলি প্ৰেতনীক বান্ধোঁ, চেলুৱাইখোৱা প্ৰেতনীক বান্ধোঁ, শামুকখোৱা প্ৰেতনীক বান্ধোঁ, ফেদলি প্ৰেতনীক বান্ধোঁ, প্ৰেত-প্ৰেতনীৰ কথা সমাপতি ভৈলা। পাছে পক্ষীৰাজ মনত গুণিবাক লৈলা।।’

ভূত- প্ৰেতৰ সৈতে জড়িত লোকবিশ্বাস

অসমৰ সমাজ জীৱনত ভূতৰ লগত জড়িত অনেক লোকবিশ্বাস প্ৰচলিত আছে। ইয়াত কেইটিমান লোকবিশ্বাসৰ বিষয়ে আলোচনা কৰা হ’ব।

অসমৰ জনসাধাৰণে ধৰ্ম সম্পৰ্কীয় বিশ্বাস আৰু পূজা-পাতলত অধিক মনোনিৱেশ কৰা পৰিলক্ষিত হয়। এই অনুষ্ঠানসমূহৰ মূলতে ভূত-প্ৰেত, যখ-যখিনী, পিশাচ, বুঢ়া ডাঙৰীয়া আদি আছে। গ্ৰাম্যাঞ্চলত মানুহৰ বেমাৰ-আজাৰ হ’লে নানা দেও-ভূতৰ প্ৰতিমূৰ্তি সাজি পূজা কৰা হয়। পিঠাগুৰি, কুকুৰা, পাণ-তামোল, তুলসী, সেন্দূৰ আদিৰে শনিবাৰ বা মঙলবাৰে ‘টাঙনদেও’, ‘বীৰা’ আদিক পূজা কৰা হয়।

পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহৰ দৰে অসমৰ মানুহেও ডাঙৰ ডাঙৰ গছত ভূত-প্ৰেত, অপদেৱতা আদি থাকে বুলি বিশ্বাস কৰে। গছৰপৰা ভূত-প্ৰেত খেদিবলৈ হ’লে গছৰ তলত কুকুৰা-হাঁহ আদিৰে পূজা কৰা হয়। সেই গছজোপা কাটিবলৈ হ’লে ভূতটোকো পূজা দি অন্য এজোপা গছলৈ খেদি পঠোৱাৰ ব্যৱস্থা কৰা হয়। পূজা পালে ভূতটোৱে সি বাস কৰা গছ জোপা এৰি গুচি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে বুলি বিশ্বাস কৰা হয়।

প্ৰাচীন কালৰপৰাই মৃতকৰ আত্মাক সন্তুষ্ট কৰাৰ উদ্দেশ্যে বিভিন্ন জাতিৰ মানুহে অন্ত্যেষ্টিক্ৰিয়া পালন কৰে। অসমীয়া মানুহৰ বাবেও মৃতকৰ সৎকাৰ এটা গুৰুত্বপূৰ্ণ কাম। মৰিশালিলৈ নিয়াৰ আগতে মৃতকক থোৱা ঠাইডোখৰত বগৰীৰ জেং এডাল থোৱা হয়, যাতে মৃতকৰ আত্মাই অন্যান্য সদস্যসকলক আক্ৰমণ কৰিব নোৱাৰে। মৃতকৰ সৎকাৰ আৰু শ্ৰাদ্ধাদি কৰা জনে হাতত চোকা লোহাৰ অস্ত্ৰ লগত লৈ ফুৰে। অস্ত্ৰ লৈ নুফুৰিলে মৃতকৰ আত্মাই তেওঁৰ অপকাৰ কৰিব বুলি ভবা হয়। উল্লেখ্য যে সন্তান জন্মৰ পাছত প্ৰসূতিৰ লগতে সন্তানক ভূত-প্ৰেত, ডাইনী আদিৰপৰা ৰক্ষা কৰিবলৈ প্ৰসূতিৰ শয্যাৰ তলত এখন চোকা অস্ত্ৰ ৰখা হয়। গাঁৱৰ মানুহে নিশা ক’ৰবালৈ যাবলৈ হ’লে ভূত-প্ৰেতৰ পৰা ৰক্ষা পাবৰ বাবে লগত দা-কটাৰী লৈ ফুৰে।

অসমীয়া মানুহৰ নাম দুটা– এটা গোপন নাম আৰু আনটো প্ৰকাশ্য নাম। প্ৰকাশ্য নামটোহে সমাজত পৰিচিত। আচল অৰ্থাৎ গোপন নামটো অপদেৱতাৰ ভয়ত উচ্চাৰণ কৰা নহয়। পৰিয়ালত কোনো সন্তানৰ মৃত্যু হ’লে পৰৱৰ্তী সন্তানৰ নাম বহুতে আকৰ্ষণীয় কৰি নিদি কুন্ধচ নাম এটাহে দিয়ে। কুন্ধচ নামৰ প্ৰতি ভূত-প্ৰেতৰ কোনো আকৰ্ষণ নাথাকে বুলি বিশ্বাস কৰা হয়। মৃত ব্যক্তিৰ নাম লিখোঁতে অপদেৱতাৰপৰা ৰক্ষা পাবলৈ মৃতকৰ নামৰ আগত স্বৰ্গীয় চিহ্ন ব্যৱহাৰ কৰা হয়।

অসমীয়া বিবাহ অনুষ্ঠানত সখীৰ সুকীয়া স্থান আছে। সখী-সখীয়নীয়ে দৰা-কন্যাৰ নিচিনা বিয়াৰ সাজ-পোছাক পিন্ধে। অপদেৱতাক ঠগিবলৈকে এই নকল দৰা-কন্যাৰ ব্যৱস্থা কৰা হয়। অপদেৱতাৰপৰা দৰা-কন্যাক ৰক্ষা কৰিবলৈ বিয়াৰ দিনা তেওঁলোকক দেৱতাৰ জ্ঞান কৰা হয়। কাজেই, বিয়াখনত দৰা-কন্যাক হৰ-পাৰ্বতী, ৰাম-সীতা, কৃষ্ণ-ৰাধা আদি আখ্যা দিয়া হয়। বিয়াত কন্যাৰ ঘৰলৈ যোৱা দৰাক অপদেৱতাৰপৰা আঁতৰাই ৰাখিবলৈ চাউল ছটিওৱা বা চোবোৱা হয়।

কামৰূপ আৰু গোৱালপাৰা জিলাত প্ৰচলিত লোকবিশ্বাস মতে, গৰ্ভৱতী মহিলাৰ গাত যখিনী লম্ভিলে মহিলাগৰাকীৰ সহজে প্ৰসৱ নহয় আৰু বিৰাট যন্ত্ৰণা ভোগ কৰে। যখিনী দুবিধ– সৰু যখিনী আৰু বৰ যখিনী। সৰু যখিনীক সন্তুষ্ট কৰিবৰ বাবে ‘চাৰেচানা’ (কুকুৰা চৰাইৰ পোৱালি), এখন জাকৈ আৰু এটা খালৈৰ আৱশ্যক হয়। সৰু যখিনীক পূজা কৰাৰ পাছতো যদি মহিলা গৰাকীৰ প্ৰসৱ নহয়, তেন্তে বৰ যখিনীক পূজা কৰা হয়। বৰ যখিনীক পূজা কৰোঁতে নতুনকৈ কলফুল ওলোৱা এজোপা কল গছ, জাকৈ, খালৈ, কুকুৰা, শামুক আৰু ক’লা কচুৰ ঠাৰি লাগে। অসমৰ অন্যান্য ঠাইৰ লোকসকলেও প্ৰসূতিৰ কঠিন প্ৰসৱৰ সময়ত প্ৰসূতিৰ গাত মন্ত্ৰই জৰা পানী ছটিয়াই দিয়ে।

অসমৰ গ্ৰাম্য জীৱনত ভূতে ধৰা মানুহক বেজে জৰা-ফুঁকা কৰা দেখা যায়। বেজৰ হুমকিত ৰোগীৰ মুখেৰেই ভূতে সঁচা কথা কয় বুলি বিশ্বাস কৰা হয়। লোকবিশ্বাস মতে, গৰুৰ গোবৰ বা মূতত ভূত খেদিব পৰা শক্তি লুকাই আছে। সেয়ে গাঁৱৰ মানুহে চোতালত শুকান গোবৰেৰে জুই জ্বলায়। বহুতে ক’লা মেকুৰীৰ সৈতে ভূত-প্ৰেতৰ সম্বন্ধ আছে বুলি বিশ্বাস কৰে বাবে ক’লা মেকুৰী দেখিলে দুখোজ পিছুৱাই আহি আকৌ আগবাঢ়ে বা থুই পেলাই বিপদমুক্ত হ’ব বিচাৰে।

অসমৰ বহু মানুহে বিশ্বাস কৰে যে বৰষুণৰ বতৰত গছত যখিনীহঁত উঠি কাপোৰ-কানি খুলি স্বৰ্গৰাজ ইন্দ্ৰক উপলুঙা কৰে। অপমানিত ইন্দ্ৰই যখিনীলৈ লক্ষ্য কৰি ব্ৰজ প্ৰহাৰ কৰে বাবে গছত প্ৰায়ে ব্ৰজ পৰে। অসমৰ মানুহে পানীৰ অধিকাৰী দেৱতাজনক জলদেৱতা বা জলকোঁৱৰ বুলি বিশ্বাস কৰে। এই জলকোঁৱৰৰ পত্নীয়েই হ’ল জলকুঁৱৰী। বিল, পুখুৰী আদিত জলদেৱতাৰ উপৰি মাছখোৱা দেও থাকে।

জনজাতীয়সকলৰ মাজতো ভূত-প্ৰেত সম্পৰ্কীয় বিভিন্ন লোকবিশ্বাস আছে। চেমা নগাসকলে বিশ্বাস কৰে যে পুত্ৰ সন্তান হ’লে জেঠীয়ে ভূতক খবৰ দিয়ে। তাৰ ফলত সদ্যোজাত কেঁচুৱাটিক নি ভূতে মাৰি পেলায়। কাৰ্বিসকলে মাছখোৱা দেওক মাছ মৰা জালেৰেহে ধৰিব পাৰি বুলি বিশ্বাস কৰে। চাওতালসকলে বংগা নামৰ অপদেৱতাক বিশ্বাস কৰে। বড়োসকলৰ মাজত মাদাই নামৰ অপদেৱতাটোৱে মানুহৰ মাজত বিভিন্ন ৰোগ, মহামাৰী আদি সৃষ্টি কৰে বুলি লোকবিশ্বাস আছে।

অপদেৱতা, ভূত-প্ৰেতক ভয় খুৱাই আঁতৰ কৰিবৰ বাবে যিবোৰ পূজা অনুষ্ঠিত কৰা হয়, তাত ওজা বা তেনেধৰণৰ মানুহ উলংগ হোৱাটো প্ৰয়োজনীয় বুলি ভবা হয়। ওজাই সম্পূৰ্ণ উলংগ হৈ ভূত জৰা মন্ত্ৰ মাতে। খেতি পথাৰৰ পৰা ভূত-প্ৰেত খেদিবলৈ কাঠত নগ্ন ছবি কাটি বা আঁকি পথাৰৰ মাজত পুতি থোৱা হয়। ভূত-প্ৰেতক খেদাবলৈ বহুতে নিমগছৰ পাত বা সিজু গছৰ ডাল ব্যৱহাৰ কৰে। বহুতে বিহলঙনি বা সৰিয়হ গুটি ব্যৱহাৰ কৰে।

নতুনকৈ পোৱালি জগা গাইৰ গাখীৰ খীৰায়েই খেতৰ-খেতৰণীলৈ উৎসৰ্গা কৰা হয়। সৰু ল’ৰা-ছোৱালীয়ে শয্যাত প্ৰসাৱ কৰিলে অসমীয়া মানুহে খেতৰে পোৱা বুলি বিশ্বাস কৰে। এই খেতৰ-খেতৰণী হ’ল খেতিপথাৰৰ অধিষ্ঠাত্ৰী দেৱ-দেৱী।

অসমীয়া লোকসাহিত্যত ভূত-প্ৰেত

অসমীয়া লোকসাহিত্যত ভূত-প্ৰেতৰ এক গুৰুত্বপূৰ্ণ স্থান আছে। ভূত-প্ৰেত, অপেশ্বৰী আদিৰ সৈতে জড়িত অনেক সাধুৱে অসমীয়া লোক-সাহিত্যৰ ভঁৰাল চহকী কৰি আহিছে। যখ-যখিনী, দেও-ভূতৰ সাধুবোৰে ল’ৰা-বুঢ়া সকলোকে আকৰ্ষণ কৰে বাবে আজিও অসমৰ গ্ৰাম্য জীৱন ভূত-প্ৰেতৰ কথন-মথনে ‘সৰস’ কৰি ৰাখে। অসমীয়া লোকসাহিত্যত ভূত-প্ৰেত সম্পৰ্কীয় ইমানেই সাধুকথা আছে যে সেইবোৰৰ বিষয়ে বৰ্ণনা কৰিবলৈ হ’লে এখন বৃহৎ গ্ৰন্থই লিখিব লাগিব।

সি যি নহওক, প্ৰকাশিত বা অপ্ৰকাশিত অসমীয়া মন্ত্ৰপুথিসমূহতো অলেখ ভূত-প্ৰেতৰ প্ৰসংগ উল্লেখ আছে। এই মন্ত্ৰপুথিসমূহৰ সাহিত্য মূল্যও নোহোৱা নহয়। গদ্য-পদ্য মিশ্ৰিত মন্ত্ৰপুথিসমূহক অসমীয়া সাহিত্যৰ আদি নিদৰ্শন বুলি ক’ব পাৰি। কেইবাখনো মন্ত্ৰপুথিৰ বৰ্ণনা খুবেই মনোমোহা। ‘সুদৰ্শন চক্ৰ কৰতী’ মন্ত্ৰত ব্ৰহ্মাদেৱৰ দিব্য সভাৰ মনোৰম বৰ্ণনা থকাৰ লগতে সুদৰ্শন চক্ৰৰ ভয়ত অত্ৰাহি হৈ ভূতবোৰ পলোৱাৰ হাস্যৰসাত্মক দৃশ্যও চিত্ৰিত হৈছে–

‘কাৰো একোখন কাণ কুলাৰ সমান।

একে কাণ দুই কাণ আৰু চাৰি কাণ।।

এক ভৰি দুই ভৰি কাৰো কোঙা ভৰি।

চক্ৰৰ ভয়ত সবে পলাই লৱৰি।।’

বিষয়-বস্তু সাধাৰণ হোৱাৰ বাবে এই মন্ত্ৰটিৰ ভাষাও তেনেই ঘৰুৱা যেন লগা হৈছে।

ড০ বিৰিঞ্চি কুমাৰ বৰুৱাই মন্ত্ৰ সাহিত্যক ৰামায়ণ, মহাভাৰত, পুৰাণ আদিৰ লোক সংস্কৰণ বুলি অভিহিত কৰিছিল। ভালেমান মন্ত্ৰত মহাকাব্যৰ আখ্যানে লোকবিশ্বাস আৰু কিংবদন্তীৰ লগত মিহলি হৈ এক নতুন ৰূপ লৈছিল। ভূতগ্ৰস্তক জৰা মন্ত্ৰ এটিত ৰাম-লক্ষ্মণৰ বৰ্ণনা এনেদৰে পোৱা যায়–

‘সূতা কাটেন ৰামচন্দ্ৰ বনেৰ মাঝাৰে।

সন্মুখে বসিয়া সীতা দেখেন তাহাৰে।।

লক্ষ্মণ আসি কিছু পৰে তথায় প্ৰৱেশিলা।

বিলম্ব হেৰিয়া ৰাম তাহে জিজ্ঞাসিলা।।

এতেক বিলম্ব কেন ভাইৰে লক্ষ্মণ।

বল বল প্ৰকাশিয়া সকল কাৰণ।।

লক্ষ্মণ বলিল দাদা গিয়াছিল পৰ্বত উপৰে।

তথা গিয়া দেখি আমি ভূতৰহে ঘিৰে।।

মানুষেৰ তথায় কোন বসতি যে নাই।

যে দিকে তাকাই শুধু ভূত দেখিবাৰে পাই।।

শুনিয়া লক্ষ্মণ বাক্য ৰাম ফুকাৰিল।

ভূতগণ ভয়ে ভয়ে দূৰ পলাইল।।

মন্ত্ৰসমূহত কিছুমান বন, গছৰ গুটিৰ বিষয়েও উল্লেখ আছে। মেথি গুটি জাৰি মানুহৰ গাত ছটিয়ালে ভূত আঁতৰে বুলি বিশ্বাস কৰা হয়। এটি মেথি জৰা মন্ত্ৰ এনেধৰণৰ–

খুশী মনে ভূত কেন হেথা আসিল।

কেন বা অমুকেৰ সঙ্গে ভৰ কৰিল।।

লাখ প্ৰণাম কৰি সাঁইয়েৰ পায়।

অমুকেৰ অঙ্গ ছাড়ি ভূত যেন যায়।।

মেথিৰ গন্ধেতে ভূত পালায় দূৰ।

মেথিৰ মাঝাৰে থাকে মন্ত্ৰেৰ সুৰ।।

‘ভূত-প্ৰেত’ৰ কাৰ্যাৱলীৰ বিজ্ঞানসন্মত ব্যাখ্যা

বিজ্ঞানৰ সহায়ত প্ৰাকৃতিক পৰিঘটনাবোৰৰ ব্যাখ্যা আৰম্ভ হোৱাৰ লগে লগে মানুহৰ ভূত-প্ৰেতৰ প্ৰতি থকা বিশ্বাস পূৰ্বতকৈ হ্ৰাস হ’বলৈ ধৰে। বৈজ্ঞানিক ব্যাখ্যা অনুসৰি মানুহৰ শৰীৰ অজস্ৰ কোষৰ সমষ্টি। কোষবোৰৰ বিভিন্ন ধাৰাই বিভিন্ন ধৰণে কাম-কাজ কৰে। মগজুৰ কোষৰ কাম হ’ল¸ দেহৰ অন্যান্য কোষৰ কাম-কাজ নিয়ন্ত্ৰণ কৰা। মগজুৰ কোষতেই থাকে মানুহৰ ‘মন’ আৰু তথাকথিত ‘আত্মা’। মানুহৰ মৃত্যু মানেই সকলো কোষৰ মৃত্যু। গতিকে আত্মা অবিনশ্বৰ বোলা ধাৰণাটোৰ কোনো বাস্তৱ ভিত্তি নাই। ১০

মনোবিজ্ঞানীসকলৰ মতে, ভূতে পোৱা বা ভূতে ধৰাটো এক মানসিক ৰোগ আৰু বেছিভাগৰ ক্ষেত্ৰতে সেয়া উন্মাদ ৰোগ বা হিষ্টিৰিয়া ৰোগ বুলি প্ৰমাণিত হৈছে। এই ৰোগৰ প্ৰসংগত মনোবিজ্ঞানী ফ্ৰয়েডে কৈছিল যে অৱদমিত স্মৃতি (repressed memory)ৰ পৰাই উন্মাদ ৰোগৰ সৃষ্টি হয়। কিছুমান ঘটনাই শিশুমনত প্ৰচণ্ডভাৱে খং-ক্ষোভ, দুখ-শোক, ভয়-ভীতি আদি অনুভূতিৰ সৃষ্টি কৰে; অথচ সেই অনুভূতিবোৰ কাৰো আগত প্ৰকাশ কৰাটো সম্ভৱপৰ নহয়। পৰৱৰ্তী সময়ত সেই অৱদমিত অনুভূতিৰ স্মৃতিবোৰেই মানুহ এজনক উন্মাদ কৰি তুলিব পাৰে। সেয়ে এনে ৰোগীক বেজৰ ওচৰলৈ নিয়াতকৈ মানসিক চিকিৎসকৰ ওচৰলৈ নিয়াটো খুবেই প্ৰয়োজনীয়। ১১

চিজোফ্ৰেনিয়া আৰু মেনিয়াক ডিপ্ৰেছিভ নামৰ মানসিক ৰোগত আক্ৰান্ত ব্যক্তিকো তেওঁলোকৰ অস্বাভাৱিক আচৰণৰ বাবে ভূতে পোৱা বুলি ভবা হয়। চিজোফ্ৰেনিয়া ৰোগত আক্ৰান্ত মানুহে নিজৰ চিন্তাৰ মাজত গভীৰভাৱে প্ৰৱেশ কৰি পৰিয়ালৰ লগতে বহিৰ্জগতখনৰ পৰা নিজকে পৃথক কৰি আনে বাবে পৰিয়ালৰ লোকসকল শংকিত হৈ পৰে। ইপিনে, অতৃপ্ত যৌন বাসনা, অতৃপ্ত প্ৰেমজনিত কাৰণতে বহু মানুহ মেনিয়াক ডিপ্ৰেছিভ ৰোগৰ চিকাৰ হয়। উল্লেখ্য যে ভূতে আমন্ত্ৰণ জনোৱা বুলি বহু ব্যক্তিয়ে নিশাৰ ভাগত টোপনিতে ঘৰৰ দুৱাৰ খুলি বাহিৰলৈ ওলাই যায়। মনোবিজ্ঞানে ইয়াক স্বপ্নচাৰিতা (Somnambulism) নামৰ এবিধ ৰোগ বুলি অভিহিত কৰিছে।

মনোবিজ্ঞানীসকলে ভয় বা ভ্ৰমেই ভূতৰ সৃষ্টি কৰে বুলি ব্যাখ্যা আগবঢ়াইছে। মানসিক ভ্ৰমক কেইবাটাও ভাগত ভগাব পাৰি– (ক) দৃষ্টিভ্ৰম (Visual Hallucination), (খ) শ্ৰৱণভ্ৰম (Auditory Hallucination), (গ) স্পৰ্শভ্ৰম (Tactile Hallucination) আদি।

(ক) দৃষ্টিভ্ৰম (Visual Hallucination) : ভূত-প্ৰেত দেখা পাইছোঁ বুলি দৃঢ়তাৰে দাবী কৰা মানুহসকল এই ভ্ৰমৰ বলি হয়। ৰাতি ভূতৰ ছাঁ দেখা, বগা কাপোৰ পিন্ধা বুঢ়া ডাঙৰীয়া দেখা আদি এই ভ্ৰমৰ অন্তৰ্গত।

(খ) শ্ৰৱণভ্ৰম (Auditory Hallucination) : কোনো অজ্ঞাত লোকৰ কথা বা বিভিন্ন শব্দ শুনা বুলি দাবী কৰা মানুহসকল এই ভ্ৰমৰ বলি হয়। বাঁকে মাছ খোৱা, ভূতে বেৰত বগোৱা, হাবিত সুহুৰি মৰা আদি এই ভ্ৰমৰ ভিতৰত পৰে।

(গ) স্পৰ্শভ্ৰম (Tactile Hallucination) : এই ভ্ৰমে কোনোবাই হঠাৎ গাত স্পৰ্শ কৰা যেন অনুভৱ কৰায়। সাধাৰণতে গাত ভূত-প্ৰেত লম্ভা বুলি কোৱা মানুহখিনি এই ভ্ৰমৰ অন্তৰ্গত।১২

পৃথিৱীত শক্তি বিভিন্ন ৰূপত বিৰাজমান হৈ থাকে। শক্তিয়ে তাৰ ৰূপ বিভিন্ন প্ৰকাৰে (যেনে– উত্তাপ, পোহৰ, ৰাসায়নিক শক্তি, বৈদ্যুতিক শক্তি) পৰিৱৰ্তন কৰিব পাৰে। শক্তিৰ এই পৰিৱৰ্তনেই সাধাৰণ মানুহৰ দৃষ্টিত ভৌতিক কাৰ্য-কলাপ হৈ পৰে। উদাহৰণস্বৰূপে, শুকান গছৰ পাত আদিৰ পৰা উৎপন্ন হোৱা গেছবোৰ কেতিয়াবা জুই হৈ জ্বলি উঠিছিল বাবে লোকমনে সেই প্ৰাকৃতিক পৰিঘটনাক ধনগুলৈ বুলি কৈছিল। কিছুমান ‘ভৌতিক’ কাৰ্যকলাপৰ উৎস সাধাৰণ অনুমানৰ জৰিয়তেই নিৰ্ণয় কৰিব পাৰি। যেনে– মাছে ৰাতি নিজানত অক্সিজেন ল’বলৈ বা পোক-পৰুৱা খাবলৈ পানীৰ ওপৰভাগলৈ ওলাই আহে। অক্সিজেন লওঁতে বা পোক-পৰুৱা খাওঁতে লগত পানী সোমাই যোৱাৰ ফলত চপ্ চপ্ শব্দ এটা হয়। চপ্ চপকৈ শব্দ হোৱাটোকে বহুত সাধাৰণ মানুহে বাঁকে মাছ খোৱা বুলি ভাবে।

সেইদৰে, পুৰুষতান্ত্ৰিক সমাজৰ অৱদমিত আৰু অৱহেলিত নাৰীসকলৰ কিছুমানে সেই অৱদমন আৰু অৱহেলাৰ বিৰুদ্ধে মাত মাতিবলৈ গৈ সমাজত প্ৰতিপত্তিশীল আৰু অলৌকিক শক্তিৰ অধিকাৰিণী হ’বলৈ প্ৰয়াস কৰিছিল আৰু তাৰ লগে লগে ডাইনী বিদ্যাৰ চৰ্চা আৰম্ভ কৰিছিল। ডাইনীয়ে নিৰোগী মানুহৰ শৰীৰত ৰোগ সৃষ্টি কৰিব পাৰে বুলি লোকসমাজত অন্ধবিশ্বাস প্ৰচলিত হোৱাত কোনো ৰোগীৰ পৰিয়ালৰ লোকে একোগৰাকী নাৰীক ডাইনী সজাই হত্যা কৰি ৰোগীক ৰোগমুক্ত কৰাৰ চেষ্টা চলায়। ১৩

সৌ সিদিনালৈকে অসমৰ বহু ভিতৰুৱা ঠাইৰ চিকিৎসা ব্যৱস্থা, প্ৰসূতি পৰিচাৰ্য আদি তেনেই নিম্ন মানৰ আছিল বাবে সন্তান প্ৰসৱৰ সময়ত নাৰীৰ মৃত্যু হোৱাটো স্বাভাৱিক ঘটনাৰ দৰে আছিল। যখিনীৰ কোপদৃষ্টিৰ ফলতে প্ৰসূতি নাৰীৰ মৃত্যু হয় বুলি ভাবি যখিনীক পূজা কৰা হৈছিল।

লোকবিশ্বাস বনাম যুক্তিবাদী আন্দোলন

আধুনিক শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰে অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰিব বুলি আশা কৰা হৈছিল। কিন্তু, ভাৰতত শিক্ষিতৰ সংখ্যা বৃদ্ধি হোৱাৰ পাছতো অন্ধবিশ্বাস-কুসংস্কাৰ আশানুৰূপভাৱে দূৰ হোৱা নাই। এচাম মানুহ অজ্ঞতা আৰু নিৰক্ষৰতাৰ হেতু অন্ধবিশ্বাসৰ বলি হোৱাটো আচৰিত কথা নহয়। কিন্তু, শিক্ষিতসকলো অন্ধবিশ্বাসৰ বলি হ’লে চিন্তা আৰু উদ্বেগৰ বিষয় হৈ পৰে। দেখা যায় যে বিজ্ঞান শিক্ষাৰে শিক্ষিত বহু আধুনিক ব্যক্তি বা বিজ্ঞানীয়েও ভূত-প্ৰেতক সঁচা বুলি বিশ্বাস কৰে। আচলতে তেওঁলোকে উচ্চ আৰু আধুনিক শিক্ষা লাভ কৰাৰ পাছতো এক যুক্তিবাদী মন গঢ় দি ল’ব নোৱৰাৰ বাবেই অন্ধবিশ্বাসৰ বলি হৈ পৰে। এনে ব্যক্তিসকলৰ মন প্ৰকোষ্ঠকৃত হয়। ‘অৰ্থাৎ একোটা মনৰ এভাগতে থাকে যুক্তিবাদী ধ্যান-ধাৰণা; আনটো ভাগত থাকে যুক্তিহীন অন্ধবিশ্বাসৰ নিচিনা আৱেগিক ধ্যান-ধাৰণাসমূহ। যুক্তিহীন আৱেগিক ধ্যান-ধাৰণাৰ প্ৰাবল্যই এনে লোকৰ যুক্তিবাদী ধ্যান-ধাৰণা নস্যাৎ কৰে।’ ১৪

নক’লেও হয় যে ‘বৈজ্ঞানিক চিন্তা-চৰ্চাৰ মূল নীতি হ’ল যুক্তি আৰু বিশ্লেষণৰ ভিত্তিত কোনো কথা গ্ৰহণ কৰাটো। তেনে যুক্তি, বিশ্লেষণ আৰু বৰ্তমানলৈ সংগৃহীত বৈজ্ঞানিক তথ্যৰ ভিত্তিত বিবেচনা কৰি চালে দেখা যাব যে কিছুমান বিশ্বাস আৰু পৰম্পৰাগত নিয়ম একেবাৰে অবৈজ্ঞানিক। সেইবোৰ মাত্ৰ চলাই দিয়া, চলি অহা কথা, তাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। এইবোৰকে আমি অন্ধবিশ্বাস বুলি ক’ব পাৰোঁ।’১৫ এখন সুস্থ আৰু সবল সমাজ গঢ়াৰ স্বাৰ্থতে যিকোনো অন্ধবিশ্বাস আৰু কুসংস্কাৰ– ভূত-প্ৰেত সম্পৰ্কীয়ই হওক বা ধৰ্মীয় ৰীতি-নীতি সম্পৰ্কীয়ই হওক– দূৰীকৰণৰ বাবে বিজ্ঞানমনস্ক আৰু যুক্তিবাদী ব্যক্তিসকল আগবাঢ়ি অহা উচিত। ভূত-প্ৰেত সম্পৰ্কীয় কথাবোৰ লোকবিশ্বাস বা লোকসাহিত্যৰ গণ্ডীত আবদ্ধ হৈ থাকিলে সমাজৰ ক্ষতি নহয়; কিন্তু সমাজৰ অংশীদাৰসকলে অন্ধবিশ্বাস আৰু লোকবিশ্বাসৰ মাজৰ পাৰ্থক্যটো উপলব্ধি কৰিবলৈ সক্ষম হ’ব লাগিব।

যুক্তিবাদী আন্দোলনক শক্তিশালী কৰি তুলিবলৈ শিশুসকলক সৰুৰে পৰাই বিজ্ঞানমনস্ক কৰি তোলা প্ৰয়োজন। শিশুক ভয় খুৱাবৰ বাবে ভূত-প্ৰেতৰ সাধু কোৱাটো অনুচিত। মনোৰঞ্জনৰ বাবে তেনে সাধু ক’লেও ভূত-প্ৰেত যে কাল্পনিক ধাৰণা, সেয়া বাৰে বাৰে সোঁৱৰাই দিব লাগে। কিয়নো, শিশুৰ অৱচেতন মনত ভূত-প্ৰেতৰ প্ৰতি ভয়ৰ ভাৱ শিপাই গ’লে পৈণত বয়সত সেয়া দূৰ কৰাটো কঠিন হৈ পৰে। পৈণত বয়সত তেওঁ এক যুক্তিবাদী মনৰ গৰাকী হোৱাৰ পাছতো বা ভূত-প্ৰেতক অলপো বিশ্বাস নকৰাৰ পাছতো ৰাতিৰ অন্ধকাৰ বা নিৰ্জন স্থানত অকলশৰে থাকিলে তেওঁৰ অচেতনত শিপাই থকা ভূত-প্ৰেত ভীতি উদ্ৰেক হ’ব পাৰে।

বহু মানুহে আকৌ ভূত আছে নে নাই– সেই সম্পৰ্কত আজিও নিশ্চিত হ’ব পৰা নাই। কিছুমান প্ৰাকৃতিক পৰিঘটনাৰ যথোচিত ব্যাখ্যা আধুনিক বিজ্ঞানে দিবলৈ সক্ষম নোহোৱাৰ সুযোগ লৈয়েই এচাম সুবিধাবাদীয়ে ভূতৰ কাহিনী প্ৰচাৰ কৰা দেখা যায়। এনেধৰণৰ প্ৰচাৰৰ আঁৰত ব্যৱসায়িক উদ্দেশ্যও থাকে। গতিকে, এনে অসৎ উদ্দেশ্যসমূহ যুক্তিবাদীসকলেই পোহৰলৈ অনা প্ৰয়োজন।

সাধাৰণ মানুহৰ দৰিদ্ৰতা বা আৰ্থিক দুৰৱস্থাৰ বাবেও যুক্তিবাদী আন্দোলনটোৱে আশা কৰা ধৰণে প্ৰসাৰতা লাভ কৰা নাই। সমাজৰপৰা আৰ্থিক বৈষম্য দূৰ নোহোৱালৈকে ভূত-প্ৰেত সম্পৰ্কীয় অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ মূলোচ্ছেদ কৰাটো ইমান সহজো নহয়। সেয়ে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে যুক্তিবাদী মানুহৰ যুঁজখন নিঃসন্দেহে দীঘলীয়াই হ’ব।

তথ্য উৎস

১. দত্ত বৰুৱা, ডাঃ জীৱন : ভূত-প্ৰেত আত্মা : আন এক অন্ধবিশ্বাস; অন্ধবিশ্বাস আৰু কুসংস্কাৰ, স্পন্দন প্ৰকাশ, গুৱাহাটী, প্ৰথম সংস্কৰণ, ২০১৬ চন। পৃঃ ৫২

২. শৰ্মা, ডাঃ জয়দেৱ : মানুহৰ ৰোগ, নাৰীদেহৰ সমস্যা আৰু অবৈজ্ঞানিক ধাৰণা, ইলোৰা বিজ্ঞান মঞ্চ, গুৱাহাটী, প্ৰথম প্ৰকাশ, ২০১৭ চন। পৃঃ ৭

৩. বৰ্মন, ড০ শিৱনাথ :লোককৃষ্টিৰ উৎস, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, চতুৰ্থ প্ৰকাশ, ২০১৫ চন। পৃঃ ৯

৪. শৰ্মা, ড০ নবীন চন্দ্ৰ :অসমীয়া লোকসংস্কৃতিৰ আভাস, বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড, গুৱাহাটী, পঞ্চম প্ৰকাশ, ২০১১ চন। পৃঃ ১০১

৫. (সংকলকৰ নাম উল্লেখ নাই) :মন্ত্ৰ সংগ্ৰহ পুথি, ভট্টাচাৰ্য এজেঞ্চী, ডিব্ৰুগড়, (গ্ৰন্থৰ সংস্কৰণ আৰু প্ৰকাশৰ চন উল্লেখ নাই)। পৃঃ ২৪-২৫

৬. বৰুৱা, ড০ বিৰিঞ্চি কুমাৰ : মন্ত্ৰ পুথিৰ গদ্য; অসমীয়া কথা সাহিত্য, জাৰ্ণাল এম্প’ৰিয়াম, নলবাৰী, ষষ্ঠ তাঙৰণ, ১৯৯৭ চন। পৃঃ ১৪

৭. বৰুৱা, ড০ বিৰিঞ্চি কুমাৰ : মন্ত্ৰ-সাহিত্যত মধ্যযুগৰ অসম; অসমীয়া ভাষা আৰু সংস্কৃতি, জাৰ্ণাল এম্প’ৰিয়াম, নলবাৰী, পঞ্চম সংস্কৰণ, ১৯৯২ চন। পৃঃ ৯১

৮. গোস্বামী, শ্ৰীহীৰেন্দ্ৰ কুমাৰ (সম্পা.) : ভূত-প্ৰেতাদি প্ৰকৰণ; ডাকিনী তন্ত্ৰ, বীণা লাইব্ৰেৰী, গুৱাহাটী, প্ৰথম সংস্কৰণ, ২০১৫ চন। পৃঃ ৬১

৯. গোস্বামী, শ্ৰীহীৰেন্দ্ৰ কুমাৰ (সম্পা.) : ভূত-প্ৰেতাদি প্ৰকৰণ; পূৰ্ব উল্লেখিত গ্ৰন্থ। পৃঃ ৬২

১০. দত্ত বৰুৱা, ডাঃ জীৱন : হাঁচি মৰা, শালিকা দেখা, মেকুৰী, তাবিজ, ভূত, আত্মা; পূৰ্ব উল্লেখিত গ্ৰন্থ। পৃঃ ৪৭

১১. ভট্টাচাৰ্য, সোমনাথ : ভূতে ধৰা, ভৰ হওয়া, না হিস্টিৰিয়া; বিজ্ঞান অবিজ্ঞান অপবিজ্ঞান, উৎস মানুষ সংকলন, দুই খণ্ড একত্ৰে প্ৰথম প্ৰকাশ, ২০১৬ সাল। পৃঃ ৩১

১২. চাংমাই, নিতুল : বিশ্বাসৰপৰা অন্ধবিশ্বাসলৈ; যুক্তিৰ পোহৰত সমাজ, (সম্পা. : প্ৰসেনজিৎ চৌধুৰী, ইন্দিবৰ দেউৰী), অসম পাবলিচিং কোম্পানী, প্ৰথম প্ৰকাশ, ২০১৪ চন। পৃঃ ১২৩-১২৪

১৩. শৰ্মা, ডাঃ জয়দেৱ : পূৰ্ব উল্লেখিত গ্ৰন্থ। পৃঃ ১৩

১৪. দত্ত বৰুৱা, ডাঃ জীৱন : বিজ্ঞান আৰু অন্ধবিশ্বাস; পূৰ্ব উল্লেখিত গ্ৰন্থ। পৃঃ ৮৪

১৫. গোস্বামী, ড০ দীনেশ চন্দ্ৰ : আমাৰ কিছুমান বিশ্বাস-অন্ধবিশ্বাস আৰু বৈজ্ঞানিক দৃষ্টিকোণ; বৈজ্ঞানিক মন বৈজ্ঞানিক চিন্তা, ষ্টুডেন্টচ্ ষ্ট’ৰচ্, গুৱাহাটী, তৃতীয় সংস্কৰণ, ২০১৪ চন। পৃঃ ৩৮

সমল  গ্ৰন্থ

১. চেতিয়া, উমেশ : অসমৰ লোকসংস্কৃতিৰ ৰূপৰেখা, কিৰণ প্ৰকাশ, ধেমাজি, প্ৰথম প্ৰকাশ, ২০০৮ চন।

২. বৰুৱা, ড০ বিৰিঞ্চি কুমাৰ : অসমৰ লোক সংস্কৃতি, ১৯৬১ চন।

Leave a Reply

Your email address will not be published. Required fields are marked *