লুইজ এলিজাবেথ গ্লুকৰ কবিতা-(অনুবাদ:কিশোৰ কুমাৰ দাস)
(অনুবাদকৰ টোকা: “স্পষ্ট কাব্যিক কণ্ঠস্বৰ যি কঠোৰ সৌন্দৰ্যৰ দ্বাৰা ব্যক্তিগত অস্তিত্বক সাৰ্বজনীন কৰি তুলিছে।”, এয়া আছিল লুইজ গ্লুকলৈ তেওঁৰ সাহিত্য কৰ্মৰাজিক দিয়া স্বীকৃতি। উল্লেখযোগ্য যে তেওঁ ২০২০ ৰ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
লুইজ এলিজাবেথ গ্লুক ভাষিক নিখুঁততা তথা গীতিধৰ্মী কবিতাৰ বাবে সৰ্বাধিক জনাজাত। তেওঁ কবিতাত আৱেগিক তীব্ৰতা, ব্যক্তিগত অভিজ্ঞতা আৰু আধুনিক জীৱনৰ ওপৰত ধ্যান কৰিবলৈ সঘনাই পৌৰাণিক কাহিনী বা প্ৰকৃতিৰ প্ৰতিচ্ছবি আঁকিবলৈ চেষ্টা কৰিছে। বিষয়গতভাৱে তেওঁৰ কবিতাবোৰে আঘাত, আকাংক্ষা আৰু প্ৰকৃতিৰ দিশবোৰ আলোকিত কৰিছে। ইয়াৰ দ্বাৰা তেওঁৰ কবিতা দুখ আৰু বিচ্ছিন্নতাৰ স্পষ্ট অভিব্যক্তিৰ প্ৰতিফলনৰ বাবে জনাজাত হৈ পৰিছে। তেওঁ তেওঁৰ সমগ্ৰ কাব্যিক জীৱনত মৃত্যু, লোকচান, কষ্ট, বিফল সম্পৰ্ক, আৰু আৰোগ্য আৰু নৱীকৰণৰ প্ৰচেষ্টাৰ বিষয়ে লিখিছে। তেওঁৰ কবিতাৰ আন এটা উমৈহতীয়া বিষয় হৈছে আকাংক্ষা। বহুতো প্ৰকাৰৰ আকাংক্ষাৰ বিষয়ে পোনপটীয়াকৈ লিখিছে- উদাহৰণ স্বৰূপে, প্ৰেম বা অন্তৰ্দৃষ্টিৰ আকাংক্ষা। তেওঁৰ কবিতাবোৰে প্ৰায়ে বিৰোধী দৃষ্টিভংগী গ্ৰহণ কৰে। “স্থিতি, ক্ষমতা, নৈতিকতা, লিংগ আৰু সৰ্বাধিক ভাষাৰ সৈতে তেওঁৰ নিজৰ দ্বৈত সম্পৰ্ক” প্ৰতিফলিত কৰে। পণ্ডিতসকলে তেওঁৰ কাব্যিক ব্যক্তিত্ব নিৰ্মাণ আৰু সম্পৰ্কৰ ক্ষেত্ৰত কবিতাত প্ৰভাৱ পৰা আত্মকথা আৰু শাস্ত্ৰীয় পৌৰাণিক কাহিনীৰ মাজত গুৰুত্ব দিছে।)
(১)
কেঁচু
মূল: Earthworm
মানুহ নহ’লেও দুখ কৰিবলগীয়া নাই
নতুবা সম্পূৰ্ণৰূপে পৃথিৱীত থকাবোৰৰ এটাও নহয়
হেয়জ্ঞান কৰা বা শূন্যতাও মনৰেই এক অৱস্থা
প্ৰাধান্য ৰক্ষা কৰিবলৈ
যিহেতু এয়া তেওঁলোকৰ প্ৰকৃতি
যিসকলে গভীৰতাক ভয় কৰিবলৈ উপৰিভাগত খোজ কাঢ়ে
অৱস্থানে অনুভৱ নিৰ্ধাৰণ কৰে।
আৰু তথাপিও বস্তু এটাৰ ওপৰত খোজ কঢ়াটোৱে তাৰ ওপৰত জয়ী সাব্যস্ত কৰা নুবুজায়
ই অধিক বিপৰীত
ছদ্মবেশী নিৰ্ভৰশীলতা
যাৰ দ্বাৰা দাসে মালিকক সম্পূৰ্ণ কৰে।
তেনেদৰেই মনটোৱে নিয়ন্ত্ৰণ কৰিব নোৱাৰা বস্তুটোক অৱজ্ঞা কৰে
যিয়ে পাছলৈ ইয়াক ধ্বংস কৰে।
ঘূৰি অহাটো বেদনাদায়ক নহয় মুক বা দৃষ্টিহীন হৈ
যদি বৌদ্ধসকলৰ দৰে জীৱনটো অস্বীকাৰ কৰা নাযায়
আত্মাৰ তথ্য-পাতি
এক নিৰ্দিষ্ট স্থানত উন্মেষ
মনটোৱে গৰ্ভধাৰণ কৰিব নোৱাৰে
সম্পূৰ্ণ শাৰীৰিক হোৱাৰ বাবে নহয়
এয়া এক ৰূপক।
আপোনাৰ মত কি?
অসীম
যিটো জুখিব নোৱাৰি।
*****
(২)
গাওঁৰ জীৱন
মূল: A village life
মৃত্যু আৰু অনিশ্চয়তা যিয়ে মোৰ বাবে অপেক্ষা কৰি আছে
অপেক্ষা কৰি আছে সকলো পুৰুষৰ বাবে
ছাঁবোৰে মোক মূল্যাঙ্কন কৰিছে
কিয়নো এজন মানুহক ধ্বংস কৰিবলৈ সময় লাগিব পাৰে
সংৰক্ষণ কৰিব লাগিব
ৰহস্যৰ উপাদান
দেওবাৰে মই মোৰ চুবুৰীয়াৰ কুকুৰটো খোজ কঢ়াবলৈ নিওঁ
যাৰ বাবে তাই তাইৰ অসুস্থ মাতৃৰ বাবে প্ৰাৰ্থনা কৰিবলৈ যাব পাৰে
কুকুৰটোৱে দুৱাৰমুখত মোৰ বাবে অপেক্ষা কৰে
গ্ৰীষ্ম আৰু শীতকাল
আমি একেটা ৰাস্তাতে খোজ কাঢ়ো
ৰাতিপুৱা
কেতিয়াবা কুকুৰটো মোৰ পৰা আঁতৰি যায়
এক বা দুই মুহূৰ্তৰ বাবে
মই তাক গছবোৰৰ পিছফালে দেখা নাপাওঁ
যাৰ বাবে সি খুব গৌৰৱান্বিত
এই একে কৌশলেৰে সি মাজে মাজে ওলাই আহে আৰু পুনৰ ধৰা দিয়ে
মোৰ অনুগ্ৰহ স্বৰূপে
তাৰ পিছত, মই কাঠ সংগ্ৰহ কৰিবলৈ মোৰ ঘৰলৈ উভতি যাওঁ
মই প্ৰতিটো খোজৰ পৰা মোৰ মনত প্ৰতিটো খোজৰ ছবি ৰাখোঁ:
বসন্তৰ আৰম্ভণিতে ৰাস্তাৰ কাষত বাঢ়ি অহা লতাবোৰ
কুকুৰটোৱে সৰু ধূসৰ নিগনিবোৰক খেদি ফুৰিছিল
গতিকে কিছু সময়ৰ বাবে এইটো সম্ভৱ যেন লাগিছে
শৰীৰ দুৰ্বল হোৱাৰ কথা নাভাবিব
অনুপাত শূন্য স্থানান্তৰলৈ শৰীৰৰ
আৰু প্ৰাৰ্থনাবোৰ মৃতসকলৰ বাবে প্ৰাৰ্থনা হৈ পৰিছে
দুপৰীয়া, গীৰ্জাৰ ঘণ্টাধ্বনি শেষ হ’ল
অতিৰিক্ত পোহৰ: তথাপিও কুঁৱলীয়ে ঘাঁহনিডৰা আৱৰি ধৰে
যাতে আপুনি দেখা নাপায়
দূৰৈত থকা পৰ্বতটো তুষাৰপাত আৰু বৰফেৰে আবৃত
যেতিয়া এইটো পুনৰ দেখা যায়
মোৰ চুবুৰীয়াই ভাবে যে
তাইৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়া হৈছে
ইমান পোহৰত তাই তাইৰ সুখ নিয়ন্ত্ৰণ কৰিব নোৱাৰে
এইটো ভাষাৰে প্ৰকাশিত হ’ব লাগিব
নমস্কাৰ, তাই চিঞৰি উঠিল
যেন সেয়া তাইৰ সৰ্বশ্ৰেষ্ঠ অনুবাদ
মই পৰ্বতত বিশ্বাস কৰাৰ দৰে তাই কুমাৰীত বিশ্বাস কৰে
যদিও এটা ক্ষেত্ৰত কুঁৱলী তেতিয়াও কমি যোৱা নাই
কিন্তু প্ৰতিজন ব্যক্তিয়ে তেওঁৰ আশা বেলেগ বেলেগ ঠাইত সংৰোপিত কৰে
নিজেই নিজৰ চুপ বনাইছো
গ্লাছত মদ বাকী লৈছোঁ
মই বৰ টেনছনত আছোঁ
যেন এক শিশুয়ে কৈশোৰত উপনীত হৈছে
সোনকালেই আপুনি কি সেয়া নিশ্চিতভাৱে সিদ্ধান্ত লোৱা হ’ব
এটা কথা, এজন ল’ৰা নাইবা এজনী ছোৱালী
দুয়োটা কিন্তু নহয়
আৰু শিশুটোৱে ভাবে: কি হয় তাৰ ওপৰত মই এক মতামত দিব বিচাৰোঁ
কিন্তু শিশুটোৰ কথাৰ মূল্য নাই
যেতিয়া মই সৰু আছিলোঁ
মই এইটো ভৱিষ্যতবাণী কৰা নাছিলোঁ
পিছত, সূৰ্য অস্ত যায়, ছাঁবোৰ একত্ৰিত হয়,
জন্তুৰ দৰে নিম্ন জোপোহাবোৰে তলমূৰ কৰি ৰাতিটোৰ বাবে সাৰ পাই আছে
ভিতৰত, কেৱল একুৰা জুইৰ পোহৰ
লাহে লাহে যি ম্লান হৈ যায়
এতিয়া কেৱল আটাইতকৈ গধুৰ কাঠৰ স্থিৰতা
বাদ্যযন্ত্ৰৰ শ্বেল্ফবোৰৰ ওপৰেৰে যি শব্দ কৰি আছে
মই কেতিয়াবা শুনিছোঁ তেওঁলোকৰ পৰা অহা সংগীতৰ শব্দ
আনকি তেওঁলোকৰ ক্ষেত্ৰতো ই আবদ্ধ হৈ আছে
যেতিয়া মই চৰাই আছিলোঁ, মই বিশ্বাস কৰিছিলো যে মই এজন মানুহ হ’ম
এয়াই বাঁহী
আৰু শিঙে উত্তৰ দিয়ে
যেতিয়া মই এজন পুৰুষ আছিলোঁ, মই চৰাই হ’বলৈ চিঞৰিছিলোঁ
তাৰ পিছত সংগীত নাইকিয়া হৈ যায়
আৰু সেই ৰহস্য যিয়ে মোক বিশ্বাস যোগায়
সেয়াও নাইকিয়া হয়
খিৰিকীৰে দেখি
চন্দ্ৰটো পৃথিৱীৰ ওপৰতে ওলমি আছে
অৰ্থহীন কিন্তু বাৰ্তাৰে পৰিপূৰ্ণ
এইটো মৰিছে, ই সদায় মৰিয়েই আছে
কিন্তু ই আন কিবা হোৱাৰ ভাও লয়
তৰাৰ দৰে জ্বলি থকা, আৰু বিশ্বাসযোগ্যভাৱে
যাতে আপুনি কেতিয়াবা অনুভৱ কৰে
ই প্ৰকৃততে পৃথিৱীত কিবা এটা বিকশিত কৰিব পাৰে
যদি আত্মাৰ প্ৰতিচ্ছবি থাকে, মই ভাবো সেয়াই
মই অন্ধকাৰৰ মাজেৰে এনেদৰে আগবাঢ়ো যেন এইটো মোৰ বাবে স্বাভাৱিক
যেন মই ইতিমধ্যে ইয়াৰ এটা কাৰক আছিলোঁ
শান্ত আৰু স্থিৰ ৰাতিপুৱা
বজাৰৰ দিনা, মই মোৰ লেটুচবোৰ লৈ বজাৰলৈ যাওঁ।
*****
(৩)
অক্টোবৰ
মূল: October
১।
আকৌ শীত আহিল নেকি? আকৌ ঠাণ্ডা পৰিল নেকি?
ফ্ৰাংকে জানোঁ বৰফত শুই পৰা নাই?
সি ভাল পোৱা নাই নে? বসন্তৰ বীজবোৰ ৰোপণ কৰা নাইনে?
নিশাটো শেষেই হোৱা নাই নে?
গলা বৰফৰ পানীয়ে ঠেক নলাবোৰ ওপচাই পেলোৱা নাই নে?
মোৰ দেহটো ৰক্ষা পৰা নাই নে? এইটো নিৰাপদ নহয়নে?
ক্ষতবোৰ আঘাটতকৈ অদৃশ্য নহয়নে?
আতংক আৰু ঠাণ্ডা
এইবোৰ শেষ হোৱা নাইনে?
পিছফালৰ বাগিছাখনত শস্য ৰোৱা হোৱা নাইনে?
মনত পৰে মাটি চুই কেনেকুৱা লাগে, ৰঙা আৰু গভীৰ
সুসংবদ্ধ শাৰীবোৰত গুটিবোৰ ৰোৱা হোৱা নাইনে?
লতাবোৰ দক্ষিণৰ বেৰখনত বগোৱা নাইনে?
মই তোমাৰ মাত শুনিবলৈকে পোৱা নাই
মুক্ত পথাৰখনত সুহুৰিয়াই থকা বতাহৰ কান্দোনৰ বাবে
আৰু মন নকৰোঁ
যি শব্দই নকৰক কিয়
যেতিয়া মই মৌন হৈ আছিলো
শব্দবোৰ বৰ্ণনা কৰিবলৈ ইমান গুৰুত্বপূৰ্ণ নাছিল
যেনেকুৱা শব্দই নহওক কিয় ই বস্তুটোক সলাব নোৱাৰে
নিশাটো শেষেই হোৱা নাই নে? শস্য ৰোৱাৰ সময়ত মাটিখিনি বিপদমুক্ত আছিলনে?
বীজবোৰ আমি ৰোৱা নাইনে?
মাটিৰ বাবে আমিবোৰ প্ৰয়োজনীয় হয়নে?
লতাবোৰৰ পৰা শস্য চপোৱা হ’লনে?
২।
জহৰ পিছত আকৌ জহকাল পাৰ হৈ গ’ল
হিংসাৰ পিছত শান্তিপানী ছটিওৱা হৈ গ’ল
একো ভাল কৰা নাছিল মোৰ
এতিয়া মই ভাল হ’বলৈ
সলাই দিলে মোক হিংসাত্মক কাৰ্যকলাপে
কাহিলী পুৱা
পাহাৰবোৰ জিলিকি উঠে জ্বলি থকা জুইৰ দৰে
উজ্বলি উঠে খেতিপথাৰবোৰো
মই জানো মই কি দেখোঁ
সেই যে সূৰ্য্যটো সেইটো আগষ্টৰ সূৰ্য্যটোও হ’ব পাৰে
যিবোৰ কাঢ়ি নিছিল ঘূৰাই দিবলে
শুনিছানে তুমি এই মাত? এয়া মোৰ মন মগজুৰ মাত
এতিয়া আৰু তুমি মোৰ দেহটো চুব নোৱাৰা
এবাৰ যি সলনি হ’ল, কঠিন হৈ গ’ল
আকৌ নকবা প্ৰত্যুত্তৰ দিবলৈ
জহৰ দিন যেন দিনটো
অস্বাভাৱিকভাবে জঠৰ
মেপল গছৰ দীঘলীয়া ছাঁ পৰে শিলাময় ৰাস্তাটোত
আৰু উমাল হৈ উঠে গধুলিটো
ৰাতিটো যেন জহৰ ৰাতি
এইটোৱে মোৰ একো ভাল কৰা নাই
হিংসাত্মক কাৰ্যকলাপে সলাই পেলাইছে মোক
শাৰী শাৰীকৈ থকা পথাৰবোৰৰ দৰেই চেঁচা পৰিব ধৰিছে মোৰ দেহটো
মনত মাথোঁ এটাই চিন্তা
সাৱধানতা
আকৌ উদয় হৈছে সূৰ্য্যটো জহৰ সূৰ্য্যটোৰ দৰেকৈ
ঘৃণাৰ পিছত যেন তৈলমৰ্দন
পাতবোৰ সৰি যোৱাৰ পিছত
শস্যবোৰ চপাই অনাল পিছত
কোৱা মোক এইয়াই ভৱিষ্যৎ বুলি
বিশ্বাস নকৰোঁ তোমাক
কোৱা মোক জীৱিত বুলি
বিশ্বাস নকৰোঁ তোমাক।
৩।
বৰফ পৰিছে
খোলা খিৰিকীৰে সোমাই অহা সুৰটো মনত পৰিছে
পৃথিৱীখনে যেন কৈছে
আহা মোৰ ওচৰলৈ
এইটো ক’বলগীয়া নহয়
শুদ্ধ বাক্যত কোৱা হৈছিল কথাটো
আৰু মই এইদৰেই সৌন্দৰ্য্য বিচাৰি লৈছিলো
সূৰ্যোদয়
কুঁৱলিৰ পাতল আৱৰণ এটাই ছানি ধৰিছে সকলো বস্তু
গাঁতবোৰেই যেন হৈ পৰিছে শীতল পোহৰৰ দলং
মই থিয় হৈছিলোঁ দুৱাৰমুখত
আচৰিত যেন লাগে এতিয়া ভাবিলে
ছবিত অইনসকলে যি বিচাৰি পায়
মই বিচাৰি পাওঁ প্ৰকৃতিত
অইনসকলে যি বিচাৰি পায় মানৱীয় প্ৰেমত
বিচাৰি পাওঁ সেয়া মই প্ৰকৃতিত
একেবাৰেই উজু
কিন্তু তাত নাই কোনো শব্দ
শীত গ’লগৈ
গোট মাৰি থকা লেতেৰাবোৰৰ মাজতেই দেখা গৈছে অংকুৰিত সেউজীয়া
মোৰ ওচৰলৈ আহা, কৈছে পৃথিৱীখনে
ঊলৰ জেকেটটো পিন্ধি মই থিয় হৈ ৰৈছিলো আৰু মই ক’ব পৰা হৈছিলো
বহুদিনৰ আগতে এইটোৱেই মোক সুখ দিছিল
সৌন্দৰ্য্য
দুখ হৰণ কৰি নিয়া শিক্ষক
মৃত্যুয়ে মোক একো কৰিব নোৱাৰে
মোৰ প্ৰিয়তম জীৱন
যিমান তুমি অনিষ্ট কৰিছা।
৪।
পোহৰটোও সলনি হৈছে
সুৰটোও গভীৰ হৈছে
আৰু ৰাতিপুৱাৰ গানবোৰ অত্যাধিক উশৃংখলাৰে ভৰিছে
এয়া বসন্তৰ পোহৰ নহয়
এয়া হেমন্তৰ পোহৰ
হেমন্তৰ পোহৰ এয়া
পলাই সাৰিব নোৱাৰিবা তুমি
গানবোৰ সলনি হৈছে
ক’ব নোৱাৰা কথাবোৰে গানবোৰ ভৰ কৰিছে
এয়া হেমন্তৰ পোহৰ
এয়া পুনৰুজ্জীৱনৰ পোহৰ নহয়
বসন্ত এতিয়াও মৃত নহয়
মই থেকা খালো
মই ভুগিলো
মই বুজিলো
এয়াই বৰ্তমান
এক আবৰ্জনাময় ৰূপক
বহুতো কিবাকিবি সলনি হৈ গ’ল
তথাপিও কিন্তু তুমি ভাগ্যৱান
জ্বৰৰ দৰে জ্বলিছে তোমাৰ সত্তা
কিম্বা জ্বৰৰ দৰে নহয়
জ্বলিছে দ্বিতীয় হৃদয়ৰ দৰে
গানবোৰ সলনি হৈছে
সলনি হৈছে যদিও বৰ সুন্দৰ
সৰু ঠাই এটুকুৰাতে তেওঁলোকে মনোনিৱেশ কৰিছে
মগজুৰ ভিতৰৰ ঠাইটুকুৰাতে
বৰ আন্ধাৰ
নিসংগতা আৰু মূৰৰ বিষৰ সৈতে
তথাপিও সুৰবোৰ বাজে
নিঃশব্দতাৰ মাজত বিকৃত হৈ
অভ্যস্ত হৈ গৈছে কাণখনো
অভ্যস্ত হৈ গৈছে চকুযুৰিও অদৃশ্যতাৰ লগত
সাৰি নোযোৱা তুমিও কিম্বা সাৰি নাযায় সেইটোও যিটো তুমি ভালপোৱা
বতাহজাক আহিল আৰু গ’ল
আচহুৱা পৰিস্থিতি এটা সৃষ্টি কৰি
লৈ গ’ল আঁতৰাই মনটোও
কিমান ভাগ্যৱান তুমি?
তুমি ভালপোৱাটোতে একান্তভাৱে লাগি থাকিবলৈ
আশাৰ লোকচানে ধ্বংস কৰা নাই তোমাক এতিয়াও
মহাশয়
এয়া হেমন্তৰ পোহৰ
এয়া বৰষিছে আমাৰ ওপৰত
এতিয়াও ভাগ্যৱান শেষ কিবা এটাৰ বাবে কাৰোবাৰ ওচৰত ভৰষা কৰিবলৈ
৫।
এইটো সঁচা যে পৃথিৱীখনত সিমান সৌন্দৰ্য্য নাই
এইটোও সত্য যে ইয়াক ঘূৰাই আনিবলৈ মইও কোনো চেষ্টা কৰা নাই
মই ব্যস্ত
সেয়েহে নীৰৱে আছোঁ মই
পৃথিৱীখনৰ অস্বস্তিয়ে আমাক আগুৰি আছে
প্ৰতিটো দিশৰ পৰা
শাৰী শাৰীকৈ থকা গছৰ মাজতেই লুংলুঙীয়া এটা বাট
ইয়াত আমি সংগী
মাতবোল নোহোৱা
ব্যস্ত সকলোৱে নিজৰ নিজৰ চিন্তাত
গছবোৰৰ সিপাৰে
ঘৰবোৰৰ লৌহ দৰ্জা
বন্ধ কোঠালিবোৰ
কেনেবাকৈ মৰুভূমিত পৰিণত
কেনেবাকৈ পৰিত্যক্ত
কোনোবা শিল্পীৰ হে যেন দায়িত্ব ইয়াত আশাৰ সৃষ্টি কৰা
কিন্তু কিহৰ পৰা? ক’ৰ পৰা?
শব্দটোৱেই মিছা
ব্যবচ্ছ্যদনৰ অন্ততঃ অনুভূতিৰ ভুল শুদ্ধ দেখুৱাবলৈ
সময়ছোৱাত জাকজমক সৃষ্টি কৰা পোহৰ
তেতিয়া মই ডেকা আছিলোঁ
সৰু কিতাপখন হাতত লৈ উপপথবোৰেৰে ঘূৰি ফুৰি পৃথিৱীখনৰ লগত যুক্তি তৰ্ক কৰিবলৈ
কবিতাটোত লিখা আছিল
অন্ধকাৰ গুহাপথটোৰ ভিতৰত তুমি অকলশৰীয়া নোহোৱা।
৬।
দিনটোৰ উজ্জ্বলতাই উজ্জ্বলতা হয় ৰাতিটোৰো
জুইকুৰা হয় এখনি আয়না
হে বন্ধু, বৰ তিতা এই পৃথিৱীখন
সূৰ্য্যৰ ৰশ্মিৰ তুলনাত
ক’ব নোৱাৰিম তিতা নে বৰকৈ ভাগৰুৱা
পৃথিৱী আৰু সূৰ্য্যৰ মাজত
কিবা এটা যেন শেষ হৈ গৈছে
তাই এতিয়া জী থাকিব বিচাৰে অকলশৰে
আমিও আৰু এৰি দিব লাগে তাইক তাইৰ স’তে
পথাৰবোৰৰ ওপৰত
গাওঁৰ ঘৰবোৰৰ চালিবোৰৰ ওপৰত
জীৱনটো সম্ভৱ কৰি তোলা সকলোৱেই হৈ ৰৈছে শীতল তৰা
পৰি ৰোৱা আৰু চাই থাকা
তেওঁলোকে একো নিদিয়েও একো নোসোধেও
পৃথিৱীখনৰ পৰিত্যক্ততা, শীতলতা আৰু দুৰ্ভিক্ষতাৰ পৰা
হে বন্ধু জোনবাই ওলাইছে
আজি জোনবাইজনীক বৰ ধুনীয়া দেখাইছে
তাইনো কেতিয়া ধুনীয়া নহয়?
×××××