মানৱ সৰবৰাহ : মানৱ অধিকাৰ উলংঘন- (চিত্ৰলেখা বৰুৱা)
সাৱিত্ৰী হুজুৰীৰ ঘৰ ওদালগুৰি জিলাৰ এখন ভিতৰুৱা গাঁৱত। তাই এজনী কলেজীয়া ছাত্ৰী। অন্ধবিশ্বাসৰ গৰাহত সোমাই থকা অথচ তথাকথিত আধুনিকতাৰ নামত উটি-ভাহি ফুৰা তাইৰ গাঁৱৰ মানুহখিনিয়ে হঠাতে এদিন সাৱিত্ৰীক ডাইনী বুলি অভিহিত কৰিলে। তাই ৰোৱা টেঙা গছ এজোপাৰ পাত ছিঙি নি ৰান্ধি খাই হেনো তাইৰ খুৰীয়েক বেমাৰত পৰিল। সেয়ে তাই ডাইনী নাম পালে।
সাৱিত্ৰীৰ গম পাবলৈ বেছি দিন নালাগিল যে এই অপপ্ৰচাৰৰ মূলতে আছিল তাহাঁতৰ পৰিয়ালৰ শত্ৰু গাঁৱৰে পেহায়েক এজন। যিয়েই নহওক, ৰাইজৰ মেল বহিল। বৰমূৰীয়া মতা মানুহবোৰে সিদ্ধান্ত ল’লে সাৱিত্ৰীয়ে জৰিমনা ভৰিব লাগিব। নহ’লে গাঁৱৰপৰা উলিয়াই দিব। উপায় নাপাই তাইৰ মাক তাতে মান্তি হ’ল। এনেয়ে ডাইনী বুলিলে গাঁওখনত মাৰি পেলোৱাৰো উদাহৰণ নথকা নহয়। পিছদিনাৰপৰা সাৱিত্ৰীহঁতক গাঁৱৰ মানুহে মাত-বোল নকৰা হ’ল, ফিচিঙা-ফিচিঙি কৰে। বিয়া-সবাহ একোলৈকে নিমন্ত্ৰণ নকৰে। মাজে মাজে প্ৰাণে মাৰিম বুলিও ভাবুকি দিয়ে। ৰাতি ঘৰলৈ শিলগুটি দলিয়ায়। প্ৰকৃততে, অৰ্ধশিক্ষিত আৰু অনা-সাক্ষৰ গাঁৱৰ মানুহখিনিৰ তাইৰ প্ৰতি হিংসা আছিলেই, ছোৱালী এজনী হৈ উচ্চ শিক্ষাৰ বাবে ঢাপলি মেলা বুলি।
এয়া দুবছৰ আগৰ কথা। সাৱিত্ৰীয়ে মনৰ অশান্তিতে কলেজ এৰিলে। নমিতা বাইদেউহঁতৰ মহিলা অনুষ্ঠানটোৱে তাইক বোৱা-কটা চোৱা কামত নিয়োগ কৰি মনোবল দিবলৈ অশেষ চেষ্টা কৰিলে। কিন্তু তেওঁলোকৰ বুজনি আৰু মানসিক প্ৰবোধ নেওচি তাই সিদিনাখন ৰাজস্থানৰপৰা অহা এজন যুৱকে বিয়া কৰাম বুলি কথা দিয়াত তাৰ লগতেই গুচি গ’ল। তাইৰ মাকেও ভাবিলে গাঁৱত অহৰহ তিৰস্কাৰ, ভাবুকিৰ মাজত জীয়াই থকাতকৈ তাই দূৰণিলৈ গৈ শান্তিত থাকক। কিন্তু সাৱিত্ৰী শান্তিত আছেনে? তাইৰ হেনো তালৈ গৈ আন এজন মানুহৰ লগতহে বিয়া হ’লগৈ। তাৰ মানে তাইক সেই ল’ৰাজনে বেচিলে।
এইদৰেই আমাৰ সমাজখনত প্ৰচলিত অন্ধবিশ্বাস, কন্যা সন্তানৰ প্ৰতি অৱহেলা, পাৰিবাৰিক হিংসা, উগ্ৰপন্থীৰ সমস্যা, আইনগত ব্যৱস্থাৰ প্ৰতি সজাগতাৰ অভাৱ, স্থানীয় স্ব-শাসন ব্যৱস্থাৰ দায়িত্বজ্ঞানহীনতা, চৰকাৰী সেৱাসমূহত থকা আসোঁৱাহ আৰু সদৌ শেষত আৰ্থিক অনগ্ৰসৰতাৰ বাবে প্ৰতি বছৰে অগণন ছোৱালী আৰু মহিলাৰ অসমৰপৰা বহিঃৰাজ্যলৈ সৰবৰাহ হৈ আছে।
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০১৬ চনত অসমৰপৰা অনৈতিক মানৱ সৰবৰাহৰ বলি হোৱা তিনিশৰো অধিক মহিলা আৰু শিশুৰ কেৱল পঁইষষ্ঠি শতাংশকহে উদ্ধাৰ কৰিব পৰা গৈছে। মানৱ সৰবৰাহৰ সৈতে জড়িত অবৈধ চক্ৰটোৱে অতি সহজতে অসমৰ কম বয়সীয়া মহিলা আৰু শিশুসকলক প্ৰলোভিত কৰাত সক্ষম হৈছে। প্ৰলোভনৰ বাবে ব্যৱহাৰ কৰা টোপৰ ভিতৰত ভাল জীৱিকা প্ৰদান আৰু বিবাহ অন্যতম। এনেদৰে সৰবৰাহ হোৱা ছোৱালীৰ অধিকাংশই গণিকালয়, মাছাজ পাৰ্লাৰ আদিত নিয়োজিত হৈছে। কিছুমান ঘৰুৱা সহায়িকা হিচাপে আছে আৰু কিছুমানে বিবাহিত পত্নীৰ স্থান পাইছে। এই আটাইবোৰতে তেওঁলোক যৌন শোষণৰ বলি হৈছে তথা তেওঁলোকক যি প্ৰতিশ্ৰুতি দি লৈ যোৱা হৈছিল সেয়া ভুৱা বুলি প্ৰমাণিত হৈছে।
গণিকাবৃত্তিক বৰ্তমান মানৱ অধিকাৰ তথা কৰ্মৰ মৰ্যাদাৰ দৃষ্টিকোণৰ ফালৰপৰা যৌন কৰ্ম নামেৰে নামকৰণ কৰি আৰ্থিক পাৰিশ্ৰমিকৰ বিনিময়ত আগ বঢ়োৱা এক সেৱা বা শ্ৰম হিচাপে স্বীকৃতি দিব বিচৰা হৈছে যদিও যিসকল ব্যক্তিয়ে নিজৰ সন্মতি অবিহনে এনে কামত লিপ্ত হ’বলগা হৈছে, তেওঁলোকে মানৱ অধিকাৰ হেৰুৱাইছে বুলি নিঃসন্দেহে ক’ব পাৰি। যৌন কৰ্মীসকলৰ অধিকাৰৰ হকে আৰু তেওঁলোকৰ ব্যৱসায়ক এক নিৰপৰাধ জীৱিকা হিচাপে স্বীকৃতি দিয়াবৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা ‘‘ৱেশ্যা অন্যায় মুক্তি পৰিষদ”, চমুকৈ ‘‘ৱেম্প” নামৰ সৰ্বভাৰতীয় অনুষ্ঠানটোৱেও নাবালিকা নাইবা স্বইচ্ছাৰ বিৰুদ্ধে কোনো মহিলাক যৌন কৰ্মী হিচাপে নিয়োগ কৰা বিষয়টোৰ সদায়েই বিৰোধিতা কৰি আহিছে।
ছোৱালী আৰু মহিলাৰ অনৈতিক সৰবৰাহৰ ক্ষেত্ৰত অসমৰ নাম ভাৰতৰ শীৰ্ষত থকা ৰাজ্যকেইখনৰ ভিতৰতেই আছে। সাধাৰণতে কন্যা ভ্ৰূণ হত্যা বা অন্যান্য পিতৃতান্ত্ৰিক কাৰ্যকলাপৰ বাবে দ্ৰুত হাৰত লিংগৰ অনুপাত হ্ৰাস হৈ যোৱা ৰাজ্য যেনে ৰাজস্থান, হাৰিয়ানা আদিলৈ বিয়া কৰাই নি একাধিক পুৰুষৰ কামনাৰ বলি হ’বলৈ বাধ্য কৰোৱা আৰু অবৰ্ণনীয় কষ্টকৰ ঘৰুৱা কামত খটুওৱা তথা ভ্ৰমণকাৰীৰ সমাগম হোৱা স্থান গোৱা আদি আৰু ডাঙৰ চহৰ মুম্বাই, দিল্লী ইত্যাদিত গণিকালয়ত নিয়োগ কৰাৰ উদাহৰণেই বেছি।
দেশত অবৈধভাৱে শক্তিশালী হৈ পৰা মানৱ সৰবৰাহৰ এই কুচক্ৰটো উৎখাট কৰিবৰ বাবে প্ৰশাসন সক্ৰিয় হ’ব লাগিব। ইতিমধ্যে আৰক্ষী বিভাগে সৰবৰাহ-বিৰোধী গোট গঠন কৰিছে তথা কেইবাটাও বেচৰকাৰী অনুষ্ঠানে এই ক্ষেত্ৰত প্ৰসংশনীয় অৱদান আগ বঢ়াইছে। কিন্তু এই ক্ষেত্ৰত অধিক সক্ৰিয় পদক্ষেপ ল’বলৈ হ’লে তৃণমূল পৰ্যায়ত শিশু তথা মহিলা সুৰক্ষা কমিটি গঠন কৰিব লাগিব যিয়ে কামৰ সন্ধানত, পঢ়িবলৈ বা সন্দেহজনক বিয়াৰ বান্ধোনেৰে বাহিৰলৈ যোৱা ব্যক্তি, বিশেষকৈ মহিলা আৰু শিশুৰ তথ্য সংৰক্ষণ কৰিব আৰু প্ৰশাসনৰ ফালৰপৰাও তাৰ পৰ্যবেক্ষণ কৰা হ’ব। এইখিনিতে ভাব হয়, আৰম্ভণিতে বৰ্ণনা কৰা সাৱিত্ৰীজনীৰ গাঁৱতো এনে এখন কমিটি যদি থাকিলে হয়, তেন্তে সেই কমিটিখনে তাই বাহিৰলৈ গুচি যোৱাৰ তথ্য সযত্নে ৰাখি তাৰ বিষয়ে প্ৰশাসনক নিশ্চয়কৈ জনালেহেঁতেন তথা নিজেও তৎপৰতা দেখুৱালেহেঁতেন। গতিকে ভৱিষ্যতৰ এনে ঘটনাৰাজি ৰোধ কৰাৰ বাবে লাগিব অধিক সজাগতা আৰু তৎপৰতা।