মহুবাৰ মহিষাসুৰ – (মূল : প্রমোদ ৰঞ্জন অনুবাদ : ময়ূৰ চেতিয়া)
বিগত কিছু সময় ধৰি মই Mahisasur Movement: Debrahmanising a Myth শীর্ষক এখন গ্রন্থ সম্পাদনা কৰি আছোঁ। কেতসংখ্যক ইতিহাসবিদে মতপোষণ কৰিছে যে মহিষাসুৰ আচলতে ভাৰতৰ ‘বহুজন’ সম্প্রদায়সমূহৰ পৌৰাণিক নায়ক আছিল। ইতিহাসবিদ ডি ডি কৌশাম্বীৰ মতে মহিষাসুৰৰ ৰাজ্য আছিল বুন্দেলখণ্ডৰ মহুবাত। মহিষাসুৰ বিষয়ক গৱেষণামূলক গ্রন্থখনৰ বাবে তথ্য বিচাৰি মই বিগত বছৰটোৰ ২ অক্টোবৰ তাৰিখে মহুবাত উপস্থিত হৈছিলো। মই মন কৰিছিলো যে অঞ্চলটোৰ লোক-পৰম্পৰাসমূহত এতিয়াও মহিষাসুৰৰ উপস্থিতি দেখা পোৱা যায়। মাইকাসুৰ, কৰসদেৱ, গোৱাল বাবা আদি বিভিন্ন নামেৰে মহিষাসুৰক এই অঞ্চলটোত সম্বোধন কৰা হয়। মহুবাৰ প্রতিখন গাঁৱতে মহিষাসুৰৰ উপস্থিতি অতিশয় স্পষ্ট। অৱশ্যে মহিষাসুৰৰ কোনো প্রতিমাৰ বিপৰীতে তেওঁৰ নামত মাটিৰ থাপনাহে নির্মাণ কৰা হয়। ব্রাহ্মণবাদী পৰম্পৰাসমূহৰ বিপৰীতে, মন্দিৰৰ ভিতৰত কোনো প্রতিমাৰ ৰূপত মহিষাসুৰে বাস নকৰে; বৰং তেওঁ বাস কৰে মুক্ত আকাশত তলত, ৰাইজে নির্মাণ কৰা মাটিৰ থাপনাত মাজত।
মহিষাসুৰ বিষয়ক বিভিন্ন পৰম্পৰা দেশৰ প্রায় প্রতিটো অঞ্চলতে দেখিবলৈ পোৱা যায়। বিগত কিছু বছৰৰ পৰা বহুজনসকলে তেওঁলোকৰ নিজস্ব পৰম্পৰা তথা উপাখ্যানসমূহ পুনৰুদ্ধাৰ কৰিবলৈ চেষ্টা চলাই আহিছে। এইবছৰ মহীশূৰ (মহিসুৰ?) চহৰত বহুতো বুদ্ধিজীৱী তথা লেখক মিলিত হৈ মহিষাসুৰৰ হৃত গৌৰৱ উদ্ধাৰ কৰাৰ উদ্দেশ্যৰে এলানি কার্যসূচী হাতত লৈছে। ইয়াৰ লগতে সংগতি ৰাখি উত্তৰ ভাৰতৰো বিভিন্ন অঞ্চলত এইবছৰ “মহিষাসুৰ শ্বহীদ দিৱস” পালন কৰা হ’ল। ভৱিষ্যতে এই কার্যসূচীসমূহ সম্পর্কে ধাৰাবাহিকভাৱে ৰিপর্ট প্রকাশ কৰা হ’ব। সদ্যহতে মহুবাৰ মহিষাসুৰৰ সৈতে চিনাকি হওঁ আহক।
মহুবাৰপৰা ৭০ কিঃমিঃ দূৰৈত অৱস্থিত চোকা চৰা গাঁও; ইয়াতেই আছে মহিষাসুৰৰ এক পুৰণা ভগ্ন মন্দিৰ। মন্দিৰটো সদ্যহতে ভাৰতীয় প্রত্নতাত্ত্বিক বিভাগ (ASI)ৰ অধীনত আছে। ঠিক কেতিয়া মন্দিৰটো নির্মাণ কৰা হৈছিল – এই বিষয়ে ASIৰ অধ্যয়ন এতিয়াও সম্পূর্ণ হোৱা নাই যদিও এটা কথা নিশ্চিত যে মন্দিৰটো যথেষ্ট পুৰণি। মন কৰিবলগীয়া যে খাজুৰাহো মন্দিৰসমূহৰ ক্ষতিসাধন কৰিলে পাঁচ হেজাৰ টকা জৰিমনা তথা তিনি মাহ কাৰাবাস বিহাৰ ব্যৱস্থা কৰা হৈছে। আনহাতে, মহিষাসুৰ মন্দিৰৰ ক্ষতিসাধনৰ বিপৰীতে ধার্য কৰা হৈছে এক লাখ টকা জৰিমনা তথা দুই বছৰ পর্যন্ত কাৰাবাসৰ ব্যৱস্থা। অর্থাৎ খাজুৰাহোতকৈ মহিষাসুৰ মন্দিৰৰ ঐতিহাসিক তাৎপর্য কোনোগুণেই কম নহয়। কোৱা হয় যে খাজুৰাহো মন্দিৰলানি কমেও এহেজাৰ বছৰ পুৰণি। সেই হিচাপত মহিষাসুৰ মন্দিৰো যথেষ্ট প্রাচীন বুলি অনুমান কৰিব পাৰি।
মহুবাৰ ওচৰতে কিৰাট সাগৰত অৱস্থিত মাইকাসুৰ – অর্থাৎ মহিষাসুৰ থান। জনশ্রুতি মতে মহিষাসুৰে ৰুগ্ন পশুক আৰোগ্য কৰি তুলিব পাৰে। ঘৰচীয়া পশুৱে প্রথমবাৰ গাখীৰ দিয়াৰ সময়ত এবাতি গাখীৰ মহিষাসুৰৰ নামত উৎসর্গা কৰা হয়। মহুবাৰ পশুপালক তথা কৃষক জাতিসমূহে মহিষাসুৰক তেওঁলোকৰ পূর্বপুৰুষ বুলি গণ্য কৰে।
মহুবাৰপৰা ২০ কিঃমিঃ দূৰৈত কুলপাহাৰ অঞ্চলৰ মহাৰি গাঁৱত অৱস্থিত মহিষাসুৰৰ আন এক থান। থানৰ আশে-পাশে গাঁৱৰ ৰাইজে এখন পকাবন্ধা থাপনা নির্মাণ কৰিছে। পৰম্পৰাগতভাৱেই থানত মহিষাসুৰৰ কোনো প্রতিমা নাই। বৰং মহিষাসুৰৰ আন এক ৰূপ – কৰসদেৱৰ সহচৰ ম’ৰা চৰাই আৰু ষাড় গৰুৰহে মূর্তি আছে।
মন কৰিবলগীয়া যে এই গোখাৰ পাহাৰতে নাথপন্থী কবি গোৰখনাথ তথা তেওঁৰ অনুগামীসকলে সাধনা কৰিছিল। পূজাৰী ত্যাগীৰ মতে অঞ্চলটোৰ বহুজনসকলে মহিষাসুৰক বেছ সন্মান কৰে। ২৫-৩০ বছৰমান আগলৈকে এই অঞ্চলত দুর্গা উৎসৱ পালন কৰা নহৈছিল। ষষ্ঠীৰ দিনা মহিষাসুৰৰ বাবে এভাগ বিশেষ পূজা আয়োজন কৰা হয়। গাখীৰ, নাৰিকল আদিৰে তৈয়াৰ কৰা নৈবেদ্য মহিষাসুৰৰ নামত আগ বঢ়োৱা হয়। পূজাৰ সময়ত কেতসংখ্যক লোকৰ গাত ভগৱানে লম্ভে। ইয়াক কোৱা হয় ‘ভাৱ খেলা’; ইও হৈছে পূজাৰ অন্যতম অংগ।
(উৎস : ‘ফৰৱার্ড প্রেছ’ আলোচনী, নৱেম্বৰ, ২০১৫ সংখ্যা)