কেন্দ্ৰীয় নিবন্ধনিবন্ধ

মানুহৰ পণবন্দী চিন্তা আৰু তাৰ মুক্তিৰ প্ৰত্যাশা ‌।। বিস্ময় দাস

পৃথিৱীখন নানা জীৱ-জন্তুৰ বাসস্থান। মানুহৰ বাহিৰে সকলো জীৱ জন্তুৱে জীৱনটো বৰ্তাই ৰখাৰ বাবে পৃথিৱীত প্ৰাকৃতিকভাৱে পোৱা বস্তুৰ পৰাই বাছি-বিচাৰি আহাৰ খাই জীয়াই থাকে। জীৱ-জন্তুবোৰৰ জীয়াই থকা আৰু বংশ বৃদ্ধি কৰাৰ বাহিৰে আন কোনো উদেশ্য নেথাকে। মানুহ যে এইবোৰ জীৱ-জন্তুৰ পৰা পৃথক‌, সেই কথাটি আমি সকলোৱে জানো। মানুহৰ চিন্তা কৰাৰ গুণ আছে। মানুহে মনৰ ভাব প্ৰকাশ কৰি কথা ক’ব পৰা গুণ আছে। মানুহে কল্পনা কৰিব পাৰে। আৰু মানুহে ভৱিষ্যত নিৰ্মাণ কৰিব পাৰে। এইবোৰ মানুহৰ মৌলিক গুণ। সেয়ে মানুহ জীৱ হৈও পৃথিৱীৰ সকলো জীৱতকৈ বেলেগ। ইমানবোৰ গুণেৰে আন আন জীৱ-জন্তুতকৈ পৃথক হ’লেও মানুহৰ আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ গুণটো হৈছে চিন্তা কৰিব পৰা শক্তি। মানুহৰ চিন্তা কৰাৰ শক্তিয়ে মানুহক আজি আদিম বন্য জীৱনৰ পৰা উলিয়াই আনি এই আধুনিক যুগত থিয় কৰাইছে। বাকী জীৱ-জন্তু যি পৰ্যায়ত আছিল প্ৰায় তেনে পৰ্যায়তে ৰৈ গৈছে।

মানুহে চিন্তা কৰিব পৰা গুণৰ বলতে পৃথিৱীখনক চিনিব পাৰিছে। পৃথিৱীখনক বুজিব পাৰিছে। পৃথিৱী পাৰ হৈ মহাকাশ পাইছে, মহাকাশ বুজিবলৈ অহৰহ চেষ্টাত ব্ৰতী হৈছে। জীৱৰ দেহৰ জটিল  সংৰচনা বুজি পাইছে, আৰু বুজিবলৈ চেষ্টা কৰিছে। এইবোৰ কৰিবলৈ যাওঁতে মানুহে নিৰন্তৰ চিন্তাৰ অনুশীলন কৰিব লগা হৈছে, প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চিন্তাৰ অনুশীলন কৰিছে আৰু চিন্তাক আগবঢ়াই নিছে।

হাজাৰ হাজাৰ বছৰ আগতে যেতিয়া শ্ৰেণীহীন সমাজ আছিল মানুহৰ চিন্তা আজিৰ দৰে শ্ৰেণীনিৰ্ভৰ নাছিল। এতিয়া চিন্তা শ্ৰেণীনিৰ্ভৰ হৈ পৰিল। সমাজৰ শ্ৰেণী ভেদে চিন্তাৰ পাৰ্থক্যই দেখা দিলে। আদানি-আম্বানিহতৰ চিন্তাৰ সৈতে সাধাৰণ খাটি খোৱা মানুহৰ চিন্তাৰ পাৰ্থক্যই দেখা দিলে। ধনীক শ্ৰেণীটোৱে সদায় লাভৰ চিন্তাত মগ্ন আৰু খাটি খোৱা শ্ৰেণীটোৱে সদায় দুমুঠি ভাতৰ চিন্তাত ব্যস্ত থাকে।

যি কোনো শ্ৰেণীৰ সমাজেই নহওঁক কিয়, সেই সমাজৰ সকলো মানুহ সমানে চিন্তাশীল নহয়। কোনো কোনো বেছি চিন্তাশীল, কোনোবা কম চিন্তাশীল আৰু কোনোৱে আকৌ চিন্তা কৰিব পৰা গুণ থাকিলেও চিন্তা একেবাৰেই নকৰে। এটা কথা ক’বই লাগিব যে মানুহ কোনো গুণৰ অধিকাৰী হ’লেই নহ’ব, অনুশীলন নহ’লে সেই গুণ বিকশিত নহয়। চিন্তাশক্তি অনুশীলন অবিহনে বন্ধ্যা। মানুহে এইবোৰ কথা যেতিয়াই উপলব্ধি কৰিবলৈ লৈছিল তেতিয়াৰ পৰাই মানুহে চিন্তা কৰাৰ অনুশীলন কৰিবলৈ লৈছিল আৰু তাৰ মাত্ৰা ক্ৰমে ক্ৰমে বৃদ্ধি কৰি গৈ আছে। ফলত মানুহে ইটো পৰ্যায়ৰ পৰা সিটো পৰ্যায়লৈ আগুৱাই গৈ আছে। যিসকল লোকে প্ৰণালীবদ্ধভাৱে চিন্তা কৰিবলৈ শিকিছে বা শিকা গুণ আয়ত্ব কৰিছে তেওঁলোক অতি উচ্চ পৰ্যায়ৰ চিন্তাশীল ব্যক্তি আৰু তেওঁলোকে মানৱ-সমাজক আগুৱাই যোৱাৰ দিশ-নিৰ্দেশনা দি চিৰকাললৈ নাম ৰাখি থৈ গৈছে। অনুশীলনৰ সহায়ত মানুহে এইটোও বুজিবলৈ সক্ষম হৈছে— কিধৰণে মানুহে চিন্তা কৰিলে বা অনুশীলন কৰিলে মানুহৰ চিন্তা শক্তি বৃদ্ধি পাব। তাৰ নানান উপায় মানুহে আৱিষ্কাৰ কৰিছে। সেই উপায়সমূহৰ ভিতৰত আটাইতকৈ কাৰ্যক্ষম আৰু সৰ্বজনগৃহীত উপায়টো হৈছে প্ৰণালীবদ্ধ শিক্ষা আৰু অধ্যয়ন। কিতাপ পঢ়াৰ অভ্যাসে মানুহৰ মনত চিন্তাৰ খোৰাক দিয়ে, চিন্তা শক্তি বঢ়ায়। মানুহে কিতাপৰ উদ্ভাৱন কৰিছে। মানুহৰ চিন্তা, অভিজ্ঞতা আদি কিতাপৰ সহায়ত মানুহৰ মাজত প্ৰচাৰ কৰিছে আৰু মানুহক চিন্তাৰ খোৰাক দিছে। কিতাপ পঢ়াৰ অভ্যাসে মানুহৰ চিন্তাৰ পৰিসৰ বৃদ্ধি কৰিছে। থোৰতে ক’বলৈ গ’লে চিন্তাশক্তি বৃদ্ধিৰ আটাইতকৈ সহজ আৰু উত্তম মাধ্যম হৈছে প্ৰণালীবদ্ধভাৱে লোৱা শিক্ষা আৰু অধ্যয়ন।

মানুহে যিদৰে চিন্তা কৰাৰ অনুশীলন কৰিবলৈ শিকিছে ঠিক তেনেদৰে মানুহে ক্ৰমাগতভাৱে  মানুহৰ চিন্তাক বিভ্ৰান্ত আৰু বিপথে পৰিচালনা কৰাৰো নিত্য নতুন কৌশলও আৱিষ্কাৰ কৰি লৈছে। মানুহৰ চিন্তা যাতে প্ৰণালীবদ্ধভাৱে আগবাঢ়িব নোৱাৰে, তাৰ উপায় এচামে নিজৰ স্বাৰ্থত আৱিষ্কাৰ কৰিছে। মানুহৰ চিন্তাক যাতে বজাৰত বস্তু কিনাৰ দৰে কিনি, নিজৰ লাভৰ বাবে ব্যবহাৰ কৰিব পাৰি— তাৰো উপায় আৱিষ্কাৰ কৰি লৈছে। আৰু এনেকুৱা অৱস্থাৰ পৰাই আৰম্ভ হৈছে মানুহৰ চিন্তাক হৰণ আৰু বিভ্ৰান্ত কৰাৰ খেল। এইখিনিতে প্ৰশ্ন উঠিব, কিয় এচাম মানুহে সাধাৰণ মানুহৰ চিন্তাক হৰণ আৰু বিভ্ৰান্ত কৰাৰ খেল খেলে? ইয়াৰ উত্তৰতেই সোমাই আছে শ্ৰেণীবিভক্ত সমাজক জীয়াই ৰাখি এচাম ধনী আৰু বেছি ভাগ লোক দুখীয়া হৈ থকাৰ কুটিল ৰহস্য। এই ৰহস্য যাতে সদায়ে ৰহস্য হৈয়ে থাকে আৰু তাকেই বুজিব পৰাকৈ যাতে সাধাৰণ মানুহে নিজৰ চিন্তা শৈলীক সেই পৰ্যায়লৈকে লৈ যাব নোৱাৰে, তাৰ বাবে ধনী আৰু ক্ষমতাশালী মানুহৰ শ্ৰেণীটোয়ে এইধৰণৰ চিন্তাক হৰণ কৰাৰ আৰু বিভ্ৰান্ত কৰাৰ কুট কৌশল ৰচনা কৰি আহিছে।

এটা সময় আছিল যেতিয়া চিন্তাৰ স্তৰ আজিৰ দৰে ইমান উন্নত নাছিল, ফলত শাৰীৰিক আৰু সংঘবদ্ধ সামৰিক শক্তিয়ে গুৰুত্ব পাইছিল। কিছু মুষ্টিমেয় ক্ষমতাশালী লোকে আৰ্থিক, সামৰিক আদি ক্ষমতাৰ বলেৰে সাধাৰণ মানুহক শাৰীৰিকভাৱে দমন কৰি তেওঁলোকৰ শাৰীৰিক শক্তিৰ সহায়ত নিজৰ বাবে সম্পদ আহৰণ কৰিছিল। দাসপ্ৰথা, সামন্তপ্ৰথা তেনেকুৱাধৰণৰ ব্যবস্থা আছিল বুলিব পাৰি। দাসসকল শাৰীৰিকভাৱেহে দাস আছিল। মানসিকভাৱে বা চিন্তাৰ ফালেৰে দাস বুলিব পৰা অৱস্থাত নাছিল। সেয়ে দাসৰ মাজৰ পৰা বিদ্ৰোহৰ সূচনা হোৱাৰ আশংকা আছিল আৰু হৈছিলো। সামন্ত প্ৰভুৰ বিৰুদ্ধে সাধাৰণ প্ৰজাৰ প্ৰচণ্ড ক্ষোভ আছিল। কিন্তু  ক্ৰমাগত চিন্তাৰ বিকাশৰ ফলত এই মালিক বা প্ৰভু শ্ৰেণীটোৱে আৱিষ্কাৰ কৰিছিল মানুহৰ চিন্তাক হৰণ কৰাৰ দৰে জটিল কৌশল। এবাৰ কাৰোবাৰ চিন্তাক কৌশলেৰে নিজৰ লাভৰ বাবে হৰণ কৰিব পাৰিলে শাৰীৰিকভাৱে জোৰ জুলুম কৰাৰ প্ৰয়োজন নেথাকে।

চিন্তা মানুহৰ মূল চালিকা শক্তি। চিন্তাহৰণ মানে মানুহজনৰ তন আৰু মন দুয়োটাৰে হৰণ। চিন্তাক এবাৰ হৰণ নাইবা বিভ্ৰান্ত কৰিব পাৰিলে, দাৰিদ্ৰপিষ্ট আৰু অৱদমিত সৰহ সংখ্যকে  সমাজৰ ধনী-দুখীয়াৰ খেলটোৰ ৰহস্য বুজিব নোৱাৰা হৈ পৰে। এই কথা শাসক আৰু শোষণ কৰা শ্ৰেণীটোৱে চিন্তা শক্তিৰ মাজেৰেই শিকি বুজি উঠিছে। বুজি উঠিছে তেওঁলোকে, কেনেকৈ মানুহৰ চিন্তাক নিয়ন্ত্ৰণ কৰা যায়।

পদ্ধতিগত অনুশীলনৰ দ্বাৰা পৃথিৱীৰ লগতে মানৱ-সমাজৰ অগ্ৰগতি, ইতিমধ্যে সমাজত গঢ় লৈ উঠা বিভিন্ন সামাজিক শ্ৰেণীৰ উপস্থিতিৰ কাৰণ আৰু সেই শ্ৰেণীসমূহৰ চৰিত্ৰ পৰ্যন্ত বুজি পাবলৈ সক্ষম। এইবোৰ বুজি পালেই সাধাৰণ মানুহে এই ব্যৱস্থাটোৰ পৰিৱৰ্তনৰ বাটটিও বিচাৰি পোৱা সম্ভৱ হৈ পৰিব। পিছে এই পদ্ধতিগত অনুশীলনৰ সুযোগ পৃথিৱীৰ সাধাৰণ লোকক দিব কোনে? যিসকলে একক প্ৰচেষ্টাৰে এনেকুৱা গুণ আয়ত্ব কৰিব পাৰিছে তেওঁলোক নগণ্য আৰু তেওঁলোকৰ হাতত তেনেকুৱা কোনো ব্যবস্থা নেথাকে যে তেওঁলোকে এটা তেনেকুৱা শিক্ষাপদ্ধতি বা অনুশীলন কেন্দ্ৰ গঢ়ি তুলিব পাৰিব। তেওঁলোক সততে মানুহক তাৰ আভাস দিব খুজিলেও সংঘবদ্ধ প্ৰচেষ্টাৰ অভাৱ আৰু সাধাৰণ লোকৰ চিন্তাক নিয়ন্ত্ৰণ কৰিব খোজা ক্ষমতাশালী শাসক-শোষকসকলকৰ ষড়যন্ত্রৰ বাবে নগণ্য কিছু সংখ্যকৰ বাহিৰে সাধাৰণ লোকসকলে তাৰ আভাস নেপায়। এইসকল লোক শাসক শ্ৰেণীটোৱে গঢ়ি তোলা ব্যৱস্থাটোৰ কবলত পৰি শ্ৰেণীবৈষম্যৰে ভৰা সমাজ ব্যবস্থাটোক বৈজ্ঞানিকভাৱে আৰু সঠিকভাৱে বুজিব পৰাকৈ পদ্ধতিগত শিক্ষাৰ পৰা বঞ্চিত হৈ থাকে।

এই কথা ঠিক যে মানুহে চিন্তা নকৰাকৈ থাকিব নোৱাৰে। চিন্তাই পৃথিৱীৰ সকলো মানুহক মানুহ কৰি ৰাখিছে। আগতে কৈ আহিছোঁ যে চিন্তাই মানুহক পৃথিৱীখন আৰু মানুহৰ সমাজখন বা পৃথিৱীৰ বাহিৰৰ জগতখনকো বুজি পাবলৈ সক্ষম কৰি তুলিছে। পিছে সেয়া কিছু মুষ্টিমেয় লোকৰ ক্ষেত্ৰতহে প্ৰযোজ্য। বেছিভাগ লোক মাথো ভাত কাপোৰ আৰু ধৰ্মীয় চিন্তাতেই জীৱন অতিবাহিত কৰে।

চিন্তা কৰিবলৈ অৱকাশ লাগে। আমি জানো যে কৃষি আৰু শস্য সঞ্চয় কৰি ৰখাৰ ব্যৱস্থাৰ আৱিষ্কাৰে মানৱ-জাতিক অৱসৰৰ বাবে সময় উলিয়াই দিছিল। ফলত চিন্তা কৰাৰ অৱকাশ ওলাইছিল আৰু ইয়েই পিছত মানৱ-সমাজত আমূল পৰিৱৰ্তন ঘটাইছিল। পৃথিৱীত আজি এনেকুৱা এটি ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছে যি ব্যৱস্থাত পৃথিৱীৰ বেছি সংখ্যক লোকেই পদ্ধতিগতভাৱে চিন্তা কৰিবলৈ সময় উলিয়াব নোৱাৰে আৰু অকল ভাত কাপোৰ আৰু ধৰ্মীয় আদিৰ চিন্তাত তেওঁলোকৰ চিন্তা সীমাবদ্ধ হৈ থাকে। এনেকুৱা এটি ব্যবস্থা পৰিকল্পিতভাৱে নিৰ্মাণ কৰি থোৱা হৈছে। আন হাতে,কিছু সংখ্যক লোকে চিন্তা কৰিবলৈ কিছু অৱসৰী মুহূৰ্ত ল’বলৈ সক্ষম হ’লেও, তেওঁলোকক পৰিকল্পিত আৰু সঠিক দিশেৰে চিন্তা কৰাৰ পৰা বিৰত ৰাখিবলৈ অহৰহ চেষ্টা কৰি থকা হৈছে। ফলত পৰিপাটি চিন্তাই বাট হেৰুৱাই মনৰ মাজত উদয় হোৱা প্ৰশ্নৰ সঠিক উত্তৰ বিচাৰ কৰাত ব্যৰ্থ হৈছে।

সমস্যাটো হৈছে পৃথিৱীত এনেকুৱা এটা সামাজিক ব্যৱস্থা গঢ় লৈ উঠিছে যিটো ব্যৱস্থাই মানুহক প্ৰণালীবদ্ধভাৱে চিন্তা কৰিবলৈ শিকোৱাতকৈ জীৱিকাকেন্দ্ৰিক কিছুমান উপৰুৱা শিক্ষাৰ ওপৰত বেছি জোৰ দিয়ে। ধৰ্ম আৰু জীৱিকাতেই মানুহৰ চিন্তাক ওলোমাই ৰখাৰ ব্যবস্থা কৰা হৈছে। এইটো কৰা হৈছে একমাত্ৰ এটা নিৰ্দিষ্ট সামাজিক শ্ৰেণীৰ স্বাৰ্থত। তেনেকুৱা ব্যবস্থাটোৰ নাম হৈছে বুৰ্জোৱা ৰাষ্ট্ৰ ব্যবস্থা। এই ৰাষ্ট্ৰব্যবস্থাৰ মাজেৰে সাধাৰণ লোকৰ শিক্ষাৰ বাবে দেখাত এটা ব্যবস্থা তৈয়াৰ কৰা হয় ঠিকেই, কিন্তু সেয়া নিতান্তই জীৱিকাকেন্দ্ৰিক কৰি ৰখা হয়। বৈজ্ঞানিকভাৱে চিন্তা কৰিবলৈ শিকোৱা নহয়। অপবিজ্ঞান আৰু অবৈজ্ঞানিক কিছুমান শিক্ষাৰে মানুহৰ চিন্তাক বিভ্ৰান্ত কৰি সুবিধাভোগী শাসক-শোষক শ্ৰেণীটোৱে স্থিতাৱস্থা বাহাল ৰাখিছে। এনেকুৱা এটা শিক্ষাব্যৱস্থা তৈয়াৰ কৰা হৈছে যাতে সেই শিক্ষাই মানুহক ইতিমধ্যে স্থাপিত হোৱা সামাজিক ব্যৱস্থাটোক কেনেকৈ বৰ্তাই ৰাখিব পাৰি আৰু সেই ব্যৱস্থাৰ অংশীদাৰ হৈ কিদৰে সেই শ্ৰেণীটোৰ ৰক্ষণাবেক্ষণ দিব পাৰি—তাকেই চিন্তা কৰিবলৈ শিক্ষা দিয়ে। তেনেকুৱা শিক্ষা লৈয়ে এই ব্যৱস্থাটোৰ অনুকূলে বহু সাধাৰণ মানুহে জানি বা নাজানি সংস্কৃতি চৰ্চা কৰে, সাহিত্য ৰচনা কৰে, ৰাজনীতিত যুক্ত হৈ পৰে। এইসকল সাংস্কৃতিক কৰ্মী, সাহিত্যিক, ৰাজনীতিবিদ আদিয়ে সমাজ-সচেতনমূলক আৰু সামাজিক বৈষম্যৰে ভৰা ব্যবস্থাটোৰ পৰিৱৰ্তনৰ হকে সংস্কৃতি, সাহিত্য আদি চৰ্চা কৰাৰ বিপৰীতে ক্ষমতাশালী শাসকৰ স্তাৱকৰ ৰূপত অৱতীৰ্ণ হয়। এইদৰেই মানুহৰ চিন্তাক নিয়ন্ত্ৰণ কৰি বুৰ্জোৱা ৰাষ্ট্ৰব্যৱস্থা এটি টিকি থকাৰ কৌশল তৈয়াৰ কৰা হয়। ফলত আজি বেছি ভাগ লোক এই ৰাষ্ট্ৰব্যবস্থাৰ কবলত মানসিক দাসলৈ ৰূপান্তৰিত হৈছে, স্বাধীনভাৱে আৰু পদ্ধতিগত চিন্তা কৰাৰ অৱকাশ হেৰুৱাইছে। ফলত তেওঁলোক শাৰীৰিকভাৱেও দাসলৈ ৰূপান্তৰিত হৈ পৰিছে। আৰু বৰ্তমান যুগত তথ্য-প্ৰযুক্তিক সাধাৰণ লোকক মানসিকভাৱে দাসলৈ ৰূপান্তৰ কৰিবলৈ কৰা প্ৰচেষ্টাক ত্বৰান্বিত কৰাৰ বাবে ব্যবহাৰ কৰা হৈছে। বিভিন্ন সামাজিক-মাধ্যম, সংবাদ-মাধ্যম আৰু ইণ্টাৰনেট আদি অহৰহ মানুহক বিভ্ৰান্ত কৰা, মানুহক মানসিকভাৱে দাসলৈ ৰূপান্তৰ কৰা কামত ব্যৱহাৰ কৰি থকা হৈছে। সাধাৰণ মানুহ আজি এইবোৰৰ কবলত পৰি নিজৰ অস্তিত্ব প্ৰায় পাহৰি পেলাইছে আৰু কি দৰে নিজৰ চিন্তা বন্ধকত থৈ মানসিক গোলামলৈ পৰিৱৰ্তিত হৈ গৈছে, তাৰ উমান কৰিব পৰাকৈ চিন্তা কৰাৰ অৱকাশ হেৰুৱাই পেলাইছে।

আমাৰ দৰে সাধাৰণ মানুহৰ বাবে ইমানবোৰ নিৰাশাজনক কথা কোৱাৰ পিছতো এই কথাটো সত্য যে কোনো এটা ব্যৱস্থাই এই পৃথিৱীত স্থায়ী নহয়। পৰিৱৰ্তন অনিবাৰ্য। পৰিৱৰ্তনেই অস্তিত্বৰ মূল। যিদিনাই সমাজত ধনী-দুখীয়াৰ জন্ম হৈছিল, সেই তেতিয়াই আৰম্ভ হৈছিল ধনী-দুখীয়াৰ মাজৰ দ্বন্দ্ব আৰু সংঘাত। শ্ৰেণীসংঘাত বা দ্বন্দ্ব মানেই হৈছে শ্ৰেণীচিন্তাৰ দ্বন্দ্ব বা সংঘাত। এদিন দাস আছিল, মালিক আছিল, সামন্ত প্ৰভু আছিল আৰু সিহঁতৰ গোলামো আছিল। সেই ব্যৱস্থা স্থায়ী নহ’ল। নতুন ব্যৱস্থা আহিল পুঁজিবাদ। পুঁজিবাদৰ যে এদিন পতন হ’ব, সেয়া খাটাং। যিদৰে এদিন দাসব্যৱস্থা আৰু সামন্তব্যৱস্থাৰ পতন হৈছিল। পুঁজিবাদৰ পিছত কি? তাৰ ব্যাখ্যা দি থৈছে বিখ্যাত সমাজতাত্ত্বিক দাৰ্শনিক কাৰ্ল মাৰ্ক্সে। পুঁজিবাদৰ পিছৰ সামাজিক স্তৰ হ’ব সাম্যবাদ। কিদৰে হ’ব, তাৰো ব্যাখ্যা তেওঁ দি গৈছে; মাথো আমি সেইবোৰ কথা আমাৰ চিন্তাৰ মাজলৈ আনিব লাগে।  এইবোৰ চিন্তাৰ পৰাই মানুহক আঁতৰাই ৰখাৰ কূট-কৌশলেই হৈছে চিন্তাৰ হৰণ আৰু হৰণ কৰিব নোৱাৰিলে চিন্তাৰ বিভ্ৰান্তিকৰণ। শ্ৰেণীদ্বন্দ্বই যাতে তীব্ৰ ৰূপ ধাৰণ কৰি বুৰ্জোৱা ব্যবস্থাটোক ওফৰাই পেলাব নোৱাৰে, তাৰেই উদ্দেশ্য হৈছে মানুহৰ চিন্তা-চেতনাৰ অপহৰণ। এই প্ৰচেষ্টাসমূহেই প্ৰমাণ কৰে ধনীক শ্ৰেণীৰ সৈতে দুখীয়া শ্ৰেণীটোৰ মাজৰ দ্বন্দ্বৰ উপস্থিতিক। সকলো সময়তে সকলো মানুহ চিন্তাৰ দিশেৰে কোনো পুঁজিবাদী ব্যৱস্থাৰ দাস হৈ থাকিব নোৱাৰে বা বিভ্ৰান্তিৰ মাজতো বাছি থকাটো সম্ভৱ নহয়। মানুহৰ চিন্তা-চেতনাৰ ব্যাপ্তিৰ সম্ভাৱনা অনন্ত। যিদিনাই এই উপলব্ধি মানুহৰ মনত জাগ্ৰত হ’ব, সেই দিনাই এতিয়াৰ এই বুৰ্জোৱা ৰাষ্ট্ৰব্যৱস্থাৰ জালত বন্দী কৰি থোৱা তেওঁলোকৰ চিন্তাক সেই জালৰ পৰা মুক্ত কৰি সেই ব্যাপ্তিৰ সীমনাত উৰিবলৈ এৰি দিব আৰু মানুহৰ চিন্তাই বাধাহীনভাৱে গতি কৰিব—আৰু তেতিয়াই মানুহে এখন নতুন সমাজলৈ গতি কৰাৰ পথ মুকলি হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *