অতিথি সম্পাদকৰ চ'ৰাঅষ্টম বছৰ প্ৰথম সংখ্যা

মানৱ সৃষ্ট দুৰ্ভিক্ষ: বৰপেটাৰ খাদ্য সংকট- এটি টোকা – (ধনমণি কলিতা)

১৯৪৩ চনত বংগ দেশত দেখা দিয়া দুৰ্ভিক্ষত প্ৰায় ৪০ লাখ মানুহৰ মৃত্যু হৈছিল। এই দুৰ্ভিক্ষৰ এটা অন্যতম কাৰণ আছিল যে তেতিয়াৰ বৃটিছ প্ৰধান মন্ত্ৰী চাৰ্চিলে ভোকাতুৰ ভাৰতীয় লোকসকললৈ পঠিয়াবলগীয়া খাদ্য সামগ্ৰী বৃটিছ সৈন্যবাহিনীলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছিল। কিছু খাদ্য সামগ্ৰী আনকি গ্ৰীচ আদি দেশত মজুত কৰি ৰাখিবৰ বাবেও পঠিওৱা হৈছিল। খাদ্যৰ অভাৱত বৃটিছ সাম্ৰাজ্যৰ ভাৰতীয় প্ৰজাৰ মৃত্যুত তেওঁৰ কোনো সহমৰ্মিতা নাছিল। যেতিয়া চাৰ্চিলক ভাৰতীয় প্ৰজাৰ দুৰাৱস্থাৰ কথা জনোৱা হৈছিল তেতিয়া তেওঁ কৈছিল যে ইয়াৰ বাবে দায়ী ভাৰতীয় লোকসকল নিজে কাৰণ তেওঁলোকে এন্দুৰৰ দৰে এসোপা ল’ৰা-ছোৱালীৰ জন্ম দিয়ে। ভাৰতীয় লোকৰ দুৰাৱস্থা দেখি অনুতপ্ত এগৰাকী বৃটিছ বিষয়াই দুৰ্ভিক্ষৰ ভয়াৱহতা টেলিগ্ৰামৰ জৰিয়তে জনোৱাত তেওঁৰ উত্তৰ আছিল- তেন্তে এতিয়ালৈ গান্ধী কিয় মৰা নাই ! চাৰ্চিল সম্পৰ্কে এই কথাখিনি শচী থাৰুৰৰ সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত গ্ৰন্থ An Era of Darknessত পোৱা যায়। অলপতে অক্সফোৰ্ডত তেওঁ আগবঢ়োৱা বক্তৃতাৰ এটা সৰু ভিডিঅ’ ভাইৰেল হৈছিল য’ত তেওঁ এই কথাখিনিও উল্লেখ কৰিছিল।

ঔপনিৱেশিক অসমৰ ক্ষেত্ৰত  এনে ক্ষুধা বা দুৰ্ভিক্ষ বা তীব্ৰ খাদ্য সংকটৰ উদাহৰণ পাবলৈ নাই, অন্ততঃ তেনে কোনো দুৰ্ভিক্ষৰ উদাহৰণ সততে পোৱা নাযায়। অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে অসমৰ লোকসকলৰ অৱস্থা একেবাৰে নদন-বদন আৰু তেওঁলোকে কেতিয়াও খাদ্য সংকটৰ সন্মুখীন হোৱা নাছিল।

স্বৰাজোত্তৰ অসমৰ এক দুৰ্ভিক্ষ সদৃশ পৰিৱেশ সৃষ্টি হৈছিল ১৯৭8-১৯৭৫ চনত বৰপেটাৰ কিছু অঞ্চলত। সেই বছৰ জানুৱাৰী মাহৰ ৩১ তাৰিখে The Assam Tribune কাকত এটা বাতৰি প্ৰকাশ পাইছিল । বাতৰিটোত বৰ্ণনা কৰা অনুসৰি ‘যোৱা ছমাহত বৰপেটাৰ বাঘবৰ মন্দিয়া অঞ্ছলত ইতিমধ্যে এক হাজাৰতকৈ অধিক মানুহ খাবলৈ নাপাই মৰিছে আৰু আগন্তুক দিনবোৰত পাঁচ হাজৰতকৈ অধিক মানুহৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছে’। সেই অঞ্চলৰ বিধায়ক জালালুদ্দিন আহমেদ আৰু আন এগৰাকী স্থানীয় নেতাই এই তথ্যখিনি উদঙাই দিয়া বুলি কোৱা হৈছিল। কিন্তু চাৰিদিন পিছতে একেখন কাকতত ইয়াৰ বিপৰীতে এটা স্পষ্টীকৰণ প্ৰকাশ পাইছিল । তাত বিধায়ক গৰাকীয়ে আচলতে কি কৈছিল সেই কথাখিনি তুলি ধৰিছিল। তেওঁ কৈছিল যে একেৰাহে ছটাকৈ অহা বান আৰু গৰাখহনীয়াৰ ফলত মানুহ বোৰৰ অৱস্থা বৰ বেয়া হৈছিল।  তাত তেওঁ চৰকাৰে লোৱা সাহাৰ্য্যৰ পদক্ষেপ প্ৰশংসাও কৰিছিল। এই স্পষ্টীকৰণৰ লগত ৰাজনৈতিক সমীকৰণ এটা জড়িত আছিল বুলি ভাৱিব পাৰি কাৰণ তেতিয়াৰ ভাৰতৰ ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদো সেই সংসদীয় সমষ্টিটো প্ৰতিনিধিত্ব কৰিছিল। ফলত এনে ঘটনাৰ লগত কংগ্ৰছৰ পৰা নিৰ্বাচিত ৰাষ্ট্ৰপতি জনৰ সন্মানৰ প্ৰশ্নও জড়িত আছিল আৰু সেয়ে হয়তো বিধায়কজনক স্পষ্টীকৰণ দিবলৈ হেঁচা দিয়া হৈছিল।

যি কি নহওক, এটা কথা ঠিক যে সেই সময়ত গভীৰ খাদ্য সমস্যাই দেখা দিছিল আৰু ইয়াৰ ফলত অঞ্চল বিশেষে দুৰ্ভিক্ষ সদৃশ পৰিবেশ এটাৰো সৃষ্টি হৈছিল। এই ঘটনাৰ চৰজমিন তদন্ত কৰি এটি প্ৰতিবেদন  Economic and Political Weeklyৰ Mar. 8, 1975, Vol. 10 সংখ্যাত প্ৰকাশ কৰিছিল প্ৰখ্যাত সাংবাদিক এম. এছ. প্ৰভাকৰে। তেওঁ লিখিছিল-

মই প্ৰতিবেদনটোত উল্লিখিত অঞ্চলটোত যোৱা ১৫ ফ্ৰেব্ৰুৱাৰী আৰু ১৭ ফেব্ৰুৱাৰীৰ ভিতৰত তিনিদন ধৰি চমু ভ্ৰমণ এটা কৰি প্ৰকৃত কথাবোৰ নিজে চাব খুজিছিলো মই জানিবলৈ বিচাৰিছিলো যে ৩১ তাৰিখে প্ৰকাশ পোৱা কথাটো সত্য আছিল নে সেয়া গুৰুত্বহীন অতিৰঞ্জন আছিল নে তথ্যৰ অপলাপ আছিল ! ১৬ তাৰিখে জনীয়া আৰু ইয়াৰ ওচৰৰ অঞ্চলবোৰ পৰিদৰ্শন কৰি আৰু ১৭ তাৰিখে মন্দিয়া অঞ্চলটো পৰিদৰ্শন কৰি মই ভোকত এক হাজাৰ মানুহৰ মৃত্যু হোৱাটো থিৰাং কৰিব নোৱাৰিলো যদিও বহু  লোক যে ভোকত মৰিছিল তাত কোনো সন্দেহ নাই

প্ৰতিবেদনটোত প্ৰভাকৰে তেওঁ কেনেদৰে স্থানীয় লোকসকলৰ লগত কথা পাতি প্ৰকৃত সত্য জানিবলৈ চেষ্টা কৰিছিল তাৰ এক বৰ্ণনা দাঙি ধৰিছে। তেওঁ মানুহবোৰৰ পৰা ভোকত মানুহৰ মৃত্যু হোৱাৰ খা-খবৰ লৈছিল আৰু সঁচাকৈ এদিন তেওঁ ভোকত মানুহ মৰিবলৈ লোৱাৰ দৰে ঘটনা এটা প্ৰত্যক্ষ কৰিছিল। তেওঁ লিখিছিল-

‘…আমি মন্দিয়াগাঁৱৰ বজাৰৰ মাজেৰে উভতি থাকোতে আমাক প্ৰকৃত মৃত্যু প্ৰত্যক্ষ কৰিবলৈ মাতি নিলে মন্দিয়া বজাৰৰ মাজ মজিয়াত সেইদিনা সোমবাৰৰ আবেলি এগৰাকী মহিলাক তেওঁৰ মৃত সন্তানক লগত লৈ কান্দি থকা দেখিছিলো মাক আৰু সন্তানটো হাড়ৰ একোটা বোজাৰ দৰে আছিল তাত গোট খোৱা মানুহৰ সৰু জুমটোক কিনাৰলৈ ঠেলি চহৰৰ ভদ্ৰলোক সকলক কেনেকৈ দুখীয়া মানুহ মৰে, কেনেকৈ শিশু মৰে তাক চাবলৈ ৰাস্তা উলিয়াই দিছিলআমি মহিলাগৰাকীক কেইটামান টকা দিছিলো যাতে তেওঁ মৃতদেহটো ঢাকি থবলৈ এখন কাপোৰ কিনিব পাৰে আৰু শৱ সত্কাৰ কৰিব পাৰে

বৰপেটাৰ এনে দুৰ্ভিক্ষ সদৃশ পৰিৱেশক মানৱ সৃষ্ট দুৰ্ভিক্ষ (Man Made Famine) বুলি এটি লেখা প্ৰকাশ পাইছিল  Economic and Political Weeklyৰ  Vol. 10, No. 21 (May 24, 1975) সংখ্যাত। এই লেখাটোৰ লেখক আছিল প্ৰবীৰ বৈশ্য। ইয়াত দেখুওৱা হৈছে কেনেদৰে চৰকাৰে চাউলৰ ব্যৱসায়ৰ নিয়ন্ত্ৰণ নিজ হাতলৈ নিয়াৰ ফলত খাদ্য সমস্যাই দেখা দিছিল। সেই বছৰ চৰকাৰে মজুত কৰিবলৈ লগীয়া ১৭ লাখ কুইন্টল চাউলৰ পৰিৱৰ্তে মাত্ৰ ১২ লাখ কুইন্টল চাউলহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। এয়া ৰাজ্যত প্ৰয়োজনীয় চাউলৰ এক দশমাংশও নাছিল। বাধ্য হৈ চৰকাৰে চাউলৰ বিতৰণ নিয়ন্ত্ৰণ কৰিছিল। চহৰ অঞ্চলত সপ্তাহত এগৰাকী লোকৰ বাবে প্ৰথম অৱস্থাত ৭৫০ গ্ৰাম চাউল আৰু পিছলৈ ৫০০ গ্ৰাম চাউল বিতৰণৰ ব্যৱস্থা কৰিছিল। পিছলৈ এই বিতৰণ ব্যৱস্থাও সঠিককৈ চলাবলৈ চৰকাৰ ব্যৰ্থ হৈছিল। এই সময়ছোৱা গ্ৰামাঞ্চলক ৰাজহুৱা বিতৰণ ব্যৱস্থাই কোনো গুৰুত্ব দিয়া নাছিল। ফলত মানুহে ব্যক্তিগত বজাৰৰ পৰা চাউল কিনিবলৈ বাধ্য হৈছিল। কিন্তু চাউলৰ আকাশলঙ্গী মূল্যবদ্ধিৰ ফলত মানুহ ভোকত থাকিবলৈ বাধ্য হৈছিল।  চাউলৰ কলা বজাৰো গঢ়ি উঠিছিল।

The New York Timesৰ Sept. 24, 1974 সংখ্যাত ভাৰতত সেই সময়ত হোৱা খাদ্য সংকটৰ বিষয়ে এটা প্ৰতিবেদন প্ৰকাশ পাইছিল এনেদৰে Large Imports Appear Essential To Easing of India’s Food Crisis.  তাত উল্লেখ আছিল কেনেদৰে অসমৰ বহু লোকে গছৰ শিপা, ঘাঁহজাতীয় উদ্ভিদ আদি খাই পেট পুৰাবলৈ চেষ্টা কৰিছিল। প্ৰভাকৰেও তেওঁৰ প্ৰতিবেদনত লিখিছিল কেনেদৰে মহিলা সকলে কেতবোৰ গছৰ শিপা সিজাই খাবলৈ শিপাবোৰ বিচাৰি ফুৰিছিল।

যি কি নহওক, এনে দুৰ্ভিক্ষ সদৃশ পৰিবেশ সৃষ্টিৰ সেয়ে অন্যতম কাৰণ আছিল চৰকাৰৰ ভুল নীতি। সেই সময়ছোৱাত ভাৰতবৰ্ষৰ বহু অঞ্চলত তীব্ৰ খাদ্য সংকটে দেখা দিছিল আৰু সাধাৰণ মানুহে জীয়াতু ভুগিবলগীয়া হৈছিল। অসমত হোৱা এনে দুৰ্ভিক্ষ সদৃশ পৰিৱেশ আৰু তাৰ  আৰ্থ-সামাজিক, ৰাজনৈতিক প্ৰভাৱ আদি সম্পৰ্কে অধিক গৱেষণাৰ থল আছে।  

লেখক বিকালী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক

 এই বিষয়ে অধিক জানিবলৈ চাওকঃ

  1. Death in Barpeta Author(s): M. S. Prabhakar Source: Economic and Political Weekly , Mar. 8, 1975, Vol. 10, No. 10 (Mar. 8, 1975), pp. 423-425 Published by: Economic and Political Weekly Stable URL: https://www.jstor.org/stable/4536914
  • Man-Made Famine

Author(s): Prabir Baishya

Source: Economic and Political Weekly, Vol. 10, No. 21 (May 24, 1975), pp. 821-822

Published by: Economic and Political Weekly

Stable URL: https://www.jstor.org/stable/4537135

  • Drèze, J., & Sen, A. (2002). Hunger and public action (reprint). Oxford University Press.

Leave a Reply

Your email address will not be published. Required fields are marked *