অনুবাদকবিতা

মনীষ আজাদৰ কবিতা আৰু পৰ্যালোচনা – (মূল হিন্দীৰ পৰা অনুবাদ: কল্যাণী কোঁৱৰ)

অনুবাদিকাৰ টোকা:- মনীষ আজাদ এলাহবাদৰ কবি‌। তেওঁ এজন ৰাজনৈতিক সামাজিক কাৰ্যকৰ্তা, স্বতন্ত্ৰ লেখক তথা অনুবাদক‌। বিগত কালছোৱাত ৰাজনৈতিক আন্দোলনৰো এজন সক্ৰিয় কৰ্মী‌। মনীষ আজাদৰ কবিতাৰ বিষয়বস্তুৰ গভীৰতা, সমাজৰ  বিভিন্ন  সময়ত চাৰিওফালে ঘটি থকা ঘটনাৰ আলম লৈ কবিতাৰ মাধ্যমেৰে কৰা তাৰ উপস্থাপনে পাঠকক উদ্বুদ্ধ কৰে। সংবেদনশীলতা, অনুভূতিৰ সূক্ষ্মতা আৰু তীক্ষ্ণ বিশ্লেষণ তেখেতৰ কবিতাৰ অন্যতম বৈশিষ্ট্য। পঢ়ি গৈ থাকোঁতে পাঠকৰ মন মগজুক আলোড়িত কৰাই নহয়, সৰল অথচ ক্ষুৰধাৰ বক্তব্য‌‌‌ যেন লগা কবিতাৰ কথাই ‘নতুন’ৰ চিন্তা আৰু চেতনাৰ লগত আমাক চিনাকি কৰাই দিয়ে। কবিতাবোৰত বিস্তাৰিত হৈ আছে সমাজৰ একোটা শ্ৰেণীৰ প্ৰতি কৰা অন্যায় অবিচাৰৰ ফলত সৃষ্টি হোৱা মানৱীয় দুঃখবোধ আৰু যন্ত্ৰণা যি সাৰ্বজনীন। সেই সাৰ্বজনীনতাই আমাক ওচৰ চপাই আনে। সেই দুখ, যন্ত্ৰণাই আমাক কোঙা কৰিব নোৱাৰে, তাক নেওচি আগবাঢ়ি যোৱাৰ অনুপ্ৰেৰণা মনীষ আজাদৰ কবিতাই আমাক দিয়ে। ৰাজনৈতিক ভাৱে অতি সচেতন মনীষৰ কবিতাই  দুখবোধ আৰু যন্ত্ৰণাৰ উপলব্ধিৰ তুলনাত স্থিতাৱস্থাধৰ্মী সৌন্দৰ্যবোধক চিধাচিধিকৈ প্ৰশ্ন কৰে। ৰাষ্ট্ৰই কৰা অন্যায় অবিচাৰৰ বিৰুদ্ধে একগোট হোৱাৰ আহ্বান দিয়ে। বিভিন্ন সীমাবদ্ধতাৰ মাজতো আমাৰ সন্মুখত চলি থকা কুৰুক্ষেত্ৰ যুঁজত যোগদান কৰাটো আমাৰ কৰ্তব্যৰ ভিতৰত পৰে, এনেবোৰ মৌলিক সত্য সোঁৱৰাই দিয়ে। মনীষৰ দৃঢ় প্ৰত্যয় আছে যে কৰ্মী মানুহৰ নেতৃত্বতহে এখন আধুনিক ৰাষ্ট্ৰ নিৰ্মাণ তথা সঞ্চালনৰ যোগেদি এখন ধুনীয়া সমাজ গঢ়িব পৰা যাব‌। এনেবোৰ উপাদানৰ প্ৰাচুৰ্য্যৰ ফলতেই অতি সাধাৰণ ঘটনা এটা মনীষৰ কলমত জীপাল হৈ উঠে। এনে এজন অভিজ্ঞতাপুষ্ট কবিৰ কবিতাৰ মুকলি অনুবাদ মুক্ত চিন্তাৰ পাঠকলৈ আগবঢ়ালোঁ। তাৰ লগতে তেওঁৰ কবিতাৰ বিষয়ে বিশিষ্ট সমালোচক প্ৰিয়দৰ্শনে আগবঢ়োৱা এক পৰ্যালোচনাও সংযুক্ত কৰা হ’ল‌। হিন্দী ভাষাত লিখা পৰ্যালোচনাটি প্ৰকাশ পাইছিল ‘সমকালীন জনমত’ ৰ ২০২২ চনৰ ১৯ জুন সংখ্যাত‌। 

স্পাৰ্টকাছ

স্পাৰ্টকাছ শ্বহীদ হোৱাৰ পাছত
যেতিয়া লেমপোষ্টত ওলমাই ৰখা হৈছিল
গোলাম বিদ্ৰোহী জনক
শেষ নিশ্বাসৰ আগেয়ে ডেভিদে সুধিছিল,
“স্পাৰ্টকাছ আমি কিয় হাৰিলো ?”
তেতিয়াৰ পৰা আজিলৈকে
অনেক স্পাৰ্টকাছৰ জন্ম হ’ল
সিহঁতক ‘স্পাৰ্টকাছ’ ৰ কাহিনী শুনালে
এই সকলোবোৰ স্পাৰ্টকাছে , ইতিহাসৰ ৰথ আগলৈ ঠেলি ডেভিদৰ প্ৰশ্নৰ উত্তৰ বিচাৰি আছিল
হয়তো বা উত্তৰ বিচাৰি পোৱা হৈছে
কিন্তু এই সময়তে আমি আকৌ সেই ৰোমলৈ
যাবলৈ লৈছোঁ
য’ত ৰজাই গোলামসকলক জ্বলাই
সেই পোহৰত পাৰ্টি কৰিছিল
তাত অংশগ্ৰহণ কৰিছিল
কবি, শিল্পী, সেনাপতি আৰু কিছুমান দাৰ্শনিকে।
স্পাৰ্টকাছ! তুমি ভবা নাই নেকি
এতিয়া তুমি কিতাপৰ পৰা বাহিৰলৈ ওলাই আহি
ডেভিদৰ প্ৰশ্নৰ উত্তৰ দিব লাগে
এইটো নায়ক সকলক কিতাপৰ পাতৰ পৰা
বাহিৰলৈ উলিয়াই অনাৰ সময়।
কিতাপৰ মাজত উশাহ-নিশাহ বন্ধ হ’ব
ইয়াত, সমাজত আমাৰ উশাহ-নিশাহ বন্ধ হ’ব খুজিছে
অথচ ধুমুহা বলাৰ কোনো লক্ষণ নাই!
পাভেল, গৰ্কীৰ উপন্যাসৰ ভিতৰত
তোমাৰো উশাহ টুটিবলৈ ধৰিছে নেকি?
তুমি কি বাহিৰলৈ ওলাই আহিব নিবিচাৰা?
আজি আমি আকৌ তালৈ ঘুৰি গৈছোঁ
য’ত জাৰৰ পুলিচ
ৰাং কুকুৰৰ দৰে বিদ্ৰোহীসকলৰ পিছত।
ক্ষমা কৰিবা, তোমাৰ মাৰ নাম মোৰ মনত নাই
কিন্তু তেওঁৰো প্ৰয়োজন আছে
টুকুৰীত লুকুৱাই গুপুত খবৰ মজদুৰ বিদ্ৰোহীসকলক
কোনে নি দিবগৈ?
আহিলে মাকো লগত আনিবা।
ভগত সিং, তুমি ভবা নাই নেকি
সেই সময়ত তুমি নিজকে ধৰা দি ভুল কৰিলা?
এতিয়া এই ভুল নকৰিবা
এতিয়া তুমি আদালতৰ ব্যৱহাৰ সেই ধৰণে
কৰিব নোৱাৰা।
এইখন স্বাধীন ভাৰত
ইয়াত বন্দী কৰাৰ আগেয়ে তোমাক
‘এনকাউন্টাৰ’ কৰি পেলাব
স্বাধীন ভাৰতত তুমি ভূমিগত হৈ থাকিব লাগিব
আমি সকলো তোমাৰ অপেক্ষাত অধীৰ হৈ আছোঁ
তোমাৰ অপেক্ষা আমি এইকাৰণে কৰা নাই
যে আমাৰ মাজত
স্পাৰ্টকাছ
পাভেল
পাভেলৰ মাক বা
ভগত সিং নাই
তোমাৰ বাবে ৰৈ আছোঁ কাৰণ
তোমাৰ লগত কিছু বাৰ্তালাপ আছে
তোমাৰ সপোনবোৰক আমাৰ সপোনবোৰৰ সৈতে
বিস্তাৰিত কৰাৰ আশা
তোমাৰ কান্ধত কান্ধ মিলাই
ধুমুহা নিৰ্মাণ কৰাৰ হেঁপাহ
যি সপোন তুমি দেখিছিলা
আৰু যাৰবাবে তোমাক লেমপোষ্টত
ওলমাই ৰখা হৈছিল।

আন্না কাৰেনিনা

সমাজত কোনো যাতে আকৌ
আন্না কাৰেনিনা হ’বলৈ চেষ্টা কৰিব নোৱাৰে
এনে দৃঢ় সংকল্প লৈ
টলষ্টয় লিখিবলৈ বহিল।

তিনি পৃষ্ঠামান হৈছিল হে
আন্না শব্দৰ পৰা বাহিৰলৈ ওলাই আহি
টলষ্টয়ৰ লিখা মেজত
এজনী সৰু ধুনীয়া পুতলাৰ ৰূপ ল’লে

“টলষ্টয়, তুমি মোৰ প্ৰতি ইমান
নিষ্ঠুৰ কেনেকৈ হ’ব পাৰিলা?”
টলষ্টয়ৰ চিধা উত্তৰ
“তুমি বিশ্বাসঘাতকতা কৰিলা।”
“কাৰ প্ৰতি”

তোমাৰ স্বামী কাৰেনিনৰ প্ৰতি, সমাজৰ প্ৰতি।
তোমাৰ প্ৰেমিক ব্ৰ’স্কীৰ বাবে
তুমিতো নিজৰ সন্তানকো ত্যাগ কৰিলা
আৰু এতিয়া তুমি
মই তোমাৰ প্ৰতি নৰম হোৱাটো বিচৰা?

জীয়াই থাকোঁতেই আন্নাৰ
এনেবোৰ কথা শুনাৰ অভ্যাস হৈ গৈছিল।
তাইৰ মুখৰ অভিব্যক্তিৰ
একো পৰিবৰ্তন নহ’ল।

আন্নাই প্ৰশ্ন কৰিলে,
বিশ্বাসঘাতকতা কি, প্ৰেম কি, সমাজ মানে কি?
টলষ্টয়ে ইয়াৰ ওপৰত
নিজৰ বিস্তৃত দৰ্শন আগবঢ়ালে।

আন্নাৰ ওপৰত একো প্ৰভাৱ নপৰিল।
তাই ক’লে,
এগৰাকী নাৰীক কি লাগে
মৰম আৰু সন্মান
ব্ৰ’স্কীয়ে মোক দুয়োটা দিছিল।

সেইকাৰণে মোৰ স্বামীক এৰি থৈ
মই ব্ৰ’স্কীৰ ওচৰলৈ গুচি আহিলো।
আৰু মাকৰ দ্বায়িত্ব?

টলষ্টয়ে ভাবিলে এইবাৰ আন্নাৰ ওচৰত
কোনো উত্তৰ নাই।
“কাৰেনিনে মোৰ সন্তানক মোৰ পৰা কাঢ়ি নিলে
মই মাথো মাতৃয়েই নহয়, এগৰাকী নাৰীও আছিলোঁ
স্বাধীন নাৰী
মৰম আৰু সন্মান আকাংক্ষী।”

“কিন্তু ব্ৰ’স্কীয়েও তোমাক ঠগিলে
অৱশেষত তুমি কি পালা?”
এইটো তুমি ব্ৰ’স্কীক সুধিবা
মই মাথোঁ ভাল পাইছিলো
এক সৰল ভালপোৱা!

তেনেহ’লে সমাজৰ নৈতিকতাৰ কি হ’ব?

নৈতিকতাৰ প্ৰশ্নত আন্না গৰজি উঠিল,
“তোমাৰ সমাজৰ নৈতিকতা
সেই মকৰা জালখনৰ দৰে
য’ত স্বাধীন নাৰীৰ ডিঙি চেপা দিয়ে।
তাইৰ ভালপোৱা, তাইৰ সপোনৰ
ডিঙি চেপা দিয়া হয়।
যেনেকৈ মোৰ ডিঙি চেপা দিছিল
মোৰ ডিঙি চেপা দিয়াৰ বাবে
সমাজৰ নৈতিকতা ৰক্ষা পৰিল জানো?
সঁচা কথা ক’বলৈ গ’লে
মই মাথোঁ ভাল পাইছিলো
বৈ যোৱা নদীৰ দৰে
অবিচল ভালপোৱা!”

“বাৰু, বাদ দিয়া টলষ্টয়
আচ্ছা, কোৱাচোন
তুমি মোৰ ঠাইত হোৱা হ’লে
কি কৰিলা হেঁতেন?”

টলষ্টয়ে চিগাৰেট এটা জ্বলাই
অস্থিৰ ভাৱে কোঠাটোত
ইফালে সিফালে অহা-যোৱা কৰিবলৈ ধৰিলে
তাৰপিছত খুব লাহেকৈ কিন্তু
গম্ভীৰ মাতেৰে ক’লে,
“সেইটোৱেই কৰিলোঁ হেঁতেন যিটো তুমি কৰিলা।”
এইটো শুনি আন্না কাৰেনিনা
পুনঃ শব্দত বিলীন হৈ গ’ল ……. !

(শুনা মতে, টলষ্টয়ে  প্ৰথমে আন্না কাৰেনিনাক ঋণাত্মক চৰিত্ৰ ৰূপে উপস্থাপিত কৰিব খুজিছিল। কিন্তু তেওঁ এজন খুব সৎ ঔপন্যাসিক আছিল। চৰিত্ৰটো ৰূপায়ণ কৰোঁতে কৰোঁতে আন্নাৰ প্ৰতি তেওঁৰ সহানুভূতি বাঢ়ি গ’ল আৰু অন্তত উপন্যাসত আন্না কাৰেনিনা ধনাত্মক চৰিত্ৰৰ ৰূপত উদ্ভাসিত হ’ল)

এই সময়

এতিয়া কিতাপবোৰ কন্ঠস্থ কৰাৰ সময়
কাৰণ কিতাপবোৰ জ্বলাই দিয়াৰ আদেশ
যিকোনো সময়ত আহিব পাৰে।
একনায়কে জানে,
ভৱিষ্যত জ্বলাবৰ বাবে কিতাপ জ্বলাব লাগিব …..

এতিয়া গীতবোৰ মনত ৰখা আৰু
সমজুৱাকৈ গীত গোৱাৰ সময়
কাৰণ গীতবোৰ হৈছে সেই চিঞৰ
য’ত আমি ভৱিষ্যত আহ্বান কৰিব পাৰোঁ।
একনায়কে এইটো জানে
সেইবাবে গীতবোৰক আমাৰ স্মৃতিৰ পৰা
খুচৰি বাহিৰ কৰি পেলাব খুজিছে।

এতিয়া প্ৰেম কৰাৰ সময়
কাৰণ প্ৰেমেই হৈছে সৰ্বকালে চলি অহা
পৰম্পৰাৰ বিৰুদ্ধে বিদ্ৰোহৰ এটি নাম।
সেইবাবে একনায়কে প্ৰেমলৈ ভয় কৰে …..

এতিয়া সংবাদ পত্ৰৰ ওপৰি ভাগ নহয়
তাৰ অন্তৰালত থকা কাহিনী চাব লাগিব
কাৰণ একনায়কে সংবাদ পত্ৰত প্ৰতিবন্ধক নলগায়
বৰঞ্চ তাত বিহ মিহলাব বিচাৰে …….

এতিয়া প্ৰশ্নবোৰ গঢ়ি পিটি তৈয়াৰ কৰি
উত্থাপিত কৰাৰ সময়
কাৰণ একনায়কে জানে
এই প্ৰশ্নবোৰে
তেওঁ সজাই পৰাই কোৱা উত্তৰক
নস্যাৎ কৰিব পাৰে ।

যুদ্ধ কৰি কৰি ,
যুদ্ধ আয়ত্ত কৰাৰ সময় এতিয়া
কাৰণ একনায়কে জানে
তেওঁ সুৰক্ষিত হৈ থাকিব
যেতিয়ালৈকে যুদ্ধৰ ওপৰত
তেওঁৰ এককাধিকাৰ থাকিব!

ৰাষ্ট্ৰপতিৰ ঘৰ

কাৰোবাৰ ঘৰৰ ভিতৰলৈ এনেয়ে এনেকৈ
সোমাই যাব নোৱাৰি
লাগিলে সেইটো ৰাষ্ট্ৰপতিৰ ঘৰেই নহওক কিয়।

ৰান্ধনী ঘৰলৈ নোসোধাকৈ কেনেকৈ
কোনোবা সোমাব পাৰে?
সেইখন তো বহুত ‘পৱিত্ৰ’ ঠাই!
লাগিলে সেইটো ৰাষ্ট্ৰপতিৰ ৰান্ধনী ঘৰেই নহওক কিয়।

আৰু শুৱনি কোঠালৈ সোমাই যোৱাটো
একপ্ৰকাৰ অসভ্যালি।
আৰু তাৰ বিছনাৰ ওপৰত থকা
শকত দামী বিদেশী তুলিৰ ওপৰত
জোতাৰে সৈতে জপিয়াই উঠাটো?
সেইয়া সহ্যৰ বাহিৰত।

কাৰোবাৰ ব্যক্তিগত চুইমিং পুলৰ
ফটফটীয়া চাফা পানীত
ঘাম আৰু ধূলিৰে লেটপেট হৈ
হাজাৰ জনে একেলগে গা ধোৱাটো
কেনেধৰণৰ কথা?
তাৰমানে, আপুনি এতিয়াও সভ্য হৈ উঠা নাই।

যি বিশাল সুদৃশ্য ভৱনত আপুনি
হাজাৰ জনৰ সৈতে প্ৰৱেশ কৰিলে
তাক ‘অসভ্য’ ধৰণেৰে ভৰিৰে
গৰকি  পেলোৱা হ’ল।
সেইটো এজন ‘মহান’ ব্যক্তিৰ ভৱন আছিল।

তেওঁ আপোনালোকৰ কাৰণে কি কৰা নাই
প্ৰথমে যেতিয়া মুছলমানসকলক ঠিক কৰিলে
আপোনালোকৰ মাজৰে কিছুমানে
ইয়াৰ কাৰণে হাত তালিও বজালে।

তাৰপিছত আপোনাৰ সুৰক্ষাৰ নামত
ৰাষ্ট্ৰৰ সুৰক্ষাৰ নামত
লিট্টী (LTTE) ক মোহাৰি পেলালে।

ইমানেই ঘৃণা যে
প্ৰভাকৰনৰ ন বছৰীয়া পুত্ৰক
বাংকাৰৰ পৰা উলিয়াই
তাৰ কাপোৰ খুলি উদং বুকুত
মিডিয়াৰ সন্মূখতে গুলি কৰিলে।

তামিল সকলক বহুত ‘সভ্য’ ধৰণে
সিহঁতৰ অৱস্থান দেখুৱাই দিলে!

অসংখ্য ছবিয়ে তামিল সকলৰ ওপৰত হোৱা
নিষ্ঠুৰ বৰ্বৰতাৰ কথাই কওক লাগিলে,
কিন্তু আপোনালোকেতো এইয়া দেশৰ
সুৰক্ষাৰ বাবে জৰুৰী বুলি বুজিলে !
নিজৰ ধৰ্মৰ পতাকাখন সকলোতকৈ ওপৰত
উৰুৱাই ৰখাটো দৰকাৰী বুলি ভাবিলে !

বুদ্ধ পূৰ্ণিমাৰ দিনা যেতিয়া চন্দ্ৰত
তেজৰ চিটিকনি পৰিল
তেতিয়া আপোনাৰ এনে লাগিল যে
আপোনাৰ শান্তিপূৰ্ণ ধৰ্ম
এতিয়া আক্ৰমণাত্মক হ’ব ধৰিছে
কিন্তু ইয়াক আপুনি আপোনাৰ
সুৰক্ষা বুলি ভাবিলে।

খাদ্য আৰু চাকৰিৰ সলনি
এই আক্ৰমণাত্মক ধৰ্ম আপোনাৰ
নিৰ্বাচন আছিল।
আপুনি আনন্দিত হৈছিল যে
তামিল আৰু মুছলমান সকলক
বকৰানিত গতিয়াই পেলোৱা হ’ল।
সিহঁতক আঁঠু কাঢ়ি খোজ কাঢ়িবলৈ
বাধ্য কৰোৱা হৈছিল।

কিন্তু এইটো কথাও সত্য যে
যিকোনো খেল খালী পেটে আৰু
কিমান সময় চাব পাৰি?
পেটত পকনীয়া লৈ
কেতিয়ালৈকে খেল খেলিব পাৰি?

ধৰ্ম আৰু ঘৃণাৰ দ্বাৰা মন ভৰিব পাৰে
কিন্তু পেট নভৰে।
আৰু যেতিয়া ৰ’ব নোৱাৰিলে
আপুনি ৰুটিৰ কাৰণে
ৰাষ্ট্ৰপতিৰ ভৱনকে গছকি পেলালে?

দেখদেখকৈ ইমান অকৃতজ্ঞ হ’ব পাৰিলে!
ৰুটি আপোনাৰ নিৰ্বাচনৰ বিষয়েই নাছিল!

ঠিক আছে , এইবোৰ বাদ দিলেও
আপুনি তালৈ গ’লেই যেতিয়া
কিবা এটাটো দেখিলে
কিবা উপলব্ধি কৰিলে চাগে।

ৰাষ্ট্ৰপতিৰ বিশাল ভৰি থকা ৰান্ধনী ঘৰ দেখি
নিশ্চয় আপুনি উপলব্ধি কৰিব পাৰিলে
কিয় আপোনাৰ ৰান্ধনী ঘৰ খালী হৈ থাকে!

সমৃদ্ধিৰে ভৰপূৰ মহলটো দেখি
নিশ্চয় আপুনি নিজে দুখীয়া হোৱাৰ
কাৰণটো বুজি পালে।

চুইমিং পুলৰ অথাই পানী দেখি
আপুনি হয়তো আপোনাৰ গভীৰ
পিয়াহৰ উমান পাইছে ।

তেওঁৰ বিশাল সুদৃশ্য শুৱনি কোঠাটো দেখি
তাৰ যাদুকৰী শক্তিক আপুনি চিনি পাইছে চাগে
কেনেকৈ প্ৰত্যেক ৰাতি চুম্বকৰ দৰে
আপোনাৰ টোপনিক ই টানি নিয়ে !

কিন্তু এটা উপলব্ধি হয়তু এতিয়াও বাকী আছে
আমাৰ ধৰ্ম বেলেগ বেলেগ হ’ব পাৰে
কিন্তু আমাৰ ৰুটি একে।
ভোক সকলোৰে একে।
সন্তানৰ চিন্তাও সকলোৰে একেই হয়।

এই উপলব্ধিয়ে
আমাক সিঁহতৰ কাষলৈ নিয়ে,
যাৰ প্ৰতি ঘৃণাৰ বিনিময়ত
আমি আমাৰ ৰুটি হেৰুৱালো!
আমাৰ সন্তানৰ ভৱিষ্যত হেৰুৱালোঁ।
নিজৰ ভৱিষ্যত ৰজাৰ হাতত বন্ধকত থলোঁ।

এই উপলব্ধিৰ পিছত
ল’ৰা-ছোৱালী আৰু ৰুটিৰ ভৱিষ্যত প্ৰাপ্তিৰ যুদ্ধত
আমি এই সুদৃশ্য, সমৃদ্ধিৰে ভৰপূৰ ভৱনত
কেৱল মাত্ৰ প্ৰৱেশ কৰাই নহয়,

তাৰ ওপৰত বুলডজাৰ চলাই
মাটিৰ লগত সমান কৰি পেলাম।

তাৰপিচত তাত এখন ফুলনি পাতিম
য’ত সকলো ৰঙৰ, সকলো গোন্ধৰ ফুল থাকিব।
আৰু সকলো নিজৰ ৰঙ, নিজৰ গোন্ধৰে

গোটেই জীৱন হালিজালি থাকিব ….….

(মনীষ আজাদৰ কবিতাৰ বিষয়ে বিশিষ্ট সমালোচক প্ৰিয়দৰ্শনৰ পৰ্যালোচনা)
‘মনীষ আজাদৰ কবিতাই বিপ্লৱী কামনা জীয়াই ৰাখে’

মূলতঃ নিজৰ সামাজিক সক্ৰিয়তা আৰু মানৱাধিকাৰ পক্ষত নিজৰ যুঁজ অব্যাহত ৰাখি শাসক পক্ষৰ চকুৰ কুটা হৈ জেল পৰ্যন্ত যাবলগীয়া হোৱা মনীষ আজাদৰ কবিতাৰ জন্ম কেনে পটভূমিত হৈছে তাক বুজিবলৈ সহজ। তেওঁ জনবিপ্লৱ, প্ৰতিৰোধ আৰু সংগ্ৰাম কামনা কৰা কবি- পাবলো নেৰুদা, নাজিম হিকমত, ব্ৰেখ্ট, বাৰবাৰা ৰাও, প্যাশ আদিৰ পৰা প্ৰেৰণা লভিছে। টলষ্টয়, গৰ্কীৰ দৰে লিখক, পাভেল আৰু স্পাৰ্টকাছৰ দৰে চৰিত্ৰক স্মৰণ কৰি যি বামপন্থী চিন্তাধাৰা আৰু সংবেদনশীল জগত সৃষ্টি হয়, তাৰপৰাই ওলাই আহে মনীষ আজাদৰ কবিতা।

মই সম্ভৱতঃ সেই ব্যক্তিসকলৰ মাজৰ এজন যাৰ মনীষ আজাদৰ ‘কাৰাগাৰৰ ডায়েৰী’ প্ৰকাশিত হোৱাৰ আগতেই পঢ়াৰ সৌভাগ্য হৈছিল। ডায়েৰী খনেও কয় কবিতা আৰু সাহিত্যই মনীষ আজাদৰ জীৱন দৃষ্টিক কেনেকৈ প্ৰভাৱিত কৰিছে। জেলৰ উশাহ-নিশাহ বন্ধ হোৱা অমানৱীয় পৰিৱেশ, তাৰ কিছু আঁতৰত থকা আন এখন জেলত তেওঁৰ পত্নী অমিতা সীৰীনও বন্দী‌। কবিতাই মনীষ আজাদক ৰক্ষা কৰিলে, তেওঁৰ কাৰণে জীৱন সহনীয় আৰু সম্ভাৱনাপূৰ্ণ কৰি তুলিলে। সেই ডায়েৰীত মনীষৰ নিজৰ কবিতাৰ উল্লেখ বিশেষ নাই অথবা কমকৈ আছে। কিন্তু মনীষ আজাদ এজন শক্তিশালী কবি। তেওঁৰ দৃষ্টিত ধূসৰতা নাই। তেওঁ মধ্যবৰ্গীয় গণ্ডীৰ মাজত নাই যিয়ে নিজৰ চাফাইত বিধে বিধে তথ্য আনি হাজিৰ কৰে আৰু আলসুৱা কবিতাৰ আশ্ৰয় লয়। তেওঁ পোনপটীয়াকৈ ৰজাকে প্ৰশ্ন কৰে, ৰজাই দিয়া প্ৰতিশ্ৰুতিৰ ভণ্ডামি ধৰা পেলায়।

তেওঁ কিতাপবোৰ কন্ঠস্থ কৰাৰ, গীতবোৰ পাহৰি নোযোৱাৰ, আৰু প্ৰেমত কোনো প্ৰতিবন্ধকতা মানি নোলোৱাৰ পৰামৰ্শ আগবঢ়ায়। কাৰণ তেওঁ জানে একনায়কে গান আৰু কিতাপলৈ ভয় কৰে। প্ৰেমক লৈ আতংকিত হয়। এই একনায়কৰ লগত যুঁজাৰ প্ৰয়োজনীয়তাৰ লগতে তাৰ উপায় সম্পৰ্কে তেওঁ কথা কয়। তেওঁৰ এটা কবিতাৰ শেষৰ পংক্তি কেইটাই কয়—

“এতিয়া সংবাদ পত্ৰৰ ওপৰি ভাগ নহয়
তাৰ অন্তৰালত থকা কাহিনী চাব লাগিব
কাৰণ একনায়কে সংবাদ পত্ৰত প্ৰতিবন্ধক নলগায়
বৰঞ্চ তাত বিহ মিহলাব বিচাৰে …….

এতিয়া প্ৰশ্নবোৰ গঢ়ি পিটি তৈয়াৰ কৰি
উত্থাপিত কৰাৰ সময়
কাৰণ একনায়কে জানে
এই প্ৰশ্নবোৰে
তেওঁ সজাই পৰাই কোৱা উত্তৰক
নস্যাৎ কৰিব পাৰে।

যুদ্ধ কৰি কৰি
যুদ্ধ আয়ত্ত্ব কৰাৰ সময় এতিয়া
কাৰণ একনায়কে জানে
তেওঁ সুৰক্ষিত হৈ থাকিব
যেতিয়ালৈকে যুদ্ধৰ ওপৰত
তেওঁৰ এককাধিকাৰ থাকিব।”

এইজন ৰজাক তেওঁ ব্যংগ কৰিবলৈ পিছ হোহোঁকা নাই। অন্য এক কবিতাত তেওঁ কৈছে তথ্য আৰু সত্য এইজন ৰজাৰ খাদ্য।

হিন্দী কবিতাৰ নতুন সমালোচকে এনে জনবাদক পুৰণি কালৰ বস্তু বুলি ভাবে। তেওঁলোকৰ মতে কবিতা এনেকুৱা আহ্বানমূলক বক্তব্যৰ দ্বাৰা ৰচিত নহয়। কিছু পৰিমাণে এই কথা সঁচা হ’ব পাৰে যদিও ইয়াত এডাল স্পষ্ট ৰেখা আছে যি কোনো শ্লোগানক কবিতা লৈ ৰূপান্তৰ কৰে আৰু একোটা কবিতাৰ মাজত এনেকুৱা শক্তি উৎপন্ন কৰে, যি বহুতো ব্যক্তিৰ বাবে সংগ্ৰামক শ্লোগানত পৰিণত কৰে। কোৱাৰ প্ৰয়োজন নাই যে এনে স্পষ্ট ৰেখা মনীষৰ কবিতাত বিদ্যমান।

তেওঁৰ কাব্য চেতনাত প্ৰতিৰোধৰ শক্তি আৰু উষ্মাৰ লগে লগে একোটা প্ৰবাহমান উপাদান সদায় সক্ৰিয়ভাৱে থাকে যিয়ে তেওঁৰ কবিতাক সংবেদনশীল কৰি ৰাখে। দৰাচলতে মনীষ আজাদৰ কবিতাই মনত পেলাই দিয়ে যে আদৰ্শগত দায়বদ্ধতা কেৱল আৱেগিক উৎসাহৰ পৰা উদ্ভৱ নহয়, এই বিচাৰধাৰা কোনখিনি শক্তিয়ে পৰিবৰ্তন কামনা কৰে আৰু কোনখিনিয়ে যথাস্থিতি বৰ্তাই ৰাখিব বিচাৰে, তেনে বোধৰ পৰা জন্ম হয়। ৰজা আৰু তেওঁৰ পালি পহৰীয়াই ভাবে সমাজ সদায় এনেদৰেই থাকিব, কিন্তু সমাজক পৰিবৰ্তনৰ যে প্ৰয়োজন, এই কথাটো কৃষক আৰু দাসসকলে জানে। পুঁজিপতিয়ে বিচাৰে সমাজ এনেদৰেই থাকক, কিন্তু সিঁহতৰ কাৰণে দেহৰ ঘাম বাহিৰ কৰা শ্ৰমিকে জানে পৰিবৰ্তন আনিবই লাগিব।

সৰল আৰু স্পষ্ট বক্তব্যৰ দৰে লগা কবিতাবোৰ লাহে লাহে আমাৰ ভিতৰত সোমাই পৰে আৰু হঠাতে স্তব্ধ কৰে যেতিয়া পৰিবৰ্তন আৰু যথাস্থিতিৰ প্ৰশ্নটো মনীষে নাৰী আৰু পুৰুষৰ সম্পৰ্কৰ ক্ষেত্ৰত উত্থাপন কৰে। তেওঁ লিখিছে –

“নাৰীক ফুলা ৰুটি আৰু
বিছনাৰ ভাঁজ জ্ঞান কৰা পুৰুষ,
নাৰীৰ পৰা সকলো ৰঙ কাঢ়ি লোৱা পুৰুষে
ভাবে যে পৃথিৱী এনেদৰেই থাকিব।
কিন্তু পৃথিবী খনক বিভিন্ন ৰঙেৰে ৰঙীন কৰাৰ
মানসেৰে নাৰীয়ে ভাবে
পৃথিৱী সলনি হ’ব লাগে
আৰু পৃথিৱী সলনি হ’ব ধৰিছে
নিৰন্তৰ ভাৱে সলনি হৈছে।”

এনে কবিতাসমূহৰ পঠনৰ পৰা এটা কথা আইনাৰ দৰে স্বচ্ছ যে মনীষৰ বাবে পৰিবৰ্তনৰ প্ৰয়োজনীয়তাৰ বহুতো স্তৰ আছে‌। তেওঁ আৰ্থিক সমতাৰ লগে লগে লিংগ সমতাৰ প্ৰতিও সংবেদনশীল এজন কবি। এই কথাটো তেওঁৰ অন্য এটা কবিতাই খুব মৰ্মস্পৰ্শী ভাবে প্ৰতিপন্ন কৰে।
কিবা কাল্পনিক গৌৰৱৰ সন্ধানত এই কেইদিন প্ৰত্যেকজনে অতীতৰ উৎখনন কৰিব খুজিছে। কিন্তু মনীষ আজাদে অতীতক বিচাৰি যাওঁতে কি পালে? তেওঁ লিখিছে যে তেওঁও অতীত খননৰ কাম আৰম্ভ কৰিছে –

“চিপৰাংখন লৈ মই অতীতৰ ফালে ওলালো….
খান্দি খান্দি ভাগৰি পৰা সময়তে
হঠাতে কিবা এটাত খুন্দা লগাত
মই খৰধৰকৈ মাটিবোৰ আঁতৰাবলৈ ধৰিলো
কিন্তু কোনো মন্দিৰৰ অৱশেষ নহয়
তাত এটা নৰকংকাল আছিল।
নৰকংকাল টো এগৰাকী মহিলাৰ।
মই খুব আচৰিত হৈছিলো কাৰণ
মহিলা গৰাকীৰ যোনিত তলা লগোৱা আছিল।”

প্ৰত্যেকৰে অনুভৱক জোঁকাৰি যোৱা এটা কবিতা। অতীতত কেৱল কংকাল আৰু কংকাল আছে, তাৰ লগত অন্যায় উৎপীড়নৰ অগনন কাহিনী জড়িত হৈ আছে। সেই কংকালবোৰে অস্ফুট স্বৰেৰে বৰ্তমানৰ পৰা নিজৰ বাবে ন্যায় দাবী কৰিছে। ৰজা আৰু ৰাজকাৰেঙৰ অতীতৰ পৰা ওলোৱা কংকাল, সমুদ্ৰৰ অতল তলিৰ পৰা ওলোৱা কংকালবোৰ কবিতাটোত জী উঠিছে – কবিয়ে উপলব্ধি কৰিছে এই অতীত মৃত নহয়, জীৱিত- যিয়ে কেতিয়াবা নিজৰ প্ৰাপ্য আদায় কৰিবলৈ বিচাৰিব। এয়া যেন পৰাধীনতাৰ যন্ত্ৰণা আৰু ৰণকৌশল যি মনীষ আজাদৰ আদৰ্শগত সমৰ্থনক ভৱিষ্যতৰ আস্থাৰ লগত একত্ৰিত কৰে।

মনীষ ইয়াতে ৰৈ যোৱা নাই। তেওঁ নিজেও এই অতীতৰ ৰোমন্থন কৰিছে, সকলো সংগ্ৰামী শক্তিক একেলগ হোৱাৰ আহ্বান দিছে। বৰ্তমান সময়ৰ বিড়ম্বনাৰ বিৰুদ্ধে, এই সময়ৰ অন্যায় অত্যাচাৰৰ বিৰুদ্ধে, ভুৱা সংঘৰ্ষ আৰু ন্যায়ালয়ক অৱমাননা কৰা কাৰ্যক চিনি পোৱা কবিয়ে এই কথাটো বুজিবলৈ চেষ্টা কৰিছে যে স্পাৰ্টকাছৰ দ্বাৰাই কিয়, তেওঁ বাৰে বাৰে পুনৰ জন্ম কিয় ল’বলগীয়া হয়। এতিয়া বিপ্লৱী বীৰসকল কিতাপৰ পাতৰ পৰা ওলাই অহাটো তেওঁ বিচাৰে। তেওঁ গৰ্কীৰ ‘মা’ৰ পাভেলক সোধে, ‘কিতাপৰ পাতৰ মাজত থাকি তোমাৰ উশাহ-নিশাহ বন্ধ হোৱা নাই নে?’ তেওঁ কৈছে এতিয়াও জাৰৰ পুলিচে ৰাং কুকুৰৰ দৰে বিদ্ৰোহীসকলক বিচাৰি ফুৰিছে। তেওঁ সেই মাতৃক মনত পেলাইছে যিয়ে টুকুৰীত ভৰাই বিদ্ৰোহী সকললৈ গুপুত খবৰ কঢ়িয়াই নিছিল।

তেওঁ ভগত সিং ক আমন্ত্ৰণ জনাইছে কিন্তু সাৱধান বাণীৰে –

“স্বাধীন ভাৰতত তুমি ভূমিগত হৈ থাকিব লাগিব
আমি সকলো তোমাৰ অপেক্ষাত অধীৰ হৈ আছোঁ
কিন্তু তোমাৰ অপেক্ষা আমি এইকাৰণে কৰা নাই
যে আমাৰ মাজত
স্পাৰ্টকাছ
পাভেল
পাভেলৰ মাক বা
ভগত সিং নাই
তোমাৰ বাবে ৰৈ আছোঁ কাৰণ
তোমাৰ লগত কিছু বাৰ্তালাপ আছে
তোমাৰ সপোনবোৰক আমাৰ সপোনবোৰৰ সৈতে
বিস্তাৰিত কৰাৰ আশা
তোমাৰ কান্ধত কান্ধ মিলাই
ধুমুহা নিৰ্মাণ কৰাৰ হেঁপাহ
যি সপোন তুমি দেখিছিলা
আৰু যাৰ বাবে তোমাক লেমপোষ্টত
ওলমাই ৰখা হৈছিল ।”

অলপ অসাৱধান হোৱা হ’লে কবিৰ দ্বাৰা এই কবিতাটো এটা অনাৱশ্যকীয় কল্পনাপ্ৰৱণ আহ্বানত পৰিণত হ’লহেঁতেন। কিন্তু মনীষে খুব সজাগতাৰে সৈতে বুজি পায় যে অতীতৰ নায়কৰ পৰা প্ৰেৰণা লোৱাটো বেলেগ কথা। কিন্তু এনে নায়ক আমাৰ মাজত আছে, কিতাপৰ পাতত নাই, আমাৰ মাজতে আছে স্পাৰ্টকাছ, পাভেল আৰু ভগত সিং।

এজন কবিয়ে ইয়াতকৈ বেছি আৰু কি কৰিব পাৰে? প্ৰতিবাদী সত্তা আৰু সাহিত্যৰ স্পৰ্শকাতৰ সম্পৰ্কক মনীষে চম্ভালিব পাৰে কাৰণ অনুভৱ আৰু অধ্যয়নৰ এটা বিপুল ভাণ্ডাৰ তেওঁৰ আছে। তেওঁ এটা খুব ধুনীয়া কবিতা টলষ্টয় আৰু আন্না কাৰেনিনাৰ মাজত হোৱা কথোপকথনৰ ভিত্তিত গঢ় দিছে – টলষ্টয়ে আন্নাক শুধৰাবলৈ উপন্যাস লিখিছিল, কিন্তু নিজে সলনি হৈ পৰিছিল। তেখেতৰ ৰচনাও সলনি হৈ গ’ল।

মনীষ আজাদৰ কবিতা পঢ়াৰ আগতে এটা বিধিগত সাৱধানবাণী – তেওঁৰ কবিতাত বিষাদ বুজি পাবৰ বাবে নহয়, সংবেদনশীলতা উপভোগ কৰিবৰ বাবেও নহয়, কবিতাবোৰক তাৰ আৱেগ আৰু উৎসাহৰ সৈতে পঢ়িব লাগিব, বিপ্লৱী সত্তাৰ গভীৰতাৰ সৈতে পঢ়িব লাগিব যিয়ে চৰম দমন সহ্য কৰিও, বিভিন্ন প্ৰকাৰৰ জঘন্য অৱস্থাৰ পিছতো এক অধীৰতা তথা উদ্বিগ্নতাৰ সৈতে জীয়াই থাকে। যিয়ে কবিতাক তাৰ অপ্ৰতিসম সংৰচনাৰ ওপৰিও সেই স্পন্দন দিয়ে যি বহুতো সুসংগঠিত কবিতাত পোৱা নাযায়, নিষ্প্ৰাণ যেন লাগে। এইয়া জীৱনৰ অন্বেষণ আৰু আঘাত, যলৈ মনীষ আজাদৰ কবিতাই আমাক লৈ যায়। আমাক সেই সত্যৰ সন্মূখীন হ’বলৈ বাধ্য কৰে, যি সত্যক অৱজ্ঞা কৰাটো আমাৰ অভ্যাসত পৰিণত হৈছে। এই কবিতাবোৰ পঢ়ি অনুভৱ হয় যে কবিতা আৰু জীৱনত বিপ্লৱী কামনা জীয়াই থকাটো কিমান প্ৰয়োজনীয় – অন্য একো নহ’লেও, আমাৰ নিজৰ মনুষ্যত্বৰ বাবে।

Leave a Reply

Your email address will not be published. Required fields are marked *