অনুবাদকবিতা

মানৱতাৰ পাঠ-(মূল-শতৰূপা সান্যাল, অনুবাদ: ৰুমা অধিকাৰী)

তেজ হেনো পানীতকৈও ডাঠ?
সঁচা নহয় এয়া, কেতিয়াও হ’ব নোৱাৰে৷
যদি সেয়াই হয়, মোৰ ভাই-ভনীহঁত তেতিয়াহ’লে
ইজনে আনজনৰ শতৰু কিয় হয়?
অগণন মিছা অভিমানৰ বাবে
আপোনজনকে কোনোবাই হত্যা কৰিব পাৰেনে?


প্ৰকৃত কথাষাৰকে সকলোৱে পাহৰি গৈছে৷
সমগ্ৰ বিশ্বতে এখন পঢ়াশালিত
হিংসা-দ্বেষ-ঘৃণাৰ শিক্ষা দিয়া হয়
শিকোৱা হয়, “সকলো আপোন নহয়!
যিসকল তোমাৰ নিজ ধৰ্মৰ লোক
তেওঁলোকত বাজে সকলোবোৰ মানুহ শ ত ৰু!”
কিন্তু ভাবি চোৱা -তেজক পানী কৰি
সমগ্ৰ পৃথিৱীৰ যি সকল মানুহে
তোমাৰ বাবেই দেহৰ ঘাম মাটিত পেলাই
পথাৰত শস্য উৎপাদন কৰে,
কাৰখানাত শ্ৰম কৰি আগবঢ়াই নিয়ে সভ্যতাৰ চকা,
ক’ৰবাত থাকেনে লিখা তেওঁলোকৰ নাম?
ধৰ্মক লৈ কিমান মতভেদ
কিন্তু তাৰবাবে জানো ভাতৰ সোৱাদ সলনি হয়!
ঘৃণাৰ পাঠ শিকোৱাসকলেই তেজেৰে ফাকু খেলিব পাৰে৷
যদি সেই পঢ়াশালিখনকে ধংস কৰি দিওঁ;
তেজ পানীৰ কাজিয়াখন বন্ধ হ’ব৷
তোমালোক
যি সকলে এই কামৰ অংশীদাৰ হ’ব খোজা
মানৱ প্ৰেমৰ পাঠ লোৱা
আজিয়েই!

Leave a Reply

Your email address will not be published. Required fields are marked *