মন্থৰা- শেষ নোহোৱা সাধুকথা- (ময়ূৰী গগৈ)
(১)
পুৰাতন সাধুকথাবোৰৰ মৰণ নহয়। সাধুকথাৰ চৰিত্ৰবোৰৰ মৰণ নহয়। ন ন প্ৰতিবিম্বৰে পুনৰ জী উঠে।
ইতিহাসে চৰোৱা প্ৰস্তৰ শিলাবোৰে চৰিত্ৰবোৰৰ মৰণ হ’বলৈ নিদিয়ে।
প্ৰস্তৰ শিলাখণ্ডৰ দৰে মানুহবোৰে নিজকে একো একোটা শিলালৈ পৰিবৰ্তন কৰি ল’ব পাৰে। বুকুৰ শিলাখণ্ডত গজাই ল’ব পাৰে থাউনি নোহোৱাকৈ গজি উঠা শেলুৱৈ। ভগীৰথীৰ কোবাল সোঁতেও সেই শেলুৱৈ আঁতৰাই শিলাখণ্ডৰ বুকুত পোত খাই থকা চকুপানীবোৰ উলিয়াই আনিব নোৱাৰে। পানীবোৰ শুকাই যায়। আৰু শিলাবোৰ!
পপীয়াতৰাৰ দৰে নিজকে জ্বলাই শিলাৰ সাধুবোৰ এদিন নিজেই মৰি যায় পুনৰ জী উঠাৰ বাসনাৰে। মন্থৰা পুনৰ জী উঠিছিল। সুযোগ্য পিতৃৰ সুযোগ্য কন্যা হোৱাৰ বাসনাৰে। সুদৰ্শন যুৱকক প্ৰথম দৃষ্টিতে শৰবিদ্ধ কৰিব পৰাকৈ নিপোটল বক্ষ আৰু আটিল দেহৰ গৰাকী হোৱাৰ বাসনাৰে। পৰিয়ালৰ মৰম-চেনেহ, শুভাশা, আৰ্শীবাদেৰে মন্থৰাই জীৱনলৈ কৰণি ভৰাই লোৱাৰ আশা কৰিছিল।
পুনৰ জী উঠা মন্থৰাৰ সুযোগ্য পিতৃয়ে তাইক কোনোদিনেই সুযোগ্য কন্যা হিচাপে স্বীকৃতি নিদিলে। পিতৃ স্নেহ আৰু মাতৃৰ উমৰ বাদে তাই সাবটি ল’লে কপটতা কেৱল পিঠিৰ পাহাৰখনৰ বাবে। পিঠিত পাহাৰ লৈ ওপজা মন্থৰাক পিতৃয়েহে নালাগে কেতিয়াবা মাকেও ভেকাহি মাৰে,
:ঐ কুঁজী, আঁতৰ হ মোৰ চকুৰ আগৰপৰা। অমঙ্গলীয়া তই কেনেকৈ আমাৰ বংশত উপজিলি! কোনটো জনমৰ পাপৰ ফল আমাক দিলা প্ৰভু, কুৎসিত ছোৱালীজনী আমাৰ কোলাত দি!
এয়া জানো মন্থৰাৰ কাম্য! সেই পুৰাতন সাধুলৈ উভটি যাব পৰা হ’লে মন্থৰাই নিপুন চিত্ৰকাৰক ক’লেহেঁতেন, “তোমাৰ তুলিকাৰে আটাইতকৈ ধুনীয়া ৰঙটোৰে মোৰ পিঠিত থকা কুঁজটো আঁতৰাই মোক ন’কৈ সজাই দিয়া।”
বৈদ্য ঋষিৰ ওচৰলৈ গৈ ক’লেহেঁতেন, “তোমাৰ উত্তম ঔষধেৰে মোৰ পিঠিৰ আচহুৱা কুঁজটো মৃসণ কৰি দিয়া।”
পুৰাতন সাধুকথালৈ উভতি যোৱাৰ বাট কেনি?
ডা° কটকীয়ে ডায়েৰীখনৰ ইটো পৃষ্ঠা লুটিয়াবলৈ লৈও ৰৈ গ’ল। নোৱাৰিলে। পঢ়ি থকা ডায়েৰীখন ডা° কটকীয়ে জপাই সন্মুখৰ টেবুলখনত থৈ দিয়ে। পিন্ধি থকা চশমাযোৰ খুলি চকুদুটা ৰুমালেৰে মচি পুনৰ পিন্ধি চকুদুটা মুদি তেওঁ বহী থকা চকীখনতে আউজি শুই দিয়ে।এক বুজাব নোৱাৰা অৱসাদে তেওঁক আগুৰি লৈছে।
মানুহৰ মন ইমান ভিন্ন কেনেকৈ হ’ব পাৰে! ইমান জটিল কেনেকৈ হ’ব পাৰে! মাকৰ বাবেতো নিজৰ সন্তানেই আটাইতকৈ ধুনীয়া আৰু শ্ৰেষ্ঠ। মন্থৰাৰ ক্ষেত্ৰত কিয় তেনে ন’হল! সেয়ে ডা° কটকীয়ে ভাবে, জন্মতেই সকলোৱে মানসিক ৰোগী হৈ জন্ম নলয়। এটি শিশুক মানসিক ৰোগীলৈ শিশুটোৰ মাক-দেউতাক, পৰিয়াল, আত্মীয়-স্বজনে পৰিৱৰ্তন কৰে। নিজ সন্তানক আনৰ লগত তুলনা কৰাটোৱেই ডাঙৰ ভুল। প্ৰত্যেক শিশুৰে বিশেষত্ব আছে। সিহঁতে যিমতে বিচাৰে সেইমতেই বৃদ্ধি আৰু বিকাশ হ’বলৈ দিব লাগে। প্ৰয়োজন কেৱল সুস্থ আৰু স্বাস্থ্যকৰ পৰিৱেশৰ। ডা° কটকীয়ে বহি থকাৰপৰাই কেবিনটোৰ সিটো কোঠালৈ চাই পঠিয়ালে। আধুনিক যন্ত্ৰ-পাতিৰে সু-সজ্জিত অত্যাধুনিক বিচনাখনত শুই আছে ডা° কটকীৰ ৰোগী মন্থৰা। মাল্টিপ’ল পাৰচ্যনেলটি দ্যিচঅৰডাৰত ভুক্তভোগী মন্থৰা। সৰুৰেপৰা পোৱা লেইলেই ছেইছেই আৰু পিঠিৰ কুঁজটোৱে মন্থৰাক বাৰে বাৰে লৈ যায় পুৰাতন সাধুকথালৈ। নতুনকৈ জী উঠাৰ বাসনাৰে পপীয়াতৰাৰ দৰে জ্বলি আকৌ তললৈ সৰি পৰে মন্থৰা।
মন্থৰাক ঘৰৰ মানুহে যিদিনা প্ৰথম ডা° কটকীৰ ওচৰলৈ লৈ আহিছিল সেইদিনা তাই সম্পূৰ্ণ ৰূপে বিধস্ত আছিল। অযোধ্যাৰ ৰাজমাতা হৈ ৰাজপাট শাসন কৰিবলৈ নোপোৱাৰ দুখে মন্থৰাৰ বুকুত জোৱাৰ আনিছিল। মন্থৰাক নিজৰ আয়ত্তলৈ আনিবলৈ ডা° কটকীৰ প্ৰায় এটা বছৰ লাগিছিল। ডা° কটকী মন্থৰাৰ বাব কেতিয়াবা হৈ পৰে তাইৰ প্ৰাণৰ পুতলা কৈকেয়ী, কেতিয়াবা তাইৰ প্ৰিয়তম পুৰুষ বুধিবৰ্ণৰ প্ৰাণ কাঢ়ি লোৱা কেকেয় ৰজা, কেতিয়াবা তাইৰ চকুৰ মণি হেন নাতি দুটা।কটকীয়ে নিজৰ বিশেষত্বৰে আৰু কৌশলেৰে মন্থৰাক তৰপে তৰপে গঢ় দি লৈছে। মন্থৰাই তেওঁক বিশ্বাসত লৈছে। তাইৰ বুকুত শিল হৈ পৰা কথাবোৰ কেৱল তাইহে ক’ব পাৰিব। সেই শিল হৈ যোৱা কথাবোৰ ডা° কটকীয়ে জনাটো অধিক জৰুৰী হৈ পৰিছে। ন’হলে চিকিৎসাৰ কোনো ফল আশা কৰা মিছা।
বহি থকা চকীখনৰপৰা লাহেকৈ উঠি ডা° কটকী মন্থৰা শুই থকা কোঠাটোৰ ফালে আগবাঢ়ি গ’ল। গ্লাচৰ দুৱাৰখন ঠেলি তেওঁ সোমাই যায়। কাউন্সিলিঙৰ সময় হৈছে। তেওঁ লাহেকৈ মন্থৰা শুই থকা বিচনাখনৰ এমূৰে থকা হু’ক এটা পকাই পকাই বিচনাখন হেলান দিয়া চকী এখনৰ দৰে কৰি পেলালে। নিজেও চকী এখন টানি ওচৰতে বহি ল’লে। ডা° কটকীয়ে অনুমান কৰিলে মন্থৰাই এতিয়া হয় কেকেয় ৰাজ্য নহয় অযোধ্যা নগৰীত বিচৰণ কৰি আছে।
ডা° কটকীয়ে মাত দিলে,
:মন্থৰা….মন্থৰা।
: ————
কোনো উত্তৰ নোপোৱাত ডা° কটকীয়ে পুনৰবাৰ মাত দিয়ে,
:মন্থৰা, শুনিছানে। আজি আমি আকৌ কথা পাতিম। তুমি ঘূৰি আহা মন্থৰা।
:হুঃ।
মন্থৰাৰ সম্বিত ঘূৰি আহিছে। তাই লাহেকৈ চকু দুটা মেলি বিস্ময়েৰে চাৰিওফালে চকু ঘূৰাইছে। ডা° কটকীলৈ চালে। চকুৱে চকুৱে পৰিল। ওঁঠ দুটা লৰাই অকণমান হঁহাৰ দৰে কৰিলে।
:আপোনাৰ নাম?
সদায় আৰম্ভ কৰাৰ দৰে ডা° কটকীয়ে আজিও তেওঁৰ কাউন্সিলিঙ আৰম্ভ কৰে। ৰোগীয়ে নিজকে পাহৰি নাযাবলৈকে তেওঁ সদায় নামেৰেই আৰম্ভ কৰে।
:মোৰ নামেৰে মোক মাতিবা জানো! সকলোৱে মোৰ শৰীৰৰ আকৃতিক লৈ ঠাট্টা মস্কৰা কৰি মতাৰ দৰে তুমিও তেনেকৈয়ে মাতিবা! কুঁজী…হুঃ। কুঁজী মোৰ অস্তিত্ব নহয়! মোৰ পৰিচয় নহয়! মোৰ চিনাকি নহয়! মই মন্থৰা। মোক লৈ সকলোৱে ব’ডিচামিং কৰে। কোনো ভাল আলোচনা নহয়। সিহঁতে কয়, “সৌজনী চা, ইমান কুন্ধচ!” সিহঁতৰ তীৰ্যক ভৰা চকুৰ চাৱনিবোৰে মোক ধৰাশায়ী কৰি দিয়ে। নিজৰ অস্তিত্ব, নিজৰ পৰিচয়, নিজৰ চিনাকি ধীৰে ধীৰে হেৰুৱাৰ বিড়ম্বনা কিমান পীড়াদায়ক হয় সেয়া তুমি নুবুজিবা। মই কেতিয়াও সহানুভূতি বিচৰা নাছিলোঁ। মানুহৰ পুতৌ ভৰা চাৱনিবোৰক মই ঘিণহে কৰিছিলোঁ।
:তুমি কথাবোৰ বেছি দকৈ শিপাই লৈছিলা মন্থৰা। সিহঁতৰ কথাবোৰ তুমি ওফৰাই দিব পাৰিব লাগিছিল।
:জন্মৰেপৰা মোৰ ব’ডিচামিঙৰ বিষয়ে শুনি শুনি কাণ গেলি গৈছিল৷ তুমি কৈছা মই দকৈ ভাবি লৈছো! পিঠিৰ কুঁজটো নাইকিয়া হওক বুলি মায়ে পিঠিতে ঢকা মাৰি দিয়ে। কাৰ মুখ চাই মায়ে মোক জনম দিলো বুলি চকুপানী টুকিছিল। ঘৰখনৰ বাবে মই দুৰ্ভাগ্য হৈ পৰিছিলোঁ। যিটোৱে মোক চৰম হতাশাত ভোগাইছিল। হীনমন্যতাই মোক লাহে লাহে গ্ৰাস কৰি পেলাইছিল। ঘৰৰপৰা ওলাবলৈ মই বন্ধ কৰি দিছিলোঁ। জানা, মোৰ কোঠাত এখনো আইনা নাছিল। পোহৰ অহাৰ সকলো বাট মই বন্ধ কৰি দিছিলোঁ।
নিজৰ আকৃতি আৰু শাৰীৰিক গঠনক লৈ হতাশাত ভোগা মন্থৰা এগৰাকী নাৰী। কেৱল দেখিবলৈ অশুৱনি হোৱাৰ বাবেই মাতৃৰ মৰম-চেনেহ, পৰিয়ালৰ সহৃদয়তাৰপৰা বঞ্চিত হ’ল মন্থৰা। সৰুৰেপৰা পোৱা লাঞ্ছনাই মন্থৰাৰ চৰিত্ৰলৈ, মনলৈ বিহ কঢ়িয়াই আনিলে। সকলো তাইৰ বাবে প্ৰতিদ্বন্দ্বী আৰু শত্ৰুৰ দৰে হৈ পৰিছিল। কেতিয়াবা যদি মন্থৰাই নিজকে কৈকেয়ীৰ ধাইমাতৃ ভাবি বোৱাৰীয়েকক মন্ত্ৰণা দিয়ে। কেতিয়াবা আকৌ বোৱাৰীয়েকৰ পুতেকহঁতক মাৰিবলৈ উদ্যত হয়। কেতিয়াবা ভায়েকক মৰমতে তাই মাতিছিল, “ভৰত।”
মন্থৰাই মাথো মৰম বিচাৰিছিল। তাইৰ শাৰীৰিক অৱয়বক বাদ দি মানুহে তাইক আকোৱালি বুকুৰ উত্তাপ দিয়াতো বিচাৰিছিল। ভায়েকৰপৰা মৰম আৰু সন্মান বিচাৰিছিল।
সেয়া জানো মন্থৰাৰ অধিকাৰ নাছিল!
:তোমাৰ কৈকেয়ীক মনত আছেনে মন্থৰা?
ডা° কটকীয়ে এইবাৰ মন্থৰাৰ জীৱনৰ আটাইতকৈ দুৰ্বল দিশটোত খোচ মাৰে। কৈকেয়ীৰ নামটো শুনাৰ লগে লগে তাই আবেগ বিহ্বল হৈ পৰে। প্ৰশ্নৰপৰা ফালৰি কাটি তাই নিজৰ মতে ক’বলৈ আৰম্ভ কৰে।
:আহ্ কৈকেয়ী! মোৰ চেনেহৰ সোণজনী, মোৰ প্ৰাণৰ পুতলা…ৰূপহী…ৰাংঢালী কৈকেয়ী। মাজে মাজে তাইয়ো মোক পাহৰি যায়। মাকৰ সমান মাহীয়েক এজনী থকাৰ কথাটো তাই পাহৰি যায়। তাইক মই মাতৃৰ মৰম দিছিলোঁ। কৌশ্যলাই কিন্তু নাপাহৰিছিল। কৌশ্যলাক মই বুকুত সামৰি লোৱা নাছিলো। তথাপি তাই আলফুলে মোক বুকুত সামৰি লৈছিল৷ তাই মোক বৰ আদৰ কৰিছিল।
:কৌশ্যলাক বেয়াপোৱাৰ…
ডা° কটকীয়ে মন্থৰাৰ মনত স্থান লৈ থকা কৌশ্যলাৰ বিষয়ে আভাস ল’বলৈ বিচাৰি সুধিবলৈ লৈয়ো ৰৈ যায়। ডা° কটকীক আধাতে ৰখাই মন্থৰাই তেওঁৰ ফালে চাই কয়,
:তোমাৰ আমনি লাগিছে নিশ্চয়! সকলোৰে মোলৈ ওপজা বিৰক্তিৰ দৰে তোমাৰো বোধকৰো বিৰক্তি ওপজিছে!
মন্থৰাই সন্দেহৰ দৃষ্টিৰে ডা° কটকীলৈ চাই প্ৰশ্ন কৰে।
:তুমি মোৰ বন্ধু মন্থৰা। বন্ধুৰ প্ৰতি বিৰক্তি জাগিলে কেনেকৈ হ’ব! তোমাৰ যেনেকৈ মন গৈছে তেনেকৈয়ে কৈ যোৱা। মোৰ হাতত অফুৰন্ত সময়। আজি অন্ততঃ তুমি মোৰপৰা সেই আশা কৰিব পাৰা।
মন্থৰাই ডা° কটকীক সন্দেহ কৰিছে। কিজানি তেওঁৰ সুবন্ধুয়ে আমনি পাইছে! ডা° কটকীয়ে মন্থৰাৰ সন্দেহক কাটি তাইক দিশভ্ৰষ্ট হ’বলৈ নিদি বান্ধি থ’লে। সুচিকিৎসাৰ বাবে ৰোগীৰ বেমাৰৰ গুৰিটো ভালকৈ অনুধাৱন কৰি লোৱাতো নিতান্তই জৰুৰী। কটকীয়ে মন্থৰাৰ লগতে তাইৰ মনোজগতত ভ্ৰমি ফুৰে। তাত তেওঁ কৈকেয়ীক, কৌশল্যা, ভৰত, দশৰথ, কেতিয়াবা ৰামক লগ পায়। কথাও পাতে।
:কৌশ্যলাক মাতৃত্বৰ সোৱাদ নিদি মই কেৱল কৈকেয়ীকে মাতৃত্বৰ সোৱাদ দিব পাৰিলোঁহেতেন। নকৰিলোঁ। কাৰণ কৈকেয়ীক মই বিশ্বাস কৰিছিলোঁ। সন্তানৰ প্ৰতি থকা মাতৃৰ বিশ্বাস। এতিয়া ভাবিছো তেনে কৰাটোৱেই শ্ৰেয় হ’লহেঁতেন। পিছে এতিয়া এই ‘হেতেন’বোৰ অৰ্থহীন। মাতৃৰ সমান মানে মাক নহয় জানো! মই, কৈকেয়ী, ভৰত, ৰাম, লক্ষ্মণ, শত্ৰুঘ্ন এই গোটেইকেইটাকে গু-মূত ধুৱাই ডাঙৰ কৰিছোঁ। কেৱল বুকুৰ পিয়াহকণৰ বাদে। পিয়াহকণ নুখুৱালো বুলিয়ে মই মোৰ অধিকাৰৰপৰা বঞ্চিত হম! অধিকাৰেই সৰ্বস্ব। মই মাতৃৰ অধিকাৰ বিচাৰিছিলোঁ। ৰাজমাতৃ হোৱাৰ অধিকাৰ। অধিকাৰৰ বাবেই মহাভাৰত হোৱা নাই জানো! কিন্তু, অধিকাৰৰ সৈতে যুদ্ধখন মোৰ নিজৰ লগতেই বেছি হ’বলৈ ল’লে। সিহঁতৰপৰা দূৰৈত ৰৈ নিজকে চালোঁ। মন্থৰা ক’ত! মন্থৰাৰ অস্তিত্বই চোন ধূৱলি-কুঁৱলি। মাতৃত্বৰ অধিকাৰৰ দাবী মন্থৰাই কেনেকৈ তুলিব! সেয়ে, বহুত আশা লৈ কৈকেয়ীৰ কাষ চাপিছিলোঁ। এগৰাকী মাতৃয়ে সন্তানৰ ওচৰত নিবিচিৰি ক’ত বিচাৰিব! কিন্তু, কৈকেয়ীয়ে মোক মই ভাবিব নোৱাৰাকৈ নিৰাশ কৰিছিল। যাৰ ওচৰত মোৰ সন্মান আৰু অধিকাৰ অক্ষত বুলি নিৰ্ভয় আছিলো তাতেই মোৰ দৰ্প চূৰ্ণ হৈছিল। তুমি শুনি আছানে ডাক্তৰ?
নিজৰ লগতেই আত্মালাপ কৰি থকা মন্থৰাই কথা বন্ধ কৰি হঠাতে ডা° কটকীলৈ চাই প্ৰশ্ন কৰে।
মন্থৰাই হঠাতে কৰা প্ৰশ্নত ডা° কটকীয়ে মাথো হয় হয়কৈ মূৰটো তল-ওপৰ কৰিছিল।
:“কুঁজীবুঢ়ী, তই মোক কূ-বুদ্ধি দিবলৈ আহিছ।” তোৰ ইমান সাহ হ’ল! তই কি পাহৰি গ’লি? মোৰ বুকুৰ মণি ৰামক তই…..ভালে ভালে মোৰ চকুৰ সন্মুখৰপৰা আঁতৰি যা। এনে কথা আজিয়েই যি মুখলৈ আনিলি। দ্বিতীয়বাৰলৈ ঘূণাক্ষৰেও মনলৈ নানিবি। আতৰ হ্।” কোনে নিজ মাতৃক এনেকৈ কয় ডাক্তৰ? কৈকেয়ীয়ে মোক পাহৰি গৈছিল। তাইৰ প্ৰতি থকা মোৰ মৰম, অৱদানবোৰ পাহৰি গৈছিল। তাই মোক জেলৰ ভয় দেখুৱাইছিল। সকলোৱে এটা সময়ত গৈ পাহৰি যায় মাতৃৰ অৱদানৰ কথা! মাতৃৰ অৱদানত প্ৰতিদান নাথাকে বাবেই? গুৰুদক্ষিণাতো বিচৰা নাই! যদি প্ৰত্যেক মাতৃয়েই প্ৰতিদান বিচাৰিবলৈ আৰম্ভ কৰি দিয়ে তেতিয়া!
মন্থৰাৰ ধৈৰ্য্যৰ বান্ধ সুলুকি গৈছিল। বিচৰাবোৰ তাই একোৱেই নাপালে। মৰমকণো।
ডা° কটকীৰ ছায়াত পোৱা আদৰ-সাদৰে মন্থৰাৰ গৰ্ভৰ শিলবোৰ লাহে লাহে ক্ষয় নিয়াইছিল।
:সখী মন্থৰা, তুমি অকণমান জিৰাই লোৱা। মইয়ো অকণ জিৰাই লওঁ। আজি আমি বহুত কথা পাতিলোঁ।
বহুদেৰি একেলেথাৰিয়ে কথা কৈ থকাৰ বাবে মন্থৰাৰ চকুৱে মুখে ভাগৰৰ আৱেশে হেঁচা মাৰি ধৰিছেহি। ডা° কটকীয়ে তাৎক্ষণিকতে কথাটো লক্ষ্য কৰিলে। আজি মন্থৰাই পানীৰ গিলাচটোও শেষ কৰা নাই। তাইৰ বিচনাৰ কাষৰ টেবুলত থকা পানীৰ গিলাচটো একে ধৰণে আছে।
:মোৰ কথা শেষ হোৱা নাই ডাক্তৰ।
ডা° কটকীৰ কথা শুনি মন্থৰাই ক’লে।
:জানো, তোমাৰ কথা শেষ হোৱা নাই। আমি আকৌ কথা পাতিম মন্থৰা। মোৰ সমস্ত সময় তোমাক দিলোঁ। এতিয়া মাত্ৰ তোমাক অলপ জিৰণিৰ প্ৰয়োজন। তাৰপাছত তুমি যেতিয়াই বিচাৰা তেতিয়াই মোক পাবা।
মন্থৰাই কৈ থকাতে ডা° কটকীয়ে তাইক আধাতে ৰখাই দিয়ে। মন্থৰাৰ মূৰত হাত বুলাই ফুচুলাই ফুচুলাই তেওঁ তাইৰ দেহত ইনজেকচন এটা পুচ কৰি দিয়ে। এই সময়ত তাই শুই যোৱাটো বিচাৰিছে ডাক্তৰে। জিৰণিৰ তাইক একান্তই প্ৰয়োজন। শুই গ’লে নেক্সট কাউন্সিলিঙৰ বাবে তেওঁৰ সুবিধা হয়। ভালকৈ জিৰণি নল’লে তাইৰ কথাবোৰ অংসযত হৈ পৰে। মন্থৰাক শুৱাই ডাক্তৰ কটকী কোঠাটোৰপৰা ওলাই আহিল।
আজিৰ বাৰ্তালাপৰপৰা পোৱা প্ৰয়োজনীয় তথ্যখিনি তেওঁ মন্থৰাৰ ফাইলটো উলিয়াই তাত টুকি থ’লে আৰু পিছৰ চিকিৎসাৰ বাবে ল’বলগা প্ৰয়োজনীয় ষ্টেপ কেইটা লিখি থ’লে।
(২)
:মন্থৰাৰ কি হ’ল ককা? তাই ৰিক’ভাৰি কৰিলেনে?
নাতিনীয়েক আকাংক্ষাই ককাক ডা° কটকীলৈ চাই প্ৰশ্ন কৰিলে।
:তুমি কি বিচাৰা? মন্থৰাৰ গোটেই হিষ্ট্ৰীটো তুমি শুনিলা, জানিলা।
ডা° কটকীয়ে নাতিনীয়েকৰ প্ৰশ্নৰ উত্তৰ নিদি ওলোটাই তাইকহে প্ৰশ্ন কৰে।
:মন্থৰা ইমান বেয়া আছিল! মই কিন্তু কেতিয়াও তাইক মাফ নকৰিলোঁহেতেন।
নাতিনীয়েক আকাংক্ষাই ডা° কটকীৰ ফালে পেন্দোৱাকৈ চাই ক’লে। আজি ডা° কটকীয়ে নাতিনীয়েক আকাংক্ষাক তেওঁৰ এসময়ৰ ৰোগী মন্থৰাৰ বিষয়ে কৈ আছিল। মাজে-সময়ে তেওঁৰ ওচৰলৈ অহা কিছুমান ক্ৰিটিকেল ৰোগীৰ বিষয়ে পোন্ধৰ বছৰীয়া নাতিনীয়েকৰ লগত আলোচনা কৰে। আলোচনা কৰোঁতে কৰোঁতে নিমিলা অংকৰ সমাধানো ওলাই পৰে।
:নহয় আইজনী। কোনো ব্যক্তিৰ নাম, চেহেৰা, মুখৰ অৱয়ব আৰু বহুত কিবাকিবি আমাৰ ভাল নালাগিব পাৰে। ভাল নালাগিলেই ব্যক্তিজন বেয়া হৈ নাযায়। মন্থৰাৰ নামটো শুনিবলৈ কিছু অসহজ বাবে আমি মন্থৰা বেয়া হয় বুলিয়েই ধৰি ল’লো। আমাৰ মনত তাইক তেনেকৈ উপস্থাপন কৰিলো। মন্থৰাৰ মনোজগতখন মন্থৰাৰ দৃষ্টিৰে এদিনো চাবলৈ চেষ্টা নকৰিলোঁ। তাইৰ আত্মসন্মানত বাৰে বাৰে আঘাত কৰা হ’ল। তাইৰ প্ৰাপ্য মৰমকণৰপৰাও বঞ্চিত হ’ল। সৰুৰেপৰা তাইৰ শাৰীৰিক গঠনক লৈ তাচ্ছিল্য কৰা হ’ল। কোমল বয়সতে তাই নিজৰ অৱয়বৰ বাবেই অপমান সহিব লগা হ’ল। তোমাক যদি এতিয়া কোনোবাই কৈ দিয়ে “তুমি দেখিবলৈ ইমান বেয়া” বুলি; তোমাৰ ৰিয়েকচনো মন্থৰাৰ দৰেই হ’ব আইজনী। মন্থৰাৰ কোমল বয়সে তাচ্ছিল্যৰ ভাৰ ব’ব নোৱাৰি তাইৰ মনটো বেকা হৈ পৰিল। মনৰ মাজত জুই একুৰা লৈয়ে মন্থৰা ডাঙৰ হ’ল। সেই জুইকুৰাই অগ্নিপিণ্ডৰ ৰূপ ল’লে। কোনেও এবাৰলৈ নুসুধিলে তাই কি বিচাৰে। মাথো প্ৰশ্ন কৰিলে তাই কিয় এনে কৰিলে।
:ইজ চি এলাইভ?
ককাকৰ কথাবোৰ শুনি আকাংক্ষাই সোধো নোসোধোকৈ সুধিলে।
:ইয়েছ। তাই এতিয়া সুস্থ।
:হুৱেৰ ইজ চি?
:দেয়াৰ। ন্যাও, চি ইজ এ ষ্ট’ৰী টেলাৰ। মন্থৰাই এতিয়া মন্থৰাৰ সাধু কয়। সেই পুৰাতন সাধু।
মন্থৰা জী উঠিল। এজন বন্ধুৰ সহায়ত। সেই বন্ধুত্ব মন্থৰাৰ প্ৰাপ্য। সেই প্ৰাপ্য তাইৰপৰা আজি কোনেও কাঢ়ি লোৱা নাই।