কেন্দ্ৰীয় নিবন্ধনিবন্ধ

‘মানুহ’ নিৰ্মাণত ‘পৰিৱৰ্তিত সমাজ’ৰ ভূমিকা— (বিস্ময় দাস)

আমি জানো যে বহু দূৰ অতীতৰ কোনো এটা সময়ত বনত ঘূৰি ফুৰা ‘বন্য মানৱ’-এ ‘আধুনিক মানুহ’ হোৱাৰ দিশত খোজ পেলাবলৈ আৰম্ভ কৰিছিল। সেই ‘বন্য মানৱে’ সমাজ গঠন কৰি লৈ প্ৰজন্মৰ পিছত প্ৰজন্মলৈ মানুহ গঢ় দিয়াৰ কাম যি এবাৰ আৰম্ভ কৰিছিল তাৰ প্ৰক্ৰিয়া আজিও শেষ হৈ যোৱা নাই।

যদিও আমি আজি নিজক ‘মানুহ’ বুলি কওঁ, তথাপি ‘প্ৰকৃত বা সম্পূৰ্ণ মানুহ’ হোৱাৰ প্ৰক্ৰিয়া জানো এতিয়াও শেষ হৈ গৈছে? নাই হোৱা। মানুহে ‘প্ৰকৃত বা সম্পূৰ্ণ মানুহ’ হোৱাৰ কচৰৎ এতিয়াও কৰি আছে অহৰহ, নিৰন্তৰভাৱে।

পৃথিৱীৰ অঞ্চল ভেদে, দেশ ভেদে মানুহৰ স্বৰূপ বেলেগ বেলেগ। কোনো অঞ্চলৰ সমাজৰ মানুহ হয়তো অন্য কোনো অঞ্চলৰ সমাজৰ মানুহতকৈ উন্নত, আকৌ কোনো অঞ্চলৰ সমাজৰ মানুহ এতিয়াও মানুহ ৰূপে হয়তো বহুত পিছ পৰি ৰৈ গৈছে। গতিকে ‘প্ৰকৃত মানুহ’ হোৱাটো এটা বিৰাট সামাজিক প্ৰক্ৰিয়া আৰু অনুশীলন। ‘প্ৰকৃত মানুহ’ হোৱাৰ অনুশীলন, পৰিৱৰ্তনৰ মাজেৰে যিখন সমাজে সঠিকভাৱে, ধৈৰ্য সহকাৰে কৰিব পৰিছে, সেইখন সমাজৰ মানুহ ‘মানুহ’ হিচাপে সমাজখনৰ সৈতে আগ বাঢ়ি যাবলৈ সক্ষম হৈছে। উন্নত সমাজৰ মানুহবোৰ উন্নত, অনুন্নত সমাজৰ মানুহ অনুন্নত, ইয়াত জানো কাৰোবাৰ দ্বিমত থাকিব!

আমি ক’ব পাৰোঁ যে দুখন হাত লৈ জন্ম গ্ৰহণ কৰি, দুখন ভৰিৰ ওপৰত থিয় হৈ, খাই-বৈ জীয়াই থকা সামাজিক প্ৰাণীটোক আমি প্ৰকৃত অৰ্থত মানুহ বুলি ক’ব নোৱাৰোঁ যদিহে কঠোৰ সামাজিক অনুশীলনৰ মাজেৰে মানৱীয় আৰু সাংস্কৃতিক গুণ আমি আয়ত্ত কৰিব নোৱাৰোঁ। আৰু এই গুণসমূহৰ কোনো সীমাবদ্ধতাও নাই। আন এটা কথাত মানুহ প্ৰাকৃতিকভাৱে জন্ম ল’লেও পৰৱৰ্তী সময়ত ই সমাজত মানুহ ৰূপে গঢ় ল’বলৈ আৰম্ভ কৰে। কোনো এখন সমাজত জন্ম লোৱা মানুহজন কেনেকুৱা হ’ব—সেই কথাটো সমাজখন কেনেকুৱা তাৰ ওপৰত নিৰ্ভৰ কৰে। সেয়ে সমাজভেদে মানুহৰ চিন্তা, কথা-বতৰা, ব্যবহাৰ ইত্যাদি বেলেগ বেলেগ হোৱা দেখা যায়।

‘আপোন ভালে জগত ভাল’ বুলি অসমীয়াত এষাৰ কথা আছে। কিন্তু উপৰিউক্ত আলোচনাৰ পৰা স্পষ্ট যে তেনে কথা শুদ্ধ নহয়। কোনো এজন ব্যক্তি ভাল হৈ থাকিলেও সমাজখন ভাল হৈ নপৰে। সমাজ এখন ব্যক্তি মনৰ ওপৰত নিৰ্ভৰ নকৰে বৰং ব্যক্তি মনহে সমাজখনৰ ওপৰত নিৰ্ভৰ কৰে। আমি ক’ব পাৰোঁ ‘সমাজ ভালেই ব্যক্তি ভাল’।

প্ৰতিগৰাকী মানুহৰ মনটোক তেওঁ বাস কৰা সমাজখনে বান্ধি ৰাখে। সমাজখন যিটো অৰ্থনৈতিক পৰিকাঠামোৰ ওপৰত বৰ্তি থাকে তাৰ ওপৰত মনবোৰৰ স্বৰূপটো নিৰ্ভৰ কৰে। আনহাতে সমাজ এখন আকৌ বৰ্তি থাকে তাত বাস কৰা ব্যক্তিৰ উৎপাদন-সম্পৰ্কৰ ওপৰত। জীয়াই থাকিবলৈ আমি ইজনে-সিজনে উৎপাদন কৰা বস্তুৰ ওপৰত নিৰ্ভৰ কৰোঁতে আমাৰ মাজত যি সম্পৰ্ক গঢ় লৈ উঠে আৰু যি সম্পৰ্কৰ দ্বাৰা সমাজ এখন সৃষ্টি হয়, সেয়াই এখন সমাজত বাস কৰা ব্যক্তিৰ মাজৰ উৎপাদন-সম্পৰ্ক। অৰ্বাচীন যুগত এই উৎপাদন-সম্পৰ্ক জটিলৰ পৰা জটিলতৰ হৈ আহিছে।

এইখিনিতে এটা দিশলৈ আমি মনোযোগ দিয়া উচিত হ’ব। আমি যে সমাজ পৰিৱৰ্তনৰ কথা কওঁ, ইয়াত প্ৰকৃততে “সমাজ পৰিবৰ্তন” অৰ্থ হ’ল সমাজ এখনৰ ব্যক্তিসকলৰ মাজৰ থকা উৎপাদন-সম্পৰ্কৰ পৰিৱৰ্তন। পুঁজিবাদী উৎপাদন ব্যৱস্থাত শ্ৰমিক আৰু পুঁজিপতিৰ সম্পৰ্কৰ মাজেৰে গঢ়ি  উঠা  সমাজেই হ’ল পুঁজিবাদী সমাজ। এই সমাজ পৰিৱৰ্তন মানে শ্ৰমিক পুঁজিপতিৰ মাজৰ সম্পৰ্কৰ পৰিৱৰ্তন মানে শ্ৰেণীৰ বিলুপ্তিকৰণ। সেইবাবেই এইটো প্ৰশ্ন অতিশয় প্ৰাসংগিক—উৎপাদন-সম্পৰ্ক মানুহৰ মাজত কিদৰে আৰম্ভ হৈছিল? ‘সমাজ’-ৰ গঠনেই বা হৈছিল কেনেদৰে? এই সন্দৰ্ভত তেনেই চমুকৈ আলোচনা কৰা যাওক।

হাজাৰ হাজাৰ বছৰ আগতে এদিন বহু মানুহ এঠাইত গোট খালে আৰু সিদ্ধান্ত ল’লে যে তেওঁলোক সমাজ পাতি বাস কৰিব, আৰু তেতিয়াৰ পৰা মানুহে সমাজ পাতি বাস কৰিবলৈ ল’লে—তেনেকুৱা বাৰু হ’ব পাৰে নেকি? নিশ্চিতভাৱে তেনেকুৱা নিশ্চয় হোৱা নাছিল। তেনেহ’লে মানুহে কেতিয়াৰ পৰা—আৰু কেনেকৈ—সমাজ পাতি বাস কৰিবলৈ ল’লে বাৰু?

মানুহে যেতিয়া অতীতত হাবিৰ পৰা খাদ্য সংগ্ৰহ কৰি খাইছিল, তেতিয়া আজিকালিৰ ধাৰণাৰ যি সমাজ, তেনে সমাজৰ জন্মই হোৱা নাছিল, কাৰণ তেনেকুৱা অৱস্থাত উৎপাদন বুলি কোনো কথাই নাছিল। তেতিয়াৰ যূথবদ্ধ কিম্বা গোষ্ঠীভিত্তিক মানুহৰ দলসমূহক আমি আদিম ‘সমাজবাদী সমাজ’ বুলি এটা অৰ্থত ক’ব পাৰোঁ। সেইখন আছিল শ্ৰেণীহীন “সমাজ”। এটা কথা মন কৰিব লাগিব যে সমাজ গঠনৰ মূল কাৰকেই হৈছে মানুহে দুহাতেৰে কৰা উৎপাদন। এই কথাটো চমুকৈ আলচ কৰা যাওক। খাদ্য সংগ্ৰহ কৰি জীৱন-সংগ্ৰাম চলাই থকাৰ পিছৰ পৰ্যায়ত—সংগ্ৰহবৃত্তিৰ স্তৰটো অতিক্ৰম কৰাৰ পাছত—মানুহে যেতিয়া কৃষিৰ আৱিষ্কাৰ কৰিলে, ফচল উৎপাদন কৰিবলৈ লাগিল আৰু একে ঠাইতে বাস কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়াৰে পৰা মানুহক জীয়াই থাকিবলৈ প্রয়োজনীয় বিভিন্ন সামগ্ৰীৰ দৰকাৰ হ’ল। তেতিয়াৰ পৰা মানুহ পৰস্পৰ নিৰ্ভৰশীল অৱস্থালৈ আহিবলৈ বাধ্য হয়। এই পৰিৱৰ্তন সংঘটিত হৈছিল বিৰাট এক যুগান্তকাৰী বাস্তৱ ঘটনাক্ৰমৰ পৰিণতি হিচাপে, কোনো মানুহৰ ইচ্ছা-অনিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰি নহয়। স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱাৰ সময়ৰ লগে লগে একোজন লোকে তেওঁৰ নিজৰ দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় সামগ্ৰীৰ চাহিদা পূৰাবলৈ নিজে এককভাৱে অক্ষম হৈ পৰিল। ইয়াৰ ফলত মানুহৰ মাজত শ্ৰম-বিভাজন হ’বলৈ ধৰে। কোনোৱে যদি ধান উৎপাদন কৰিছে, কোনোবাই আকৌ মাটি খান্দিবলৈ সঁজুলি তৈয়াৰ কৰিবলৈ লৈছিল। প্ৰথম অৱস্থাত তাত ব্যক্তিগত সম্পত্তিৰ কোনো ধাৰণা নাছিল। নাছিল কোনো মালিক আৰু শ্ৰমিক। উৎপাদনৰ আহিলাসমূহৰ কোনো মালিক নাছিল, সকলো আহিলা আছিল সমাজখনৰ সমূহীয়া। এইদৰে ভিন্ন লোক ভিন্ন বৃত্তিৰ সৈতে যুক্ত হৈ পৰিল আৰু পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল হৈ  পৰাৰ লগে লগে প্ৰায়োজনীয় সামগ্ৰীৰ উৎপাদন আৰু উপভোগৰ তাগিদাতে এখন সমাজৰ জন্ম হ’বলৈ বাধ্য হ’ল।

গতিকে আমি দেখিলোঁ যে মানুহৰ প্ৰয়োজনতহে সমাজ এখনৰ জন্ম হৈছিল তাকো মানুহৰ প্ৰয়োজনীয় সামগ্ৰীৰ উৎপাদনক কেন্দ্ৰ কৰি। আৰু সেই উৎপাদনৰ ওপৰতে নিৰ্ভৰ কৰি সমাজৰ ব্যক্তিসকলৰ মাজত এটা সম্পৰ্ক গঢ় লৈ উঠিছিল। তাকে আমি এখন সমাজৰ ব্যক্তিসকলৰ মাজৰ উৎপাদনৰ-সম্পৰ্ক বুলি আমি কওঁ।

সমাজখনৰ অৰ্থনৈতিক পৰিকাঠামো যদি ব্যক্তিগত সম্পত্তিৰ ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত তেনেহ’লে সেই সমাজত বাস কৰা প্ৰতিগৰাকীৰ মন-মগজুত ব্যক্তিকেন্দ্ৰিক চিন্তাই খেলা কৰিব আৰু সমাজখন যদি সামাজিক সম্পত্তিৰ ধাৰণাৰ ওপৰত বৰ্তি থাকে তেনেহ’লে সেই সমাজত বাস কৰা প্ৰতিগৰাকী লোকৰ মনবোৰ সমাজমুখী চিন্তাৰে আগ বাঢ়িব। গতিকে সমাজখনৰ অৰ্থনৈতিক ৰেহৰূপ চাইহে মানুহবোৰৰ চিন্তা-চেতনাৰ চৰিত্ৰ নিৰ্ভৰ কৰিব। এইটো প্ৰেক্ষাপটতে আমি বৰ্তমানে বৰ্তি থকা পুঁজিবাদী সমাজখনৰ কিছুমান বিশেষ দিশৰ কথা উনুকিয়াই যাব পাৰোঁ। পুঁজিবাদী অৰ্থনৈতিক ব্যৱস্থাত অৰ্থনৈতিক কাম-কাজবোৰ সদায়ে ব্যক্তিগত পৰ্যায়ত কৰা হয়। গতিকে তেনেকুৱা এখন সমাজৰ ব্যক্তিসকল সামাজিক হৈও ব্যক্তিকেন্দ্ৰিক। সমাজ এখনত থাকিও অকলশৰীয়া, নিঃসংগ। সেয়ে পুঁজিবাদী ব্যৱস্থাত মানুহ বেছি হতাশাগ্ৰস্ত। ধন আৰু সা-সম্পত্তি থাকিও মানুহবোৰ প্ৰায়েই সুখী নহয়। আত্মহত্যাৰ প্ৰৱণতা বেছি। ইয়াৰ উপৰিও অন্যান্য মানসিক সমস্যাও বেছি। এই ব্যৱস্থাত ধন-সম্পদ থকা লোকসকলৰ যিদৰে যিমান সমস্যা, নথকাসকলৰো সিমানেই সমস্যা। সেয়ে ধনী-দুখীয়া বুলি কথা নাই এই ব্যৱস্থাত—অপৰাধ প্ৰৱণতাও বেছি ইয়াত। নানাবিধ শাস্তিৰ বিধান, কিম্বা ‘এনকাউণ্টাৰ’ আদিৰ দৰে হঠকাৰী পদ্ধতি যিমানেই প্ৰয়োগ নকৰক—এই ব্যৱস্থাত অপৰাধ নিয়ন্ত্ৰণ কৰা সম্ভৱ নহয়। পুঁজিবাদী আগ্ৰাসন যিমানে বাঢ়িব এইধৰণৰ সংকট সিমানে বাঢ়িব। অলপ মন কৰিলেই আমাৰ সমাজখনত ইয়াৰ উমান আমি সকলোৱে পাম।

ব্যক্তিগত পুঁজিৰ ধাৰণাই, পুঁজিবাদী সমাজ-ব্যৱস্থাত, ব্যক্তিগত সকলো কথাই সকলো সময়তে প্ৰাধান্য পায়। কোনোবাই খাইছে, খোৱা নাই—তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে তেওঁ বিচৰাধৰণে তেওঁৰ খোৱা থালত খাদ্যৰ সমাহাৰ ঠিক মতে ঘটিছে নে নাই? সমাজত কি চলিছে—ভাল নে বেয়া, তাতকৈ ডাঙৰ কথাটো হ’ল তেওঁৰ নিজৰ সন্তানটিৰ ভাল হৈছে নে নাই। আটাইৰে ব্যক্তিগত মত হ’ল দুৰ্নীতি নোহোৱাকৈ নিজৰ নিজৰ কামবোৰ হ’ব লাগে, কিন্তু নিজৰ আকাংক্ষা পূৰাবলৈ দুৰ্নীতি কৰিব লাগে। প্ৰথমে এনেধৰণৰ চিন্তা ব্যক্তিকেন্দ্ৰিক আৰু সুবিধাবাদী, দ্বিতীয়তে স্ববিৰোধী চিন্তা। দুয়োটা আমি কেতিয়াও পাব নোৱাৰোঁ। অথচ মানুহৰ সহজাত প্ৰবৃত্তিয়ে এনে ব্যক্তিৰে গঠিত সমাজৰ বিপৰীতে এনে এখন সুস্থ প্ৰগতিশীল ব্যক্তিৰ সমাজ বিচাৰে—যিখন সমাজত সকলো ব্যক্তিয়েই খাবলৈ পাব, পিন্ধিব পাৰিব, ভদ্ৰ, নম্ৰ হ’ব, শিক্ষিত হ’ব আৰু কোনো অৰাজকতা নাথাকিব, কোনেও দুৰ্নীতি নকৰিব আৰু অপৰাধী নহব। সমাজ এখনৰ ব্যক্তিসকলক ‘ভাল’ ৰূপত পাবলৈ হ’লে আমি  সমাজখন পৰিৱৰ্তন কৰিবই লাগিব। সমাজখনৰ পৰিৱৰ্তন অবিহনে ব্যক্তিৰ মনৰ পৰিৱৰ্তন কৰাটো সম্ভৱ নহয়। সমাজ-পৰিৱৰ্তন মানে পুঁজিবাদৰ বিলুপ্তি সাধন।

সমাজৰ কেবাটাও স্তৰ আমি ইতিমধ্যে পাৰ হৈ আহি পুঁজিবাদী স্তৰত উপনীত হৈছোঁ। আমি ইতিমধ্যে আলোচনা কৰিছোঁ যে সমাজ গঠনৰ মূল ভেটিটোৱেই হৈছে মানুহৰ ইজনৰ সৈতে সিজনৰ মাজত গঢ় লোৱা অৰ্থনৈতিক সম্পৰ্ক। অৰ্থাৎ আন কথাত ক’ব লাগিলে ইতিহাসৰ যিকেইটা সামাজিক স্তৰ আমি পাৰ হৈ আহিছোঁ, সেই আটাইবোৰ একো একোটা অৰ্থনৈতিক স্তৰ। আদিম সমাজৰ মানুহ, সামন্তবাদী সমাজৰ মানুহ বা আজিৰ পুঁজিবাদী স্তৰটোৰ মানুহ একে নহয়। মানুহৰ গুণগত উন্নতি হৈ আহিছে। মাৰ্ক্সে এই মানুহৰে পুঁজিবাদী স্তৰৰ পিছৰ উন্নত স্তৰৰ মানুহৰ সমাজখনৰ নাম দিছে সমাজবাদী স্তৰ বা সমাজবাদী সমাজ। বৰ্তমানৰ সমাজৰ মানুহতকৈ এই নতুন সমাজবাদী সমাজখনৰ মানুহৰ গুণগত পাৰ্থক্য থাকিব আৰু তাৰ বাবে মানুহে অহৰহ সামাজিকভাৱে কচৰত অব্যাহত ৰাখিছে। কোনো কোনো অঞ্চলৰ সমাজে এই দিশত বহুত আগবাঢ়ি গৈছে আৰু কোনো কোনো অঞ্চলৰ সমাজে সমাজবাদৰ নাম গোন্ধেই পোৱা নাই। কিছুমান সমাজে সামন্তবাদী স্বৰূপটোক এৰি পুঁজিবাদী স্বৰূপটোক আঁকোৱালি ল’বলৈকে যুদ্ধ কৰি থাকিবলগীয়া হৈছে। ফলত মানুহবোৰও তেনেকুৱা এটা স্তৰতে থাকিবলগীয়া অৱস্থা হৈছে। ভাৰতীয় সমাজখনো প্ৰায় তেনেকুৱা এখন সমাজ। আধা সামন্তবাদী, আধা পুঁজিবাদী। মানুহবোৰৰো চিন্তা-মানসিকতা আধা সামন্তবাদী, আধা পুঁজিবাদী। বিজ্ঞানী হৈও গোমেট পাথৰ পিন্ধি মানসিক শান্তি পোৱা বা ৰাফেল বিমানত নেমু আৰু ফোট দি মংগল কামনা কৰা এইধৰণৰ চিন্তাৰেই প্ৰতিফলন।

এই ব্যবস্থাৰ পৰা যিমান সোনকালে সমাজখনে আহৰি পাব সিমানে সমাজখনে নতুন সমাজ এখনৰ দিশে অগ্ৰসৰ হ’বলৈ সক্ষম হ’ব। ইয়াৰ বাট দুটা এটা হ’ল সমাজৰ ক্ৰমশঃ বিৱৰ্তন আৰু ইয়াৰ বাবে কিমান সময় ল’ব ক’ব নোৱাৰি। আনটো হৈছে বিপ্লৱৰ পথ, ঠিক ৰাছিয়া বা চীনৰ বিপ্লৱৰ দৰে, কষ্ট হ’লেও ভাঙি-চিঙি সমজখনক নতুন কৈ গঢ় দিয়া বৈপ্লৱিক পথ।

One thought on “‘মানুহ’ নিৰ্মাণত ‘পৰিৱৰ্তিত সমাজ’ৰ ভূমিকা— (বিস্ময় দাস)

  • Nabajyoti Borgohain

    কম পৰিশৰতে এটা গুৰুত্বপূৰ্ণ লেখা। ‘মানুহ’ নিৰ্মাণত “নতুন সমাজ”ৰ প্ৰয়োজন এটা মৌলিক চৰ্ত।
    এই সুযোগতে লেখকলৈ ধন্যবাদ জনালো।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *