নিবন্ধশিল্প-কলা-সংস্কৃতি

মানুহৰ বাবে মানুহৰ দ্বাৰা মানুহৰ সংগীত- (হৃষীকেশ বৰপূজাৰী)

এখন সমাজৰ সামগ্ৰীক উত্তৰণৰ লগত সংগীতৰ এক ওতঃপ্ৰোত সম্পৰ্ক থাকে। অতীজৰে পৰা লক্ষ্য কৰিলে প্ৰতিটো সভ্যতা সৃষ্টিৰ লগত সংগীত অবিচ্ছিন্ন। মহাপুৰুষ শংকৰদেৱ তথা মাধৱদেৱেও মধ্যযুগত ধৰ্মীয় গোড়ামীমুক্ত নতুন সমাজ গঠন কৰিবলৈ নব-বৈঞ্চৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে বৰগীতক অত্যতম আহিলা ৰূপে প্ৰয়োগ কৰিছিল। স্বাধীনতা সংগ্ৰামৰো সংগীত এক অবিচ্ছেদ্য অংগ আছিল। ৰবীন্দ্ৰনাথৰ ঠাকুৰ, কবি নজৰুলৰ পৰা আৰম্ভ কৰি উৰ্দু ভাষাৰ ইকবাল, ফেইজ আহমদ ফেইজ তথা কাৱালি, গজলৰ শিল্পী সকলক আদি কৰি জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভালৈ সকলোৱে সংগীতক নিজৰ জীৱনত প্ৰয়োগ কৰি তাক ৰূপান্তৰৰ এক অন্যতম অস্ত্ৰৰূপে প্ৰয়োগ কৰিছিল। ৰুছ বিপ্লৱ, কিউবা বিপ্লৱ, চীনা বিপ্লৱ, ভিয়েটনাম যুদ্ধ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ শোষণৰ বিৰুদ্ধে যুদ্ধ আদি সকলোতে সংগীতৰ এক বিশেষ ভূমিকা আছে। এনে বিপ্লৱৰ কোলাতে জন্ম হৈছে কত মহান শিল্পীৰ আৰু প্ৰতিটো বিপ্লৱৰ সংগীতৰ বৈশিষ্ট্য ভিন্ন আৰু শিল্পীৰ ধাৰাও ভিন্ন‌। কিন্তু প্ৰতিটো গীতৰ সৃষ্টিৰ আদৰ্শ হ’ল মানুহৰ মুক্তি, সমাজৰ পৰিবৰ্তন। এটা সময়লৈকে সংগীতৰ এই জীৱনমুখী ধাৰা (কিছু বৈপ্লৱিক সংগীতো এই ধাৰাৰ অন্তৰ্ভুক্ত) অসমত চিৰ প্ৰবাহিত হৈ আছিল। শংকৰ-মাধৱৰ বাটেৰে বাট বুলি জ্যোতি-বিষ্ণু, ভূপেন-হেমাংগ আদিয়ে সংগীতক জনগণৰ মাজলৈ লৈ গৈ সমাজমুখী গীতৰ এক গৌৰৱোজ্জল ধাৰাৰ নিচান উৰুৱাবলৈ সক্ষম হৈছিল। কিন্তু ৮০/৯০ দশকৰ পাছত অসমীয়া সংগীত প্ৰায় বজাৰমুখী হৈ পৰে, তাত আৰু পোৱা নাযায় আগৰ সেই জনগণৰ কথা, জনগোষ্ঠীয় সমন্বয়ৰ কথা, অসমৰ সমস্যাৰ কথা, প্ৰকৃত আদৰ্শনিষ্ঠ প্ৰেমৰ কথা। কেৱল এক ভেজাল, অতি সস্তীয়া প্ৰেমৰ আবেদন আৰু অতি ৰোমান্টিকতাৰ পৰিচয় দিয়াতে ই সীমাবদ্ধ হৈ পৰে।

কিন্তু শাসকপক্ষই ৰজাঘৰীয়া সংগীতৰ মাজেৰে প্ৰচাৰ কৰাত আজিও ক্ৰুটি কৰা নাই। ক্ষমতাযন্ত্ৰই প্ৰকৃত মানৱ সংগীতৰ পৰা গোটেই সমাজখনক আঁতৰাই আনি অদৰকাৰী সস্তীয়া সংগীতৰ মনোৰঞ্জনৰ গণ্ডীত আবদ্ধ কৰি ৰাখিবলৈ সৰ্বদা আমাৰ অজ্ঞাতসাৰে চেষ্টা কৰি আহিছে। গতিকে নতুন সমাজ গঠনৰ পথত আমি অগ্ৰসৰ হ’বলৈ হ’লে প্ৰকৃত সংগীতৰ গৱেষণাত নিজকে ব্ৰতী কৰোৱাতো নিত্যান্তই প্ৰয়োজনীয়। আমাৰ এই লেখনীটোত তিনিটা ভিন্ন ঠাইৰ ভিন্ন ভাষাৰ গীতৰ বিষয়ে আলোকপাত কৰিব ওলাইছোঁ। তিনিওটা গীতে মানুহৰ বাবে মানুহৰ দ্বাৰা ৰচিত মানুহৰ সংগীত। যদিওঁ ভাষা, সুৰ, গায়িকীৰ ধৰণৰ ক্ষেত্ৰত আটাইকেইতা গীতৰে ভিন্নতা আছে তথাপি ইয়াৰ আত্মাৰ এক বিশ্বজনীন আবেদন পৰিলক্ষিত হয় আৰু সৰ্বাত্মকভাৱে লক্ষ্য কৰিলে আটাইকেইটা গীতৰ মাজত যেন এক সামঞ্জস্য ৰক্ষা পৰে সেয়া ভাব হয়।

অসমৰ সাহিত্য-সংগীত জগতৰ অন্যতম গুৰি ধৰোঁতা সংস্কৃতিৰ গৱেষক, বিশ্বমুখী চেতনা সম্পন্ন ব্যক্তি যাৰ সংগীত অগ্নিসুৰৰ বন্যাৰে পৰিপূৰ্ণ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অপূৰ্ব সৃষ্টি ‘লুইতৰ আকাশত তৰাৰ তৰাৱলী’ গীতটো কেৱল অসমীয়া ভাষাৰে নহয় সমগ্ৰ পৃথিৱীৰ সংগীতজগতৰে এক অন্যতম শ্ৰেষ্ঠ গীত। গীতটোৰ অতি উচ্চ পৰ্যায়ৰ কথা, একে সময়তে আবেগময়ী আৰু আশাপ্ৰদ সুৰ, শব্দৰ প্ৰয়োগে ইয়াক সচাকৈয়ে বিশেষ কৰি তোলে। গীতটো শুনাৰ লগে লগে প্ৰথমে আমাক আকৰ্ষণ কৰিছিল ইয়াৰ অন্তৰ্বস্তুৱে। কবি (এইক্ষেত্ৰত কবি অভিধাৰ প্ৰয়োগ সমীচীন বুলি ভাবোঁ) জ্যোতিপ্ৰসাদে অত্যন্ত দায়িত্বশীল হৈ দেশপ্ৰেম, ত্যাগ, আৰু ভাগি পৰিও পুনৰ নতুনৰ নিৰ্মাণৰ দিশত আগুৱাই যোৱাৰ অনুপ্ৰেৰণাক একেলগে গীতটোত বান্ধিবলৈ চেষ্টা কৰিছে। সেয়ে লিখিছে–

“চকুলো বোৱাই জুই নুনুমাবি
গুচক তমসা ঘোৰ।”

গীতটোত আৰম্ভণিৰে পৰা শেষলৈ এক কৰুন অথচ যুদ্ধলৈ অগ্ৰসৰ হোৱাৰ আবেদন অনুভৱ হয়। সচৰাচৰ যেতিয়া বিপ্লৱ তথা ৰক্তাক্ত সময়ৰ বিৱৰণ দিয়া হয় তেতিয়া কবিতা বা গীতত এক উত্তেজনাপূৰ্ণ সুৰৰ ব্যৱহাৰ কৰা দেখা যায় কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালাই একে গতিত প্ৰবাহিত কৰুণ সুৰেৰে আৰু সহজ শব্দৰ প্ৰয়োগেৰে বিপ্লৱৰ বিৱৰণ দাঙি ধৰিছে। সেইবাবেই তেওঁ বিশেষ।

“লাচিতৰ দিনৰে জ্বলা জুয়েকুৰা
আই অ’ নুমুৱা নাই
নতুন তেজেৰে শলিতা জ্বলিছে
উজলিছে ভমকাই।”

ইমান সহজকৈ কলাত্মকভাৱে ৰূপান্তৰৰ এই যুঁজত দিয়া ত্যাগ তথা বলিদানক স্বীকাৰ কৰিছে আৰু সকলোকে সোঁৱৰাই দিছে দেশৰ বাবে সমাজৰ বাবে চামে চামে মানুহ আহিছে, নিজকে ব্ৰতী কৰিছে আৰু গৈছে। নতুন প্ৰজন্মই পুনৰ আগুৱাই আহিছে। ‘লাচিতৰ দিনৰ জ্বলা জুই’ বুলি কওঁতে নিশ্চয়কৈ গীতিকাৰে এক বিশেষ সম্প্ৰদায়ৰ প্ৰতি ঘৃণাৰ ভাৱৰ কথা কোৱা নাই। তেওঁ কৈছে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে এগৰাকী অসমীয়াই (অসমীয়া মানে কেৱল বৰ্ণ হিন্দুসকলৰ কথা ইয়াতে তেখেতে কোৱা নাই।জ্যোতিৰ অসমীয়া মানে বৃহত্তৰ অবিভক্ত অসমবাসী) সদায়ে সমাজৰ হিতৰ বাবে বহিৰাগত শক্তিৰ ওচৰত ঠিয় দিব লাগিব। আৰু থিয় দিয়ে বুলি তেওঁ বিশ্বাসো জন্মাইছে।

“লুইতৰ আকাশত তৰাৰ তৰাৱলী
পাৰত দীপাৱলী তেজেৰে মোৰ
আই নাকান্দিবি
থাপনাত তেজৰে বন্তি দিছেহি
সন্তানে আজি তোৰ।”

বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতি গভীৰ আকৰ্ষণ থকা নিহাৰিকাৰ প্ৰেমিক জ্যোতিয়ে আকাশত জিলমিলাই থকা তৰাকেইটিৰ লগত অসমৰ মাটিত তেজৰ নদী বোৱাই মৃত্যু হোৱাকেইজনৰ চিতা জুইক তুলনা কৰিছে। এক আঘোষিত প্ৰতিযোগিতা যে কাৰ পোহৰ বেছি কাৰ শক্তি বেছি? ইয়াতে ’আই’ কোন? ’আই’ হ’ল সমগ্ৰ অসমবাসী। যাক কান্দি ভাগৰি পৰিব মানা কৰিছে আৰু পুনৰুদ্যমেৰে আগুৱাই যাব দিছে ৰূপান্তৰৰ বাবে। লভিতা নাটকত ব্যবহৃত এই গীতটো যিয়ে লভিতা নাটকখন পঢ়িছে আৰু আবাহন থিয়েটাৰত দেখুৱাৰ দৰে নাটক নাচাই জ্যোতিৰ লভিতা উপভোগ কৰিছে, তেওঁ এই গীতটোৰ মৰ্ম নাটকখনৰ লগত বাৰুকৈয়ে বুজিব পাৰিব।

গীতটোৰ আন এক মন কৰিবলগীয়া দিশ হ’ল গীতটোৰ গায়িকী। বিভিন্নজনে গীতটোক নিজৰ কৰি লৈ বেলেগ ধৰণে গাইছে যিটো অসম তথা ভাৰতীয় সংগীতত তেনেই বিৰল। ইয়াত সদায় গীত এটাক মিমিক্ৰি কৰিবৰ হে চেষ্টা কৰা দেখা যায়। তৰালী শৰ্মাৰ কন্ঠত গীতটোৰ আবেদন ভিন্ন, বিশেষকৈ সুৰটো খুব মেলোডিপূৰ্ণ, সেয়েহে ব্যক্তিগতভাৱে আমাৰ এইটো ফৰ্ম খুব মনঃপূত নহ’ল। মালবিকা বৰা, সংগীতা কাকতি আদিৰ কন্ঠত গীতটো ঠিকেই লাগে। কিন্তু আমাক বাৰুকৈয়ে আকৰ্ষণ কৰিছে গণশিল্পী হেমাংগ বিশ্বাসৰ কন্ঠত ‘লুইতৰ আকাশত তৰাৰ তৰাৱলী গীতটোৱে। হেমাঙ্গ বিশ্বাসৰ কন্ঠত গীতটোৱে অন্য এক মাত্ৰা লাভ কৰিছে। ভাটিয়ালী সুৰৰ প্ৰভাৱত গীতটোৰ মৰ্ম বহু বেলেগ ধৰণে পৰিলক্ষিত হয়। সেইটো হেমাঙ্গৰ গীত হৈ পৰিছে যদিও তাত অনুভূত হয় জ্যোতিসংগীতৰ এক আভ্যন্তৰীণ বৈশিষ্ট্য।

এতিয়া আগবাঢ়িছো আধুনিক ভাৰতত সংগীতৰ এক অদ্বিতীয় আৰু নতুন ধাৰাৰ নিৰ্মাণকৰ্তা, ৰাজনৈতিকভাৱে আদৰ্শনিষ্ঠ, সংগীত সৃষ্টিকৰাৰ আঁৰত এক উদ্দেশ্য আৰু আদৰ্শৰ বশৱৰ্তী হৈ গীতৰ নিৰ্মাণ কৰা শিল্পী কবিৰ সুমনৰ গলগলীয়া কন্ঠৰ গীত ‘আমি চাই’ গীতটোৰ আলোকপাত কৰিবলৈ। ‘গানওয়ালা’ নামৰ বিখ্যাত এলবামটোৰ এটি গীত ‘আমি চাই’। অৰ্থাৎ মই বিচাৰোঁ। নিজৰ চিন্তাত দেখা এখন সমাজ যিখন সমাজ পাবলৈ আমি সকলোৱে অহৰহ চেষ্টা কৰি আছোঁ। তেনে এখন সমাজত নো কি থাকিব? তাৰেই বৰ্ণনাৰে পৰিপূৰ্ণ এই গীতটো। খুব তাত্বিক কথা আৰু দাঁত ভঙা শব্দৰ প্ৰয়োগ নকৰি সংবিধানৰ নীতি-নিৰ্দেশনাক বুজাব নগৈ গীতিকাৰে হোজা মানুহ এজনেও সহজে বুজিব পৰাকৈ কেতবোৰ উদাহৰণেৰে সেই সমাজখন কেনে হ’ব? বা আমি কেনেধৰণৰ হোৱাটো বিচাৰো তাৰেই বৰ্ণনা দিছে।

“আমি চাই সাঁওতাল তাৰ ভাষায় বলবে ৰাষ্ট্ৰপুঞ্জে”

অৰ্থাৎ ৰাষ্ট্ৰসংঘত সদায়ে অবহেলিত জাতি সাঁওতালৰ ভাষা যাতে মানুহে কয়। আজি বৰ অসম বিচৰা কিমানজন বিয়াগোম লোকে অসমৰ জনজাতীয় ভাষাসমূহ জানে বা সেইভাষাক শ্ৰদ্ধা কৰে! সেয়া সন্দেহাৱৰ্তীত। নগন্য সংখ্যক গল্প-উপন্যাস ৰচিত হৈছে অসমীয়া ভাষাত যাৰ কাহিনী কোনোবা জনজাতীয় পটভূমিত লিখা। জিলিকাব লুইতৰে পাৰ বুলি অতিৰঞ্জিতকৈ কোৱা গুৱাহাটী বিশ্ববিদ্যালয় স্থাপনৰ বহুবছৰ পাছত তাত বড়োভাষাৰ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হৈছিল। সদায়ে বৰ্ণহিন্দু সমাজে জনজাতীয় আৰু অবহেলিত জাতিৰ ভাষাকলৈ অৱহেলা আৰু হাস্যৰস কৰি আহিছে। অসমীয়া চিনেমাত কিয় বড়ো-কছাৰী ল’ৰাজনহে লগুৱা নাইবা হাস্যৰসিক চৰিত্ৰটো কৰিব লাগে! এবাৰ ভাবি চাব। কিন্তু নতুন সমাজত এনে নহয় সকলো জাতিৰ সংস্কৃতিৰ প্ৰতি সকলোৱে সন্মান জনাব আৰু সৃষ্টি হ’ব বৃহৎ সংস্কৃতিৰ। সেয়ে লিখিছে–

“আমি চাই নেপালি ছেলেটা গিটাৰ হাতে।
আমি চাই তাৰ ভাষাতেই গাইতে আসবে কলকাতাতে।
আমি চাই ঝাড়খণ্ডেৰ তীৰ ধনুকে
আমি চাই ঝুমুৰ বাজবে ঝুমুৰ বাজবে তোমাৰ বুকে।”

নতুন সমাজত সৈন্যবাহিনীৰ গুলিবৰ্ষণৰ প্ৰয়োজন নেথাকিব। জনতাৰ ৰাজনীতি জনতাৰ ধৰণে হ’ব। সংসদীয় গণতন্ত্ৰৰ আধিপত্য বিস্তাৰ নচলিব, শোষণৰ ৰাজনীতি বন্ধ হ’ব। সেয়ে লিখিছে

“আমি চাই কাশ্মীৰে আৰ শুনবে না কেউ গুলিৰ শব্দ
আমি চাই মানুহৰ হাতে ৰাজনীতি হ’ব ভীষণ জব্দ।”

আকৌ দুটি শাৰী–

“আমি চাই বিজেপি নেতাৰ সালমা খাতুন পুত্ৰ বধু
আমি চাই ধৰ্ম বলতে মানুষ বুজবে মানুষ শুধু।”

সাম্প্ৰতিক সময়ত এই দুই শাৰী বুজাই দিয়াৰ প্ৰয়োজন আমি অনুভৱ নকৰোঁ।

“আমি চাই গাছ কাটা হলে শোক সভা হবে বিধানসভায়
আমি চাই প্রতিবাদ হবে রক্ত পলাশে রক্ত জবায়।
আমি চাই মন্ত্রীরা প্রেম করুন সকলে নিয়ম করে
আমি চাই বক্তৃতা নয় কবিতা বলুন কণ্ঠ ভরে।”

নৱ সমাজত কেৱল গছ ৰুই নিজৰ দায়িত্ব সামৰি ৫ জুন পালন কৰা নহ’ব। বৃহৎ পুজিপতিৰ স্বাৰ্থত অৰণ্য ধ্বংস কৰিলে তাৰ তুমুল প্ৰতিবাদও হ’ব। বিয়াগোম নেতা-আমোলাৰ দ্বাৰা কোনো নাৰীৰ শোষন নহ’ব। সমগ্ৰ পৃথিৱী এক ৰাজ্য এক সমাজৰ দৰে বাস কৰিব।

সমগ্ৰ গীতটোৰ ভাষ্যখিনি এক বক্তৃতা সদৃশ, কোনোৱে মঞ্চত এইখিনি কথা ভাষণ হিচাপে ক’লে চাগে বহুতে নুশুনিব। কিন্তু এই গীতটো সকলোৱে শুনি ভাল পাব, পুনৰ শুনিব আৰু বুজিবলৈ চেষ্টা কৰিব। কিয়নো আৰম্ভণিৰে পৰা গীতটোত গিটাৰৰ এক অনুকম্পিত সুৰৰ resonance ত থকা অবিৰত গতি আৰু তাৰ মাজে মাজে সুমনৰ শিহৰিত কৰি তোলা কন্ঠৰ অপুৰ্ব সামঞ্জস্যই শ্ৰোতাক বান্ধি ৰাখে। প্ৰায়ে আমাৰ বহুতে এক বেলেগ তাত্বিক কথা কম বুলি কৃত্ৰিমভাবে গীত-কবিতা বা আন সাহিত্যত তাক প্ৰয়োগ কৰে কিন্তু সেয়া চিৰস্থায়ী নহয় আৰু ই সমাজৰ প্ৰতিটো শ্ৰেনীৰ চিন্তা প্ৰভাৱিত কৰিব নোৱাৰে কিয়নো তাত কলাত্মকতাৰ অভাৱ অনুভৱ হয়। কলা কলাৰ বাবে নে কলা সমাজৰ বাবে? সেয়া এক অনৰ্থক যুক্তি-তৰ্ক। প্ৰকৃতাৰ্থত মহৎ কলাৰ সৃষ্টি সমাজৰ বাবে কিন্তু তাত অনুভূত হয় এক গভীৰ আকৰ্ষণী কলাত্মক বৈশিষ্ট্যৰ। যাৰ প্ৰমাণ ভূপেন দা তথা কবিৰ সুমনৰ সংগীত। যত শ্লোগান, বক্তৃতা, তত্ত্ব, আদৰ্শ, অৰ্থনীতি, ৰাজনীতি সকলো থাকে কিন্তু কলাৰ আৱৰণ উৰি সি বৰ্তি থাকে। ‘আমি চাই’ তেনেধৰণৰে এটি গীত। বিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ গীত বুলি স্বীকৃতিপ্ৰাপ্ত জন লেননৰ ‘Imagine’ গীতটোৰ লগত ইয়াৰ মিল আছে। দুয়োটায়ে গীতৰ কথা বাস্তৱিকতে কঠিন তথা প্ৰায় অসম্ভৱ যেন লাগিলেও প্ৰকৃতাৰ্থত অসম্ভৱ নহয়। ত্যাগ আৰু আদৰ্শৰে তাক পাব পাৰি। গীতটো শুনাৰ পাছত শ্ৰোতাক গীতটোৰ ধৰণে আকৰ্ষণ কৰিছে নে? গীতটোৰ content, সুৰ তথা শব্দ বা গায়িকীয়ে আকৰ্ষণ কৰিছে? কোনটো আকৰ্ষণ শুদ্ধ সেয়া এক ভিন্ন প্ৰশ্ন। কিন্তু গীতটোৰ এই বহুমাত্ৰিকতাই সুমনৰ এই অমৰ সৃষ্টিক বিশেষ কৰি তোলে।

অৱশেষত আমি আলোচনা কৰিব বিচাৰিছোঁ আমেৰিকা যুক্তৰাষ্ট্ৰত অতি প্ৰচলিত তথা জনপ্ৰিয় লোকগীত ‘If I were a Carpenter and you are a lady’। ১৯৬০ চনত টিম্ হাৰদিনৰ দ্বাৰা ৰচিত এই গীতটো কিমানজন বিশ্ব প্ৰসিদ্ধ শিল্পীয়ে গাইছে তাৰ হিচাপ নাই। এগৰাকী সমাজৰ অতি নিম্নবিত্ত শ্ৰমিকৰ জীৱন যুদ্ধ আৰু তাত তেওঁৰ প্ৰেমিকাৰ সংলগ্নতাৰ একপ্ৰকাৰৰ প্ৰশ্নক লৈ ৰচিত এই যুগজয়ী গীতটোক বিশ্ববিখ্যাত শিল্পী বব ডিলান, ববী দাৰিন, জনী কেচ্, ৰবাৰ্ট প্লেন্ট, জন বায়াজ, হেৰী বেলাফ’ন্টে আদিয়ে নিজৰ অপূৰ্ব কন্ঠ আৰু প্ৰতিভাৰ দ্বাৰা এক অন্য স্তৰলৈ উন্নীত কৰিছে। আমি পূৰ্বতে উল্লেখ কৰাৰ দৰে প্ৰতিগৰাকী শিল্পীৰ কন্ঠত গীতটোৰ উচ্ছাৰণ, সুৰ আৰু গঠন ভিন্ন। কোনোৱে যদি পিয়ানোৰে গীতটোক বান্ধিছে কোনোৱে আকৌ acoustic guitar ৰে গীতৰ মহান বক্তব্যক ন্যায্যতা প্ৰদান কৰিবলৈ চেষ্টা কৰিছে। বহুতে আকৌ ইয়াক Jazz সংগীতৰ ধৰণেৰে প্ৰকাশ কৰিবলৈ উত্তেজনাপূৰ্ণ bass Guitar ৰ সহায় লৈছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল প্ৰতিগৰাকীয়ে গীতটো গোৱাৰ সময়ত ইয়াক মিমিক নকৰি নিজৰ কৰি লৈ এক দৰ্শনৰ বশৱৰ্তী হৈ শ্ৰোতাৰ আগত প্ৰকাশ কৰিছে। সেয়েহে প্ৰতিটো গায়িকীয়ে স্বকীয়।

শ্ৰমিক গৰাকীৰ প্ৰেমিকাৰ প্ৰতি অগাধ বিশ্বাস তথা মৰমৰ মাজতো নিজৰ অৱস্থাটোক লৈ সংকা হয়, যে প্ৰেমিকাই তেওঁক ভালপোৱাৰ লগতে তেওঁৰ সমাজখনক, সেই সমাজৰ মানুহখিনিক, তেওঁৰ জীৱনযুঁজক আকোঁৱালি ল’ব পাৰিবনে? ইমান খিনি সাহস তথা পবিত্ৰতা সেই সম্পৰ্কটোত আছেনে? প্ৰেম বিপ্লৱৰ এক অভিন্ন অংগ। এগৰাকী ব্যক্তিয়ে যদি কেৱল সমাজৰ প্ৰতি থকা প্ৰেমক ব্যক্ত কৰি গৌৰৱ কৰে আৰু এজনে যদি নিজৰ প্ৰেমিক বা প্ৰেয়সীৰ প্ৰতি থকা মৰমতে আবদ্ধ হয় তেতিয়া হ’লে দুয়োগৰাকীয়ে প্ৰকৃতাৰ্থত প্ৰেমৰ মৰ্মক উপলব্ধি কৰাত বিফল হৈছে। দুৰ্দান্ত প্ৰেমিক এগৰাকীৰ বাবে দুয়োটি মিঠা সম্পৰ্কই প্ৰয়োজনীয়। যি প্ৰেমত এটাৰ আনটোৰ প্ৰতি শ্ৰদ্ধা থাকে, সহযোগিতা থাকে, দায়িত্ব থাকে। তেনে প্ৰেমৰ বিচাৰ-বিশ্লেষণতে মত্ত হৈ কবিয়ে প্ৰশ্ন কৰিছে–
If I were a carpenter, and you were a lady
Would you marry me anyway? would you have my baby?
If a tinker were my trade, would you still find me
Carrying the pots I made – following behind me?
এগৰাকী কাঠমিস্ত্ৰীক প্ৰেম কৰিবনে? তাৰ সন্তান গৰ্ভত স্থাপিত কৰিবনে? আকৌ সুধিছে সি যদি মেকানিক হয় তেতিয়া তাক বিচাৰিব নে? যদি সি গমৰ মিলত কাম কৰা ল’ৰা হয়, তেতিয়া তাই এৰিব পাৰিবনে তাইৰ সম্ভ্ৰান্ত জীৱনৰ ৰং তথা কোমল জোতা। পাৰিবনে চলিব সেই মিলটোৰ ধূলি উশাহত টানি লৈ?  সেয়ে লিখিছে –

If a miller were my trade, at a mill wheel grinding
Would you miss your colored blouse – your soft shoes shining

জনী কেচ্ আৰু তেওঁৰ সহধৰ্মিনী জুন কাৰ্টাৰ কেচ্ এ এই গীতটোক নিজৰ কৰি গাইছে য’ত প্ৰেমিকৰ প্ৰশ্নৰ উত্তৰ প্ৰমিকা গৰাকীয়ে দিছে যে–
If you were a carpenter
And I will be a lady
I will marry you anyway
And have your baby.

এইধৰণৰ কথোপকথনৰ মাজেৰে গতি কৰা গীতটো কেচ্ দম্পত্তীয়ে এক কবিতাৰ দৰে বৰ বেছি দীঘল সুৰ আৰু sophisticated বাজনাৰ প্ৰয়োগ নকৰাকৈ গাবলৈ চেষ্টা কৰিছে। সেয়ে এই গীতটো এক ভিন্ন স্তৰলৈ উন্নীত হয়।

আমাক ব্যক্তিগতভাৱে জন বায়াজ আৰু হেৰী বেলাফ’ন্টেৰ গীত দুটিয়েও খুব আকৰ্ষণ কৰে। জন বায়াজে গীতটোত কিছু Modern Western আৰু folk music ৰ প্ৰয়োগ কৰি গাইছে। পিয়ানোৰ জৰিয়তে গীতটোক তলৰ স্কেলত গতি প্ৰদান কৰিছে আৰু বিট্ আৰু ৰিডমৰ বাবে মিহিকৈ ড্ৰাম আৰু গীটাৰখনৰ প্ৰয়োগ কৰিছে। বায়াজৰ কন্ঠত আমাৰ এটি দফাৰ গায়িকী বৰ সুন্দৰ লাগে যেন সেই দফাটোৰ প্ৰতি ন্যায় যেন বায়াজেহে কৰিছে! দফাটো হ’ল –
Save my love through loneliness –
save my love through sorrow
I give you my onlyness –
give me your tomorrow

বিপ্লৱী শিল্পী, নিজেই এগৰাকী শোষিত শ্ৰেণীৰ লোক হেৰী বেলাফ’ন্টেৰ কন্ঠত গীতটো বৰ আপোন আপোন লাগে। যি শ্ৰেণীৰ কথা গীতটোত উপস্থাপন কৰা হৈছে তাক নিযেই অনুভৱ কৰি অহা, সেই শ্ৰমৰ আৰু যাতনাৰ অকুদৰ্শক বেলাফ’ন্টে গীতটোক খুব দায়িত্বশীলভাৱে ফুটাই তুলিছে। পল ৰবচনৰ ধাৰাৰো কিছু আভাস গীতটোত পোৱা যায়। গলগলীয়া কন্ঠেৰে প্ৰতিটো শব্দৰ উচ্ছাৰণৰ যি আবেগ তাক ফুটাই তুলিছে। বায়াজৰ বিপৰীতে ইয়াত যিটো গতিশীল সুৰ সেয়া হ’ল acoustic guitar আৰু তাৰ মাজে মাজে ফুটি উঠিছে ড্ৰামচেট আৰু bass Guitar খনৰ আলোড়নময়ী সুৰ। প্ৰেমিকাৰ প্ৰতি থকা মৰম আৰু আশংকাক যেন ক্ৰমে দুয়োখন গীটাৰে প্ৰতিনিধিত্ব কৰিছে। যেতিয়া প্ৰেমিকাৰ প্ৰতি থকা বিশ্বাস আৰু মৰমে মনটো ভৰাই ৰাখে তেতিয়া শান্ত মগজুৰ প্ৰতিফলন acoustic guitar খনৰ c-scale ৰ গতিময় সুৰটো। আকৌ যেতিয়াই নিজৰ অৱস্থাৰ কথা মনলৈ আহে আৰু সংসয়ৰ সৃষ্টি হয় তেতিয়াই সেইখন গীটাৰক পিছপেলাই অনুভূত হয় বেছ খনৰ প্ৰতিবাদী সুৰৰ।

এতিয়া আমাৰ এটা প্ৰশ্ন হ’ব পাৰে যে গীতৰ নো আলোচনাৰ প্ৰয়োজন কি? তাৰ উত্তৰ সম্ভৱত এই লেখনীটোত আমি কিছু পৰ্যায়লৈ দিবলৈ সক্ষম হৈছোঁ। কিন্তু গীতৰ কথাক বহুত গুৰুত্ব দিয়া বহু প্ৰগতিশীল মানুহৰ মনতো এটা প্ৰশ্ন হ’ব পাৰে যে গীতৰ কথাখিনিয়ে যথেষ্ট এই সুৰ বা instruments ক গুৰুত্ব দিব লাগে কিয়। তাৰ উত্তৰ এটায়ে সেইটো হ’ল গীতটোৰ চিৰস্থায়ীতা-কলাত্মকতা। এটি মহান গীতৰ জন্ম হ’বলৈ গীতটোৰ কথাৰ লগতে তাৰ সুৰ, বাজনাৰ প্ৰয়োগ আৰু গায়িকীও অতি গুৰুত্বপূৰ্ণ। ইয়াৰ অভাৱত ভাৱাৰ্থ প্ৰগতিশীল হ’লেও গীতৰ সৃষ্টিত যান্ত্ৰিকতা থকা যেন লাগে‌। তেনে গীত সি চিৰস্থায়ী নহয়। ভূপেন হাজৰিকাৰ সংগীতত সুৰৰ প্ৰভাৱ কিদৰে প্ৰাসংগিক তাৰ বিষয়ে পিছলৈ আলোচনা কৰিলে বুজা যাব। প্ৰকৃত গীত শুনাটো, তাক বুজাটো আৰু অনুধাৱন কৰাটো অতি জৰুৰী। এখন কিতাপ পঢ়াৰ দৰে মহান গীত শুনাটোও আমাৰ কৰ্তব্য। কিয়নো ভৱিষ্যতে আমাৰ সমাজৰ বাবে আমিও গণসংগীতৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব লাগিব।

আলোচিত গীতসমূহৰ ইউটিউব লিংক:

১) https://youtu.be/aCbP53L266o  – তৰালী শৰ্মাৰ কণ্ঠত ‘লুইতৰ আকাশত’

২) https://youtu.be/Q8MXla0AKTw – মালবিকা বৰাৰ কণ্ঠত ‘লুইতৰ আকাশত’

৩) https://youtu.be/JeY6Gv1uLOY – সংগীতা কাকতিৰ কণ্ঠত ‘লুইতৰ আকাশত’

৪) https://youtu.be/xmjWleyGtwU – হেমাংগ বিশ্বাসৰ কণ্ঠত ‘লুইতৰ আকাশত’

৫) https://youtu.be/wVI4Ylexmg8 – আমি চাই সাঁওতাল তাৰ ভাষাই বলবে- কবিৰ সুমন

৬) https://youtu.be/YkgkThdzX-8 – ইমাজিন, জন লেনন

৭) https://youtu.be/ANhsKRG-nng – If I were a carpenter – Harry Belafonte

৮) https://youtu.be/fmMu20RiwRA – If you were a carpenter – Joan Baez

৯) https://youtu.be/UINidbbvGFM – If I were a carpenter- Robert Plant

১০)https://youtu.be/vpbYRMXzq8s – If I were a carpenter – Johnney Cash and June Carter Cash

১১) https://youtu.be/g-h5Qp-r_OM–  If I were a carpenter – Tim Hardin

১২)https://youtu.be/BBhfLYGSR5c – If I were a carpenter  -Bob Dylan

১৩)https://youtu.be/bjFRLOktHXo –  If I were a carpenter- Bobby Darin

2 thoughts on “মানুহৰ বাবে মানুহৰ দ্বাৰা মানুহৰ সংগীত- (হৃষীকেশ বৰপূজাৰী)

  • চন্দন দাস

    আজিৰ এই যান্ত্ৰিকতাৰ যুগত লেখক হৃষীকেশ বৰপূজাৰীয়ে গণসংগীতৰ ওপৰত আগবঢ়োৱা গৱেষণামূলক প্ৰবন্ধটো পঢ়ি খুবেই অনুপ্ৰাণিত হ’লো।
    বিশেষকৈ কবীৰ সুমনৰ ‘আমি ছাই’ গীতটোৰ সমালোচনাখিনিয়ে আজিৰ সমাজৰ প্ৰকৃত ছবিখন ডাঙি ধৰিবলৈ সক্ষম হৈছে।

    Reply
    • হৃষীকেশ বৰপূজাৰী

      মন্তব্যৰ বাবে অশেষ ধন্যবাদ। এই‌ লেখাটো গৱেষণামূলক প্ৰবন্ধ নহয়। এগৰাকী শ্ৰোতা হিচাপে গীতকেইটা সম্বন্ধে আমাৰ মনোভাৱ হে উক্ত লেখনিটোত লিখিব চেষ্টা কৰিছোঁ। চুমনৰ ‘আমি চাই’ ৰ দৰে গীতৰ প্ৰচাৰ তথা আলোচনা আমি কৰিব লাগিব। এইধৰনৰ ৰেবেল মিউজিকৰ আলোচনাৰে আমি সমাজখনক আৰু সংস্কৃতিক এক নতুন দৃষ্টিৰে চাবলৈ সক্ষম হ’ম বুলি আমাৰ বিশ্বাস।

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *