মানুহৰ গল্প :: যি গল্পৰ শেষ নাই (ৰঞ্জিত ভূঞা)
(যোৱা সংখ্যাৰ পাছৰ পৰা)
(একৈশ)
“এতিয়া তোমাক মই আমাৰ দেশৰ সভ্যতাৰ গল্প কম। প্ৰাচীন মিচৰৰ দৰেই পুৰণি আৰু সমৃদ্ধ সেই সভ্যতা। সিন্ধু নদীৰ আশে-পাশে গঢ়ি উঠা এই সভ্যতাৰ কথা কেনেকৈ পোহৰলৈ আহিল জানা নে? বংগৰ এজন বিখ্যাত প্ৰত্নতাত্বিক ৰাখালদাস বন্দোপাধ্যায়ে ১৯২১ চনত সিন্ধু প্ৰদেশৰ এটা প্ৰকাণ্ড মাটিৰ টিলা, এতিয়াৰ মহেঞ্জোদাৰোত কৰা খননৰ ফলত ওলোৱা ভগ্নাৱশেষৰ প্ৰমাণ হৈ পৰিল যে সিন্ধু উপত্যকাত এক আশ্চৰ্যজনক সমৃদ্ধ সভ্যতা গঢ়ি উঠিছিল। সেই সভ্যতাৰ পোৰামাটিৰ ইটাৰে নিৰ্মিত ঘৰ দুৱাৰ, বিশাল অস্ত্ৰ ভাণ্ডাৰ, ৰাস্তাঘাট, নলা-নৰ্দমা নিৰ্মাণৰ কৌশল যিমানেই জানিব পৰা গ’ল সিমানেই পণ্ডিতসকলৰ চকু কপালত উঠিল। পিছে প্ৰাচীন কালত এনেহেন উন্নত, সমৃদ্ধ সভ্যতা গঢ়ি উঠিল কেনেকৈ? কোনে গঢ়িলে? এই লৈ মহা মহা পণ্ডিতসকলৰ মাজত তৰ্কৰ শেষ নাই। সেইবোৰ সদ্যহতে বাদ দিয়া। প্ৰায় ৫,০০,০০০ বৰ্গ মাইল জুৰি এই সভ্যতাৰ নানান স্মৃতি চিহ্ন পোৱা গৈছে। বিচাৰি পোৱা গৈছে সৰু ডাঙৰ বহুতো নগৰ; আনকি এক আশ্চৰ্য বন্দৰ; তাৰ নাম লোথাল। আশ্চৰ্য এই সভ্যতাৰ বিস্তৃতি; আজিও সম্পূৰ্ণ নিৰ্ণয় কৰিব পৰা হোৱা নাই। সিন্ধু উপত্যকা আৰু তাৰ চাৰিওফালৰ মাটি খান্দি সেই প্ৰাচীন সভ্যতাৰ বহু আশ্চৰ্য কীৰ্তি উদ্ধাৰ কৰা হৈছে। সেইবোৰ এতিয়াও আমাৰ বাবে বিস্ময়কৰ। কিন্তু তেনে এক আশ্চৰ্যকৰ সভ্যতা যাৰ শ্ৰমৰ বলত সম্ভৱ হৈছিল, সেই সাধাৰণ মানুহৰ, শ্ৰমিকৰ অৱস্থা কেনে আছিল? পোনপটীয়াকৈ জনাৰ উপায় নাই যদিও অনুমান কৰিব পাৰি যে তেওঁলোকৰ অৱস্থা প্ৰাচীন মিচৰৰ সাধাৰণ কষ্ট কৰি খোৱা মানুহতকৈ বৰ বেছি ভাল নাছিল। দুমুঠি খাব পাৰিছিল। তাতোকৈ বেছি একো নহয়। অথচ তেওঁলোকৰ তেজক পানী কৰা পৰিশ্ৰমৰ ফলতেই গঢ়ি উঠিছিল এনে আশ্চৰ্য সভ্যতাৰ ইমাৰত। কিন্তু এনে হেন সভ্যতাৰ দশা ভাল নহ’ল। সভ্যতাটোৰ প্ৰাণশক্তি ক্ৰমান্বয়ে কমি আহিবলৈ ধৰিলে- পাণ্ডা-পুৰোহিতৰ উৎপাতে তাত অৰিহণা যোগালে। অৱশ্যে এই সভ্যতাৰ পতনকলৈ নানা মুনিৰ নানা মত, ঢেৰ বিতৰ্ক। সেইবোৰৰ মাজলৈ গ’লে আমাৰ গল্পৰ আঁত হেৰুৱাৰ ভয় আছে। গতিকে বাদ দিয়া। আচ্ছা, তুমি বেদৰ নাম শুনিছা নহয়? বেদ হ’ল আমাৰ দেশৰ আটাইতকৈ পুৰণি সাহিত্য। এই বেদ, বেদ ৰচনা কৰা আৰ্যভাষীসকলৰ আগৰ কিন্তু দেই তোমাক কৈ অহা সিন্ধু উপত্যকাৰ সভ্যতা। ধাৰণা কৰা হৈছে খ্ৰীষ্টজন্মৰ প্ৰায় ডেৰহাজাৰ বছৰ আগত এওঁলোকৰ এটা দলে হিন্দুকুশ হৈ হিমালয় পৰ্বত অতিক্ৰম কৰি ভাৰতৰ উত্তৰ পশ্চিম অঞ্চলটো দখল কৰিছিল। এওঁলোকে নিজকে আৰ্য বুলি পৰিচয় দিছিল আৰু যাক পৰাজিত কৰি দেশৰ সেই অঞ্চলটো দখল কৰিছিল তেওঁলোকক দাস বুলিছিল। ইয়াৰ পৰাই বিভিন্ন পণ্ডিতে এওঁলোকৰ নাম দিয়ে আৰ্যজাতি বুলি। কিন্তু প্ৰকৃততে আৰ্য বোলোতে কোনো জাতিক নুবুজায়, এক ধৰণৰ ভাষাক আৰ্যভাষা বোলা হয়। এই ভাষাৰ লগত পৃথিৱীৰ আৰু আন ভাষাৰ সাদৃশ্যৰ পৰা ভাষাটোক বৰং ইন্দো ইউৰোপীয় ভাষা বোলা হয়। এতিয়া বেদৰ কথালৈ আহোঁ। বেদ চাৰিখন। তাৰ ভিতৰত প্ৰথম আৰু সৰ্বোত্তম হ’ল ঋকবেদ। বহুদিন ধৰি বহু কবিৰ নানান ৰচনাৰ সংকলন হ’ল ঋকবেদ। ঋকবেদৰ বহু পিছত একধৰণৰ আইনৰ কিতাপ লিখা হ’ল। তাৰ নাম ধৰ্মশাস্ত্ৰ। বেদৰ দোহাই দিয়ে লিখা, কিন্তু ঋকবেদৰ লগত কোনো সম্পৰ্ক বিচাৰি পোৱা টান। যি নহওক, এই আইনৰ কিতাপবোৰ অনুসৰি সমাজত মুঠতে চাৰিপ্ৰকাৰ মানুহ থাকিব। চাৰিপ্ৰকাৰ মানে চাৰি বৰ্ণৰ। যেনে- (এক) ক্ষত্ৰিয় বা ৰজা-মহাৰজা- এওঁলোক যুদ্ধ কৰিব, লুটপাত কৰিব, আনৰ সম্পদ কাঢ়ি আনিব। (দুই) ব্ৰাহ্মণ- এওঁলোকে যাগযজ্ঞ কৰিব আৰু তাৰ বাবে শকত পৰিমাণৰ দক্ষিণাৰে নিজৰ ভঁৰাল ভৰাব। (তিনি) বৈশ্য- এওঁলোকে খেতিবাতি আৰু ব্যৱসায় বাণিজ্য কৰি যিমান পাৰে উপাৰ্জন কৰিব। এই তিনি প্ৰকাৰৰ মানুহ হ’ল উচ্চ জাতিৰ বা উচ্চ বৰ্ণৰ। (চাৰি) শূদ্ৰ- এওঁলোক একেবাৰে নিম্ন স্তৰৰ। এওঁলোকৰ কাম হ’ল শ্ৰম কৰা, মাথোঁ শ্ৰম। আইনকৰ্তাসকলৰ আদেশ-ধন অৰ্জনৰ বাবে সক্ষম হ’লেও শূদ্ৰই সেই কাম কৰিব নোৱাৰে। বিভাজনৰ মতবাদ বা নীতিটো আৰু অধিক মজবুত কৰাৰ আশাৰে আমাৰ দেশৰ নামজ্বলা দাৰ্শনিক শংকৰাচাৰ্যই কৈছে – শোকৰ পৰা শূদ্ৰ শব্দৰ উৎপত্তি। অৰ্থাৎ চকুপানীয়েই শূদ্ৰৰ একমাত্ৰ সম্বল, একমাত্ৰ প্ৰাপ্য!
আন এগৰাকী বিখ্যাত আইনকৰ্তা মনুৱে কৈ গৈছে যে উচ্চ বৰ্ণৰ মানুহৰ দাসত্ব কৰাৰ বাহিৰে শূদ্ৰৰ আৰু একো অধিকাৰ থাকিব নোৱাৰে। কিয়নো স্বয়ং ভগৱানে কেৱলমাত্ৰ দাসত্ব কৰাৰ বাবেই এই অৰ্ধমানৱ, অৰ্ধজানোৱাৰবোৰ স্ৰজন কৰিছে।
এয়াই হ’ল আমাৰ শাস্ত্ৰৰ আদৰ্শ সমাজ। আধুনিক সমাজত এনেকুৱা বৰ্ণ বিভাজন, বিদ্বেষ মানি ল’ব পৰা কথা নে? উত্তৰটো নিৰ্ভৰ কৰিছে তোমাৰ ওপৰত, মোৰ ওপৰত, আমাৰ সকলোৰে ওপৰত। মানুহৰ গল্প কেৱল শুনাৰ কথা নহয়; সৃষ্টিৰ কথাও।”
দেবীপ্ৰসাদ ক্ষন্তেক ৰৈ ৰুণুলৈ চালে। অকণমানি হ’লেও তাই যেন বহুত কথাই বুজি পাবলৈ সক্ষম হৈছে; তাইলৈ চাই দেবীপ্ৰসাদৰ তেনেকুৱাই লাগিল।
(বাইছ)
“এইবাৰ তোমাক মই গ্ৰীক আৰু ৰোমান সভ্যতাৰ কথা কম। প্ৰথমে গ্ৰীকসকলৰ কথাই শুনা। গ্ৰীকসকলৰ কীৰ্তিৰ কথা কৈ অন্ত কৰিব নোৱাৰি। যুদ্ধই কোৱা, ৰাজনীতিৰ কথাই কোৱা নাইবা শিলৰ বুকুত অপৰূপ মূৰ্তি গঢ়াৰ কৌশলৰ কথা, সাহিত্যৰ কথা, দৰ্শনৰ কথা, বিজ্ঞানৰ কথা- সকলোতে তেওঁলোকৰ সমকক্ষ বিচাৰি পোৱা টান। তেওঁলোকে ৰচনা কৰা নাটক, কবিতা পুথি পঢ়ি আজিৰ মানুহো মুগ্ধ। জ্ঞান-বিজ্ঞানৰ চৰ্চা আজিৰ মানুহৰ বাবেও অবাক হ’বলগীয়া। যুদ্ধত তেওঁলোকক কোনেও পৰাভূত কৰিব নোৱাৰিছিল। আটাইতকৈ ডাঙৰ কথা, গ্ৰীকসকলেই প্ৰথমে দেখুৱাই দিছিল কেনেকৈ ৰজা নোহোৱাকৈ ৰাজত্ব কৰিব পাৰি। গ্ৰীচৰ সৰু সৰু খবৰবোৰ কেনেদৰে শাসন কৰা হৈছিল থাকিব শুনিলে অবাক হৈ যাবা। চহৰৰ সকলো বাসিন্দা লগ লাগিছিল এখন পথাৰত বা বজাৰৰ ওচৰে পাজৰে। তাত সকলোৱে মিলি সিদ্ধান্ত কৰিছিল কেনেকৈ চলিব চহৰৰ শাসন। সৰ্বসাধাৰণ ৰাইজৰ মতামত লৈ দেশৰ শাসন কাৰ্য পৰিচালনা কৰাকে গণতন্ত্ৰ বোলে। গ্ৰীচৰ সৰু সৰু চহৰবোৰতেই পৃথিৱীৰ ইতিহাসত প্ৰথম গণতন্ত্ৰৰ পৰিচয় পোৱা যায়। এটা কথা মন কৰিবা, আমি আগতে কৈ অহা নীল নদীৰ পাৰৰ সভ্যতা, সিন্ধু আৰু গংগা নদীৰ পাৰত সভ্যতা গঢ়িবলৈ যিমান পৰিশ্ৰমৰ দৰকাৰ হৈছিল তাতোকৈ বহু বেছি পৰিশ্ৰমৰ প্ৰয়োজন হৈছিল গ্ৰীক সভ্যতা গঢ়ি উঠিবলৈ কাৰণ এই দেশৰ মাটি আছিল ৰুক্ষ, তেনেই অনুৰ্বৰ। চাৰিওফালে পাহাৰ, শিল আৰু কঠিন মাটি। কিন্তু তাৰ পাছতো যি অপৰিসীম সংগ্ৰাম আৰু শ্ৰম, সৃষ্টিশীলতাৰ গুণত সকলো ক্ষেত্ৰতে তেওঁলোকে যি চমকপ্ৰদ উন্নতি সম্ভব কৰি তুলিব পাৰিছিল, সঁচাই অবাক হ’বলগীয়া, শ্ৰদ্ধাৰে মনত ৰাখিবলগীয়া। কিন্তু লগে লগে আন এটা কথাও পাহৰিলে নচলিব। সেইটো হ’ল একপ্ৰকাৰ ক্ৰীতদাসৰ কংকালৰে গঢ়া হৈছিল এনে সমৃদ্ধ, অপৰূপ আশ্চৰ্য সভ্যতাৰ ভেঁটি। গ্ৰীকসকলৰ মতে মানুহ দুবিধ- প্ৰথমবিধ স্বাধীন গ্ৰীক অৰ্থাৎ তেওঁলোক আৰু আনবিধ ক্ৰীতদাস। গ্ৰীকসকলৰ এজন বৰ ডাঙৰ পণ্ডিত, নাম এৰিষ্ট’টল। তেওঁ কৈছিল যে ক্ৰীতদাসৰ জন্মই হৈছে গেবাৰী খাটিবলৈ, মুখ বন্ধ কৰি পৰিশ্ৰম কৰিবলৈ। গ্ৰীক সভ্যতাৰ আগলৈ আন ক’তো এনেকৈ ক্ৰীতদাসসকলৰ ওপৰতে শ্ৰম কৰাৰ সকলো দায়িত্ব জাপি দিয়াৰ ব্যৱস্থা কৰা হোৱা নাছিল। ক্ৰীতদাসৰ ওপৰতে সমস্ত শ্ৰমৰ দায়িত্ব জাপি দি সৃষ্টিশীল কামত মন দিবলৈ তেওঁলোকে অফুৰন্ত সময় উলিয়াই লৈছিল। আমাৰ দেশৰ শূদ্ৰসকলৰ অৱস্থাও ঠিক এনেকুৱাই আছিল। গ্ৰীক সভ্যতা যদি তুমি এটি চকু মাৰি ধৰা উজ্জ্বল পোহৰৰ শলিতাৰ লগত তুলনা কৰা, তেন্তে সেই শলিতা জ্বলাই ৰাখিবলৈ প্ৰয়োজন হোৱা তেল আছিল লক্ষ লক্ষ ক্ৰীতদাসৰ জীৱন। ক্ৰীতদাসৰ জীৱন তিলে তিলে ক্ষয় হয়, নিঃশেষ হয়, তাৰ বিনিময়ত উজলি উঠে গ্ৰীক সভ্যতাৰ এনে উজ্জ্বল চকু চাট মৰা পোহৰ। কিন্তু ইমান বিশাল সংখ্যক ক্ৰীতদাস তেওঁলোকে যোগাৰ কৰিছিল কেনেকৈ, ক’ৰপৰা? যুদ্ধ কৰি। প্ৰবল পৰাক্ৰমেৰে যুদ্ধত হৰুৱাই পৰাজিত পক্ষক সিহঁতে ধৰি-বান্ধি আনি ক্ৰীতদাস হিচাবে কামত লগাইছিল।
আগতেই তোমাক কৈ আহিছোঁ, এই গ্ৰীক সভ্যতাই মানুহৰ ইতিহাসত যি অপৰূপ ঐশ্বৰ্যৰ অৱদান আগবঢ়াইছে তাৰ তুলনা সঁচাই বিৰল। বিজ্ঞান, সাহিত্য, দৰ্শন, শিল্প, ৰাজনীতি, বাণিজ্য সকলোতে চমক লগোৱা অৱদান। লগতে আন এটাও সত্য- এই সভ্যতাৰ ভেঁটি আছিল ক্ৰীতদাসৰ ওপৰত নিৰ্মম শোষণ। এই কথা পাহৰি যোৱা যেনেদৰে ভুল, ঠিক তেনেদৰে ভুল হৈ যাব যদি সেই কথাখিনিকে- অৰ্থাৎ ক্ৰীতদাসৰ ওপৰত শোষণৰ কথাকেই মনত ৰখা হয় আৰু গ্ৰীক সভ্যতাৰ অনবদ্য অৱদানৰ কথা পাহৰি যোৱা হয়। আৰু এটা কথা সদায় মনত ৰাখিবা- আজিৰ মানুহ যে ইমান ঐশ্বৰ্যৰ অধিকাৰী হৈছে, সেয়া ৰাতাৰাতি সম্ভৱ হৈ উঠা নাই। তাৰ বাবে আগবাঢ়িব লগা হৈছে খোপে খোপে, নানা দুখ আৰু নানা হাঁহাঁকাৰৰ অন্ধকাৰ ঠেলি ঠেলি। ইয়াৰ বাহিৰে আগবাঢ়ি যোৱাৰ অন্য পথ নাই, সম্ভৱ নহয়।
ঠিক আছে। ইয়াৰ পাছত তোমাক মই কম আন এক চমক লগোৱা সভ্যতাৰ কথা। এতিয়া অকণমান ৰৈ লওঁ। তুমি এপাক ভিতৰৰ পৰা আহাঁ গৈ যোৱা।” ৰুণুলৈ চাই দেবীপ্ৰসাদে ক’লে।
(তেইছ)
“ক্ৰীতদাসসকলে কেৱল শ্ৰম কৰিব কিন্তু ভালকৈ খাবলৈ, পিন্ধিবলৈ নাপাব আৰু যিয়ে একো নকৰিব কেৱল মাত্ৰ আনৰ শ্ৰম লুট কৰি আৰামেৰে, আনন্দ-বিলাসেৰে জীৱন কটাব, এনে কথাৰো যুক্তি আছে নে? এনে কথাও উচিত নে? যুক্তি আছে বোলে, এয়া উচিত কথাই বোলে ৰোম নগৰৰ এজন মহাপণ্ডিতৰ মতে। তেওঁৰ যুক্তি হ’ল, মানুহৰ সমাজখন ঠিক মানুহৰ শৰীৰটোৰ দৰে। এই শৰীৰত হাত আছে আৰু পেট নামৰ বস্তু এটাও আছে। হাত দুখনে গোটেই দিন পৰিশ্ৰম কৰে তথাপিও খাওঁ খাওঁ নকৰে। পেটে অলপো পৰিশ্ৰম নকৰে অথচ সকলো বস্তুতো তাৰ কাৰণেই। মানুহৰ সমাজৰ ক্ষেত্ৰতো এনে হ’ব লাগে। কিছুমানে কেৱল শ্ৰম কৰিব, গেবাৰী খাটিব কিন্তু খাওঁ খাওঁ নকৰিব। কিছুমানে অকণমানো শ্ৰম নকৰিব কিন্তু কেৱল ভোগ কৰিব। এনে ব্যৱস্থাত কোনেও মূৰ গৰম কৰা নচলিব। মানুহৰ শৰীৰৰ হাত দুখনে কেতিয়াবা ঠেহ পাতে নেকি? কেতিয়াবা কয় নে, “সকলোখিনি যেতিয়া পেটেই খায়, আমি খাটি মৰোঁ কিয়?” শুনিলা এতিয়া, কি মজাৰ যুক্তি! এনেকুৱাই ডাঙৰ ডাঙৰ মানুহৰ লগত সম্বন্ধ থকা মহাপণ্ডিতসকলৰ কথা, তেওঁলোকৰ যুক্তি! তোমাক আগতে কৈ আহিছোঁ নহয়, এওঁলোকৰ কিছু কথা, এনে যুক্তিৰ আঁৰত থকা উদ্দেশ্যৰ কথা। বাৰু, এতিয়া তোমাক মই কম ৰোমান সভ্যতাৰ কথা। ৰোমানসকলৰ ভিতৰুৱা কথাটো সেই গ্ৰীকসকলৰ দৰেই। কিন্তু ৰোমানসকল আছিল আৰু এখোপ চৰা, বহুত বেছি অত্যাচাৰী। গ্ৰীকসকলে ক্ৰীতদাসসকলক শ্ৰম কৰিবলৈ লগাই আমোদ-প্ৰমোদ কৰাৰ উপৰিও সৃষ্টিশীল কামত নিজকে নিয়োজিত কৰিছিল, কিন্তু ৰোমানসকলে কেতিয়াবা উপভোগ কৰিছিল সিংহৰ গঁড়ালত ক্ৰীতদাস নিক্ষেপ কৰি সিংহই কেনেকৈ ক্ৰীতদাসৰ শৰীৰ নেফানেফ কৰি পেলায় তাৰ দৃশ্য! কি নৃশংসতা! গ্ৰীকসকলে তেওঁলোকৰ স্বাৰ্থতে ক্ৰীতদাসক লিখা-পঢ়াও শিকাইছিল যাতে ঘৰৰ ল’ৰা-ছোৱালীক পঢ়োৱাৰ কামত বহুক্ষেত্ৰত সিহঁতকো লগাব পৰা যায়। কিন্তু ৰোমানসকলে অষ্টপ্ৰহৰ শিকলিৰে বান্ধি ৰাখি চাবুকেৰে কোবাই কেৱল কাম কৰোৱাইছিল। এইদৰে অত্যাচাৰ কম-বেছি আছিল যদিও উদ্দেশ্য, ধৰণ-কৰণ একেই আছিল। কিয়নো দাস প্ৰথাৰ ফালৰ পৰা দুয়ো সভ্যতা একে। সেই গৰু-ভেৰা, নাঙল-যুঁৱলিৰ দৰে মানুহৰ কিনা-বেচা, নগদ ধনেৰে কিনা মানুহৰ কান্ধত শ্ৰমৰ বোজা জাপি দিয়া। গ্ৰীক সভ্যতাৰ ভিতৰখন যেনে, ৰোমান সভ্যতাৰো ভিতৰখন তেনে। তাৰ মাজতো পাৰ্থক্য আছিল এটাই- ক্ৰীতদাসসকলৰ কান্ধত শ্ৰমৰ সৰ্বদায়িত্ব দি গ্ৰীকসকলে মন দিছিল শিল্প, সাহিত্য, দৰ্শন আৰু বিজ্ঞানৰ দিশত। কিন্তু ৰোমানসকলে মন দিছিল কেৱল লুটপাত, ডকাইতি কৰাত, ক্ৰীতদাসৰ ওপৰত অত্যাচাৰ কৰাত। আৰু এই বাবেই প্ৰবল প্ৰতাপী ৰোমানৰ দৰ্প চূৰ্ণ হৈছিল, ৰোমানসকলৰ সভ্যতাৰ পতন, ৰোমৰ পতন নিশ্চিত হৈছিল। দাস প্ৰথাও অচল হ’বলৈ আৰম্ভ কৰিছিল। লাহে লাহে দেখা গৈছিল যে ক্ৰীতদাসৰ দাম যিমানেই কমি নাহক কিয়, সামান্য দাম দি হাজাৰ হাজাৰ ক্ৰীতদাস কিনিও মালিকসকলৰ আৰু তেনে লাভ নোহোৱা হৈছে। নিৰ্মম অত্যাচাৰ সহ্য কৰি কৰি দাসহঁতৰো কামৰ গতি তেনেই কমি আহিবলৈ ধৰিলে; কোব খাই যিমানখিনি নকৰিলে নহয়, ঠিক সিমানখিনিয়েই। তাৰ উপৰি লাহে লাহে সিহঁতেও ঐক্যবদ্ধ হৈ প্ৰতিবাদ কৰিবলৈ ধৰিলে, কিমাননো আৰু সহ্য কৰি থাকিব! সিহঁতে যেতিয়া ফেপেৰি পাতি উঠে, দমন কৰিবলৈ বেছি সংখ্যক চিপাহী-চন্তৰীৰো প্ৰয়োজন হ’ব ধৰিলে। সেইসকলৰ ভৰণ-পোষণৰ বাবেও খৰচ বাঢ়ি যাব ধৰিলে। ক্ৰীতদাস শাসন কৰাৰ নামত এইদৰে খৰচ বাঢ়ি গ’ল, আনহাতে লাভো নোহোৱা হ’ল।
এনেদৰে দাস প্ৰথা অচল হ’ল, ৰোমান সভ্যতাৰো পতন নিশ্চিত হ’ল। শেষ হ’ল ৰোমৰ দম্ভ, সেয়া খ্ৰীষ্টজন্মৰ পাঁচশ বছৰ পিছৰ কথা। তাৰ পাছত কি আৰম্ভ হ’ল, তোমাক কম বাৰু অলপ পাছত।” ৰুণুৱে আমনি পাইছে নেকি শুনি, দেবীপ্ৰসাদে এনেয়ে এবাৰ সুধি চালে তাইক। নাই, তাইৰ বোলে অকণমানো আমনি লগা নাই৷
(চৌবিছ)
“দাস প্ৰথা অচল হৈ অহাৰ কাৰণটো তোমাক ক’লো নহয়- আচলতে মালিকৰ, ডাঙৰ মানুহৰ য’ত লাভ, যেনেকৈ লাভ, তেনেকৈয়ে চলোৱা হ’ব সকলো ব্যৱস্থা- সেইটোৱেই নিয়ম। গতিকে এইবাৰ এটা নতুন ব্যৱস্থাৰ কথা ভবা হ’ল। ব্যৱস্থাটোৰ মতে একোটা অঞ্চলৰ ডাঙৰ ডাঙৰ খেতিপথাৰবোৰ ভাগ ভাগ কৰি বেলেগ বেলেগ কৃষকক বহুৱাই দিয়া হ’ল মালিকৰ বাবে বহুখিনি অংশ আছুতীয়াকৈ ৰাখি থৈ। এতিয়া চুক্তিটো হ’ল, বছৰটোৰ আধা সময় মালিকৰ মাটিত শ্ৰম কৰি ফচল উৎপাদন কৰি দিব লাগিব আৰু বিনিময়ত নিজৰ ভাগত পৰা মাটিখিনিৰ ফচলৰ গৰাকী হ’ব পাৰিব। কিন্তু সেইবুলি কৃষকসকল যে সম্পূৰ্ণ স্বাধীন হ’ল এনে নহয়, প্ৰভুৰ আজ্ঞা অবিহনে কৃষকৰ এটা খোজ দিয়াৰো অধিকাৰ নাই। মাটিৰ লগত যেন সিহঁতক শিকলিৰে বান্ধি ৰখাৰ ব্যৱস্থা। সেইকাৰণে সিহঁতৰ নাম হ’ল ভূমিদাস, ইংৰাজীত কোৱা হয় চাৰ্ফ। এফালে চাৰ্ফ যাৰ ওপৰত শ্ৰমৰ সম্পূৰ্ণ দায়িত্ব। আনফালে ডাঙৰ মানুহ, মালিক। মালিকবোৰৰ মাজত সম্পদৰ গৰাকী অনুপাতে ডাঙৰ-সৰু ভাগ ভাগ। সকলোৰে ওপৰত দেশৰ মহাৰজা। তাৰ পিছত ৰজা। ৰজাৰ তলত জমিদাৰ, জায়গিৰদাৰ ইত্যাদি। ইংৰাজীত এওঁলোকৰ বিভিন্ন ধৰণৰ নাম- আৰ্ল, কাউণ্ট, ব্যাৰণ। দাস প্ৰথাৰ পিছত ইউৰোপত এই যি নতুন ধৰণৰ ব্যৱস্থা গঢ়ি উঠিল তাৰ নাম দিয়া হ’ল সামন্ত প্ৰথা।
শোষকসকলৰ মাজত সৰু-ডাঙৰ মালিক, ৰজা-মহাৰজাৰ উপৰিও আছিল পাণ্ডা-পুৰোহিত। তেতিয়াৰ গীৰ্জাবোৰ আছিল তেওঁলোকৰ ঘাটি। তেওঁলোকৰ মাজতো আছে ডাঙৰ-সৰু ভাগ ভাগ দক্ষিণা অনুযায়ী। সকলোৰে ওপৰত থকা জনৰ নাম পোপ। তেওঁৰ সম্পত্তি অপাৰ, অগাধ প্ৰতিপত্তি। পাণ্ডা-পুৰোহিতৰ আচল কাম আছিল দেশৰ মানুহক অজ্ঞান আন্ধাৰত নিমজ্জিত কৰি ৰখা যাতে সিহঁতে মূৰ তুলি থিয় দিব নোৱাৰে, যাতে সদায় অৱদমিত হৈ থাকে- তাৰ ব্যৱস্থা কৰা। সেই কাৰণে, সকলো বিদ্যা-চৰ্চাৰ ওপৰত গীৰ্জাৰ কৰ্তাসকলৰ সতৰ্ক দৃষ্টি। তেওঁলোকে প্ৰস্তুত কৰা ধৰ্মপুথিত যি লিখা থাকে তাৰ বাহিৰে কোনেও এটা কথা কোৱাৰো অধিকাৰ নাই। ক’লেই নাস্তিক বুলি, ডাইনী বুলি পুৰি মাৰাৰ ভয়। দাস প্ৰথাৰ ভিত্তি যেনেকৈ ক্ৰীতদাসৰ শ্ৰম, তেনেকৈ সামন্ত প্ৰথাৰ ভিত্তি হ’ল ভূমিদাসৰ শ্ৰম। পিছলৈ যাতে ভূমিদাসবোৰে বিদ্ৰোহ কৰিব নোৱাৰে তাৰ বাবে নানাবিধ আইন-কানুনৰ ব্যৱস্থা। এইবোৰ তদাৰক কৰিবলৈ পাইক-পিয়াদাৰ দৰ্কাৰ। এই পাইক-পিয়াদাবোৰৰ চৰ্দাৰ আছে। আচলতে এইবোৰ চৰ্দাৰ আছিল সৰু-সুৰা ডকাইতৰ চৰ্দাৰ। সিহঁতে হাতত বল্লম লৈ বৰ্মা পৰিবেষ্টিত হৈ ঘোঁৰাত উঠি ঘূৰি ফুৰে। ইহঁতৰ অত্যাচাৰৰ সীমা নাই। ডাঙৰ মানুহবোৰে সিহঁতক খাতিৰ কৰি, লুটপাতৰ একো একোটা অংশ দি স-সন্মানে ৰাজসভালৈ আমন্ত্ৰণ কৰি নাম দিলে ‘নাইট’, বীৰপুৰুষ! ৰাতিপুৱা সিহঁতে যীশুখ্ৰীষ্টৰ নামত আঁঠুলৈ শপত খাই কয় যে আৰ্তজনক ত্ৰাণ কৰাই আমাৰ জীৱনৰ ব্ৰত। আৰু তাৰ পাছত চৰম অত্যাচাৰৰ ধ্বজা উৰুৱাই ঘোঁৰাৰ খুৰাৰ খটখটনিৰে গোটেই দেশখন কঁপাই তোলে। গতিকে বীৰ পুৰুষ নহয় নো কি! এওঁলোকৰ বীৰত্বক লৈ কত কেঁচুৱা নিচুকোৱা ৰঙীন কাহিনী, কিমান যে গল্প! কিমান যে গল্প বিশাল বিশাল শিলৰ দুৰ্গত বহি কেৱল আমোদ-প্ৰমোদত মত্ত জমিদাৰ সকলক লৈ! কিন্তু এই সকলোবোৰ শুনি এটা কথা পাহৰিলে নচলিব সামন্ত যুগৰ সকলো ঐশ্বৰ্যৰ আঁৰত আছিল ভূমিদাসসকলৰ কঠোৰ শ্ৰম। অথচ তেওঁলোকৰ ভাগত সীমাহীন অভাৱ-অনাটনৰ বাহিৰে আন একো নাছিল।
এতিয়ালৈ এইখিনিতেই থওঁ দিয়া। অলপ পাছতে আকৌ আৰম্ভ কৰিম।” ৰুণু লৈ চাই দেবীপ্ৰসাদে ক’লে।
(পঁচিছ)
দেবীপ্ৰসাদে আগত এৰি অহা কথাখিনিৰ পৰা ৰুণুলৈ চাই আৰম্ভ কৰিলে, “খেতি পথাৰত ভুমিদাসৰ দল। শিলৰ দুৰ্গৰ ভিতৰত ৰজা জমিদাৰ। গীৰ্জাত পুৰোহিত পাদ্ৰী। আৰু সেই বীৰপুৰুষসকলৰ হাতত বল্লম। হাজাৰ হাজাৰ বছৰ ধৰি ইউৰোপত সভ্যতাৰ স্বৰূপ আছিল এনে ধৰণৰ। তাৰ পাছত যেন পথৰ পৰিৱৰ্তন হ’ল। সভ্যতাৰ পথ পৰিৱৰ্তন, গাঁও এৰি চহৰৰ ফালে আগবাঢ়ি আহিল। মেলা বহিল, বস্তু বেচা-কিনা আৰম্ভ হ’ল, সামন্ত যুগত অকল কৃষি-কৰ্মত নিয়োজিত শ্ৰম লাহে লাহে কুটিৰ শিল্পত নিয়োজিত হ’বলৈ আৰম্ভ কৰিলে। তাঁতি-মুচি, মিস্ত্ৰী, খনিকৰ, কুমাৰ-কমাৰ- এনে নানা ধৰণৰ কাৰিকৰ। কৃষক আৰু কাৰিকৰৰ মাজত পাৰ্থক্য চকুত পৰা হৈ পৰিল। কাৰিকৰ বুলি পৃথক শ্ৰেণী এটা যিমানেই স্পষ্ট হৈ ওলাব ধৰিলে সিমানে জকমকাই উঠিব ধৰিলে হাট-বজাৰবোৰ। কোনো এটা বস্তু যদি নিজৰ ব্যৱহাৰৰ বাবে উৎপাদন নকৰি বজাৰত বিক্ৰীৰ বাবে কৰা হয় তেতিয়া সেই বস্তুটোক কোৱা হয় ‘পণ্য’। সেই উৎপাদনৰ দায়িত্ব লোৱা কাৰিকৰসকলৰ কাম বাঢ়ি যোৱা মানেই হাট বজাৰবোৰ জকমকাই উঠা; কিয়নো পণ্য বিক্ৰী হয় বজাৰতহে। বেচা-কিনাৰ কামৰ বাবে আহিল ব্যৱসায়ী। লাহে লাহে ব্যৱসায় ভাল হৈ অহাৰ লগে লগে, লাভ বেছি হৈ অহাৰ লগে লগে ব্যৱসায়ীৰ আৰ্থিক অৱস্থা আৰু প্ৰতিপত্তিও বাঢ়ি যাবলৈ ধৰিলে। সামন্ত যুগত পাণ্ডা-পাদ্ৰীৰ উৎসাহত একধৰণৰ যুদ্ধ-যাত্ৰাৰ ৰীতি আৰম্ভ হৈছিল। সেইবোৰক সিহঁতে নাম দিছিল ‘ধৰ্মযুদ্ধ’ বা ‘ক্ৰুচেড’। নামত আছিল ধৰ্ম যুদ্ধ, কিন্তু উদ্দেশ্য আছিল বেলেগ। আচলতে ধন ৰত্ন লুটপাত কৰাৰ উদ্দেশ্যে এই যুদ্ধৰ আয়োজন। কিন্তু মানুহক উত্তেজিত কৰাবৰ বাবে ধৰ্মৰ নাম লোৱা হৈছিল। ধৰ্ম যুদ্ধৰ নামত আমীৰ বাদশাহসকলৰ দেশবোৰলৈ গৈ তাৰ পৰা নানাবিধ চৌখিন বস্তু, আতৰ, বিভিন্ন মচলাৰ পৰা হীৰা মুকুতা আনি সেইবোৰ ইউৰোপৰ দেশসমূহত বেছি দামত বিক্ৰী কৰিব পাৰিলে বেপাৰীৰ বৰ লাভ। সেই লাহ-বিলাহৰ বস্তুবোৰ কিনিবলৈ জমিদাৰবোৰৰ নগদ ধনৰ দৰকাৰ হ’ল। ব্যৱস্থা হ’ল, কৃষকৰ মাজত খেতি মাটিবোৰ ভগাই দিয়া হ’ব, সিহঁতে খেতি কৰিব, শস্য বিক্ৰী কৰিব আৰু জমিদাৰক খাজনা দিব নগদ ধনত। কিনা-বেচাৰ প্ৰচলন বাঢ়িল। বেপাৰীৰ চাৰিওফালৰ পৰাই লাভ। কৃষকৰ পৰা সস্তাতে বস্তু কিনি বেছি দামত বিক্ৰী কৰা লাভ, কৃষকক দিয়া ধন আকৌ জমিদাৰৰ হাত হৈ বেপাৰীৰ হাতলৈকে আহে। নগদ টকা সুত হিচাপে দিয়া কাৰবাৰটোও আছে। নগদ ধন সুতত ধাৰলৈ লয় জমিদাৰে। কিন্তু বিলাসিতা কৰাৰ নামত লোৱা ঋণৰ বোজা পৰিশোধ কৰিব নোৱৰা অৱস্থা হোৱাত জমিদাৰে কিছুমান কৃষকৰ হাতৰ পৰা খেতি মাটি কাঢ়ি ল’বলৈও আৰম্ভ কৰিলে। তেওঁলোকে দেখিলে যে খেতি পথাৰত কৃষক বহুৱাই খেতি কৰিবলৈ দিয়াতকৈ শ্ৰমিক নিয়োগ কৰি ভেড়া পালন কৰিলে নগদ লাভ বেছি হয়। লাহে লাহে দেখা গ’ল যে খেতি পথাৰবোৰৰ এক বিশাল অংশ ৰূপান্তৰিত হ’ল ভেড়া চৰোৱা পথাৰলৈ। আৱিৰ্ভাব হ’ল সৰ্বহাৰা মানুহৰ শ্ৰেণী। আগেয়ে আছিল সিহঁত কৃষক, অলপ হ’লেও এটুকুৰা মাটিৰ গৰাকী আছিল, কিন্তু মাটিটুকুৰা হাতৰ পৰা যোৱাৰ পাছত ভেড়া চৰোৱা, কিবাকিবি কাৰখানাত দিন মজুৰি কৰাৰ বাহিৰে উপায় নাথাকিল। ব্যৱসায়ীৰ ব্যৱসায় কিন্তু দিনক দিনে বাঢ়ি গৈ থাকিল, জমা হৈ গৈ থাকিল বিশাল পৰিমাণৰ ধন। ব্যৱসায় বিস্তাৰৰ বাবে ন ন অঞ্চল আৱিষ্কাৰৰ আশাত নাবিকবোৰক উৎসাহিত কৰিবলৈ ধৰিলে। কলম্বাচে আৱিষ্কাৰ কৰিলে আমেৰিকালৈ যোৱাৰ পথ, ভাস্কো-দা-গামাই ভাৰতবৰ্ষলৈ অহাৰ পথ। ব্যৱসায়-বাণিজ্য ৰমৰমীয়াকৈ বাঢ়িব ধৰিলে। তেওঁলোকৰ ব্যৱসায়ৰ স্বাৰ্থত দেশত বস্তু উৎপাদনৰ ব্যৱস্থা সলনি হ’ল, উৎপাদনৰ দায়িত্ব ভাগ ভাগ কৰি দিয়া হ’ল, উৎপাদন খৰতকীয়া কৰিবলৈ প্ৰয়োজনীয় শ্ৰমিক সহজে যোগাৰ কৰিব পৰাৰ ব্যৱস্থা হ’ল। হাতিয়াৰ আৰু যন্ত্ৰপাতি দিনে দিনে ন ন চিন্তাৰে উন্নত কৰাৰ চেষ্টা চলিল। তাৰ পাছত আৰু ঢেৰ কিবাকিবি সলনি হ’ল। চহৰে নগৰে বিশাল বিশাল কাৰখানা গঢ়ি উঠিল, চিমনিৰ ক’লা ধোঁৱাই ছানি ধৰিবলৈ ল’লে নীলা আকাশ, কাৰখানাৰ চাইৰেণৰ বিকট চিঞৰত কঁপি উঠে শেষ ৰজনী আৰু সেই যে সাধুকথাৰ ভয়ানক ভয়ানক দৈত্যবোৰেও যিবোৰ কাম কৰিব নোৱাৰে, তেনেকুৱা কামবোৰ যন্ত্ৰপাতিৰ সহায়ত মানুহে অনায়াসে কৰিব পৰা হ’ল।
ঠিক আছে বাৰু। এতিয়া অকণমান জিৰণি লওঁ দেই। একাপ চাহৰ প্ৰয়োজন হৈছে।” ৰুণুলৈ চাই দেবীপ্ৰসাদে ক’লে।
(ছাবিছ)
“আচ্ছা, এই ডাঙৰ ডাঙৰ কাৰখানাবোৰ যে, এইবোৰ গঢ়িবলৈ ইমানবোৰ টকা বাৰু ব্যৱসায়ীবোৰে পালে কেনেকৈ? শুনা, তাৰবাবে টকা সংগ্ৰহৰ নতুন পন্থা উলিয়ালে তেওঁলোকে। পন্থাটোৰ নাম দেশে দেশে ডকাইতি কৰা, দস্যুগিৰি। বিভিন্ন জাতিৰ, অ’ তেতিয়ালৈ জাতিৰ ধাৰণা আহি গৈছিল দেই মানুহৰ মাজত। ইংৰাজ, ওলন্দাজ, পৰ্তুগীজ, ফৰাচী এইবোৰ জাতি। এইবোৰ জাতিৰ পৰা নামজ্বলা সদাগৰবোৰে চীনদেশত আৱিষ্কৃত বাৰুদ আনি বন্দুক-কামানত ব্যৱহাৰ কৰি ব্যৱসায় বিভিন্ন দেশত বহলোৱাৰ কামত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে য’ত যেতিয়া প্ৰয়োজন হয় তেনেকৈ। প্ৰথমে কিন্তু সদাগৰৰ বেশত বৰ মোলায়েম কৈ আহে দেই তেওঁলোক। লাহে লাহে সুযোগ-সুবিধা-পৰিবেশ-পৰিস্থিতি চব বুজি-বাজি লৈ, ক্ষমতা দখলত হাত দিয়ে য’ত যি কৌশলে কামত দিয়ে সেই কৌশল প্ৰয়োগ কৰি। আমাৰ দেশলৈ কেনেকৈ এই ইংৰাজ, ফৰাচী, ওলন্দাজ আহি বেহা-বেপাৰ কৰি ক্ষমতা দখল কৰিছিল, সেই কাহিনী তুমি নিশ্চয় জানা। কিতাপতো পাইছাই চাগৈ। তেওঁলোকৰ উদ্দেশ্য আছিল আমাৰ দেশৰ সম্পদ লুন্ঠন আৰু সেই উদ্দেশ্যত তেওঁলোকে এশ শতাংশই সফল হৈছিল।
এইদৰেই এই সম্পদ লুন্ঠন আৰু ক্ষমতা দখলৰ মাজেৰে জন্ম হ’ল বিৰাট একো একোখন চহৰ, একো একোটা প্ৰকাণ্ড কাৰখানা। পৃথিৱীখনৰ ৰূপেই ক্ষীপ্ৰ গতিত সলনি হৈ যাব ধৰিলে। কি শক্তি এই নতুন সভ্যতাৰ! এফালে বিশাল টকাৰ পুঁজি আৰু আনফালে অসংখ্য মানুহৰ যোগান। আৰু তাৰ বলতেই গঢ়ি উঠিল সেই নতুন সভ্যতা, যাৰ নাম ধনতন্ত্ৰ, যাৰ কীৰ্তি সঁচাই আশ্চৰ্যজনক, বিলাস-বৈভৱ চকুত লগা। কিন্তু তাৰ মাজত চৰম প্ৰতাৰণাৰ আন এক দিশো আছে। তথাপিও সামন্ত সভ্যতাৰ পৰা এই সভ্যতালৈ আগবাঢ়ি অহাটো যেন অন্ধকাৰৰ পৰা আলোকৰ পথত অগ্ৰসৰ হোৱা। সেয়েহে এই দিশত আগবাঢ়ি যোৱাৰ লগে লগে মানুহৰ মানসিকতাৰেই সলনি হ’ল। মানসিকতাৰ এই পৰিৱৰ্তনৰ নাম হ’ল ‘ৰেনেচাচ’। কথাটো এনে ধৰণৰ- ইয়াৰ আগৰ যুগত ধৰ্মৰ মোহে মানুহৰ মনক অন্ধ, পংগু, অকমৰ্ণ্য কৰি ৰাখিছিল। মানসিকতাৰ সলনি হোৱাৰ পাছত মানুহ যেন জাগি উঠিব বিচাৰিলে। পৰজনমৰ সুখৰ সপোন দেখি আৰু লাভ নাই। তাৰ পৰিৱৰ্তে লাগে প্ৰকৃত জ্ঞান, লাগে উন্নত শিক্ষা, লাগে বিজ্ঞান। ধৰ্ম থাকিব লাগিবই, কিন্তু তাকে অলপ শুধৰাব লাগিব। খৃষ্টান ধৰ্ম শুধৰোৱাৰ চেষ্টা চলিল। তাৰ নাম দিয়া হ’ল ‘ৰিফৰ্মেচন’। শুদ্ধিকৰণ কৰা এই খ্ৰীষ্টান ধৰ্মটো ইমান গোড়া নহয়। আগতকৈ বহু বেছি উদাৰ, বহু বেছি মুক্ত। এই সময়ছোৱাত ইউৰোপত মানুহে শিকিলে কাগজ তৈয়াৰ কৰিবলৈ, শিকিলে ছপাখানা গঢ়িবলৈ। ছপাখানা আৰু কাগজ অহাৰ ফলত দেশত লিখা-পঢ়াৰ প্ৰচাৰ বিপুলভাৱে বাঢ়ি গ’ল। দেখা দিলে বিজ্ঞানৰ প্ৰতি আগ্ৰহ। ভূগোল, পদাৰ্থবিজ্ঞান, জ্যোতিৰ্বিজ্ঞান, শৰীৰ বিজ্ঞান আৰু যে কত কি! কোপাৰ্নিকাচ, ব্ৰুনো, গ্যালিলিও, কেপলাৰ, নিউটন, বেকন, হাৰ্ভে কিমানবোৰ যে নামজ্বলা বৈজ্ঞানিকৰ জন্ম এই যুগত। অৱশ্যে পৰিৱৰ্তন সহ্য কৰিব নোৱৰা, শাসন-শোষণ একেধৰণেৰে বৰ্তাই ৰাখিব বিচৰা ৰজা, জমিদাৰ আৰু পাদ্ৰী-পুৰোহিত গোষ্ঠীয়ে মৰ কামোৰ দি বিজ্ঞানৰ এই যাত্ৰা স্তব্ধ কৰিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাছিল। ব্ৰুনোক সিহঁতে জীয়াই জীয়াই পুৰি মাৰিছিল, গ্যালিলিওকে আদি কৰি বহুতৰ ওপৰত অকথ্য নিৰ্যাতন চলাইছিল, কিন্তু ইমানবোৰ কৰিও সিহঁতে বিজ্ঞানৰ চৰ্চা, যাত্ৰা ৰুদ্ধ কৰিব নোৱাৰিলে। তাৰ কাৰণ আছিল, সেই সময়ৰ ব্যৱসায়ীসকলৰ উৎসাহ। ব্যৱসায়ী বুদ্ধিৰে সিহঁতে ঠিকেই বুজি পাইছিল যে সভ্যতা গঢ়িবলৈ, সিহঁতৰ ব্যৱসায় বঢ়াবলৈ বিজ্ঞান বৰ কামৰ বস্তু, বৰ ভাল হাতিয়াৰ। নতুন নতুন দেশ আৱিষ্কাৰ হ’ল ব্যৱসায়ৰ স্বাৰ্থতে। মানসিকতাৰ আৰু পৰিৱৰ্তন ঘটিল। নিজৰ দেশ, নিজৰ জাতিক লৈ গৰ্ববোধ, যিটোক আজি আমি জাতীয়তাবোধ নাম দিছোঁ, আৰম্ভ হ’ল। ইংৰাজে ভাবিবলৈ ল’লে, আমি ইংৰাজ, এইটোৱে আমাৰ বাবে ডাঙৰ কথা! ফৰাচীসকলৰ মনৰ ভাৱ, ফৰাচী হোৱাৰ নিচিনা গৰ্বৰ কথা আৰু একো নাই! জাৰ্মান বা আন জাতিৰ মানুহৰ মনলৈ একে ধৰণৰ কথাই আহিব ধৰিলে। সামন্ত যুগত কিন্তু এনে চিন্তা কাৰো মূৰলৈ অহা নাছিল। অহাৰ পৰিবেশ-পৰিস্থিতিও নাছিল।
ব্যৱসায়ী সদাগৰসকলৰ প্ৰতিপত্তি দিনক দিনে বাঢ়ি যাবলৈ ধৰিলে। লগে লগে বিভিন্ন দেশৰ ব্যৱসায়ী সদাগৰৰ মাজত প্ৰতিযোগিতা আৰম্ভ হ’ল। তাৰ লগত দেশ আৰু জাতিৰ গুৰুত্বৰ কথাই ঠাই পাবলৈ ল’লে। ব্যৱসায়ী সদাগৰসকলৰ মনৰ কথা হ’ল দেশৰ মানুহে নিজৰ দেশখনক আটাইতকৈ আপোন বুলি চিনিবলৈ শিকক, তেনেহ’লে নিজৰ দেশৰ ব্যৱসায় বাণিজ্য বিকশিত হৈ উঠিব। দেশ আৰু জাতি চহকী হ’ব। এইয়াই দেশপ্ৰেম। ক্ৰমান্বয়ে বিয়পিবলৈ ধৰিলে দেশপ্ৰেমৰ কথা।
বাৰু, এতিয়া লৈ ইমানতে থৈছোঁ দেই ৰুণু। তোমাৰ ভোক লগা নাই জানো? যোৱা কিবা এটা খাই আহাগৈ। “- ৰুণুৰ তিৰবিৰাই থকা মৰমলগা চকু দুটালৈ চাই দেবীপ্ৰসাদে ক’লে।
(সাতাইছ)
“ধনতন্ত্ৰৰ মহিমাৰ কথা কি ক’বা! বৰ আচৰিত এই ধনতন্ত্ৰ, ইয়াৰ যিমান কীৰ্তি তাৰ ওচৰত পুৰণি পৃথিৱীৰ সপ্তমাশ্বাৰ্যও বোধহয় ম্লান হৈ যায়! এক দিশে কিমান গৌৰৱৰ, আশ্চৰ্যৰ এক সভ্যতা অথচ আন এক দিশে আছে কৰুণ পৰাজয়ৰ কাহিনী, নিৰ্মম হাঁহাঁকাৰৰ ছবি।পৃথিৱীক মানুহে ইমানখিনি জয় কৰিলে, ইমান সম্পদ আহৰণ কৰিলে পৃথিৱীৰ বুকুৰ পৰাই, তথাপিও মানুহৰ কপালৰ পৰা দুখ আৰু দাৰিদ্ৰৰ ছবি মচা নগ’ল! বেছিভাগ মানুহেই এই ঐশ্বৰ্য-বিভূতি, সম্পদৰ সামান্যতম অংশীদাৰ হোৱাটো দূৰৈৰ কথা, কাৰোবাৰ হয়তো যেনে-তেনে খাই-বৈ থাকিব পৰা অৱস্থা, আন বহুতৰেই আকৌ সেই সামৰ্থ্যও নাই, সেইকণৰো অভাৱ!দুবেলা-দুমুঠি পেট ভৰাই খাবলৈ নুজুৰে, পিন্ধিবলৈ নাপায় এযোৰা ভাল কাপোৰ, মূৰ গুজিবলৈ এটি ঘৰ। এনেই তোমাৰ এইবোৰ কথা আচহুৱা যেন লাগিব পাৰে, কিন্তু ধনতন্ত্ৰৰ বাবে একো আচহুৱা কথা নহয়, এয়া তেনেই স্বাভাৱিক। কিয় জানানে? কাৰণ ইয়াত লাভ বা মুনাফাটোহে ডাঙৰ কথা, সাধাৰণ মানুহৰ চিন্তা ইয়াত নচলে। সাধাৰণ মানুহ, যিসকলে শ্ৰম কৰি উৎপাদন কৰে, তেওঁলোক এই উৎপাদনৰ উপায়বোৰৰ গৰাকী নহয়। ডাঙৰ কাৰখানা এটাৰ কথা ভাবা। ইয়াত যিসকলে শ্ৰম কৰে, তেওঁলোক ইয়াৰ গৰাকী নহয়। তেওঁলোক হ’ল দিন মজুৰি কৰা। তাৰ বিনিময়ত এক নিৰ্দিষ্ট হাৰত মজুৰি পায়। গৰাকী হ’ল এজন বা দুই তিনিজন একেলগে মিলি। এতিয়া এই মালিক বা মালিকসকলৰ একমাত্ৰ উদ্দেশ্য হ’ল লাভ উপাৰ্জন। কাৰখানাত উৎপাদনৰ বাবে খেতিয়কৰ পৰা কেঁচামাল তেওঁলোকে যিমানে কম দামত কিনিব পাৰিব আৰু মজদুৰক যিমানে কম মজুৰি দিব, সিমানেই মালিকৰ লাভ। তাৰ ফলত শ্ৰম কৰা দেশৰ সৰহ সংখ্যক মানুহ গৰীৱ হৈ থাকিবলৈ বাধ্য। আনহাতে তেওঁলোকৰ কৌশলেই হ’ল বজাৰৰ চাহিদা অনুযায়ী সামগ্ৰী উৎপাদন কৰা, মুনাফাৰ প্ৰয়োজনত উৎপাদন। আন কোনো কথালৈ নজৰ দিয়াৰ তেওঁলোকৰ প্ৰয়োজন নাই। দেশত যি উৎপাদন হ’ব সেয়া কেৱল মালিকৰ লাভৰ অংকটো বঢ়াবৰ বাবে। লাভৰ অংকটো বঢ়াবৰ বাবে কাৰখানাত বস্তু উৎপাদন কৰিব লাগিব অতি সস্তাত আৰু সেইবোৰ বজাৰত উলিয়াই দিয়া হ’ব চৰা দামত। সেইটোৱেই নিয়ম, সেইটোৱেই কৌশল।
ধনতন্ত্ৰৰ যুগত পুলিচ-চিপাহী, আইন-আদালত সকলো মালিকৰ হাতৰ মুঠিত। সেই কাৰণে নানাধৰণৰ কায়দা-কানুন। আৰু এই কায়দা-কানুনৰ আঁৰতেই চলি থাকে নিৰ্মম শোষণ, মুষ্টিমেয় মানুহৰ হাতত ঐশ্বৰ্যৰ পাহাৰ; আনহাতে গৰিষ্ঠসংখ্যকেই বঞ্চিত, শোষিত, অৱহেলিত। এই হ’ল ধনতন্ত্ৰৰ স্বৰূপ। এহাতে মুষ্টিমেয় মালিকসকল- তেওঁলোকৰ হাতত অগাধ সম্পত্তি, অসীম প্ৰতিপত্তি। আৰু আনহাতে দেশৰ সাধাৰণ মানুহ- তেওঁলোকৰ কপালত মাত্ৰ সেইখিনি, যিখিনি নহ’লে নিতান্তই জীয়াই থাকিব নোৱাৰে।
আচ্ছা- বস্তুৰ দাম, শ্ৰমৰ দাম, মালিকৰ লাভ- এই গোটেইকেইটা কথা বুজাবলৈ তোমাক মই এটা উদাহৰণ দি কৈছোঁ শুনা।
ধৰা, এটা কাৰখানাত শ্ৰমিক এজন নিয়োগ কৰা হ’ল। ঠিক হ’ল যে সি দহ ঘণ্টাকৈ কাম কৰিব আৰু দহ টকাকৈ মজুৰি পাব। দহ টকা মজুৰি মানে কি? দহ টকাৰে যি বস্তু কিনিব পাৰি তাৰ মূল্য নহয় নে? সেই বস্তু তৈয়াৰ কৰিবলৈ হয়তো পাঁচ ঘণ্টাৰ শ্ৰমৰ প্ৰয়োজন। তাৰমানে, দহ ঘণ্টাকৈ শ্ৰম কৰাৰ বাবে পাঁচ ঘণ্টা শ্ৰমৰ দাম। আৰু বাকী পাঁচ ঘণ্টাৰ যি শ্ৰম সেই শ্ৰমৰ দাম সি নাপাব। তথাপিও সেই পাঁচ ঘণ্টা শ্ৰমৰ ফলত কিছু বস্তুতো তৈয়াৰ হ’বই, তাৰ এটা দামো থাকিব। সেই দামটো পাব মালিকে। সেইটোৱেই তেওঁৰ লাভ। এইদৰে মালিকে যেতিয়া শ্ৰমৰ দাম অৰ্থাৎ শ্ৰমিকৰ মজুৰি দিয়ে তেতিয়া শ্ৰমৰ আচল দাম যিমান হোৱাৰ কথা সেই হিচাবততো নিদিয়ে। অথচ শ্ৰমিকে তাৰ শ্ৰমেৰে বহুখিনি উদ্বৃত্ত বস্তু উৎপাদন কৰিব পাৰে- কেৱল জীয়াই থকাৰ বাবে যিমান বস্তুৰ প্ৰয়োজন তাতোকৈ বহু বেছি। এই বৰ্ধিত বস্তুৰ এটা দাম আছে। সেই দামটোৱেই মালিকৰ লাভ। উৎপাদন যিমানে বাঢ়িব, বস্তুৰ দাম যিমানে বাঢ়িব, সিমানে লাভৰ মাত্ৰা বাঢ়ি গৈ থাকিব। কিন্তু দিন মজুৰি কৰা শ্ৰমিকৰ? তেওঁলোকৰ শ্ৰমৰ দাম একেই থাকিব।
এতিয়া বুজি পালা নহয়? ৰ’বা, অকণমান জিৰণি লৈ আকৌ তোমাক বাকীখিনি ক’ম।” ৰুণুলৈ চাই দেবীপ্ৰসাদে ক’লে।
(আঠাইছ)
“গতিকে এতিয়ালৈ তুমি গম পালা যে ধনতন্ত্ৰ হ’ল মুষ্টিমেয় মালিকৰ মুনাফাৰ প্ৰয়োজনত গঢ়ি উঠা সভ্যতা, সাধাৰণ মানুহৰ উন্নতি বা কল্যাণৰ বাবে নহয়। এনে হেন সভ্যতালৈও কিন্তু বিপদ আহে, মহাবিপদ! কেনেকৈ আহে জানা নে? কাৰণ দেশৰ গৰিষ্ঠ সংখ্যক মানুহ দুখীয়া হোৱাৰ কাৰণে উৎপাদিত বস্তু কিনাৰ সামৰ্থ্য নাথাকে। কিন্তু সাধাৰণ মানুহৰ হাতলৈ ধন অহাটোও এওঁলোকে নিবিচাৰে। ধনতন্ত্ৰৰ যুগত মানুহৰ অভাৱ, দাৰিদ্ৰতা দূৰ কৰাটো বিবেচনাৰ কথা নহয়, বিবেচনাৰ কথা হ’ল মালিকসকলৰ মুনাফা বঢ়াটোহে। বিপদ আহে তেতিয়া যেতিয়া বেছি বস্তু উৎপাদন কৰি পেলায়। তেতিয়া কি কৰে জানানে? বৰ্ধিত উৎপাদন নষ্ট কৰাৰ চেষ্টা কৰে। তুমি শুনিলে আচৰিত হ’লেও এনে ঘটনা ঘটিছে। দেশৰ দুখীয়া মানুহৰ গাত ল’বলৈ কম্বল এখন নাই, জ্বৰত কঁপি আছে। অথচ মালিকবিলাকে লাখ লাখ কম্বলৰ দমত জুই লগাই দিছে। দেশৰ ল’ৰা-ছোৱালীয়ে গাখীৰ খাবলৈ পোৱা নাই, অথচ জাহাজ ভৰ্তি গাখীৰৰ টিন সাগৰত ডুবাই দিছে। আমেৰিকাৰ নিচিনা দেশবোৰত য’ত ধনতন্ত্ৰ অতি উন্নত অৱস্থাত উপনীত হৈছে, সেই দেশবোৰত এই ধৰণৰ ধ্বংসলীলা বাৰে বাৰে দেখা গৈছে। কিন্তু ইমানবোৰ কৰিও বিপদৰ পৰা উদ্ধাৰ পোৱাৰ পথ খোল খোৱা নাই। গতিকে আন কথাও ভাবিব লাগিব। সেয়েহে অন্য দেশত উৎপাদিত সামগ্ৰী বিক্ৰী কৰাৰ চেষ্টা। কিন্তু একে অৱস্থাৰ দেশততো সেই সুবিধা নহ’ব। গতিকে ছলে-বলে-কৌশলে ধন-জন বলত দুখীয়া দেশ দখলৰ চেষ্টা চলিল আৰু দখল কৰাৰ পাছত সেই দেশৰ একো উন্নতি হ’বলৈ নিদিয়াকৈ সকলো সম্পদ লুন্ঠন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ল। বজাৰ দখল, ক্ষমতা দখল, আধিপত্য বিস্তাৰৰ বাবে অৰিয়াঅৰি আৰম্ভ হ’ল। চুড়ান্ত মুনাফালোভী এই সভ্যতাই সেই দৰে সমগ্ৰ পৃথিৱীব্যাপি ভীষণ যুদ্ধ মাতি আনিলে। কিন্তু যুদ্ধতো আৰু মালিকে কৰিবলৈ নাযায়। সাধাৰণ মানুহেই কৰিব লাগিব, সাধাৰণ মানুহেই মৰিব লাগিব। কিন্তু অকল মালিকৰ লাভৰ কাৰণে যুদ্ধ হৈছে বুলি আচল কথা গম পালেতো কথাটো বেয়া হ’ব, সিহঁতে যুদ্ধ কৰিবলৈ অসন্মত হ’ব পাৰে, মনৰ উৎসাহ হেৰুৱাব পাৰে, গতিকে সাধাৰণ মানুহক নানা মিছা কথাৰে, অপপ্ৰচাৰেৰে দেশপ্ৰেমৰ আবেগ সৃষ্টি কৰিবলৈ মালিকসকলৰ দ্বাৰাই নিয়ন্ত্ৰিত বাতৰি-কাকতৰ যোগেদি নানান খবৰ প্ৰকাশ কৰি বিয়পাই উত্তেজিত কৰি তোলা হয়। এই দৰে যুদ্ধ লগাই অন্য দেশ জয় কৰি সেই দেশলৈ সামগ্ৰী চালান দিয়াৰ সুবিধাৰ বাহিৰেও যুদ্ধৰ সময়ত যুদ্ধৰ কামত নানাবিধ বস্তু বিক্ৰী কৰাৰ সুবিধা। বন্দুক, কামান, মটৰ গাড়ী, উৰাজাহাজৰ পৰা আৰম্ভ কৰি সৈন্যসকলৰ কাপোৰ-কানি, জোতা-মোজালৈ কিমানবিধ যে বস্তু! ইমানবোৰ বয়-বস্তু যুদ্ধকালীন সময়ত চৰা দামত বিক্ৰী কৰিব পাৰিলে মালিকসকলৰ সমস্যা বহুলাংশে সমাধান হৈ পৰে। পঢ়িবলৈ পাইছিলোঁ, আমেৰিকাৰ ব্যৱসায়ীসকলৰ এখন বাতৰি-কাকতে খোলাখুলিকৈয়ে লিখিছিল, কোৰিয়াৰ লগত যুদ্ধ লাগি তেওঁলোকৰ ব্যৱসায়ৰ সমস্যা কেইবছৰমানৰ বাবে সমাধান হৈ গৈছে!
কিন্তু যুদ্ধততো বহুত মানুহ মৰে! আমাৰ বাবে কিমান দুখ লগা কথা, নিবিচৰা কথা! কিন্তু মালিকসকলৰ কি আহে বা যায়! ধনতন্ত্ৰৰ বাবে মানুহৰ জীৱনতো আৰু আচল কথা নহয়! আচল কথা মালিকসকলৰ লাভ। সেই বাবেই যুদ্ধ। এখনৰ পাছত এখন, যুদ্ধই নহয়, মহাযুদ্ধ, মহাসমৰ, এখনৰ ঘাঁ নুশুকুৱাওতেই আন এখনৰ প্ৰস্তুতি! কিমান পৰিতাপৰ কথা! চিন্তাৰ বিষয়!
অ’ আমাৰ আলোচনাৰ মাজতে তোমাক এদিন মই বিজ্ঞান কি আৰু আমাৰ বাবে ইয়াৰ গুৰুত্ব কিমান সেই বিষয়ে কম বুলি কৈ থৈছিলোঁ নহয়, মনত আছে নহয় তোমাৰ? অলপ সময়ৰ পাছতে সেই কথা কম দেই। এতিয়া অকণমান ভিতৰৰ পৰা আহাগৈ। ময়ো একাপ চাহ খাই লওঁঁ।” ৰুণুক ভিতৰলৈ পঠিয়াই দেবীপ্ৰসাদেও আৰাম কৰি বহি ল’লে।
(উনত্ৰিছ)
“প্ৰকৃতিৰ ঘটনা-পৰিঘটনাবোৰ কৌতূহলেৰে লক্ষ্য কৰি, জানিব বুজিবলৈ কৰা চেষ্টা, পৰ্য্যবেক্ষণ, সীমিত সামৰ্থ্যৰে পৰীক্ষা-নিৰীক্ষাৰ চেষ্টাৰ জৰিয়তেই বিজ্ঞানৰ ভেটি তৈয়াৰ হৈছিল আৰু ইয়াৰ মাজেৰে বিজ্ঞানৰ দুৱাৰ মুকলি অথবা ভেটি তৈয়াৰ কৰাসকলৰ দৃশ্যপটত আছিল মানুহৰ অনন্ত বা অফুৰন্ত কল্যাণৰ ছবি। তেওঁলোকৰ বাবে প্ৰকৃতিক দিনে দিনে ভালদৰে জানি সেই জ্ঞানৰ ভিত্তিত প্ৰকৃতিক আয়ত্বলৈ আনি মানুহৰ সৰ্বাঙ্গীন কল্যাণ সাধনৰ বাবে হেঁপাহৰ অন্ত নাছিল। কিন্তু আজি সেই বিজ্ঞানেই মানুহৰ বাবে আতংকৰ কাৰণো হৈ পৰিল! কিন্তু ভুল হ’ল ক’ত? বিজ্ঞানৰ পথত অগ্ৰসৰ হ’বলৈ গৈ মানুহে আৰম্ভণিতে এটা বৰ ডাঙৰ ভুল কৰি পেলালে নেকি? মানুহৰ দুখ-দাৰিদ্ৰৰ নিবাৰণ, শিক্ষা-স্বাস্থ্যৰ উন্নতি, জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ প্ৰচেষ্টাতহে ব্ৰতী হ’ব লাগিছিল বিজ্ঞানৰ সমস্ত সাধনা! তাৰ পৰিবৰ্তে আজি আমি দেখিবলৈ পাইছোঁ কি? বিজ্ঞান এতিয়া মুষ্টিমেয় মানুহৰ স্বাৰ্থ পূৰণ, শোষণ-শাসনৰ স্বাৰ্থতহে বেছিকৈ ব্যৱহাৰ হোৱা যেন লগা নাই নে? ভয়ানক যুদ্ধৰ বাবে বন্দুক-বাৰুদ, নিমিষতে ধ্বংস কৰি পেলাব পৰা পাৰমাণৱিক বোমা, ভয়ংকৰ জীৱাণু অস্ত্ৰ তৈয়াৰৰ কামত বিজ্ঞানক লগোৱা হৈছে- দেশৰ পাছত দেশ শ্মশানত পৰিণত কৰাৰ বাবে! কিয় হ’ল এনেকুৱা? ক’ত ভুল হৈ গ’ল? আচলতে কি জানা, আধুনিক বিজ্ঞানৰ যেতিয়া আৰম্ভণি তেতিয়া বিজ্ঞান চৰ্চা বোলোতে আছিল আজিৰ তুলনাত তেনেই সীমিত সম্বলেৰে কৰা চৰ্চা, এতিয়াৰ দিনলৈ চাবলৈ গ’লে ঠিক ল’ৰা-ধেমালিৰ দৰে কথা। যেতিয়াই বিস্তৃত পৰিসৰত বিজ্ঞান চৰ্চাৰ কথা আহিল মানুহৰ সভ্যতাৰ প্ৰয়োজনত, তেতিয়াই ডাঙৰ ডাঙৰ গৱেষণাগাৰ, ডাঙৰ ডাঙৰ যন্ত্ৰপাতিৰ প্ৰয়োজন হ’ল আৰু সেইবোৰৰ বাবে প্ৰয়োজন হ’ল বৃহৎ পুঁজি। সেই পুঁজি যোগান ধৰিবলৈ আগুৱাই আহিল অগাধ সম্পত্তিৰ গৰাকী মালিকসকল। মালিকসকলে আৰু এনেই পুঁজি লগাব নে? নিজৰ স্বাৰ্থসিদ্ধি, উদ্দেশ্য পূৰণ নহ’লে, লাভ নিশ্চিত নহ’লে তেওঁলোকে পুঁজি লগাবই বা কিয়? গতিকে পুঁজি লগোৱাৰ বিনিময়ত, বৈজ্ঞানিক গৱেষণাক উৎসাহ যোগোৱাৰ বিনিময়ত বৈজ্ঞানিক গৱেষণা আৰু তাৰ ফলাফল ব্যৱহৃত হ’ব ধৰিলে মুষ্টিমেয় মালিক গোষ্ঠীৰ স্বাৰ্থত। অৱস্থা এনেকুৱাও পালেগৈ যে বিশ্ববিদ্যালয় আৰু গৱেষণা কেন্দ্ৰবোৰৰ পৰিচালনা সমিতিত নিগাজী স্থান লৈ বহিবলৈ ল’লে শিল্পপতিসকলৰ প্ৰতিনিধি। নীতি নিৰ্ধাৰণৰ বেলিকা এওঁলোকৰ পৰামৰ্শই গুৰুত্ব পাবলৈ আৰম্ভ কৰিলে। তেনে এক পৰিবেশ-পৰিস্থিতিত সাধাৰণ মানুহৰ কল্যাণ সাধনৰ বাবে বৈজ্ঞানিক গৱেষণা কামত লাগিব বুলি আশা কৰিব পাৰি জানো? তেওঁলোকৰ কথা হ’ল, উদ্দেশ্য হ’ল- বৈজ্ঞানিক গৱেষণা মালিক শিল্পপতি গোষ্ঠীৰ স্বাৰ্থ পূৰণৰ বাটত সহায়ক হোৱাকৈ হ’ব লাগিব। তাৰ মাজেৰে কাৰোবাৰ যদি কিবা উপকাৰত আহে আহিব, নাহিলে নাই। মূল বিবেচনাৰ বিষয় হ’ল শিল্পপতি, মালিক গোষ্ঠীৰ মুনাফা। সেই মুনাফাৰ স্বাৰ্থত কেতিয়াবা বিজ্ঞান মানুহৰ কল্যাণ সাধনৰ কামতো ব্যৱহাৰ হ’ব পাৰে, কেতিয়াবা ধ্বংসৰ কামতো। বিজ্ঞানৰ অপাৰ শক্তি। এফালে যেনেকৈ ইয়াৰ শিক্ষা; স্বাস্থ্যৰ উন্নতি, খাদ্যৰ অভাৱ দূৰ কৰাৰ শক্তি-সামৰ্থ্য আছে; আনফালে আকৌ অতি শক্তিশালী পাৰমাণৱিক বোমা, জীৱাণু বোমা তৈয়াৰ কৰি দেশৰ পাছত দেশ শ্মশানত পৰিণত কৰাৰ শক্তি। এতিয়া আমাৰ সন্মুখত আটাইতকৈ ডাঙৰ, আটাইতকৈ মূল্যবান সেই প্ৰশ্ন- কিহৰ বাবে, কি উদ্দেশ্যত ব্যৱহৃত হ’ব সেই শক্তি, হোৱা উচিত? মানুহৰ কল্যাণৰ বাবে নে ধ্বংসৰ বাবে? তোমাৰ বাবে, আমাৰ দৰে মানুহৰ বাবেই সদায় এটাই উত্তৰ হ’ব, বিজ্ঞানৰ অপাৰ শক্তি ব্যৱহৃত হওক মানুহৰ কল্যাণৰ বাবে। পৃথিৱীৰ পৰা সাধাৰণ মানুহৰ দুখ-কষ্ট নিৰাময়ৰ বাবে। কিন্তু ডাঙৰ মানুহবোৰৰ বাবে এইবোৰ কথাৰ কোনো মূল্য নাই। মালিকসকলৰ হিচাবৰ বহীখনেই অন্য ধৰণৰ। তাত কেৱল মুনাফাৰ হিচাব। তেওঁলোকৰ বাবে বিজ্ঞানৰ আৱিষ্কাৰবোৰ কি কামত লগাব পাৰিলে আটাইতকৈ বেছি লাভ অৰ্জন কৰিব পাৰি, সেইটোহে একমাত্ৰ বিবেচনাৰ কথা। যুদ্ধৰ বাবে ভয়ংকৰ ভয়ংকৰ মাৰণাস্ত্ৰ তৈয়াৰ কৰি বেচিব পাৰিলে বহুত লাভ। পৰমাণু শক্তি চালিত এখন চাবমেৰিণ বা যুদ্ধ বিমান তৈয়াৰ কৰাৰ খৰছেৰে আফ্ৰিকাৰ সৰু দুখীয়া দেশ এখনৰ ছবিয়েই সলনি কৰি দিব পাৰি। কিন্তু এনেকুৱা কথাও আৰু ভাবিব পাৰিনে? তাততো লাভৰ কথা নাই! গতিকে যুদ্ধ লগাব লাগিব একমাত্ৰ বৃহৎ মুনাফাৰ বাবেই। কাৰণ কাপোৰ-কানি বা আন ব্যৱহাৰযোগ্য সামগ্ৰীৰ বৰ বেছি লাভজনক বজাৰ নাই, বৰ সমস্যা। কিন্তু মানুহক বিভিন্ন মিছা কথাৰে, তথ্যেৰে উত্তেজিত কৰি, ইখন দেশৰ লগত সিখন দেশৰ বৈৰীভাৱৰ সৃষ্টি কৰাই, এখন দেশ আন এখন দেশৰ প্ৰতি ভাবুকি বুলি সেইখন দেশৰ নাগৰিকৰ মনত বিদ্বেষ আৰু নিৰাপত্তাহীনতাৰ ভাব সৃষ্টি কৰি যুদ্ধৰ পৰিবেশ ৰচনা কৰিব পাৰিলে যুদ্ধৰ সামগ্ৰী চৰাদামত বিক্ৰী কৰিবলৈ বৰ সহজ আৰু ই আটাইতকৈ সহজ আৰু লাভজনক পন্থা। গতিকে যুদ্ধ লগাই দিব লাগে। হৈ যাওক বহু মানুহৰ মৃত্যু, ধ্বংসৰ গৰাহত পৰক একো একোখন দেশ, বৃহৎ পুঁজিপতিগোষ্ঠীৰ কি আহে যায়!তেওঁলোকৰ স্বাৰ্থ পূৰণ হ’লেই হ’ল। শাসক গোষ্ঠী আছেই নহয় সহযোগী হৈ! কেনেবাকৈ যুদ্ধ লগাব নোৱাৰিলে দেশ গ’ল বুলি মানুহৰ মাজত আতংকৰ পৰিবেশ ৰচনা কৰিব পাৰিলেও চলে। যিকোনো মুহূৰ্ততে শত্ৰুৱে আক্ৰমণ কৰিব বুলি আতংক জীয়াই ৰখা হয়। ফলত মানুহে নিজৰ সমস্যা পাহৰি যায়। বহু বছৰ এনেকৈয়ে যায়। তাৰ পাছতে যুদ্ধৰ আয়োজনৰ নামত কোটি কোটি টকাৰ কাৰবাৰ চলে। মালিকসকলৰ লাভেই লাভ। সাধাৰণ মানুহৰ সমস্যাৰ কথা ভাবিবলৈ কিহৰ গৰজ? তাততো লাভৰ কথা নাই!
এনেকৈয়ে বিজ্ঞানৰ ভেটি তৈয়াৰ কৰাসকলৰ আচল উদ্দেশ্য ব্যৰ্থ হ’ল! বিজ্ঞানৰ চৰ্চা, গৱেষণাই মানুহৰ দুখ-দাৰিদ্ৰ মচিব নোৱাৰিলে! কিন্তু তাৰ মাজতেই চলি থাকিল মানুহৰ জীৱন যাত্ৰা, থমকি ৰোৱা নাই মানুহৰ গল্প।
এতিয়ালৈ ইয়াতেই থওঁ দিয়া, এতিয়া অলপ জিৰণি লোৱাগৈ যোৱা।”
ৰুণুৰ মুখলৈ চাই দেবীপ্ৰসাদে ক’লে।
(ত্ৰিছ)
“কিন্তু সাধাৰণ কৃষক, শ্ৰমিকে ইমানবোৰ প্ৰতাৰণাৰ কথা, অন্যায়ৰ কথা গম নোপোৱাকৈ আছিল নে? নে গম পাই হাত সাবটি বহি আছিল? নাছিল, থকা নাছিল। আৰু থকা হ’লে মানুহৰ গল্পৰ সিমানতে অন্ত পৰিলেহেঁতেন। শেষ হ’লহেঁতেন সভ্যতাৰ ইতিহাস। মানুহৰ কীৰ্তিৰ কাহিনী। কিন্তু তেনে হোৱা নাই। নহয়, নহ’বও। সাধাৰণ খাটি খোৱা মানুহে ধ্বনি তুলিছে- দুনিয়াৰ শ্ৰমিক এক হওক। শৃংখল অবিহনে তোমালোকৰ হেৰুৱাবলৈ কি আছে? অথচ জয় কৰিবলৈ আছে গোটেই পৃথিৱী! কিন্তু এক হ’ব লাগিব। এক হৈ যুঁজিব লাগিব। উৎপাদনৰ সমস্ত মালিকীস্বত্ব মুষ্টিমেয় মালিকহঁতৰ হাতৰ পৰা কাঢ়ি আনিব লাগিব। সকলো দাৰিদ্ৰৰ মূল এই শোষণ। ইয়াক শেষ কৰিব লাগিব। সমাজৰ একেবাৰে আমূল পৰিৱৰ্তন কৰি সাধাৰণ মানুহৰ স্বাৰ্থত গঢ়িব লাগিব এখন নতুন সমাজ, নতুন ব্যৱস্থা। বিজ্ঞানৰ সকলো আবিষ্কাৰ সাধাৰণ মানুহৰ স্বাৰ্থত ব্যৱহাৰ হোৱাটো নিশ্চিত কৰিব লাগিব। কিন্তু সেয়া জানো সম্ভৱ? মালিকহঁতৰ হাতত অপাৰ ক্ষমতা, অজস্ৰ পুলিচ-মিলিটেৰী। তেওঁলোকৰ হাতত লাঠি-টাঙোন, বন্দুক-বাৰুদৰ পৰা আৰম্ভ কৰি হাজাৰ বিধ অস্ত্ৰ-শস্ত্ৰ। প্ৰতিবাদ হ’লেই সেইবোৰ গৰ্জি উঠিব। কামটো সেই কাৰণে ইমান সহজ নহয়। কিন্তু সহজ নহ’লেও অসম্ভৱো নহয়। মানুহৰ গল্পতেই ইয়াৰ উদাহৰণ আছে। ৰুচ দেশত খাটিখোৱা মানুহে একগোট হৈ থিয় দি সফল হৈছিল। চীনদেশতো বিপ্লৱ সফল হৈছিল। হৈছিল আন কেইবাখনো দেশত। হাৰ মানিব লগা হৈছে শক্তিশালী মালিক, শোষক শাসক গোষ্ঠী। কিন্তু সাধাৰণ মানুহৰ স্বাৰ্থত ক্ষমতা দখলৰ পিছতো সেইবোৰ দেশত নতুন নতুন সমস্যা নোলোৱাকৈ থকা নাই। সেইবোৰ সমাধানৰ বাবে সেইবোৰ দেশত নতুন নতুন পথৰো সন্ধান কৰিব লগা হৈছে। সমস্যাবোৰ দেখি বহুতে অলপ অচৰপ হতাশো হৈছে। কিন্তু পাহৰি গ’লে নহ’ব যে মানুহৰ অগ্ৰগতিৰ অন্য কোনো পথ নাই। মানুহে অতীতলৈ উভটি যোৱাৰো কথা নহয়। সেই কাৰণে যিবোৰ সমস্যা ওলাইছে, ওলাই আছে আৰু হয়তো ভৱিষ্যতেও ওলাব, তাৰ সমাধান মানুহেই উলিয়াব। সাধাৰণ খাটিখোৱা মানুহে।
কিন্তু বছৰৰ পাছত বছৰ, যুগৰ পাছত যুগ নিৰ্মম শাসন-শোষণ চলাই অহা শাসকসকলে ইমান সহজে এৰি দিব নে, হাৰ মানি ল’ব নে? নলয়। আৰু সেইবাবেই অত্যাধুনিক মাৰণাস্ত্ৰৰ নিৰ্মাণ চলিয়েই আছে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানৰ হিৰোছিমা আৰু নাগাচাকি চহৰৰ ওপৰত আমেৰিকাই এটম বোমা পেলাই যি নিৰ্মম হত্যালীলা চলালে- ইতিহাসৰ কলংক সেই হত্যালীলাৰ পাছতো শোষকৰ দলে শিক্ষা নল’লে। এটম বোমাতকৈও শক্তিশালী বোমাৰ নিৰ্মাণৰ প্ৰতিযোগিতা আৰম্ভ হ’ল আৰু এতিয়া অৰ্থনীতি আৰু সামৰিক শক্তিৰে বলী দেশবোৰত এখন দেশ, এক বিস্তীৰ্ণ অঞ্চল নিমিষতে ধ্বংস কৰিব পৰা এনেকুৱা ঢেৰ বোমা মজুত আছে। দাবী-ধমকি, ক্ষমতা আৰু বজাৰ দখলৰ প্ৰতিযোগিতাত মানুহৰ অস্তিত্ব বিপন্ন হোৱাৰ আশংকা ঘনীভূত হৈছে। নক’লেও হ’ব, দেশে দেশে মানুহে মানুহৰ মাজত যি ভ্ৰাতৃত্ববোধৰ স্বপ্ন দেখি আহিছে, গুণী-জ্ঞানীসকলে মানৱতাবোধ, ভ্ৰাতৃত্ববোধৰ বাণী প্ৰচাৰ কৰি আহিছে, এই মাৰণাস্ত্ৰবোৰ আৰু ইয়াৰ দ্বাৰা ধ্বংসৰ প্ৰৱণতাই তাৰ বিস্তৰ ক্ষতিসাধন কৰাৰ আশংকাই দেখা দিছে, এক প্ৰচণ্ড ভাবুকিৰ সন্মুখীন কৰাইছে। আনহাতে উন্নত দেশবোৰৰ শক্তিশালী প্ৰচাৰ মাধ্যমৰ দ্বাৰা উৎকট মিছা কথাৰ প্ৰচাৰ চলাই বিভিন্ন কূট-কৌশল প্ৰয়োগ কৰি বিশ্বৰ শ্ৰমিক-কৃষক একগোট হোৱাতো প্ৰচণ্ড বাধাৰ সৃষ্টি কৰি আহিছে। ফলত তেওঁলোকৰ বাবে এক হোৱা, সংগঠিত হোৱা সহজ কথা হৈ থকা নাই। কিন্তু হ’বই লাগিব। তাৰ বাহিৰে সহজ ৰাস্তা নাই। তাৰ বাবে চেতনা বাঢ়িব লাগিব। চেতনা বাঢ়িলে মানুহৰ গল্পত এক ডাঙৰ সম্ভাৱনাই গা কৰি উঠিব।
চোৱা যাওক, মানুহৰ গল্পই কিমান বাধাৰ সন্মুখীন হয়। চোৱা যাওক, আধুনিক যুগৰ নতুন পৃথিৱী কিমান দিনৰ ভিতৰত সম্পূৰ্ণ বাস্তৱত পৰিণত হয়। কিন্তু এটা কথা পাহৰিলে নচলিব- এই গল্পৰ প্ৰকৃত নায়ক-নায়িকা তুমি, মই, আমি সকলো। সেই কাৰণে এই গল্পটো কেৱল শুনাৰ বা জনাৰ বিষয় নহয়। অনাগত দিনৰ অৱস্থাটো নিৰ্ভৰ কৰিছে- তুমি, মই, আমি সকলোৱে কিমানখিনি সাৰ্থকভাৱে এই গল্পৰ পৰৱৰ্তী অধ্যায় ৰচনা কৰিবলৈ কঁকালত টঙালি বান্ধিব পাৰোঁ- কিমান সঠিকভাৱে বুজিব পাৰোঁ- জানিব পাৰোঁ আৰু সেই জ্ঞানৰ ভিত্তিত কামত লাগিব পাৰোঁ।”
“এতিয়ালৈ ইমানেই কৈ সামৰোঁ দেই। মনত ৰাখিবা কিন্তু, এয়া সাময়িক বিৰতিহে মানুহৰ গল্পৰ.. যি গল্পৰ শেষ নাই। আমি আকৌ বহিম কেতিয়াবা।”
কণমানি ভতিজী ৰুণুৰ মূৰত মৰমেৰে হাত ফুৰাই ক’লে দেবীপ্ৰসাদে। গল্প শুনি বৰ সন্তুষ্ট ৰুণু। চকু-মুখত তাৰেই প্ৰতিচ্ছবি। তাইৰ সন্তুষ্টি দেখি সুখী দেবীপ্ৰসাদো।
(সমাপ্ত)