মানুহৰ সামাজিক বিৱৰ্তন-(শ্ৰীৰিপুঞ্জয় বৰদলৈ)
আমাৰ সমাজ ব্যৱস্থাৰ বিৰ্বতনৰ ওপৰত আলোচনা কৰিবলৈ হ’লে আমি মানৱ জাতিৰ জন্মলগ্ন অৱস্থাৰ পৰা অধ্যয়ন কৰিব লাগিব৷ আজিৰ পৰা প্ৰায় ২ নিযুত বছৰ আগত পৃথিৱীত আদিম মানৱৰ সৃষ্টি হৈছিল৷ প্ৰথমে আদিম মানৱে শিলৰ সজুলি আৰু অস্ত্ৰ সাজিব আৰু ব্যৱহাৰ কৰিব পৰা হ’ল৷ আদিম মানৱ হ’ম’ হাবিলিছৰ আগতে অষ্ট্ৰেল’পিথেকাছে নামৰ প্ৰাণীবিধে৫.৫নিযুতৰপৰা ১ নিযুত বছৰৰ পূৰ্বে আফ্ৰিকাত বসবাস কৰিছিল৷ ইহঁতৰ সাদৃশ্য আদিম মানৱৰ দেহৰ লগত মিলে৷ দুইভৰিত ঠিয় হ’ব পৰা আৰু কুকুৰ দাঁতবোৰ সৰু হোৱাটো অষ্ট্ৰেল’পিথেকাছৰ প্ৰধান লক্ষণ আছিল৷ অষ্ট্ৰেল’পিথেকাছৰ পূৰ্বে ৮ নিযুতৰ পৰা ৫ নিযুত বছৰৰ পূৰ্বে বনমানুহ সদৃশ জীৱ আছিল৷ তাৰো আগতে ৰামপিথেকাছ নামৰ প্ৰাণীয়ে বসবাস কৰিছিল৷ ৰামপিথেকাছ গছৰ ওপৰত বসবাস কৰিবলৈ বাদ দি মুকলি ঘাঁহনি থকা পৰিৱেশত বসবাস কৰিবলৈ ল’লে৷ গছ-গছনি কমি আহিবলৈ ধৰাত পৰিবৰ্তিত পৰিস্থিতিত নিজকে খাপ খুৱাই ল’বলৈ খাদ্যৰ বাবে সিহঁতে গছৰ গুটি আদি বিচাৰিবলৈ ধৰিলে৷ খাদ্যৰ বাবে গছৰপৰা ভূমিলৈ নামি আহিব লগা হোৱাত লাহে লাহে সিহঁত ভূমিত বাসৰ উপযোগী হয় নে নহয় পৰীক্ষা কৰিবলৈ আন জীৱ-জন্তুবোৰক পৰ্যৱেক্ষণ কৰিবলৈ ল’লে৷ এনেধৰণে হাতৰ ব্যৱহাৰ আৰম্ভ হোৱাৰ লগে লগে ই চতুষ্পদী প্ৰাণীৰ পৰা দ্বিপদ প্ৰাণীলৈ ৰূপান্তৰিত হ’ল৷
অষ্ট্ৰেল’পিথেকাছে সজুলি বা অস্ত্ৰ ব্যৱহাৰ কৰাত মতভেদ আছে৷ কোনোকোনোবিজ্ঞানীৰ মতে সিহঁতে জন্তুৰ হাড় আৰু শিঙৰ পৰা বিভিন্ন সজুলি তৈয়াৰ কৰিছিল৷ গছৰ পৰা মুকলি ঘাঁহনিত বসবাস কৰাৰ পিছত বৰষুণ, ধুমুহাআদিৰ পৰা পৰিত্ৰাণ পাবলৈ গুহাত বাস কৰিবলৈ ধৰে৷ দুই ভৰিত খোজকঢ়া এই প্ৰাণীবোৰে চোকা দীঘল কুকুৰদাঁত নথকা বাবে হাতেৰে নিজৰ প্ৰতিৰক্ষা কৰিব লগা হৈছিল৷ খাদ্যবস্তু মাটিৰ পৰা বুটলিবলৈ আগঠেং বা হাতৰ ব্যৱহাৰ কৰিছিল৷ অষ্ট্ৰেল’পিথেকাছবোৰৰ মগজু আধুনিক মানৱতকৈ সৰু হলেও বনমানুহৰ মগজুতকৈ তুলনামূলকভাৱে ডাঙৰ আছিল৷ মগজুৰ বৃদ্ধিয়ে ইহঁতক জটিল সমাজ সংগঠনত সহায় কৰিছিল৷ বিশেষজ্ঞসকলৰ মতে সেই প্ৰজাতিৰ পৰাই সম্ভৱত একোটা মতা, এজনী বা কেইবাজনী মাইকী আৰু পোৱালি বিলাকৰে সৈতে একোটা পৰিয়ালৰ সৃষ্টি হৈছিল৷ সেইসময়ৰ পৰাই পৰিয়ালৰ নিৰাপত্তাৰ খাটিৰত সিহঁতে একেলগে দলবদ্ধ হৈ আছিল৷ অষ্ট্ৰেল’পিথেকাছৰ বিলুপ্তিৰ পাছত প্ৰায় ২ নিযুত বছৰ পূৰ্বে পৃথিৱীত আদিম মানৱ বা হ’ম’ হাবিলিছৰ সৃষ্টি হ’ল৷ এই মানবে শিলৰ সজুলি আৰু অস্ত্ৰ সাজিব আৰু ব্যৱহাৰ কৰিব পৰা হ’ল৷ চিকাৰজীৱী আৰু খাদ্য সংগ্ৰহকাৰী আদিম মানৱৰ মাজত কৰ্মৰ বিভাজনো আৰম্ভ হ’ল৷ পুৰুষে যদি ডাঙৰ জন্তু চিকাৰ কৰে, বাকীবিলাকে সৰু সৰু প্ৰাণী চিকাৰ কৰে বা শাক-পাচলি আদি সংগ্ৰহ কৰে৷ অৰ্থাৎ শাৰীৰিক সক্ষমতা অনুযায়ী কৰ্মৰ বিভাজন তাহানিতে হৈছিল৷
খাদ্যবস্তু সকলোৱে দিনটো সংগ্ৰহ কৰি পাছত ভাগ কৰি লয়৷ সমাজ আৰম্ভ হ’বলৈ আটাইতকৈ প্ৰয়োজনীয় উপাদান সহযোগিতাৰ ইয়াতে আৰম্ভ হয় বুলি ক’ব পাৰি৷ জীৱন নিৰ্বাহত খাদ্য সংগ্ৰহৰ বাবে প্ৰয়োজনীয় কাৰিকৰী কৌশলৰো এই সময়তে যথেষ্ট বিকাশ হয়৷ বিশেষজ্ঞ সকলৰ মতে এই হ’ম’ হাবিলিছৰ আৰ্ৱিভাৱৰ লগে লগে মানৱ সংস্কৃতিয়ে পাতনি মেলে৷
হ’ম’ ইৰেক্টাছ সকলে জুইৰ আৱিষ্কাৰ কৰি খাদ্য সৰু টুকুৰা কৰি জুইত পুৰি বা সেকি কোমল কৰি লৈছিল৷ এই প্ৰজাতি এছিয়া, ইউৰোপ আৰু আফ্ৰিকা সকলোতে পোৱা গৈছিল৷ এইসকল জীৱই মুকলি পাতল কাঠনি অঞ্চলত বসবাস কৰিছিল৷ চিকাৰ কৰিবলৈও জীৱ-জন্তু যথেষ্ট আছিল৷ জুইৰ ব্যৱহাৰ প্ৰতিৰক্ষা, ৰন্ধন, চিকাৰত ব্যৱহাৰ কৰা বাবে হ’ম’ ইৰেক্টাছবোৰক আফ্ৰিকাৰ ক্ৰান্তীয় উষ্ণ অঞ্চলৰ লগতে মধ্য চীনৰ অতি শীতল ঠাইতো বসবাস কৰা দেখা গৈছিল৷
হ’ম’ ইৰেক্টাছৰ পিছত আজিৰ পৰা প্ৰায় ২ লাখ বছৰৰ আগতে প্ৰকৃত মানৱ বা নিয়ানডাৰথেল মানৱৰ বসবাসৰ তথ্য পোৱা যায়৷ ১৮৫৬ চনত জামাৰ্নিৰ নিয়ানডাৰথেল নামৰ ঠাইত লাওখোলাৰ ওপৰৰ অংশ আৰু জকাৰ কিছু দীঘল হাড় আৱিষ্কাৰ হোৱা বাবে সেই ঠাইৰ নামানুসৰি নিয়ানডাৰথেল মানৱ বা প্ৰকৃত মানৱ বোলা হৈছিল৷ নিয়ানডাৰথেল মানৱ ৰক্ষণশীল আৰু প্ৰগতিশীল নামেৰে শাৰীৰিক লক্ষণৰ পাৰ্থক্য অনুযায়ী ভাগ কৰা হৈছিল৷ ৰক্ষণশীল মানৱ বেচি উন্নত মানদণ্ডৰ হোৱাৰ লগতে পৰিৱেশৰ লগত নিজকে খাপ খুৱাই উচ্ছ খাপৰ জীৱনধাৰণ কৰিছিল৷ প্ৰগতিশীল মানৱৰ আদিম মানৱৰ লগত কিছু সাদৃশ্য দেখা গৈছিল আৰু ইহঁত বিবৰ্তনৰ দিশত বেছি আগবঢ়া আছিল৷ সেইবাবে প্ৰকৃত মানৱৰ লগত ইহঁতৰ সাদৃশ্য যথেষ্ট বেছি আছিল৷ সময়ৰ পৰিবৰ্তনৰ লগে লগে পৰিবৰ্তিত পৰিৱেশৰ লগত নিজকে খাপ খুৱাব নোৱাৰি ৰক্ষণশীল নিয়ানডাৰথেল মানৱৰ বিলুপ্তি ঘটিল৷ আনহাতে প্ৰগতিশীল মানৱে পৰিবৰ্তিত পৰিস্থিতিত নিজকে খাপ খুৱাই ল’ব পৰাকৈ বিৰ্বতনৰ দিশত আগবাঢ়িল আৰু তাৰপৰাই পাছলৈ আধুনিক মানবৰ উৎপত্তি হ’ল৷
নিয়ানডাৰথেল মানৱ মধ্য প্ৰত্নপ্ৰস্তৰ যুগত বাস কৰিছিল৷ গুহাত বসবাস কৰা এই মানৱে চিকাৰৰ বাবে হাঁড়ৰ সজুলি ব্যৱহাৰ কৰা নাছিল৷ ক্লেকট’নিয়ান চলিয়ন কৌশলৰ দ্বাৰা চলিৰপৰা ৰোকনি আকৃতিৰ আৰু ত্ৰিভুজ আকৃতিৰ অস্ত্ৰ প্ৰস্তুত কৰিছিল৷ নিয়ানডাৰথেল মানৱে জুইৰ ব্যৱহাৰ অতি বেছি কৰিছিল৷ তাৰ প্ৰমাণ গুহাবিলাকত থকা জুহালৰ পৰা পোৱা গৈছে৷ তেওঁলোক সাগৰৰ পাৰৰ মুকলি ঠাইতো ঘৰ সাজি বাস কৰাৰ তথ্য পোৱা গৈছিল৷ নিয়ানডাৰথেল মানৱৰ গুহাৰ বাহিৰত পোৱা বিষ্ঠাৰ জীৱাষ্ম পৰীক্ষা কৰি অনুমান কৰা হৈছেযে তেওঁলোকে হাতী, গঁড়, বনৰীয়া গৰু ইত্যাদি চিকাৰ কৰি তাৰ মাংস খাইছিল৷ প্ৰকৃতিৰ ক্ৰিয়াকলাপক ঐশ্বৰিক শক্তিৰ লগত তুলনা কৰি গুহাৰ ভিতৰতে আপোনজনৰ মৃত্যু হ’লে কবৰ দিয়াৰ ব্যৱস্থা কৰিছিল৷ এইখিনিতে মানৱ সমাজৰ আন এক বান্ধোনৰ আৰম্ভণি বুলি ক’বি পাৰি৷ তেওঁলোকে মৃতদেহৰ লগত মৃতকৰ আত্মাৰ [!] বাবে প্ৰয়োজনীয় হ’ব বুলি ভবা সকলোধৰণৰ সামগ্ৰীৰ লগতে সুগন্ধি ফুল চটিয়াইছিল৷ এই ফুলবোৰ মৃতকৰ পৰিয়ালৰ সদস্য বা আন পৰিয়ালৰ সদস্যই বহু দূৰৈৰ পৰা মৃতকক সন্মান জনাবলৈ আনিছিল বুলি ধাৰণা কৰিব পাৰি৷ কাৰণ ফুলৰ গছবোৰ ওচৰে-পাজৰে থকা হ’লে ইয়াৰ ৰেণুৰ অস্তিত্ব কবৰৰ ভিতৰৰ লগতে বাহিৰতো পোৱা গ’ল হয় ৷ অৰ্থাৎ সেইসময়তে পৰিয়াল এটাই নিজৰ সদস্যৰ প্ৰতি থকা মৰম, চেনেহ লগতে আন পৰিয়ালসমূহে দেখুওৱা বন্ধুত্বসুলভ সন্মানে মানৱ সমাজ গঢ় দিয়াৰ ভেটি বুলি ক’ব পাৰি৷ এই পৰম্পৰা আমাৰ সমাজ ব্যৱস্থাত এতিয়াও বিদ্যমান৷
ইউৰোপত নিয়ানডাৰথেল মানৱ আৰু প্ৰকৃত মানৱ একেলগে বহুকাল ধৰি বসবাস কৰিছিল যদিও এটা সময়ত প্ৰকৃত মানৱৰ লগত জীৱন-সংগ্ৰামৰ প্ৰতিযোগিতাত তিষ্ঠিব নোৱাৰি নিয়ানডাৰথেল মানৱৰ বিলুপ্তি ঘটে আৰু প্ৰায় ৪০,০০০ বছৰ আগেয়ে ক্ৰ’মেগনন নামৰ এক প্ৰকৃত মানৱে আধিপত্য বিস্তাৰ কৰে৷ ক্ৰ’মেগননৰ নিচিনাকৈ আন দুবিধ মানৱৰ প্ৰকাৰ হ’ল গ্ৰিমলডি আৰু চাঞ্চালেড৷ পৃথিৱীত থকা মানুহক তিনিটা মুখ্য প্ৰজাতি হ’ল – ককেছীয়, মংগোলীয় আৰু নিগ্ৰো৷ ক্ৰ’মেগননৰ সাদৃশ্য আমাৰ ককেছীয়াৰ লগত, গ্ৰিমলডিৰ সাদৃশ্য নিগ্ৰোৰ লগত আৰু চাঞ্চালেডৰ সাদৃশ্য মংগোলীয়ৰ লগত পোৱা যায়৷ প্ৰাগৈতিহাসিক যুগ বা শেষ প্ৰত্নপ্ৰস্তৰযুগত জন্ম হোৱা এই তিনিটা প্ৰজাতিয়ে তেওঁলোকৰ সমাজ ব্যৱস্থাত চিকাৰ কৰাৰ অস্ত্ৰ হিচাপে শিলৰ উপৰিও জন্তুৰ অস্থি, শিঙৰ ব্যৱহাৰ কৰিছিল৷ এই যুগত চাপ চলিয়ন কৌশলৰ উদ্ভাৱনৰে বিভিন্ন উন্নতমানৰ চিকাৰ কৰা সামগ্ৰী, খাদ্য-সংৰক্ষণৰ সুব্যৱস্থা কৰাৰ লগতে চিত্ৰকলাৰ সৃষ্টি হয়৷ মানৱ সমাজ ব্যৱস্থাৰ অভিন্ন অংগ চিত্ৰকলাৰ জন্মই সমাজখনক আন এক স্বকীয়তা প্ৰদান কৰিলে৷ সামাজিক ব্যৱস্থাৰ ভিন্নতাৰ ওপৰত নিৰ্ভৰ কৰি সেই সময়ত মানৱ জাতিটোক তিনিটা সমাজ ব্যৱস্থাত ভাগ কৰিছিল৷ ভাগকেইটা আছিল অৰিগ্নেছিয়ান, ছলুট্ৰিয়ান আৰু মাগ্ডালেনিয়ান৷ অৰিগ্নেছিয়ান সমাজ ব্যৱস্থাত থকা মানুহবোৰৰ জীৱন শৈলীৰ বিবিধতাৰ বাবে চাটেলপেৰ’নিয়ান, অৰিগ্নেছিয়ান আৰু গ্ৰেভেটিয়ান নামৰে তিনিটা ভাগত ভাগ কৰা হয়৷ চাটেলপেৰ’নিয়ান সমাজত বসবাস কৰা মানুহখিনিয়ে চাপ চলিয়ন কৌশল ব্যৱহাৰ কৰি চিকাৰ কৰিবলৈ ফলক ছুৰী প্ৰস্তুত কৰি মুখ্য সজুলি হিচাপে ব্যৱহাৰ কৰিছিল৷ ঠিক সেইদৰে অৰিগ্নেছিয়ান সমাজ ব্যৱস্থাই ফটা হাড়ৰ জোং, এমূৰীয়া ৰোকনী আৰু খোদনাস্ত্ৰক চিকাৰ আৰু আত্মৰক্ষাৰ মুখ্য সজুলি কৰি লৈছিল৷ গ্ৰেভেটিয়ান সকলে ফলক বা ব্লেড বনোৱা কৌশলক উন্নত অৱস্থালৈ নিব পাৰিছিল৷ গ্ৰেভেটিয়ান সমাজ ব্যৱস্থাৰ মুখ্য সজুলি হিচাপে গ্ৰেভেটিয়ান জোং বিশেষভাৱে উল্লেখনীয়৷ ছলুট্ৰিয়ান সকলে চাপ চলিয়ন কৌশল ব্যৱহাৰ কৰি গছ পাতৰ দৰে পাতল জোঙাল অস্ত্ৰ ব্যৱহাৰ কৰিছিল৷ মাগ্ডালেনিয়ান সমাজ ব্যৱস্থাৰ চিনাকী আছিল উন্নত প্ৰকাৰৰ অস্থি সঁজুলিৰ বাবে৷ তেওঁলোকে জন্তুৰ হাড় আৰু শিঙৰপৰা শেল, যাঠিৰ লগতে বিভিন্ন সজুলি প্ৰস্তুত কৰিছিল৷ মাগ্ডালেনিয়ান সকলেই গুহাৰ চাল আৰু ঘৰৰ বেৰত সেইসময়ৰ বিভিন্ন ছবি আকিছিল৷ তাহানিৰ এই চিত্ৰকলাসমূহ আজিৰ দিনতো অক্ষত অৱস্থাত থাকি সকলোৰে সমাদৰ লাভ কৰি আছে৷ অৰ্থাৎ আমি ক’ব পাৰোঁযে শেষ প্ৰত্নপ্ৰস্তৰযুগৰ পৰাই মানৱ সমাজৰ আধুনিক ৰূপৰ অংকুৰণ হ’ল৷
শেষ প্ৰত্নপ্ৰস্তৰযুগৰ সামৰণিৰ লগে লগে প্লিষ্ট’ছিন যুগৰো অৱসান ঘটে৷ আৰু আজিৰ পৰা প্ৰায় ১০,০০০ বছৰ আগতে আৰম্ভ হয় হ’ল’ছিন বা আধুনিক যুগৰ৷ এই যুগৰ লগে লগে আৰম্ভ হয় এক নতুন সমাজ ব্যৱস্থাৰ যুগ, যাক কোৱা হয় মধ্য প্ৰস্তৰ যুগ৷ এই যুগত মানুহে নিজৰ প্ৰয়োজনীয়া সজুলিবোৰ শিলৰে প্ৰস্তুত কৰিছিল৷ অস্ত্ৰসমূহৰ আকৃতিও সৰু সৰু আছিল৷ কাৰণ সেইখন সমাজে ডাঙৰ জন্তুক চিকাৰ কৰাতকৈ সৰু-সৰু প্ৰাণীকহে চিকাৰ কৰি খাইছিল৷ এইখন সমাজেই প্ৰথম মাছৰ চিকাৰ কৰি খাব জানিছিল৷ তেওঁলোকে মাছৰ লগতে শামুক আৰু উদ্ভিদজাতীয় খাদ্য সংগ্ৰহ কৰি আহাৰ হিচাপে গ্ৰহণ কৰিছিল৷ অৰ্থাৎ মানুহ সৰ্বভোজী হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল৷
মধ্যপ্ৰস্তৰ যুগৰ অন্ত পৰাৰ পিছত আৰম্ভ হয় নৱপ্ৰস্তৰ যুগৰ৷ এই যুগত মানুহে শিলৰ অস্ত্ৰবোৰত বেছি কাৰিকৰী কৌশল ব্যৱহাৰ কৰাত পূৰ্বৰ তুলনাত বেছি উন্নত আছিল৷ এই যুগতে মানুহে অনাই বনাই ঘুৰি ফুৰাতকৈ স্থিৰ সমাজ ব্যৱস্থাৰ আটাইতকৈ প্ৰয়োজনীয় খাদ্য নিজে উৎপাদন কৰিবলৈ খেতি কৰিবলৈ ল’লে৷ লগতে জংঘলৰ জন্তুবোৰক ধৰি আনি পোহ মনাই নিজৰ লগত ৰাখি পশুপালনৰ আৰম্ভণি কৰে৷ এই যুগতে মাটিৰ সহায়ত সেইসময়ৰ মানুহৰ সমাজত প্ৰয়োজনীয় সকলো আচবাব প্ৰস্তুত কৰিবৰ বাবে মৃৎশিল্পৰ উদ্যোগ গঢ় লৈ উঠিছিল৷ বোৱা-কটা, বাঁহ-বেতৰ কামো এই যুগৰ পৰাই আৰম্ভ হয়৷ যাৰবাবে মানুহৰ সমাজে এক স্থায়ীত্ব লাভ কৰি, জংঘল মুকলি কৰি পৰিয়ালবোৰে সমাজ পাতি বসবাস কৰিবলৈ আৰম্ভ কৰিলে৷ সেইবাবে নৱপ্ৰস্তৰযুগকে সমাজ ব্যৱস্থা উত্তৰণৰ বৈপ্লৱিক যুগ বুলি ক’ব পাৰি৷
প্ৰত্নপ্ৰস্তৰ, মধ্যপ্ৰস্তৰ, নৱপ্ৰস্তৰ যুগত শিল, হাড়, শিং, কাঠ-বাহ আদি ব্যৱহাৰৰ পিছত তাম , পিতল, লো, তীখা আদিৰ ব্যৱহাৰে মানৱ জাতিৰ সমাজ ব্যৱস্থাৰ আমূল পৰিবৰ্তন আনিলে৷ ওপৰত ব্যাখ্যা কৰা আদিতম সমাজ ব্যৱস্থা ইউৰোপ মহাদেশ আৰু ভাৰত মহাদেশত একেধৰণৰ নহয়৷ আদিতম যুগবোৰৰ কালো বৰ দীঘলীয়া৷ ভাৰতবৰ্ষত প্ৰণালীবদ্ধ অনুসন্ধান কাৰ্য নকৰাৰ ফলত ইয়াৰ প্ৰাক-ইতিহাসৰ চিত্ৰ আন ঠাইৰ প্ৰাগৈতিহাসিক বুৰঞ্জীৰ তুলনাত তথ্যহীন আৰু খেলিমেলিৰে ভৰা৷ কেতিয়াবা কেইবাটাও যুগৰ সমাজ ব্যৱস্থা ওপৰা-ওপৰিকৈ একে ঠাইতে থকা দেখা যায়৷ ভাৰতৰ উপদ্বীপ অঞ্চলত তাম্ৰ্যযুগ ক্ষণস্থায়ী আছিল৷ সম্ভৱত এই অঞ্চলৰ বেছিভাগ ঠাইতে মানুহে প্ৰস্তৰ যুগৰপৰা পোনে পোনে লোৰ যুগলৈ গতি কৰিলে৷ ভাৰতৰ সাগৰভিমুখী ত্ৰিভুজাকাৰ ভূখণ্ডৰ গ্ৰেণাইট আৰু ট্ৰেপৰকবোৰত আদিম হাতিয়াৰৰ বাবে প্ৰয়োজনীয় যথেষ্ট সমল পোৱা যায়৷ ভাৰতবৰ্ষৰ দৰে বহুকলীয়া অনুষ্ঠানৰ অৱশেষেৰে পৰিপূৰ্ণ দেশত অন্য ঠাইৰ বুৰঞ্জীৰ লগত অমিল৷ তাম, পিতল আদি ধাতুৰ ব্যৱহাৰ হোৱাৰ সময়ত ভাৰতীয় সমাজৰ বিৰ্বতনৰ প্ৰবাহ ক্ষিপ্ৰ হ’বলৈ ধৰিলে৷ লোৰ ব্যৱহাৰৰ লগে লগে ধাতু সুলভ হ’ল, খেতি বাঢ়িল, কিন্তু কঠোৰ শ্ৰম কৰা সৰহ ভাগ মানুহৰ সহায়ত কামৰ প্ৰয়োজনৰ পৰা মুক্ত পৰিশ্ৰমৰহিত এমুঠি লোক বৰ্তিবলৈ ধৰিলে৷ এই কাৰণেই লৌহ যুগ বুলিলে তিক্ত অভিজ্ঞতাৰ কথা মনলৈ আহে৷ এই সময়তে বৰ্তমানে আমি কোৱা নিবনুৱা সমস্যাৰ সৃষ্টি হয়৷ একেখিনি মাটিতে নিয়মিত খেতি কৰিব লগা হোৱাত মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিবলৈ গৰুৰ গোৱৰ ব্যৱহাৰ কৰিলে৷ ইয়াৰ লগে লগে মাটিৰ স্থায়ী অধিকাৰৰ প্ৰথা সাধাৰণভাৱে প্ৰচলিত হ’বলৈ ধৰিলে আৰু এইদৰেই মাটিত প্ৰথম ব্যক্তিগত সম্পতিৰ উদ্ভৱ হ’বলৈ ধৰিলে৷
শ্ৰেণী যুগৰ সমাজ জনজাতীয় ভেটিত সংগঠিত হৈছিল৷ তেতিয়া জন্মৰ বলত কোনো ব্যক্তিয়েই সমাজৰ পূৰ্ণ সদস্যপদ পাব নোৱাৰিছিল৷ বুজন হোৱাৰ লগে লগে প্ৰত্যেক সদস্যই সমাজ-ভুক্তিৰ অৰ্থে দীক্ষা বা শৰণ ল’ব লাগিছিল৷ প্ৰত্যেক সদস্যৰমানত সমাজৰ আৰম্ভণি আৰু সমাপ্তি সেই জনজাতিৰ গণ্ডীৰ ভিতৰতে আৱদ্ধ৷ অন্য জাতিৰ লোকক মানুহ বুলি সাধাৰণতে গণ্য কৰা নহৈছিল৷ এটা জনজাতিয়ে আন এটা জনজাতিৰ কাৰোবাক হত্যা কৰা বা ডকাইটি কৰাবোৰক দোষ বুলি ধৰা নহৈছিল৷ কিন্তু নিজৰ জনজাতিৰ ভিতৰত কাৰোবাক হত্যা কৰিলে অপৰাধ হিচাপে বিবেচনা কৰিছিল৷ মাজে সময়ে বাহিৰা জনজাতিৰ মানুহকো নিজৰ গোটত সদস্যভুক্ত কৰা হৈছিল৷ আৰু জনজাতিবোৰৰ ভিতৰত একে গোত্ৰ থকাবোৰ গোষ্ঠী বা বংশত বিভক্ত আছিল৷ একে গোষ্ঠী বা বংশৰ মাজত বিবাহ কৰিব নোৱাৰা নিয়ম আছিল৷ তেতিয়াৰ গোষ্ঠীকে এতিয়াৰ পৰিয়াল বোলা হয়৷ এই গোষ্ঠী বা বংশ বা আজিকালিৰ পৰিয়ালবোৰৰ মাজত থকা খাদ্য বস্তুৰ বিনিময়ৰ লগতে মানুহৰো বিনিময় ঘটিছিল৷ জনজাতিৰ গোটৰ ভিতৰত কিন্তু বংশৰ বাহিৰত হোৱা বিবাহ সমূহে বংশৰ গোটবোৰ ক্ৰমাৎ স্পষ্ট হৈ স্থায়ীত্বৰ দিশত অগ্ৰসৰ হৈছিল৷
মানৱ সমাজৰ বংশবোৰ আদিতে মাতৃতান্ত্ৰিক আছিল৷ মাকৰ ফালৰ পৰাই বংশ নিৰ্ণয় আৰু উত্তৰাধিকাৰৰ ব্যৱস্থা কৰা হৈছিল৷ কাৰণ সেই সময়ত পিতৃসকল কোনো ধৰণৰ প্ৰজনন মূলক কৰ্মৰ লগত জড়িত নাছিল বুলি ভাবি গুৰুত্বহীন হৈ আছিল৷ ভাৰতবৰ্ষৰ যিবোৰ অংশত নাঙলৰ খেতিৰ প্ৰবৰ্তন একেবাৰে শেষত হৈছিল, সেইবোৰ অংশত মাতৃতান্ত্ৰিক ব্যৱস্থা এতিয়াও বাচি আছে৷ সেইসময়লৈকে মানুহে খেতি কৰা মাটিক সম্পত্তি বুলি গণ্য কৰা নাছিল৷ যিবোৰ চিকাৰৰ বস্তু বা খাদ্য-সামগ্ৰী তেওঁলোকে সংগ্ৰহ কৰিছিল, সেইবোৰ সকলোৱে ভগাই লৈছিল৷ আদিতে শ্ৰম বিভাজন আৰম্ভ হৈছিল মুনিহ আৰু তিৰোতাৰ ভিতৰত৷ তিৰোতাবোৰেই প্ৰথম কুমাৰ, পাচি সাজোতা বাঢ়ৈ আৰু খেতিয়ক আছিল৷ তেতিয়া খেতিৰ বাবে খনন মাৰি ব্যৱহাৰ কৰিছিল৷ কৃষি-কাৰ্য্যত কোৰ, মাৰিৰ সলনি নাঙলৰ ব্যৱহাৰ হোৱাৰ লগে লগে খেতিত তিৰোতাৰ ঠাইত মুনিহৰ প্ৰাধান্য আৰম্ভ হ’ল৷ আন জনজাতিৰ লগতে বন্য জন্তুৰপৰা সম্পত্তি সুৰক্ষিত কৰি ৰাখিবলৈ পুৰুষক দায়িত্ব দিয়া হ’ল৷ সেই সময়ত সম্পত্তি বুলিলে গো-সম্পত্তিকে বুজাইছিল৷ গো-পালন কৰাৰ প্ৰথম উদ্দেশ্য আছিল গো-মাংস ভক্ষণ৷ তাৰ বহুপিছতহে গৰুৰ ছাল আৰু দুগ্ধজাত বস্তুৰ কাৰণে গো-পালন কৰা হয়৷ এইবোৰ বস্তুৱেই মানুহৰ সমাজ ব্যৱস্থাৰ বিনিময়ৰ দ্ৰব্য হৈ পৰে৷ ক্ৰমান্বয়ে গৰুক খেতি আৰু পৰিবহনৰ শক্তি স্বৰূপে মানুহে ব্যৱহাৰ কৰিবলৈ ল’লে৷
সামাজিক ব্যৱস্থাৰ এই বিৰ্বতনৰ সময়তে মানুহে নিজৰ পৰিৱেশ আয়ত্ত কৰি লাহে লাহে অধিক দক্ষতাৰে জীৱনধাৰণ কৰিবলৈ শিক্ষা পালে৷ মুনিহসকলে অধিক পৰিশ্ৰম কৰি নিজৰ প্ৰয়োজনতকৈ অতিৰিক্ত ৰাহি দ্ৰব্য উৎপন্ন কৰিবলৈ ধৰিলে৷ লাহে লাহে সমাজত পিতৃ-তন্ত্ৰ, ব্যক্তিগত সম্পত্তি আৰু শ্ৰেণী বিভাজনৰ উদ্ভৱ সম্ভৱপৰ হৈ উঠিল৷ শ্ৰেণী গঠন হোৱাৰ পূৰ্বেই সমাজত পূজা-পাতল আৰু বলি বিধানৰ ধাৰণা প্ৰচলিত হয়৷ নিজৰ যুক্তি আৰু কাৰিকৰী শক্তিৰ আয়ত্তৰ বাহিৰৰ ৰহস্যময় পৰিৱেশ নিয়ন্ত্ৰণ কৰাৰ চেষ্টাৰ ফলস্বৰূপে এইবোৰ ধাৰণাৰ জন্ম হয়৷ অন্য জন্তুয়ে চিকাৰ কৰা কাৰ্যক অনুসৰণ কৰি মানুহে অন্য জন্তুক চিকাৰ কৰা কৌশল আয়ত্ত কৰিছিল৷ এই কৌশলবোৰক জন্তু নিয়ন্ত্ৰণ কৰা যাদুকাৰ্য বুলি পিছলৈ পৰিগণিত হ’ল৷ যাদু কৰিবৰ বাবে বিভিন্ন অংগী-ভংগী দি দেহা ভাজ কৰি জন্তুক চিকাৰ কৰিবলৈ যোৱা আৰু চিকাৰত অভিলেখ সংখ্যক জন্তু হত্যা কৰাৰ সেই কৌশল যাদুবিদ্যাৰূপে গুহাবোৰত দৃশ্য আকাৰে অংকন কৰা হৈছিল৷ এনেদৰে মানুহৰ সমাজ ব্যৱস্থাত ধৰ্ম, নৃত্য, অংকন কলা, কবিতা আৰু সংগীতৰ জন্ম হয়৷
যিশুখ্ৰীষ্টৰ জন্মৰ পৰা ৩৫০০ বছৰৰ আগতে মেচ’পটেমিয়া সভ্যতাই চকাৰ আৱিষ্কাৰ কৰিছিল৷ চকাৰ আৱিষ্কাৰে মানুহৰ সমাজলৈ এক আমূল পৰিবৰ্তন আনিলে৷ প্ৰাচীন গ্ৰীচত চকা যাতায়ত-যোগাযোগ ব্যৱস্থাত ব্যৱহাৰ কৰাৰ লগতে সময় নিৰূপণ কৰিবলৈ সৌৰ ঘড়ী, খেতিত পানী যোগান ধৰিবলৈ, শক্তি উৎপাদন আদিৰ দৰে বিভিন্ন উন্নত কৌশল ব্যৱহাৰ কৰিছিল৷ সেইবাবে বহুকেইজন বুৰঞ্জীবিদে স্বীকাৰ কৰে যে মানুহৰ সমাজ ব্যৱস্থাত জুই আৰু চকাৰ আৱিষ্কাৰে যিমান পৰিবৰ্তন আনিছিল, সিমান পৰিবৰ্তন এতিয়ালৈকে কোনো আৱিষ্কাৰে আনিব পৰা নাই৷ প্ৰস্তৰ যুগত জুইৰ আৱিষ্কাৰ মানৱ জাতিৰ বাবে যিমান অৱদান বুলিব পাৰি সিমানে কঠিন আছিল জুইক নিয়ন্ত্ৰণ কৰাতো৷ জুইক নিয়ন্ত্ৰণ কৰিব নোৱাৰি দেৱতাৰ দৰে পূজা অৰ্চনা কৰি বলিদান প্ৰথা আৰম্ভ হৈছিল৷ আদিতে মানুহে ভাবিছিল আগৰ বছৰৰ নাখাই পেলাই দিয়া জন্তুৰ পীৰাটোৰ পৰা বেলেগ জন্তুৰ জন্ম হয় আৰু নাখায় পেলাই দিয়া শকত গুটিৰ পৰা শস্যৰ জন্ম হয়৷ বৰ্তমানৰ প্ৰণালীবদ্ধ কৃষি-কাৰ্য আৰু পশু-পালনৰ লগত আমাৰ পূৰ্বপুৰুষৰ বলিদানৰ বিশ্বাস জড়িত আছে৷
দিনত সূৰ্যক আৰু ৰাতিৰ ৰখীয়া চন্দ্ৰক পূজা কৰা সেই সমাজৰ মানুহে চন্দ্ৰৰ মাহেকীয়া কালৰ লগত সমাজত তিৰোতাৰ ৰজস্বলা হোৱা কাৰ্যৰ প্ৰতি ৰহস্যজনক ভয়-ভীতে স্থান লয়৷ যাৰবাবে ভাৰতৰ সমাজ ব্যৱস্থাত ৰজস্বলা নাৰীক পুৰুষে স্পৰ্শ কৰাটো নিষিদ্ধ হৈ পৰে৷ আৰু দেৱী পূজাৰো আৰম্ভ সেই ভয়ৰ পৰাই ৷ আদিম কালত মানুহে উম পাবলৈ গুহা, গছৰ খোৰোং আদিত কুচি-মুচি শুইছিল, সেই স্বভাৱ বিৰ্বতনৰ মাজেৰে আমালৈও আহিল৷ ঠিক সেইদৰে কলহৰ সহায়ৰে শৱ-সংস্কাৰ কৰাৰ অৰ্থ গৰ্ভলৈ প্ৰত্যাৱৰ্তন৷ কিন্তু খনিজ দ্ৰব্যৰ শোধন প্ৰণালী আৱিষ্কাৰ হোৱাৰ পিছত দেহৰ নশ্বৰ আৰু অপবিত্ৰ মাংসৰ অংশ দহন কৰি শৱ-দাহ কৰাৰ নিয়ম হ’ল৷ অৱশিষ্ট অস্থিখিনি পাত্ৰত ভৰাই মাটিত পোতা হয় নতুবা আধুনিক কালৰ দৰে পবিত্ৰ নদীত সমৰ্পন কৰা হয়৷ উপৰোক্ত সমাজ ব্যৱস্থাই প্ৰাচীন ভাৰতীয় সমাজ ব্যৱস্থাক প্ৰতিনিধিত্ব কৰিছে৷ এই সমাজ ব্যৱস্থাৰ লগত ভাৰতীয় মূল ভূখণ্ডৰ বাহিৰে অন্যান্য অঞ্চলৰ সমাজ ব্যৱস্থাৰ কোনো মিল নাই ৷ এইখিনিতে উল্লেখ কৰিব লাগিবযে বৰ্তমানৰ হিন্দু ধৰ্মৰ সমাজবোৰত পূজা-পাতল আৰু অন্যান্য প্ৰথাসমূহৰ অন্তৰ্নিহিত বিষয়বস্তু বিবৰ্তনৰ লগে লগে সম্পূৰ্ণ পৃথক হৈ পৰিল৷ আৰু সমাজত এইবোৰ কৰ্মৰ ভিত্তিত পূজা-পাতল কৰা এটা শ্ৰেণীৰ জন্ম হ’ল৷ লাহে লাহে সমাজত কৰ্ম অনুযায়ী গোটবোৰ ভাগ ভাগ হ’বলৈ ধৰিলে৷ শত্ৰুৰ পৰা সমাজক বচাবলৈ যুদ্ধ কৰা, মাটিৰ পাত্ৰ সজা, লোহাৰ কাম কৰা, মাছ মৰা, পশুপালন কৰা, পূজা-পাতল কৰা আদি কাম অনুযায়ী সমাজৰ মানুহবোৰ বিভিন্ন গোটত এক সুকীয়া উপাধিৰে জনাজাত হ’ল৷ আৰু তেতিয়াৰ পৰাই আৰম্ভ হ’ল জাত-পাতৰ বৰ্তমানলৈকে চলি থকা সমস্যাৰ৷
সমাজখন পিতৃ-তান্ত্ৰিক হ’লে পুৰোহিতজন সম্পূৰ্ণ জাতিটোৰ মূৰব্বী হৈ পৰে৷ আনহাতে মাতৃ-তান্ত্ৰিক সমাজত ভগৱতী স্বৰূপা মুখ্য পুৰোহিতনী গৰাকী মূৰব্বী হৈ শাসন কৰিছিল৷ শাসন ব্যৱস্থা ইয়াৰে পৰা আৰম্ভ হয়৷ এই সমাজ ব্যৱস্থাৰ পৰাই বিৰ্বতন ঘটি সৃষ্টি হয় ৰাজতন্ত্ৰৰ৷ সমাজত দুটি নতুন শব্দ ৰজা আৰু প্ৰজাৰ সৃষ্টি এইসময়তে৷ ৰাজতন্ত্ৰত সমাজ ব্যৱস্থা নিৰ্ভৰ কৰিছিল ৰজাই নিৰ্ধাৰণ কৰা নীতি নিয়মৰে৷ এই নীতি-নিয়মবোৰ ক্ষণস্থায়ী আছিল, কাৰণ সেই অঞ্চলসমূহ অন্য ৰজাৰ তলতীয়া হোৱাৰ লগে লগে আগৰ নীতি-নিয়ম নোহোৱা হৈ পৰিল৷ যাৰবাবে তেনেবোৰ সমাজক মানুহৰ সমাজ বুলি স্বীকৃতি দিবলৈ কঠিন হৈ পৰিছিল৷ এই বন্য মানৱ সমাজবোৰক অঞ্চলভেদে বহুখিনি সুস্থিৰতা প্ৰদান কৰিলে গৌতম বুদ্ধ, যিশুখ্ৰীষ্ট আৰু হজৰত মহম্মদৰ দৰে মহাপুৰুষসকলে৷ ঠিক সেইদৰে প্ৰাচীন ভাৰতীয় সমাজ ব্যৱস্থাত সৃষ্টি হোৱা অৰাজকতা আতৰাই সুস্থ সমাজ গঢ়িবলৈ ১০-১৬ শতিকাৰ ভাৰতবৰ্ষত নৱজাগৰণ সূত্ৰপাত কৰা প্ৰবক্তা কেইগৰাকী আছিল তামিলনাডুত ৰামানুজ, অযোধ্যাত ৰামানন্দ, উত্তৰ প্ৰদেশত হৰি দাস, বাৰাণসীত কবিৰ, পাকিস্থানত গুৰুনানক, পশ্চিমবংগত শ্ৰীচৈতন্য, মহাৰাষ্ট্ৰত তুকাৰাম, ৰাজস্থানত মীৰাবাঈ আৰু অসমত শংকৰদেৱ৷ শংকৰ গুৰুজনাই অসমৰ কেনে এক সমাজ ব্যৱস্থাৰ মাজৰ পৰা সকলোকে গোটাই বৃহত্তৰ অসমীয়া সমাজ দিলে তাক আমি সকলোৱে জানো৷ গুৰুজনাৰ এই অৱদানৰ ওপৰত বৈষ্ণৱ পণ্ডিত মহেশ্বৰ নেওগে কৈছে ,
‘‘গুৰুজনাৰ আজি জন্মৰ পাচ শতাব্দীৰো অধিক কাল হ’ল৷ অসমত ৰাজনৈতিক, সামাজিক, বুৰঞ্জীৰ মূৰৰ ওপৰে কত ধুমুহা, চেচা, তপত, বতাহৰ প্ৰাণদহী সোত পাৰ হৈ গৈছে, কিন্তু গুৰুজনাই যি সংস্কৃতিৰ বীজ সিচিলে, সি আজিকোপতি জাতিৰ জীৱনৰ তলীলৈকে শিপাই জীপ দি আছে৷’’
১৪ ৰপৰা ১৬ শতিকাত ইউৰোপত হোৱা ‘ৰেণেছা ৰিফৰমেছন’ বা নৱজাগৰণেও সমাজ ব্যৱস্থাক বহুখিনি উন্নত কৰি তুলিলে৷ শিল্প বিপ্লৱৰ আৰম্ভণি, দুখনকৈ বিশ্বযুদ্ধই মানুহৰ সমাজ ব্যৱস্থাক অন্য দিশলৈ গতি কৰালে৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দিশত ঈৰ্ষণীয় সাফল্যই সমাজ ব্যৱস্থাৰো আমূল পৰিবৰ্তন আনিলে৷ সমাজত নতুন শব্দ বিজ্ঞান, আস্তিক, নাস্তিক, অন্ধবিশ্বাস, কুসংস্কাৰ আদিয়ে স্থান পালে৷ ‘তুলসীৰ তলে তলে মৃগ পহু চৰে’ ত মানুহৰ পদধূলা পৰিল৷ ব্ৰহ্মগুপ্ত, আৰ্যভট, বৰাহমিহিৰ, শুশ্ৰুত, চৰক, কেপলাৰ, আৰ্কিমিডিছ, জাং হেং, লিঅ’নাৰ্ড’-দা-ভিঞ্চি, ইবন অল হাইথেম, কপাৰনিকাচ, গেলিলিঅ’ গেলিলি, ইউক্লিড, পাইথাগোৰাছ, আইজাক নিউটন, এলবাৰ্ট আইনষ্টাইন, মাইকেল ফেৰাডে, আলেকজেণ্ডাৰ ফ্লেমিং, চাৰ্লচ ডাৰউইন, বেঞ্জামিন ফ্ৰেংকলিন, গ্ৰেগৰ জোহানচ মেণ্ডেল, থমাছ আলভা এডিচন, চাৰ্লচ বেবেজ, গ্ৰাহাম বেল, এণ্টিনিঅ’ লেভয়চিয়াৰ, জগদীশ চন্দ্ৰ বসু, চি ভি ৰামণ, কুৰী দম্পতী, ৰাইট ভাতৃদ্বয়, জেমচ ৱাটছন, ৰিচাৰ্ড ফাইনমেন, ৰেজ’লিন ফ্ৰেংকলিন, লুই পেষ্ট’ৰ, ৰবাৰ্ট হুক, জনাচ এডৱাৰ্ড চক, ষ্টিফেন হকিং আদিৰ দৰে বিজ্ঞান জগতৰ উজ্জ্বল জ্যোতিষ্ক সমূহে মানৱ জাতিটোক ক্ষীপ্ৰতাৰে উত্তৰণ কৰাই আজিৰ আমাৰ সমাজ ব্যৱস্থাক দান স্বৰূপে প্ৰদান কৰিলে৷ চানক্য, চক্ৰেটিছ, ভ্লাডিমিৰ লেনিন, যোচেফ ষ্টেলিন, কাৰ্ল মাস্কৰ্, কনফুচিয়াচ, এব্ৰাহম লিংকন, মাহাত্মা গান্ধী, নেলছন মেণ্ডেলা আদিৰ দৰে সামাজিক নেতাসকলে তেওঁলোকে প্ৰতিনিধিত্ব কৰা সমাজক নিয়ন্ত্ৰণ কৰি এক নিজা আদৰ্শ সমাজ প্ৰদান কৰিছিল৷
কৃত্ৰিম উপগ্ৰহসমূহৰ বাবে যাতায়ত-যোগাযোগ ব্যৱস্থাৰ উন্নয়নে পৃথিৱীখনক এখন গাঁৱলৈ পৰিবৰ্তন কৰিলে৷ যাৰবাবে বিশ্বৰ সকলো সমাজ ব্যৱস্থাৰ নিজা নীতি-নিয়মৰ কিছুমান কঠোৰতা শিথিল কৰি আনৰ পৰা ভালটো লৈ স্ব-পৰিবৰ্তন হ’বলৈ ধৰিলে৷ সমাজত চেপেটা বুলি ধাৰণা থকা পৃথিৱীয়ে গোলাকাৰ ৰূপ পালে৷ মানুহে বিৰ্বতিত মস্তিষ্কৰ সহায়ত সকলো জীৱতকৈ শ্ৰেষ্ঠতৰ হিচাপে পৰিচয় দি মানৱ সমাজ আৰু সভ্যতাক চূড়ান্ত পৰ্যায়লৈ লৈ গ’ল৷ তথাপিও অতি দুখৰে কওঁযে বৰ্তমান মানুহৰ সমাজখনত আদিম চিন্তাধাৰা, কৰ্ম-কাণ্ড শেষ হোৱা দেখা নগ’ল৷ কোনোবা দেৱ-দেৱতাক সন্তুষ্ট কৰিবলৈ এতিয়াও জীৱক বলি দিয়া হয়৷ ডাইনী বুলি নিৰীহক হত্যা কৰা হয়৷ পৰ্দা প্ৰথা আৰু কন্যা সন্তানক গৰ্ভত হত্যা কৰাটো বৰ্তমানেও চলিয়েই আছে৷ বিধৱা আৰু সন্তান জন্ম দিব নোৱাৰা তিৰুতাক আজিও সমাজে ঘৃণাৰ চকুৰে চাই৷ হয়তো সমাজৰ বিৰ্বতন ভালদৰে হ’ল, কিন্তু মানুহৰ মস্তিষ্কৰ বিৰ্বতন সকলোৰে সমভাবে নহ’ল বাবেই সমাজৰ এই দুৰৱস্থা৷
প্ৰকৃতিৰ লগত সহৱস্থান কৰি বহনক্ষম উন্নয়ণৰ মাজেৰে কৰ্মৰাজি চলালেহে মানৱ সমাজৰ বিৰ্বতন শুদ্ধ পথত চলি থাকিব৷ প্ৰকৃতি ধ্বংস কৰি সমাজ ব্যৱস্থাৰ উত্তৰণ ক্ষণস্থায়ী৷ বৰ্তমানে মানুহৰ কৃতকৰ্মৰ বাবে প্ৰকৃতিয়ে নিজৰ ভাৰসম্যতা হেৰুৱাইছে৷ মানব সমাজৰ বাবেই পৃথিৱীৰ বায়ু, মাটি আৰু পানী বিষাক্ত হৈ পৰিছে৷ আমাৰ সমাজ ব্যৱস্থা ইমানেই নিকৃষ্ট হৈ পৰিছে যে গাভিনী হাতী এজনীক বাৰুদ থকা আনাৰস খোৱাই পেটৰ সন্তানৰ সৈতে হত্যা কৰিছোঁ৷ প্ৰতিদিনে আমাৰ সহোদৰ অন্য জীৱসমূহ এই পৃথিৱীৰ পৰা বিলুপ্ত ৈহ পৰিছে কেৱল আমাৰ সমাজ ব্যৱস্থাই গ্ৰহণ কৰা ধ্বংসাত্মক উন্নয়ণৰ কৰ্মৰাজিৰ বাবে৷ সেইয়ে কৈছোঁ বহনক্ষম উন্নয়ণ কাগজে পত্ৰে নাৰাখি সমাজক আগুৱাই নিবলৈ ব্যৱহাৰ কৰিবব লাগে৷ তেতিয়াহে আমাৰ সামাজিক বিৰ্বতন ধ্বংসৰ মুখলৈ যোৱাৰ পৰা হাত সাৰিব৷
তথ্যৰ উৎস
বিশ্বকোষ, দ্বিতীয় খণ্ড
ভাৰতৰ ইতিহাস, ড॰ডি ডি কৌশাম্বী
ভাৰত বুৰঞ্জী, ড॰স্বৰ্ণলতা বৰুৱা
অসম বুৰঞ্জী, ড॰লক্ষ্মী দেৱী
আধুনিক বিশ্ব আৰু অসমৰ বুৰঞ্জী, চেনেহী বেগম
শংকৰদেৱ অধ্যয়ন, প্ৰফুল্ল চন্দ্ৰ বৰা
অসমীয়া মানুহৰ নৃবৈজ্ঞানিক পৰিচয়, ড॰ভুবন মোহন দাস