কেন্দ্ৰীয় নিবন্ধ

মাৰ্ক্সবাদৰ সহজ পাঠ – মাৰ্ক্সবাদী কোন?-(সিদ্ধাৰ্থ লাহিড়ী)

“আপুনি নিজকে এজন মাৰ্ক্সবাদী বুলি ভাবেনে?”

সমাজত ঘোৰ মাৰ্ক্সবাদী বুলি চিনাকি থকা মানুহ এজনেও এইধৰণৰ চিধাচিধি প্ৰশ্নৰ মুখামুখি হ’লে অলপ থমকি ৰ’ব পাৰে। প্ৰসঙ্গক্ৰমে, দুই দশকৰো কিছু আগত লোৱা এটা সাক্ষাৎকাৰ মনলৈ আহিছে। সুজিৎ চৌধুৰী আছিল বৰাক উপত্যকাৰ এজন বিশিষ্ট ঐতিহাসিক আৰু  বুদ্ধিজীৱী। খুব সম্ভৱ ‘খ’ আলোচনীৰ পৰা আগ বঢ়োৱা উক্ত প্ৰশ্নটোৰ উত্তৰত তেখেতে কৈছিল – ইতিহাস অধ্যয়ন কৰোঁতে মাৰ্ক্সবাদী সঁজুলিৰ প্ৰয়োগ মোৰ বাবে যথেষ্ট উপযোগী বুলি প্ৰমাণিত হৈছিল।

উত্তৰটোৱে এটা সময়ত মোক যথেষ্ট ভবাই তুলিছিল। মাৰ্ক্সবাদ আচলতে কি? কোনো দৰ্শন নে সঁজুলি? মাৰ্ক্সবাদক এবিধ সঁজুলি বুলি ধৰিলে এই সঁজুলিৰ ব্যৱহাৰ জনা প্ৰতিজনে নিশ্চয় একো একোজন মাৰ্ক্সবাদী। ধৰা যাওক, কোনোবাই সাহিত্য সমালোচনাৰ বাবে যদি মাৰ্ক্সীয় সঁজুলি প্ৰয়োগ কৰে আৰু নাটক  সমালোচনাৰ বাবে উত্তৰ আধুনিক তত্ব, তেখেতক  মাৰ্ক্সবাদী বুলি কোৱা সঠিক হ’বনে? তেওঁৰ দুই দৰ্শনৰ ওপৰত দখল আছে – দুই সঁজুলি(ব্যাখ্যাত্মক) ব্যৱহাৰত সিদ্ধহস্ত – কিন্তু তেওঁ নিজৰ জীৱন কেনেকৈ যাপন কৰিব সেয়া অন্য প্ৰসঙ্গ। আমি কেনেকৈ চিন্তা কৰিম, চিন্তাস্ৰোত কি ধৰণেৰে আগ বঢ়াব জানিলে এটা জটিল বিষয়বস্তুৰ মৰ্মস্থলত সোমাব পাৰি? এচামে কোৱা শুনিছোঁ, সাধাৰণ নাগৰিকে বেছি চিন্তা কৰিবই নালাগে। সময়মতে কৰ পৰিশোধ কৰিব লাগে। মাস্ক পিন্ধিব লাগে। সঘনাই হাত ধুই থাকিব লাগে। ‘আৰোগ্য এপ’ ডাউনলোড কৰিব লাগে। ভেকচিন ল’ব লাগে। ‘আমাজন’-ৰ বাহিৰে সকলোৰ পৰা দূৰত্ব ৰক্ষা কৰি চলিব লাগে। কিন্তু, চিন্তা-ভাবনাবোৰ এমুঠি ৰাজনৈতিক নেতা, অৱসৰপ্ৰাপ্ত হামলাবাজ সামৰিক জেনেৰেল, টিভিৰ এংকৰ আৰু ৰাষ্ট্ৰীয় অনুজ্ঞাপত্ৰ পোৱা বুদ্ধিজীৱীচামটোৰ মূৰৰ পৰাই ওলাব লাগিব (নাইবা,  এওঁলোকৰ একচেটিয়া ‘প্ৰাকৃতিক’ বৈশিষ্ট্য হ’ব লাগিব) বুলি কোনো কথা নাই। জীয়াই থাকিবলৈ, সুস্থভাৱে, মৰ্যাদা সহকাৰে জীয়াই থাকিবলৈ, খাটিখোৱা প্ৰতিজন মানুহে চিন্তা-ভাবনা কৰাটো খাটাং। বিশেষকৈ, কঠোৰ পৰিশ্ৰমৰ পিছতো যেতিয়া জীৱনধাৰণৰ মান উন্নত নহয়, দূশ্চিন্তাগ্ৰস্ত হৈ পৰাটোৱেই স্বাভাৱিক। চিন্তাবোৰ অকোৱা-পকোৱা বাটেৰে (বৈজ্ঞানিক পদ্ধতিৰ পৰা আঁতৰি থকা অৰ্থত) গৈ থাকিব পাৰে। নাইবা, বিজ্ঞানসন্মত যুক্তিৰ দ্বাৰাও পৰিচালিত হ’ব পাৰে।  

মাৰ্ক্সৰ জন্মৰ দুই শতিকা অতিক্ৰান্ত হোৱাৰ পিছতো, মাৰ্ক্সবাদী দৰ্শনে কিয় শাসকৰ নিদ্ৰা হৰণ কৰে? ইয়াৰ বুজ লোৱাৰ বাবে, যোৱা শতিকাৰ বিশ্ব ইতিহাসৰ পৰা কেইটামান ঘটনা উল্লেখ কৰাই যথেষ্ট হ’ব। ১৯৩০ চনৰ শেষৰ ফালে, ৰবীন্দ্ৰনাথ ঠাকুৰে ৰাছিয়া ভ্ৰমণ কৰিবলৈ গৈছিল। ৰাছিয়াৰ বিপ্লৱৰ বয়স তেতিয়া দহ বছৰৰ কিছু অধিক। অতি কম সময়ৰ ভিতৰতে, ৰাছিয়াৰ উন্নতি, বিশাল কৰ্মযজ্ঞ আৰু সাধাৰণ মানুহৰ প্ৰাণ চঞ্চলতা চাই তেখেত অভিভূত হৈছিল। কবিয়ে নিজৰ মনৰ ভাব  প্ৰকাশ কৰিছিল এনেদৰে –              

” …পদাতিকের অধম যারা ছিল তারা বছর দশেকের মধ্যে হয়ে উঠেছে রথী। মানবসমাজে তারা মাথা তুলে দাঁড়িয়েচে, তাদের বুদ্ধি স্ববশ, তাদের হাত হাতিয়ার স্ববশ।” [১]

খাটিখোৱা ৰাইজৰ গুণগত মানৰ মাজত দেখা দিয়া এই বৈপ্লৱিক পৰিৱৰ্তনৰ কাৰণ কি আছিল? মাৰ্ক্সবাদ।

ভাৰতবৰ্ষৰ তথাকথিত ৰাজনৈতিক স্বাধীনতা লাভৰ দুবছৰৰ পিছত (অক্টোবৰ, ১৯৪৯ চন) চীন দেশত নৱ্যগণতান্ত্ৰিক বিপ্লৱ সম্পন্ন হৈছিল। বিপ্লৱৰ পূৰ্বে বহিৰ্জগতত চীন  দেশৰ সাধাৰণ জনগণসম্পৰ্কীয় ধাৰণা কি আছিল? এটা কানি খোৱা জাতি। পৃথিৱীৰ সৰ্বাধিক জনসংখ্যাবিশিষ্ট দেশ হোৱাৰ পিছতো অতি কম সময়ৰ ভিতৰতে চীন দেশৰ পৰা ভিক্ষাৰী আৰু নিবনুৱা নাইকিয়া হ’ল।  কেনেকৈ?  উত্তৰ একেটাই- মাৰ্ক্সবাদ।

চীন দেশৰ বিপ্লৱৰ চাৰি বছৰৰ মূৰত সামৰিক দিশৰ পৰা পৃথিৱীৰ আটাইতকৈ শক্তিশালী দেশ আমেৰিকাৰ ওচৰতে থকা দ্বীপ-সদৃশ এটা সৰু অঞ্চল কিউবাত বিপ্লৱ সম্পন্ন হ’ল। আমেৰিকাৰ সুদীৰ্ঘ অৰ্থনৈতিক অৱৰোধ আৰু সঘনাই চলাই থকা ৰাজনৈতিক ষড়যন্ত্ৰই কিন্তু কিউবাৰ মুক্তিকামী জনগণৰ ৰাজহাঁড় বেঁকা কৰিব নোৱাৰিলে। কিয়? উত্তৰ- মাৰ্ক্সবাদ। যেতিয়াই আমি  সমকালীন মানব ইতিহাস ৰচনাৰ আঁৰত থকা বৈপ্লৱিক প্ৰক্ৰিয়াৰ পৃষ্ঠভূমিৰ বুজ ল’বলৈ যত্নপৰ হওঁ, মাৰ্ক্সবাদী দৰ্শনৰ অভূতপূৰ্ব প্ৰয়োগ কৌশল আৰু নিপুণতাই আমাক বিস্মিত কৰে।

যিকোনো বস্তু নাইবা চিন্তাৰ বুজ লোৱাৰ এটা সাধাৰণ পদ্ধতি হ’ল এইবোৰৰ ভিতৰুৱা উপাদানৰ বিশ্লেষণ। এই প্ৰসংগত এটা চমু আৰু সহজবোধ্য প্ৰৱন্ধ ‘মাৰ্ক্সবাদৰ তিনিটা উৎস আৰু তিনিটা উপাদান’ৰ[২] কথা উনুকিয়াই থ’লোঁ। 

মাৰ্ক্সবাদৰ উৎস আৰু উপাদান

আৰম্ভণিতে এইটো মনত ৰখা ভাল যে ধ্ৰুপদী মাৰ্ক্সবাদী সাহিত্যৰ অন্তৰ্গত মাৰ্ক্স আৰু এঙ্গেলচৰ যৌথ অবদানকে স্বীকৃতি দিয়া হয়। ইউৰোপৰ নৱজাগৰণৰ পিছত, জাতি হিচাবে গঢ় লৈ উঠা দেশবোৰৰ ভিতৰত, দৰ্শনৰ ক্ষেত্ৰত সবাতোকৈ পুৰঠ ভেটি গঢ়ি উঠিছিল জাৰ্মানীত; আৰ্থ-ৰাজনৈতিক বিকাশৰ ক্ষেত্ৰত ব্ৰিটেইন; আৰু, সমাজবাদী আৰ্হিত এখন নতুন সমাজ কেনেকৈনো গঢ়ি তুলিব পাৰি সেই সম্পৰ্কীয় তত্বৰ বিকাশ আৰু প্ৰয়োগৰ ক্ষেত্ৰত আটাইতকৈ আগ বাঢ়ি থকা দেশখন আছিল ফ্ৰান্স। মাৰ্ক্সবাদৰ তিনিটা আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদানৰ মাজত, প্ৰাকৃতিক ঘটনাৱলীৰ ব্যাখ্যা দিয়াৰ বাবে  ‘দ্বান্দ্বিক বস্তুবাদ’, সমাজৰ ঐতিহাসিক বিকাশৰ বুজ লোৱা আৰু ইতিহাস নিৰ্মাণ প্ৰক্ৰিয়াত সক্ৰিয় অংশ গ্ৰহণৰ বাবে ‘ঐতিহাসিক বস্তুবাদ’ৰ ধাৰণা দৰ্শনৰ ক্ষেত্ৰখন বহলাবলৈ আৰু লগতে সমৃদ্ধিশালী কৰি তুলিবলৈ আছিল এটা উল্লম্ফন। মাৰ্ক্সে হেগেলৰ পৰা আয়ত্ত কৰিছিল দ্বান্দ্বিকতা আৰু ফয়াৰবাখৰ পৰা বস্তুবাদ। কিন্তু, ই মাথোঁ দুবিধ চিন্তাধাৰাৰ ‘ককটেইল’ নাছিল – আছিল এক বুদ্ধিদীপ্ত সৃজনশীল বিকাশ, এক স্বতন্ত্ৰ দৰ্শন। কোৱা হয়, ওভতগোৰে থকা হেগেলৰ দৰ্শনক মাৰ্ক্সীয় দৰ্শনে ওলোটাই নিজৰ ভৰিৰ ওপৰত থিয় হ’বলৈ সহায় কৰিছিল। আনহাতে, ফয়াৰবাখৰ ‘বস্তুবাদ’ ইমানেই যান্ত্ৰিক আছিল যে ই কাৰ্যতঃ ভাববাদী দৰ্শনত পৰিণত হৈছিল। এঙ্গেলচে ব্ৰিটিছ শ্ৰমিকৰ জীৱন ধাৰণৰ অৱস্থাৰ পুঙ্খানুপুঙ্খ অধ্যয়ন কৰিছিল আৰু মাৰ্ক্সে আৱিষ্কাৰ কৰিছিল ‘উদবৃত্ত মূল্য’-ৰ তত্ব। পুঁজিবাদী ব্যাৱস্থাই এক নতুন বিধৰ শ্ৰমশোষণ  প্ৰৱৰ্তন কৰি সমাজক অতি দ্ৰুত হাৰত ধনিক আৰু শ্ৰমিক এই দুটা ভাগত ভগাই দিয়াটো সকলোৱে মানি লব পৰা নাছিল। গতিকে, বিভিন্ন বিধৰ সমাজবাদী আৰ্হিৰ উদ্ভৱ হৈছিল। কিন্তু, ইয়াৰ বেছিভাগে আছিল কাল্পনিক আৰু অবাস্তৱধৰ্মী। মাৰ্ক্স আৰু এঙ্গেলচে বুজি পাইছিল যে, সমাজবাদ ওপৰৰ পৰা খঁহি নপৰে। পুঁজিবাদৰ গৰ্ভৰ পৰাই সমাজবাদৰ জন্ম হ’ব। তেওঁলোকে, ‘পাৰি কম্যুন’-ৰ (ক্ষণস্থায়ী আৰু ভঙ্গুৰ হোৱাৰ পিছতো) বিতংকৈ অধ্যয়ন কৰিছিল। আৰু, এটা কথাই তেওঁলোকৰ চকুত জলজল পটপটকৈ ধৰা দিছিল যে, শ্ৰমিক শ্ৰেণীয়ে যেতিয়ালৈকে ধনিক শ্ৰেণীৰ ওপৰত নিজৰ সবল কৰ্তৃত্ব প্ৰতিষ্ঠা কৰিব নোৱাৰিব, বিপ্লৱ ঘটিব পাৰে কিন্তু ই কোনোপধ্যেই স্থায়ীত্ব অৰ্জন কৰিব নোৱাৰে।

মাৰ্ক্সীয় পদ্ধতি

মনৰ মাজত অনবৰতে বুৰবুৰণি তোলা প্ৰশ্নৰ সম্ভাৱ্য উত্তৰ বিচৰাৰ কেইবাটাও পদ্ধতিৰ মাজত নিঃসন্দেহে মাৰ্ক্সবাদৰ এটা গুৰুত্বপূৰ্ণ স্থান আছে। কিন্তু আন সকলো দৰ্শন আৰু মাৰ্ক্সবাদৰ মাজত মূল পাৰ্থক্য হ’ল ই মাথোঁ ঘটনা-ক্ৰমৰ ব্যাখ্যা দাঙি ধৰাতে নিজক সীমাবদ্ধ নাৰাখে; ইয়াৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু জৰুৰী কথাটো হ’ল বস্তুৰ (সমাজ ব্যাৱস্থাটোও ‘বস্তু’ শব্দটোৰ অন্তৰ্গত) পৰিৱৰ্তন সাধন। গতিকে, এই প্ৰশ্নটো আহিয়েই যায়- কাৰ বাবে মাৰ্ক্সবাদৰ প্ৰয়োজন আটাইতকৈ বেছি? নিশ্চিত উত্তৰ- শ্ৰমিকৰ বাবে। আধুনিক শ্ৰমিকৰ বাবে। বিশেষকৈ শিল্প আৰু উদ্যোগৰ উৎপাদন  প্ৰক্ৰিয়াৰ লগত যুক্ত শ্ৰমিকৰ বাবে। যিসকলে কঠোৰ পৰিশ্ৰমৰ পিছতো অনিশ্চয়তা আৰু সুৰক্ষাহীনতাৰ পৰা মুক্ত হ’ব পৰা নাই।

মাৰ্ক্সবাদৰ সাধাৰণ ভাষ্য অনুসৰি, আধুনিক শিল্প ব্যাৱস্থাই সমাজৰ মাজত এটা অতি স্পষ্ট শ্ৰেণী বিভাজন আনি দিয়া দেখা যায়। উৎপাদনৰ সঁজুলিৰ ওপৰত মালিকানা থকা এটা শ্ৰেণী। আৰু, মজুৰীৰ বিনিময়ত সঁজুলি ব্যৱহাৰ কৰি (বেচিব পৰা) পণ্য-সামগ্ৰী উৎপাদন কৰি জীয়াই থকা এটা সংখ্যাগৰিষ্ঠ শ্ৰেণী। মালিক আৰু মজদুৰ। নাইবা, ধনিক আৰু শ্ৰমিক। প্ৰসঙ্গ ক্ৰমে, এইটো উনুকিয়াই থওঁ, পল চুইজীয়ে ইতিমধ্যে বহলাই আলোচনা কৰিছে [৩] যে, মাৰ্ক্সে এটা সাধাৰণ সূত্ৰ উলিয়াবলৈ কেনেকৈ এজন অতি দক্ষ বৈজ্ঞানিকৰ দৰে জৰুৰী আৰু অজৰুৰী বিষয়বোৰ পৃথক কৰি নিজা যুক্তি নিৰ্মাণ প্ৰক্ৰিয়া আগ বঢ়াইছিল। মাৰ্ক্সে নিজৰ চকুৰ আগতে, শিল্প পুঁজিবাদৰ দ্ৰুতগতিত হোৱা বিকাশ দেখিবলৈ পাইছিল। ইউৰোপৰ সমাজবোৰত মালিক আৰু মজদুৰৰ উপৰিও আৰু বিভিন্ন শ্ৰেণী আছিল। কিন্তু নতুন পৰিস্থিতিৰ সাপেক্ষে এই দুটা শ্ৰেণীয়েই আছিল আটাইতকৈ দ্ৰুত হাৰত বাঢ়িবলৈ লোৱা শ্ৰেণী। 

“আগতে যিবিলাক ব্যৱসায়বৃত্তিক সমাজে আদৰ কৰিছিল, শ্ৰদ্ধা সহকাৰে ভয়ৰ চকুৰে চাইছিল, পুঁজিবাদে সেই সকলোবিলাক বৃত্তিৰে আগৰ মৰ্য্যাদা নোহোৱা কৰি দিলে। চিকিৎসক, আইনজীৱী, পুৰোহিত, কবি, বৈজ্ঞানিক, এই সকলোকে পুঁজিবাদে হাজিৰা খটা মজদুৰত পৰিণত কৰিছে।” [৪]

গতিকে, এজন সমাজ বিজ্ঞানী হিচাপে  মালিক- মজদুৰৰ সম্পৰ্কৰ ভিতৰুৱা বিজ্ঞানৰ ওপৰত মনোযোগ দিলে গোটেই সমাজৰ ভিতৰুৱা গতি সূত্ৰ ঢুকি পোৱা সহজ হ’ব – সেইটোৱেই আছিল মাৰ্ক্সৰ নিজস্ব অনুসন্ধান পদ্ধতি।  

মজুৰী, মুনাফা  আৰু ৰাষ্ট্ৰ

এটা সামগ্ৰী বিক্ৰীৰ বাবে সাজু কৰি তোলোতে কেইবাটাও ঢাপ পাৰ হ’বলগীয়া হয়। প্ৰতিটো ঢাপতে ভিন ভিন কাম জনা মজুৰ লাগে। বেলেগ বেলেগ কামৰ বেলেগ বেলেগ মজুৰী। বস্তু উৎপাদনৰ লগে লগে বিক্ৰী নহয়। মুঠ উৎপাদন মূল্য আৰু বিক্ৰী মূল্যৰ মাজত পাৰ্থক্য যিমানে বেছি কৰিব পাৰি, সিমানেই মুনাফা বঢ়াই যাব পাৰি। কামটো  মুঠেও সহজ নহয়। বিভিন্ন সম্ভাৱনা আৰু আশংকাৰ মাজেদি বাট বুলিব লাগিব। চাহিদা আৰু যোগানৰ সম্পৰ্ক বুজিব লাগিব। ৰুটি-আলুক ‘ভেজিটেবিল ৰোল’; কাঁচকলৰ ব্যাঞ্জনক ‘ভেজিটেবিল মলাই কোফ্তা’ আৰু চাতু চৰবতক ‘হেল্থ ড্ৰিঙ্ক’-ৰ পৰ্য্যায়লৈ পদোন্নতি আনি দিব পৰা কিটিপ আয়ত্ব কৰিব লাগিব। মুনাফা বৃদ্ধি আৰু পণ্যসামগ্ৰীৰ মাজত মূল্য সংযোজন প্ৰক্ৰিয়াটো এটা অতি উন্নত কলা হ’ব পাৰে। কিন্তু, মাৰ্ক্সে বিভিন্ন উদাহৰণ আৰু তত্বৰ প্ৰয়োগ কৰি দেখুৱালে যে, মুনাফাৰ মূল উৎস শ্ৰমৰ মজুৰী নিৰ্ধাৰণ প্ৰক্ৰিয়াটোৰ লগতে যুক্ত। ‘শ্ৰমিকে নিজৰ শ্ৰমৰ বাবে কিমান মজুৰী পাব লাগে?’- মালিকে কেতিয়াও এই প্ৰশ্নটোৰ মুখামুখি হ’ব নোখোজে। বৰঞ্চ, দিবলগীয়া সকলোখিনি যে ইতিপূৰ্বে দিয়া হৈ গৈছে সেইটোকে বাৰম্বাৰ দোহাৰি থাকে। শ্ৰমমূল্য নিৰ্ধাৰণৰ নিৰিখ সাৰ্বজনীন কৰি তোলাৰ বাবে এটা শক্তিশালী ব্যাৱস্থা গঢ় দিবলগীয়া হয়। ‘ৰাষ্ট্ৰ’-তাৰে বিকশিত ৰূপ। মালিকে ৰাষ্ট্ৰৰ লগত নিজৰ হলিগলি লুকুৱাই ৰাখিব খোজে। শ্ৰমিকে আন সকলো চিনাকি তল পেলাই মাথোঁ শ্ৰমিক হিচাপে ঐক্যবদ্ধ হ’ব লাগে। আটাইতকৈ আধুনিক আৰু বৈজ্ঞানিক দৰ্শনৰ দ্বাৰা পৰিচালিত হৈ গোটেই সমাজখনক নেতৃত্ব দিব পৰা এটা আগৰণুৱা শ্ৰেণী হ’ব পৰা সম্ভাৱনা কিয় মাথোঁ শ্ৰমিকৰহে আছে মাৰ্ক্স আৰু এঙ্গেলচে ইয়াৰ বিষদ ব্যাখ্যা দাঙি ধৰিছিল। কিন্তু তাৰ বাবে প্ৰাথমিক কামটোয়েই হ’ল এখন নতুন ৰাষ্ট্ৰৰ প্ৰতিষ্ঠা। 

ৰাষ্ট্ৰ, বিজ্ঞান আৰু মাৰ্ক্সবাদ

‘ৰাষ্ট্ৰ’- শব্দটো উচ্চাৰিত হোৱাৰ লগে লগে সকলো ঠাইতে বিৰাজমান, সৰ্বগুণাকৰ আৰু সৰ্বশক্তিমান (এক অৰ্থত ঈশ্বৰৰ সমাৰ্থক) সত্তাৰ কথাটো মনলৈ আহে। আৰু, ভাবিব জনা প্ৰতিটো মানুহৰ মনত এবিধ সাধাৰণ প্ৰতিক্ৰিয়া দেখা দিয়ে। ভয়। জীৱিকা হেৰুৱাৰ ভয়। মান হানি হোৱাৰ ভয়।  নিগ্ৰহ নিপীড়নৰ ভয়। অকলশৰীয়া হৈ যোৱাৰ ভয়। কাৰাগাৰত বিনা বিচাৰত জহি-খহি-পচি মৰাৰ ভয়। ৰাষ্ট্ৰ পৰিচালনাৰ এটা মৌলিক বৈশিষ্ট্য হ’ল, সংখ্যা গৰিষ্ঠ খাটি খোৱা ৰাইজক ভয়ভীত কৰি ৰখাৰ বাবে, নতুন নতুন বিধৰ ভয় উৎপাদনৰ বাবে, আইন প্ৰস্তুত কৰা।

বিজ্ঞানৰ জগততো, দীৰ্ঘদিন ধৰি প্ৰচলিত এটা সুপ্ৰতিষ্ঠিত ধাৰণাক প্ৰশ্ন কৰিবলৈ, প্ৰথমেই এটা ভয়ভাবে দেখা দিয়ে। কিন্তু, বিজ্ঞানৰ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় – ‘প্ৰশ্ন কৰা!’ এই চুটি বাক্যটোৰ জৰিয়তেই বৈজ্ঞানিক দৃষ্টিভংগীৰ আৰম্ভণি। বিজ্ঞানী এজনৰ মূল দায়বদ্ধতা থাকে সততাৰে কৰা পৰীক্ষা-নিৰীক্ষা আৰু পৰীক্ষা-লব্ধ ফলাফলৰ ভিত্তিত সিদ্ধান্ত টনাৰ প্ৰক্ৰিয়াটোৰ প্ৰতি। এই মানসিকতা অৰ্জন কৰিবলৈ, ভয়ৰ ভাবনাৰ পৰা মুক্তি পাবলৈ এজন বিজ্ঞানীয়ে যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়। ৰাষ্ট্ৰ বিজ্ঞানৰ এজন সুযোগ্য গৱেষক মাৰ্ক্সেও ব্যক্তিগত আৰু সামাজিক জীৱনত নেৰানেপেৰাকৈ সংগ্ৰাম কৰি যাবলগীয়া হৈছিল। আৰু এই সংগ্ৰাম-সমৃদ্ধ গৱেষণাৰ পৰাই ওলাই আহিছিল ‘উদ্বৃত্ত মূল্য’-ৰ তত্ব। উদ্বৃত্ত মূল্যৰ পৰাই তৈয়াৰ হয় মুনাফা। মুনাফা পুঁজিলৈ ৰূপান্তৰিত হোৱাৰ পিছত ই এবিধ স্বয়ংক্ৰিয় সাৰ্বভৌমত্ব অৰ্জন কৰে। ধনতান্ত্ৰিক আৰ্থ-সামাজিক ব্যাৱস্থাৰ বুনিয়াদ ৰচনা হয় লগ্নীপুঁজিৰ ওপৰত। লাহে লাহে সমগ্ৰ বিশ্ব অৰ্থনৈতিক ব্যাৱস্থাৰ মাজত এক প্ৰবল অভিকেন্দ্ৰিক ঘূৰ্ণনৰ সৃষ্টি হয়। কেন্দ্ৰ আৰু প্ৰান্তিক অঞ্চলৰ সম্পৰ্ক (center-periphery relation)-ৰ মাজত বান্ধ খাই পৰে সকলো সমাজ। কেন্দ্ৰ-ই প্ৰান্তিক অঞ্চলৰ পৰা ক্ৰমবৰ্ধমান হাৰত মুনাফা লুটি নিয়াৰ সপক্ষে বিভিন্ন ধৰণৰ আন্তৰ্জাতিক নিয়মাৱলী প্ৰস্তুত কৰে যিবোৰ দেখদেখকৈ বৈষম্য মূলক। বিভিন্ন দেশতে গা কৰি উঠা অতিকেন্দ্ৰিক ফেচিবাদী প্ৰৱণতা এই বিশ্বব্যাৱস্থাৰ লগত অতিকৈ সঙ্গতিপূৰ্ণ। যদি কোনোবাই সাম্প্ৰতিক কালৰ বিভিন্ন আৰ্থ-ৰাজনৈতিক আৰু সামাজিক ঘটনাৱলীৰ স্পষ্ট ব্যাখ্যা উলিয়াবলৈ যুক্তি নিৰ্মাণৰ ওপৰত উল্লেখিত ধাৰা অনুসৰণ কৰে, সাধাৰণতে তেওঁৱেই ‘মাৰ্ক্সবাদী’ বুলি চিহ্নিত  হয়। 

বিজ্ঞানী আৰু মাৰ্ক্সবাদী

এতিয়া আমি আকৌ আগৰ প্ৰশ্নটোলৈ উভতি যাওঁ। ধৰা যাওক, এজন চতুৰ ব্যক্তিয়ে, ৰাজহুৱা ঠাইত বক্তৃতা দিওঁতে, নাইবা প্ৰবন্ধ আদি লিখামেলা কৰোঁতে মাৰ্ক্সবাদী যুক্তি নিৰ্মাণ কৌশল অনুসৰণ কৰে। অথচ, পৰিবাৰৰ মাজত নিজা কৰ্তৃত্ব প্ৰতিষ্ঠা কৰিবলৈ সামন্তীয় প্ৰভুৰ দৰেই আচৰণ কৰে। মাৰ্ক্সবাদী সঁজুলি ব্যাৱহাৰ কৰিব জনা বাবেই তেখেতক মাৰ্ক্সবাদী বুলি কোৱা যুগুত নে? এই প্ৰশ্নৰ সহজ আৰু জটিল দুয়ো বিধৰ উত্তৰ আছে। মনত পেলাওক, কম্যুনিস্ত পাৰ্টিৰ সদস্যতা লাভৰ চৰ্তবোৰ কি কি? চৰ্ত আছে তিনিটা। এক, পাৰ্টিৰ সংবিধান আৰু কাৰ্যসূচী পাঠ কৰি সহমত প্ৰকাশ কৰিব লাগিব। দুই, পাৰ্টিয়ে দিয়া কামৰ দায়িত্ব গ্ৰহণ কৰিব লাগিব। আৰু তিনি, নিয়মীয়াকৈ বছেৰেকীয়া চান্দা পৰিশোধ কৰিব লাগিব। এইটো হ’ল সহজ উত্তৰ। কিন্তু, কোনোবাই যদি কয়, ‘কম্যুনিস্ত পাৰ্টিৰ সদস্যতা লাভৰ বাবে কম্যুনিস্ত হ’বই লাগিব’ – সেইটো হ’ল দেখাত সহজ যেন লগা অথচ অতি জটিল উত্তৰ। দ্বিতীয় বিধৰ সংগঠন গঢ়ি উঠা আৰু বিকাশ লাভ কৰাৰ সম্ভাৱনা অতি ক্ষীণ। কেনেবাকৈ, অতি শুদ্ধাচাৰী কেইজনমান একগোট হ’ব পাৰিলেও, অধিকাংশ সময়তে শুদ্ধাচাৰিতাৰ পাঠ, লক্ষ্যভ্ৰষ্ট আলোচনা, সমালোচনাৰ নামত প্ৰতিপক্ষক ৰাজহুৱা ঠাইত নাঙঠ কৰি ঊল্লাস লাভ, এই বিলাকতে বেছিভাগ সদস্যৰ কৰ্ম শক্তি খৰচ হব। মাৰ্ক্সবাদ চৰ্চা আৰু মাৰ্ক্সবাদী হোৱা একে নহয়। যেনেকৈ, বিজ্ঞান চৰ্চা আৰু বিজ্ঞানী হোৱা একে নহয়। এজন বিজ্ঞানী হৈ উঠিবলৈ বিজ্ঞান চৰ্চাৰ লগতে বিজ্ঞানৰ লগত যুক্ত আন বিভিন্ন সাংগঠনিক কাম কাজতো পাকৈত হৈ উঠা অতিকৈ জৰুৰী। ভাল বিজ্ঞানী হৈ উঠাৰ বাবে কিছু পদ্ধতিগত অৰ্হতা লাভ কৰাৰ ওপৰঞ্চি, বিকল্প চিন্তাৰ প্ৰতি মাথোঁ সজাগতাই নহয়, এবিধ নৈৰ্ব্যক্তিক আকৰ্ষণ আৰু শ্ৰদ্ধা ভাবে বিজ্ঞানী এজনক নিৰন্তৰ কৌতুহলী হৈ থকাত সহায় কৰে। বৈজ্ঞানিক সমাজত শ্ৰেণী বিভাজন নাই বুলি ক’লে ভুল হব। আৰ্থ-সামাজিক শ্ৰেণী বিভাজনৰ প্ৰভাৱ গভীৰ আৰু সুদূৰ প্ৰসাৰী। বিশেষকৈ, যিবোৰ বৈজ্ঞানিক অনুসন্ধান প্ৰকল্প ‘কৰপোৰেট প্ৰজেক্ট’-নিৰ্ভৰ, বৈজ্ঞানিকৰ কৰ্ম আৰু সামাজিক মান-মৰ্যদাৰ মূল্যায়ন কিমান টকাৰ প্ৰকল্প গোটোৱা হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰে, বিজ্ঞানীজনৰ আচৰণ আৰু অতি প্ৰভাৱশালী আমোলাৰ আচৰণ প্ৰায় একাকাৰ হোৱা দেখা যায়। কিন্তু, ইয়াৰ পিছতো ক’ব লাগিব, বৈজ্ঞানিক অনুসন্ধানৰ মূল চৰিত্ৰ সহযোগিতাৰ ওপৰতে (team work) প্ৰতিষ্ঠিত। বৌদ্ধিক দিশৰ পৰা চাবলৈ গ’লে, অজ্ঞানতাৰ শিকলিৰ বাহিৰে বিজ্ঞানীয়ে হেৰুৱাবলগীয়া বিশেষ একোৱেই নাই। গতিকে, বৈজ্ঞানিক সমাজত, চিন্তাৰ অভিনবত্ব, যুক্তিৰ তীক্ষ্ণতা, পৰীক্ষা-নিৰীক্ষাৰ ক্ষেত্ৰত দেখুওৱা নিষ্ঠা, তথ্য বিশ্লেষণৰ  ক্ষমতা – সেইবিলাকেই আটাইতকৈ গুৰুত্বপূৰ্ণ। এজন মাৰ্ক্সবাদী মাথোঁ বিজ্ঞানমনস্কই নহয়, তেখেত  সুনিশ্চিত ভাবেই এজন বিজ্ঞানী। যদিও বিজ্ঞানী এজন মাৰ্ক্সবাদী হ’বই লাগিব বুলি কোনো কথা নাই, কিন্তু বিশেষ পৰিস্থিতিত এজন বিজ্ঞানীৰ মাজত মাৰ্ক্সবাদী চেতনা গা কৰি উঠাৰ সম্ভাৱনা অধিক। যিটো আমি আইনষ্টাইনৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ। কোনে পাহৰিব পাৰে আইনষ্টাইনৰ ফেচীবাদ বিৰোধী ৰাজনৈতিক অৱস্থানৰ কথা। বিখ্যাত আন্তৰ্জাতিক মাৰ্ক্সবাদী পত্ৰিকা ‘মান্থলী ৰিভিউ’-ৰ উদ্বোধনী সংখ্যাত তেখেতে লিখা ‘সমাজবাদ কিয়?’ [৫] প্ৰৱন্ধটো আজিকোপতি মাইলৰ খুঁটি বুলি বিবেচিত হৈ আহিছে।

মাৰ্ক্সবাদ বিজ্ঞান হয়নে?

বিজ্ঞানৰ দৰ্শন কি? বিভিন্ন ধাৰাৰ দাৰ্শনিক চিন্তাৰ মাজত বিজ্ঞানৰ উপাদানসমূহৰ উপস্থিতিৰ বুজ কেনেকৈ ল’ব পাৰি? এইবোৰ কিছু পাক লগা বিধৰ প্ৰশ্ন হ’লেও ‘বিজ্ঞান ভক্ত’ নাইবা ‘মাৰ্ক্সবাদ ভক্ত’ হৈ উঠাৰ পৰা বিৰত থাকিবলৈ হ’লে আমি কিছু অধ্যয়ন কৰা যুগুত। কাৰ্ল পপাৰ আছিল বিংশ শতাব্দীৰ এজন প্ৰথিতযশা দাৰ্শনিক। আৰু তেখেতৰ মূল বিষয় আছিল বিজ্ঞানৰ দৰ্শন। তেখেতে পৰিৱৰ্তনৰ সাৰ্বজনীনতাৰ ওপৰত গুৰুত্ব দিবলৈ গৈ কৈছিল যে, বিজ্ঞানৰ নিয়মবোৰ চাবলৈ গ’লে একো একোটা উক্তি (statement)। আজিৰ তাৰিখত যিবোৰ পৰীক্ষা-নিৰীক্ষাৰ ফলশ্ৰুতিত আমি কিছুমান নিয়ম প্ৰণয়ন কৰিলোঁ, যদি সেইবোৰ ভুল প্ৰমাণিত হোৱাৰ সম্ভাৱনা (falsifiability) হেৰুৱাই পেলাই, তেন্তে সেই উক্তিবোৰক বিজ্ঞানসন্মত বুলি ক’ব পৰা নাযায়। উদাহৰণস্বৰূপে, তেখেতে নিউটনৰ গতিসূত্ৰৰ কথা উনুকিয়াইছিলে। দৈনন্দিন জীৱনত সাধাৰণতে আমি পোৱা অভিজ্ঞতাৰ সাৰসঙ্কলনে গতিৰ যি সীমাৰ মাজত আমাক আবদ্ধ ৰাখে, সেইবোৰৰ প্ৰয়োজনীয় ব্যাখ্যা নিউটনৰ গতি নিয়মৰ পৰা ধুনীয়াকৈ পাব পৰা যায়। কিন্তু, যেতিয়াই আমি সুবিশাল মহাকাশ নাইবা অতি ক্ষুদ্ৰ পাৰমাণৱিক জগতৰ গতিৰ বুজ ল’বলৈ যত্নপৰ হওঁ, পৰম গতিৰ ঠাইত আপেক্ষিক গতিৰ গুৰুত্ব বৃদ্ধি পাব ধৰে। আৰু, আমি আইনষ্টাইনৰ সহায় ল’বলগীয়া হয়। কাৰ্ল পপাৰৰ মতে, নিউটনৰ গতি সূত্ৰৰ ভুল প্ৰমাণিত হোৱাৰ এই সম্ভাৱনাই ইয়াৰ বিজ্ঞানসন্মত হোৱাৰ উৎকৃষ্ট প্ৰমাণ। কিন্তু মাৰ্ক্সবাদে যিহেতু নিজক অভ্ৰান্ত বুলি বিবেচনা কৰে, গতিকে ই অবৈজ্ঞানিক। কিন্তু কাৰ্ল পপাৰে মাৰ্ক্সবাদ সম্পৰ্কীয় এই ধাৰণা ক’ৰ পৰা গোটাইছিল? কাৰ্ল পপাৰে তেওঁৰ আত্মজীৱনী মূলক কিতাপ “Unended Quest- An intellectual Autobiography”-ত  কিছুমান  অতিকৈ পৰস্পৰবিৰোধী ধাৰণাৰ উল্লেখ কৰিছে। সোতৰ বছৰ নহওঁতেই তেখেতে এক অতি ভয়ংকৰ অভিজ্ঞতাৰ সম্মুখীন হ’বলগীয়া হৈছিল। ভিয়েনা নগৰত তৰুণ সমাজবাদী আৰু সাম্যবাদী কৰ্মীসকলে উলিওৱা প্ৰতিবাদী সমদলত পুলিচে গুলি বৰ্ষণ কৰাৰ ফলত কেইবাজনো হতাহত হৈছিল। যিহেতু এই প্ৰতিবাদৰ আঁৰত কেন্দ্ৰীয় কাৰাগাৰত অভিযুক্ত এচাম সাম্যবাদী কৰ্মীৰ পলায়ন প্ৰক্ৰিয়াটোও যুক্ত আছিল, তেওঁ মাৰ্ক্সবাদক সহজ ভাবে ল’ব পৰা নাছিল। আহক, এই সম্পৰ্কে পপাৰে কোৱা কথাৰ পৰাই তেওঁৰ দৃষ্টিভংগীৰ বুজ লোৱা যাওক –

“মাৰ্ক্সবাদৰ তত্ব অনুসৰি, সমাজবাদৰ আগমন ক্ষিপ্ৰ কৰিবলৈ শ্ৰেণীসংগ্ৰাম তীব্ৰ কৰি তোলা যুগুত। বিপ্লৱৰ বাবে কিছু ক্ষয়ক্ষতি স্বীকাৰ কৰিবলগীয়া হ’ব পাৰে। কিন্তু, বৰ্তমান ধনতান্ত্ৰিক ব্যাৱস্থাই কৰা ক্ষতিসাধনৰ তুলনাত ই তেনেই নগণ্য… সেয়াই হৈছে ‘বৈজ্ঞানিক সমাজবাদ’…মই নিজকে প্ৰশ্ন কৰোঁ ‘বিজ্ঞান’-এ এই ধৰণৰ হিচাপ-নিকাচক কেতিয়াবা সমৰ্থন কৰিব পাৰেনে?…এজন মাৰ্ক্সবাদী হিচাবে মোৰ চকুৰ আগত ঘটা জঘন্য ঘটনাৰ অন্ততঃ আংশিক দায়িত্ব মই ল’বই লাগিব।… নিজৰ আচৰণত নিজেই স্তম্ভিত হৈ মই মন কৰিলোঁ পুঙ্খানুপুঙ্খ ভাৱ পৰ্য্যালোচনা নকৰাকৈয়ে মই এটা জটিল তত্বক গ্ৰহণ কৰিছোঁ…ইয়াৰ ফলত হোৱা প্ৰতিক্ৰিয়াই আৰম্ভণিতে মোক এজন সংশয়বাদীলৈ ৰূপান্তৰিত কৰিলে আৰু পিছলৈ মই যিকোনো বিধৰ যুক্তিবাদকে প্ৰশ্ন কৰিব ধৰিলোঁ।” [৬]

মন কৰিব, পপাৰৰ স্বীকাৰোক্তি অনুসৰি, তেখেতৰ জীৱনত মাৰ্ক্সবাদৰ স্থায়িত্ব আছিল মাথোঁ দুই মাহ। সোতৰ বছৰ নহওঁতেই তেখেতে মাৰ্ক্সবাদ বিৰোধী হৈ উঠে। আনহাতে, তেখেতৰ জীৱনৰ ওপৰত মাৰ্ক্সবাদৰ প্ৰভাৱ ব্যাখ্যা কৰিবলৈ গৈ তেখেতে লিখিছিল – ” মোৰ বৌদ্ধিক বিকাশৰ বাটত মাৰ্ক্সবাদৰ সংস্পৰ্শলৈ অহাটো আছিল এটা অন্যতম ঘটনা। কেইবাটাও কথা শিকিছিলোঁ আৰু আজিলৈকে মই সেইবোৰ পাহৰি যোৱা নাই। ইয়েই মোক চক্ৰেটিচীয় প্ৰজ্ঞা ‘মই জানো যে মই নাজানো’ শিকাইছিল। ইয়েই মোক ভুল হোৱাৰ সম্ভাৱনাৰ প্ৰতি নিতৌ সজাগ (fallibilist) হবলৈ আৰু বৌদ্ধিক নম্ৰতাৰ প্ৰমূল্য বুজি পোৱাত সহায় কৰিছিল।ইয়েই মোক আঁকোৰগোঁজ আৰু সমালোচনাত্মক চিন্তাৰ মাজৰ পাৰ্থক্য বুজি পোৱাত সচেতন কৰিছিল।”[৭]

কোৱা বাহুল্য যে, মাৰ্ক্সবাদী বুলি নিজকে দাঙি ধৰা এচাম আঁকোৰগোঁজ  মানুহৰ সংস্পৰ্শলৈ আহি মাৰ্ক্সবাদকে অবৈজ্ঞানিক আৰু ভ্ৰান্ত বুলি সিদ্ধান্ত টনাটো কোনোপধ্যেই বিজ্ঞানসন্মত হব নোৱাৰে। মাৰ্ক্সবাদৰ প্ৰতি কাৰ্ল পপাৰে দেখুওৱা সংশয়বাদী মধ্যবিত্তীয় মানসিকতাৰ অজস্ৰ উদাহৰণ আমি অসমৰ সমাজতো দেখিবলৈ পাওঁ।

মাৰ্ক্সবাদীৰ চিনাকি সম্পৰ্কে লেনিনৰ অভিমত

সমাজত বিভিন্ন বিধৰ চিনাকি উপস্থিত থাকে। ধৰ্ম, জাতি, উপজাতি, ভাষা, অঞ্চল, লিঙ্গ, শ্ৰেণী ইত্যাদি ভিত্তিক। এটা সাধাৰণ ধাৰণা হ’ল মাৰ্ক্সবাদীসকলে এই সকলো চিনাকিৰ ভিতৰত শ্ৰেণীভিত্তিক চিনাকিক সৰ্বাধিক গুৰুত্ব দিয়ে। তেওঁলোকে চকুৰ আগত চলি থকা বিভিন্ন সংগ্ৰামক শ্ৰেণী সংগ্ৰামৰ লগত যুক্ত কৰি চাব খোজে। এক অৰ্থত কবলৈ গ’লে, মাৰ্ক্সবাদীৰ চিনাক্তকৰণ প্ৰক্ৰিয়াত এই অৰ্হতাৰ এটা বিশেষ ভূমিকা থাকিব লাগে। এই প্ৰসংগত লেনিনৰ বক্তব্য আছিল এনে ধৰণৰ – 

” মাথোঁ শ্ৰেণীসংগ্ৰামক স্বীকাৰ কৰি লোৱা সকলৰ বাবে এতিয়াও মাৰ্ক্সবাদী হৈ উঠা সম্পূৰ্ণ হোৱা নাই…যিজনে শ্ৰেণীসংগ্ৰামক মানি লোৱাৰ লগত সৰ্বহাৰাৰ আধিপত্য প্ৰতিষ্ঠাৰ (the dictatorship of the proletariat) প্ৰসঙ্গটোকো সাঙুৰি লব জানে তেওঁকহে মাৰ্ক্সবাদী বুলি কব পাৰি। এইটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যিটোৱে মাৰ্ক্সবাদীসকলক সাধাৰণ পাতিবুৰ্জোৱা (লগতে বৃহৎ বুৰ্জোৱা)-ৰ পৰা পৃথক কৰে। এই কষটি শিলৰ ওপৰতে মাৰ্ক্সবাদৰ প্ৰকৃত ধাৰণা আৰু মাৰ্ক্সবাদীৰ চিনাক্তকৰণ পৰীক্ষা কৰি চাব লাগে।” [৮]

মাৰ্ক্সবাদে সৰ্বহাৰাশব্দটোৰ জৰিয়তে কি বুজাব খোজে?

মনত ৰখা ভাল যে, ‘প্ৰলিতাৰিয়েত’ শব্দটোৰ জৰিয়তে আগ বাঢ়ি থকা ঔদ্যোগিক শ্ৰমিক শ্ৰেণীক বুজোৱা হয়। খেতিয়ক এজনে মাটি বেচি লাওলোৱা হৈ যোৱাৰ পিছতহে মাথোঁ কোনোবা উদ্যোগত শ্ৰমিকৰ কাম বিচাৰি যাব (গতিকে, সৰ্বহাৰা) বুলি কোনো কথা নাই। মূল বিষয়টো হ’ল, যদি মানুহ এজনে  পণ্যসামগ্ৰী উৎপাদন কৰা এটি উদ্যোগত মাথোঁ নিজৰ শ্ৰমশক্তি (ইয়াত পেশীশক্তি আৰু মেধা নাইবা এই দুয়োটাৰ বিভিন্ন আনুপাতিক সমন্বয় ঘটিব পাৰে।) বেচিহে জীয়াই থকাৰ ন্যূনতম সমল গোটাব পাৰে, উৎপাদনৰ বাবে ব্যাৱহৃত সঁজুলিৰ ওপৰত তেওঁৰ কোনো ধৰণৰ মালিকানা নাথাকে, তেন্তে তেওঁ এজন ‘প্ৰলিতাৰিয়েত’। আধুনিকবৃহৎ উদ্যোগবোৰককেন্দ্ৰকৰিযিবোৰনগৰ গঢ় লৈ উঠে, তাত পদমৰ্যদাৰ ওপৰত নিৰ্ভৰ কৰি শ্ৰমিক থাকিবৰ বাবে বেলেগ বেলেগ ক’ল’নি পতা হয়। তেওঁলোকক কাৰিকৰী দক্ষতা বঢ়োৱাৰ সুযোগ দিয়া হয়। দক্ষতা বঢ়াব পাৰিলে পদোন্নতি ঘটে। মুঠতে, বেলেগ বেলেগ শিফ্ট ডিউটিৰ লগত সঙ্গতি ৰক্ষা কৰি কলঘৰৰ ভোঁ, গেটৰ হাজিৰা বহিত সময়মতে চহী মাৰিবলৈ খৰখেদাকৈ দৌৰি যোৱা,  দৈনন্দিন কামকাজ, কামৰ তদাৰকী কৰিবলৈ নিযুক্তি দিয়া ‘চুপাৰ ভাইজাৰ’-ৰ লগত তিতা-মিঠা সম্পৰ্ক, কিবা যান্ত্ৰিক বিজুটি ঘটিলে যুটীয়া প্ৰচেষ্টাৰে বিজুটিৰ কাৰণ বিচাৰি উলিয়াই যন্ত্ৰবোৰক সচল কৰি তোলা, কৰ্মদক্ষতাকলৈ ভিতৰুৱা গৰ্ব, কৰ্মস্হলীৰ অস্বাস্থ্যকৰ পৰিবেশকলৈ অসন্তুষ্টি – এই সকলোবোৰ যোগ হৈ এক বিশেষ ধৰণৰ সাংস্কৃতিক পৰিমন্ডল গঢ়ি উঠাত সহায় কৰে যি গাঁৱৰ খেতিয়কৰ সনাতনী মানসিকতাৰ তুলনাত ভিন্ন। গ্ৰাম্য জীৱন হেৰুৱাই নগৰ জীৱনৰ ভিতৰত প্ৰবেশ। পূৰ্বৰ সকলো সম্পদ হেৰুৱাই নতুন জীৱনৰ নতুন সপোন খেদি এক ‘আধুনিক’ জীৱন যাপনৰ হেঁপাহ। এই ‘সৰ্বহাৰা’-অস্তিত্ব কিন্তু কোনো পধ্যেই নিঃস্ব ভিখাৰী, ছিন্নমূল (lumpen) নাইবা দেউলীয়া মানুহৰ সমাৰ্থক নহয়।

মাৰ্ক্সবাদ আৰু বৈপ্লৱিক গণতন্ত্ৰ

নগৰ সভ্যতাৰ মাজত আৰ্থ-সামাজিক আৰু লগতে সাংস্কৃতিক শ্ৰেণী বিভাজন অত্যধিক প্ৰকট। শ্ৰেণীৰ জখলাটো পিৰামিড সদৃশ। তলত বহল আৰু ওপৰত জোঙা। তলত শ্ৰমিক আৰু একেবাৰে ওপৰত মালিক। মাজত বিভিন্ন বিধৰ সমন্বয় ৰক্ষাকাৰী চামটো। এই চামটোৱে মানসিক ভাবে সদায় সুৰক্ষাহীনতাত ভোগে। পুঁজিবাদী ব্যাৱস্থাই দিয়া আটাইতকৈ গণতান্ত্ৰিক প্ৰতিশ্ৰুতিটো হ’ল প্ৰতিজন নাগৰিকে জখলা বগাই ওপৰত উঠিব পাৰে। কিন্তু, পিৰামিডৰ জ্যামিতীয় চৰিত্ৰই এনেকুৱা যে উচ্চতৰ প্ৰতিটো ঢাপতে, তলৰ ঢাপটোৰ তুলনাত শ্ৰমিকৰ সংখ্যা  হ্ৰাস  পাবই  লাগিব। অৰ্থাৎ, প্ৰতিযোগিতা পাতিবই লাগিব। প্ৰতিযোগিতাত জিকা জন ‘ৱিনাৰ’; হৰা জন ‘লুজাৰ’। সৰ্বহাৰাৰআধিপত্যপ্ৰতিষ্ঠাৰঅৰ্থ হ’ল পিৰামিডটোক ওলোটাই দিয়া। কিন্তু, এটা ওলোটা পিৰামিডে কেতিয়াও ভাৰসাম্য বজাই ৰাখিব নোৱাৰে।গতিকে, পিৰামিড সদৃশ সমাজ ব্যাৱস্থাৰ জ্যামিতীয় ৰূপটোকে সলনি কৰিব লাগিব। আগত দিনৰ নতুন সমাজত প্ৰতিযোগিতাৰ ঠাইত সহযোগিতাই অধিক প্ৰাধান্য পাব। কিন্তু, বৰ্তমান প্ৰচলিত সমাজ ব্যাৱস্থাটোক কেনেকুৱা ব্যাৱস্থাৰ জৰিয়তে প্ৰতিস্থাপিত কৰা হব? এই প্ৰশ্নটোৰ উত্তৰ কোনো কল্পনাশ্ৰয়ী ভাবোদ্দীপক আখ্যানৰ (যেনে, ‘ৰামৰাজ্য’, ‘সোনৰ অসম’) পৰা নোলায়। নতুন সমাজৰ জন্ম পুৰণি সমাজৰ পৰাই হয়। মাৰ্ক্সবাদে সমাজ পৰিবৰ্তনৰ ধাৰাবাহিকতাক কিছু সাধাৰণ নিয়মৰ অন্তৰ্গত কৰি বুজিবলৈ যত্ন কৰে। সেইটোৱেই হ’ল ঐতিহাসিক বস্তুবাদ। এই নিয়ম অনুসৰি, শ্ৰেণী বিভক্ত প্ৰতিখন সমাজতে বিভিন্ন শ্ৰেণীৰ মাজত সংগ্ৰাম আৰু সমন্বয় দুয়োটাই উপস্থিত থাকে। দ্ৰুত পৰিৱৰ্তনশীল সমাজবোৰত সংগ্ৰামৰ প্ৰভাৱশালী উপস্থিতি, বিজ্ঞানৰ খৰতকীয়া বিকাশ, সাহিত্য আৰু সংস্কৃতিৰ মাজত বিভিন্ন বিধৰ পৰীক্ষা-নিৰীক্ষা চলি থকা দেখা যায়। আনহাতে,স্থবিৰ সমাজবোৰত, শাসকৰ স্বাৰ্থ সুৰক্ষাৰ বাবে, কঠোৰ দমন কাৰ্য চলাই অসম শ্ৰেণীবোৰৰ মাজত কৃত্ৰিমভাৱে সমন্বয় স্থাপনৰ বাবে ৰাষ্ট্ৰই হিংসাত্মক পদ্ধতিৰ উপৰিও ধৰ্মীয় কুসংস্কাৰ, অন্ধবিশ্বাস, ব্ৰাহ্মণ্যবাদ, পিতৃতান্ত্ৰিক মূল্যবোধ, অপবিজ্ঞান- ইত‍্যাদিক  বেছিকৈ উৎসাহ দিয়ে। মাৰ্ক্সবাদে সমাজৰ মাজত গণতন্ত্ৰৰ বিকাশ বিচাৰে। সমাজৰ তৃণমূল পৰ্যায়লৈকে। আৰু, এই গণতন্ত্ৰ ওপৰৰ পৰা তললৈ নিগৰি নিগৰি (trickling down- পদ্ধতিৰে) বৈ নাহে। ই তলৰ পৰা আৰম্ভ হয় আৰু ক্ৰমান্বয়ে কেন্দ্ৰলৈ বিয়পি যায়। ঠাই লৈ লৈ, সমাজৰ আৰ্থ-সামাজিক বিকাশৰ চৰিত্ৰ আৰু স্তৰৰ ওপৰত নিৰ্ভৰ কৰি এই গণ-ৰাজনীতিৰ বৈপ্লৱিক বিকাশৰ বিভিন্ন বাট হব পাৰে। বিকাশৰ সেই বাটত, কেতিয়াবা সংসদীয় নিৰ্বাচনত অংশগ্ৰহণ কৌশলী পদক্ষেপ হব পাৰে। কিন্তু, ভাৰতবৰ্ষৰ পটভূমিত এই কৌশলে সদায়েই মাৰাত্মক সংশোধনবাদৰ জন্ম দিয়াত সহায় কৰিছে। নিজকে মাৰ্ক্সবাদী বুলি ঘোষণা কৰা সংগঠনবিলাক, ক্ৰমাৎ মাৰ্ক্সবাদৰ পৰা বহুত দূৰলৈ আঁতৰি গৈছে। যিহেতু, সংসদবাদী দৃষ্টিভঙ্গীয়ে স্থিতাৱস্থা ৰক্ষা হোৱাটোকে বিচাৰে, জোৰ জবৰদস্তি কৰি শ্ৰেণী-সমন্বয়ৰ ব্যাবস্থাটো বাহাল থকাটোকে বিচাৰে, দিনকদিনে ব্যৱস্থাটোৰ  জৰাজীৰ্ণতাৰ মাত্ৰা বাঢ়ি গৈয়েই থাকে। গতিকে, এক উন্নত সমাজ ব্যাৱস্থা গঢ়িবলৈ  মাথোঁ উৎপাদনৰ পুৰণা সঁজুলিবিলাক সলালেই নহব, উৎপাদনৰ  প্ৰচলিত সম্পৰ্কবোৰকো সলাব লাগিব। উৎপাদনৰ সঁজুলি আৰু উৎপাদনৰ সম্পৰ্ক এই দুটা বিষয়ৰ মাজত, দ্বিতীয়টোৰ মাজত সালসলনি ঘটোৱাৰ সমস্যাটোক প্ৰাধান্য দিয়া সংগঠনেহে মাথোঁ মাৰ্ক্সবাদৰ বৈপ্লৱিক সম্ভাৱনাক আত্মস্থ কৰিছে বুলি কব পৰা যায়।  উৎপাদন  সম্পৰ্কৰ মাজত  সালসলনি ঘটোৱা  মাথোঁ বৈপ্লৱিক পৰিৱৰ্তনৰ জৰিয়তেহে সম্ভৱ। 

কৃতজ্ঞতা স্বীকাৰ:

‘মুক্তচিন্তা’-ৰ পৰা ২০-৭০ বছৰৰ শ্ৰোতা আৰু আলোচনাত যোগ দিব খোজা সদস‍্যৰ বাবে ১৫ মিনিটমান সময়সীমাৰ ভিতৰতে মাৰ্ক্সবাদৰ ওপৰত কিছু বক্তব্য ৰখাৰ বাবে কৰা অনুৰোধ আছিল সঁচাকৈয়ে অভিনৱ। লিখনিটোৰ বাবে অচ‍্যুত দাসে যথেষ্ট আগ্ৰহ দেখুৱাইছিল। নৱজ‍্যোতি বৰগোহাঞিয়ে প্ৰাথমিক খচৰা পাঠ কৰাৰ পিছত কেইবাটাও পৰামৰ্শ আগ বঢ়াইছিল। জুলি বৰগোহাঞিয়ে ভালেমান ভাষাৰ ত্ৰুটী গুচাই সহায় কৰিলে।

তথ্য সূত্ৰ :

[১] দেবীপ্ৰসাদ চট্যোপাধ্যায়, ১৯৫২, মাৰ্ক্সবাদ, অনুষ্টুপ সংস্কৰণ, ১৯৯৫। পৃঃ৩।

[২] V.I.Lenin, 1913, The three sources and three component parts of Marxism.

[৩] Paul M. Sweezy, 1942. The theory of capitalist development. First published by Monthly Review Read (First Indian Reprint 1991 by K P Bagchi& Company)

এই গ্ৰন্থৰ প্ৰথম অধ্যায়টোৰ শিৰোনামা হৈছে- ‘ Marx’s Method’. তাত তেখেতে কৈছে –

” Marx believed in and practiced what modern theorist have called the method of ‘successive approximations,’ which consists in moving from the more abstract to the more concrete in a step-by-step fashion, removing simplifying assumptions at successive stages of the investigation so that theory may take account of and explain an ever wider range of actual phenomenon.” (p.11) চুইজীয়ে কোৱা অনুসৰি মাৰ্ক্সে অনুসন্ধানৰ এই পদ্ধতি হেগেলৰ পৰাই আয়ত্ব কৰিছিল। ‘ইতিহাসৰ দৰ্শন’ বোলা তেখেতৰ বিখ্যাত কিতাপৰ ভূমিকাত হেগেলে কৈছে- ” …. in the ‘process of scientific understanding, it is of importance that the essential should be distinguished and brought in to relief in contrast with the so-called non-essential. But in order to render this possible we must know what is essential…” (p.12) ইয়াৰ পিছত চুইজীয়ে, ‘সাম্যবাদী ঈস্তাহাৰ’ (1847) -ৰ পৰা উদাহৰণ টানি দেখুৱাইছে যে, আৰম্ভণি বাক্যটো আমি গভীৰ মনোযোগ দি পঢ়িব লাগে – 

” The history of all hitherto existing society is the history of class struggles.’ The economic forces at work manifest themselves in class conflicts under capitalism as under earlier forms of society. It follows that the essential economic relations are those which underlie and express themselves in the form of class conflict. These are the essential elements which must be isolated and analysed through the method of abstraction.”(p.15)

[৪] চাওক ‘কম্যুনিস্ট মেনিফেষ্টো’ – অনুবাদ, দধি মহন্ত (১৯৬২), পৃঃ, ৫

[৫] Albert Einstein, 1949. Why Socialism?. 1st issue of the magazine ‘Monthly Review’

[৬] Karl Popper, 1994. Unended Quest- An Intellectual Autobiography, Routledge Classics, pp. 32-33.

[৭] – do -, pp. 36-37

[৮] লেনিনৰ ৰচনাবলি, খন্ড ২৫, ৰাষ্ট্ৰ আৰু বিপ্লৱ, পৃষ্ঠা ৩৮১-৪৯২

3 thoughts on “মাৰ্ক্সবাদৰ সহজ পাঠ – মাৰ্ক্সবাদী কোন?-(সিদ্ধাৰ্থ লাহিড়ী)

  • ভাল পালোঁ৷

    Reply
  • গৌতম চৌধুৰী

    মাৰ্ক্সবাদৰ বহুত কথাই সোলোচা হ’ল। ধন্যবাদ!

    Reply
  • Hrisikesh Barpujari

    মাৰ্ক্সবাদ সম্পৰ্কে বহুতো কথাৰ বুজি পালোঁ । লিখনিটোৰ বাবে অশেষ ধন্যবাদ ছাৰ । বৰ সুন্দৰ লিখনি ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *