গল্প-কবিতা

মাটিবৰণীয়া ঘোঁৰা (দেৱযানী বৰা)

টেবুলখনৰ ওপৰত অশৃংখলাবদ্ধকৈ থকা কিতাপবোৰৰ জাপটোৰ মাজৰ পৰা আধাখনীয়াকৈ এখন কাগজ ওলাই আছে। কাষত ফুলৰ ডিজাইন অংকিত মেট পেপাৰেৰে নিৰ্মিত কাৰোবাৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ সেইখন। জাপটোৰ ছাঁ পৰি এডোখৰ আন্ধাৰ হৈ আছে আৰু য’ত পোহৰ পৰিছে তাত জিলিকি থকা ঠাইবোৰৰ মাজে মাজে স্পষ্ট হৈ আছে কাগজখনৰ সোঁফালে ক’লা চিঞাহীৰে ছপা কৰা ডিজাইনযুক্ত শব্দ কিছুমান,

……
ইতি,
বিনয়াবনত
অভিমন্যু ……
শ্ৰীযুত মুনীন …. (দেউতা)
শ্ৰীযুতা সুৱৰ্ণলতা ….. (মা)

কিতাপৰ জাপটোৰ সিটো মূৰত অঞ্জলি।

ৰাতি সকলোবোৰ কাম হৈ যোৱাৰ পাছত মাত্ৰ কিছুসময়ৰ আগতে লেপটপটোৰ সন্মুখত বহিছেহি। প্ৰজেক্টৰ কাম কিছুমান এতিয়াও বাকী আছে। তাতে এইকেইদিনত দেউতাকৰ শ্ৰাদ্ধৰ কাৰণে ছুটী লোৱাত যথেষ্ট কাম পিছ পৰি গ’ল।

তেনেতে মৰিয়ম ৰূমটোলৈ সোমাই আহিল।

পকাখনত কিবা সৰু টুকুৰা কাগজৰ দৰে এখন পৰি থকা দেখি উঠাই আনিলে তেওঁ। কিবা লিখা আছিল তাত। সৰু সৰু। চকুৰে মনিবলৈ টান চশমা নোহোৱাকৈ। তথাপি চেলাউৰিযোৰেৰে সৈতে চকুযোৰ কোঁচাই চোৱাত কিবা অলপ দৃশ্যমান হৈ উঠিল।   

GOVERNMENT OF ASSAM
INDIAN UNION DRIVING LICENCE
DL NO AS** *****
NAME Anjali –
S/D/W of : Anurag –

হঠাৎ বুকুখন বিষাই উঠিল তেওঁৰ। এতিয়াৰ পৰা অনুৰাগ শব্দৰ আগত আৰু এটা শব্দ যোগ হ’ব। LT বুলি।

তেওঁ আৰু অলপ পঢ়ি চালে। নাই; তাৰপাছত “Address”-হে আছে। তেওঁৰ নাম নাই। হয়তো দেউতাকৰ নামটোৱেই যথেষ্ট। এনেইয়ো বেছিভাগ নথি-পত্ৰত মাক-দেউতাকৰ ভিতৰত দেউতাকৰ নামটোৰ কাৰণেহে ঠাই থাকে।

সেইখন টেবুলখনৰ ওপৰত ৰাখি তেওঁ ফটো এখন আগবঢ়াই দি ক’লে,“দেউতাৰৰ ফটো এখন বাইণ্ড কৰিব লাগিছিল। তই পাৰিলে কাইলৈ কৰিবলৈ দি থৈ আহিবি”।

তাই ফটোখন লৈ টেবুলত থ’লে। কেৰাহীকৈ চালে সেইখনলৈ। দেখিলে উজ্বল চকু, জোঙা নাক, ৰক্তিম ওঁঠ আৰু গাল ভৰি থকা পাতলীয়া দাঢ়িৰে ব্যক্তিজনৰ মুখখন। ঠিক তাইৰ স্মৃতিত সঞ্চিত প্ৰতিচ্ছবিখনৰ দৰেই সেইখন মুখ। মাত্ৰ অ’ত-ত’ত বগা হৈ পৰা চুলি, দাঢ়ি আৰু মুখখনত অংকিত হোৱা বয়সৰ ৰেখাবোৰে কৈ উঠে যে সেই স্মৃতি একৈশ-বাইশ বছৰ পুৰণি।

সেই পুৰণি স্মৃতিত তিনি-চাৰিবছৰীয়া ছোৱালী এজনী হৈ ফুটা- নুফুটা মাতটোৰে সুধিছিল তাই, “মোক তুমি কাহান্নিও কান্দিবলৈ নিদিয়া ন’ দেতা?”। দেউতাকেও তাইৰেই মাতটো অনুকৰণ কৰি হাঁহি এটা মাৰি কৈ উঠিছিল,“অঁ। মই মোৰ অন্নুক কাহান্নিও কান্দিবলৈ নিদিওঁ”। আৰু তাৰপাছত তুলি লৈছিল তাইক তেওঁৰ মজবুত সুৰক্ষিত দুবাহুৰ মাজলৈ। 

তেতিয়ালৈ অনুৱে পাহৰি পেলাইছিল মাকৰ হাতৰ ছাট দুটাৰ কোব আৰু নাইকীয়াও হৈ গৈছিল মাটিত তাইৰ অসাৱধানতাৰ কাৰণে পৰি যোৱা গাখীৰবাতিৰ দুখ দেউতাকৰ সেই উমাল দুবাহুৰ মাজত। ঠিক যেন বৰষুণ দিয়াৰ পাছত নোহোৱা হোৱা বিশাল ক’লা ডাৱৰ চপৰাৰ দৰেই।

দেউতাকে চুমা খাইছিল তাইৰ কপালত। ঠিক অকণিৰ কান্দোনত সৰগৰ পৰা মৰ্ত্ত্যলৈ নামি অহা পিঠিত শুকুলা ডেউকা লগা মাকৰ সাধুৰ দেৱদূতজনৰ দৰেই। যিয়ে কান্দি থকা অকণিৰ মূৰত এটা মৰমৰ চুমা যাচে আৰু লৈ যায় সৰগলৈ; সাধুৰ ঈশ্বৰৰ ওচৰলৈ। কাৰণ অকণিবিলাক হেনো ঈশ্বৰৰ বৰ প্ৰিয়; অকণিৰ চকুপানীয়ে ঈশ্বৰৰো চকুলো বোৱাই আনে!

সময় পাৰ হৈ গৈছিল। দেৱদূতজনৰ ডেউকা দুখন খহি পৰিছিল আৰু মূৰত গজি উঠিছিল দুটা শিং। ঈশ্বৰৰ চকুপানী বৈছিল নে নবৈছিল সেই কথা তাই নাজানিছিল। কিন্তু তাই কান্দিছিল তেতিয়া যেতিয়া ‘দেতা’ বুলি সম্বোধিত সেই ব্যক্তিজনে সৰু-সুৰা কথাতে তাইৰ গাত হাত উঠাইছিল। গোৰ মাৰিছিল। গালি পাৰিছিল। তাই কান্দিছিল তেতিয়া যেতিয়া তাই পঢ়ি ভাল পোৱা আলোচনীবোৰ অনা বন্ধ কৰা হৈছিল। বাতৰি-কাকতবোৰ ফালি পেলোৱা হৈছিল আৰু ৰং-পেঞ্চিলবোৰ বাৰীৰ পিছফালে পেলাই দিয়া হৈছিল।

যাৰ মজবুত দুবাহুৱে এদিন সুৰক্ষাৰ প্ৰতিশ্ৰুতি বহন কৰিছিল, তেওঁৰেই উপস্থিতিত লাহে লাহে চেঁচা পৰি যাবলৈ ধৰিছিল তাইৰ হাত-ভৰিবোৰ। তাই পলাই ফুৰিবলৈ আৰম্ভ কৰিছিল তেওঁৰ ওচৰৰ পৰা।

লাহে লাহে তাই ডাঙৰ হৈ আহিছিল। কিছুমান কথা বুজা হৈ আহিছিল। দেখিবলৈ ধৰিছিল সেই ব্যক্তিজনে মাকক কৰা গালি-গালাজ আৰু কেতিয়াবা আক্ৰমণাত্মক ভংগী আৰু তাৰ বিপৰীতে মাকৰ সহনশীলতা, নীৰৱতা। বুজি উঠিছিল তাই সেই ব্যক্তিজনৰ আধিপত্য। পুৰুষ দমনীয় সমাজখন। ঘৃণা উপজিছিল তাইৰ সেই ব্যক্তিজনৰ ওপৰত। তথাকথিত পুৰুষ শ্ৰেণীটোৰ ওপৰত।

আনদিনাৰ দৰে সেইদিনাও ব্যক্তিজনে তাইক পঢ়ুৱাইছিল সন্ধিয়াৰ সময়ত। ল.সা.গু আৰু গ.সা.উ-ৰ প্ৰশ্নকেইটামান তাইক কৰিবলৈ দিছিল। তায়ো কৰি লৈ বহীখন চাবলৈ দিছিল। অলপ সময় বহীখন চাই হঠাতে গোৰ মাৰি দিছিল তেওঁ আৰু তাই চকীখনৰ সৈতে লুটি খাই পৰিছিল।

“মূৰ্খ… এইচবক শিকাই লাভ নাই। মোৰ মূৰটো খাবলৈ জীয়াই আছে…” –বকনি আৰম্ভ হৈছিল।

তাইৰ চকুপানী ওলাবলৈ ধৰিছিল।

“বন্ধ কৰ্ চকুপানী। উঠ্ । লিখ্। কৰ্ আকৌ”।

কিন্তু তাই লৰচৰ কৰা নাছিল। তাকে দেখি তেওঁ আকৌ তাইলৈ চোঁচা লৈছিল।

হঠাৎ লাইটটো নুমাই গ’ল। লেপটপটোৰ পোহৰে ৰূমটো তেতিয়াও পোহৰাই আছিল।

“মই ইন্‌ভাৰ্টাৰটো অন্ কৰি আহোঁগৈ”।

মোবাইলটোৰ ফ্লেচ লাইটটো অন্ কৰি তাই ৰূমটোৰ পৰা ওলাই গ’ল। মৰিয়মে তাইলৈ চাই ৰ’ল। এন্ধাৰলৈ ভয় কৰা ছোৱালীজনীয়ে এন্ধাৰলৈ ভয় নকৰা হ’ল নে এন্ধাৰতে হেৰাই গ’ল?

হয়তো এন্ধাৰতে হেৰাই গ’ল। নহ’লে জানোঁ থাকিব পাৰে কোনোবাই নিজৰে দেউতাকৰ মৃত্যুত এটোপালো চকুপানী খৰছ নকৰাকৈ? নোৱাৰে।

কম আনন্দ পাইছিলনে অনুৰাগে তাইৰ জন্মৰ সময়ত। ঠিক কাঁচৰ থুনুকা পুতলাটোৰ দৰেই বৰ আলাসেৰে দুবাহুৰ মাজলৈ তুলি লৈছিল মৰিয়মৰ কাষত শুৱাই থোৱা ৰঙচুৱা অকণমাণিজনীক। ভয়ৰ চিন স্পষ্ট হৈ উঠিছিল তাৰ মুখত যেন অলপ হেঁচা পৰিলেই ভাগি যাব সেই থুনুকা পুতলাটো। চকুযোৰ চলচলীয়া হৈ পৰিছিল তাৰ। অকণমানি অকণমানি আঙুলিকেইটা সি লিৰিকি-বিদাৰি চাইছিল বাৰে বাৰে। কাহানিও নেদেখা দুষ্প্ৰাপ্য বস্তুটোৰ দৰে। হঠাৎ অকণমানিজনীয়ে কান্দিবলৈ ধৰিছিল। অনুৰাগ আতংকিত হৈ পৰিছিল। সি চিঞৰি উঠিছিল, “মই একো কৰা নাই, মৰিয়ম। মই একো কৰা নাই। মই মাত্ৰ…”

মৰিয়মৰ হাঁহি উঠিছিল।

“তাইৰ ভোক লাগিছে”।– তাই কৈছিল।

সি তাইক মৰিয়মলৈ আগবঢ়াই দিছিল। মৰিয়মে তুলি লোৱাৰ পাছতহে আশ্বস্ত হৈছিল সি। পিছত সি কৈছিল, “এইৰ চকুযোৰ মোৰ নিচিনা”।

ঠিকেই কপালৰ পৰা নাক পৰ্যন্ত দেউতাকেই। মাত্ৰ ওঁঠযোৰহে মৰিয়মৰ নিচিনা।

অনুৰ আগমনে মৰিয়মৰ সংসাৰখন পূৰ্ণ কৰিছিল। কিন্তু তেতিয়াও অপূৰ্ণ আছিল অনুৰাগ। দেউতাকৰ হাতখন এৰি যেন দৌৰিব বিচাৰিছিল ল’ৰাটোৱে। অথচ সি খোজ কাঢ়িবলৈয়ে শিকা নাছিল!

অনু তেতিয়া ছয়-সাত বছৰীয়া আছিল। লক্ষ্মীপূজা আছিল সেইদিনা। অনুৰাগে ভাতৰ পৰিৱৰ্ত্তে ৰুটীহে খাইছিল সেই দিনটোত। সেইকাৰণে সেইদিনাও ৰাতিৰ সাজটোত সকলোৱে পকাত বহি লৈ ৰুটী খাবলৈ আৰম্ভ কৰিছিল।

“আঃ”!- হঠাৎ অনুৱে চিঞৰি উঠিছিল, “মোৰ এই দাঁতটোত কিবা হৈছে”।–তাই আঙুলিয়াই দেখুৱাইছিল তলৰ পাৰিৰ আগদাঁত এটালৈ অনুৰাগে টৰ্চৰ পোহৰ মাৰি দিছিল মুখৰ ভিতৰলৈ। তায়ো জুমি চাইছিল। দেখিছিল আগ দাঁতটোৰ পিছফালে অকণমানি বেৰিয়াৰ দাঁত এটা ওলাইছিল। তাই হাত ধুবলৈ উঠি গৈছিল। আহি লৈ দেখিছিল অনুৰাগে অনুৰ দাঁতটো ধৰি লৰাই আছিল আৰু মুখেৰে ভোৰভোৰাই আছিল, “আহি গ’ল এটা সমস্যা। আহি গ’ল আকৌ এটা সমস্যা….”

আশ্চৰ্যকৰ। যিজন মানুহে দেউতাকক, সমাজক প্ৰত্যাহ্বান জনাই নিজেই সংসাৰ গঢ়িবলৈ ওলাই আহিছিল, সেই মানুহজন পলৰীয়া হৈ পৰিছিল? নে প্ৰত্যাহ্বান জনোৱাৰ সাহস নোহোৱা হৈছিল? নে চিন্তিত আছিল অন্য বিষয়ক লৈ?

হয়তো চিন্তিত আছিল অন্য বহু বিষয়ক লৈ। হয়তো আহিবলগীয়া প্ৰত্যাহ্বানবিলাকে ভয় খুৱাইছিল তাক। নহ’লে জানোঁ কৰিলেহেতেন অনুৰ ওপৰত ৰুঢ় ব্যৱহাৰ? কৰিলেহেতেন নে বাধা আৰোপ তাই কৰি ভালপোৱা কামবিলাকৰ ওপৰত? নকৰিলেহেতেন।

অনুক নিজৰ মতে গঢ়িব বিচাৰিছিল সি। প্ৰায়ে কৈছিল, “আমাৰ কোনো নাই। তোমাৰ আৰু মোৰ সম্বন্ধক কোনেও স্বীকাৰ নকৰিলে। মই নাভাবোঁ যে এনে পৰিয়ালৰ লগত কোনোবাই ভৱিষ্যতে সম্পৰ্ক স্থাপন কৰিব বিচাৰিব”।

মৰিয়মে বুজিছিল। তথাপিও সুধিছিল, “তুমি কি ক’ব বিচাৰিছা”?- স্পষ্টকৈ জানিব বিচাৰিছিল তাই। সি অস্বস্তিত পৰিছিল।

“অনুৱে নিজৰ ভৰিত নিজে থিয় দিব লাগিব। পঢ়ক। ভালদৰে পঢ়ক। পঢ়ি-শুনি চাকৰি এটা লওক। নিজে চলিব পৰাকৈ। আমাৰ পিছত কোনে চাব তাইক”?

দিনে দিনে অবুজন হৈ উঠিছিল সি। যুক্তিতকৈ প্ৰথমে ভয়ে স্থান পাইছিল তাৰ কথা-বতৰাত। হয়তো আকৌ খামুচি ধৰিব বিচাৰিছিল দেউতাকৰ এৰি দিয়া হাতখন। টোপনিতে কৈ উঠিছিল কেতিয়াবা, “এইটো কেনেকৈ কৰোঁ অ’ দেউতা”?

মৰিয়মে হামখুৰি খাই পৰিব খোজা ল’ৰাটোৰ হাতত ধৰিছিল। আগতকৈ দৃঢ়ভাৱে আৰু চেষ্টা কৰিছিল খোজ কাঢ়িবলৈ শিকাবলৈ। ইফালে অনু ডাঙৰ হৈ আহিছিল কোনেও নজনাকৈ।

সেইদিনা খঙৰ ভমকত অনুৰাগে গোৰ মাৰি দিয়াত অনু চকীখনৰ সৈতে পকাত পৰি গৈছিল। মৰিয়ম পাকঘৰৰ পৰা আহি পোৱাৰ আগতে অনুৰাগে চোঁচা লৈছিল অনুলৈ। হঠাৎ পকাত পৰি থকাৰ পৰাই অনুৱে কৈ উঠিছিল, “মোৰ গাত ভৰি নলগাব। মই আপোনাৰ গোলাম নহয় যে যেতিয়াই যি মন যায় তাকে কৰিব পাৰিব। বহুত হ’ল। আৰু সহ্য নকৰোঁ। কথা বেয়া হৈ যাব”।

ফুলি উঠা নাকৰ পাহি দুটাৰে সৈতে তাই অনুৰাগৰ চকুত চকু থৈছিল। বহু সময়লৈ চকুৰ টিপ মৰা নাছিল তাই। যেতিয়া টিপ মাৰিছিল তেতিয়া চলচলীয়া চকুযোৰৰ কোণেৰে দুটোপাল চকুপানী বৈ আহিছিল। অগাপিছাকৈ। নিঃশব্দেৰে।

কঁপি উঠিছিল মৰিয়ম। বুজি উঠিছিল ক’ৰবাত যেন কিবা এটা খুঁত থাকি গ’ল। অনুমান কৰিব পাৰিছিল অনুৰ মাজত জ্বলি থকা জুইকুৰা।

পানী ঢালিবলৈ চেষ্টা নকৰা নহয় মৰিয়মে। কৰিছিল। কিন্তু সেইয়া আছিল তেলখাদত লগা জুই। য’ত পানীয়ে জুই নকমায়। বৰঞ্চ বঢ়াইহে তোলে।

ইতিমধ্যে লাইটটো জ্বলি উঠিছিল। তেনেতে, অনু ভিতৰলৈ সোমাই আহিল। তাই আকৌ লেপটপটোৰ সন্মুখত বহিল।

“এজন মানুহৰ বিষয়ে মনত যিমানেই কলুষতা নাথাকক, সেই কলুষতা চিতাৰ জুইতে জাহ যোৱা উচিত। কবৰৰ তলিতে সমাধিস্থ হোৱা উচিত”।– মৰিয়মে ক’লে।

লেপটপত টাইপিং কৰি থকা অনুৰ আঙুলিকেইটা ৰৈ গ’ল।

“তোৰ জন্মৰ সময়ত বৰ আনন্দত আছিল তেওঁ। বৰ ডাঙৰকৈ ৰভাখন দিয়াইছিল তোৰ নামকৰণৰ কাৰণে। ‘অনু’– সিয়েই পছন্দ কৰিছিল ঘৰত মতা নামটো। কৈছিল- অনুৰাগৰ ছোৱালী। সেইকাৰণে অনু বুলি মাতিম। ‘অনু’– মোৰ নামৰ অৰ্ধাংশ। মোৰ জীৱনৰ অৰ্ধাংশ”।

“মোৰ নাম অঞ্জলি”।- তাই কৈ উঠিল।

মৰিয়মে তাইলৈ চালে।

জুইকুৰা এতিয়াও জ্বলি আছে। কিন্তু শান্ত, নিয়ন্ত্ৰিতভাৱে।

তেনেতে মোবাইলটো বাজি উঠিল। তাই দেখিলে স্ৰোতস্বিনীয়ে হোৱাট্‌ছ-এপত ফটো এখন পঠাইছে। লকটো খুলি লৈ হোৱাট্‌ছ-এপত গৈ ডায়েট গ্ৰুপ বুলি লিখি থোৱা চাটটোত ক্লিক কৰাত ফটোখন ওলাই পৰিল। চাৰিবছৰৰ আগৰ ডায়েটৰ বি.এড বেট্‌ছটোৰ গ্ৰুপ ফটো সেইখন। গ্ৰুপটোও তেতিয়াতে খোলা। ওলাই আহিম আহিম বুলি থাকোঁতে পাহৰিয়ে গৈছিল তাই বহুবছৰ নিস্ক্ৰিয় হৈ থকা গ্ৰুপটোৰ কথা।

তেতিয়া কেণ্টিনৰ ঘূৰণীয়া টেবুলবিলাকত বহি সিহঁতে আলোচনা কৰিছিল এছাইণ্টমেণ্টবিলাকৰ। তাই প্ৰায়েই মনে মনে থাকিছিল। কিন্তু এদিন কৈ উঠিছিল। প্ৰতিবাদ কৰিছিল অভিমন্যুৰ মুখৰ পৰা হঠাতে ওলাই অহা চেকনীৰ আগত বিদ্যা বাক্যশাৰীৰ।        

“কাৰোবাক ভুলৰ শাস্তি দিয়াৰ বিৰোধিতা মই নকৰোঁ। কিন্তু কাৰোবাৰ মনস্তত্ব বুজি নোপোৱাকৈ নিজৰ আদালতত দোষী সাব্যস্ত কৰি শাস্তি ঘোষণা কৰা কাৰ্যৰ পক্ষপাতিত্ব মই কেতিয়াও নকৰোঁ। চেকনীৰ আগত বিদ্যাই সকলো সময়তে ভাল ফল কেতিয়াও দেখুৱাব নোৱাৰে”।- অঞ্জলিৰ চকুযোৰ ৰঙা পৰিছিল। কিছু পৰিমাণে উত্তেজিতো হৈ উঠিছিল তাই। “সৰু অৱস্থাত কেৱল দুটাই অনুভূতি থাকে– মৰম আৰু ভয়। কিন্তু যেতিয়া কৈশোৰ অৱস্থাত উপনীত হয়, তেতিয়া সেই ভয়ৰ লগত যোগ হয় খং, ঘৃণা, অপমান আৰু অৱহেলা। তেতিয়া সেইটি এটা শিশু হৈ নাথাকে যে মাৰিলে কান্দিবলৈ ধৰিব, বৰঞ্চ ওলোটাই প্ৰহাৰ কৰিবলৈ চাব। যি ভৱিষ্যতৰ কথা চিন্তা কৰি মাৰ-ধৰৰ যোগেদি সঠিক দিশ দিব বিচাৰিবা, সেই দিশৰ বিপৰীতেহে যাব এদিন শিশুটি। তুমি ভাবিবা যে এছাৰিৰ কোবহে, ৰঙা চকলা-চকল হৈ পৰা ভৰি দুটা বা হাত দুখন দুই-এদিনতে আগৰ অৱস্থালৈ আহিব। কিন্তু সেই একেডাল এছাৰিৰ কোবে মনত যিটুকুৰা ঘা সৃষ্টি কৰিব, সেই ঘা আৰোগ্য কৰি মনটোক পাৰিবা জানোঁ আগৰ অৱস্থালৈ আনিব? নোৱাৰা। সঁচা কথাটো হ’ল যে তুমিতো গমেই নাপাবা যে তেনেকুৱা এডোখৰ ঘাও সৃষ্টি হৈছে। এই ঘা সহজে নুশুকায়। কেতিয়াও নুশুকায়”।

অভিমন্যুয়ে তাইলৈ চাইছিল। নুসোধাকৈ বহুত কথাই কৈ দিছিল তাই। কিন্তু নিজক সামৰি ল’বলৈও কষ্ট হৈছিল যথেষ্ট।

“শুকাব লাগিব। শুকুৱাব লাগিব। যেতিয়া শিশুটি পৈণত হ’ব তেতিয়া বুজি পাব লাগিব তাৰ অন্তৰালত থকা কাৰণ। এইয়াই হ’ব মলম সেই ঘাটুকুৰাৰ কাৰণে”।- সি সাৱধানেৰে কৈছিল।

তাই মনে মনে ৰৈছিল।

তেনেতে কাম কৰা ল’ৰাটোৱে চিচাৰ গিলাচ তিনিটাত চাহ লৈ আহিছিল। তাই তাক এশটকীয়া নোট এখন দি কৈছিল, “এইয়া ৰাখি লোৱা”। কিবা ক’ব বিচাৰিছিল ল’ৰাটোৱে। কিন্তু ক’বলৈ পোৱাৰ আগতেই চিচাৰ গিলাচ এটা পকাত ভাগি চূৰ্মাৰ হৈছিল।

“যোৰাব পাৰিবা এই গিলাচটো? নোৱাৰা। পাৰিলেও দাগ থাকি যাব”।

অঞ্জলি উঠি গৈছিল। তেতিয়ালৈ বৰষুণ এজাকে নুশুনা কৰিছিল মানুহৰ মাত-কথাবোৰ।

বৰষুণ কমাৰ পিছত অভিমন্যু আহি ওলাইছিলহি অঞ্জলিৰ ওচৰত গুলপীয়া ৰঙৰ ছাতি এটা মেলি লৈ। তাই তেতিয়া এখন বেঞ্চত বহি আছিল। সিয়ো আহি ওচৰতে বহি লৈছিলহি।

“মই পিছে বৰষুণত তিতি বৰ ভাল পাওঁ। কান্দিলে কোনেও গম নাপায় যে সেইকাৰণে”।

তাই তালৈ চাইছিল। সিয়ো কেতিয়াবাৰ পৰা চাই আছিল তাইলৈ। তাৰ মাটিবৰণীয়া চকুযুৰিত প্ৰতিফলিত হৈছিল তাইৰ প্ৰতিচ্ছবি। আৰু ফুটি উঠিছিল অপৰীসীম সহানুভূতি, তাইৰ প্ৰতি যত্ন আৰু ক’ৰবাত অকণমান স্নেহ। নাছিল পুৰুষত্বৰ অহংকাৰ আৰু দমনমূলক মনোভাৱ।

ঠিকেই; সেইসময়ত বৰষুণৰ ওৰণিৰ তলত তাই কান্দিছিল। ঠিক তেনেকৈয়ে কান্দিছিল সেইদিনাও যিদিনা বগা কাপোৰেৰে ঢাকি শুৱাই থোৱা হৈছিল দেউতাকক তুলসীৰ তলত।

তাই দেউতাকৰ মুখখনলৈ চাইছিল। বৰ শান্ত, নম্ৰ হৈ আছিল। মূৰত সদায় দেখি থকা শিং দুটাও নাছিল সেইদিনা। আচৰিত হৈছিল তাই।

তাইৰ সমগ্ৰ শৰীৰ বিষাবলৈ ধৰিছিল। উশাহবোৰ ঘন হৈ পৰিছিল। আৰু সেই ঘন প্ৰতিটো উশাহৰ লগত কঁপি উঠিছিল তাইৰ শৰীৰ। কাণত বাৰে বাৰে ভাহি উঠিছিল অভিমন্যুৱে কোৱা কথাকেইষাৰ, “তুমি ভালকৈ জানা কি শুদ্ধ আৰু কি ভুল। কিন্তু তুমি মানি ল’ব পৰা নাই আৰু নোলোৱাও। তুমি হয়তো ভাবিও লৈছা সেই ব্যক্তিজনৰ মৃত্যুত এটোপালো চকুপানী নোবোৱাবলৈ। কিন্তু তুমি বোৱাবা। কাৰণ তুমি সেইজন ব্যক্তিকে ভাল পাইছিলা। ঘৃণা কৰিছিলা মাথো পৰিৱৰ্তনক। তেওঁৰ নতুন ৰূপটোক”।

তাইৰ মূৰটো গধূৰ হৈ আহিছিল। যাৰ কান্ধখনৰ অভাৱ অনুভৱ কৰিছিল তেওঁ তেতিয়ালৈ আমদালিৰ তলেৰে ন-কইনাক গৃহ প্ৰৱেশ কৰাইছিল।

তাই মোবাইলটো চালে। চাৰে এঘাৰ বাজিল। মাক কেতিয়াবাই তাইৰ ৰূমৰ পৰা ওলাই গৈছিল। তাই গমেই নাপালে। এতিয়া গভীৰ টোপনিত চাগে তেওঁ।

লেপটপটো জপাই থৈ লাইটৰ চুইছটো অফ্ কৰি তায়ো শুই পৰিল।

দূৰৈত মতা কুকুৰা এটাই ডাক দি উঠিছিল। তেতিয়ালৈ তাইৰ সপোনত দৌৰিবলৈ ধৰিছিল মাটি বৰণীয়া ঘোঁৰাকেইটাই দীঘল নৈখনৰ শুকান বালিচাপৰিত।

 

Leave a Reply

Your email address will not be published. Required fields are marked *