মিচিং অইনিঃতম, কাবান কঃনিনামৰ মাজত নাৰীৰ প্ৰাধান্যতাৰ মাজেদি মিচিং সমাজত নাৰীৰ অৱস্থিতিৰ এক চমু অৱলোকন ।। মণিকংকনা বৰবৰা
নৃতাত্বিক বিচাৰমতে অসমত বসবাস কৰা মিচিংসকল মঙ্গোলীয় গোষ্ঠীৰ মান তিব্বতী শাখাৰ অন্তৰ্ভুক্ত। বিশেষকৈ অসমৰ নৈপৰীয়া অঞ্চলত (বানপীড়িত) বসবাস কৰা মিচিংসকল মৌখিক গীত-মাতত যথেষ্ট চহকী। এই চহকী মিচিং জনগোষ্ঠীটোৰ ঐতিহ্য-পৰম্পৰা,লোক-সংস্কৃতিৰ সুৰক্ষা, অৰ্থনৈতিক স্বাৱলম্বিতা তথা সমৃদ্ধিত মিচিং নাৰীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কিন্তু দেখা গৈছে যে, মিচিং নাৰীসকলে গৃহ-পৰিচালনা, কৃষি-অৰ্থনীতি, বয়ন শিল্পৰ বিকাশ আদি ক্ষেত্ৰবোৰত মূখ্য ভূমিকা পালন কৰিলেও আজিও তেওঁলোক সম্পূৰ্ণৰূপে স্বাধীন নহয়, বৰঞ্চ পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বান্ধোনেৰেই পৰিচালিত। আজিও সম্পত্তিৰ অধিকাৰত তেওঁলোকৰ নাম নাই। মিচিং সমাজৰ বিচাৰ সভাবোৰতো তেওঁলোকে অধিকাৰ আৰু সমমৰ্যাদাৰ স্থান লাভ কৰা নাই।
গতিকে উল্লিখিত বিষয়বস্তু অনুসৰি মিচিং সমাজত অতীজৰে পৰা বৰ্তমানলৈ নাৰীৰ অৱস্থানক গভীৰ পৰ্যবেক্ষণৰ মাজেদি অৱলোকন কৰি চোৱাৰ এক বিশেষ প্ৰয়োজন আছে বুলি ভাবোঁ।
যিহেতু মানুহৰ মন প্ৰতিমুহূৰ্তেই অনুভূতিপ্ৰৱণ। বিশাল প্ৰকৃতিৰ বিচিত্ৰ শোভা, দৈনন্দিন জীৱনৰ আৱেগ-অনুভূতিৰ তীব্ৰতাই মানুহৰ মনত খলকনি তোলে আৰু তাৰেই আতিশায্যত যিবোৰ স্বাভাৱিক ভাষা প্ৰকাশ পায় সেইবোৰেই হ’ল গীত বা কবিতা। প্ৰতিটো জাতি-জনগোষ্ঠীৰেই আত্মপ্ৰকাশ আৰু আত্মপ্ৰচাৰৰ হেঁপাহ আছে বাবেই পৃথিৱীৰ বিভিন্ন দেশৰ সকলো জাতিৰ মাজত গীত-মাতৰ প্ৰচলন আছে। এই লোক গীত-সাহিত্যই হৈছে জাতি একোটাৰ জীৱনৰ দাপোন স্বৰূপ। স্পেইনৰ এটি প্ৰবাদত কোৱা হৈছে- ‘মোক তোমালোকৰ লোকগীতি গাই শুনোৱা, মই তোমালোকৰ মানুহৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আৰু ইতিহাস কৈ দিম।”
আমি চমুকৈ আলোচনা কৰিব খোজা অইনিঃতম,কাবান,কঃনিনাম এই গীত সমূহ হ’ল মিচিং সকলৰ মাজত প্ৰচলিত লোকগীত। এই গীত বিলাকত ব্যক্তিবিশেষৰ কল্পনাৰ স্ফূৰণ থাকিলেও ই আচলতে সমাজৰ উমৈহতীয়া ভাষা।
মিচিং ভাষাত লোকগীতক ‘নিঃতম’ বুলি কোৱা হয়। এই নিঃতম বোৰৰ কেইবাটাও ভাগ আছে যদিও আমি ইয়াত তাৰে ভিতৰৰ অইনিঃতম,কাবান আৰু কঃনিনামৰ মাজত থকা নাৰীৰ প্ৰাধান্যতাৰ মাজেদি মিচিং সমাজত নাৰীৰ অৱস্থিতিৰ এক চমু অৱলোকন কৰিবলৈ সামান্য প্ৰয়াস কৰিম।
এই গীত বোৰত মিচিং জনজীৱনৰ সামগ্ৰিক ছবিখনৰ লগতে নাৰী সকলৰ জীৱন শৈলীৰ স্পষ্ট ছবিখনো দেখা পোৱা যায়। একোগৰাকী কৃষিজীৱি মহিলা,বয়ন শিল্পৰ খনিকৰ,কলা-কৃষ্টি ধৰি ৰখা শিল্পী আৰু যুদ্ধক্ষেত্ৰৰ গৌৰৱ-গাঁথাৰ নায়িকা আদিৰ বৰ্ণনাও এই গীত সমূহত দেখা পোৱা যায়।
এই গীত সমূহত আছে মিচিং নাৰী জীৱনৰ কঠোৰ পৰিশ্ৰম, বৈষম্য,শোষণ-যাতনা ভৰা জীৱনৰ কৰুণ গাথা। কাৰণ মিচিং নাৰীৰ জীৱন ইতিহাস বৰ জটিল। দৈনন্দিন জীৱনৰ প্ৰতিটো কামৰ তালিকাত তেওঁলোকৰ দায়িত্ব সাঙুৰ খাই থাকে। তেওঁলোকৰ কাম আৰু কৰ্তব্যৰ বিৰতিয়েই নাই। পুৱাৰ প্ৰথম কুকুৰাৰ ডাকত উঠি বুকুৰ কেচুৱাঁটি পিঠিত বান্ধি লৈ উড়ালত ধান বনা,নৈৰ পৰা কলহত পানী তুলি অনা, পৰিয়ালৰ বাবে ৰন্ধা-বঢ়া,গৰু-ছাগলী, গাহৰি -কুকুৰা প্ৰতিপালন আদি ঘৰুৱা সকলো কাম তেওঁলোকেই কৰাটো বাধ্যতামূলক। প্ৰথম কুকুৰা ডাকত শোৱা পাটি নেৰিলে আকাশত বেলিয়ে ভূমুকি মৰাৰ আগত খেতি-পথাৰ গৈ নাপালে বয়োজেষ্ঠ সকলৰ হাঁহিয়াতৰ পাত্ৰ হ’ব লগাত পৰে। পথাৰৰ জিৰণিৰ সময়ত খৰি লুৰে, শাক-পাচলি বিচাৰে, জাকৈ-চালনী বায় নৈ-বিলৰ পৰা মাছ ধৰি আনে। সন্তানৰ অসুখত হাবি-বননিৰ পৰা ঔষধি পাত-শিপা আনি সন্তানক খুৱাই সুস্থ কৰে।
বয়ন শিল্পত চহকী মিচিং মহিলা সকলে গছ-গছনিৰ ছাল-পাতৰ ৰং বোলাই বিভিন্ন ৰং-বিৰঙী ফুলৰ চানেকিৰে কাৰুকাৰ্য সমৃদ্ধ নাৰী-পুৰুষ উভয়ৰে সাজ-পোছাক নিজ হাতেৰে প্ৰস্তুত কৰে।
আলি আই লৃগাং,পঃৰাগ আদি প্ৰধান উৎসৱ সমূহৰ পৰম্পৰাগত খাদ্য পোৰাং,(তৰাপাতত সিজোৱা চাউল)পৰঃ আপং(ছাই মদ)আদি মহিলা সকলেই প্ৰস্তুত কৰে। লোক বিশ্বাস অনুসৰি লৃগাং উৎসৱত নানাচিলে ধানৰ থোক লেৰেলি যায়, সেয়েহে মহিলা সকলেই প্ৰাণ খুলি গোমৰাগ (বিহু নৃত্য) নাচে।
মিচিং সকল অতিথি পৰায়ণ। মহিলা সকলেই আলহীৰ বাবে আপং(পানীয়) প্ৰস্তুত, নামচিং(শুকান মাছ খুন্দি তৈয়াৰ কৰা)তৈয়াৰ কৰি থয়। কুকুৰা -হাঁহ মাৰি, ৰান্ধি-বাঢ়ি আলহীক তেওঁলোকেই আপ্যায়ন কৰে।
উল্লেখযোগ্য যে ওপৰত উল্লিখিত এই আটাইবোৰ কাম-কাজত মহিলাৰ যি ভূমিকা তাক আমি বিষয়বস্তুত উত্থাপন কৰা গীত সমূহেই নিভাঁজ ৰূপত ধৰি ৰাখিছে। ই কেৱল চৰ্চাৰ মাজলৈ অনা হোৱা নাই আৰু মহিলা বিষয়ক গুৰুত্বপূৰ্ণ বিষয় বুলি এতিয়ালৈকে গ্ৰহণো কৰা হোৱা নাই।
গীত সমূহৰ চমু আভাসঃ
অইনিঃতম – (বনগীত)
পথাৰে-সমাৰে,হাবিয়ে-বননিয়ে, বিহুৰ ঢোল-পেঁপাৰ তালে তালে অইনিঃতম মুখৰিত হৈ থাকে। ইয়াত নাৰীৰ জীয়ৰী অৱস্থাৰ পৰা বৈবাহিক কালছোৱাৰ পিছলৈকে প্ৰেম, বিচ্ছেদ,কৰুণা, কামনাৰ লগতে নাৰীৰ পৰিশ্ৰম আৰু তেওঁলোকৰ ওপৰত চলা প্ৰতাৰণাৰ আভাসো পোৱা যায়।
উদাহৰণ –
অই -নিঃতম
Aipe’ me:la kapiyene
Asin bila kapiyene
Ladil lamap dungkvmvlo
Ngokke kapiyekubone’
Okum erang kabinam
Mvre’m omede’m
Me’la
Ngokke’mpvn opan ommen layebolang
ভাবাৰ্থঃ
ভাল পাইনো কি কৰিবা
হৃদয় দিনো কি হ’ব
বিয়া পাতিবৰ পৰত
মোক যদি নিবই নোৱাৰা
ঘৰখনে চাই দিয়া
ধনীঘৰৰ ছোৱালী জনীক এৰি জানো
মোৰ দৰে দুখীয়াক
বিয়া পাতিবলৈ দিব
কাবান – (শোকগীত)
মিচিং জনগোষ্ঠীৰ মাজত প্ৰচলিত ‘শোকগীত’ যাক সাধাৰণতে বেলাড বা মালিতাৰ লগত তুলনা কৰিব পৰা যায়।যদিও ইয়াত সন্নিৱিষ্ট ধাৰাটো হ’ল শোকগাঁথা। ই কথা কাহিনী প্ৰধান।
আপোনজনক হেৰুৱাই তেওঁৰ স্মৃতি বোৰক লৈ কৰা কথা কান্দোনৰ কাবান আছে। ইয়াক ‘য়াবান কাবান’ বুলি জনা যায়।
বিয়া দি উলিয়ায় দিয়া সময়ত কৰা মাতৃ-কন্যাৰ বিননি গীতক ‘য়ামনৌ কাবান ‘ বুলি কোৱা হয়।
প্ৰেম -বিষাদক লৈ গোৱা বিননি গীতক ‘মৌব কাবান ‘ বুলি কোৱা হয়।
বিবাহৰ পাছত পোৱা সংঘাত -অভিজ্ঞতাক জীয়ৰী কালৰ সতে তুলনা কৰি গোৱা বিননি গীতক ‘দ’ব কাবান’ বুলি কোৱা হয়।
সাধাৰণতে ‘দ’ব কাবান’ত নাৰীৰ মাজত চলি থকা সামগ্ৰিক দ্বন্দ্বক অনুধাৱন কৰিব পাৰি। তেওঁলোকে সন্মুখীন হোৱা নিৰ্যাতন, বৈষম্য আদিক প্ৰকাশ কৰিবলৈ ‘দ’ব কাবান’ৰ যোগেদি পূৰ্বৰ ল’ৰালি-গাভৰু কালৰ মুক্ত প্ৰকৃতিৰ লগত তুলনা কৰি ইংগিতধৰ্মী কথা কাহিনীৰে বিননি জুৰে।
উদাহৰণ –
Do:bo kaban-
ক)Nan e’ nana
Ngom chempe’ otone
Nane’ nana
Milolok loktomang
Arvglok loktomang
Ommalok loktomang
Raggo kongkampe’
Asinang kodune
Baboi baba
Nane’ Nana
Advne’ nukampe’
Amvre nudune’
Donyi kinmape’
Pedongem kinmape’
Nane’ nana
ভাবাৰ্থঃ
অ’ আই
মোক এনেকৈয়ে
জনম দিলিনে
স্বামীৰো নহʼলোঁ
খেতিৰো নহ’লোঁ
ল’ছোৱালীৰো নহ’লোঁ
অ’ আই অ’ আই
গড়া খহাদি
কলিজাখন খহিছে
পিতাই অ পিতাই
জুইত মঙহ সিজাদি
দেহটো সিজিছে
ৰ’দ – বৰষুণ নোহোৱা কৰি
অ’ আই আই অ’
খ) Nane’ nana
Babe’ Baba
Kapil ngom otone
Amikol kopakpe’
Ami ne’ pe’
Badlvmangai’
Pagbo dolvmangai’
Babe’ baba
Nane’ nana
Aki jindom jvnmure’ toneiya
Nane’ nana
Ko:bang paddom pamure’ toneiya
Baboi baba
ভাবাৰ্থঃ
আই অ’ আই
আনৰ তাত বিকিবলৈ
মোক কিয়নো জনম দিছিলি
অ’ পিতাই পিতাই অ’
আই অ’
সতিনীৰ ৰূপেৰে
গেবাৰি খাতিবলৈ মোৰ মন নাছিল
পিতাই অ’ পিতাই
অ’ আই
ভুলতে
তোৰ পেটত মই বিষ তুলিছিলো নেকি
পিতাই তই
জখলা কাটোতে
ভুলকৈ ঘপিয়াইছিলি নেকি
কঃনিনাম -(নিচুকনি গীত)
যিহেতু মিচিং মহিলা সকল পুৰুষতকৈ কামিয়াল। পিঠিত কেচুৱাঁ,মূৰত খৰিৰ বোজা, হাতত টাকুৰীৰে সূতা কাটি থকা অৱস্থাত, পিঠিত কেচুৱাঁ বান্ধি উড়ালত ধান বানি থকা মাতৃসকলৰ মুখত এই গীতবোৰ স্বতঃস্ফূৰ্তভাৱে নিগৰি আহে। নৌবৃং (কেচুৱাঁ ৰখীয়া)বোৰৰ মুখেদিও এই গীত বোৰ নিগৰে। এই গীত বোৰতো কৃষিজীৱি পৰিশ্ৰমী মিচিং মহিলাৰ জীৱন,মাক-সন্তানৰ মাজৰ অকৃত্ৰিম সমন্ধ, মাকৰ মমতা আৰু সন্তানৰ বাবে অসাধ্যকো সাধন কৰিব পৰা মাকবোৰৰ বিৰল কৃতিত্বক উপস্থাপন কৰে।
উদাহৰণ –
Oiyoa kap poiyo: pak kouwa Do:mada
Do:di din pi:yemna kab langka
Ngokko na Oyomyo Sekono domtno
Do’mnyo d’em do’myo kunona
ভাবাৰ্থঃ
মোৰে মইনা নাকান্দিবা
কপৌ চৰাই উৰা নাই
উৰিলে কান্দিবা দেই।
মোৰে মইনাক কোনেনো মাৰিলে
মাৰোতাক আমিও মাৰিম দেই।
আমি ইয়াত উল্লিখিত বিষয়বস্তুৰ ওপৰত এক চমু আভাসহে দাঙি ধৰাৰ চেষ্টা কৰিলোঁ। আচলতে এক গভীৰ পৰ্যালোচনা আৰু গৱেষণাৰ জৰিয়তেহে মিচিং জনগোষ্ঠীৰ চহকী লোকজীৱনটোৰ ওপৰত এটা বহলভিত্তিক ব্যাখ্যা লাভ কৰাৰ লগতে প্ৰধানকৈ নাৰী সকলৰ জীৱন পৰিক্ৰমাৰ এটা স্পষ্ট আভাস পোৱা যাব বুলি ক’ব পৰা যায়। যিটো বিষয় আজিলৈকে অৱহেলিত হৈ আছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল যে, ইয়াৰ মাজেদি প্ৰান্তীয় আন নাৰী সমাজৰ জীৱন দৰ্শনৰ প্ৰতিফলন আৰু নাৰীৰ ওপৰত চলি থকা ৰক্ষণশীলতাৰ কাঠামো, অবৈজ্ঞানিক ধ্যান-ধাৰণা, লিংগ বৈষম্য,শোষণ-নিৰ্যাতন আদিৰ প্ৰতিৰোধৰ সমাধান সূত্ৰ এটাও পোৱা যাব।
সহায়ক গ্ৰন্থঃ
ক) মিচিং সংস্কৃতিৰ আলেখ্য, সম্পাদক – ভৃগুমণি কাগয়ুং
খ) মিচিং সমাজ ইতিহাস আৰু সংস্কৃতিৰ ঐতিহ্য – ইছমাইল হোছেইন