কেন্দ্ৰীয় নিবন্ধ

মিঞা কবিতালৈ অভিনন্দন আৰু কিছু প্ৰশ্ন (জিতেন বেজবৰুৱা)

মিঞা কবিতালৈ অভিনন্দন জনাইছো। হয়তো প্ৰথমবাৰৰ বাবে চৰ-চাপৰিবাসী মুছলমানসকলৰ জীৱন-যন্ত্ৰণাক লৈ ইমান স্পষ্ট আৰু শক্তিশালী ভাষাত কবিতাৰ এটা ধাৰা সৃষ্টি হৈছে। কিছুসংখ্যক কবিয়ে মুছলমান ৰাইজৰ কঠোৰ জীৱন সংগ্ৰাম, ইতিহাস, মূল অসমীয়া সমাজখনৰপৰা একাষৰীয়াকৰণ, নাগৰিকত্ব আৰু ধৰ্মক লৈ ভোগা দৈনন্দিন হাৰাশাস্তি আদিক বলিষ্ঠভাৱে তুলি ধৰি তেওঁলোকৰ কথিত দোৱানত কবিতালানি ৰচনা কৰিছে। আমি ব্যক্তিগতভাৱে ইয়াৰ কিছুসংখ্যক কবিতাহে পঢ়িছো, তাৰো সকলো কথা ভাষাৰ অসুবিধাৰ বাবে বুজি পোৱা নাই – কিন্তু যিখিনি বুজি পাইছো, পঢ়ি আনন্দিত হৈছো। মূলসুঁতিৰ অসমীয়া সমাজত ‘মিঞা’ শব্দটো সাধাৰণতে অৱজ্ঞাসূচকভাৱে ব্যৱহাৰ কৰা হয়। ইয়াৰ বিপৰীতে এই কবিতালানিয়ে ‘মিঞা’ শব্দটো আৰু মিঞা পৰিচয়ক এক শক্তিশালী আত্মঘোষণাৰ ৰূপত প্ৰতিষ্ঠা কৰিছে। কবিতালানিৰ ৰাজনৈতিক আয়তনটো তাতেই, আৰু সেইবাবেই ই প্ৰতিজন প্ৰগতিশীল অসমীয়াৰ বাবেই আদৰণীয় হোৱা উচিত। আমি হ’লো অসমীয়া সমাজৰ মূলসুঁতিৰ মানুহ, আৰু সেয়ে সামাজিকভাৱে নিৰাপদ আৰু বিশেষাধিকাৰপ্ৰাপ্ত। আমাৰ পিনে কোনেও এনেয়ে আঙুলি টোঁৱাব নোৱাৰে, কোনেও নাগৰিকত্বক লৈ প্ৰশ্ন উঠাব নোৱাৰে, কোনেও অযথা হাৰাশাস্তি কৰিব নোৱাৰে। গতিকে আমাৰ নিচিনা মূলসুঁতিৰ অসমীয়াবিলাকে মিঞা ৰাইজৰ বিলাই-বিপত্তি সহজে উপলব্ধি কৰিব নোৱৰাটোত আচৰিত হ’বলগা একো নাই। কিন্তু ৰাজনীতি বুজি পোৱা প্ৰগতিশীল চামটোৰ ক্ষেত্ৰত তেনে হোৱাটো উচিত নহয়। যুগ যুগ ধৰি মিঞা ৰাইজে প্ৰতিকূল প্ৰকৃতিৰ সৈতে কঠোৰ সংগ্ৰাম কৰি জীৱন নিৰ্বাহ কৰি আহিছে, অসমৰ অৰ্থনীতি আৰু সমাজলৈ অৰিহণা যোগাই আহিছে। কিন্তু তৎসত্ত্বেও মূল অসমীয়া সমাজখনে মিঞা ৰাইজক সদায় অৱহেলা আৰু অৱজ্ঞা কৰি আহিছে। উগ্ৰ জাতীয়তাবাদীহঁতে তেওঁলোকক যেতিয়াই যেনেকৈ পাৰে হাৰাশাস্তি কৰি আহিছে। এই সকলোবোৰ মিলি মিঞা ৰাইজৰ জীৱন অবৰ্ণনীয় ক্ষোভ আৰু দুখ-যন্ত্ৰণাৰে ভাৰাক্ৰান্ত হৈ আহিছে। সেই ক্ষোভ এদিন বুকু ফাটি ওলাই আহিবই, সেই দুখ-যন্ত্ৰণা এদিন বিস্ফোৰিত হ’বই – তাক আমি সসন্মানে গ্ৰহণ কৰিবই লাগিব। আমি যদি সম্প্ৰীতি আৰু সহমতৰ ভিত্তিত এখন বৃহত্তৰ অসমীয়া সমাজৰ কামনা কৰো, তেন্তে মিঞা ৰাইজৰ অভাৱ-অভিযোগবোৰ কাণ পাতি শুনিবই লাগিব আৰু নিজৰ বুলি আঁকোৱালি লৈ তেওঁলোকক দুৰ্দশাৰ দিনত সংগ দিবই লাগিব। ক্ষোভৰ প্ৰকাশ সদায় মিহি নহ’বও পাৰে, দুখ-যন্ত্ৰণাৰ চিৎকাৰ সদায় শুৱলা নহ’বও পাৰে। কিন্তু তাক স্বীকাৰ কৰিবই লাগিব। গতিকে মিঞা কবিতাক আমি মুকলি মনেৰে আদৰণি জনাব লাগে। যদি তাক লৈ আমি সন্দিহান আৰু দ্বিধাগ্ৰস্ত হৈছো, তেন্তে সেই সন্দেহ আৰু দ্বিধা নিৰসন কৰাটো আমাৰ নিজৰ দায়িত্ব। আৰু কিমান দিনলৈ মিঞা ৰাইজে অসমীয়া জাতিৰ দুৱাৰডলিত অপেক্ষা কৰি থাকিব? আৰু কিমান দিনলৈ তেওঁলোকে সমাজৰ প্ৰান্তত বাস কৰি থাকিব? তেওঁলোকক মূল অসমীয়া সমাজৰ সমানাধিকাৰ- আৰু সমমৰ্যাদাসম্পন্ন অংশ হিচাপে গ্ৰহণ কৰাটো আমাৰে দায়িত্ব। গতিকে মিঞা কবিতাই আমাক আত্মসমালোচনা আৰু আত্মোপলব্ধি কৰিবলৈ শিকোৱা উচিত। সেইবাবে এইটো আমাৰ আনন্দৰ বিষয় হোৱা উচিত যে মিঞা সমাজৰ মাজত এনে এচাম সচেতন লোক ওলাইছে যিসকলে জনগোষ্ঠীটোৰ অভাৱ-অভিযোগসমূহ বলিষ্ঠ ৰূপত উত্থাপন কৰিব পাৰিছে আৰু যিচাম লোক জনগোষ্ঠীটোক প্ৰগতিশীল নেতৃত্ব প্ৰদান কৰিবলৈ সক্ষম। এয়া অসমীয়া সমাজৰ প্ৰতি কেতিয়াও ভাবুকি হ’ব নোৱাৰে, যদিহে সেই সমাজখন আমি বিচৰা বহুত্ববাদী গণতান্ত্ৰিক অসমীয়া সমাজখন হয়। গতিকে মিঞা কবিতাৰ আমি সমালোচনাও কৰিব পাৰো, তাক প্ৰশ্নও কৰিব পাৰো – কিন্তু সি দাঙি ধৰা মিঞা ৰাইজৰ মূল প্ৰশ্নসমূহ অস্বীকাৰ কৰাটো কোনো কাৰণতেই সমীচীন নহয়।

মিঞা কবিতাক লৈ কিছু প্ৰশ্ন নিশ্চয়কৈ উত্থাপন কৰিবলগীয়া। খুব কম সময়ৰ ভিতৰতে মিঞা কবিতা বিশেষকৈ অসমৰ বাহিৰত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় কাকত-আলোচনীত আলোচনাৰ বিষয় হৈ পৰিছে। এনেয়ে ইয়াত আপত্তি কৰিবলগীয়া একো নাই। এইটোও স্বীকাৰ কৰিবলগীয়া যে অসমত মূলসুঁতিৰ কাকত-আলোচনীয়ে মিঞা ৰাইজৰ প্ৰশ্নসমূহ সাধাৰণতে আওকাণ কৰাৰ দৰে মিঞা কবিতাকো আওকাণ কৰিব। গতিকে মিঞা কবিতাৰ চৰ্চাকাৰীসকলে বাহিৰৰ কাকত-আলোচনীৰ প্ৰতি আকৰ্ষিত হোৱাত অস্বাভাৱিকতা নাই। কিন্তু সমস্যাটো হ’ল এন আৰ চি, ডি ভোটাৰ আদি বিষয়ক লৈ মানৱাধিকাৰকেন্দ্ৰিক যিটো সৰলীকৃত বাগধাৰা অসম সম্পৰ্কে বাহিৰত চলি আছে, সেই বাগধাৰাটোৰ এটা অংশ হিচাপেই মিঞা কবিতা সিবিলাকত চৰ্চিত হৈছে। উল্লেখ্য যে উক্ত বাগধাৰাটোৰ প্ৰচলনত অসমৰ বিভিন্ন ব্যক্তিৰো সক্ৰিয় অৰিহণা আছে। এই বাগধাৰাটোত অসম আৰু অসমীয়া সম্পৰ্কে এক সমসত্বমূলক আৰু সৰলীকৃত ধাৰণা দাঙি ধৰা হৈছে। ইয়াৰ মূল ভাবটো এয়াই যে অসমীয়া মানুহ জেন’ফ’বিক আৰু বৰ্ণবাদী – এন আৰ চিয়েই হওক, ডি ভোটাৰেই হওক, মিঞা মানুহক কৰা হাৰাশাস্তিয়েই হওক, সকলোবিলাক হ’ল এই জেন’ফ’বিয়া আৰু বৰ্ণবাদৰে ভিন ভিন ৰূপ। এই সৰলীকৃত ধাৰণাত অসমৰ জটিল সমাজ-ৰাজনৈতিক পৰিস্থিতি, বহুতৰপীয়া নৃগোষ্ঠীগত সমস্যা, অসমীয়া মানুহৰ আৰ্থ-সামাজিক সমস্যা আৰু সংগ্ৰামৰ কোনো স্থান নাই। বিশেষকৈ এই বাগধাৰাৰ অংশ হিচাপেহে মিঞা কবিতাৰ চৰ্চাই ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় কাকত-আলোচনীত ৰজনজনাই গৈছে। হয়তো মিঞা কবিতাৰ এই চৰ্চাবিলাকত সকলোতে স্পষ্টভাৱে কথাটো উল্লেখ কৰা হোৱা নাই, কিন্তু শেহতীয়াভাৱে অসম সম্পৰ্কে চলি থকা উক্ত বাগধাৰাৰ চৰ্চাবিলাকৰ তাত্ত্বিক-ৰাজনৈতিক পটভূমিতহে যে মিঞা কবিতাৰ আলোচনাবিলাকে আগস্থান পাইছে সেইটো বুজিবলৈ টান নহয়। আমি স্পষ্ট ভাষাৰে উক্ত বাগধাৰাৰ বিৰোধিতা তথা সমালোচনা কৰিছো, আৰু অসমৰ প্ৰতিজন লোকেই এনে সৰলীকৃত ধাৰণাৰ বিৰোধিতা কৰাটো জৰুৰী বুলি ভাবো। বিৰোধিতাৰ সলনি অসমৰ কোনো লোকে যদি তেনে সৰলীকৃত ধাৰণাত অৰিহণাহে যোগায় তেনেহ’লে তাক নিশ্চিতভাৱে ৰাজনৈতিক দায়িত্বজ্ঞানহীনতাৰ পৰিচায়ক নতুবা সংকীৰ্ণ ব্যক্তিগত উদ্দেশ্যৰদ্বাৰা পৰিচালিত বুলি ক’ব লাগিব। মিঞা কবিসকলেও মনত ৰখা ভাল যে তেওঁলোকৰ কবিতাৰ প্ৰশংসাৰ সৈতে যাতে অসমৰ সমাজজীৱন সম্পৰ্কে সৰলীকৃত তথা ভুল ধাৰণা এটা সাঙোৰ খাই নাথাকে। মিঞা কবিসকলৰ বিষয়ে কেৱল কোৱা নাই, কিন্তু মিঞা সমাজৰ নতুন প্ৰগতিশীল নেতৃত্বই সামগ্ৰিকভাৱে এক গধুৰ সামাজিক-ৰাজনৈতিক দায়িত্ব পালন কৰিব লাগিব। তেওঁলোকে যেনেকৈ মূলসুঁতিৰ অসমীয়া মানুহৰ অৱহেলা-অৱজ্ঞাৰ নীতিৰ বিৰুদ্ধে থিয় দিব লাগিব, মিঞা সমাজৰ আভ্যন্তৰীণ গণতান্ত্ৰিকীকৰণ আৰু আধুনিকীকৰণৰ বাবেও সংগঠিত প্ৰচেষ্টা হাতত ল’ব লাগিব। আৰু মিঞা ৰাইজৰ সামাজিক-ৰাজনৈতিক মুক্তিৰ এই সংগ্ৰামখন অসমৰ সমাজজীৱনৰ এখন ভিতৰুৱা আৰু আঞ্চলিক সংগ্ৰাম। গতিকে অসমৰ সমাজজীৱনত প্ৰভাৱশালী বিভিন্ন ৰাজনৈতিক শক্তি তথা গোষ্ঠীবিলাকৰ মাজত সম্প্ৰতি বিদ্যমান ভাৰসাম্যৰ মাজতে কিছু জেগা উলিয়াই এই সংগ্ৰামখন চলাব লাগিব। চাৰিওফালৰপৰা তাক প্ৰতিক্ৰিয়াশীল শক্তিবিলাকেই ঘেৰি থাকিব। গতিকে এই সংগ্ৰামত নিঃসন্দেহে অসমীয়া প্ৰগতিশীল শ্ৰেণীটোকো চামিল কৰিবই লাগিব। এনে অৱস্থাত মিঞা ৰাইজৰ মুক্তিৰ সংগ্ৰামখন বৰ কঠিন আৰু জটিল হোৱাটোৱেই স্বাভাৱিক। প্ৰতিটো ক্ষেত্ৰতে যে এটা দীৰ্ঘম্যাদী ৰাজনৈতিক ৰণনীতি মতে কাম কৰিব লাগিব, সেইটো ভুল আৰু হাস্যকৰ কথা। কিন্তু মিঞা ৰাইজৰ মুক্তি কামনা কৰা কোনোৱেই সাম্প্ৰতিক অসমত বিদ্যমান সামাজিক-ৰাজনৈতিক ক্ষমতাৰ ভাৰসাম্যটোক নস্যাৎ কৰি দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিয়াটো কাম্য নহয়। গতিকে অসমৰ সমাজ-পৰিস্থিতিক একেবাৰে আওকাণ কৰি বাহিৰৰ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সমৰ্থন আদায় কৰি কিবা লাভ হ’ব যেন আমাৰ মনে নধৰে। এইখন এখন স্থানীয় সংগ্ৰাম আৰু মিঞা ৰাইজে স্থানীয় শক্তিবিলাকৰ মাজত থাকিয়েই স্থানীয়ভাৱে যুঁজ দিয়েই নিজৰ অধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠা কৰিব লাগিব – ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সমৰ্থন তথা প্ৰশংসাই ইয়াত একো কৰিব নোৱাৰে। বাহিৰৰ সহায়-সমৰ্থনেৰে খুব বেছি এন জি অ’ হ’ব পাৰে আৰু সি খুব বেছি কটা ঘাত মলম লগাব পাৰে – কিন্তু সামাজিক-ৰাজনৈতিক সংগ্ৰাম ইয়াৰদ্বাৰা কৰা নাযায়। গতিকে মিঞা সমাজৰ নতুন প্ৰগতিশীল নেতৃত্বই দূৰণিবটীয়া সমৰ্থন-প্ৰশংসাৰ প্ৰতি অধিক আগ্ৰহ নেদেখুৱাই স্থানীয় ক্ষমতাৰ সমীকৰণবিলাকৰ প্ৰতি অধিক মনোনিবেশ কৰিব লাগে, আৰু অসমীয়া প্ৰগতিশীল শ্ৰেণীটোৰ সৈতে এটা বুজাবুজিত আহিবলৈ চেষ্টা কৰিব লাগে। এই সকলোকে নস্যাৎ কৰাৰ হঠকাৰিতা নকৰাই মংগলজনক। তদুপৰি মিঞা ৰাইজৰ অভাৱ-অভিযোগবোৰ দাঙি ধৰোতে তাৰ ৰাজনৈতিক সমাধানৰ প্ৰতিও মন দিয়া ভাল। উদাহৰণস্বৰূপে, এন আৰ চিৰ ফলত মিঞা ৰাইজে অশেষ দুৰ্ভোগ ভুগিবলগীয়া হৈছে, কিন্তু তাৰ বাবে চিধাচিধি এন আৰ চিৰ বিৰোধিতা বা তাক নস্যাৎ কৰিবলৈ যোৱাটো ৰাজনৈতিক অজলালি। কাৰণ এন আৰ চি যদি নহয়, তেন্তে তাৰ কি বিকল্প সম্ভৱপৰ ৰাজনৈতিক সমাধান আছে য’ত মিঞা ৰাইজৰ দুৰ্ভোগবিলাক নাথাকিব? গতিকে সম্ভৱপৰ ৰাজনৈতিক সমাধান এটাৰ ধাৰণা নথকাকৈ কৰা নিছক বিৰোধিতা তথা নস্যাৎকৰণ ৰাজনৈতিকভাৱে পংগু আৰু অপকাৰী। মিঞা সমাজৰ নতুন প্ৰগতিশীল নেতৃত্বই ইয়াৰ প্ৰতিও মনোযোগ দিয়া ভাল। মিঞা কবিতাক আমি মিঞা ৰাইজৰ মাজৰপৰা ওলাই অহা এক সামাজিক-ৰাজনৈতিক আত্মঘোষণা বুলি গ্ৰহণ কৰিছো, আৰু সেইবাবেই ইয়াত তাৰ সৈতে জড়িত কিছু বহল ৰাজনৈতিক প্ৰশ্ন উত্থাপন কৰিছো। মিঞা কবিতাৰ চৰ্চাকাৰীসকলে এই প্ৰশ্নসমূহ চালি-জাৰি চোৱা ভাল।

মিঞা কবিতা বিভাজনৰ হাতিয়াৰ নহয় – মূলসুঁতিৰ অসমীয়া সমাজ আৰু মিঞা ৰাইজৰ মাজত সমন্বয়ৰ এক সাকো হৈ উঠক। কিন্তু তাৰ বাবে অসমীয়া প্ৰগতিশীল শ্ৰেণী আৰু মিঞা কবিতাৰ চৰ্চাকাৰীসকল, উভয়েই নিজৰ দায়িত্বশীল ভূমিকা পালন কৰিব লাগিব।

Leave a Reply

Your email address will not be published. Required fields are marked *