মহিলা শ্ৰমিক,পুঁজিবাদ,নাৰীবাদ ইত্যাদি-(পূজা নিৰালা)
শিল্প বিপ্লৱে মহিলাসকলক শ্ৰমিকৰ চাহিদা পূৰণ কৰাৰ স্বাৰ্থত পাকঘৰৰ চাৰি বেৰৰ মাজৰপৰা উৎপাদন ব্যৱস্থাৰ মাজলৈ উলিয়াই আনে ,যদিও আনফালে ,শ্ৰমিক হিচাপে নিয়োজিত এইসকল মহিলাক পৰ্যাপ্ত মজুৰিকে ধৰি অন্যান্য সা -সুবিধাৰপৰা বঞ্চিত কৰি একধৰণৰ ‘দাস’ত পৰিণত কৰে। পৰৱৰ্তী সময়ত বামপন্থীসকলৰ নেতৃত্বত শ্ৰমিকৰ অধিকাৰ ৰক্ষাৰ বাবে যিবোৰ শ্ৰমিক আন্দোলন ,বিক্ষোভ তথা আন্দোলন সংঘটিত হৈছিল ,মহিলাসকলো যুক্ত হোৱাত আন্দোলনে নতুন মাত্ৰা লাভ কৰাৰ লগতে মহিলাসকলে কিছু ৰাজনৈতিক তথা সামাজিক মৰ্যাদা সুৰক্ষিত কৰিবলৈ সক্ষম হয়। কিন্তু সেয়া আংশিক সা -সুবিধাহে । শিল্প বিপ্লৱৰ ফলত মধ্যবিত্তীয় একাংশ মহিলাই ৰাজনৈতিক তথা আৰ্থ-সামাজিক উৎকৰ্ষ সাধন কৰাৰ সুযোগ লাভ কৰে যদিও ,আনফালে বৃহৎসংখ্যক মহিলা শ্ৰমিকৰ অৱস্থা একেইধৰণে অপৰিবৰ্তিত অৱস্থাত থাকি যায়। সেই শ্ৰমিকসকলো পুঁজিবাদৰ বৈষম্যমূলক অৰ্থনৈতিক নীতিৰ কৃপাত সংগঠিত আৰু অসংগঠিত দুই ভাগত বিভক্ত । সাধাৰণতে , সংগঠিতখণ্ডৰ শ্ৰমিকৰ মজুৰিৰ শোষণ বা উৎপাদনৰ আহিলাৰ মালিকৰদ্বাৰা উদ্বৃত্ত মূল্যৰ আত্মসাৎ স্পষ্ট । কিন্তু অসংগঠিত খণ্ডৰ শ্ৰমিকৰ ক্ষেত্ৰত নিৰ্দিষ্ট মালিকৰদ্বাৰা মজুৰিৰ শোষণ স্পষ্ট নহয়। কাৰণ বহুক্ষেত্ৰত অসংগঠিত খণ্ডৰ ‘উৎপাদনৰ আহিলাৰ মালিকীস্বত্ব ‘ কাৰো ওচৰত নাথাকিব পাৰে। উদাহৰণস্বৰূপে এজন নিৰ্মাণ শ্ৰমিকে নিজৰ শ্ৰম যাৰ ওচৰত বিক্ৰী কৰিব ,সেইজন পুঁজিপতি বা উৎপাদনৰ আহিলাৰ মালিকীস্বত্ব থকা হ’ব লাগিব বুলি কথা নাই। এজন নিম্ন মধ্যবিত্ত শ্ৰমিকে আন এজন শ্ৰমিকক নিজৰ ঘৰ বা নিম্ন আয় বা উৎপাদনৰ বাবে নিৰ্মাণ কাৰ্যত নিয়োগ কৰিব পাৰে । আনফালে, আন একধৰণৰ নিৰ্মাণ শ্ৰমিক থাকে যিসকল প্ৰত্যক্ষ ব্যৱসায়িক প্ৰতিষ্ঠান আদিৰ নিৰ্মাণত নিৰ্মাণ কাৰ্যৰ বাবে নিয়োজিত । নিশ্চিতভাৱেই ,তেনেক্ষেত্ৰত প্ৰত্যক্ষভাৱে উৎপাদনৰ লাভ বা উৎপাদনৰ মালিকীস্বত্বৰ বিষয় স্পষ্ট । কিন্তু যিহেতু নিয়োজিত নিৰ্মাণ শ্ৰমিকসকল অস্থায়ী ,তাত শ্ৰমিকৰ কল্যাণমূলক সেৱা আদিৰ দাবী তোলাৰ পৰিসৰ প্ৰায় সংকুচিত ।নিৰ্মাণৰ কাম চিৰস্থায়ী নহয়।
আনহাতে, ক্ষুদ্ৰ ক্ষুদ্ৰ স্বনিয়োজিত শ্ৰমিকসকল আছে । যিসকল নিৰ্দিষ্ট মালিকানাধীন নহয় । যেনে ৰিক্সাচালক ,বা ক্ষুদ্ৰ অস্থায়ী ব্যৱসায়ী ফেৰী কৰা বা ভ্ৰাম্যমাণ বেপাৰীসকলক ধৰিব পাৰি। এই শ্ৰমিকসকলৰ ক্ষেত্ৰত উৎপাদনৰ ‘লাভ’ হৈছে অপৰ্যাপ্ত মজুৰি । একেই শাৰীতে গৃহকৰ্মী হিচাপে নিয়োজিত মহিলা শ্ৰমিকৰ বিষয়টোও অন্তৰ্ভুক্ত কৰিব পাৰি। গৃহকৰ্মক পূৰ্বতে উৎপাদনৰ অংশ হিচাপে গণ্য কৰা হোৱা নাছিল । পুঁজিবাদৰ বিকাশৰ লগে লগে গৃহকৰ্মৰ বাবে একাংশই শ্ৰম ক্ৰয় কৰে আৰু বৃহৎসংখ্যক, বিশেষকৈ অধিকাংশ মহিলাই গৃহকৰ্মী হিচাপে শ্ৰম বিক্ৰী কৰিব লগা হয়। গৃহকৰ্মী হিচাপে নিয়োজিত শ্ৰমিকসকলৰ ক্ষেত্ৰতো নিৰ্দিষ্ট মজুৰি আইন নথকাত শোষণ স্পষ্ট যদিও প্ৰতিকাৰ মাথোঁ এক প্ৰশ্নবোধকতেই থাকি যায় ।
এই জটিল শ্ৰমিক বৈশিষ্ট্য আজি প্ৰৱৰ্তিত ব্যৱস্থাৰ ফলাফল । পুঁজিবাদী ব্যৱস্থাই কৰ্প’ৰেট গোষ্ঠীক অৰ্থনৈতিক ৰক্ষণাবেক্ষণ দিয়েই ব্যৱস্থাৰ সাৰ্থকতাৰ দম্ভালি মাৰিলেও ,বাস্তৱত শ্ৰমিক শ্ৰেণীৰ দ্ৰুতগতিত নিম্নগামী হোৱা জীৱনৰ মানদণ্ডই পুঁজিবাদী ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ উদঙাই দেখুৱাইছে।
শ্ৰমিকৰ অধিকাৰ সুৰক্ষা তথা স্বাৰ্থৰক্ষাৰ বাবে শ্ৰমিকসকলক একত্ৰিত কৰি শোষণ তথা ৰাষ্ট্ৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে শক্তিশালী মতাদৰ্শৰ প্ৰয়োজন আছিল ,কিন্তু বিড়ম্বনা যে তেনে সময়তে ‘নিৰ্দিষ্ট মতাদৰ্শ’ৰ ধাৰণাক নস্যাৎ কৰা হৈছে। সামগ্ৰিক বিশ্ববীক্ষাৰ গুৰুত্বক সমূলি অস্বীকাৰ কৰা হৈছে । বৰঞ্চ তাৰ পৰিৱৰ্তে কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাৰে আভুৱাভঁৰা কৌশলীভাৱে শ্ৰমিকবিৰোধী ব্যৱস্থাটোক ৰক্ষণাবেক্ষণ দি থকা হৈছে । সাম্প্ৰতিক সময়ত ,সমাজত বিভিন্ন গোট , সংস্থা আদি সক্ৰিয় আৰু আপাতত এই গোট বা সংস্থাসমূহ ‘ডিমাণ্ড গ্ৰুপ’যেন লাগিলেও এইসমূহ কল্যাণকামী প্ৰকৃতিৰহে । যিসমূহে সমস্যাৰ সমাধান কৰাৰ বিপৰীতে সমস্যাটোৰ প্ৰভাৱ কম কৰাতহে আগ্ৰহী। বিভিন্ন গোটত বিভক্ত হোৱাৰ ফলত সামগ্ৰিকভাৱে শ্ৰমিকশ্ৰেণী একগোট হৈ ব্যৱস্থাৰ বিৰুদ্ধে থিয় দিয়াৰ ক্ষেত্ৰত বাধাগ্ৰস্ত হয়। গতিকে এনে এটা ব্যৱস্থাত শ্ৰমিক শ্ৰেণীৰ বৈশিষ্ট্যৰ জটিলতা তথা শ্ৰমিকৰ মজুৰিৰ শোষণৰ সমস্যাৰ সমাধান এক ডাঙৰ প্ৰশ্ন !
মহিলা সবলীকৰণৰ শ্লোগান শুনিবলৈ যিমান তীক্ষ্ণ হ’লেও যদি সৰ্বহাৰা মহিলা শ্ৰমিকসকলৰ সামগ্ৰিক উত্তৰণত সমাজৰ আন আন শ্ৰমিকসকলৰ সৈতে সন্মিলিত হৈ নাৰীবাদে নেতৃত্ব দিব নোৱাৰে ,তেন্তে নাৰীবাদ মাথোঁ এইব্যৱস্থাক ৰক্ষণাবেক্ষণ দিয়া চিভিল ছ’চাইটিৰ এক উপৰিসৌধ হিচাপেই পৰিগণিত হ’ব। সেই নাৰীবাদ শ্ৰমিক শ্ৰেণীৰ নেতৃত্ব দিব পৰাকৈ মতাদৰ্শী হ’ব লাগিব । অৰ্থনৈতিক পৰিকাঠামোৰ আমূল পৰিবৰ্তনত বিশ্বাসীসকলে এই ব্যৱস্থাৰ অৰ্থনৈতিক বৈষম্যৰ অৱসান বিচাৰে। যেনে- মাৰ্ক্সবাদক তেনে এক মতাদর্শ বুলি ক’ব পাৰো । শ্ৰমিক শ্ৰেণীৰ শোষণৰ অৱসানো বৈষম্যমূলক অৰ্থনৈতিক ব্যৱস্থাৰ অৱসানৰ সৈতে সংপৃক্ত। নাৰী সবলীকৰণৰ বিষয়টোও অৰ্থনৈতিক পৰিকাঠামোক পৃথক কৰি চালে অসম্পূৰ্ণ হৈ ৰ’ব ।