গল্প-কবিতা

মমতা (জ্যোৎস্না হাজৰিকা)

:অ’ মা মোৰ চেণ্ডেলযোৰ দেখিছিলা নেকি? বিচনাত শুই থকাৰ পৰা মূৰটো তললৈ ওলমাই ৰাগে মাকক চিঞৰিলে।

: তোৰ চেণ্ডেল মই কি কৰিম অ’? মই পিন্ধো নেকি? তিতা মূৰটো গামোচা এখনেৰে মেৰিয়াই মাকে ৰাগক ধমকি এটা দিলে।

: নেদেখিলে নাই বুলি ক’বা না। ইমান যে গালি দিয়া তুমি। ৰাগৰ মুখখন ফুলালুচি হয়!

:উঠ উঠ নিজৰ বিছনাখন ঠিক কৰ। ৰুমটো সাৰি ল। পঢ়া টেবুলত বহ।

: কোনটো আগতে কৰিম মা?

: বেছি টেঙৰামি নকৰিবি দেই ৰাগ। যেনেকৈ কৈছোঁ তেনেকৈ কৰ।

: সৰা মেলা কামবোৰ তুমি বাকো কৰিবলৈ ক’ব পাৰা।

: কিয়? তই কৰিলে কোনখন নগৰত জগৰ লাগিব অ’? বায়েৰে নিজৰ ৰুম চফা কৰি অতালেই। তইহে কেৰমেৰাই আছ। উঠ দেই ৰাগ। পিঠিত পৰিব এতিয়া।

বিছনাৰ পৰা জাপ মাৰি নামিল ৰাগ। মাকৰ লগত লাগি থাকিলে বিপদ আছে বুলি গম পায় বাথৰুমলৈ লৰ মাৰিলে সি। ক্লাছ এইটলৈ পোৱা ল’ৰাটোৱে মাকৰ লগত সদায় এই নাটকখন কৰেই। দিনটোলৈ মাক দেউতাক ওলাই যায়, সি আৰু বায়েক ৰুণি স্কুললৈ যায়। জেতুকী মাহীহে ঘৰত থাকে দিনটো। মাকৰ সহায়িকা যদিও পৰিয়ালৰ সদস্যই হৈ পৰিছে জেতুকী। অৱশ্যে মাক-দেউতাকৰ বাহিৰে জেতুকীক সিহঁতে আদেশ দিয়াৰ নিয়ম নাই। দিনটোৰ মূৰত সন্ধিয়াহে গোটেইকেইটা প্ৰাণী একেলগ হয়। সেয়েহে এইখিনি সময়তে মাকক অলপ লেনিয়াই সি। মাকেও বুজি পায় তাৰ এই আব্দাৰখিনি। ল’ৰা বুলি বেছি মৰম পোৱাৰ ভাৱটো যাতে তাৰ মনত কেতিয়াও নাহে সেই কথাটোত মাক মলয়া দত্ত সদাসতৰ্ক।

: অ’ বা মোৰ টাৱেলখন ক’তনো?

: কালি ক’ত থৈছিলিনো তই?

অভিমানত মুখখন এপাচি হয় তাৰ। আনকালে এনেকুৱা চিঞৰ মাৰিলে জেতুকী দৌৰ মাৰি আহে। আজি দুদিন হ’ল জেতুকী জীয়েকৰ ঘৰলৈ যোৱা। ৰাগৰ মনত সেয়েহে বৰ দুখ। মাকৰ গালি খাওঁতেই গৈছে বেচেৰাৰ। বিছনাখন পাৰি লৈ টেবুলত থকা গাখীৰ বিস্কুট খাই পঢ়াত বহিল। এইখিনি সময়তে মাকে ৰাতিপুৱাৰ কামৰ লগতে ভাতসাজো ৰান্ধে। ৰুণিকো পঢ়া টেবুলত বহুৱাই থয়। অহাবাৰলৈ তাই মেট্ৰিক দিব। ৰাতিপুৱা দাইল-ভাত, ৰুণিৰ আলু ভাজি, ৰাগৰ অমলেট কৰে মানে তেওঁৰো অফিচলৈ ওলাবৰে হয়। এইখিনি সময়ত মানুহজনে ঘৰতে ৰোৱা ভেণ্ডি, জলকীয়াৰ পুলিকেইটা আপডাল কৰে। ওচৰৰ দোকান এখনৰ পৰা গাখীৰকণ আনে। ৰাতিপুৱাৰ পেপাৰখনত চকু ফুৰাই চাহকাপ খায়। পঢ়ি উঠি ৰাগে ঝাৰুটো হাতত লৈ দেউতাকে দেখাকৈ দুবাৰমান অহাযোৱা কৰে কিজানিবা দেউতাকে নালাগে থ বুলি কয়েই! আজিলৈকে তেনেকুৱা হোৱা নাই এদিনো। দেউতাকে নেদেখেই নে নেদেখাৰ ভাও জোৰে তাৰ অকণমানি মনটোৱে বুজি নাপায়। মৰমেই নকৰে নেকি বাৰু তাক? অকণমান অভিমানো হয় তাৰ। সেইখিনি কামচোন ৰুণিবায়ো কৰে বুলি ভাবি থয় সি। কাম কৰি বেয়া নাপায় কিন্তু ওচৰৰে বাবলুৱে সিদিনা তই মাইকী কামবোৰ কেলেই কৰ বুলি হাঁহিলে কাৰণেহে। মাকে কৈছে কামৰ কোনো মতা-মাইকী নাথাকে। হয়ো। স্কুলৰ পৰা আহি সি নিজেই অমলেট বনাই খায়। মেগিও বনাব পাৰে আজিকালি। সি বনালে বাচনকেইটা ৰুণিবাই ধোৱে। জেতুকী মাহীয়ে অৱশ্যে সিহঁতে কাম কৰিলে বেয়া পায়। স্কুলৰ পৰা আহি খাবলৈ সদায় কিবা এটা বনাই থয়। আবেলিৰ কামখিনি জেতুকী মাহীয়েই  সামৰি থয়। ঘৰখনৰ প্ৰতিটো চুক কোণ জিলিকি উঠে জেতুকী মাহীৰ হাতৰ পৰশত। মাকে চিলাই মেচিন এটাও কিনি দিছে তেওঁক। ৰুণিৰ ফ্ৰক, মাকৰ মেখেলা-চাদৰ এইবোৰ আজিকালি মাহীয়েই চিলাই কৰে। মাক আহি পাওঁতে পলম হয় কাৰণে সিহঁতে অলপ দেৰি শুই লয়। শুই উঠি আগফালৰ ফুলনিখনত পানী দিয়াটো সিহঁত দুয়োটাৰে কাম। মাকে অ’ৰ ত’ৰ পৰা ঢেৰ ফুলপুলি গোটাই দিছে সিহঁতক। গছক মৰম কৰাৰ অভ্যাস এটা গঢ়ি উঠিছে সিহঁতৰ। কোনজোপা ফুলে কেইটাকৈ কলি পেলাইছে পূৰা মনত থাকে দুয়োটাৰে। সিহঁতৰ মৰমতে যেন  জীপাল হয় ফুলবোৰ।

মলয়া দত্ত পেছাত এগৰাকী কোষাগাৰৰ কৰ্মচাৰী। স্বামীও বেংকৰ কৰ্মচাৰী হোৱা হেতুকে আজৰি সময় বৰ কম তেওঁলোকৰ সংসাৰত। চাকৰিসূত্ৰে শ্ৰীমান দত্ত বেছিখিনি সময় ঘৰৰ বাহিৰতে থাকিল। ৰাগ আৰু ৰুণি ডাঙৰ হোৱাতহে তেওঁ ঘৰৰ ওচৰ পাইছেহি। ৰাগ আৰু ৰুণিক সৰুৰে পৰা কাম কৰা মানুহৰ হাততে এৰি দিয়া বুলি ক’লেও ভুল নহ’ব। সেই সময়খিনি মনত পৰিলে তেওঁৰ বুকুখন এতিয়াও কোনোবাখিনিত বিষায়। চাকৰি আৰু সন্তান কোনোটোৰে লগত তেওঁ এৰাধৰা কৰি পৰা নাছিল। মাতৃত্বৰ মমতা আৰু আত্মনিৰ্ভৰশীলতাৰ তুলাচনীখনত বহুবাৰ দিক্‌বিদিক্‌ হেৰুৱাইছিল তেওঁ। যদিওবা সেইখিনি সময়ত মাতৃত্বৰ মমতাৰ কথা সোঁৱৰাই দিয়া মানুহৰ অভাৱ নাছিল। নাৰী জীৱনৰ যেন এটা নিৰ্দিষ্ট কক্ষ থাকে। তাৰপৰা সামান্যতম হেৰফেৰ হ’লেই যেন সমাজে সোঁৱৰাই দিয়ে সেই পুৰাতন নিয়ম।

নিজৰ খোপনি হেৰুৱাই দুৰ্বল হৈ পৰিলেই সেই একেখিনি মানুহেই সোঁৱৰাই ‘উপাই নাই আই……নাৰী জীৱন এনেকুৱাই!’

নাই নাই… তেওঁ খোপনি হেৰুওৱা মাক হ’ব বিচৰা নাছিল। নিজৰ কাঠগৰাত তেওঁ নিজকে থিয় কৰাইছিল বহুবাৰ।

ৰুণিৰ জন্ম গাঁৱৰ ঘৰতে হৈছিল। জাকৰুৱা ঘৰখনত কেঁচুৱা ৰুণিক থৈ গৈছিল যদিও উভতি আহি কাৰো ভাল মাত এষাৰ পোৱা তেওঁৰ মনত নপৰে। চাকৰিটো তেওঁৰ বাবে বিলাসিতা বুলিয়েই ভাবি লৈছিল ঘৰখনে। শাহুৱেকে পাকে-প্ৰকাৰে মাইকী মানুহে চাকৰি কৰিলে কিমান অসুবিধা হয় তাকে বুজাইছিল। কাহানিও সোঁতৰ বিপৰীতে মাত নমতা মানুহজনে সদায় নিৰৱ ভূমিকা লৈছিল। চাকৰিসূত্ৰে মানুহজন গুৱাহাটীত থকা সময়খিনিত তেওঁ অকলেই সকলোখিনি চম্ভালিবলগীয়া হৈছিল। দেওৰ-ননদেৰে ভৰা ঘৰখনত কেঁচুৱাতকৈ কেঁচুৱা ৰখা মানুহকহে বেছিকৈ আপডাল কৰিব লগীয়া হৈছিল তেওঁ। ৰাতিপুৱা কেঁচুৱা ৰুণিতকৈ ঘৰৰ বাকীবোৰ মানুহে কি কি খাব তাৰহে হিচাব ৰাখিবলগীয়া হৈছিল তেওঁ। সকলো কাম কৰি-মেলি থৈ, দুখন গাড়ী সলাই নিজৰ কৰ্মস্থলীলৈ যাত্ৰা কৰিবলগীয়া হৈছিল। উভতি আহি ৰুণিৰ শুকান মুখখনে তেওঁক ভাষাহীন কৰি তুলিছিল। সকলোকে সন্তুষ্ট ৰাখিলেহে যেন ৰুণিয়ে পাবলগীয়া যত্নখিনি পাব এনে লাগিছিল তেওঁৰ। দৰমহাৰ এটা অংশ শাহুৱেকৰ হাতত তুলি দিয়াটো একপ্ৰকাৰৰ নিয়মেই আছিল। তথাপিও যেন হাঁ-হুমুনিয়াহবোৰ নুগুচিছিল মানুহবোৰৰ। অনবৰতে ফেঁকুৰি থকা ৰুণিক দেখি বুকুখন ধৰমৰাই উঠিছিল। খোৱা-শোৱাৰ খেলিমেলি হৈছিল তেওঁৰ। এদিন পেহীয়েকে অকণমানিজনীক “মাৰৰ চাকৰিটোহে ডাঙৰ, তই ওলমি দিলি আৰু আমাৰ ডিঙিত” বুলি কৈ থকা শুনি স্তব্ধ হৈ গৈছিল তেওঁ। কেনেকৈ শিশুমনত বিহ ঢালিব পাৰে মানুহে। মাকৰ প্ৰতি থকা আখেজ সন্তানৰ ওপৰত কেনেকৈ তুলিব পাৰে মানুহে! জাকৰুৱা পৰিয়ালত থাকি মৰম-চেনেহবোৰ ধৰি ৰাখিবলৈ শিকিব, সংস্কাৰ শিকিব বুলি ভাবি থকা ধাৰণাটোৱেই সলনি হৈ গৈছিল তেওঁৰ। ৰুণিৰ শেঁতা পৰা মুখখনে ৰাতি শুবলৈ দিয়া নাছিল তেওঁক। একপ্ৰকাৰৰ নিৰাপত্তাহীনতাত ভুগিছিল তেওঁ। আন্তৰিকতাবিহীন এজাক মানুহৰ মাজত থাকি ভীৰৰ মাজতো অকলশৰীয়া হৈছিল তেওঁ। শাহুৱেকে চাকৰি বাদ দি গুৱাহাটীলৈ গুচি যাবলৈ কৈছিল যিটো তেওঁৰ কাৰণে অসম্ভৱ আছিল।

মূৰ তুলি চাবলৈ নিজৰ এখন আকাশ বিচাৰিছিল তেওঁ….

জানিছিল খোপনি হেৰুওৱা মাতৃয়ে সন্তানক এখন মুক্ত আকাশ কেতিয়াও দিব নোৱাৰে। দিনটো চকুৰ আগতে ৰাখিব পৰাহেঁতেন তাইক! হাঁহাঁকাৰ কৰি উঠিছিল তেওঁৰ মনটো। এখন নতুন যুঁজৰ বাবে সাজু হৈছিল। অফিচৰ সহকৰ্মীখিনিৰ সহায়ত দুকোঠলীয়া ভাড়াঘৰ এটা যোগাৰ হৈছিল। অফিচৰ ওচৰতে পাণদোকান দিয়া যোগেনৰ মানুহজনীয়ে দিনত ৰুণিক ৰাখিবলৈ মান্তি হৈছিল। শাহুৱেকৰ হাতত মাহে মাহে দিয়া পইচাকেইটা ঘৰভাড়া আৰু ৰুণিৰ ৰখীয়া মানুহজনীৰ নামত খৰচ কৰি উশাহ কিনিবলৈ সাজু হৈছিল। দেওবাৰৰ দিন এটাত গাড়ী এখনত প্ৰয়োজনীয় বস্তুকেইটা উঠাই কণমানি ৰুণিক লৈ সকলোৰে প্ৰশ্নবোধক চাৱনিবোৰ উপেক্ষা কৰি ‘অফিচৰ ওচৰত থাকিলে মোৰ সুবিধা হ’ব’ বুলি ৰুমটোলৈ  গুচি  আহিছিল মলয়া দত্ত। কাৰোবাৰ অনুমতি লোৱাৰ প্ৰয়োজনবোধ কৰা নাছিল তেওঁ। কিমাননো মানুহজনক সমস্যাবোৰৰ কথা কৈ থাকিব! তেওঁ যদি এটা কয় ঘৰৰ মানুহে দহটা কয়। এই অসুস্থ প্ৰতিযোগিতাখন মলয়া দত্তৰ একেবাৰে ভাল লগা নাছিল। এনেকুৱাটো হোৱাৰ কথা নাছিল! ঘৰ ধৰিবলৈ অহা মানুহজনীৰ বাবে ঘৰৰ সংজ্ঞাই সলনি হৈছিল।

শ্ৰীমান দত্তক মাত্ৰ কৈছিল, “মই ওলাই আহিলোঁ বুজিছে। নিজৰ সমস্যাবোৰ নিজেই সমাধান কৰিম এতিয়াৰে পৰা। আপুনি যি ভাল দেখে কৰিব।” দত্তই সেইবাৰো মুখেৰে একো মতা নাছিল। কিন্তু ছুটীত আহোতে তেওঁ ভাড়াৰুমটোলৈকে আহিছিল। ৰুম গুচি এখন ঘৰ হৈছিল। অফিচৰ পিয়ন চকীদাৰকেইজনৰ কোলাই বোকোচাই ৰুণি দুবছৰীয়া হৈছিল। মলয়া দত্তৰ হাতত যেন অফুৰন্ত সময় গোট খাইছিল। মাকৰ মৰমত ৰুণিৰ শেঁতাপৰা মুখখন পোহৰ হৈছিল। ইয়াত ৰুণিৰ বাহিৰে কাকো সন্তুষ্ট কৰিবলগীয়া হোৱা নাছিল মাকে। ৰুণিয়ে যেন এটা সুস্থ শৈশৱ পাইছিল। যি শৈশৱ প্ৰতিগৰাকী মাকে দিওঁ বুলিও দিব নোৱাৰে নিজৰ সন্তানক। মলয়া দত্তই যেন জীৱনটোক এখন যুঁজ বুলিয়েই লৈছিল। তাৰ মাজতে ৰাগে গৰ্ভত থিতাপি লৈছিল। দত্তই ভায়েক-ভনীয়েকহঁতৰ প্ৰতি থকা দায়িত্ব কৰ্তব্যবোৰো ঠিকমতে পালন কৰি গৈছিল। মলয়া দত্তই ক’তো অকণো বাধা দিয়া নাছিল। হাজাৰ হ’লেও ঘৰৰ মানুহ! কিন্তু সেই মানুহখিনিৰ কাৰণে তেওঁ কোনোদিনে কোনো টান অনুভৱ কৰা নাছিল। সৰুতে ঘাটমাউৰা হোৱা মানুহজনীয়ে সদায় মূৰৰ ওপৰত এখন আকাশ বিচাৰিছিল। সেই যাত্ৰাৰ পথত যেন তেওঁ নিজেই এখন আকাশ হৈছিল। তেওঁ যেন নিজৰ কক্ষপথ নিজেই সাজি লৈছিল। প্ৰতিগৰাকী নাৰীৰ যিদৰে নিজা কক্ষ নিৰ্ধাৰণ কৰা থাকে…..তেওঁ সেই কক্ষ নিজে ৰূপ দিছিল, নিজক ফাঁকি দিব নলগীয়াকৈ..

বৰ্ষণমুখৰ আবেলি এটাত তেওঁ জেতুকীক লগ পাইছিল। কণমানি ছোৱালীজনী লৈ পদপথত অসহায় হৈ পৰি ৰৈছিল তাই। মলয়া দত্তৰ বুকুখন বিষাইছিল কণমানি জনীলৈ চাই। কিমান অসহায় হ’লে পদপথত পৰি ৰয় মানুহ! আঠ-ন বছৰীয়া ছোৱালীজনীয়ে পানী এবটল খুৱাই আছিল মাকক। মাকৰ ৰৈ ৰৈ উঠানমা কৰা বুকুখনলৈ চাই চকুপানী বোৱাই আছিল কণমানিজনীয়ে। মাকৰ আঁচলখন জীয়াই তুলিবলৈ যেন আপ্ৰাণ চেষ্টা! মাকে চকু মুদিলেই যেন ভঙা সৰগখন আকৌ এবাৰ ভাগিব। পদপথত অসংখ্য মানুহ। কাকো চুব পৰা নাছিল সেই অসহায় শিশুটিৰ চকুপানীয়ে। তেওঁ চাই ৰ’ব পৰা নাছিল সেই দৃশ্য। ৰুণিৰ শেঁতাপৰা সেই পুৰণি চেহেৰাটো বাৰে বাৰে মনলৈ আহিছিল। লগেলগে ডাক্তৰৰ ওচৰলৈ লৈ গৈছিল সেই অসহায় মাতৃ-কন্যাক। এনিমিয়াত ভোগা মাক-জীয়েকৰ সম্পূৰ্ণ চিকিৎসাৰ খৰছ বহন কৰিছিল। এসপ্তাহৰ পিছত জেতুকী সুস্থ হৈছিল। হাস্পাতালৰ পৰা বিদায় লোৱাৰ দিনাহে সিহঁত যেন আকৌ দিশহাৰা হৈছিল। ক’লৈ যাব সিহঁত! মলয়া দত্তৰ ভৰিত পৰি হুকহুকাই কান্দিছিল জেতুকীয়ে। কৈছিল বানে ধোৱা অতীতৰ কথা। কিদৰে মানুহটো আৰু ল’ৰাটো চকুৰ সমুখতে উটি গৈছিল। ঘৰ বুলিবলে ভেটি এটা নথকা মানুহেহে জানে ঘৰৰ মোহ।কথাবোৰ অবিশ্বাস কৰিব পৰা নাছিল তেওঁ। মূৰৰ ওপৰৰ আকাশ আৰু ভৰিৰ তলৰ মাটি হেৰুওৱা মানুহজনীক আগপাছ নাভাবি তেওঁ লৈ আহিছিল নিজৰ ভাড়াঘৰলৈ। জীয়েক চুমিয়ে ৰুণিৰ লগ লৈছিল। ইটো সিটো কামত সহায় হৈছিল তেওঁৰ। গৰ্ভৱতী দেহাটোৱেও যেন অকণমান জিৰণি পাইছিল। লাহে লাহে পাকঘৰটো জেউতীয়েই চম্ভালিব লৈছিল। দত্ত পৰিয়ালৰ কাৰণে দুকোঠলীয়া ঘৰটো সৰু হৈছিল। ৰাগৰ জন্মৰ আগে আগে সুবিধাজনক ঠাইখিনিত ঘৰে-মাটিয়ে পাই কিনি পেলাইছিল। চুমিকো ওচৰৰ স্কুলখনত নাম লগাই দিছিল। ৰাগ-ৰুণিৰ বাবে জেতুকী মাহী আৰু চুমীবাই আছিল শৈশৱৰ বিশ্বস্ত লগৰী। ৰুণিতকৈ ৰাগে যত্ন বেছিকৈ পাইছিল। চেহেৰাই পাতিয়ে সৰুৰেপৰা চকুতলগা হৈছিল ল’ৰাটো। ৰাগে হোৱাই নোহোৱাই আব্দাৰ কৰিব পৰা হৈছিল তাৰ মৰমৰ জেতুকী মাহীক। জেতুকীৰ মৰমৰ ‘মুনু গোঁসাই’ হৈছিল সি। ৰাগৰ খিলখিল হাঁহিবোৰ ক্ৰমাৎ জেতুকীলৈ বিয়পি পৰিছিল।শুকান উবান মানুহজনীয়ে হাঁহিবলৈ শিকিছিল। ঘৰৰ মানুহবোৰে ‘নিজৰবোৰক এৰি বাটৰ মানুহ বুটলিছে’ বুলি আকৌ এবাৰ চৰ্চা কৰিছিল। স্কুলৰ পৰা আহি ল’ৰা-ছোৱালীহালে উকা ঘৰখন দেখিবলগীয়া হোৱা নাছিল। মলয়া দত্তৰ বাবে সেয়াই সুখ আছিল। জেতুকীক সিহঁতে মাহী বুলিয়েই জানে। কাম কৰা মানুহ বুলি বেলেগ এটা জাতি আছে বুলি সিহঁতে নাজানে। জীয়াই থাকিব লাগিলে নিজৰ কাম নিজেই কৰিব লাগিব বুলিয়েই জানে।

:অ’ মা মাহী  কেতিয়া আহিব? ৰাগৰ মাততহে তেওঁৰ ভাবত যতি পৰিল।আহৰি পালেই পুৰণি দিনৰ ছবিবোৰ ভাঁহি আহে তেওঁৰ।

ডাইনিং টেবুলত পানীৰ গিলাচকেইটা যতনাই থকা ৰুণিয়ে মাত লগালে,”আহিব ৰ। তোৰ মনত পৰিলেই নে?”

চুমিয়ে মেট্ৰিক পাছ কৰাৰ পিছতে ওচৰৰে ল’ৰা ৰজতৰ লগত হলিগলি কৰা দেখি জেতুকীয়ে কৈছিল,”তাৰ লগত যাৱ যদি যাগৈ। জেঠাইৰ ঘৰখন বদনাম নকৰিবি”।

চুমিকো প্ৰয়োজনীয়খিনি দি কন্যাদান কৰিলে তেওঁলোকে। ল’ৰাটো ভাল। কাম কৰি খাব পৰা। সেই জীয়েকৰ ঘৰলৈ গৈ জেতুকী মাহী নহাৰ বাবে ৰাগৰ বৰ দুখ। জেতুকীক জীয়েক-জোঁৱায়েকে সামৰি ল’ব খোজে। মলয়া দত্তই সেই কথাটো তাইৰ ওপৰতে এৰি দিছে যি ভাল দেখা কৰিবা বুলি। জেতুকীয়ে অবাক চাৱনি এটা দি তেওঁলৈ চাইছিল। দুচকুত যেন কিবা এটা হেৰুওৱাৰ ভয় ।

:অ’ মা জেতুকী মাহী বাৰু চুমিবাৰ ঘৰতে থাকি যাব নেকি? ডাইনিঙত বহি ৰাগৰ চিন্তা।

: নেথাকো অ’ ৰাগ বাবা। জোঁৱাই ল’ৰাই কৈছিল বোলে আপুনি আমাৰ লগতে থাকিব পাৰিব বুলি। মই ক’লো ঘৰখনত পঢ়া ল’ৰাছোৱালীহাল এৰি আহিছোঁ। তুমি থকাৰ কথা নক’বা। ৰুণিৰ ডাঙৰ পৰীক্ষা আছে অহাবাৰ। মোৰ বহুত দায়িত্ব আছে  বুজিছা। নিজৰ ঘৰখন এৰি বেলেগৰ ঘৰত থাকি মই এনেয়ো বেয়া পাওঁ। কৈ কৈ জেতুকী ভিতৰলৈ সোমাই আহিল। জেতুকীৰ নিজৰ ঘৰলৈ….ৰাগে পিছফালৰ পৰা বনফৰিঙৰ দৰে জপিয়াই জপিয়াই জেতুকীৰ পিছ ল’লে।পুৱাৰ ৰ’দজাকে যেন সামৰি ল’লে জীৱনমুখী ঘৰখন।

Leave a Reply

Your email address will not be published. Required fields are marked *