মনোৰোগ আৰু পুঁজিবাদ ।। শিৱজিত দত্ত
পুঁজিবাদে কিন্তু আমাক শিকায় যে আমাৰ প্ৰত্যেকেই একক, স্বয়ং স্বাধীন, অন্তৰিত আৰু প্ৰতিযোগিতাশীল। এনে শিকনিয়ে আমাৰ লগতে আমাৰ সন্তানৰ বাবেও ভয়ানক মানসিক বিপদ আমন্ত্ৰণ কৰিছে ।। মুক্ত চিন্তা, দশম বছৰ, প্রথম সংখ্যা, জুলাই, ২০২৪ ।।
আজিৰ তাৰিখত দাৰিদ্ৰ্য আৰু সংস্থাপনহীনতাৰ দৰেই বিশ্বজোৰা এক সমস্যা হৈছে মনোৰোগ। ডিপ্ৰেছন, ডিমেন্সিয়া, এলঝেইমাৰ, স্কিজ্জোফ্ৰেনিয়া, নাৰ্ছিছিজম্ আদিকে ধৰি অলেখ সৰু-বৰ মনোৰোগে বিপুলাংশ লোকক আক্ৰান্ত কৰি মানুহৰ সমাজখনক ক্ৰমশঃ ব্যাপকতৰ আৰু গভীৰতৰ অসুস্থতাৰ পিনে টানি নিব ধৰিছে। স্বাভাৱিকতে মনোৰোগক লৈ অসংখ্য গৱেষণা হৈছে আৰু সিবোৰে ঘাইকৈ জেনেটিকছ্ আৰু দৈহিক বিশেষত্বকে মনোৰোগৰ কাৰণ বুলি ঠাৱৰ কৰি অধ্যয়ন আগবঢ়াই নিছে। পিছে এচাম বিশেষজ্ঞই ভাবে যে সামাজিক আৰু পাৰিপাৰ্শ্বিক পৰিস্থিতিৰ প্ৰভাৱৰ কথা বাদ দি মনোৰোগৰ উৎপত্তি আৰু বিস্তাৰৰ কথা অধ্যয়ন কৰিব নোৱাৰি। অনেক গৱেষক আৰু চিকিৎসকৰ উদ্ধৃতি দি ৰড্ টুইডীয়ে সজোৰে কৈছে যে উক্ত পৰিস্থিতিটো গঢ়ি দিছে পুঁজিবাদ নামৰ আধুনিক সমাজ-ৱ্যৱস্থাটোৱে। ‘‘পুঁজিবাদৰ প্ৰক্ৰিয়া আৰু সহজাত কথা-কাণ্ডৰ সৈতে আমি চিকিৎসা কৰা বা আমি জড়িত হৈ পৰা বহু ৰকমৰ বেমাৰ আৰু ব্যক্তিগত হতাশাই নিশ্চিতকৈ সম্পৰ্কিত আৰু সিবোৰৰ দ্বাৰা সম্প্ৰসাৰিত বুলি ধাৰণা হয়।”
সামাজিক একাষৰীয়াকৰণ, অসমতা, বিচ্ছিন্নতাবোধ, বস্তুবাদ আৰু নৱ্য-উদাৰবাদৰ মূল ধাৰণাবোৰ আদিক মানসিক অসুস্থতাৰ ঘাই কাৰক বুলি বহু নিবন্ধ আৰু ভাষণত যুক্তি-তথ্যসহ প্ৰতিপন্ন কৰা হৈছে। দাৰিদ্ৰ্য, অসমতা, জাতিবাদ, স্থানান্তৰণ আৰু নিৰ্দয় প্ৰতিযোগিতাৰ বাতাৱৰণে মানুহক ক্ৰমশঃ মনোৰোগৰ চিকাৰ কৰি আনিছে। কোৱা বাহুল্য, এই কাৰকসমূহৰ ঘাই শিপা হৈছে পুঁজিবাদ। মনোৰোগ বিশেষজ্ঞ জোৱেল কোভেলৰ মতে বহু স্নায়ৱিক মনোবিকাৰৰ অন্তৰালৰ কাৰণ হৈছে পুঁজিবাদী আদৰ্শ যিয়ে বিশ্বাস কৰে যে “মানুহৰ সুখৰ কাৰণ বস্তুগত সভ্যতা।” পিছে সকলো স্বাচ্ছন্দ্য, বিলাস আৰু মনোৰঞ্জনৰ পিছতো মানুহে নিজকে দুৰ্ভগীয়া বুলিয়ে ভাবিছে, ইজনে সিজনক সঁচাকৈ ভাল পোৱাত অসমৰ্থ হৈছে, নিজৰ জীৱনৰ পূৰ্ণতা উপলব্ধি কৰিব পৰা নাই।
ফ্ৰয়দে কৈ থৈ গৈছে যে আধুনিক সমাজ হৈছে বিচ্ছিন্নতাবোধৰ জনক আৰু সেইবাবে স্নায়ৱিক মনোবিকাৰ তাৰ তেনেই স্বাভাৱিক পৰিণাম। বিচ্ছিন্নতাৰ বিষয়ে সবাতোকৈ অন্তৰ্ভেদী আলোচনা কৰিছে মাৰ্ক্সে। তেওঁ দেখুৱাইছে যে বিচ্ছিন্নতা হৈছে পুঁজিবাদী উৎপাদন-ব্যৱস্থাৰ মৌলিক বৈশিষ্ট্য আৰু অৱধাৰিত ফচল। এই ব্যৱস্থাৰ অন্তৰ্ভুক্ত পণ্য-উৎপাদন প্ৰক্ৰিয়াতে বিচ্ছিন্নতাবোধো এৰাব নোৱৰাকৈ উৎপাদিত হয়। কোনোবাই নিজৰ শ্ৰমশক্তি খটুৱাই কিবা কেঁচামালৰ পৰিৱৰ্তন সাধি নতুন কিবা এপদ সামগ্ৰী সৃষ্টি কৰে। সৃষ্ট সামগ্ৰীটোত স্ৰষ্টাৰ ‘কিবা’ নিহিত থাকে যিদৰে সন্তানৰ মাজত পিতৃ-মাতৃৰ ‘কিবা’ নিহিত থাকে। সন্তান যিদৰে মাক-বাপেকৰ সম্প্ৰসাৰণ ঠিক সিদৰে সৃষ্ট বস্তুও স্ৰষ্টাৰ সম্প্ৰসাৰণ। সেই বস্তু পুঁজিৰ মালিকে তেওঁক নোসোধাকৈ তেওঁৰপৰা আতৰাই নিয়াটো সন্তানক মাক-বাপেকৰ পৰা আতৰাই নিয়াৰ সমতুল্য। আকৌ, শ্ৰমিক এজনে নিজৰ চিন্তা, ক্ষমতা, শিল্প খটুৱাই স্বেচ্ছাই কিবা সামগ্ৰী উৎপাদন কৰিব নোৱাৰে; তেওঁ সৃষ্টি কৰে আনৰ হেঁচাত, আনৰ চিন্তা মতে, আনে তৈয়াৰ কৰি দিয়া আৰ্হি অনুসৰি। তাৰোপৰি আধুনিক উদ্যোগত তেওঁ কোনো এপদ সামগ্ৰীৰে সম্পূৰ্ণ ৰূপটো সাজি নুলিয়ায়; তেওঁ মাথো তাৰ এটা অংশহে প্ৰস্তুত কৰে। এতেকে সৃষ্টিৰ আনন্দ তেওঁ নাপায়। সৃষ্টিৰ তাগিদাত নহয়, দুপইচা উপাৰ্জন কৰাৰ তাগিদাতহে তেওঁ অনিচ্ছা সত্ত্বেও আনৰ নিৰ্দেশত আনৰ চিন্তানুসৰি বস্তু এটাৰ অংশ এটা তৈয়াৰ কৰে। গতিকে কৰ্তা আৰু কৰ্মৰ মাজত একাত্মতাৰ সম্পৰ্ক গঢ়ি নুঠে। এই গোটেই পৰিস্থিতিটোৱেই বিছিন্নতাৰ পৰিস্থিতি।
মাৰ্ক্সে সৃষ্টিশীলতাক মানৱতাৰ সাৰ বুলি ঠাৱৰ কৰিছে। অৰ্থাৎ সৃষ্টিৰ মাজেদিহে মানুহে নিজৰ সত্তাক বিচাৰি পায়। পিছে মানৱতাৰ এই সাৰসত্তাত পুঁজিবাদী ব্যৱস্থাই ছুৰীকাঘাত কৰিছে। স্ৰষ্টা মানৱক ই মজুৰি শ্ৰমিকত পৰিণত কৰি মানুহক নিজ সৃষ্টিশীল সত্তাৰ পৰাই বিচ্ছিন্ন কৰিছে; স্ৰষ্টাকো বিচ্ছিন্ন কৰিছে সৃষ্ট বস্তুৰ পৰা; অনেক ক্ষেত্ৰতে ই স্ৰষ্টাক স্ৰষ্টা হ’বৰ অৱকাশ দিয়াই নাই।
গৰীৱ শ্ৰমিকে মজুৰিৰ সহায়ত আৰু চহকী মালিকে মুনাফাৰ সহায়ত পণ্য ক্ৰয় কৰি এই বিচ্ছিন্নতাৰ অৱসান ঘটাব নোৱাৰে; উৎপাদন প্ৰক্ৰিয়াত মানৱতাৰ যি ক্ষতি হৈ আহিল পণ্যই আৰু তাক পূৰাব নোৱাৰে। কাৰণ পণ্য নিজেই শোষণ আৰু বিচ্ছিন্নতাৰ সাকাৰ ৰূপ। সেইবাবেই ভোগবাদ আৰু বস্তুবাদ হৈ পৰিছে মানসিক অসুস্থতাৰ প্ৰধান কাৰক। জৰ্জ মনবায়’টে কৈছে, ‘‘ডিপ্ৰেছন, উদ্বিগ্নতা আৰু সম্পৰ্কৰ ভাঙোনৰ সৈতে অধিক বস্তুৰ ক্ৰয় জড়িত হৈ আছে।” মনোৰোগ বিশেষজ্ঞ চ্যু গাৰহাৰ্টে কৈছে যে আধুনিক সমাজত আমি প্ৰায়েই “বস্তুগত সুখকে মনস্তাত্ত্বিক সুখ বুলি ভুল কৰোঁ।’’
পুঁজিবাদে জন্ম দিছে বিৰাট এবিধ অসমতাৰ আৰু এই অসমতা মনোৰোগৰ অন্যতম কাৰক। ৰয়েল কলেজ অৱ্ চাইকিয়াট্ৰিষ্টৰ এক প্ৰতিবেদনত কোৱা হৈছে, “চহকী পৰিয়ালৰ শিশুৰ তুলনাত গৰীৱ পৰিয়ালৰ শিশুৰ মানসিক অসুস্থতাৰ বিপদ তিনিগুণ বেছি। মানসিক ৰোগ নিৰন্তৰ জড়িত হৈ আহিছে বঞ্চনা, নিম্ন আয়, সংস্থাপনহীনতা, শিক্ষাৰ অভাৱ, দৈহিক অস্বাস্থ্য” আদিৰ সৈতে।
পুঁজিবাদী কোম্পানী বা নিগম এটা নিজেই বিকাৰগ্ৰস্ততাৰ সাকাৰ ৰূপ। কাৰণ জোৱেল বাকানে কোৱাৰ দৰে কোম্পানীৰ লক্ষ্যই হৈছে আনৰ ক্ষয়-ক্ষতিলৈ পৰোৱা নকৰি যিমান পাৰি সিমান নিজৰ বাবে মুনাফাৰ সৃষ্টি কৰা। বাকানৰ মতে এনে নিগম বা কোম্পানীৰ গাত মনোৰোগৰ লক্ষণবোৰ পূৰামাত্ৰাই বিদ্যমান আৰু সেইবোৰ হৈছে সহানুভূতিহীনতা, একান্তই আত্মস্বাৰ্থৰ অনুসৰণ, আক্ৰমণাত্মক মনোভংগী, সামাজিক উদাসীনতা আদি।
আধুনিক পুঁজিবাদী চেতনাৰ মূলত আছে সোতৰ-ওঠৰ শতিকাৰ প্ৰবুদ্ধি (Enlightenment) -ৰ যুগৰ চিন্তা-ভাৱনা। মানুহক তেতিয়া আৱিষ্কাৰ কৰা হৈছিল নিতান্তই বিচ্ছিন্ন, নিসংগ সত্তা স্বৰূপে যি সত্তা অহৰহ প্ৰতিযোগিতা আৰু ঠেক আত্মস্বাৰ্থৰে পৰিচালিত। আধুনিক মনস্তত্ত্ববিদ্যা আৰু স্নায়ু-জীৱবিদ্যাই প্ৰবুদ্ধি আৰু পুঁজিবাদে পোষণ কৰা নিসংগ ব্যক্তিমানৱৰ এই ধাৰণা ভুল আৰু বিপজ্জনক বুলি প্ৰতিপন্ন কৰিছে। স্নায়ু-বিজ্ঞানী ডেভিড ঈগলমেনে কৈছে, “মানৱ মস্তিষ্কই তাৰ অস্তিত্ব আৰু বিকাশৰ বাবে আন আন মস্তিষ্কৰ ওপৰত নিৰ্ভৰ কৰে, ‘মই’ৰ ধাৰণা ‘আমি’ৰ বাস্তৱতাৰ ওপৰত নিৰ্ভৰশীল।” ৰড্ টুইডীয়ে কৈছে, “আমিবোৰ একোটাহঁত বিশাল অতিপ্ৰাণ, একোটা স্নায়ৱিক নেটৱৰ্ক যি প্ৰোথিত হৈ আছে তাতোকৈ বহু বিশাল স্নায়ৱিক নেটৱৰ্কৰ জালত। আমাৰ মস্তিষ্কবোৰ পাৰস্পৰিক আন্তঃক্ৰিয়াৰ বাবে ইমানেই মৌলিকভাৱে সংলগ্ন যে আমাৰ মাজৰ একোজন ক’ত আৰম্ভ হৈ ক’ত শেষ হৈছে সেয়া স্পষ্ট নহয়। আপুনি কোন সেই প্ৰশ্ন আমি কোন সেই প্ৰশ্নৰ সৈতে সম্পৰ্কিত। … আমাৰ ইজনক সিজনৰ প্ৰয়োজন।” লুই ক’জ’লিনোই কৈছে, “একক মস্তিষ্ক বুলি একো নাই। আন আন মস্তিষ্কৰ নেটৱৰ্কৰ মাজতহে একোটাহঁত মস্তিষ্ক অস্তিত্বশীল।” এনেবোৰ ধাৰণাৰ সমাহাৰক কোনো কোনোৱে আজি-কালি স্নায়বিক মাৰ্ক্সবাদ (Neuro-Marxism) বুলি অভিহিত কৰিছে।
পুঁজিবাদে কিন্তু আমাক শিকায় যে আমাৰ প্ৰত্যেকেই একক, স্বয়ং স্বাধীন, অন্তৰিত আৰু প্ৰতিযোগিতাশীল। এনে শিকনিয়ে আমাৰ লগতে আমাৰ সন্তানৰ বাবেও ভয়ানক মানসিক বিপদ আমন্ত্ৰণ কৰিছে। দৰাচলতে পুঁজিবাদী ব্যৱস্থাটো হৈছে মানৱ-প্ৰকৃতিৰ বিপৰীত বস্তু। ই আন্তঃনিৰ্ভৰশীল, সামূহিক জীৱনৰ সুস্থ চেতনা খৰ্ব কৰি আমাক নিসংগতা আৰু বিচ্ছিন্নতাৰ মাজলৈ ঠেলে; আমাৰ সৃষ্টিশীলতাৰ ভেটি উছন কৰি আমাক বিচ্ছিন্নতাত ভোগায়। এনে ব্যৱস্থাৰ মাজত মানসিক সুস্থতা বজাই ৰখাত আমি কৃতকাৰ্য হ’ব পাৰোনে নাই সেয়া অনিশ্চিত। থিয়’ড’ৰ আড’ৰ্ণোই কোৱাৰ দৰে – “ভুল জীৱন এটা শুদ্ধকৈ যাপন কৰিব নোৱাৰি।”
বিঃ দ্ৰঃ ৰড্ টুইডী (Rod Tweedy) -ৰ এটা নিবন্ধৰ ওপৰত আধাৰিত।