মৰহা তগৰৰ সুবাস – (সৌৰভপ্রাণ গোস্বামী)
[তগৰ বা তগৰদা নামেৰে অধিক পৰিচিত মুহিবুদ্দিন আহমদ আছিল এগৰাকী অক্লান্ত গণশিল্পী। ১৯৯১ চনৰ ১০ জুন তাৰিখে মৃত্যু হৈছিল এইগৰাকী মানৱদৰদী, সংগ্ৰামী কমিউনিষ্ট শিল্পীৰ। তেখেতৰ মৃত্যুৰ পাছতেই এখনি স্মৰণিকা প্ৰকাশ কৰা হৈছিল, “গণশিল্পী তগৰ : এটি অভিজ্ঞান“। স্মৰণিকাখনিৰ সম্পাদকৰ অনুমতি লৈ এই লিখাটি পুনৰ প্ৰকাশ কৰা হ’ল~মুখ্য সম্পাদক]
ঢেং ঢেং ঢেং……..
পুৰণা ওৱাল-ক্লকটোৱে তাৰ শ্ৰুতিকটু, শব্দেৰে নিশা বাৰবজাৰ সময় সংকেত শুনালে। চাৰিওফালে নিজম, নিতাল। ৰৈ ৰৈ নিয়ৰ সৰাৰ শব্দ, কেতিয়াবা তীব্র বেগত পাৰ হৈ যোৱা একোখন গাড়ীৰ শব্দৰ বাহিৰে ক’তো মানুহৰ মাত-কথা শুনিবলৈ নাই। সাৰে আছে তৌহিদা বৌ। কাষৰ বিছনাত ফায়াজ। তৌহিদা বৌৰ ডাঙৰ ল’ৰা। বয়স ন বা দহ বছৰ। আবেলিৰ পৰা তমোময় জ্বৰ। এসোপামান কাপোৰ গাত দি বৌৱে শুৱাই থৈছে। চিলমিলকৈ টোপনি আহে তাৰ, – আকৌ সাৰ পাই যায়। কেঁকায়। বৌৱে সোধে-সোণটো, পানী অক’মান খাবানেকি?” ওঁ: আ:কৈ দিয়া ফায়জৰ উত্তৰ বুজি পায় বৌৱে। এচামুচ মিচিৰি পানী, এচামচ বাৰ্লি বাকি দিয়ে ফায়াজৰ মুখত । বাৰে বাৰে মূৰত তেল-পানী দিয়ে, খন্তেকতে শুকাই যায়। ভৌ ভৌকৈ গৰম, বিচনি এৰিবই নোৱাৰি। পুহমহীয়া ঠাণ্ডাতো বৌৰ কপালত বিন্দু বিন্দু ঘাম জিলিকি উঠে। ঘনে ঘনে তেওঁ দুৱাৰৰ ফালে চায়, কাণ উনাই থাকে। মানুহজন অহা নাই কিয়? অথচ তেওঁ নিজে একো কৰিবও নোৱাৰে। ফায়াজক অকণমনো এৰিব নোৱাৰি। মাজে মাজে সি দুই/এষাৰ বিৰ বিৰকৈ কিবা কয়, বৌ ওচৰ চাপি ঘায়- ‘কি কৈছা ?’ -নাই ফায়াজ টোপনিত। ভয় খাই যার বৌৱে। ঘৰখনত আৰু মানুহ বুলিবলৈ তেওঁৰ সৰু ল’ৰা ৰিজ আৰু ভতিজা ছোৱালী মামণি—ফায়াজতকৈ দুবছৰ ডাঙৰ। বিজ কেতিয়াবাই শুলে। মামণিয়ে গধূলিৰ সাজ কিবা কিবি ৰান্ধি ৰিজকো দিলে, নিজেও খালে। বৌৱে খোৱা নাই। খাবলৈ অহৰিও পোৱা নাই, মনো যোৱা নাই। মানুহজন অহা হ’লে … এই মুহর্তত পেটৰ ভোকতকৈও বৌৰ বাবে বেছি প্রয়োজন মানুহজনৰ উপস্থিতি – যেন তেখেত আহিলেই সকলো সমস্যাৰ সমাধান হৈ যাব, ফায়াজৰ জ্বৰ ভাল হৈ যাব !
খাই-বৈ উঠি মামণি খুৰীয়েকৰ ওচৰত বহিছিলহি । অলপ সময়ৰ পিছতে জপং জপংকৈ টোপনিয়বলৈ ধৰাত বৌৱে তাইকো শুবলৈ পঠাই দিলে। কিন্তু এতিয়া বৌৰ সচাকৈয়ে ভয় লাগিছে। ঠাণ্ডা দিনৰ ৰাতি বাৰ বজা মানে বহুত ৰাতি। ওচৰে পাজৰে কোনো সাৰে থকা নাই। নিশাৰ নিস্তব্ধতাটো যেন ওৱাল ক্লকটোব টক্ টক শব্দই বেছি গভীৰ কৰি তুলিছে। এই শব্দটোৱে বৌক এনেয়ে অমনি নিদিয়ে, অভ্যস্ত হৈ গৈছে। কিন্তু আজি প্ৰতিটো টক্ টক্ শব্দই যেন তেওঁৰ বুকত আঘাত কৰিছেহি, এনে ভাৱ হৈছে তেওঁৰ। ভয়ে ভয়ে এবাৰ ফায়াজৰ কপালত হাত দি চালে তেওঁ, জুই যেন গৰম। নাই অৰু চাই থাকিব নোৱাৰি। মামণিক জগাব লাগিল।
:মামণি, এই মামণি উঠচোন। ঠেলি-হেচুকি বহুপৰ মতাৰ পিছত ছোৱালী জনীয়ে সাৰ পালে ।
: কি হ’ল খুৰী?
:এইফালে আহ।
দুৱাৰখন খুলি বৌ বাহিৰ ওলাল। পিছে পিছে মামণি। হাতত এটা সৰু টর্চ লৈ দুয়ো অগিবাঢ়িল। মামণিৰ ভয় লাগিছে। ঠাণ্ডাতে নে ভয়তে তাই ঠক্ ঠককৈ কপিছে। বৌৰো ভয় লাগিছে, কিন্তু ভয়তকৈ বেছি শক্তিশালী কিবা এটাই তেওঁক যেন টানি লৈ গৈছে।
গেটখন খুলিলেই ছফুটমান বহল কেচা ৰাস্তাটো। তাৰ পিছতে ৰেল লাইন। ৰেল লাইন পাৰ হৈয়ে পকী ৰাস্তাৰ সিপাৰে সেয়া ক্লাব। ক্লাবত আজি নাটক আছে। বৌ আৰু মামণি আহি ক্লাবৰ গেটৰ ওচৰ পালেহি।
:চৌকিদাৰক মাত।
:চৌকিদাৰ, অ’ চৌকিদাৰ …
মামণিৰ আৰ্ত চিঞৰে মাজ নিশাৰ নিৰৱতা ফালি চিৰচিৰ কৰি দিলে। দৌৰি আহিল চৌকিদাৰ।
: কি হল?
:তগৰ বাবুক মাতি দিয়া।
বৌৰ হুকুম শুনি চৌকিদাৰ গুচি গ’ল বাবুক খবৰ দিবলৈ। নাটক ইতিমধ্যে ভাগিছিল। ভাৱৰীয়াসকলে কাপোৰ সলোৱা, ৰং-বৰণ মোচা আদি কৰি আছিল। কোনো কোনোৱে হৈ যোৱা নাটকখনৰ প’ষ্টমৰ্টম কৰিছিল, কোনোবাই কাৰোবাক ডায়লগ পাহৰাৰ কাৰণে দুষিছিল… এনেতে চৌকিদাৰ সোমাই – আহিল, তগৰ বাবুক খবৰ দিলেহি বাবুৱনী আহিছে।
ছাতকৈ মনত পৰি গ’ল তগৰদাৰ-ঘৰত ফায়াজৰ জৰ। পিন্ধি থকা চোলাটোৰ ওপৰৰ জেপটো খেপিয়াই ঢালে তেওঁ — আছে, দৰকেইটা আছে। আবেলিতে বৌৱে তেওঁক পঠাই দিছিল ডাক্তৰৰ ওচৰলৈ। তেওঁ গ’ল ঠিকেই দৰবো কিনিনে। কিন্তু ঘৰলৈ ঘূৰি অহাব বাটতে লগ পাই গ’ল নাটকৰ মানুহক। নতুন সমস্যা ওলাল। মঞ্চপৰিকল্পনাৰ বিষয়ে কিছু, নতুন কথা চিন্তা কৰিব লগা হ’ল। গধূলিলৈ নাটক, হাতত সময় এঘণ্টামানহে আছে । সেয়ে বাহিৰে বাহিৰে তেওঁ ক্লাবত সোমাই গ’ল। তাৰ পিছত তগৰদা নিজৰ জগতত। পৰিচালক হিচাপে নাটক খন সর্বাংগ সুন্দৰকৈ উপস্থাপন কৰাৰ সম্পূর্ণ দায়িত্ব তেওঁৰ ওপৰত। গতিকে …।
দৌৰ মাবিলে তগৰদা খাই থকা চাহকাপ অধিতে এৰি। বৌৰ সন্মুখত থিয় হৈ জেপৰ পৰা দৰবকেইটা উলিয়ালে। লক্ষ্য কৰিলে বৌৰ ভীষণ খং উঠিছে। বৌৰ খং মাৰ নিয়াবলৈ তেওঁৰ হাতত এপাত অব্যর্থ অস্ত্র আছে, তাকে তেওঁ প্রয়োগ। কৰিলে— সেই চিৰ পৰিচিত হাঁহিটো।
: ব’লা…
গল্প গল্প লগা কাহিনীটো সঁচা। নায়ক মুহিবুদ্দিন আহমদ ওৰফে তগৰ। মানুহজনৰ মৃত্যু হল যোৱা দহ জুন তাৰিখে। সেইদিনা যোৰহাট ৰজাবাৰীৰ তেওঁৰ বাস-ভৱনত সমবেত শ শ শোকাকুল জনতাৰ মাজত উপস্থিত থাকিও, মৃতদেহত পুষ্পাঞ্জলি প্ৰদান কৰিও, জানাজাৰ শোভাযাত্ৰাত অংশ গ্ৰহণ কৰিও, কবৰত এমুঠি মাটি ছটিয়াই দি অহাৰ পিছতো এতিয়াও মই কিন্তু বিশ্বাস কৰিব পৰা নাই তগৰদাৰ মৃত্যু হ’ল। নাই নাই, তগৰদা মৰিব নোৱাৰে। তগৰদাৰ দৰে এজন জীৱন শিল্পীক মৃত্যুৱে আমাৰ মাজৰ পৰা আঁতৰাই নিব নোৱাৰে। কিয়নো তগৰদা যদিও গান-নাটকৰ নিচাসক্ত আছিল, তথাপি তেওঁ ‘আলুগুটি’ নাছিল।
এইটো তেওঁ নিজ মুখেৰে দিয়া উত্তৰ। আদিবহঁতে যেতিয়া কৈছিল – ‘মামা তুমি বিপ্লৱী গান গোৱা, গাই থাকা। কিন্তু তাৰ লগে লগে অন কিছুমান গানো গোৱাচোন, অলপ ৰেকৰ্ড-চেকর্ড কৰা, মানুহক অলপ প্রতিষ্ঠাওতো লাগে। এই বিপ্লৱীগানে তোমাক সেই প্রতিষ্ঠা নিদিয়ে ••••••” তেতিয়া মুখত অনবৰতে লাগি থকা প্ৰাণখোলা হাঁহিটো মাবি তগৰদাই কৈছিল মইতো আৰু আলুগুটি নহয় যে টেঙা, জলা, খাৰ সকলোতে মিলি যাম।”
তেওঁৰ মুখৰ এই এষাৰ কথাই তগৰদাৰ পৰিচয় দাঙি ধৰিবলৈ যথেষ্ট। পঞ্চাশৰ দশকৰে পৰা অসমৰ সাংস্কৃতিক জগতৰ প্ৰতিবাদী, গণতান্ত্রিক বিপ্লৱী ধাৰাটোৰ লগত সক্রিয় ভাৱে জড়িত থাকি তগৰদাই আত্মপ্রতিষ্ঠা, আত্মপ্ৰচাৰ কিম্বা ধন-সম্পত্তির জগতখনৰ পৰা সম্পূর্ণ আতৰি আছিল। আদিবহঁতে বিচাৰিছিল মামাকক তাৰকা সজাবলৈ। তাৰকা হোৱাৰ সকলোখিনি যোগ্যতা, প্রতিভা থকা স্বত্বেও কিন্তু তগৰদাই সেইখিনি হেলাৰঙে প্রত্যাখ্যান কৰিছিল। তেওঁ গাইছিল-“হেৰ সপোন বিভোব। সুৰ সলাবৰ সময় আহিল তোৰ”…, সংগ্রাম লাগে আজি/লাগে সংগ্রাম লাগে…,” বল বল বল বল/ কৃষক শক্তিদল…,” মহাসপোনৰ তোমাৰ/অতিহেপাহৰ আমাৰ/ জনতা আজি ধূলিত পৰি/তেজেৰে তুমৰলি…,”জই জ্বলে জুই জ্বলে/প্রতিবাদৰ জুই জ্বলে…” “সাহসী কণ্ঠ শুনি/কপি উঠে ৰাজপাট।” – এইবোৰ গানৰ মাজতে বিচাৰি পাওঁ তগৰদাৰ প্রকৃত সত্তাক। এইবোৰ গানৰ আখৰা, অনুষ্ঠান হৈছিল নগৰত, কেতিয়াবা দূৰণিৰ গাৱত। তগৰদা আছিল এই অনুষ্ঠানসমূহৰ উদ্যোক্তা, পরিচালক, শিল্পী— সকলো। অনুষ্ঠান পাতিবলৈ ঘৰে ঘৰে পইচা তোলাৰ পৰা, কোনে কি গান গাব নির্দিষ্ট কৰাৰ পৰা, নিজে গীত পৰিবেশন কৰালৈকে কোনোটো দায়িত্বৰ পৰাই তেখেতে অব্যাহতি ল’ব পৰা নাছিল। জাৰ কালিৰ নিশা গাত পুৰণা এটা জেকেট, ডিঙিত এখন মাফলাৰ মাৰি অকলে অকলে যথেষ্ট দূৰ চাইকেল চলাই ঘৰ পায়গৈ। তাতো দুৱাৰ বন্ধ। বৌৰ ওপৰত অভিভাৱকৰ কঢ়া হুকুম থাকে ‘খবৰদাৰ ! তাক দুৱাৰ খুলি নিদিবি।“ হাতত সাৰে ভৰিত সাৰে তাৰদ। পিছফাল পায়গৈ। পকী ওৱাল এখন পাৰ হ’ব লাগে; চাইকেলখন কান্ধত তুলি ওৱালখন পাৰ হয়। ডাঙৰকৈ মাতিবও নোৱাৰে। চুপে-চাপে গৈ দুৱাৰত মৃদু মৃদু শব্দ কৰে। বৌৱে অভিভাৱকৰ হুকম মানিব নোৱাৰে, উঠি আহে।
এনেকৈয়ে গ’ল জীৱনৰ প্ৰায় গোটেইখিনি সময়। ভাৰতীয় গণনাট্য সংঘৰ উদ্যোগত সমগ্ৰ ভাৰতবর্ষ জুৰি যি সাংস্কৃতিক আন্দোলনৰ সূত্রপাত হৈছিল, সেই আন্দোলনৰ টৌ অসমৰ বুকত বিয়পাই দিওঁতা হেমাংগ বিশ্বাস, ভূপেন হাজৰিকা, কমল শর্মা, কেশৱ মহন্ত, খগেন মহন্তহঁতৰ হাতত হাত মিলাই গীত-নাটকেৰে সপোন ভাঙি জনতাক জাগ্ৰত কৰি তোলাত তগৰদাই মন-প্ৰাণৰ সমস্ত শক্তি সামর্থ্য নিয়োগ কৰিছিল। তাৰ পিছত এটা সময়ত বিভিন্ন কাৰণত ভাৰতীয় গণনাট্য সংঘ নিষ্ক্ৰিয় হৈ যায়। বহু পুৰণি নিষ্ঠাৱান শিল্পী কমাৰ্চিয়েল জগতখনলৈ গুচি গ’ল – প্রতিষ্ঠা বিচাৰি, যশ বিচাবি; ধন-দৌলত বিচাৰি। তগৰদা কিন্তু হেমাংগ বিশ্বাস বা কমল শর্মাহঁতৰ দৰেই থাকি গ’ল নিজৰ নীতিত খামুচি। স্থানীয় ভাৱে যোৰহাটৰ ‘মিলিত শিল্পী সমাজ’, ‘নাটকম’ আদি বিভিন্ন সংগঠনব লগত নিজকে যুক্ত কৰি গাই গ’ল তেওঁ সেই মানুহৰেই গান। কিন্তু এইবোৰ সংগঠনো এসময়ত ভাগি গ’ল বিভিন্ন কাৰণত। ভাগি নগ’ল মাথো তগৰদা। বিলাসালাসৰ সপোনপুৰীৰ পৰা আনক জগাবলৈ গীত গোৱা শিল্পীজন নিজে ভাগি গ’লে কেনেকৈ হ’ব? তেওঁৰ চকুত যে আছে এক নতুন স্বপ্ন ৰূপান্তৰৰ। সেই ৰূপান্তৰৰ বাবে তেওঁ তেওঁৰ সমস্ত শক্তিৰে প্রচেষ্টা অব্যাহত ৰাখিবই – এয়ে আছিল তেওঁৰ শপত। আৰু সেয়ে যোৱা ১৯৮২ চনত ডিব্ৰুগড় চহৰত অসমৰ বিভিন্ন অঞ্চলৰ প্ৰগতিশীল, গণতান্ত্রিক শিল্পী, সাংস্কৃতিক কর্মীৰ অভিবৰ্তনে জন্ম দিয়া ‘সদৌ অসম জনসাংস্কৃতিক পৰিষদ’ত তগৰদাই মন-প্রাণ সপি যোগ দিলে। জনসাংস্কৃতিক পৰিষদৰ জন্মত তগৰদা ইমানেই উৎফুলিত হৈ পৰিছিল যেন তেওঁ ইমানদিনে এইটো সংগঠনৰ বাবেই অপেক্ষাৰত হৈ আছিল। তেওঁৰ এই অনুভূতি ব্যক্ত নকৰাকৈ তেওঁ থাকিব পৰা নাছিল। জীৱনৰ শেষ মুহূৰ্তলৈকে তেওঁ আছিল এই সংগঠনৰ এক অন্যতম সম্পাদক, সক্রিয় কর্মী, শুভাকাংক্ষী।
অদিবে সিদিনা যেন অলপ ক্ষোভেৰে ক’লে ‘‘মামাই জীৱনত কোনোদিন তেওঁৰ নীতিৰ লগত আপোচ নকৰিলে, নহ’লে তেওঁ বহুত ডাঙৰ মানুহ হ’ব পাৰিলেহেতেন। কিন্তু “ডাঙৰ মানুহ” হোৱাৰ বাসনা তগৰদাৰ নাছিল। নীতি-আদৰ্শক আগুৱাই নিয়াতকৈ, ৰূপান্তৰৰ সংস্কৃতিক বিকশাই তোলাতকৈ, বেলেগ কিবা আকাংক্ষা তগৰদাৰ আছিল বুলি আজি আৰু বিশ্বাস কৰাৰ কোনো উপায় নাই। তেওঁৰ এই নীতি-নিষ্ঠতাৰ পৰিচয় তেওঁৰ জীৱনৰ বহু সৰু-বৰ ঘটনাৰ মাজেৰে তেওঁ দি গৈছে।
এবাৰৰ কথা। টি ভি, ত ‘মহাভাৰত’ ধৰাবাহিকখন চলাৰ বহু আগৰ কথা। তগৰদা জড়িত থকা সংগঠন, এটাই এবাৰ ঠিক কৰিলে— এইবাৰ ‘মহাভাৰত’ নাটকখন মঞ্চস্থ কৰা হওক। স্বাভাৱিকতে তগৰদাৰ প্রগতিশীল মনে মহাভাৰতৰ বীৰ-ৰসৰ মাজত ৰূপান্তৰৰ জনসংস্কৃতিৰ কোনো উপাদান বিচাৰি নাপাই প্রতিবাদ কৰিছিল-‘মহাভাৰত’ কৰিব নালাগে। সংগঠনৰ বাকীসকল কিন্তু আকোৰগোজ – তেওঁলোকে মহাভাৰত কৰিবই। অৱশেষত তগৰদাই ক’লে—“মহাভাৰত যদি কৰিবই লাগে, তেন্তে কৃষ্ণৰ ভাওটো মোক দিব লাগিব।” তগৰদাৰ অভিনয় প্রতিভাৰ ওপৰত কাৰো এধানমানো সন্দেহ নাছিল, কিন্তু তেওঁক কৃষ্ণৰ ভাওটো দিয়াৰ কথা ওলালত তগৰদা মুছলমান হৈ গ’ল। মুছলমানক কৃষ্ণৰ ভাও দিয়াৰ সমান অপকৰ্ম কৰিব পৰাকৈ তেওঁলোক ইমান নাস্তিক হব নোৱাৰে। আনহাতে ‘মহাভাৰত’ মঞ্চস্থ কৰাৰ প্ৰতি তেওঁলোকৰ (অহেতুক) তাড়ণাকো তেওঁলোকে বাদ দিব নোৱাৰে। গতিকেই মহাভাৰত মঞ্চস্থ হৈ গ’ল – বাদ পৰিল তগৰদা।
আৰু বহু ৰসাল কাহিনী আছে তগৰদাৰ। মালিক ছাবে গল্পও লিখিছে তেনে কাহিনীকে লৈ। এজন শিল্পী, হাস্পটালত মৃত্যু হ’ল। সৎকাৰৰ বাবে কোনো নাহিল, খবৰ দিয়া সত্বেও। সকলো মাঘ বিহুৰ মেজিত ব্যস্ত সেইদিনা। উপায় নাপাই তগৰদা আগবাঢ়ি গ’ল। লগত আন কেইজনমান সতীর্থ। কিন্তু ইয়াৰ পিছত ঘটনাই নতুন মোৰ নালে – মুছলমান তগৰদাই হিন্দু শৱ সৎকাৰ কৰাক লৈ যোৰহাট নগৰত বিৰাট হুলস্থল। শেষত এজনে আলিবাটত থিয় হৈ হাতত টোকোন লৈ হিন্দু মৌলবাদীসকলক প্রত্যাহ্বান জনোৱাত যেনিবা পৰিস্থিতি সিমানলৈ শাম কাটিলে।
এয়াই অমাৰ চিনাকি তগৰদা। ব্যক্তি হিচাপে, মানুহ হিচাপে তগৰা আছিল অতি সংস্কৃত মনৰ মানুহ। তেওঁৰ ব্যক্তিত্বৰ আটাইতকৈ আচৰিত যেন লগা দিশটো হ’ল তেওঁৰ সান্নিধ্যত অহা প্রত্যেক ব্যক্তিয়েই ভাবি লয় – “তগৰদা’ই মোকেই আটাইতকৈ বেছি ভাল পায়?”. —এই সুখানুভূতি মোৰো হয়।
এই লেখাটোৰ আৰম্ভণিতে দিয়া কাহিনীটোৱে যদিও তগৰদাই পৰিয়ালৰ প্ৰতি অওিকাণ কৰা যেন দেখুৱায়, অচল সত্যটো তাৰ ওলোটা। অন্য কথাত তেওঁ আছিল এজন সফল স্বামী, এজন সফল পিতৃ। গধূলি ঘৰত নথকাটোৰ বাহিৰে তৌহিদা বৌৰ কোনো অভিযোগ নাছিল তগৰদাৰ ওপৰত। ৰিজ-ফায়াজহঁত আব্বাক লৈ সুখী। সিহতৰ লগত তেওঁ সমান গুৰুত্বৰে কথা পাতিছিল, খেলিছিল। বৌৱেও অভিনয় কৰিছিল, নাচিছিল, তেওঁ কোনো দিন বৌক এইবোৰত বাধা দিয়া নাছিল। আনকি দুয়ো একেলগে অভিনয় কৰিছিল।
সদা প্রফুল্লিত মুখৰ সেই প্রাণচঞ্চল ব্যক্তিজন আজি আৰু আমাৰ মাজত নাই। কিন্তু তগৰদাৰ মৃত্যু হ’ব নোৱাৰে, তেওঁ যি মহাজনতাৰ বাবে চিৰজীৱন গান গাই গ’ল, অভিনয় কৰি গ’ল, সেই জনতাৰ বুকুৱে বুকুৱে সেউজ স্মৃতি হৈ জীয়াই থাকিব তগৰদা। ৰূপান্তৰৰ, ন-সমাজৰ ভৱিষ্যতৰ সাংস্কৃতিক আন্দোলনৰ বাবে অফুৰন্ত প্ৰেৰণাৰ উৎস হৈ জীয়াই থাকিব গণশিল্পী তগৰদা।