সম্পাদকীয়

সম্পাদকৰ টোকা :: মতান্ধতাৰ প্ৰসংগত (কৌশিক দাস)

(১)

এই শতিকাৰ প্ৰথম দশকৰ কথা। শৈক্ষিক কামকাজ কিছুমানৰ বাবে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ দাৰিদ্ৰই কোঙা কৰা, ভিতৰুৱা ডাঙৰ গাঁও এখনলৈ আমি এটা দীঘলীয়া সময়ৰ বাবে প্ৰায় প্ৰতিদিনেই যাবলগীয়া হৈছিল। আমাক মাজে মাজে সতৰ্ক কৰি দিছিল বৃত্তিগত দিশত উচ্চস্তৰৰ মেধাৰ পৰিচয় দিয়া এগৰাকী অগ্ৰজ শুভাকাঙ্খীয়ে, “তালৈ তেনেকৈ অকলে অকলে নাযাবা, গাঁওখনৰ গোটেইবোৰ বাংলাদেশী, দুদিনমানৰ আগতে আহিছে বাংলাদেশৰ পৰা, সিহঁতে কি কৰে ঠিক নাই, সাংঘাতিক জংগী মানুহ সিহঁত। কেতিয়াবা ডাঙৰ বিপদত পৰিবা। নাযাবা”! শুভাকাঙ্ক্ষীজনৰ তেনে আশংকাৰ বিপৰীতে সেই নিৰ্জু গাঁওবাসীয়ে কেনেকৈ আমালৈ আগব‌ঢ়াইছিল মৰম-চেনেহেৰে ভৰা সহায়ৰ হাত— সেই দীঘল কাহিনীটো এই আলোচনাত অপ্ৰাসংগিক।

গাঁওখনত পুৰণি উৱলি যোৱা ঘৰ এটাত এখন অসমীয়া মাধ্যমৰ বিদ্যালয় আছিল। মামৰে ধৰা চাইনবোৰ্ডখন পঢ়ি গম পাইছিলোঁ, বিদ্যালয়খন ভাৰতৰ স্বাধীনতাৰ কেইটামান বছৰৰ পাছতেই প্ৰতিষ্ঠা কৰা। কোনো ব্যক্তিক অবৈধ নাগৰিক বুলি চিহ্নিত কৰিবলৈ আমাৰ ইয়াত আইনগত ভিত্তিবৰ্ষ এটি স্থিৰ কৰা আছে— ১৯৭১ চন। শুভাকাঙ্ক্ষীজনক এদিন বিদ্যালয়ৰ চাইনবোৰ্ডখনৰ কথাটো ক’লোঁ, লগতে সুধিলোঁ যে যিখন গাঁওত ইমান পুৰণি, স্বাধীনতাৰ ঠিক পাছতেই প্ৰতিষ্ঠা কৰা বিদ্যালয় এখন আছে, সেইখন গাঁৱৰ মানুহ কেনেকৈ দুদিনমানৰ আগতে বাংলাদেশৰ পৰা অহা হ’ব? তেওঁ গভীৰ আত্মবিশ্বাস আৰু প্ৰত্যয়েৰে উত্তৰ দিলে, “তুমি নাজানা এই বাংলাদেশীবোৰৰ কিমান কূটবুদ্ধি— মামৰে ধৰা টিঙত পুৰণি চন এটা লিখি থৈছে, যাতে কাৰো সন্দেহ নহয়”। আমি কেইটিমান সামান্য যুক্তি আগবঢ়োৱাত তেখেত বৰ উগ্ৰ আৰু অসহিষ্ণু হৈ পৰিছিল। গম পাইছিলোঁ, হাজাৰ হাজাৰ পৃষ্ঠাৰ নথি-পত্ৰৰে নিশ্চিদ্ৰ তথ্য-প্ৰমাণ হাজিৰ কৰিলেও মানুহজনে নিজৰ মত এৰি নিদিব।

নিজৰ মতত এইদৰে অন্ধ হৈ থকাটোকে সাধাৰণভাৱে মতান্ধতা বুলি ক’ব পাৰি। মতান্ধ আৰু মতান্ধতাই হৈছে আমাৰ এই আলোচনাৰ মূল বিষয়। প্ৰসংগটোৰ গুৰুত্ত্ব স্পষ্টভাৱে অনুধাৱন কৰিবলৈ উপৰিউক্ত উদাহৰণটিয়ে আমাক সহায় কৰিব বুলি আশা কৰি মূল আলোচনালৈ আগ বাঢ়িছোঁ।

(২)

“মতান্ধ” আৰু “মতান্ধতা”— এই শব্দ দুটাই সদায় নেতিবাচক অৰ্থ বহন কৰে। কিয়নো, বিৰোধী পক্ষইহে সিটো পক্ষক মতান্ধ বুলি, আৰু তেওঁলোকৰ মানসিক অৱস্থানক মতান্ধতা বুলি আখ্যায়িত কৰে। কথাটো ইটো পক্ষৰ পৰাও একেই— তেওঁলোকেও বিৰোধীসকলক মতান্ধ বুলিব পাৰে। ধৰা হওক, কোনো এটা বিষয়ত “ক” আৰু “খ”-ৰ মত একেবাৰেই বেলেগ— দুয়ো নিজৰ মতত আঁকোৰ-গোজ, অন‌ড়, অটল— এই ক্ষেত্ৰত দুয়ো আপোচহীনতো হয়েই, লগতে ইজনে সিজনৰ মতৰ তীব্ৰ বিৰোধী। এই পৰিস্থিতিটোত “ক” আৰু “খ”-এ ইজনে সিজনক মতান্ধ বুলি আখ্যায়িত কৰিব পাৰে। বিপক্ষই কৰা চৰিত্ৰ-চিত্ৰায়নৰ এই ৰূপটো সদায় নেতিবাচক— মতান্ধতাক আদৰণীয় কিম্বা উত্তম গুণ বুলি কেতিয়াও বিবেচনা কৰা নহয়। কোনো একক ব্যক্তি বা সমষ্টিয়ে নিজকে মতান্ধ বুলি ভুলতো নকয়, নিজৰ মনৰ চুকে-কোণে মতান্ধতাৰ সম্ভেদ কাহানিও নাপায়। অৰ্থাৎ, মতান্ধ বুলি অভিযোগটো সদায় বিপক্ষইহে আৰোপ কৰে। সহজ কথাত, বিৰুদ্ধ মত বা বিৰুদ্ধ পক্ষ থাকিলেহে মতান্ধতাৰ প্ৰশ্নটো প্ৰাসংগিক আৰু তাৎপৰ্যপূৰ্ণ হৈ পৰে। এটা সহজ উদাহৰণলৈ লক্ষ্য কৰিব পাৰোঁ। এসময়ত মানুহে বিশ্বাস কৰিছিল যে পৃথিৱীখন চেপেটা। সেই সময়ত গোলাকাৰ পৃথিৱীৰ ধাৰণাটোৱেই নাছিল বাবে সেই বিশ্বাসটোৰ সৈতে— সি যিমানেই দৃঢ় আৰু সুগভীৰ নহওক— মতান্ধতাৰ প্ৰসংগটো সাঙুৰি দিব নোৱাৰি। পৰৱৰ্তী সময়ত গোলাকাৰ পৃথিৱীৰ ধাৰণাটোৰ উদ্ভৱ হ’ল; আৰম্ভ হ’ল পূৰ্বৰ ধাৰণাৰ সৈতে নতুন ধাৰণাৰ বিৰোধ আৰু সংঘাত। ফলত পূৰ্বৰ পৰিস্থিতিটো একেবাৰে সলনি হৈ গ’ল, বিজ্ঞানৰ ইতিহাসৰ ৰংগমঞ্চত ইতিমধ্যেই উপস্থিত আছিল চেপেটা পৃথিৱীত বিশ্বাসীসকল, এইবাৰ তাত পদাৰ্পণ কৰিলে গোলাকাৰ পৃথিৱীৰ প্ৰবক্তাসকলে। তেনে সংঘাতময় পৰিস্থিতিত নৱলব্ধ তথ্য-তত্ত্ব-প্ৰমাণক অগ্ৰাহ্য কৰি “পৃথিৱী চেপেটা” বুলি আঁকোৰ-গোজ হৈ থকাসকলক এইবাৰ কিন্তু মতান্ধ বুলি আখ্যা দিব পৰা হ’ল। এই উদাহৰণৰ পৰা নিশ্চয় স্পষ্ট হৈছে যে মতান্ধ আৰু মতান্ধতাৰ প্ৰসংগটো বিৰোধী পক্ষৰ উপস্থিতিতহে কেনেকৈ তাৎপৰ্যপূৰ্ণ হৈ উঠে। অৱশ্যে, বিৰোধীয়ে আৰোপ কৰা মতান্ধতাৰ অভিযোগৰ সত্যাসত্যৰ দিশটো সতৰ্কতাৰে বিবেচনা নকৰিলে আমি বিভ্ৰান্তিৰ কবলত পৰিম। এই প্ৰসংগত কেতিয়াবা দুই মতান্ধ শিবিৰে ইটোৱে সিটোক মতান্ধ বুলি অভিহিত কৰি কৌতুকপূৰ্ণ পৰিস্থিতিৰো উদ্ভৱ ঘটায়। এটি উদাহৰণলৈ চাব পাৰি। কঠোৰ একেশ্বৰবাদীয়ে এজন মাত্ৰ ঈশ্বৰৰ অস্তিত্বত অটল বিশ্বাস স্থাপন কৰে, অন্যহাতেদি বহু-ঈশ্বৰবাদীৰ আস্থা একাধিক ঐশ্বৰিক শক্তিৰ ওপৰত। দুয়োটা মাৰ্গৰ চিন্তাই নিজৰ নিজৰ ধাৰণাক পৰম শুদ্ধ আৰু সত্য বুলি জ্ঞান কৰে। আমোদজনক কথাটো হৈছে, একেশ্বৰবাদীয়ে কঠোৰ বিচাৰত একাধিক ঈশ্বৰৰ কথাটো ভ্ৰান্ত বুলি ভাবে; তেওঁলোকৰ বাবে বহু-ঈশ্বৰবাদীসকলৰ বহুকেইজন ঈশ্বৰত গভীৰ বিশ্বাস হৈছে মতান্ধতাৰ নামান্তৰ। তেনেদৰেই— বিপৰীত দিশটোৰ পৰা— একেশ্বৰবাদীসকলক মতান্ধ বুলি বিবেচনা কৰা হয়। গতিকে, এই ক্ষেত্ৰত জৰুৰী প্ৰশ্নটো হ’ল, বিৰুদ্ধ পক্ষই মতান্ধ বুলি আখ্যা দিলেই, মতান্ধতাৰ নেতিবাচক চাপ প্ৰতিপক্ষৰ চৰিত্ৰত আৰোপ কৰিলেই তেনে অভিযোগ সঁচা বা শুদ্ধ বুলি বিবেচিত হ’ব নেকি? এইটো প্ৰশ্নত আমাৰ বিচাৰৰ মাপকাঠী কি হ’ব?

কোনো ধ্যান-ধাৰণাৰ মাজত যুক্তিভিত্তিক পৰিৱৰ্তনশীলতা আৰু চিন্তাৰ মুক্ততা আছে নে নাই, সেইটোৰ বিচাৰ এইক্ষেত্ৰত ফলপ্ৰসূ হ’ব বুলি বোধ হয়। কোনো মাৰ্গৰ চিন্তাই যদি নিজৰ মতক স্থাণু, প্ৰশ্নাতীত আৰু অপৰিৱৰ্তনীয় বুলি জ্ঞান কৰে, তেনে সি হ’ব মতান্ধতাৰ সাক্ষৰ। অৱশ্য সতৰ্ক হোৱা ভাল, আপেক্ষিকভাৱে কেতবোৰ স্থায়ী প্ৰমেয় আছে, যিবোৰত যৌক্তিক আস্থা স্থাপন কৰাটোক মতান্ধতা বুলি চিহ্নিত কৰিব নোৱাৰি। এটা উদাহৰণ দিয়া যাওক। সমতলত ত্ৰিভুজৰ তিনিওটা কোণৰ পৰিমাণৰ সমষ্টিটো ইউক্লিডৰ জ্যামিতিত এটা ধ্ৰুৱক। এইটোৰ অপৰিৱৰ্তনীয়তাৰ দিশটোক মতান্ধতাৰ সৈতে একাকাৰ কৰিব নোৱাৰি। চমুকৈ ক’ব পাৰি, কোনো চিন্তা-মাৰ্গত যুক্তিবিবৰ্জিত অপৰিৱৰ্তনীয় ধ্যান-ধাৰণাৰ উপস্থিতিৰ সন্ধান কৰাটোৱেই হৈছে মতান্ধতা নিৰূপণৰ উত্তম উপায়। এইখিনিতে উনুকিয়াই থ’লে ভাল হ’ব যে ব্যক্তিগত পৰ্যায়তো আমাৰ কোনো ধ্যান-ধাৰণা মতান্ধতাৰে আক্ৰান্ত হৈ পৰিছে নে কি— সেইটো যুকিয়াই চোৱাটো এটা অতি প্ৰয়োজনীয় কাম। এইক্ষেত্ৰত নিজকে যদি প্ৰশ্ন কৰোঁ, “মই কিয় এই ধ্যান-ধাৰণাত আস্থাশীল”, তেনেহ’লে আমাৰ বোধেৰে উক্ত প্ৰশ্নৰ উত্তৰত সমস্যাটোৰ সমাধান ওলাব। প্ৰশ্নটোৰ ‘কিয়’-ৰ উত্তৰত যদি কোনো যুক্তিগ্ৰাহ্য বিজ্ঞানসন্মত উত্তৰ নাহে, কিম্বা উত্তৰটোক “যুক্তিসন্মত” কৰিবলৈ যদি অধিক বিসংগতিপূৰ্ণ যৌক্তিক বিভ্ৰান্তিৰ আশ্ৰয় ল’বলগীয়া হৈছে, তেন্তে গম পোৱা যাব যে আমাৰ ধ্যান-ধাৰণাক মতান্ধতাই আক্ৰান্ত কৰিছে।

(৩)

মতান্ধ লোকে ভাবে যে তেওঁলোকৰ মত, তেওঁলোকৰ ধ্যান-ধাৰণা হৈছে প্ৰশ্নাতীত সত্য। তেওঁলোকৰ মানসিক পৰিমণ্ডলটো যেন এটা অভেদ্য দুৰ্গ, তাত নতুন তথ্য-যুক্তি-প্ৰমাণৰ প্ৰৱেশ অসম্ভৱ। এই ক্ষেত্ৰত মতান্ধ লোকসকলে আত্মপ্ৰৱঞ্চনামূলক এক গভীৰ আত্মপ্ৰত্যয় প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। যুক্তিযুক্তভাৱে অনুমান কৰাটো হয়তো অসংগত নহ’ব যে এইধৰণৰ বন্ধ চিন্তাৰ সুৰক্ষিত জঠৰতাই তেওঁলোকক একধৰণৰ প্ৰতিৰক্ষামূলক মানসিক আশ্ৰয় প্ৰদান কৰে।

মতান্ধতা কোনো ব্যক্তি বা সমষ্টিৰ বিশ্বাসতন্ত্ৰৰ সৈতে ওতপ্ৰোতভাৱে সম্পৰ্কিত। এই কথাটো সহজকৈ বৰ্ণনা কৰিবলৈ চেষ্টা কৰা যাওক। ধৰা হ’ল, মানুহৰ বিশ্বাসতন্ত্ৰটো এডাল পোন সূচকমাৰি (scale), তাৰ এটা মূৰত মুক্ত চিন্তাৰ অৱস্থান, অন্যটো মূৰত— বিপৰীত দিশটোত—মতান্ধতাৰ স্থিতি। এগৰাকী ব্যক্তিৰ সামগ্ৰিক মানসিক অৱস্থান এই দুই বিপৰীত বিন্দুৰ মাজৰ কোনোবাখিনিত (চিত্ৰ ১)। সূচকমাৰিডালত বিভিন্ন ব্যক্তিৰ সামগ্ৰিক মানসিক অৱস্থান বেলেগ বেলেগ হ’ব, কোনোবাগৰাকীৰ স্থিতি মুক্ত চিন্তাৰ বিন্দুটোৰ কাষ চপা, অন্য এগৰাকীৰ স্থান হয়তো বিপৰীত দিশৰ মূৰটোৰ কাষতহে। মতান্ধতা-মুক্তচিন্তাৰ ক্ষেত্ৰত বিভিন্ন ব্যক্তিৰ মানসিকতাত দেখিবলৈ পোৱা মাত্ৰা কিম্বা প্ৰাবল্যৰ তাৰতম্যৰ কথাটো হয়তো উপৰিউক্ত আৰ্হিটিৰে ব্যাখ্যা কৰিব পাৰি।

ব্যক্তিভেদে পৰিলক্ষিত হোৱা সামগ্ৰিক মতান্ধতা-মুক্তচিন্তাৰ তেনে হীন-দেৰীৰ কথাটো সৰল, চিধা সূচকমাৰি এডালৰ সহায়েৰে বুজিবলৈ সুচল হ’লেও, অন্য এটা দিশত কথাটো ইমান সৰলকৈ ব্যাখ্যা কৰিব নোৱাৰি। কথাটো হ’ল, বিষয় আৰু ক্ষেত্ৰভেদে এজন ব্যক্তিৰ মতান্ধতা-মুক্তচিন্তাৰ মাত্ৰা বেলেগ বেলেগ হয়। উদাহৰণ হিচাপে, ঈশ্বৰৰ প্ৰসংগত উদাৰ ব্যক্তি এগৰাকী ‘জাতীয় পোছাক’-ৰ ক্ষেত্ৰত সম্পূৰ্ণ মতান্ধ হ’ব পাৰে। ব্যক্তিবিশেষৰ মানসিকতাত বিষয়ভেদে মতান্ধতাৰ তেনে পাৰ্থক্যৰ কথাটো ব্যাখ্যা কৰিবলৈ আমি এটা বৃত্তৰ কল্পনা কৰিব পাৰোঁ। বৃত্তৰ কেন্দ্ৰবিন্দুত অৱস্থিত সম্পূৰ্ণ মতান্ধতা, পৰিধিৰ সিপাৰে আছে মুক্তচিন্তাৰ বিচৰণ। ব্যক্তিগৰাকীৰ চিন্তাৰ বিষয়সমূহ বৃত্তটোৰ ভিতৰত সিঁচৰতি হৈ থাকে (চিত্ৰ ২)। কেন্দ্ৰৰ পৰা যিমানেই পৰিধিৰ দিশলৈ অগ্ৰসৰ হোৱা যায়, সিমানেই মতান্ধতাৰ প্ৰাৱল্য হ্ৰাস পাই আহে। কোৱা বাহুল্য, আমি উল্লেখ কৰা উপৰিউক্ত দুটি আৰ্হি কোনো অপ্ৰমাদী আৰু নিশ্চিদ্ৰ ব্যাখ্যা নহয়, মাত্ৰ মতান্ধতাৰ মাত্ৰাৰ কম-বেছি হোৱাৰ কথাটো বুজাবলৈ কৰা এক প্ৰয়াসহে।

উপৰিউক্ত আলোচনাৰ পৰা আমি উমান পাওঁ যে মতান্ধতাৰ ক্ষেত্ৰখন একমাত্ৰিক নহয়, বহুমাত্ৰিক চৰিত্ৰৰ সৈতে তাৰ পৰিসৰটোও বে’চ আহল-বহল। ব্যক্তি এগৰাকী অথবা জনসমষ্টি এটা বিভিন্ন বিষয়ত যেনে, ঈশ্বৰ-চিন্তা, খাদ্যাভ্যাস, পোছাক-পৰিচ্ছদ, বিবাহ, নাৰীৰ স্থান, সুৰাপান—ইত্যাদি বিবিধ আৰু বিচিত্ৰ বিষয়ত মতান্ধ হ’ব পাৰে। তাৰে কিছুমান হয়তো একান্ত ব্যক্তিগত পৰিসৰৰ, কোনোবাটো হয়তো সামাজিক কৰ্মকাণ্ডৰ সৈতে সম্পৰ্কিত। এই প্ৰসংগত মতান্ধতাৰ ভিন্নতাৰ স্বৰূপটোও বে’চ চিত্তাকৰ্ষক। যেনে খাদ্যাভ্যাসৰ কথাটোক দুটা পটভূমিত চোৱা যাওক। প্ৰথমটোত, ব্যক্তিগত পৰিসৰত কোনো এগৰাকী ব্যক্তিয়ে ব্ৰইলাৰ কুকুৰাৰ মাংস খোৱাটো স্বাস্থ্যৰ বাবে সাংঘাতিক অপকাৰী বুলি মতান্ধভাৱে বিশ্বাস কৰে। এই কথাটোৰ সামাজিক তাৎপৰ্য খুব এটা নাই। দ্বিতীয় পটভূমিত—এটা বহল পৰিসৰত, সমষ্টিগতভাৱে—কোনো এটা ধৰ্মৰ লোকে মতান্ধ হৈ কোনো এবিধ মাংসক নিষিদ্ধ বুলি ঘোষণা কৰিছে। স্পষ্টতঃ এই পিছৰ পটভূমিটো সামাজিকভাৱে অতিশয় সংবেদনশীল আৰু তাৎপৰ্যপূৰ্ণ। তেনেদৰেই ব্যক্তিগত পৰিসৰত কোনো এগৰাকী ব্যক্তিয়ে যদি নিজৰ পোছাক-পৰিচ্ছদৰ ক্ষেত্ৰত মতান্ধতা প্ৰদৰ্শন কৰে, তেনে সি সামাজিকভাৱে বৰ এটা গুৰুত্ত্বপূৰ্ণ বিষয় নহ’ব। কিন্তু পোছাক-পৰিচ্ছদৰ ক্ষেত্ৰতেই সমষ্টিগতভাৱে মতান্ধ হৈ ফটোৱা জাৰি কৰিলে সি সামাজিকভাৱে অতি গুৰুতৰ ঘটনা হৈ পৰিব। সামাজিক দিশৰ তেনে বিষয়সমূহত পৰিলক্ষিত হোৱা মতান্ধতা পাকে-প্ৰকাৰে মানুহৰ মতাদৰ্শগত অৱস্থানৰ সৈতে সম্পৰ্কিত। ব্যক্তিগত পৰিসৰৰ মাজত সীমাবদ্ধ হৈ থকা সৰু সৰু প্ৰসংগৰ মতান্ধতাৰ নেতিবাচক দিশটোক অস্বীকাৰ কৰাৰ প্ৰশ্নই নুঠে। কিন্তু লগতে আমি মন কৰিব লগিব যে সেইসমূহৰ তুলনাত ধৰ্ম, জাতীয়তা, দেশপ্ৰেম, লিংগ-বৈষম্য, ৰাজনৈতিক ধাৰণা, বৰ্ণবাদ-জাতিভেদ, সম্প্ৰদায়বাদ, ভাষা আদিৰ দৰে ক্ষেত্ৰত বিদ্যমান মতান্ধতাৰ সামাজিক তাৎপৰ্য গভীৰ আৰু তাৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী। এই কথাটো বিস্তাৰিতভাৱে অধিক স্পষ্টকৈ বুজিবলৈ চেষ্টা কৰা যাওক।

সামাজিক তাৎপৰ্য বহন কৰা প্ৰায়বোৰ মতান্ধতাই বিসংগতিপূৰ্ণ বিশ্বাসক ‘যুক্তি’ হিচাপে প্ৰক্ষেপ কৰি নিজৰ অৱস্থানৰ ন্যায্যতা প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰে। বিশ্বাসক ‘যুক্তি’ হিচাপে ব্যৱহাৰ কৰাটো এটা মাৰাত্মক হেত্বাভাস বা যৌক্তিক বিভ্ৰান্তি (Logical fallacy)। তেনে গুৰুতৰ ভ্ৰান্তিৰ ফলাফলো অতিশয় প্ৰমাদযুক্ত হৈ পৰাটো অনিবাৰ্য হৈ পৰে। হাততে পোৱা এটি উদাহৰণলৈ লক্ষ্য কৰা যাওক। এই একবিংশ শতিকাতো এনে মানুহ আছে যি মতান্ধভাৱে—সহজবোধ্য সকলো বৈজ্ঞানিক তথ্য-প্ৰমাণক অস্বীকাৰ কৰি—বিশ্বাস কৰে যে পৃথিৱীখনৰ আকাৰ চেপেটা। আমিও আকস্মিকভাৱে চেপেটা পৃথিৱীৰ বিশ্বাসত জংগী মতান্ধতা প্ৰদৰ্শন কৰা অসমৰেই এগৰাকী উৎকেন্দ্ৰিক ব্যক্তিক ফোন যোগে পাইছিলোঁ, চেপেটা পৃথিৱীৰ ধাৰণাটো বিসংগতিপূৰ্ণ বুলি কোৱাত তেওঁ আমাক ভাবুকি আৰু ধমক দিছিল। তাৎপৰ্যপূৰ্ণ কথা, মাত্ৰ মতান্ধভাৱে চেপেটা পৃথিৱীৰ ধাৰণাটোক বিশ্বাস কৰাই নহয়, সেই বিশ্বাসটোৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটাবলৈ তেওঁলোকে সংগঠিতৰূপত প্ৰচেষ্টা চলাই গৈছে (তেওঁলোকৰ কিছুমান কাণ্ডৰ বিশ্লেষণ পঢ়িবলৈ ইয়াতে টিপা মাৰক)। এতিয়া কথাটো হ’ল, পৃথিৱীখন চেপেটা—এই ভ্ৰান্ত বিশ্বাসটোক ‘যুক্তি’ হিচাপে ব্যৱহাৰ কৰিলে, সংশ্লিষ্ট অন্যান্য বিষয়বোৰ হ’ব লাগিব সেই ‘যুক্তি’-ৰ সৈতে সংগতিপূৰ্ণ। যিহেতু মূল ‘যুক্তি’-টোৱেই আছিল এটা উদ্ভট বিশ্বাস, গতিকে তাৰ ওপৰত গঢ়ি তোলা সমগ্ৰ বিশ্বাসতন্ত্ৰটো অবধাৰিতভাৱে অতি প্ৰমাদযুক্ত আৰু বিসংগতিপূৰ্ণ হৈ পৰে। নিজৰ ধৰ্মটোহে সৰ্বোত্তম, নিজৰ জাতিটোৰ দৰে অন্য জাতি আৰু নাই, নিজৰ ভাষাটোহে শ্ৰেষ্ঠ, নাৰীৰ অৱস্থান স্বাভাৱিকতেই তলত— এনেবোৰ অযৌক্তিক কথা-বতৰাক কোনো কোনো বিশ্বাসতন্ত্ৰৰ মূল ‘যুক্তি’ হিচাপে প্ৰক্ষেপ কৰা হয়। এইটো কিমান যে ক্ষতিকাৰক, কিমান  যে বিপজ্জনক, সেইটো সহজেই অনুমেয়।

(৪)

মতান্ধতাসম্ভুত আহুকাল মাত্ৰ তৰ্ক-বিতৰ্ক কিম্বা যুক্তি-বুদ্ধিৰ চিন্তা-চৰ্চাতেই সীমাবদ্ধ হৈ নাথাকে, তাৰ কিছুমান অতি বিপজ্জনক সামাজিক দিশ বিদ্যমান। নিজৰ মতত অন্ধভাৱে আঁকোৰ-গোজ হৈ থকাটোৱেই যদিও সহজ অৰ্থত মতান্ধতা, এই কথাটোৰ অনিবাৰ্য সহচৰ হিচাপে অন্য দিশ কিছুমানো আমাৰ আগত উপস্থিত হয়। মতান্ধ মানুহে নিজৰ মতত চৰ্তহীন আস্থা ৰখাৰ লগে লগে নিজৰ মতৰ বিৰুদ্ধে যোৱা যিকোনো মত, তথ্য, প্ৰমাণ আদিক অতি তৎপৰতাৰে তৎমুহূৰ্ততেই নস্যাৎ কৰি দিয়ে। মতান্ধ লোকে হেলাৰঙে নতুন তথ্য-প্ৰমাণক নস্যাৎ কৰাৰ আঁৰত বাৰু কেনেকুৱা বিধৰ মনস্তত্ব সক্ৰিয় হৈ থাকে? আমি ধাৰণা কৰিছোঁ যে মানুহে গভীৰভাৱে কৰা বিশ্বাস এটা যেতিয়া যুক্তি-তৰ্ক-তথ্য-প্ৰমাণৰ উপস্থিতিত উফৰি যোৱাৰ উপক্ৰম হয়, তেতিয়া বিশ্বাসটোক ৰক্ষণাবেক্ষণ দিবলৈকে তেনে প্ৰবল নস্যাৎকাৰী প্ৰৱণতাৰ সৈতে মতান্ধতাৰ উদ্ভৱ হয়। এইটো ফালৰ পৰা মতান্ধসকলৰ বাবে মতান্ধতা হৈছে একধৰণৰ মনস্তাত্বিক প্ৰতিৰোধী ব্যৱস্থা। মতান্ধ লোকৰ নিজৰ তেনে মনস্তাত্বিক সমস্যাৰ প্ৰসংগটো ইয়াতেই এৰি, আমি মতান্ধতাৰ অন্য কিছুমান গুৰুতৰ নেতিবাচক সামাজিক দিশলৈ মনোযোগ দিয়া উচিত হ’ব।

বিৰুদ্ধ কিম্বা বিকল্প মতামতক টিলিকতে নস্যাৎ কৰাৰ মতান্ধ প্ৰৱণতাটোৰ সৈতে বিজ্ঞানৰ চিৰপৰিৱৰ্তনশীল বিকাশমান চৰিত্ৰটোৰ সম্পৰ্ক প্ৰত্যক্ষভাৱে বৈৰীমূলক আৰু সংঘাতপূৰ্ণ। ইয়াৰ পৰা কোনো সন্দেহ নোহোৱাকৈ নিৰ্দ্বিধাই ক’ব পাৰি, মতান্ধতা হৈছে বিজ্ঞান-বিৰোধী আৰু সেয়েহে প্ৰগতিৰ প্ৰতিবন্ধক। এসময়ত মতান্ধ বিশ্বাসতন্ত্ৰই জ্যৰ্ডানো ব্ৰুনোৰ দৰে মহাপ্ৰতিভাক জীয়াই জীয়াই জ্বলাই হত্যা কৰিছিল। তাৰো আগৰ ছক্ৰেটিছৰ কথা আটায়ে জানে। পৰৱৰ্তী যুগৰ গেলিলিঅ’ৰ ঘটনাটো হৈছে অন্য এটা উদাহৰণ। মানুহৰ ইতিহাসত মতান্ধতাই কিদৰে বিজ্ঞানৰ বাট ৰুদ্ধ কৰিছিল, তাৰ নিদৰ্শন অজস্ৰ আৰু সেইবোৰ প্ৰায় সৰ্বজনবিদিত।

মতান্ধতাৰ প্ৰত্যক্ষ বিজ্ঞান-বিৰোধিতাৰ উপৰিও আৰু কিছুমান দিশ অতি ভয়ংকৰ। উল্লেখ কৰা হৈছিল যে তথ্যাশ্ৰয়ী বিজ্ঞানভিত্তিক ভিন্ন মতক গুৰুত্ব দিবলৈ মতান্ধ লোক অনিচ্ছুক। কথাটো তাতেই কিন্তু শেষ হৈ নাযায়, অন্য মতৰ প্ৰতি মতান্ধ লোকে তীব্ৰ অসহিষ্ণুতাও প্ৰদৰ্শন কৰে। এই অসহিষ্ণুতা মাত্ৰ শিলীভূত চিন্তাৰ অন‌ড় অনমনীয়তাৰ ফল বুলি সামৰি থব নোৱাৰি, কিয়নো সামগ্ৰিকভাৱে মতান্ধতা বিভিন্ন জটিল দিশৰ সৈতে যেনে, মনো-সামাজিক, আৰ্থ-ৰাজনৈতিক, জ্ঞানাত্মক (Cognitive), মানুহৰ বহুধাবিভক্ত বিশ্বাসতন্ত্ৰ আদিৰ সৈতে সম্পৃক্ত হৈ পৰে। তেনে বহুমাত্ৰিক কাৰকৰ বাবেই মতান্ধতাই মাত্ৰ ‘অন্ধ মত’-ৰ সংজ্ঞাই বান্ধি দিয়া সীমা অতিক্ৰম কৰি সামাজিকভাৱে এটা অতি শক্তিশালী প্ৰপঞ্চৰ ৰূপ ধাৰণ কৰে।

সমষ্টিগত মতান্ধতাৰ মাজত সঞ্চিত তেনে শক্তিৰ নেতিবাচক অভিঘাত বাৰু ক’ত পৰেগৈ? দেখা যায় যে মতান্ধতা গণতান্ত্ৰিক চিন্তাধাৰৰ পৰিপন্থী শক্তি হিচাপে সাধাৰণতেই সক্ৰিয় হৈ উঠে। গণতান্ত্ৰিক মূল্যবোধৰ যথোচিত আদৰ থকা পৰিৱেশত কোনো এটা বিষয়ত একাধিক মতৰ উদ্ভৱ আৰু বিকাশ হয়। তেনে কিছুমান মত হয়তো সম্পূৰ্ণ বিপৰীত। স্বাভাৱিকতেই তেনে পৰিস্থিতিত ভিন্ন মতাৱলম্বী লোকৰ বা গোষ্ঠীৰ মাজত মতবিৰোধৰ জন্ম হয়। গণতান্ত্ৰিক মূল্যবোধ সুচাৰুৰূপে বৰ্তি থকা পৰিৱেশত বিৰুদ্ধ মতৰ মানুহৰ মাজত বিষয়টোক কেন্দ্ৰ কৰি কথা-বতৰা, আলাপ-আলোচনা, মতৰ বিনিময়, তৰ্ক-বিতৰ্ক আদি কোনো আহুকাল নোহোৱাকৈ সম্পন্ন হোৱাটো সম্ভৱ। কিন্তু তেনে গণতান্ত্ৰিক মূল্যবোধ মতান্ধসকলৰ নাথাকেই—অন্যৰ মত শুনিবলৈকে তেওঁলোক অনিচ্ছুক, বিৰুদ্ধ-বিকল্প মতৰ প্ৰতি তেওঁলোক অসহিষ্ণু। সেইবাবেই সাধাৰণতে মতান্ধসকলে ভিন্ন মতৰ মানুহক শত্ৰু বুলিহে গণ্য কৰে। মতান্ধতাৰ অহংবোধেৰে পৰিপূৰ্ণ অসহিষ্ণুতাৰ প্ৰতিৰক্ষামূলক কোনো মনস্তাত্বিক উৎসৰ সম্ভাৱনা যে থাকিব পাৰে, সেইটো আমি উল্লেখ কৰি আহিছিলোঁ। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে মতান্ধতাৰ তেনে প্ৰতিৰোধী স্বৰূপটোৱে সময়ত অহংকেন্দ্ৰিক স্বৈৰাচাৰী ৰূপ ধাৰণ কৰিব পাৰে। মতাদৰ্শভিত্তিক মতান্ধ লোকসকলৰ মাজত সাধাৰণতেই সংগঠিত হোৱাৰ শক্তিশালী প্ৰৱণতা লক্ষ্য কৰা যায়। শক্তি সঞ্চয় হোৱাৰ পাছত মতান্ধতাই প্ৰতিৰক্ষামূলক চৰিত্ৰটোৰ সলনি ঘটাই আক্ৰমণাত্মক ৰূপ ল’বলৈ আৰম্ভ কৰে। মতান্ধ লোকৰ নিজৰ বিশ্বাসতন্ত্ৰত কোনো প্ৰকট অভ্যন্তৰীণ দ্বন্দ্ব অনুপস্থিত। সেইবাবে তেওঁলোক সাধাৰণতেই সামগ্ৰিক এক বিশ্বাসতন্ত্ৰত আস্থাশীল হোৱা পৰিলক্ষিত হয়, য’ত বিৰুদ্ধ-বিকল্প মতৰ কোনো স্থানেই নাই। তেনে এটা অৱস্থানৰ বাবে মতান্ধতাই স্বৈৰাচাৰী ৰূপ ধাৰণ কৰাটো অতি স্বাভাৱিক কথা। সমাজত সমষ্টিগত মতান্ধতাভিত্তিক স্বৈৰাচাৰী শক্তিৰ উত্থান হোৱাটো এটা অতি ভয়ংকৰ বিপদ। তেনে পৰিস্থিতি স্বৈৰাচাৰী ফেচীবাদৰ আগমনৰ বাবে অতি অনুকূল। আধুনিক সভ্যতাৰ অন্যতম মৰ্ম হৈছে সুস্থ গণতান্ত্ৰিক প্ৰমূল্যবোধ। ইয়াৰ প্ৰতিষ্ঠাৰ আঁৰত আছে অগণন মানুহৰ দীৰ্ঘ সংগ্ৰাম আৰু আত্মত্যাগ। স্বৈৰাচাৰী ফেচীবাদে সেই সকলোবোৰ নস্যাৎ কৰিবলৈ চেষ্টা কৰে। স্বৈৰাচাৰী শক্তিয়ে নিজৰ মতৰ অন্ধতা সকলোৰে বাবে সাৰ্বজনীন বুলি বিবেচনা কৰে। ফলত বল প্ৰয়োগ কৰি হ’লেও তেওঁলোকৰ মত অন্যৰ ওপৰত জাপি দিয়া হয়, লগে লগে অন্যৰ মতামতৰ চিন-মোকাম নোহোৱা কৰি দিয়া হয়।

স্বৈৰাচাৰী ফেচীবাদৰ লগতে ধৰ্মীয় মৌলবাদৰো উদ্গাতা হৈছে মতান্ধতা। ধৰ্মীয় মৌলবাদৰ এটা ডাঙৰ অংশ মতান্ধতা বুলি সহজেই ধৰিব পাৰি। ধৰ্মীয় মৌলবাদ আৰু মতান্ধতাৰ মাজত বহুতো সাদৃশ্য থাকিলেও, মতান্ধতা ধৰ্মীয় মৌলবাদৰ বিশ্বস্ত সহচৰ হ’লেও, দুয়োটাৰে মাজত কিছুমান গুৰুত্ত্বপূৰ্ণ প্ৰভেদো আছে। ধৰ্মীয় মৌলবাদৰ ক্ষেত্ৰত সাধাৰণতেই বহুদূৰ অতীতৰ কোনো অবাস্তৱ ধ্যান-ধাৰণাক প্ৰশ্নাতীত, অন‌ড়-অপৰিৱৰ্তনীয় আৰু অবিসংবাদী সত্য বুলি গণ্য কৰা হয়। দেখ্‌দেখ্‌ কথা, ইয়াৰ এটা নিৰ্ণায়ক কাৰক হৈছে মতান্ধতা। কিন্তু মতান্ধতাক এটা সুকীয়া প্ৰপঞ্চ হিচাপে বিবেচনা কৰিলে দেখা যায় যে ধৰ্মীয় মৌলবাদৰ উপৰিও অন্যান্য বহুতো ক্ষেত্ৰত মতান্ধতা সক্ৰিয় হৈ থাকিব পাৰে, যিসমূহত প্ৰাচীন কিম্বা অৰ্বাচীনৰ দিশটো কোনো প্ৰাসংগিক কথা নহয়। ধৰ্মীয় মৌলবাদৰ অন্যতম ভিত্তি হৈছে প্ৰাতিষ্ঠানিক ধৰ্ম। মতান্ধতা কিন্তু ধৰ্মনিৰপেক্ষ বিবিধ ক্ষেত্ৰতো পৰিলক্ষিত হয়। সুকীয়া বিষয় হিচাপে ধৰ্মীয় মৌলবাদ আৰু মতান্ধতাৰ মাজত আৰু এটা তাৎপৰ্যপূৰ্ণ পাৰ্থক্য আছে। ধৰ্মীয় মৌলবাদৰ এটা সুসংগঠিত অৱয়ব থাকে। বহুতো ক্ষেত্ৰত মতান্ধ লোকৰ যদিও সংগঠিত হোৱাৰ প্ৰৱণতা এটা থাকে, সেই প্ৰৱণতাটো মতান্ধতাক সংজ্ঞায়িত কৰাৰ ক্ষেত্ৰত অনিবাৰ্য উপাদান নহয়, কিয়নো একান্ত ব্যক্তিগত পৰ্যায়তো মতান্ধতাৰ সবল উপস্থিতিৰ উমান পোৱা যায়। আৰু এটা কথা, মৌলবাদে সুযোগ বুজি ৰাষ্ট্ৰক্ষমতা দখল কৰাৰ প্ৰচেষ্টা চলায় (বিস্তাৰিত আৰু মনোগ্ৰাহী আলোচনাৰ বাবে দ্ৰষ্টব্য: সুৰজিৎ দাশগুপ্ত, মৌলবাদ : এক নতুন সংজ্ঞা, ১৯৯৫); মতান্ধতাৰ ক্ষেত্ৰত এই দিশটো অনিবাৰ্য নহয়। উপৰিউক্ত দিশবোৰত মতান্ধতা আৰু ধৰ্মীয় মৌলবাদ অভিন্ন নহ’লেও আমি মনত ৰখা উচিত যে ধৰ্মীয় মৌলবাদৰ উদ্ভৱ আৰু বিকাশত মতান্ধতাই সাৰ-পানীৰ যোগান দিয়ে, মতান্ধতা হৈছে ধৰ্মীয় মৌলবাদৰ এটা অবিচ্ছেদ্য উপাদান।

(৫)

আচৰিত যেন লাগিলেও বিজ্ঞানৰ জগততো মতান্ধতা একো নোহোৱা-নোপজা কথা নহয়। সকলোৱে জনা কথা, এটা প্ৰপঞ্চ হিচাপে বিজ্ঞানৰ চৰিত্ৰটো হৈছে চিৰচলিষ্ণু আৰু পৰিবৰ্ধনশীল—তেনে পৰিৱৰ্তনৰ ক্ষেত্ৰত প্ৰমূল্যভিত্তিক উপাদানৰ কোনো স্থান নাই। নতুন তথ্য-তত্ত্বই ভুল বুলি প্ৰমাণ কৰিলে পুৰণি প্ৰচলিত ধ্যান-ধাৰণাক বিজ্ঞানৰ চলিষ্ণু প্ৰবাহে এৰাসুঁতিলৈ ঠেলি দিয়ে। কিন্তু কেতিয়াবা বিজ্ঞানৰ পট্‌পৰিৱৰ্তনৰ শীৰ্ষবিন্দুত (Transition point) কোনো কোনো বিজ্ঞানীয়ে পূৰ্বৰ প্ৰচলিত তত্ত্বক পৰিত্যাগ কৰিবলৈ যথোচিত তৎপৰতা দেখুৱাব নোৱাৰে; পৰিচিত আৰু অভ্যস্ত তাত্ত্বিক পৰিমণ্ডলটোক বিদায় জনাবলৈ তেওঁলোকে মানসিক জাড্য কিম্বা অহেতুক পূৰ্বধাৰণাপ্ৰীতিৰ বাবে অনীহা দেখুৱায়। যোৱা শতিকাৰ প্ৰথমভাগত কোৱাণ্টাম বলবিদ্যাৰ উদ্ভৱৰ ঘটনাটো আছিল বিজ্ঞানৰ জগতৰ তেনে এটা পট্‌পৰিৱৰ্তনৰ শীৰ্ষবিন্দু। আনহে নালাগে, আইনষ্টাইনৰ দৰে যুগন্ধৰ আৰু দিকপাল বিজ্ঞানীয়েও তেনে পৰিৱৰ্তন মানি ল’বলৈ অনিচ্ছুক আছিল। কোনো কোনো ক্ষেত্ৰত তেনে অনিচ্ছা-অনীহা মতান্ধতাৰ পৰ্যায়লৈ অৱনমিত হোৱাৰো সম্ভৱনা থাকে। কথাটোৰ সমৰ্থনত উদাহৰণ এটা দিলে সি নিশ্চয় অপ্ৰাসংগিক নহ’ব। ঊনবিংশ শতিকাৰ মধ্যভাগত অষ্ট্ৰিয়াৰ এগৰাকী চিকিৎসা-বিজ্ঞানী আছিল ইগনাছ চেমলভাইছ। সেই সময়ত সন্তান প্ৰসৱ কৰাৰ পাছতেই বহুতো মাতৃ এবিধ বিশেষ প্ৰসূতিৰোগত (Childbed fever) আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিছিল। প্ৰকৃততে বীজাণুৰ সংক্ৰমণেই আছিল সেই ৰোগৰ মূল কাৰণ, কিন্তু সেই সময়ত ৰোগৰ বীজাণুতত্ত্বটো সুপ্ৰতিষ্ঠিত হোৱা নাছিল। বীজাণুতত্ত্বত লুই পাস্তুৰ, ৰবাৰ্ট কখ্‌, লৰ্ড লিষ্টাৰ আদিৰ যুগান্তকাৰী অৱদান তেতিয়া আছিল ভৱিষ্যতৰ গৰ্ভত। বীজাণু যে বহুতো ৰোগৰ কাৰণ, সেইটো নজনাৰ বাবে প্ৰসূতিকোঠাটি বীজাণুমুক্ত কৰাৰ ধাৰণাটোৱেই নাছিল সেই সময়ত। তেতিয়াই কিন্তু ইগনাছ চেমলভাইছে লক্ষ্য কৰিছিল যে চিকিৎসকসকলে মৰ্গৰ পৰা হাতেৰে মৰাশ লিৰিকি-বিদাৰি আহি, চাফ-চিকুণ নোহোৱাকৈ প্ৰসূতিৰ সংস্পৰ্শলৈ আহিলে প্ৰসূতিগৰাকী উক্ত ৰোগত আক্ৰান্ত হৈ পৰে। তেওঁ যুক্তিসংগতভাৱে অনুমান কৰিছিল যে ৰোগৰ কোনো কাৰক মৰ্গৰ পৰা চিকিৎসক বা অন্য চিকিৎসাকৰ্মীৰ জৰিয়তে প্ৰসূতিৰ দেহলৈ আহি ৰোগটোৰ জন্ম দিয়ে। তেওঁ নিজে কাম কৰা চিকিৎসালয়খনত প্ৰসূতিৰ কাষলৈ অহাৰ আগতে চিকিৎসকসকলে হাত ধুই অহাৰ নিয়ম বান্ধি দিলে। তাৰ ফল আছিল অতি নাটকীয়; তেনে কৰাৰ পাছতেই উক্ত প্ৰসূতিৰোগ আৰু তৎজনিত মৃত্যু প্ৰায় নোহোৱা গৈ গ’ল। ইগনাছ চেমলভাইছে তেওঁৰ পৰ্যবেক্ষণ আৰু পৰীক্ষালব্ধ ফলাফলৰ ওপৰত ভিত্তি কৰি প্ৰসূতিৰ কাষলৈ অহাৰ আগতে সকলো চিকিৎসককেই হাত ধুৱলৈ আহ্বান জনালে। এই কথাত অতি ক্ষুণ্ণ হৈ পৰিল চিকিৎসক-বিজ্ঞানীসকল। কিয়নো, তেওঁলোকৰ বাবে তেতিয়া চেমলভাইছৰ ব্যাখ্যা-বিশ্লেষণ আছিল উদ্ভট। আনকি, হাত ধুবলৈ কোৱা কথাটোৱে বহুতো চিকিৎসক-বিজ্ঞানীৰ অহংবোধকো সুৰসুৰাই দিছিল। ডাঙৰ কথাটো হ’ল, বিজ্ঞানৰ পৰ্যবেক্ষণভিত্তিক পৰীক্ষালব্ধ ফল এটাক তেওঁলোকে মতান্ধভাৱে উৰুৱাই দিছিল, উপহাস কৰিছিল চেমলভাইছক। প্ৰসংগতঃ উল্লেখ কৰিব পাৰি, সূক্ষ্ম পৰ্যবেক্ষণশক্তি আৰু মুক্ত-চিন্তাৰ অধিকাৰী ইগনাছ চেমলভাইছৰ পৰৱৰ্তী জীৱনটো আছিল বৰ কৰুণ। চিকিৎসকক হাত ধুবলৈ কোৱাৰ পাছৰে পৰা তেওঁৰ শত্ৰু বাঢ়ি আহিছিল। এসময়ত তেওঁক চিকিৎসালয়খনৰ চাকৰিটো এৰিবলৈ বাধ্য কৰা হ’ল। পৰৱৰ্তী সময়ত তেওঁ মানসিক ৰোগত আক্ৰান্ত হৈছিল। “পগলা ফাটেক”-ৰ চকীদাৰে তেওঁক এবাৰ বৰ বেয়াকৈ মাৰধৰ কৰে আৰু সেই আঘাতজনিত কাৰণতেই মৃত্যু হৈছিল এইগৰাকী চিকিৎসক-বিজ্ঞানীৰ। আজি ক’তো ইগনাছ চেমলভাইছক উপহাস কৰা মতান্ধ চিকিৎসক-বিজ্ঞানীসকলৰ নামগোন্ধকে পাবলৈ নাই, কিন্তু বিজ্ঞানৰ ইতিহাসত তেওঁলোকৰ মতান্ধতাৰ কথাটো চিৰকাললৈ অমোচনীয় ক’লা দাগ এটা হৈ থাকি গ’ল।

 (৬)

এই সামৰণিৰ দফাটোত গুৰুত্বসহকাৰে এটি কথা উত্থাপন কৰিবলৈ প্ৰয়াস কৰিম। কথাটো এনেকুৱা, নিজৰ মতত সুদৃ‌ঢ় হৈ থাকিলেই তাক মতান্ধতা বোলা নাযায়। যুক্তি, বিজ্ঞান আৰু যৌক্তিক-প্ৰজ্ঞা সমৰ্থিত মতৰ সপক্ষে লোৱা বলিষ্ঠ অৱস্থানক জানো মতান্ধতা বুলি ক’ব পাৰি? সত্যৰ পক্ষত অবিচল আৰু আপোচহীন হৈ থাকিলে সি জানো মতান্ধতাৰ পৰিচায়ক হ’ব? মানৱ-সভ্যতাৰ অগ্ৰগতিৰ ইতিহাসত আমি এনে বহুতো যুগনায়কৰ সন্ধান পাওঁ, যিসকলে ভয়াবহ বিপদৰ আশংকা মূৰত লৈ, প্ৰতিকূল পৰিৱেশ-পৰিস্থিতিৰ মাজতো নিজৰ আদৰ্শৰ ক্ষেত্ৰত আপোচ নকৰি ভৱিষ্যতৰ প্ৰজন্মৰ বাবে হৈ পৰিছিল পথিকৃৎ স্বৰূপ। তেনে বহু নিদৰ্শনৰ মাজৰ পৰা, বিষয়টোত স্পষ্টতা আনিবলৈ এগৰাকী মাত্ৰ অকুতোভয় যুগন্ধৰ মানুহৰ কথা উল্লেখ কৰিছোঁ। নাম তেওঁৰ জ্যৰ্ডানো ব্ৰুনো। ব্ৰুনোৰ সময়ত বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰত আমাৰ এই পৃথিৱীখন অৱস্থিত বুলি বিশ্বাস কৰা হৈছিল। সেই বিশ্বাস আছিল ভয়ংকৰ শক্তিশালী প্ৰাতিষ্ঠানিক ধৰ্মৰ দ্বাৰা অনুমোদিত, তেনে বিশ্বাসত কিঞ্চিৎ সন্দেহ কৰিলেই গুৰুতৰ শাস্তি পোৱাটো আছিল অবধাৰিত। জ্যৰ্ডানো ব্ৰুনোয়ে তেনে বিপদলৈ অকণো কেৰেপ নকৰি নৱলব্ধ তথ্য-জ্ঞানৰ আধাৰত ক’পাৰ্নিকাছৰ সূৰ্যকেন্দ্ৰী সৌৰজগতৰ আৰ্হিটোহে শুদ্ধ বুলি ক’বলৈ আৰম্ভ কৰিলে। তাৰ উপৰিও, যুক্তিৰ বিচাৰত বিসংগতিপূৰ্ণ অন্যান্য প্ৰচলিত মতৰ বিৰুদ্ধেও অতিকৈ সৰৱ-সোচ্চাৰ হৈ উঠিল তেওঁ। এইটো সঁচাই আছিল মৰসাহসৰ কাম। অৱশেষত জ্যৰ্ডানো ব্ৰুনোক জীয়াই জীয়াই জ্বলাই হত্যা কৰা হ’ল। মৃত্যুৰ পূৰ্বে মানুহজনক বহুবাৰ সুযোগ দিয়া হৈছিল আপোচ কৰিবলৈ, শাস্তিৰ পৰা হাত সাৰিবলৈ। কিন্তু নাই, মৃত্যুৰ মুহূৰ্তলৈ জ্যৰ্ডানো ব্ৰুনো হৈ আছিল নিজৰ মতত অবিচল (অধিক আলোচনাৰ বাবে এই লেখকৰ টোকা এটি “মুক্ত চিন্তা”-ত পঢ়িবলৈ ইয়াতে টিপা মাৰক)। তেনে সত্যাশ্ৰয়ী অনমনীয়তা-অবিচলতাক আমি মতান্ধতাৰ সৈতে একাকাৰ কৰি দিলে ডাঙৰ ভুল হ’ব।

যুক্তি-আশ্ৰয়ী আৰু বিজ্ঞানমনস্ক তেনে মতাদৰ্শগত সুদৃ‌ঢ় অৱস্থানৰ সৈতে অ‌ন‌ড় মতান্ধতাৰ কিছুমান মৌলিক পাৰ্থক্য বিদ্যমান। কোনো সময়ত উপলব্ধ হোৱা প্ৰামাণিক তথ্য, বিজ্ঞানসন্মত তত্ত্ব আৰু যৌক্তিক প্ৰজ্ঞাৰ ভিত্তিত গঢ় লোৱা তেনে মতাদৰ্শই স্বাভাৱিকতেই অপ্ৰামাণিক কিম্বা প্ৰমাণ-অযোগ্য প্ৰগতিৰ পৰিপন্থী তত্ত্ব-কল্পনাৰ বিৰোধিতা কৰে। তেনে সত্যাশ্ৰয়ী বিৰোধে কেতিয়াবা আপোচহীন তীব্ৰ সংঘাতৰ ৰূপ ধাৰণ কৰিবও পাৰে। অযৌক্তিক বিৰুদ্ধ মতৰ বিপক্ষে অন‌ড় অৱস্থান গ্ৰহণ কৰা লোকে যদি নিজৰ মতাদৰ্শৰ আভ্যন্তৰীণ সংশোধন-পৰিবৰ্ধন আদিৰ ক্ষেত্ৰত মনটো মুক্ত কৰি ৰাখে— সংশোধনৰ বাট মুকলি কৰি থয়— তেন্তে তাক মতান্ধতা বুলি কেতিয়াও ক’ব নোৱাৰি।

যুক্তিগ্ৰাহ্য মতাদৰ্শগত সুদৃ‌ঢ় অৱস্থানৰ সৈতে মতান্ধতাৰ মৌলিক পাৰ্থক্য বাৰু কোনবোৰ? মতান্ধতা হ’ল এনে এক স্থাণু বিশ্বাসতান্ত্ৰিক অৱস্থান, যি কোনোপধ্যেই নিজৰ পৰিৱৰ্তনৰ সামান্য প্ৰৱণতাকো অনুমোদন নজনায়। মতান্ধ লোকে তেনে পৰিৱৰ্তনক অনাকাংক্ষিত আৰু পৰিত্যাজ্য বিসংগতি বুলি গণ্য কৰে। তেওঁলোকৰ বাবে স্বমতৰ নিশ্চলতাই হৈছে সত্যৰ প্ৰতিৰূপ, আদৰ্শগত বিশুদ্ধতা। অন্ধভাৱে তেওঁলোকে— সংশয়বিহীনভাৱে— কোনো বিষয়ত মানসিকভাৱে সম্পূৰ্ণ নিশ্চল আৰু নিশ্চিত হৈ থাকে, কোনো প্ৰশ্ন বা জিজ্ঞাসাৰ স্থান তাত নাই। যুক্তিহীন নিশ্চলতাই কঢ়িয়াই অনা পৰম নিশ্চয়তা (absolute certainty) মতান্ধতাৰ এটা মুখ্য চাৰিত্ৰিক বৈশিষ্ট্য। সৰহক্ষেত্ৰতেই মতান্ধ ব্যক্তিয়ে সিদ্ধান্তৰ অনিশ্চয়তা-অনিৰ্ণেয়তাক পছন্দ নকৰে— শেষ, অ‌ন‌ড় আৰু অপৰিৱৰ্তনীয় উত্তৰে তেওঁলোকক স্বস্তি প্ৰদান কৰে। সংশয়হীনতাৰ সহযোগী হিচাপে মতান্ধ লোকৰ মানসিকতাত দেখিবলৈ পোৱা যায় চিন্তাৰ সৰলীকৰণৰ প্ৰৱণতা। প্ৰশ্ন-দ্বিধা-দ্বন্দ্ব-সংশয় য’ত অনুপস্থিত, তাত চিন্তা অগভীৰ আৰু সৰলীকৃত হোৱাটো অৱধাৰিত। উদাহৰণ এটাই কথাটো পৰিষ্কাৰ কৰিব। ব্ৰহ্মাণ্ডৰ উদ্ভৱ কেনেদৰে হৈছিল— এই প্ৰশ্নটোৰ উত্তৰ ধৰ্মীয় মাৰ্গৰ চিন্তাই সৃষ্টিকৰ্তাৰ ধাৰণাৰে মীমাংসা কৰি বিষয়টোৰ সমাপ্তি ঘোষণা কৰে। সৰলীকৃত তেনে পৰম নিশ্চয়তাৰ বাবেই বিগত সহস্ৰ বছৰত ধৰ্মীয় মাৰ্গৰ চিন্তাই ব্ৰহ্মাণ্ডৰ উদ্ভৱৰ প্ৰশ্নটোৰ উত্তৰত এটা শাৰীও নতুনকৈ লেখিবলৈ সমৰ্থ হোৱা নাই। বিপৰীতপক্ষে, বিজ্ঞানসন্মত মুক্ত মাৰ্গৰ চিন্তাই অজস্ৰ প্ৰশ্ন, সন্দেহ আৰু সংশয়ৰ মাজেৰে চৌপাশৰ প্ৰশ্নসমূহৰ উত্তৰৰ সন্ধান কৰে, সৰলীকৰণৰ সহায়েৰে চমু বাট ধৰাৰ সুযোগ তাত নাই। নতুনৰ প্ৰতি অনাগ্ৰহ মতান্ধতাৰ এটা প্ৰধান চৰিত্ৰ— চমু, চিধা, একাচেকা আৰু দ্ব্যৰ্থহীন উত্তৰে তেওঁলোকক আশ্বস্ত কৰে। মতান্ধ ব্যক্তিৰ এই চৰিত্ৰটোৰ বিকাশৰ নেপথ্যত সম্ভৱতঃ মানসিক শ্ৰমবিমুখিতাই এটা নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। বাহুল্যৰ দোষে চুলেও কথা এটা ইয়াতে উল্লেখ কৰি থলে ভাল। মতান্ধ লোকে যি দ্ব্যৰ্থহীন চমু উত্তৰ বিচাৰে, সেইটোৰ সৈতে কিন্তু বিজ্ঞানসন্মত যুক্তিআশ্ৰয়ী মাৰ্গৰ চিন্তাৰ স্বচ্ছতাৰ কথাটো একে নহয়, দুয়োটাকে একে চৰিত্ৰৰ বুলি ধৰিলে গুৰুতৰ বিভ্ৰান্তিৰ জন্ম হ’ব। যুক্তিআশ্ৰয়ী মাৰ্গে প্ৰশ্ন-সংশয়-সন্দেহ আদিৰ মাজেৰে পৰিচ্ছন্ন নিটোল বিজ্ঞানসন্মত সিদ্ধান্তত উপনীত হ’বলৈ চেষ্টা কৰে, মতান্ধ লোকে তেনে কঠিন পথ পৰিহাৰ কৰি চিধাই সৰল আৰু শেষ সিদ্ধান্ত ঘোষণা কৰে। স্বাভাৱিকতেই মতান্ধ লোকৰ তেনে যৌক্তিকভিত্তিৰহিত সিদ্ধান্ত ভ্ৰান্ত আৰু বিসংগতিপূৰ্ণ হৈ পৰে। চিন্তাৰ স্বচ্ছতাৰ ক্ষেত্ৰত আমি যুক্তিআশ্ৰয়ী বিজ্ঞানসন্মত মাৰ্গৰ সৈতে মতান্ধতাৰ উপৰিউক্ত পাৰ্থক্যটো মনত ৰখা যুগুত।

মতান্ধতাৰ ক্ষেত্ৰত আমি এটা দিশত অতি সতৰ্ক হোৱা উচিত। আত্মবিশ্লেষণ, আত্মসংশোধন, আত্মপৰিৱৰ্তন আদিৰ বাট মুকলি কৰি নাৰাখিলে কোনো মুক্ত, সজীৱ আৰু প্ৰগতিশীল মতাদৰ্শকো কালপ্ৰৱাহত মতান্ধতাই আক্ৰান্ত কৰিব পাৰে। অৱশ্যে, সময়ে দাবী কৰা তেনে পৰিৱৰ্তন মতাদৰ্শত অত্যাৱশ্যকীয় সংযোজন, নে সি মতাদৰ্শগত বিচ্যুতি, সেইটো সতকাই, তৎমুহূৰ্তেই হয়তো ধৰিব নোৱাৰি। তাৰ বাবে প্ৰয়োজন হ’ব মতান্ধতাৰহিত গভীৰ যৌক্তিক প্ৰজ্ঞাৰে কৰা একনিষ্ঠ অনুশীলন।

Print Friendly, PDF & Email

2 thoughts on “সম্পাদকৰ টোকা :: মতান্ধতাৰ প্ৰসংগত (কৌশিক দাস)

  • আপোনাৰ লেখাটি বৰ সময়োপযোগী হৈছে। ইয়াত মতান্ধতাই কিদৰে দুজন বিশিষ্ট বিজ্ঞানীৰ জীৱন নাশ কৰিছিল ভাৱিলে গাৰ নোম শিঁয়ৰি উঠে।চেমলভাইছ আৰু ব্ৰুনোৱে নিজৰ জীৱনৰ বিনিময়ত সত্যক প্ৰতিষ্ঠা কৰি থৈ গৈছে।এই দুয়োজনৰ বিষয়ে দাঙি ধৰা আপোনাৰ বিৱৰণ মোৰ বাবে বৰ মনোগ্ৰাহী হৈছে। বাকী যুক্তিখিনিও অকাট্য।

    Reply
  • Nabajyoti Borgohain

    “The world is so full of possibilities that dogmatism is simply indecent”
    -Albert Einstein
    “পৃথিৱীখন ইমানেই সম্ভাৱনাৰে ভৰি আছে যে ,এনে অৱস্থাত মতান্ধতা এক প্ৰকাৰৰ অশ্লীলতাৰ বাহিৰে আন একো নহয়।” – এলবাৰ্ট আইনষ্টাইনৰ এই কথাষাৰৰ যুক্তি যুক্ততা এইবাৰৰ “মুক্ত চিন্তা”ৰ সম্পাদকীয়ই মোটামুটি প্ৰতিষ্ঠা কৰিছে বুলি কব পাৰি।
    অতি সূক্ষ্ম পৰ্য্যবেক্ষণ আৰু বিভিন্ন দৃষ্টিকোণেৰে যুক্তিৰ যি জোৱাৰ ভাতা লেখনিটো পঢ়ি থাকোতে অনুভৱ হয় , সেইটোৱেই মুখ্য সম্পাদক কৌশিক দাসৰ লেখনিৰ ‘ফৰ্ম’। এই ফৰ্মতো অতি আটিল আৰু সদা সচেতন যাতে কোনো কাৰণতে মতান্ধতাৰ চিকাৰ নহয়। অৱশ্যে কিছু ‘সম্ভাৱনা ‘ ৰ হিচাব বাকী থাকি যাব পাৰে। তেনে কিছু বাকী ৰৈ যোৱা সম্ভাবনাৰ কথা মোৰ মনলৈ অহাত মতামত বাকচৰ সুবিধা পাই তুলি ধৰিবলৈ মন গল। মোৰ ধাৰণাৰ অৱশ্যে সীমাবদ্ধতা ৰৈ যাবও পাৰে।
    আলোচনাৰ বাবেহে আগবঢ়াই দিছোঁ। মূলতঃ কেইটামান প্ৰশ্ন । যিকেইটা লেখাটো স্পষ্ট ৰূপত আলোচনা হোৱা নাই বুলি মোৰ ধাৰণা।
    ১. এজন মানুহ মতান্ধ কিয় হয় ? ইয়াৰ উৎস কি ?
    ২. শ্ৰেণী বিভক্ত সমাজত “শ্ৰেণী চৰিত্ৰ” আৰু ” মতন্ধতা” ৰ কিবা আন্তসম্পৰ্ক আছে নেকি ? পৰস্পৰে পৰস্পৰক প্ৰভাৱিত কৰেনে ?
    ৩. মতন্ধতাৰ বিৰুদ্ধে যুজখনত ,শ্ৰেণী সচেতনতা, শ্ৰেণী সংগ্ৰাম আদিবোৰৰ কিবা চৰ্চাৰ প্ৰয়োজন আছেনে ?
    ৪. ” আত্মবিশ্লেষণ, আত্মসংশোধন, আত্মপৰিৱৰ্তন” কেনেকৈ সম্ভৱ ?

    প্ৰবন্ধটোত উল্লেখ কৰিছে যে –
    “যুক্তিযুক্তভাৱে অনুমান কৰাটো হয়তো অসংগত নহ’ব যে এইধৰণৰ বন্ধ চিন্তাৰ সুৰক্ষিত জঠৰতাই তেওঁলোকক একধৰণৰ প্ৰতিৰক্ষামূলক মানসিক আশ্ৰয় প্ৰদান কৰে।”
    উক্ত কাৰণৰ বাবেই মানুহ ” মতান্ধ” হয় নেকি ??

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *