কেন্দ্ৰীয় নিবন্ধনিবন্ধ

মৌলবাদ, স্তালিন আৰু বাঁওপন্থা ।। ধ্ৰুৱজ্যোতি বৰা

(ক)
বাঁওপন্থী ভাবধাৰা তথা আন্দোলনৰ বহল পৰিসৰত মার্ক্সবাদৰ স্থান আটাইতকৈ গুৰুত্বপূৰ্ণ। সংজ্ঞাৰ কৌলিন্য ৰক্ষাৰ চেষ্টাই অনেক ক্ষেত্ৰতে গদ্যৰ গতি ব্যাহত কৰে। সেয়ে, আমাৰ আলোচনাত বাঁওপন্থা, মার্ক্সবাদ আদি শব্দবোৰ শিথিলভাৱে প্রায় একে অৰ্থতে ব্যৱহাৰ কৰা হৈছে।
আমাৰ দেশতে নহয়, পৃথিৱীৰ অন্যান্য প্ৰান্ততো আজি বাঁওপন্থা আৰু মার্ক্সবাদৰ প্রভাৱ ক্ৰমহ্ৰাসমান। বাঁওপন্থীসকলে বহুদিন ধৰি জোৰদাৰ গণ আন্দোলন সৃষ্টি কৰিব নোৱৰা আৰু সংসদীয় ৰাজনীতিতো তেওঁলোক প্রায় অপাংক্তেয় হৈ পৰাটোৱেই কেৱল নহয়, তেওঁলোকৰ প্রভাৱ বা নিয়ন্ত্ৰণত থকা গণসংগঠন সমন্বিতে সকলোতে সদস্য-সংখ্যা নবঢ়া বা কমি যোৱাটোৱেও অতি গুৰুতৰ সমস্যাৰূপে দেখা দিছে। তদুপৰি দলবোৰত পঞ্চাছ-ঊৰ্ধ্ব নেতা কৰ্মীৰে ভিৰ। তৰুণ তেজৰ অভাৱ বাৰুকৈয়ে অনুভূত হয়। এনে সমস্যা মাত্ৰ সংশ্লিষ্ট দলটোৰে সমস্যা বুলি ভাবিলে ভুল হ’ব। আমাৰ বৃহত্তৰ সমাজখনৰ স্বাস্থ্য এই বাঁওপন্থাৰ স্বাস্থ্যৰ ওপৰতো ভালেখিনি নিৰ্ভৰশীল। অচলায়তনৰ হেঙাৰ ভাঙি ওলাই অহাৰ বাবে আৱশ্যক নিৰাবেগ তথা বস্তুনিষ্ঠ বিচাৰ-বিশ্লেষণ আৰু আত্মসমালোচনা। কিন্তু তাত্ত্বিক চৰ্চাও এতিয়া এক অচলায়তনত পৰিণত। অভ্যস্ত চিন্তাৰ মেৰঘৰৰ পৰা ওলাই অহাৰ ইচ্ছা বা সাহস এটাও তাত দেখা নেযায়। সেয়ে, বাঁওপন্থী শিবিৰত প্ৰেৰণাদায়ী তথা দিক্‌নিৰ্ণয়কাৰী চিন্তা-চৰ্চা আজি বহুদিন ধৰি অনুপস্থিত। তত্ত্বৰ পুৰণি ভাষ্য আৰু কিমান দিনলৈ ভাঙি ভাঙি খাই থাকিব পৰা যাব! তত্ত্ব আৰু প্ৰয়োগ উভয়তে দুৰ্বলতা থাকিলে এই ৰাজনীতিৰ প্ৰভাৱ টুটিবলৈ বাধ্য। তাত্ত্বিক দুৰ্বলতাৰ কাৰণে এই ৰাজনীতিৰ প্রভাৱ কমিছে নে দুৰ্বল ৰাজনীতিৰ কাৰণে তত্ত্ব নিশকতীয়া হৈ পৰিছে, নে উভয়ৰে পৰস্পৰৰ ওপৰত এৰাব নোৱৰা প্ৰভাৱৰ এটা সম্পৰ্ক আছে? এইবোৰ প্ৰশ্নৰ উত্তৰ জৰুৰী। অৱশ্যে আমাৰ আলোচনাৰ পৰিসৰে সিমানবিলাক কথা নেসামৰে। সকলো দিশৰ পুঙ্খানুপুঙ্খ বিচাৰ-বিশ্লেষণ এক সামূহিক আৰু বিস্তাৰিত কাৰ্যসূচীৰ অংশ। সম্ভৱপৰ সকলোবোৰ স্বাৰ্থজড়িত পক্ষকে সাঙুৰি লৈ এক ব্যাপক, মুক্ত আলোচনা-সমালোচনা আৰু তৰ্ক-বিতৰ্কৰ দীঘলীয়া প্রক্ৰিয়া এটাৰ মাজেৰে গ’লেহে বাঞ্ছিত ফল লাভ কৰিব পৰা যাব। কোনো এজন বিশেষ নেতা বা পণ্ডিত, বা কোনো এটা বিশেষ দলৰ একক প্রচেষ্টাৰ কাৰ্যকাৰিতা এইক্ষেত্ৰত সন্দেহজনক। কিন্তু প্ৰস্তাৱিত প্ৰক্ৰিয়াটোৰ বাবে তেওঁলোক অপৰিহাৰ্য।
আমাৰ আলোচনাত মাত্ৰ বাঁওপন্থাত পৰিলক্ষিত হোৱা কেৱল দুটা দিশ বা দুৰ্বলতাহে বাছি লোৱা হৈছে। কোৱা বাহুল্য যে তাৰদ্বাৰা আনবোৰ দিশৰ গুৰুত্ব নুই কৰিবলৈ বিচৰা হোৱা নাই। ধৰ্মীয় আৰু ৰাজনৈতিক মৌলবাদ এই দুটা দিশ। বিশ্বায়নৰ আবৰ্তত ক্ৰমবৰ্ধমান ব্যক্তিকেন্দ্ৰিকতা। ফলত মানুহৰ সামাজিক দায়বদ্ধতা প্ৰায় লোপ পাইছে। এনে পৰি‌ৱেশে মানুহৰ ৰাজনৈতিক চেতনা নিশকতীয়া কৰে। বাঁওপন্থাৰ শ্ৰীবৃদ্ধিৰ বাবেও সি মুঠেই অনুকূল নহয়। এইবিলাক কথা কম-বেছি পৰিমাণে আমাৰ উপলব্ধিৰ ভিতৰুৱা হ’বলৈ আৰম্ভ কৰিছে যদিও এক পূৰ্ণাংগ তত্ত্বায়নৰ পৰ্যায় এতিয়াও পোৱাগৈ নাই। কিন্তু ঐশ্লামিক মৌলবাদক প্ৰশ্ৰয় দান আৰু লগতে ৰাজনৈতিক মৌলবাদৰ বাবে দলীয় চিন্তা আৰ কৰ্মপদ্ধতিত দেখা দিয়া জঠৰতাৰ বিষয়টো ক’বলৈ গ’লে একেবাৰে অৱহেলিত হৈ আছে। অথচ এই সম্পৰ্কে আটাইৰে সজাগতা আৰু সেই অনুসৰি সাৱধানতা অৱলম্বন, কাৰ্যপন্থা নিৰ্ধাৰণ জৰুৰী।
হিন্দু মৌলবাদ আৰু সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে বাঁওপন্থাৰ স্থিতি ইস্পাতৰ দৰে দৃঢ়। তেওঁলোকৰ সাত-শতৰুৱেও এই সম্পৰ্কে প্রশ্ন তুলিব নোৱাৰে। এই গৌৰৱজনক স্থিতি ক’বলৈ গ’লে ভাৰতৰ বাঁওপন্থীসকলৰ এক আদৰ্শনীয় বৈশিষ্ট্য। কিন্তু ঐশ্লামিক মৌলবাদক-সাম্প্ৰদায়িকতা বা সন্ত্ৰাসবাদৰ প্ৰশ্নত তেওঁলোকৰ স্থিতিৰ বিষয়ে তেনে কথা ক’ব নোৱাৰি। ঐশ্লামিক মৌলবাদৰ যি বিভিন্নধৰণৰ আত্মপ্ৰকাশ, আৰু তাৰ ফলত সমাজত ব্যক্তিৰ মৌলিক অধিকাৰ তথা সাম্প্ৰদায়িক সম্ভাৱ বিন্নষ্ট হোৱাৰ যিবোৰ ঘটনা ঘটে, তাৰ সমুখত বাঁওপন্থীসকলক, বিশেষকৈ কমিউনিষ্ট দলবোৰক দেখা যায় প্ৰায় নীৰৱ বা মিতবাক। এইক্ষেত্ৰত তেওঁলোকে পোষণ কৰে এক কোমল আৰু প্রশ্রয়ৰ মনোভাব। ইমানেই নহয়, অনেক ক্ষেত্ৰত মৌলবাদী শক্তিবোৰৰ সৈতে তেওঁলোকক সু-সম্পৰ্ক ৰক্ষা কৰি চলাও দেখা যায়। বাঁওপন্থী শিবিৰৰ নিৰ্দলীয় অংশটোৰ অস্বস্তি ই অনেক গুণে বঢ়াই তোলে। তছলিমা নাছৰিনক কিয় পশ্চিমবংগত থাকিবলৈ সুবিধা কৰি দিয়া নহ’ল বা চলমন ৰুছদিৰ ওপৰত হোৱা নিৰ্যাতন সম্পৰ্কে বাঁওপন্থাৰ নীৰৱতাৰ কাৰণ কি, এইবোৰ প্ৰশ্নৰ সদুত্তৰ পোৱা সঁচাই টান। এবাৰ সাংবাদিকে তেতিয়াৰ পশ্চিমবংগৰ বামফ্ৰণ্টৰ মুখ্যমন্ত্ৰী বুদ্ধদেব ভট্টাচাৰ্যক তছলিমা সম্পৰ্কে কিবা সুধিব বিচাৰিছিল। কিন্তু তেওঁ কোনো প্রশ্ন নকৰিবলৈকে অনুৰোধ কৰা টিভি-ত দেখা গৈছিল। মৌলবাদ সম্পৰ্কে নিজৰ বা দলৰ স্থিতি স্পষ্ট আৰু স্বচ্ছ হোৱা হ’লে বুদ্ধদেবক প্ৰত্যয়ৰে সাংবাদিকৰ মুখামুখি হোৱা দেখিবলৈ পোৱা গ’লহেঁতেন। কিন্তু সেইটো নঘটিল। কাৰণ, তেতিয়া তেওঁলোক মৌলবাদীৰ ৰোষত পৰাটো খাটাং। যুক্তিৰ খাতিৰত যদি মানিও লোৱা যায় যে এনেবিলাক কথাত লাগি থাকিলে মূল ৰাজনীতি ক’ৰবাত পৰি থাকিব, হাল এৰি শিয়াল খেদাৰ দৰে মূৰ্খামি তেওঁলোকে নকৰে, তেতিয়াও কিন্তু প্ৰশ্ন থাকি যায় যে প্রত্যক্ষ ৰাজনীতি বা ভোট বিচৰাৰ দায় নথকা তেওঁলোকৰে প্রভাৱ বা নিয়ন্ত্ৰণত থকা গণসংগঠনবোৰৰ বেলিকা তেনে কথা ক’ব পৰা যাব নে? ৰাজনৈতিক বাধ্যবাধকতাৰ দলীয় যুক্তিও বাৰু কিছু সময়ৰ বাবে মানি লোৱা গ’ল, কিন্তু অনবৰতে তেনে দলীয় স্থিতিৰ নকল কৰি থকাটো গণসংগঠনৰ বাবে কিমান দূৰ যুক্তিসংগত? আমি এনেকৈহে ভাবিবলৈ ভাল পাম যে বাধ্যত পৰি দল হিচাপে ক’ব নোৱৰা, প্ৰচাৰ কৰিব নোৱৰা, অথচ জৰুৰীভাৱে প্ৰচাৰযোগ্য বিষয়বোৰৰ ব্যাপক প্রচাৰৰ দায় এই গণসংগঠনবোৰেই কান্ধ পাতি লয় বা লোৱা উচিত, আৰু, তেনে কৰি তেওঁলোকে সমাজত বাঁওপন্থী ৰাজনীতিৰ পৰিসৰ বহলায়, আৰু ফলত সেই অনুপাতে মৌলবাদৰ পৰিসৰ টুটে।
আনহাতে কমিউনিষ্ট দলবোৰে চীন বা উত্তৰ কোৰিয়াৰ দৰে দেশত সমাজবাদ বিৰাজ নকৰিলেও সেইবোৰত অন্ততঃ সমাজবাদ নিৰ্মীয়মান বুলি ক’বলৈ বিচাৰে। চীনৰ তৰফৰ পৰা চালু কৰা ‘চৈনিক চৰিত্ৰৰ সমাজবাদ’ আমাৰ দেশৰ কমিউনিষ্টসকলৰো এটা প্ৰিয় আপ্তবাক্য। ‘চৈনিক চৰিত্ৰৰ সমাজবাদ’ যে প্ৰকৃততে ‘চৈনিক চৰিত্ৰৰ পুঁজিবাদ’হে, এই উপলব্ধিলৈ দূৰত্ব তেনেই কম যেন লাগে। কিন্তু কাৰ্যতঃ এই দূৰত্ব অতিক্ৰান্ত হ’বলৈ এতিয়াও বাকী। কাল বিলম্ব নকৰি কমিউনিষ্ট দলৰ পক্ষে এইকণ দূৰত্ব অতিক্ৰম কৰিব পৰাৰ সামৰ্থ্য অৰ্জন অতি জৰুৰী আৰু কাম্য। সেইবোৰ দেশত গণতন্ত্ৰ, ব্যক্তিস্বাধীনতা, মত প্ৰকাশৰ অধিকাৰ আদিৰ কি অৱস্থা, সেই সম্পৰ্কে প্ৰশ্ন উত্থাপিত হ’লেই সমস্যা। অত্যন্ত মেধাৱী আৰু বাকপটু নেতাৰো তেতিয়া কথা হেৰাই যায়। সাধাৰণ বুদ্ধিয়ে কয় যে চীন বা উত্তৰ কোৰিয়া সমাজবাদ বা মাৰ্ক্সবাদৰ পথৰ পৰা কেতিয়াবাই আঁতৰিল বুলি মানি ল’লে আৰু ৰাজহুৱাভাৱে ঘোষণা কৰিলে সেইবোৰ দেশৰ অ-ব্যৱস্থা সম্পৰ্কে উত্তৰ দি ফুৰাৰ দায়ৰ পৰা হাত সাৰিব পাৰি। কিন্তু কোনো অজ্ঞাত কাৰণত তেওঁলোকৰ এক অনমনীয় স্থিতি দেখা গৈছে, নাও বুৰিলেও তেওঁলোক টিঙৰ পৰা ননমাৰ বাবে যেন দৃঢ় প্ৰতিজ্ঞ।
বিষয়বোৰ বাঁওপন্থীসকলৰ বাবে অতি স্পৰ্শকাতৰ। সেয়ে, সিবোৰৰ উত্থাপনত আলোচনা সংক্ষিপ্ত হ’লে বিভ্ৰান্তি বা ভুল বুজাবুজিৰ আশংকা থাকে। আলোচনা কিছু দীঘলীয়া হোৱাৰ সিও এটা কাৰণ।

(দুই)
পশ্চিমবংগৰ কথাৰে আৰম্ভ কৰা যাওঁক। পীৰজাদা আব্বাচ চিদ্দিকীৰ দ্বাৰা প্ৰতিষ্ঠিত ‘ইণ্ডিয়ান চেকুলাৰ ফ্ৰণ্ট’ (আইএচএফ) এটা মৌলবাদী ৰাজনৈতিক দল। চিদ্দিকী হুগলি জিলাৰ জংগিপাৰাত অৱস্থিত ফুৰফুৰা চৰিফৰ এজন প্রভাৱশালী ধৰ্মাধিকাৰ তথা ৰাজনৈতিক নেতা। এই দলৰ সৈতে সেই ৰাজ্যত কংগ্ৰেছ দল আৰু বাঁওপন্থীসকলে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত মিত্ৰতা গঢ়ি তুলিছিল। অৱশ্যে কংগ্ৰেছে নিৰ্বাচনৰ পিছত তেওঁলোকৰ সৈতে সম্পৰ্ক ছেদ কৰে। যোৱাটো লোকসভা নিৰ্বাচনত বাঁওপন্থী আৰু কংগ্ৰেছৰ সৈতে আইএচএফ-ৰ নিৰ্বাচনী বুজাবুজি সম্ভৱ হৈ নুঠিল। কিন্তু ই বাঁওপন্থীসকলৰ কোনো নীতিগত স্থিতি বা ভুল শুধৰণিৰ প্ৰচেষ্টাৰ পৰিণতি নাছিল। দেশৰ সংবিধান, গণতন্ত্ৰ, সমতা, সংখ্যালঘু আৰু দলিতসকলৰ অধিকাৰৰ সপক্ষেই আইএচএফ-ৰ ঘোষিত স্থিতি। অঘোষিত ৰূপত তাৰ বাস্তৱ ৰাজনৈতিক ক্ৰিয়াকলাপ, উগ্ৰ ধৰ্মীয় বিদ্বেষপূৰ্ণ ৰাজনৈতিক প্রচাৰ আদিয়ে কিন্তু বেলেগ কথাহে কয়। ৰাজহুৱা সভাত চিদ্দিকীৰ উত্তেজনা সৃষ্টিকাৰী সাম্প্ৰদায়িক তথা ধৰ্মীয় আবেগ উচটাই দিয়া ভাষণৰ ভিডিঅ-বোৰ তাৰ প্ৰমাণ। ছাত্ৰ-ছাত্ৰীক মহম্মদৰ কাৰ্টুন দেখুওৱাৰ ‘অপৰাধ’ত ফ্ৰান্সত যিবোৰ মৌলবাদীয়ে তাৰ এজন বিদ্যালয়-শিক্ষক চেমুৱেল পেটিৰ শিৰশ্ছেদ কৰিছিল (১৬ অক্টোবৰ, ২০২০), আনকি সিহঁতৰ সমৰ্থনতো চিদ্দিকীয়ে বক্তব্য দাঙি ধৰিছিল।
আন কথা বাদ দিও, এইবোৰ দলৰ নেতা-কর্মীয়ে যি বেশ-ভূষাৰে ৰাজনৈতিক প্রচাৰাভিযানত সঘন ধৰ্মীয় প্ৰসংগৰ আশ্ৰয় লয়, সেইটো বাঁওপন্থীৰ বাবে গ্ৰহণযোগ্য হ’ব পাৰে জানো? বেশ-ভূষা বা ধৰ্মৰ প্ৰসংগ উত্থাপন যিকোনো মানুহৰে গণতান্ত্ৰিক অধিকাৰ। তাত বাঁওপন্থীৰ আপত্তি নিশ্চয় নিটিকে। কিন্তু বেশ-ভূষা যেতিয়া ধৰ্মীয় প্ৰতীক হিচাপে ভোটৰ ৰাজনীতিত ব্যৱহৃত হয়, তেতিয়া কথাবোৰৰ চৰিত্ৰ সলনি হৈ যায়। নিৰ্বাচনী সভাত সাম্প্ৰদায়িক উচটনিমূলক বক্তব্য আগবঢ়োৱা আৰু নাগৰিকৰ ব্যক্তিগত জীৱনত ধৰ্মীয় হস্তক্ষেপৰ পৰিকল্পিত তথা সুসংগঠিত প্ৰচেষ্টা আৰু লগতে ৰাজহুৱা জীৱন ধৰ্মীয় বিধি-বিধানৰ দ্বাৰা বান্ধি পেলোৱাৰ প্রয়াস কেৱল নিন্দনীয়ই নহয়, তাক প্ৰতিহত কৰাৰো আৱশ্যকতা আছে।
ইছলামক কৰা তীক্ষ্ণ সমালোচনাৰ বাবে লেখিকা তছলিমা নাছৰিন জন্মভূমি বাংলাদেশৰ পৰা বিতাড়িত হয়। তাত ধৰ্মান্ধসকলে তেওঁৰ ফাঁচীৰ দাবীত ৰাজপথলৈ ওলাই আহিছিল। ১৯৯৩ চনৰ অক্টোবৰত তাৰ ‘কাউন্সিল অব ইশ্লামিক চল্‌জাৰ্চ’-এ তেওঁক হত্যা কৰিলে হত্যাকাৰীলৈ ধন আগ বঢ়াব বুলি ঘোষণা কৰে। দুমাহ আত্মগোপনৰ পিছত চুইডেনলৈ তেওঁৰ পলাই যাবলগীয়া হৈছিল (১৯৯৪)। পিছত তছলিমাই জাৰ্মানী, ফ্ৰান্স আৰু আমেৰিকাত প্রায় দহ বছৰ কাল কটাই কলকাতালৈ আহি তাতে থিতাপি লয়। কিন্তু ভাৰতৰ ভিচাৰ বাবে তেওঁৰ প্ৰায় ৬ বছৰ অপেক্ষা কৰিবলগীয়া হৈছিল। সেই সময়ত পশ্চিমবংগত ‘বামফ্ৰণ্ট’ৰ চৰকাৰ। তথাপি তেওঁৰ কলকাতাবাস সুখৰ নহ’ল। ইতিমধ্যে তেওঁৰ বাংলাদেশী পাছপৰ্ট বাতিল কৰা হৈছিল। ইছলামৰ বিৰুদ্ধে তেওঁৰ সমালোচনা অব্যাহত থকাত কলকাতাৰ টিপু চুলতান মচজিদৰ ইমাম চৈয়দ নূৰুৰ ৰেহমান বৰকতিয়ে ২০০৬ চনৰ জুনত তছলিমাৰ মুখত ক’লা ৰং লেপি দিব পৰা জনক ধনেৰে পুৰস্কৃত কৰিব বুলি ঘোষণা কৰিলে। আকৌ ২০০৭ চনৰ মাৰ্চত ‘অল ইণ্ডিয়া পাৰ্চনেল ল ব’ৰ্ড’-এ তেওঁৰ মূৰৰ বাবে ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিলে। সেই বছৰতে হায়দৰাবাদ চহৰত তেওঁৰ এখন কিতাপৰ উন্মোচনী সভাৰ মঞ্চত আচাদুদ্দীন ওৱেছিৰ দল এ আই এম আই এম-ৰ ৩-জন এম এল এ-ৰ নেতৃত্বত এটা বাহিনীৰ দ্বাৰা সকলোৰে সমুখত তছলিমা শাৰীৰিকভাৱে নিগৃহীত হয়। ইয়াৰ পিছতে কলকাতাৰ ধৰ্মান্ধ নেতা কেইজনমানে তেওঁৰ মূৰৰ বিনিময়ত অসীম পৰিমাণৰ ধন আগবঢ়াই ফতোৱা জাৰি কৰে। ‘অল ইণ্ডিয়া মাইনৰিটি ফ’ৰাম’ দ্বাৰা সংগঠিত দৌৰাত্ম্যই কলকাতা চহৰৰ বুকুত এনে অভাবনীয় হিংসা তথা নৈৰাজ্যৰ সৃষ্টি কৰিছিল যে পৰিস্থিতি চম্ভালিবলৈ ৰাস্তাত মিলিটেৰী নামিবলগীয়া হয়। ‘বামফ্ৰণ্ট’ চৰকাৰে তেওঁক কলকাতা এৰিবলৈ বাধ্য কৰে। এইবাৰ তছলিমা জয়পুৰ আৰু পৰৱৰ্তী কালত দিল্লীৰ বাসিন্দা হয়গৈ। কাৰ্যতঃ তেওঁৰ গৃহবন্দীৰ অসহনীয় জীৱনহে আৰম্ভ হয়। আমাৰ সাধাৰণ প্ৰত্যাশা আছিল, তাৰ প্ৰগতিশীল চৰকাৰখনে লেখিকাগৰাকীক ৰক্ষণাবেক্ষণ দি কলকাতাতে নিগাজিকৈ থকাৰ দিহা কৰিব। সেইবোৰ একো নহ’ল। বৰং কলকাতাৰ পৰা প্ৰকাশিত তেওঁৰ দ্বিখণ্ডিত নামৰ উপন্যাসখন ৰাজ্য চৰকাৰে নিষিদ্ধ বুলি ঘোষণা কৰে। অৱশ্যে কলকাতা উচ্চ ন্যায়ালয়ে পৰৱৰ্তী কালত এই চৰকাৰী নিষেধাজ্ঞা বাতিল কৰে। উল্লেখ্য যে চুইডেনৰ চৰকাৰে তৎকালেই তেওঁক নাগৰিকত্ব প্ৰদান কৰিছিল। কিন্তু ভাৰত চৰকাৰে আজিলৈকে তেওঁক নাগৰিকত্ব প্ৰদান কৰা নাই। কেন্দ্ৰত কংগ্ৰেছ বা বিজেপি, যি দল বা মৰ্চাৰ চৰকাৰেই নেথাকক কিয়, তছলিমা সম্পৰ্কত তেওঁলোকৰ মাজত যেন এক গোপন বুজাবুজি! তেওঁক ভাৰতীয় নাগৰিকত্ব প্রদানৰ আহ্বান জনাই অৰুন্ধতি ৰয়, গিৰীশ কাৰনাড (১৯৩৮-২০১৯) আদিৰ দৰে লেখক-শিল্পীয়ে স্বাক্ষৰ কৰি যৌথ বিবৃতিও জাৰি কৰিছিল। কিন্তু সেইবোৰত চৰকাৰৰ গা নলৰে।
তছলিমাৰ প্ৰসংগ আহিলেই ১৯ শতিকাৰ শেষ ভাগ আৰু কুৰি শতিকাৰ আৰম্ভণিৰ সময়ছোৱাৰ তেতিয়াৰ অবিভক্ত বংগৰ নাৰীবাদী লেখিকা তথা নাৰীশিক্ষা প্ৰচাৰক ৰোকেয়া চেখাৱাত হুছেইনৰ (১৮৮০-১৯৩২) কথা মনলৈ আহে। আজি যেনেধৰণৰ বক্তব্যৰ বাবে তছলিমা নাছৰিন দেশান্তৰিত তথা মৃত্যুৰ ভাবুকিৰ মাজত তেওঁৰ দিন নিয়াবলগীয়া হৈছে, প্রায় তেনেধৰণৰ বা তাতোকৈয়ো তীক্ষ্ণ কথা ৰোকেয়াৰ লেখাত পোৱা যায়। যেনে, “এই ধৰ্মগ্ৰন্থগুলি পুরুষ-রচিত বিধি-ব্যবস্থা ভিন্ন আর কিছুই নহে। মুনিদের বিধানে যে কথা শুনিতে পান, কোন স্ত্ৰী মুনির বিধানে হয়ত তাহার বিপরীত নিয়ম দেখিতে পাইতেন” ( উদ্ধৃত— আজাদ, হুমায়ুন, ২০০৯, নারী, ঢাকাঃ আগামী প্রকাশনী, পৃষ্ঠা-২৮৬)। ৰোকেয়া ৰচিত কোনো কিতাপ পঢ়াৰ সুযোগ বা সৌভাগ্য আমাৰ এতিয়ালৈকে হোৱা নাই। হুমায়ুন আজাদৰ (১৯৪৭-২০০৪) মতে আজিৰ দিনত এনে কথা লিখি ৰোকেয়া সাৰি যাব নোৱাৰিলেহেঁতেন, “ . . . . রোকেয়া যদি আজ একথা বলতেন, তবে তাঁকে প্ৰকাশ্য রাস্তায় ছিড়ে ফেলা হতো” (পূৰ্বোক্ত গ্ৰন্থ, পৃষ্ঠা-২৮৭)। প্ৰকাশ্য দিবালোকত অৱশ্যে হুমায়ুন আজাদ নিজে আক্ৰান্ত হৈছিল। হুমায়ুন আজাদ ঢাকা বিশ্ববিদ্যালয়ৰ যশস্বী অধ্যাপক। এই বিশ্ববিদ্যালয়ৰ সমীপতে অনুষ্ঠিত ‘বাংলা একাডেমি’-ৰ বছৰেকীয়া গ্ৰন্থমেলাত ২০০৪ চনৰ ২৭ ফেব্ৰুৱাৰী তাৰিখে আজাদক দুটা মৌলবাদীয়ে চোকা অস্ত্ৰেৰে ঘপিয়াই মৃতপ্ৰায় কৰে। থাইলেণ্ডত চিকিৎসা লভি তেওঁ কোনোমতে প্রাণে বাচি যায়। কিন্তু কেইমাহমানৰ পিছতে, অৰ্থাৎ ১২ আগষ্টত জাৰ্মানীৰ মিউনিক চহৰৰ তেওঁ থকা এপাটমেণ্টত তেওঁক মৃত অৱস্থাত পোৱা যায়। কবি হেইনৰিখ হাইনেৰ (১৭৯৭-১৮৫৬) কবিতাৰ বিষয়ে গৱেষণা কৰিবলৈ তেওঁ তাত মাত্ৰ উপস্থিত হৈছিলহি। পৰিয়ালৰ লোকে ইয়াক মৌলবাদীৰ দ্বাৰা সংঘটিত হত্যাকাণ্ড বুলিহে সন্দেহ কৰে। সৌ সিদিনা চলমন ৰুছদিক তেনে এক ধৰ্মোন্মাদে খোদ নিউইয়ৰ্ক চহৰত চোকা অস্ত্ৰেৰে ঘপিয়াই ধৰাশায়ী কৰিছিল। স্বাধীনতা-উত্তৰ কালত বাংলাদেশৰ সমাজ-ৰাজনীতি যিদৰে মৌলবাদলৈ ঢাল খালে, সেই অবাঞ্ছিত পৰিস্থিতি চিত্ৰিত কৰি আজাদে ৰচনা কৰিছিল পাক সার জমিন সাদ বাদ নামৰ এখন উপন্যাস। এই উপন্যাস লেখাৰ ‘জগৰ’তে তেওঁক হত্যাৰ চেষ্টা চলোৱা হৈছিল। আজাদ ৰচিত অসাধাৰণ আৰু অতি জনপ্ৰিয় অথচ তীক্ষ্ণ বিশ্লেষণধৰ্মী কিতাপ নাৰী (প্রথম প্রকাশ, ১৯৯২)। প্রকাশিত হোৱাৰ তিনি বছৰৰ পিছত তাৰ চৰকাৰে সেইখন নিষিদ্ধ ঘোষণা কৰে। অৱশ্যে তছলিমাৰ দ্বিখণ্ডিতৰ দৰে তাৰ উচ্চ ন্যায়ালয়ে এই নিষিদ্ধকৰণকো বে-আইনী ঘোষণা কৰিছিল।
এইখিনিতে অসমত ঘটা তেনে এটা ঘটনাৰ উল্লেখ অপ্ৰাসংগিক নহ’ব। ১৯৯৪ চনত গুৱাহাটীৰ পৰা প্রকাশিত এখন বাংলা দৈনিকত ছপা হোৱা এটা প্রবন্ধই তাৰ লেখক আৰু তেওঁৰ এজন ঘনিষ্ঠ বন্ধুৰ জীৱনলৈ প্রাণৰ সংশয় মাতি আনিছিল। সেইখিনি সময়ত হোজাইত অনুষ্ঠিতব্য এক বিৰাট ঐশ্লামিক ধৰ্মীয় সমাবেশৰ সমালোচনা আছিল সেই প্রবন্ধৰ উপজীব্য। সমালোচনাৰ উত্তৰ সমালোচনাৰে দিয়াৰ দস্তুৰ মৌলবাদীহঁতৰ পৰা আশা কৰিব নোৱাৰি। লেখক আৰু তেওঁৰ বন্ধু উভয়ৰে প্রায় এমাহ কাল প্রাণৰ সংশয়ত আত্মগোপন কৰিবলগীয়া হোৱাই কেৱল নহয়, বন্ধুজন শাৰীৰিকভাৱেও নিগৃহীত হৈছিল।
কুৰি শতিকাৰ যশস্বী চিত্ৰকৰ মকবুল ফিদা হুছেইনৰ (১৯১৫-২০১১) প্ৰসংগও এইখিনিতে উল্লেখ কৰিব পাৰি। তেওঁ আছিল ‘বোম্বে প্ৰগেছিভ আটিষ্ট গ্ৰুপ’-ৰ প্ৰতিষ্ঠাপক সদস্যসকলৰ এজন। এইজন শিল্পীয়ে অঁকা উলংগ হিন্দু দেৱীৰ মূৰ্তিয়ে দেশত এক অযুক্তিকৰ তথা বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। ধৰ্মৰ ধ্বজাধাৰীহঁতৰ ধৰ্মীয় অনুভূতিত হেনো তেওঁৰ অংকিত এনেবোৰ চিত্ৰই আঘাত হানে! মধ্যপ্ৰদেশৰ খাজুৰাহুৰ মন্দিৰৰ গাত খোদিত মৈথুন ভংগী উলংগ মূৰ্তিবোৰ সম্পৰ্কে অৱশ্যে তেওঁলোকৰ মতামত জনা নেযায়! ৰাজহুৱা জীৱনত নিজৰ বিশ্বাস তথা বেশ-ভূষাৰে অংশ ল’ব বিচাৰিলে মানুহ যিকোনো সমালোচনা-নিন্দা-পেংলাই আদিৰ বাবেও প্রস্তুত থাকিব লাগিব। প্রত্যুত্তৰ দিয়াৰ নিশ্চয় অধিকাৰ থাকিব। কিন্তু অনুভূতিত আঘাত লগাৰ অজুহাতত প্ৰতিপক্ষক শাৰীৰিক বা প্ৰশাসনিকভাৱে আক্ৰমণ কৰাটো বাক-স্বাধীনতাৰ বিৰোধী। ২০০৬ চনত এই দেশ ত্যাগ কৰি শিল্পী হুছেইন মধ্যপ্ৰাচ্যলৈ গুচি যাবলগীয়া হয়। ২০১০ চনত তেওঁ কাতাৰৰ নাগৰিকত্ব গ্ৰহণ কৰি মৃত্যু পৰ্যন্ত তাতে থাকে। এই লজ্জাজনক ঘটনাৰ বাবে পৃথিৱীৰ সমুখত ভাৰতবাসীৰ শিৰ অৱনত হয়।
সততে যুক্তি উত্থাপন কৰা হয় যে তছলিমা বিদেশী আৰু শিল্পী হুছেইন ভাৰতীয় নাগৰিক। কিন্তু এই যুক্তিৰ তলি ফুটা। কাৰণ তাক মানি ল’লে পশ্চিম এচিয়াৰ গাজা ষ্ট্ৰীপত ঘটা নৰসংহাৰৰ বিৰুদ্ধে আমি প্ৰতিবাদ সংগঠিত কৰিব নোৱাৰিম। পৃথিৱীৰ যিকোনো প্ৰান্তত যিকোনো দেশৰ নাগৰিকৰ ওপৰত হোৱা অন্যায় আৰু নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যাওঁতে দেশী-বিদেশীৰ প্রশ্ন নুঠে।

(তিনি)
এইখিনিতে ভাৰতীয় বংশোদ্ভূত চাতানিক ভাৰ্চেচ-খ্যাত সাহিত্যিক চলমন ৰুছদিৰ বিষয়টো প্রাসংগিক। ১৯৮৮ চনত তেওঁৰ চাতানিক ভাচের্চ নামৰ কিতাপখন প্রকাশিত হয়। কিতাপখনত ইছলামক অৱমাননা কৰাৰ অভিযোগ তুলি ইৰানৰ সৰ্বোচ্চ ধৰ্মীয়-ৰাজনৈতিক নেতা আয়াতুল্লা ৰুহোল্লা মুচাভি খোমেইনিয়ে (১৯০২-৮৯) লেখক ৰুছদিক য’তে পোৱা যায় ত’তে হত্যা কৰিবৰ কাৰণে ফতোৱা জাৰি কৰে। ফলত তেওঁৰ ওপৰত কেইবাবাৰো প্রাণনাশৰ চেষ্টা চলে। কিতাপখনৰ বিভিন্ন ভাষাৰ একাধিক অনুবাদকাৰী আৰু প্রকাশক আক্ৰান্ত হয়। তেওঁলোকৰ কেইজনমানে প্ৰাণ হেৰুৱায়। শেহতীয়া ঘটনাটো ঘটিছিল আমেৰিকাৰ নিউ ইৰ্য়কত। ২০২২ চনৰ ১২ আগষ্টত সেই চহৰৰ এটা অনুষ্ঠানত বক্তৃতা দিবলৈ আগবঢ়াৰ মুহূৰ্ততে হাদি মাটাৰ নামৰ নিউ জাৰ্চিৰ ফেয়াৰ ভিউ নামৰ ঠাইখনৰ বাসিন্দাই চোকা অস্ত্ৰেৰে ঘপিয়াই তেওঁক ধৰাশায়ী কৰে। চিকিৎসাত গুৰুতৰভাৱে আহত ৰুছদিৰ কোনোমতে প্রাণ ৰক্ষা পৰে। কিন্তু তেওঁ এটা চকু হেৰুৱায়। এই আক্ৰমণৰ ঘটনাৰ আলম লৈ লিখা তেওঁৰ শেহতীয়া কিতাপ নাইফ। এইটো আমাৰ বাবে অতি ‘গৌৰৱ’ৰ কথা যে প্রকাশৰ বছৰতে তুৰন্তে পৃথিৱীৰ আন সকলো দেশতকৈ আগেয়ে ভাৰতবৰ্ষত চাতানিক ভাচেৰ্চ নিষিদ্ধ হৈছিল! কিতাপখনতনো প্ৰকৃততে কি লিখা আছিল এতিয়া আমাৰ জনাৰ কোনো উপায় নাই। এনে লাগে যেন আমাৰ পাঠ্যতালিকা ঠিক কৰি দিছে দূৰৰ ইৰানৰ কোনোবা ধৰ্মান্ধ বৰ্বৰ আয়াতোল্লাই। আমাৰ সাংস্কৃতিক জীৱনত এই হস্তক্ষেপ অনভিপ্ৰেত। কাৰোবাৰ ধৰ্মীয় অনুভূতিক আঘাত পোৱাৰ পৰা সযতনে বচাই ৰাখিব লাগিব, আন সকলো কথাতকৈ ইহে অগ্ৰাধিকাৰ পাবৰ যোগ্য—এনে বিবেচনাৰ বশৱৰ্তী হয়েই চাগৈ ভাৰতীয় বাঁওপন্থী সাহিত্য-সংস্কৃতিৰ গণসংগঠনবিলাক আজি আপত্তি বা প্ৰতিবাদ কৰাৰ পৰা বিৰত আছে।
আচৰিত কথাটো হ’ল, ইৰানত ১৯৭০ৰ দশকৰ শেষৰ ফালে ধৰ্মনিৰপেক্ষ তথা ইছলামৰ সংস্কাৰ বিচৰা শক্তিবোৰেই ধৰ্মান্ধ আয়াতোল্লা খোমেইনিৰ ৰাজনৈতিক উত্থানত সাহায্য কৰিছিল। উল্লেখ্য যে এই সংস্কাৰপন্থীসকল বৰ্তমান ভাৰতৰ তথাকথিত মডাৰেট মুছলমানসকলৰ দৰেই। আলী চৰিয়তি মাজিনানি (১৯৩৩-১৯৭৭) নামৰ এনে সংস্কাৰপন্থী প্ৰভাৱশালী লেখক এজনৰ লেখাই ইৰানৰ শিক্ষিত তৰুণচামৰ মাজত ঐশ্লামিক ভাবধাৰাৰ পুনৰুত্থান সুচল কৰি তুলিছিল।
ইৰানৰ কমিউনিষ্টসকলো ধৰ্মীয় মৌলবাদ সম্পৰ্কে উদাৰ। কিন্তু এই মৌলবাদে অৱশেষত তেওঁলোকৰে টেটু চেপি ধৰিছিল। সেয়ে, সেই ইতিহাসৰ পৰা আমিও শিক্ষা ল’ব লাগিব, অন্ততঃ তেনে ইতিহাসৰ যাতে ইয়াত পুনৰাবৃত্তি নঘটে।
১৯৪১ চনত গঠিত হয় ইৰানৰ কমিউনিষ্ট পাৰ্টি, যি টুডেহ পাৰ্টি নামে জনাজাত। এই দলে আৰম্ভণিতে ধৰ্মীয় মৌলবাদক তুষ্ট কৰাৰ পথেই গ্ৰহণ কৰিছিল। আয়াতোল্লা ৰুহোল্লা খোমেইনিৰ নেতৃত্বৰ তথাকথিত ‘ঐশ্লামিক বিপ্লৱ’কো তেওঁলোকে সমৰ্থন কৰিছিল। ধৰ্মীয় মৌলবাদৰ বিপদ সম্পৰ্কে উদাসীনতা এই সমৰ্থনৰ মাজেৰে অভিব্যক্ত। ‘ইছলামিক ৰিপাব্লিক’-ৰ নিৰ্বাচিত প্ৰথম ৰাষ্ট্ৰপতি আবদুল হাছান বানিসদৰ (১৯৩৩-২০২১) শাসন কাৰ্যত মৌলবীবিলাকৰ হস্তক্ষেপৰ বিৰুদ্ধে বিদ্ৰোহী হৈ উঠিছিল। এই বিদ্ৰোহ দমনৰ নামত চলা ব্যাপক অত্যাচাৰৰ সময়তো টুডেহ পাৰ্টিয়ে চৰকাৰকেই সমৰ্থন দি যায়। টুডেহ পাৰ্টি যিহেতু ছোভিয়েট ৰুছিয়াপন্থী আৰু যিহেতু তৎকালীন ছোভিয়েট চৰকাৰ ইৰানৰ এই চৰম প্ৰতিক্ৰিয়াশীল ধৰ্মীয় চৰকাৰখনৰ সমৰ্থক আছিল, সেইহেতু টুডেহ পাৰ্টিও চৰকাৰৰ সমৰ্থক! কিন্তু অৱশেষত যেতিয়া ১৯৮২ চনত ই চৰকাৰক সমৰ্থন জনাই থকাৰ স্থিতি সলায়, তেতিয়াই দলটোলৈ বিপদ নামি আহে। ইমানদিনীয়া সমৰ্থনৰ প্ৰতিদানৰূপে চৰকাৰে দলৰ দহ হেজাৰৰো অধিক নেতা-কৰ্মীক জেলত ভৰায়, অনেকক হত্যা কৰে। এইদৰে টুডেহ পাৰ্টি ভাগি-ছিগি যায়। অৱশ্যে এই বিপৰ্যয়ৰ পিছতো গোপন সংগঠনৰূপে দলটো এতিয়াও বাচি আছেগৈ।
পৃথিৱীৰ প্ৰান্তে প্ৰান্তে সেও নমনা ৰাজনৈতিক শাসন ওফৰাবলৈ আমেৰিকাই বিভিন্ন কিচিমৰ পুনৰুত্থানবাদী অশুভ শক্তিক প্ৰশ্ৰয় তথা সাহায্য প্রদান কৰি অহাটো সকলোৱে জনা কথা। ইৰানৰ শ্বাহৰ শাসন ওফৰাবলৈয়ো আমেৰিকাৰ জিমি কাৰ্টাৰ-প্ৰশাসনে এই খোমেইনিৰ পক্ষে গোপনে থিয় দিছিল। কাৰণ, ইৰানত আধুনিকতাৰ প্রৱৰ্তক মহন্মদ ৰেজা শ্বাস পেহ্লৱী (১৯১৯-১৯৮০) তেতিয়াৰ ছোভিয়েট ইউনিয়ন আৰু পূব ইউৰোপৰ দেশবোৰৰ সৈতে সম্পৰ্ক উন্নীতকৰণৰ দিশতো আগুৱাইছিল। আমেৰিকাই কথাটো প্রসন্নচিত্তে মানি ল’ব নোৱাৰিলে। খোমেইনিয়ে লাভ কৰা গোপন আমেৰিকীয় সাহায্যৰ খবৰ বিবিচি বা ইংলেণ্ডৰ পৰা প্রকাশিত গাৰ্ডিয়ান কাকতত প্ৰকাশ পাইছিল। দেখা গৈছে, ওচামা বিন লাদেনেও প্রথম অৱস্থাত আমেৰিকাৰে সাহায্যত মূৰ দাঙি উঠিছিল। কিন্তু পৰৱৰ্তী কালত তেওঁ আৰু তেওঁৰ সংগঠন আল কায়দা-এ ভস্মাসুৰৰ ৰূপ পৰিগ্ৰহ কৰে। ইৰানৰ তথাকথিত ঐশ্লামিক বিপ্লৱো (?) এই ভস্মাসুৰৰে ৰূপ লাভ কৰি আজি আমেৰিকাৰ শিৰত হাত দি সেই শক্তিক ভস্মীভূত কৰিবলৈ উদ্যত হৈছে। ক্ষমতা দখলৰ প্রাকক্ষণত পেৰিছৰ নিৰ্বাসন অন্ত পেলাই খোমেইনিয়ে এয়াৰ ফ্ৰান্সৰ চাৰ্টাৰ্ড বিমানেৰে তেহৰানলৈ প্ৰত্যাৱৰ্তন কৰিছিল। এনে মৌলবাদী ভাবধাৰা আৰু ৰাজনীতিৰ প্রবক্তা এজন ফ্ৰান্সৰ দৰে আধুনিক ধৰ্মনিৰপেক্ষ দেশত আশ্ৰয় লৈ থাকিব পাৰিছিল—সেইটো অতি আচৰিত কথা। মৌলবাদক লাই দিয়া বা তাৰ বিপদ সম্পৰ্কে নিৰ্বিকাৰ হৈ থকা বদ অভ্যাসৰ পৰা ফৰাচীসকল আজিও মুক্ত হ’ব পৰা নাই।
এই ইৰানতে ভালদৰে হিজাব পৰিধান নকৰাৰ ‘দোষ’ত মাছা আমিনি (১৯৯৯-২০২২) নামৰ ২২ বছৰীয়া যুৱতী এগৰাকীক তাৰ পুলিচে ধৰি লৈ গৈ থানাত মৰিয়াই মৰিয়াই হত্যা কৰে। এই হৃদয়-বিদাৰক ঘটনাৰ প্রতিবাদত গোটেই ইৰান প্রায় জ্বলি উঠে। নাৰীৰ অধিকাৰ আৰু ব্যক্তি-স্বাধীনতাৰ ওপৰত ৰাষ্ট্ৰ বা ধৰ্মৰ অবাঞ্ছিত হস্তক্ষেপ তথা চৰকাৰী-বেচৰকাৰী দমন-পীড়নৰ বিৰুদ্ধে অগণন মানুহ ৰাজপথলৈ ওলাই আহিছিল। অনেক নাৰীয়ে হিজাব দলিয়াই দি আৰু নিজৰ মূৰৰ চুলি খুৰাই তাৰ ভিডিঅ সামাজিক মাধ্যমত প্ৰচাৰৰ বাবে এৰি দিয়ে। ‘ওইমেন, লাইফ, ফ্ৰীডম মুভমেণ্ট’ নামৰ এটা আন্দোলনৰেই জন্ম হয়। চৰকাৰে শতাধিক আন্দোলনকাৰীক হত্যা কৰে আৰু সহস্ৰাধিকক কাৰাগাৰলৈ নিক্ষেপ কৰে। আন্তৰ্জাতিক স্তৰত এই আন্দোলনে স্বীকৃতি লভিবলৈ সক্ষম হয়। কিন্তু বৰ্তমান ইজৰাইলৰ সৈতে ইৰানৰ যুদ্ধ লাগি থকাৰ পৰতে তাৰ দেশবাসীৰ মাজত বিদ্ৰোহৰ জুই উমি উমি জ্বলি আছে। কিন্তু ভাৰতৰ বাঁওপন্থী নাৰী সংগঠনবোৰৰ মাজত এই লৈ কোনো উল্লেখযোগ্য প্ৰতিক্ৰিয়া দেখা নগ’ল! যেন তেওঁলোকে পালন কৰি আছে এক বিৰল বৈৰাগ্যৰ ব্ৰত! খবৰ লৈ জনা গৈছে যে কেৱল ‘প্ৰগতিশীল নাৰী সন্থা’-ই অসমৰ জিলা সদৰবিলাকত কিছু প্রতিবাদী কাৰ্যসূচীৰ আয়োজন কৰিছিল।

(চাৰি)
কমিউনিষ্ট ৰাজনীতিৰ অন্যতম পীঠ কেৰালা। এই ৰাজ্যত কমিউনিষ্টসকলৰ সৈতে মৌলবাদী ৰাজনীতিৰ অবাঞ্চিত সম্পৰ্কৰ বিষয়টো এৰাই চলিব নোৱাৰি। কেৰেলাৰ ‘পিপ্‌লচ ডেমক্ৰেটিক পাৰ্টি’-ৰ (পিডিপি) নেতা আব্দুল নাজেৰ মাদানি। এইজন মৌলবাদী তথা সন্ত্ৰাসবাদী ১৯৯৮ চনৰ কইম্বাতোৰ বোমা-বিস্ফোৰণৰ ঘটনাত অভিযুক্ত হৈছিল। পৰৱৰ্তী কালত তেওঁ প্ৰমাণৰ অভাৱত খালাচ পায়। কিন্তু ২০০৮ চনৰ বাংগালোৰ চিৰিয়েল বোমা বিস্ফোৰণৰ ঘটনাত জড়িত থকাৰ বাবে তেওঁৰ আকৌ ন্যায়িক জিন্মাত থাকিবলগীয়া হয়। উল্লেখ্য যে কে টি জলিল নামৰ এজনে তেওঁৰ মুক্তিৰ দাবি তুলিছিল। এই জলিল ‘ষ্টুডেণ্টচ ঐশ্লামিক মুভমেণ্ট’-ৰ (চিমি) লগত জড়িত আছিল। চিমি পৰৱৰ্তী কালত ভাৰত চৰকাৰৰ দ্বাৰা নিষিদ্ধ হয়। পিছত অৱশ্যে সংগঠনৰ লগত মতানৈক্য হোৱাত জলিলে সংগঠন এৰে। এই মতানৈক্য চিমি-ৰ মৌলবাদী ভাবাদৰ্শৰ কাৰণে হোৱা নাছিল। উল্লেখনীয় কথাটো হ’ল, এইজন লোক পৰৱৰ্তী কালত কেৰালা বিধানসভালৈ নিৰ্বাচিত হয় আৰু বাঁওগণতান্ত্ৰিক চৰকাৰত (এলডিএফ) উচ্চ শিক্ষামন্ত্ৰীৰ দায়িত্ব পায় (২০১৮ চনৰ পৰা ২০২১লৈ)! ২০০৬ চনত মাদানিৰ দল পিডিপি-এ নিৰ্বাচনত এলডিএফ-ক সমৰ্থন কৰিছিল। আকৌ ২০০৯ চনৰ লোকসভা নিৰ্বাচনত তেওঁৰ দলে চিপিআই (এম)-ৰ সৈতে মৰ্চা কৰে। পিডিপি গঠন কৰাৰ আগতে মাদানিয়ে ‘ইশ্লামিক সেৱা সংঘ’ গঠন কৰিছিল। এই সংগঠন বাবৰি মচজিদ ধ্বংসৰ (১৯৯২) পাছত নিষিদ্ধ ঘোষিত হয়।
বৰ্তমান এলডিএফ চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে এই মাদানিৰ সৈতে ২০০৯ চনত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ সভাত একেলগে মঞ্চ শুৱনি কৰিছিল। কিন্তু নিৰ্বাচনত এলডিএফ-ৰ বিপৰ্যয় ঘটে। এই বিপৰ্যয়ৰ বাবে মাদানিৰ সৈতে হোৱা মিত্ৰতাকে দায়ী কৰা হয়। ২০১৬ আৰু ২০২১ চনৰ কেৰালাৰ বিধান সভা নিৰ্বাচনত পিডিপি-এ আকৌ এলডিএফ-লৈ সমৰ্থন আগবঢ়ায়। এইবাৰ ২০২৪ চনৰ লোকসভা নিৰ্বাচনতো এই দলে এলডিএফ-ক সমৰ্থন কৰে। পিডিপি-ৰ যিখন সভাত এই সিদ্ধান্ত ঘোষিত হয়, তাত উপস্থিত থাকি কোচিৰ মেয়ৰ চিপিআই (এম)-ৰ নেতা এম অনিলকুমাৰে ভাষণো দিছিল। বাঁওপন্থা আৰু ঐশ্লামিক মৌলবাদৰ মাজৰ এই ‘অবৈধ সম্পৰ্ক’ বা পীৰিতি কিমান দিনলৈ চলি থাকিব, সেয়া এতিয়াই কোৱা টান!
এইখিনিতে অধ্যাপক টি জে যোছেফৰ কাহিনীটোও স্মৰণ কৰা আৱশ্যক। যোছেফ আছিল কেৰালাৰ থড়ুপুঝাত অৱস্থিত নিউমেন কলেজৰ মালায়ালম ভাষাৰ অধ্যাপক। কলেজখন এখন খ্ৰীষ্টান সংখ্যালঘু প্রতিষ্ঠান, যি মহাত্মা গান্ধী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। বি কম-ৰ দ্বিতীয় বাৰ্ষিকৰ ২০১০ চনৰ মাৰ্চ মাহত হোৱা পৰীক্ষাৰ বাবে তেওঁ এখন প্ৰশ্নকাকত যুগুতায়। এই কাকতৰে ১১ নম্বৰ প্রশ্নটোত মহম্মদৰ প্ৰসংগ আছিল। অৱশ্যে প্ৰশ্নটোৰ বিতৰ্কিত অংশটো এখন বেলেগ কিতাপৰ পৰা লোৱা। কিতাপখন হ’ল চলচ্চিত্ৰ নিৰ্মাতা পি টি কুঞ্জু মহম্মদে মালায়ালম ভাষাত ৰচনা কৰা মেথডলজি অব স্ক্ৰীনপ্লে (নামটোৰ ইংৰাজী ৰূপ)। কিতাপখন বিশ্ববিদ্যালয়ৰ দ্বাৰাও অনুমোদিত ইয়াত কুঞ্জুৱে তেওঁৰ দ্বাৰা নিৰ্মিত এখন চিনেমা ‘গাৰ্ছম’-ৰ (১৯৯৯) এটা দৃশ্য ব্যাখ্যা কৰাৰ চেষ্টা কৰিছিল। দৃশ্যটোত নছৰুদ্দিন নামৰ এজন প্ৰবাসী ভাৰতীয়ই স্বগতোক্তি কৰাৰ দৰে ঈশ্বৰৰ সৈতে কথা পাতে। এই সংলাপত ঈশ্বৰে নছৰুদ্দিনক ‘কুকুৰৰ পুতেক’ বুলি সম্বোধন কৰিছিল। কিন্তু প্ৰশ্নটোত যোছেফে এটা সৰু সাল-সলনি ঘটায়। তেওঁ নছৰুদ্দিন নিলিখি মহম্মদ লিখে। কোৱা হয় যে তেওঁ আচলতে লেখক কুঞ্জু মহম্মদকে এইদৰে সংলাপলৈ লৈ আনিবলৈ বিচাৰিছিল।
কিন্তু এই প্ৰশ্নকাকতত হজৰত মহম্মদৰে অপমান ঘটা বুলি প্ৰচাৰ চলিল। প্ৰশ্নকাকতৰ প্রতিলিপি মানুহৰ মাজত ব্যাপকভাৱে বিলোৱা হয়। ‘পপুলাৰ ফ্ৰণ্ট অব ইণ্ডিয়া’ (পিএফআই) নামৰ মৌলবাদী সংগঠনটোৰ ছাত্ৰ শাখা ‘কেম্পাচ ফ্ৰণ্ট’-এ ঘটনাটোৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰে। ‘ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ’ আৰু কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠন দুটাইয়ো কলেজ চৌহদলৈ প্ৰতিবাদী সমদল আগুৱাই নিছিল। জিলা প্ৰশাসনে আহ্বান জনোৱা সৰ্বদলীয় সভাত অধ্যাপকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গৃহীত হয়। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত তেওঁ আত্মগোপন কৰে। কিন্তু পুলিচে অৱশেষত তেওঁক গ্ৰেপ্তাৰ কৰে; পিছত তেওঁ জামিনত মুক্তিও লভে। কিন্তু অধ্যাপকৰ পুত্ৰ সন্তানক পুলিচে ধৰি নি থানাত অকথ্য শাৰীৰিক নিৰ্যাতন চলায়। মন কৰিবলগীয়া কথাটো হ’ল, সেই সময়ত ৰাজ্যখনত এলডিএফ-ৰ চৰকাৰ। নিউমেন কলেজে অধ্যাপক যোছেফক চাকৰিৰ পৰা নিলম্বিত কৰে। কিন্তু বিশ্ববিদ্যালয়ে নিলম্বন উঠাই লয়। তথাপি পৰৱৰ্তী কালত, অৰ্থাৎ চেপ্তেম্বৰ মাহত কলেজ কৰ্তৃপক্ষই তেওঁক চাকৰিৰ পৰাই একেবাৰে বিদায় দিয়ে। কলেজৰ এই সিদ্ধান্তৰ বিৰুদ্ধে অৱশ্যে বাঁওপন্থী লেখক, সাংস্কৃতিক সংগঠন আৰু শিক্ষক গোটে প্ৰতিবাদ কৰিছিল। উচ্চ শিক্ষামন্ত্ৰী এম এ বেবিয়ে এইক্ষেত্ৰত হস্তক্ষেপ কৰাৰ কথা কৈছিল। কিন্তু পিছত তেনে কোনো হস্তক্ষেপৰ প্ৰমাণ পোৱা নগ’ল। আৰ্থিকভাৱে যোছেফৰ পৰিয়ালটো ভীষণ সংকটত পৰে।
মুভাত্তুপুঝাত থকা নিজৰ ঘৰৰ কাষতে ২০১০ চনৰ ৪ জুলাই তাৰিখে চোকা অস্ত্ৰেৰে সজ্জিত আঠজনীয়া গুণ্ডাৰ দল এটাই অধ্যাপকৰ গাড়ীখন আগচি ধৰে। আয়না ভাঙি সিহঁতে অধ্যাপকক টানি উলিয়াই আনে। যিখন হাতেৰে তেওঁ প্ৰশ্ন কাটিছিল, মণিবন্ধতে সেই সোঁহাতখন সিহঁতে কাটি পেলায়; তেওঁৰ ভৰিখনতো তৰোৱালৰ ঘাপ পৰে। তেওঁক বচাবলৈ চেষ্টা কৰা মাক আৰু ভনীয়েকো এই বাহিনীৰ দ্বাৰা আক্ৰান্ত হয়। পিছত বাহিনীটোৱে বোমা ফুটাই স্থান পৰিত্যাগ কৰে। চুবুৰীয়াই তেওঁক কটা যোৱা হাতৰ অংশটোৰ সৈতে হাস্পতাললৈ নিয়ে। পিছত কোচিৰ এখন ডাঙৰ হাস্পতালত প্ৰায় ১৬ ঘণ্টীয়া অপাৰেচনৰ অন্তত হাতখন জোৰা লগাবলৈ চিকিৎসকসকল সক্ষম হয়। এলডিএফ চৰকাৰৰ গৃহমন্ত্ৰী কোডিয়াৰি বালকৃষ্ণানে আকৌ এই ঘটনা তালিবানী কায়দাৰে ঘটোৱা ঘটনা নহয় বুলি বিবৃতি জাৰি কৰিছিল। আক্ৰমণকাৰীসকলক যিকোনো প্ৰকাৰে কালিমামুক্ত কৰাৰ বিষয়টোহে যেন অগ্ৰাধিকাৰ পাবৰ যোগ্য!
পিএফআই-ৰ ৰাজনৈতিক দল হ’ল ‘চ’চিয়েল ডেমক্ৰেটিক পাৰ্টি অব ইণ্ডিয়া’ (এচডিপিআই)। মজাৰ কথা, এইবোৰ পিশাচৰ দলে সিহঁতৰ সংগঠনৰ নাম দিওঁতে জনতা, গণতন্ত্ৰ, ধৰ্মনিৰপেক্ষতা আদি শব্দ ব্যৱহাৰ কৰে! আনকি আল কায়দা-ৰ সৈতেও পিএফআই-ৰ সম্পৰ্ক পুলিচে ধৰা পেলাইছিল। আক্ৰমণকাৰী দলটোৰ মানুহবোৰ যে পিএফআই-ৰ সক্ৰিয় সদস্য, সেইটো পিছত ওলাই পৰে। পুলিচৰ অনুসন্ধান চলি থকা কালত এইটোও ওলাই পৰে যে পুলিচে নথিভুক্ত কৰা মোকৰ্দমাত সন্ত্ৰাসবাদবিৰোধী ধাৰাবোৰ দিয়া হোৱা নাছিল! ইও এলডিএফ চৰকাৰখনৰ আন এক কৃতি! দেখা গৈছে যে প্রগতিশীল চৰকাৰখনে নোৱৰাতহে যেন মৌলবাদী-সন্ত্ৰাসবাদী অপৰাধীবোৰৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আগবাঢ়িছিল, পাৰিলে তেওঁলোকে যোছেফকে জেলত ভৰাই থয়। যোছেফৰ বিৰুদ্ধে মোকৰ্দমা তৰাও হৈছিল। অৱশ্যে কেৰালাৰ আদালতে যোছেফক সম্পূৰ্ণ দোষমুক্ত কৰে (১৫-১১-২০১৩)।
জীৱনলৈ নামি অহা এনে উপৰ্যুপৰি বিপদৰ মুখামুখি হ’ব পৰাকৈ যোছেফৰ পত্নী সালমি একেবাৰে সাজু নাছিল। ১৯-০৩-২০১৪ তাৰিখে তেওঁ চিপজৰী লৈ ঘৰতে আত্মহত্যা কৰে। এতিয়া যোছফ তেনেই অকলশৰীয়া হৈ পৰিল!
উল্লেখ্য যে যোছেফৰ ঘটনাত আদালতে শাস্তি বিহা (০৮-০৫-২০১৫) ১৩ জনেই আছিল পিএফআই-ৰ সদস্য। আদালতৰ দ্বাৰা দোষী সাব্যস্ত হোৱা মূল অপৰাধী চাভাদ মীৰানকুট্টিক ১৩ বছৰৰ মূৰত ২০২৪ চনৰ ১০ জানুৱাৰীত এনআইএ-এ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। চলমন ৰুছদিয়ে যেনেকৈ তেওঁৰ ওপৰত হোৱা প্রাণঘাতী আক্ৰমণৰ অভিজ্ঞতাৰ ভিত্তিত কিতাপ (নাইফ) লিখি উলিয়াইছে, তেনেকৈ যোছেফেও মালায়ালম ভাষাত লিখি উলিয়াইছিল আত্মজীৱনী, যিখন ২০২১ চনত আ থাওজেণ্ড কাট্‌চ নামে ইংৰাজীলৈয়ো অনুদিত হৈ ওলাইছে। এই অনুবাদৰ প্রকাশক ভিণ্টেজ বুক্‌চ।

(পাঁচ)
১৯৩০ৰ দশকত ‘সমাজতান্ত্ৰিক’ ছোভিয়েট ইউনিয়নত তথাকথিত ‘শুদ্ধিকৰণ অভিযান’ (ইংৰাজীত ‘গ্ৰেট পাৰ্জ’ নামেও খ্যাত) অনুষ্ঠিত হৈছিল। শিহৰণ আৰু আতংক সৃষ্টিকাৰী সেই ঘটনাৰ সবিশেষ জানিবলৈ এতিয়া সিমান টান নহয়। ছপামাধ্যম অথবা ইণ্টাৰনেট এইক্ষেত্ৰত কাৰ্যকৰী আহিলা। অৱশ্যে অস্বস্তিকৰ তথ্য-পাতিৰ প্রতি পিঠি দিব খোজাসকলৰ কথা বেলেগ।
ৰাষ্টনায়ক যোচেফ ভিচাৰিঅন’ভিক স্তালিনৰ (১৮৭৮-১৯৫৩) শাসন আৰু তেওঁৰ আমোলাতন্ত্ৰক সুৰক্ষিত কৰিবলৈ এটা সহজ অথচ পৈশাচিক উপায় অৱলম্বন কৰা হৈছিল। তেওঁৰ শাসন বা স্থিতিক প্ৰত্যাহ্বান জনাব বিচৰা পুৰণা বলছেভিক নেতাসকলক গণতান্ত্ৰিকভাৱে মতাদৰ্শগত বিতৰ্ক আৰু প্ৰচাৰৰ দ্বাৰা বাধা দিবৰ চেষ্টা কৰিব পৰা গ’লহেঁতেন। তেনে প্ৰক্ৰিয়াই কেৱল দলটোৰ নেতা-সদস্যসকলকে যে সচেতন আৰু শিক্ষিত কৰি তুলিলেহেঁতেন, তেনে নহয়। এই ৰাজনৈতিক শিক্ষাই দেশৰ সৰ্বস্তৰৰ শ্ৰমকাৰী মানুহকো কিঞ্চিত হ’লেও আদৰ্শগতভাৱে উজ্জীৱিত কৰি তুলিলেহেঁতেন। এনে উজ্জীৱিত শ্ৰমকাৰী মানুহকহে নতুন ব্যৱস্থাটোৰ অতন্দ্ৰ প্ৰহৰীৰূপে পাব পাৰি। কিন্তু তাৰ বাবে ক্ষমতাত থকা সকলৰ ধৈৰ্য, ভিন্ন মতৰ প্রতি সহিষ্ণুতা আৰু সৰ্বোপৰি বৌদ্ধিক সামৰ্থ্যৰ আৱশ্যক। এই ভিন্ন মত কথাটোৰ দ্বাৰা নতুন ছোভিয়েট ব্যৱস্থাটো বাতিল কৰিবলৈ বিচৰা পৰ্যায়ৰ মতৰ কথা কোৱা হোৱা নাই। কিদৰে সফলতাৰে নতুন ব্যৱস্থাটো আগুৱাই লৈ যাব পাৰি, সেই সম্পৰ্কেও একাধিক মত থাকিব পাৰে। সেইবোৰৰ মুকলি বিতৰ্কক ব্যৱস্থাটোৰ বিৰুদ্ধে ষড়যন্ত্ৰ বুলি ভাবিলে অৱশ্যে কথা বেলেগ। তেতিয়া পুলিচ-মিলিটেৰীৰ ওপৰতেই কৰ্তৃপক্ষই ভৰসা কৰিব লাগিব। নিৰামূহীয়া তথা দীৰ্ঘম্যাদী ‘অসামৰিক’ পথ স্তালিন আৰু তেওঁৰ অনুগামীসকলৰ মনঃপুত নাছিল। বিৰোধিতাৰ তিলমানো বীজ বহন কৰা লোকক খতম কৰিব পাৰিলেহে তেওঁলোক নিৰাপদ—এনে ধাৰণাৰে বহিঃপ্ৰকাশ শুদ্ধিকৰণ অভিযান। তেওঁলোকৰ নিজৰ নিৰাপত্তাৰ কথাটো কিন্তু ছোভিয়েট ব্যৱস্থাটোৰ নিৰাপত্তা বুলিহে ভ্ৰম সৃষ্টি কৰিবলৈ তীব্ৰ চৰকাৰী প্ৰচাৰ চলোৱা হৈছিল।
কৃষি আৰু শিল্পত উৎপাদন বৃদ্ধিৰ উদ্দেশ্যৰে লেনিন থকা কালতে ছোভিয়েট ইউনিয়নত ‘নিউ ইকনমিক পলিচি’ (নেপ, ১৯২১-২৮) গ্ৰহণ কৰা হৈছিল। লেনিনৰ মৃত্যুৰ পিছত এই আঁচনিয়ে দিব পৰা সুফল দিলে বুলি ধৰি লৈ তাক অন্ত পেলোৱাৰ কথা ঘোষিত হ’ল। তাৰ পিছত দেশত ব্যাপক ‘কালেক্টিভাইজেচন’-ৰ (১৯২৮-৩৩) অভিযান আৰম্ভ হৈ যায়। ভূস্বামীসকলে (কুলাক) নিজৰ মালিকানাত থকা মাটি এই অভিযান বা আঁচনিৰ বাবে স্ব-ইচ্ছাই এৰি দিয়া নাছিল। চৰকাৰ বা দলৰ তৰফৰ পৰা তেওঁলোকক ভূমিস্বত্ব ত্যাগ কৰাৰ কাৰণে সৈমান কৰোৱাৰ প্ৰচেষ্টাও ফলপ্ৰসূ নহ’ল। ফলত বলপ্ৰয়োগ ভিন্ন আনপথ খোলা নেথাকিল। এই সময়খিনিত সমগ্ৰ ছোভিয়েট ইউনিয়নৰ গ্ৰাম্যাঞ্চলত ভীষণ শ্ৰেণীযুদ্ধ বা গৃহযুদ্ধ আৰম্ভ হৈ যায়। এই দুই অভিযানৰ যৌক্তিকতাকলৈয়ো তুমুল তৰ্ক-বিতৰ্ক আৰু দলাদলি চলে। মিখাইল চলখভৰ (১৯০৫-১৯৮৪) ভাৰ্জিন চয়ল আপটাৰ্নড এই কালেক্টিভাইজেচনকে অৱলম্বন কৰি ৰচা উপন্যাস।
আনহাতে ভাবাদৰ্শগত প্ৰশ্নত আন এটা বিষয়েও মুখ্য স্থান দখল কৰিলে। বিপ্লৱ-উত্তৰ অতি দূৰ্বল আৰ্থিক কাঠামো তথা তৎকালীন প্রধান ইউৰোপীয় শক্তিবোৰৰ শত্ৰুতামূলক আচৰণৰ পটভূমিত কোৱা হ’ল যে এখন দেশ অকলে সমাজবাদলৈ আগুৱাই যোৱাটো সম্ভৱ নহয়। তাৰ বাবে ঔদ্যোগিকভাৱে উন্নত পছিমীয়া দেশবোৰতো বিপ্লৱ সাধিত হ’ব লাগিব। ৰুছিয়াৰ বিপ্লৱৰ সাফল্য আৰু ই বৰ্তি থকাৰ সেইটো এটা চৰ্ত। লেভ ডাভিদভিক ট্ৰটস্কি (১৮৭৯-১৯৪০) আছিল এই ফৈদৰ মূল প্রবক্তা। সেয়ে, আন্তৰ্জাতিকভাৱে সেইবোৰ ‘উন্নত’ দেশত বিপ্লৱ সংঘটনৰ চেষ্টা বলছেভিকসকলৰো দায়িত্ব। এনে মত স্তালিনৰ দৰে নেতাসকলে বিৰোধিতা কৰে। বিদেশলৈ হাঁকুটিওৱাৰ সলনি তেওঁলোক আভ্যন্তৰীণভাৱেই শক্তি সংহত কৰাৰ পক্ষে। এখন দেশত সমাজবাদ—এনে ধাৰণাৰ তেওঁলোক পক্ষপাতী। অৱশ্যে ১৯৮০-ৰ দশকৰ শেষ আৰু ১৯৯০-ৰ দশকৰ আৰম্ভণিৰ সময়ছোৱাত যিদৰে ছোভিয়েট ইউনিয়ন আৰু পূব ইউৰোপৰ দেশবিলাকত তথাকথিত ‘সমাজবাদী ব্যৱস্থা’টো ভাগি পৰিছিল, তালৈ চাই ট্রটস্কিপন্থীসকলৰ বক্তব্যহে সঠিক বুলি ভাবিবৰ মন যায়। কিন্তু কেৱল এখন বা এমুঠি দেশত সমাজবাদ বৰ্তি থাকিব পাৰিব নে নোৱাৰে, সেই প্ৰশ্নৰ কেতবোৰ আন দিশো আছে।
গুৰুত্বপূৰ্ণ ৰাজনৈতিক তথা আৰ্থিক সিদ্ধান্ত গ্ৰহণৰ বেলিকা গোটেই দেশবাসীৰ হৈ শ্রমিক-কৃষক, শ্রমিক-কৃষকৰ হৈ দল, দলৰ হৈ তাৰ কেন্দ্রীয় সমিতি, কেন্দ্রীয় সমিতিৰ হৈ পলিট ব্যুৰো, আৰু একেবাৰে শেষত এই পলিট ব্যুৰোৰ হৈ কেৱল এজন নেতাৰ একচ্ছত্ৰী ক্ষমতা—এয়ে আছিল স্তালিনকালীন সৰ্বহাৰাৰ একনায়কত্ববাদৰ ৰূপ! ই এটা শ্বাসৰোধী ব্যৱস্থা। শ্রমিক-কৃষকৰ হৈ দল বোলোঁতে কেৱল ক্ষমতাসীন বলছেভিক দলটোৰ কথাহে বুজোৱা হৈছে। সেই দলৰ বাহিৰে আন দলৰ উপস্থিতি বা সম্ভাৱনা নুই কৰি স্তালিনে নিজেই যি অদ্ভুত যুক্তি আগ বঢ়াইছিল, সেই যুক্তি আজিও কমিউনিষ্ট তথা বাঁওপন্থীমহলত প্ৰায় প্ৰশ্নাতীত সত্য ৰূপে বৰ্তি আছে। ব্যতিক্ৰম নাই বুলি ক’ব নোৱাৰি। কিন্তু আমাৰ দেশৰ বাঁওপন্থী দলীয়মহলত যে এই স্তালিনীয় মতৰে প্ৰতিপত্তি, সেই কথা অস্বীকাৰ কৰাৰ উপায় নাই। স্তালিনৰ কথা হ’ল, ছোভিয়েট ইউনিয়নত যিহেতু আনবোৰ শ্ৰেণী বিলুপ্ত (?) হৈ কেৱল শ্রমিক-কৃষকহে আছেগৈ, সেয়ে, বিলুপ্ত শ্ৰেণীবোৰক প্রতিনিধিত্ব কৰাৰ প্ৰশ্নটো অবান্তৰ। কেৱল শ্রমিক-কৃষকৰ বাবে বলছেভিক দলেই যথেষ্ট। এই জধলা যুক্তিৰ বিৰুদ্ধে মাত্ৰ এটা প্ৰশ্ন উত্থাপনেই যথেষ্ট— শ্রমিক-কৃষকৰ প্ৰতিনিধিত্ব কেৱল এটা দলেহে (বলছেভিক দলে) কৰিব পাৰে বুলি কেনেকৈ মানি লোৱা যাব? এই সম্পৰ্কে স্তালিন নিমাত—“As to freedom for various political parties, we adhere to somewhat different views. A party is a part of a class, its most advanced part. Several parties, and, consequently, freedom for parties, can exist only in a society in which there are antagonistic classes whose interests are mutually hostile and irreconcilable– in which there are, say, capitalists and workers, landlords and peasants, kulaks and poor peasants, etc. But in the U.S.S.R. there are no longer such classes as the capitalists, the landlords, the kulaks, etc. In the U.S.S.R. there are only two classes, workers and peasants, whose interests – far from being mutually hostile – are on the contrary, friendly. Hence, there is no ground in the U.S.S.R. for the existence of several parties, and, consequently, for freedom for these parties. In the U.S.S.R. there is ground only for one party, the Communist Party. In the U.S.S.R. only one party can exist, the Communist Party, which courageously defends the interests of the workers and peasants to the very end” (Stalin, J.V., 1976, Problems of Leninism, Peking: Foreign Language Press, p-819)।
এটা শ্ৰেণীৰ প্ৰতিনিধিত্বৰ দাবীদাৰ একাধিক দল হ’বই পাৰে। শ্রমিকশ্ৰেণীৰো একাধিক দল থাকিব পাৰে। স্তালিনৰ মতৰ অনুগামী কমিউনিষ্ট দলেই দেখোন ভাৰতত একাধিক। এতিয়া হয় তেওঁলোকে মাত্ৰ এটা দল বাছি লৈ বাকীবোৰ ভাঙি পেলোৱাৰ দিহা কৰিব লাগিব, নহ’লে গোটেইবিলাকে মিলি এটাহে সন্মিলিত দল গঠনৰ দিশে আগ বাঢ়িব লাগিব—অন্ততঃ স্তালিনৰ পথ অনুসৰণৰ সেইটোৱেই যৌক্তিক পৰিণতি। দল ভঙা বা সন্মিলিত দল গঢ়াৰ দিশে আগ বাঢ়িবলৈ ইয়াৰ কমিউনিষ্টসকল মুঠেই ৰাজী নহয়। অথচ অঘোষিতভাৱে সমাজবাদ তেওঁলোকৰ বাবে এটা এদলীয় ব্যৱস্থাহে। স্তালিনৰ যুক্তি যে ভ্ৰমাত্মক, তাৰ প্ৰমাণ হ’ল এই স্ব-বিৰোধিতা।
এতিয়া এনেদৰে ক’ব পৰা যায় যে এক বহুদলীয় মুক্ত গণতন্ত্ৰৰ বাতাৰণত হয়তো এখন দেশতো সমাজবাদ টিকি থাকিব পাৰিলেহেঁতেন। বহুদলীয় গণতন্ত্ৰৰ অভাৱেই কিজানি ব্যৱস্থাটোৰ পৰমায়ু টুটালে। সেয়ে, ‘এখন দেশত সমাজবাদ’, এই মতৰ বিৰুদ্ধে ট্ৰটস্কিৰ স্থিতি শুদ্ধ বুলি খাটাংকৈ ক’ব পৰা নেযায়।
বহু-কমিউনিষ্ট দলীয় ব্যৱস্থা, আৰু লগতে দেশ শাসনত, গুৰুতৰ ৰাজনৈতিক তথা আৰ্থিক সিদ্ধান্ত গ্ৰহণৰ বেলিকা শ্রমিক-কৃষক বা তেওঁলোকৰ প্রকৃত প্ৰতিনিধিৰ কাৰ্যকৰী অংশ গ্ৰহণ আৰু ভিন্ন মত প্ৰকাশৰ অধিকাৰ তথা বাতাবৰণৰ সুনিশ্চিতি যে ভৱিষ্যত সমাজবাদৰ অপৰিহাৰ্য বৈশিষ্ট্যত পৰিণত কৰিব লাগিব, সেই লৈ অন্ততঃ এতিয়া আৰু বাঁওপন্থীসকলৰ মাজত মতপাৰ্থক্য থকা উচিত নহয়। এনে ব্যৱস্থাইহে এজন নেতা বা এজন স্তালিনৰ সীমাহীন ক্ষমতাৰ অধিকাৰী হোৱাৰ সম্ভাৱনা নাইকিয়া কৰিব পাৰে।

(ছয়)
১৯১৮ চনৰ আগষ্ট মাহত হোৱা গুলীচালনাত ভ্লাডিমিৰ ইলিচ লেনিন (১৮৭০-১৯২৪) আহত হৈছিল। প্ৰাণনাশৰ এই ব্যৰ্থ প্ৰচেষ্টা আৰু একাধিক ষ্ট’কৰ বাবে লেনিন পক্ষাঘাতগ্ৰস্ত হৈ পৰে। ফলত তেওঁ বলছেভিক দলৰ দ্বাদশ কংগ্ৰেছত (এপ্ৰিল, ১৯২৩) উপস্থিত থাকিব নোৱাৰিলে। কিন্তু কংগ্ৰেছত উপস্থিত থকা প্ৰতিনিধিসকলৰ বিবেচনাৰ বাবে তেওঁ এটা টোকা প্রস্তুত কৰিছিল। পত্নী নাডেঝদা কনষ্টাণ্টিনভনা ক্ৰুপস্কায়া-এ (১৮৬৯-১৯৩৯) লেনিন সুস্থ হৈ উঠিব বুলি টোকাটো লগতে ৰাখি থয়। লেনিনৰ মৃত্যুৰ (২১ জানুৱাৰী, ১৯২৪) পিছত অনুষ্ঠিত হয় দলৰ ত্ৰয়োদশ কংগেছ (মে, ১৯২৪)। তাত বিবেচনাৰ বাবে টোকাটো তেওঁ পলিটব্যুৰোৰ হাতত অৰ্পণ কৰে। এই টোকাটোৱেই লেনিনৰ ‘লাষ্ট টেষ্টামেণ্ট’ৰূপে খ্যাত। কিন্তু পলিটব্যুৰোৱে সেই টোকা কংগ্ৰেছত পাঠ নকৰাৰ সিদ্ধান্ত লয়। পাঠ কৰাৰ পক্ষত আছিল মাত্ৰ ১০-টা ভোট, বিপক্ষত ৩০-টা । এইদৰেই লেনিনে প্রস্তুত কৰা এই গুৰুত্বপূৰ্ণ নথি দলৰ আন নেতা বা সদস্যসকলৰ পৰা গোপনে ৰখা হ’ল। ত্ৰয়োদশ কংগ্ৰেছত অংশগ্ৰহণকাৰী প্রতিনিধিসকলে লেনিনৰ এই টেষ্টামেণ্ট পঢ়িবলৈ আৰু আলোচনা কৰিবলৈ পোৱা হ’লে সেই দেশৰ ইতিহাসে কোন দিশে বাগৰ সলালেহেঁতেন, তাক এতিয়া অনুমান কৰা টান।
নেতৃত্ব বা ক্ষমতা দখলৰ বাবে দলত চলি থকা তীব্ৰ প্ৰতিদ্বন্দ্বিতাই সেই সময়ত দলৰ বিভাজন প্ৰায় আসন্ন কৰি তুলিছিল। দুই যুযুধান শিবিৰৰ এটাৰ নেতৃত্বত স্তালিন আৰু আনটোত ট্ৰটস্কি। বিভাজন ৰোধ কৰাৰ বাবে লেনিনৰ উদ্বেগৰ পৰিণতি এই টেষ্টামেণ্ট। লেনিনৰ টেষ্টামেণ্টত স্তালিন অতি ৰূঢ় ব্যক্তি হিচাপে সমালোচিত হৈছিল। ইমানেই নহয়, তেওঁক দলৰ সাধাৰণ সম্পাদকৰ পদৰ পৰা আঁতৰোৱাৰো পৰামৰ্শ দিয়া হয়। বিপৰীতে ট্রটস্কিৰ ব্যক্তিত্ব তথা সামৰ্থ্য সম্পৰ্কে অতি উচ্চ প্ৰশংসা তাত দেখা যায়। তদুপৰি আন দুজন তৰুণ বলছেভিক, নিকোলাই ইভানভিক বুখাৰিন (১৮৯৯-১৯৩৮) আৰু জৰ্জি লিঅনিডভিক পিয়াতাকভৰ (১৮৯০-১৯৩৭) বিষয়ে সপ্ৰশংস উল্লেখ এই টেষ্টামেণ্টত আছে, “Comrade Stalin having become Secretary-General, has unlimited authority concentrated in his hands, and I am not sure whether he will always be capable of using that authority with sufficient caution. Comrade Trotsky, on the other hand, as his struggle against the C.C. on the question of the People’s Commissariat for Communications has already proved, is distinguished not only by outstanding ability. He is personally perhaps the most capable man in the present C.C., but he has displayed excessive self-assurance and shown excessive preoccupation with the purely administrative side of the work. These two qualities of the two outstanding leaders of the present C.C. can inadvertently lead to a split, and if our Party does not take steps to avert this, the split may come unexpectedly. . . . I wish to say a few words about Bukharin and Pyatakov. They are, in my opinion, the most outstanding figures (among the youngest ones), and the following must be born in mind about them: Bukharin is not only a most valuable and major theorist of the Party; he is also rightly considered the favourite of the whole Party, . . . As for Pyatakov, he is unquestionably a man of outstanding will and outstanding ability, . . . Stalin is too rude. . . . I suggest that the comrades think about a way of removing Stalin from that post and appointing another man in his stead . . .” (Lenin, V. I., 1977, Selected Works in 3 volumes, vol-3, Moscow: Progress Publishers, pp-680 & 681)।
পিছত ১৯৩০ৰ দশকত স্তালিনৰ দ্বাৰা অনুষ্ঠিত তথাকথিত ‘মস্কো-বিচাৰ’ত অভিযুক্ত হৈ বুখাৰিন আৰু পিয়াতাকভে গুলীত প্রাণ হেৰুৱায়। পিয়াতাকভৰ বেলিকা দেখা যায় যে তেওঁৰ দ্বিতীয়া পত্নী লুডমিলা দিতিষ্টেভা (১৮৮৮-১৯৩৮) আৰু ভায়েক আইভান পিয়াতাকভৰো (১৮৯৩-১৯৩৭) গুপ্তপুলিচৰ গুলীত মৃত্যু হৈছিল। নিৰ্বাসন আৰু শ্ৰমশিবিৰৰ নিৰ্যাতন ভোগে ককায়েক মিখাইল পিয়াতাকভে (১৮৮৬-১৯৫৮)। তেনে অৱস্থাতে তেওঁৰ বাকুত মৃত্যু হয়।
লেনিনৰ মৃত্যুৰ পিছত বলছেভিক দলৰ নেতৃত্ব আৰু চৰকাৰী ক্ষমতাৰ বাবে খোৱা-কামোৰা আৰম্ভ হৈছিল। তেতিয়া বলছেভিক দলৰ ত্ৰয়োদশ কংগ্ৰেছত ট্ৰটস্কিতকৈ তুলনামূলকভাৱে স্তালিনকে শক্তিশালী ৰূপত ওলাই অহা দেখা গ’ল। ট্ৰটস্কি আৰু তেওঁৰ অনুগামীসকল পৰাস্ত হয়। কাৰণ, ইতিমধ্যে স্তালিনে তেওঁৰ শক্তি আৰু সমৰ্থন দলত সংহত কৰি তোলে। স্তালিন তেতিয়া বলছেভিক দলৰ সাধাৰণ সম্পাদক। ফলত তেওঁ প্ৰদেশবোৰৰ পৰা ত্ৰয়োদশ কংগ্ৰেছলৈ নিজৰ অনুগামী বা পছন্দৰ লোকক প্রতিনিধিৰূপে উপস্থিত কৰাবলৈ সমৰ্থ হয়। পৰিণতিত ত্ৰয়োদশ কংগ্ৰেছৰ দ্বাৰা নিৰ্বাচিত দলৰ কেন্দ্ৰীয় সমিতি আৰু পলিট ব্যুৰোতো স্তালিনপন্থীৰ উপস্থিতি নিৰ্ণায়ক হৈ পৰে।
ট্ৰটস্কিৰ পৰাজয়ৰ অৱশ্যে কেতবোৰ তাৎক্ষণিক কাৰণো আছিল। লেনিনৰ মৃত্যুৰ পৰত শাৰীৰিক অসুস্থতাৰ বাবে ট্ৰটস্কিয়ে মস্কোৰ বাহিৰত (জৰ্জিয়াৰ ৰাজধানী টিবলিচ) থকাত লেনিনৰ শেষকৃত্যৰ অনুষ্ঠানত ভাগ ল’ব নোৱাৰিলে। তেওঁক ইচ্ছাকৃতভাৱে দেৰিকৈ খবৰ দি এই অনুষ্ঠানৰ পৰা তেওঁক আঁতৰাই ৰখাৰ ফন্দি পতা হৈছিল বুলি ট্রটস্কিয়ে নিজে তেওঁৰ আত্মজীৱনীত লিখি থৈ গৈছে, “As a matter of fact, the funeral did not take place until Sunday, and I could easily have reached Moscow by then. Incredible as it may appear, I was even deceived about the date of the funeral. . . . I must recall the fact that the news of Lenin’s first illness was not communicated to me until the third day. This was a system. The object was to ‘gain time’” (Trotsky, Leon, 2007, My Life, New York: Dover Publications, Inc., pp-508 & 509)। ট্ৰটস্কীয়ে স্ব-ইচ্ছাই লেনিনৰ শেষকৃতৰ অনুষ্ঠানত যোগ দিয়া নাছিল বুলিও এটা মত আছে। কিন্তু এই সময়ত চলা ক্ষমতাৰ যুঁজখনত এই অনুপস্থিতিৰ বাবে যে তেওঁ যথেষ্ট অসুবিধাৰ সমুখীন হৈছিল, সেই কথা কোৱা বাহুল্য মাথোন। তদুপৰি শাৰীৰিক অসুস্থতাৰ বাবেও সেইখিনি সময়ৰ ক্ষমতাৰ এই যুঁজখনত তেওঁ প্রত্যক্ষভাৱে অংশ ল’ব পৰা নাছিল।
লেভ বৰিচভিক কামেনেভ (১৮৮৩-১৯৩৬) আৰু গ্রিগৰি য়েভচেয়েভিক জিনভিয়েভৰ (১৮৮৩-১৯৩৬) দৰে প্রভাৱশালী নেতাই ট্ৰটস্কিৰ বিপক্ষে স্তালিনৰ শিবিৰত যোগ দিছিল। এই দুইজনৰ সৈতে লগলাগি ট্রটস্কিক পৰ্যুদস্ত কৰি স্তালিন নিষ্কণ্টক হয়। পৰৱৰ্তী পৰ্যায়ত কিন্তু এই দুই নেতা তেওঁৰ বিপক্ষে গুচি যায়। ফলত স্তালিনে বন্দুকৰ নলী এইবাৰ কামেনেভ আৰু জিনভিয়েভৰ অভিমুখে পোনায়। স্তালিনৰ বধ্যভূমিত ১৯৩৬ চনত দুয়োজনৰে প্রাণ গৈছিল।
সংখ্যাগতভাৱে দুৰ্বল হৈ পৰা ট্ৰটস্কিপন্থীসকলে ইতিমধ্যে চৰকাৰ তথা দলত গা কৰি উঠা আমোলাতান্ত্ৰিক প্ৰবণতাৰ বিৰুদ্ধে প্ৰচাৰ আৰু যুঁজ আৰম্ভ কৰে। ৪৬-গৰাকী নেতৃস্থানীয় বলছেভিকে ১৫ অক্টোবৰ (১৯২৩ চনত) পলিট ব্যুৰোৰ ওচৰত এখন প্রতিবেদন দাখিল কৰি দলৰ মাজত দেখা দিয়া মতবিৰোধ নিৰসনৰ নিমিত্তে কেন্দ্ৰীয় সমিতিৰ বিশেষ অধিৱেশন অনুষ্ঠিত কৰাৰ দাবি উত্থাপন কৰে। দেখাত এই প্রতিবেদনৰ স্বাক্ষৰকাৰী হিচাপে ট্ৰটস্কিৰ নাম নাছিল বা তাৰ লগত তেওঁ পোনপটীয়াকৈ জড়িতও নাছিল। কিন্তু প্ৰতিবেদনৰ বক্তব্যৰ সৈতে তেওঁৰ মতৰ মিল ধৰিব পাৰি। উল্লেখ্য যে স্বাক্ষৰকাৰী ৪৬-জনৰ ভিতৰৰ ৩৮-জনকে পিছত মস্কো-বিচাৰৰ ‘শাস্তি’ হিচাপে গুলীয়াই মৰা হয়। আন দুজনৰ মৃত্যু ঘটে কাৰান্তৰালত বা নিৰ্বাসনত।

(সাত)
লেনিনগ্ৰাডৰ (চেণ্ট পিটাৰ্চবাৰ্গ বা পেট্ৰোগাৰ্ড) জনপ্ৰিয় বলছেভিক নেতা চাৰ্গেই মিৰনভিক কিৰভৰ (১৮৮৬-১৯৩৪) আততায়ীৰ হাতত মৃত্যু হয়। তেতিয়া স্তালিনে দানৱীয় আইন প্রণয়ন কৰাৰ দিহা কৰে। ৰাজনৈতিক প্রতিপক্ষৰ বিনাশ সাধনেই এনে আইনৰ উদ্দেশ্য। সন্দেহ কৰা হয় যে কিৰভ হত্যাৰ চক্ৰান্ত ৰচনা খোদ স্তালিন আৰু সেই দেশৰ গুপ্ত পুলিচৰ কীৰ্তি।
১৯৩৬-৩৮ চনৰ সময়ছোৱাত ছোভিয়েট দেশত প্রহসনমূলক ভুৱা বিচাৰ অনুষ্ঠিত কৰা হৈছিল। ই সামগ্ৰিকভাৱে কুখ্যাত শুদ্ধিকৰণ (ইংৰাজীত গ্ৰেট পাৰ্জ) অভিযানৰে অংশ। কিৰভৰ হত্যাৰ গইনা লৈ স্তালিনৰ দ্বাৰা আয়োজিত এই ‘বিচাৰ’সমূহেই ‘মস্কো-বিচাৰ’ (মস্কো ট্ৰীয়াল) নামে কুখ্যাত! ট্ৰটস্কিপন্থী আৰু বলছেভিক দলৰ ভিতৰৰ তথাকথিত সোঁপন্থী বিৰোধীক মষিমূৰ কৰাই আছিল এনে বিচাৰ অনুষ্ঠিত কৰাৰ লক্ষ্য। সৰ্বমুঠ তিনিখন এনে বিচাৰ অনুষ্ঠিত হয়—১মখন ১৯৩৬ চনৰ আগষ্টত, ২য়খন ১৯৩৭ চনৰ জানুৱাৰীত আৰু ৩য়খন ১৯৩৮ চনৰ মাৰ্চত। এইলানি বিচাৰে নৱেম্বৰ বিপ্লৱৰ অসংখ্য শ্ৰেষ্ঠ সন্তানৰ জীৱনবন্তি নুমুৱাই দিয়ে। তাৰে বহুতেই আছিল লেনিনৰ ঘনিষ্ট সহযোগী। স্তালিন তথা আন বলছেভিক নেতাক হত্যা কৰাৰ ষড়যন্ত্ৰ, বিদেশী শক্তিৰ সাহায্যত ছোভিয়েট ইউনিয়নক টুকুৰা-টুকুৰ কৰি পুঁজিবাদৰ পুনৰুত্থানৰ ষড়যন্ত ৰচাৰ ভুৱা অভিযোগ আৰু অভিযুক্তসকলৰ পৰা অত্যাচাৰ কৰি আদায় কৰা স্বীকাৰুক্তিৰ ভিত্তিত শাস্তিৰ ৰায় প্রদান কৰা হৈছিল। ১মখন ‘বিচাৰত’ আনৰ লগতে জিনভিয়েভ, কামেনেভ আৰু ট্রটস্কিৰ প্ৰাণদণ্ডৰ ৰায় ঘোষিত হয়।
ট্ৰটস্কিয়ে সেই সময়ত মেক্সিকোত নিৰ্বাসিতৰ জীৱন যাপন কৰিছিল। ফলত তেওঁ গুলী খাই মৰাৰ পৰা বাচি যায়। কিন্তু ১৯৪০ চনৰ ২০ আগষ্টত আততায়ীৰ বৰফ কটা কুঠাৰৰ আঘাতত তেওঁ ধৰাশায়ী হ’ল আৰু পিছদিনাই তেওঁৰ জীৱনাৱসান ঘটে। ৰেমন মাৰ্চেডাৰ (১৯১৩-৭৮) নামৰ আততায়ীটো আছিল স্পেনীয় কমিউনিষ্ট দলৰ সদস্য। স্তালিনৰ গুপ্ত পুলিচে ট্রটস্কিক মাৰিবৰ কাৰণে ৰেমনক নিয়োগ কৰিছিল—বহুতে কৰা এনে সন্দেহ একেবাৰে ভিত্তিহীন বুলি উৰাই দিব নোৱাৰি। এই অপৰাধৰ বাবে মেক্সিকোত মাৰ্চেডাৰৰ প্রায় ২০ বছৰ জেল হয়। মজাৰ কথাটো হ’ল, ১৯৬০ চনত যেতিয়া সি জেলৰ পৰা মুকলি হয়, তেতিয়া ছোভিয়েট ইউনিয়নে তাক ‘হিৰ’ অব ছোভিয়েট ইউনিয়ন’ আৰু ‘নি’ পদকেৰে ভূষিত কৰে! আনকি এই ষড়যন্ত্ৰৰ অংশীদাৰ হোৱাৰ পুৰস্কাৰ হিচাপে ৰেমনৰ মাক ইউষ্টেচিয়া কেৰিদাড মাৰ্চেডাৰকো (১৮৯২-১৯৭৫) ঘটনাৰ কেইদিনমানৰ পিছতে স্তালিনে ‘অৰ্ডাৰ অব লেনিন’ সন্মান যাচিছিল!
কেৱল ট্ৰটস্কিকে মাৰি তৎকালীন ছোভিয়েত ইউনিয়নৰ কৰ্তৃপক্ষ ক্ষান্ত হোৱা নাছিল। টটস্কিৰ পত্নী, পুত্ৰ, কন্যা, জোঁৱাই, এই সকলোৱে শাসকৰ হাতত মৰা পৰে। ১৯৩০-ৰ দশকৰ শুদ্ধিকৰণ অভিযানত ট্ৰটস্কিৰ প্ৰথমা পত্নী আলেক্সেণ্ডা চকলভক্কায়াক (১৮৭২-১৯৩৮) বন্দী কৰি ভয়ংকৰ শ্ৰম শিবিৰলৈ (গুলাগ) প্ৰেৰণ কৰা হয়। পিছত তেওঁৰ শুংসূত্ৰ হেৰায়। গুপ্ত পুলিচৰ হাততে গুলী খাই তেওঁৰ মৃত্যু ঘটা বুলি ভবা হয়। পুলিচৰ নিৰ্যাতন, নিৰ্বাসিত তথা পলৰীয়া জীৱনে ট্রটস্কিৰ পৰিয়ালটো যিদৰে থানবান কৰি দিছিল, সেইটো তেওঁলোকৰ বৰ জীয়ৰী জিনেইডা ভলকভাৰ (১৯০১-৩৩) বাবে অসহনীয় হৈ পৰিছিল। তাই ১৯৩৩ চনত আত্মহত্যা কৰে। এই জিনেইডাই দুবাৰ বিয়া পাতিছিল। কিন্তু তাই বিয়া পতা দুইজন পুৰুষকে, জাখৰ বৰিচভিক মগ্নিন (১৮৯৭-১৯৩৭) আৰু প্নেটন ইভানভিক ভলকভক (১৮৯৮-১৯৩৬) গ্ৰেপ্তাৰ কৰি শ্ৰমশিবিৰলৈ প্ৰেৰণ কৰা হৈছিল। তাতে ট্রটস্কিৰ এই দুই জোঁৱাইৰ চিনচাব নোহোৱা হৈ যায়। ট্ৰটস্কিৰ সৰু জীয়ৰী নিনা নেভেলচনৰ (১৯০২-১৯২৮) ফালৰ জোঁৱায়েক মান চেমইলভিক নেভেলচন (১৮৯৬-১৯৩৭)। তেওঁৰো মৃত্যু গুপ্ত পুলিচৰ গুলীতে। ট্রটস্কিৰ ভনীয়েক ওলগা ডাভিদভনা কামেনেভা (১৮৮৩-১৯৪১)। তেওঁৰ কামেনেভলৈ বিয়া হৈছিল। কামেনেভকো গুলীয়াই হত্যা কৰা হৈছিল, যিটো ইতিমধ্যে উল্লেখ কৰা হৈছে। ওলগাৰ দুইটা ল’ৰা, আলেক্সেণ্ডাৰ কামেনেভ আৰু ইউৰি কামেনেভে গুপ্ত পুলিচৰ গুলীত প্রাণ হেৰুৱায়। মৃত্যুৰ সময়ত ডাঙৰটোৰ বয়স ৩৩ বছৰ আৰু সৰুটো মাত্ৰ ১৭ বছৰীয়া। অৰিয়ল জেলত বন্দী হৈ থকা এইগৰাকী বলছেভিক ওলগাই গুপ্ত পুলিচে সংঘটিত কৰা ১৯৪১ চনৰ কুখ্যাত ‘মেডভেদেভ ফৰেষ্ট গণহত্যা’ৰ ঘটনাত প্ৰাণ হেৰুৱায়। ট্ৰটস্কিৰ দ্বিতীয় পত্নীৰ ফালৰ বৰপুত্ৰ লেভ লভভিক চেডভ (১৯০৬-১৯৩৮)। পেৰিছত নিৰ্বাসিত হৈ থকা কালত ৰুছিয়াৰ গুপ্ত পুলিচেই তেওঁৰ এপেণ্ডিচাইটিচ অপাৰেচনত গণ্ডগোল কৰি নাইবা বিহ দি হত্যা কৰে বুলি সন্দেহ কৰা হয়। দ্বিতীয় পুত্ৰ চাৰ্গেই লভভিক চেডভ (১৯০৮-১৯৩৭)৷ ককায়েক যদিও ৰাজনৈতিকভাৱে সক্ৰিয় আছিল, দেউতাকক সাহায্য কৰিছিল, চাৰ্গেই কিন্তু এজন সম্পুৰ্ণ অৰাজনৈতিক ব্যক্তি। মেধাৱী চাৰ্গেই এজন ইঞ্জিনিয়াৰ তথা বিজ্ঞানী। কেৱল ট্রটস্কিৰ পুত্ৰ হোৱাৰ গুণত বা ‘দোষ’ত পুলিচৰ হাতত গ্ৰেপ্তাৰ হৈ বিভিন্ন শ্ৰমশিবিৰলৈ প্ৰেৰিত হয় আৰু অৱশেষত বন্দী অৱস্থাতে পুলিচৰ গুলীত তেওঁ প্রাণ হেৰুৱায় বুলি বিশ্বাস কৰা হয়। ট্ৰটস্কিৰ ককায়েক আলেক্সেণ্ডাৰ দাভিডভিক ব্ৰনষ্টেইন (১৮৭০-১৯৩৮)। তেওঁকো একেদৰে গুলীয়াই হত্যা কৰা হৈছিল।
ট্ৰটস্কিৰ বাহিৰেও শুদ্ধিকৰণৰ পৰ্বটোত আন যিসকল বলছেভিকে প্রাণ হেৰুৱাইছিল, তেওঁলোকৰ অনেকৰে পৰিয়ালৰ অন্যান্য সদস্যও হত্যাৰ বলি হৈছিল কেৱল পাৰিবাৰিক সম্পৰ্কৰ বাবে। কিন্তু সেইবোৰ উদাহৰণৰ উল্লেখ অৱশ্যেই বাহুল্য হ’ব। জাৰৰ শাসনৰ ঘনঘোৰ তমসাৰ পিছত ৰৌদ্ৰোজ্জ্বল পুৱাৰ প্ৰতিশ্ৰুতি এনেদৰে পূৰণ নোহোৱাকৈ থাকি গ’ল।
ইতালিয় কমিউনিষ্ট নেতা পালমিৰ’ টোগ্লিয়াত্তি (১৮৯৩-১৯৬৪)। তেওঁৰ মতে ফেচীবাদী বেনিটো মুচোলিনিয়ে (১৮৮৩-১৯৪৫) এনে এটা ধাৰণা আগবঢ়াইছিল যে ক্ষমতাৰোহণ কালৰ সংগীসকলক লগত লৈ ফেচীবাদী দলে ক্ষমতা টিকাই ৰাখিব নোৱাৰে। সেয়ে, তাত ফেচীবাদী চৰকাৰে সেই দলৰ পুৰণি নেতা-কৰ্মীসকলক জেলত ভৰাইছিল আৰু অনেকক শাৰীৰিকভাৱেই নিঃশেষ কৰি দিছিল—”Mussolini formulated this concept: the Fascist party cannot hold power with the same cadres with which it seized it. . . The Fascist Party has grown stronger and is solidly welded to the state. . . Today, the old cadres, in part, have fallen, been eliminated, thrown into prison and interned” (Togliatti, Palmiro, 1976, Lectures on Fascism, New York: International Publishers, pp-38 & 40)। এই একেখন নাটকেই দেখোন আজি ছোভিয়েট ইউনিয়নতো অভিনীত হোৱা দেখা গ’ল!
শুদ্ধিকৰণৰ চাটি লেনিনৰ গাত নপৰিল। অকাল মৃত্যুৱে এটা দশক আগতেই তেওঁৰ জীৱন বন্তি নুমুৰাই দিলে। নহ’লে কিজানি কোনোবাখন মস্কো-বিচাৰৰ কাঠগড়াত থিয় হৈ বিচাৰকে পাঠ কৰা মৃত্যুদণ্ডৰ ৰায় তেওঁকো শুনি থকা দেখিবলৈ পোৱা গ’লহেঁতেন। লেনিন-পত্নী ক্ৰুপস্কায়াৰ যে কোনো এখন মস্কো-বিচাৰৰে আচামী হৈ শ্ৰমশিবিৰৰ শাস্তি বা গুপ্ত পুলিচৰ বুলেট বুকু পাতি ল’বলগীয়া নহ’ল, সেইটো এটা আশ্চৰ্যজনক কথা। কিন্তু জন্মদিন পালনৰ পিছদিনাই মৃত্যুমুখত পৰা ক্ৰুপস্কায়াক জন্মদিন পালনৰ দিনটোতে বিহ দিয়া বুলি সন্দেহ কৰা হয়। এই সন্দেহ যে একেবাৰে অমূলক, তেনে কথা ক’ব নোৱাৰি। লেনিনৰ জীৱনৰ অন্তিম পৰ্বত; যেতিয়া তেওঁ প্রায় একেবাৰে শয্যাশায়ী, তেতিয়া স্তালিনৰ সৈতে ক্ৰুপস্কায়া আৰু লেনিনৰ সম্পৰ্ক কেৱল তিক্ততালৈকে নহয়, ই বৈৰিতালৈয়ো পৰ্যবসিত হৈছিল। এই দুৰ্দিনতে স্তালিনে টেলিফোনত ক্ৰুপস্কায়াক অতি হুটা মাতেৰে ধমকি দিয়ে। জৰ্জিয়াক ছোভিয়েট ইউনিয়নত চামিল কৰা বিষয়ক লৈ স্তালিনৰ ওপৰত ওপজা লেনিনৰ বিৰক্তি তথা ক্ৰোধ এই ফোনীয় বাৰ্তালাপৰ বিষয় আছিল। পত্নীক কৰা দুৰ্ব্যৱহাৰৰ বাবে ক্ষমা খোজাৰ নিৰ্দেশ দি লেনিনে স্তালিনলৈ পত্ৰও (৫-৬ মাৰ্চ, ১৯২৩) প্ৰেৰণ কৰে। স্তালিনে ক্ষমা নুখুজিলে তেওঁলোকৰ মাজৰ সম্পৰ্ক ভাগি যাব বুলিও লেনিনে সকিয়াই দিছিল— “Dear Comrade Stalin: You have been so rude as to summon my wife to the telephone and use bad language. Although she had told you that she was prepared to forget this, the fact nevertheless became known through her to Zinoviev and Kamenev. I have no intention of forgetting so easily what has been done against me, and it goes without saying that what has been done against my wife I consider having been done against me as well. I ask you, therefore, to think it over whether you are prepared to withdraw what you have said and to make your apologies, or whether you prefer that relations between us should be broken off” (V. I. Lenin,  Collected Works, vol-45, Progress Publishers, Moscow, Digital Reprints 2015, pp-607 & 608)।

(আঠ)
স্তালিনৰ আমোলত ৰাজনৈতিক কাৰণত সংঘটিত নৰহত্যাবোৰ বিচ্ছিন্ন ঘটনা বুলি ভাবিলে চাগৈ ভুল হ’ব। এই পৰম্পৰা বলছেভিক বিপ্লৱৰ একেবাৰে আৰম্ভণিৰে পৰা চলি আহিছে। ১৯১৭ চনৰ ফেব্ৰুৱাৰী বিপ্লৱৰ পৰিণতিত গঠিত সাময়িক চৰকাৰে জাৰ নিকোলাই আলেক্সেণ্ডুভিক ৰোমানভক (২য় নিকোলাচৰূপে বেছিকৈ জনাজাত) (১৮৬৮-১৯১৮) পৰিয়াল সমন্বিতে চেণ্ট পিটাৰ্চবাৰ্গৰ সমীপত থকা আলেক্সেণ্ডাৰ প্ৰাসাদত গৃহবন্দী কৰি থয় (২২ মাৰ্চ)। উল্লেখ্য যে তেতিয়ালৈকে বলছেভিকসকল ক্ষমতালৈ অহা নাছিল। পৰৱৰ্তী নবেম্বৰ মাহৰ বিপ্লৱৰ যোগেদিহে তেওঁলোক ক্ষমতাসীন হয়। সাময়িক চৰকাৰখনে নিৰাপত্তাৰ কথা ভাবি জাৰৰ পৰিয়ালটোক দেশৰ পৰা আঁতৰাই পঠোৱাৰ কথা ভাবিলে। কিন্তু পৰিয়ালটোক গ্ৰহণ কৰিবলৈ ইংলেণ্ড আৰু ফ্ৰান্স ৰাজী নোহোৱাত চৰকাৰে তেওঁলোকক চাইবেৰিয়াৰ টোবলস্ক চহৰলৈ স্থানান্তৰিত কৰে।
কিন্তু বলছেভিকসকল ক্ষমতালৈ অহাৰ পিছত ১৯১৮ চনৰ এপ্ৰিল-মে’ মাহত জাৰৰ পৰিয়ালটোক বলছেভিক নিয়ন্ত্ৰিত একাটেৰিনবাৰ্গ নামৰ ঠাইলৈ লৈ যোৱা হয়। তাতে কেইদিনমান পিছতে, অৰ্থাৎ ১৯১৮ চনৰ ১৭ জুলাইৰ পুৱতি নিশা নিকোলাচক তেওঁৰ পৰিয়ালৰ সৈতে তেওঁলোক বন্দী হৈ থকা ‘ইপাতিয়েভ হাউচ’ নামৰ ঘৰটোৰ বেচমেণ্টতে ইজনৰ পিছত সিজনকৈ গুলীয়াই আৰু বেয়নেটেৰে খুঁচি হত্যা কৰা হয়। এটা সৰু কোঠাৰ ভিতৰত মানুহকেইটা মাৰিবলৈ গুলীৰ উপৰি বেয়নেট কিয় লগা হ’ল? গুলিচালনা কৰা ঘাতককেইটা মদ খাই নিচাগ্রস্ত হৈ আছিল। সেয়ে, তেওঁলোকৰ বন্দুকৰ পৰা ওলোৱা ভালেমান গুলি লক্ষ্যভ্ৰষ্ট হয়। বিশেষকৈ জাৰৰ ছোৱালীকেইজনীয়ে লুকুৱাই কাপোৰৰ তলত পিন্ধি থকা গহনাবোৰে আংশিকভাৱে বৰ্মৰ দৰে কাম কৰিছিল। সেয়ে, মাটিত বাগৰি পৰি যন্ত্রণাত চিঞৰি-বাখৰি চটফটাই থকা সিহঁতৰ মাত চিৰতৰে বন্ধ কৰিবলৈ সিহঁতৰ গাটো বেয়নেটৰে শালি পেলোৱা হয়। তাৰ পিছতো যাৰ চটফটনি মাৰ যোৱা নাছিল, বন্দুকৰ কুণ্ডাৰে মৰিয়াই সিহঁতৰ মুখমণ্ডল থেতালি পেলোৱা হৈছিল, লাওখোলা ভাঙি চূচুৰ্মৈ কৰি দিয়া হৈছিল। এই ‘বিপ্লৱী’ কৰ্তব্য যিজন বলছেভিক পিশাচৰ তত্বাৱধানত সম্পন্ন হৈছিল, তেওঁৰ নাম হ’ল য়াকভ মিখাইলভিক ইউৰভস্কি (১৮৭৮-১৯৩৮)।
এই ঘটনাত প্রাণ হেৰুৱাসকলৰ ভিতৰত নিকোলাচৰ উপৰি আছিল ৪৬ বছৰীয়া পত্নী আলেক্সেণ্ডা ফিয়ডৰভনা (১৮৭২-১৯১৮), ৪ গৰাকীকৈ কন্যা আৰু ১৩ বছৰীয়া পুত্ৰ আলেক্সেই নিকোলায়েভিক (১৯০৪-১৮)। আটাইতকৈ ডাঙৰ ছোৱালীজনীৰ বয়স তেতিয়া মাত্ৰ ২২ বছৰ। একেবাৰে সৰুজনী নাবালিকা, ১৭ বছৰীয়া। সিহঁতৰ লগতে গুলী খাই আন ৪-জন ব্যক্তিৰো মৃত্যু ঘটে। তেওঁলোক ক্ষমতাচ্যুত জাৰৰ পৰিয়ালটোক বিভিন্ন কামত সাহায্য কৰিবৰ কাৰণে নিয়োজিত আছিল।
কোনো বিচাৰৰ সমুখীন হৈ আত্মপক্ষ সমৰ্থনৰ সুযোগ নিকোলাচে পোৱা নাছিল। জাৰ ২য় নিকোলাচৰ কৃতকৰ্মৰ বিষয়ে উল্লেখ বাহুল্য মাথোন। কিন্তু যিমান ডাঙৰ অপৰাধেই তেওঁ নকৰক কিয়, বিনা বিচাৰে তেওঁক গুলীয়াই মৰাটো আন এক অক্ষমনীয় অপৰাধ, কাৰণ ই এটা নিৰ্ভেজাল হত্যাকাণ্ড। এই অপৰাধৰ মাত্ৰা হাজাৰ গুণে বাঢ়ে যেতিয়া ৰাজনীতিৰ লগত সম্পৰ্ক নথকাজনকো কেৱল পাৰিবাৰিক সম্পৰ্কৰ কাৰণেই সাবালক-নাবালক নিৰ্বিশেষে গুলীয়াই হত্যা কৰা হয়। জাৰে বাৰু দোষ কৰিছিল, অপৰাধ কৰিছিল, সম্ৰাজ্ঞী আলেক্সেণ্ডাৰ বিৰুদ্ধেও কুখ্যাত ধৰ্মগুৰু গ্রিগৰি ইয়েফিমভিক ৰাচপুটিনৰ (১৮৬৯-১৯১৬) প্রভাৱত দেশ শাসনত হস্তক্ষেপ কৰাৰ অভিযোগ আছিল। কিন্তু তেওঁলোকৰ সন্তান কেইটি? তেওঁলোকৰ লগতে গুলী খাই মৃত্যু হোৱা আন ৪জন ব্যক্তি? এই লোমহৰ্ষক ঘটনাত শ্ৰেণীশত্ৰু নিধন হ’ল বুলি যিসকলে কিৰিলি পাৰিব বিচাৰে, তেওঁলোকক ধিক্কাৰ জনাব নোৱাৰিলে, তেনে লোকৰ সৈতে সম্পৰ্ক ছিন্ন কৰিব নোৱাৰিলে বাঁওপন্থাৰ মৰ্যাদা বা বিশ্বাসযোগ্যতা অৱশ্যেই টুটিব।
হিতাহিত জ্ঞান হেৰুওৱা উন্মত্ত জনতা বা মবৰ ক্ৰোধ আৰু উত্তেজনাৰ পৰিণতি এই হত্যাকাণ্ড মুঠেই নাছিল। ই ক’বলৈ গ’লে একাধিক দায়িত্বশীল লোকৰ শীতল মস্তিষ্কৰে কৰা অপকৰ্ম। ফৰাছী বিপ্লৱৰ কালত ৰজা যোড়শ লুইৰো (১৭৫৪-১৭৯৩) গিলটিনত ডিঙি কটা গৈছিল। কিন্তু বিপ্লৱীসকলে গুপ্তঘাতকৰ দৰে বিনা বিচাৰে সেই কাম কৰা নাছিল। বিচাৰ চলিছিল, য’ত ৰজাই আত্মপক্ষ সমৰ্থনৰ সুযোগ পাইছিল। বিচাৰত জাতীয় কনভেনচৰ সংখ্যাধিক ডেপুটিৰ ভোটতহে ৰজাৰ প্রাণদণ্ডৰ সিদ্ধান্ত গৃহীত হয়।
নিকোলাচৰ পৰিয়ালটোৰ হত্যাকাণ্ড লেনিনৰ নিৰ্দেশতে সংঘটিত হোৱা বুলিও সন্দেহ বা অভিযোগ আছে। এই অভিযোগ অসত্য হ’লেই আমাৰ পৰম আনন্দৰ কথা হ’ব। কিন্তু যিটো কথাত সন্দেহৰ কোনো কাৰণ নাই, সেইটো হ’ল, এই নাৰকীয় হত্যাকাণ্ডৰ বিৰুদ্ধে লেনিনে কোনো আপত্তি বা নিন্দা বা সমালোচনা নকৰিলে— ঘটনাৰ তদন্ত আৰু দোষীসকলৰ শাস্তিৰ দিহা কৰাতো দূৰৰে কথা। এইখিনিতে দাৰ্শনিক বাৰ্ট্ৰেণ্ড ৰাছেলে (১৮৭২-১৯৭০) লেনিনৰ ব্যক্তিত্বৰ বিষয়ে কৰা মন্তব্যৰ কথা অতি অস্বস্তিকৰভাৱে মনলৈ আহে। “Eminent Men I Have Known” নামৰ ৰচনা এখনত তেওঁ লিখিছিল, “When I met Lenin, I had much less impression of a great man than I had expected; my most vivid impressions were of bigotry and Mongolian cruelty. When I put a question to him about socialism in agriculture, he explained with glee how he had incited the poorer peasants against the richer ones, ‘and they soon hanged them from the nearest tree – ha! ha! ha!’ His guffaw at the thought of those massacred made my blood run cold” (Russell, Bertrand, 2009, Unpopular Essays, London & New York: Routledge, p-167)। ৰাছেলে অৱশ্যে লেনিনৰ ব্যক্তিত্ব সম্পৰ্কে অন্যত্ৰ আন কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্যও কৰিছে—, “Soon after my arrival in Moscow I had an hour’s conversation with Lenin in English, which he speaks fairly well. . . . Lenin’s room is very bare; it contains a big desk, some maps on the walls, two book-cases, and one comfortable chair for visitors in addition to two or three hard chairs. It is obvious that he has no love of luxury or even comfort! He is very friendly, and apparently simple, entirely without a trace of hauteur. . . . I have never met a personage so destitute of self-importance. . . He is dictatorial, calm, incapable of fear, extraordinarily devoid of self-seeking, an embodied theory. The materialist conception of history, one feels, is his life-blood.” (Russell, Bertrand, 2008, The Practice and Theory of Bolshevism, Rockville: Arc Manor, p-24)।
স্তালিনৰ কথা বাৰু বাদ দিলোঁ, ট্রটস্কিকে আদি কৰি আন বলছেভিক নেতাসকলৰ তৰফৰ পৰাও এই ঘটনাক নিন্দা কৰা পৰিলক্ষিত নহ’ল। বালীলৈ যিপাট শৰ সুগ্ৰীবলৈয়ো সেই পাট। ইতিমধ্যে উল্লিখিত বলছেভিক নেতাসকলৰ যি দৰে স্তালিনৰ হাতত নিধন হ’বলগীয়া হৈছিল, সেইটো জাৰৰ পৰিয়ালক নিৰ্মূল কৰা প্ৰক্ৰিয়া বা পৰম্পৰাৰে ধাৰাবাহিকতা। এই ধাৰাবাহিকতা আনকি বৰ্তমানৰ ৰুছিয়াত চলি থকা একনায়ক ভ্লাদিমিৰ পুটিনৰ শাসনলৈকে অক্ষত হৈ থকা দেখা যায়। পুটিনৰ ৰাজনৈতিক প্রতিপক্ষ হিচাপে থিয় দিব খোজা যিকোনো ব্যক্তিক দেশতেই হওঁক বা বিদেশৰ মাটিতে হওঁক, বিহ প্রয়োগৰ দ্বাৰা হত্যা কৰা, জেলত বন্দী কৰি থোৱা আদি ঘটনাবোৰ চৰিত্ৰৰ ফালৰ পৰা একো বিশেষ বেলেগ ঘটনা নহয়।
স্তালিনৰ মৃত্যুৰ (১৯৫৩) পিছত নিকিটা চাৰ্গেয়েভিক ক্ৰুচেভ (১৮৯৪-১৯৭১) ক্ষমতালৈ আহে, দলৰ শীৰ্ষ নেতা হয়। স্তালিনৰ শাসনকালত তেওঁ তোষামোদকাৰীৰূপে স্তালিনৰ আস্থাভাজন হৈছিল। অৱশ্যে ১৯২০-ৰ দশকৰ প্ৰথম ভাগত তেওঁক ট্রটস্কিৰ শিবিৰতো কেইদিনমানৰ কাৰণে দেখা গৈছিল। এই ধূর্ত নেতা ১৯৩০-ৰ দশকত চলা শুদ্ধিকৰণ অভিযানত স্তালিনৰ অন্যতম সহযোগী আছিল। আনকি নিজে যেতিয়া ইউক্ৰেইনৰ প্রাদেশিক চৰকাৰ আৰু দলৰ মুৰব্বীৰ দায়িত্ব পায় (১৯৩৭-৩৮), তেতিয়া তেওঁৰ প্রত্যক্ষ তদাৰকিত অগণন বলছেভিকৰ কাৰাবাস আৰু প্রাণনাশ ঘটে। কোৱা হয় যে গ্ৰেপ্তাৰ বৰণ কৰা প্রায় সকলোৰেই বধ্যভূমিত জীৱনাৱসান ঘটিছিল।
এই ক্ৰুচেভকে এতিয়া স্তালিনৰ মৃত্যুৰ পিছত সম্পূৰ্ণ সন্তৰ ৰূপত আবিৰ্ভূত হোৱা দেখা গ’ল! বলছেভিক দলৰ বিংশতিতম কংগ্ৰেছত (১৯৫৬) তেওঁ এক গোপন ভাষণ প্রদান কৰে। সকলোকে স্তম্ভিত কৰি তাত তেওঁ স্তালিন আমোলৰ নৰসংহাৰ আৰু বিৰোধী বলছেভিকৰ ওপৰত হোৱা অকথ্য নিৰ্যাতনৰ বাবে স্তালিনক জগৰীয়া কৰি গৰিহণা দিয়ে, তেওঁৰ নামত চলা ব্যক্তিপূজাৰ বিৰোধিতা কৰে! ক্ৰুচেভৰ সময়ত আৰু তাৰ পিছতো ছোভিয়েট ইউনিয়নত স্তালিনকালীন নিৰ্যাতনৰ তীব্ৰতা গুচে। কিন্তু দেশৰ শাসনব্যৱস্থাত চকুত পৰা পৰিৱৰ্তন সূচিত হোৱা দেখা নগ’ল। স্তালিন প্রৱৰ্তিত ব্যৱস্থাটোতে ভৱিষ্যত নিৰাপদ বুলি ক্ষমতাৰ সোৱাদ পোৱা লিওনিদ ইলিচ ব্ৰেজনেভ (১৯০৬-৮২), ইউৰি ভ্লাডিমিৰভিক আণ্ড্ৰোপভ (১৯১৪-৮৪) আদিৰ প্ৰত্যয় জন্মিছিল। কথাবোৰ ওলটপালট হ’লহি একেবাৰে ১৯৮০ৰ দশকৰ অন্তিম পৰ্যায়ত। তেতিয়া মিখাইল গৰ্বাচেভ (১৯৩১-২০২২) দল আৰু চৰকাৰৰ মুৰব্বী। তেওঁৰ দ্বাৰা ঘোষিত হ’ল তথাকথিত “গ্লাছনষ্ট আৰু পেৰেষ্টইকা”-ৰ কাৰ্যক্ৰম। দেশৰ ৰাজনীতি আৰু আৰ্থিক ব্যৱস্থাত বুনিয়াদী পৰিৱৰ্তন এই কাৰ্যক্ৰমৰ লক্ষ্য। এনেদৰে গণতন্ত্ৰৰ পক্ষে হোৱা পৰিৱৰ্তনৰ ঢৌৱে অকল ছোভিয়েট ইউনিয়নতে নহয়, গোটেই পূব ইউৰোপৰ দেশবোৰত তেতিয়ালৈকে বৰ্তি থকা তথাকথিত ‘সমাজবাদী’ ব্যৱস্থাৰ পতন ঘটাবলৈ লয়।

(ন)
হিটলাৰ আৰু স্তালিনক একে শাৰীতে থ’ব নোৱাৰি, এই সম্পৰ্কত নিশ্চয় কাৰো দ্বিমত নাই। হিটলাৰ আছিল ফেচীবাদী। স্তালিনৰ চিন্তা আৰু কৰ্মপদ্ধতি হ’ল মার্ক্সবাদৰ বিকাৰ, যি নৃশংসতালৈ পৰ্যবসিত হৈছিল। কিন্তু স্তালিনৰ মূল্যায়নত ভাৰসমতাও ৰক্ষা কৰি চলা উচিত—স্তালিনৰ গাত টোপ পৰিবলৈ দিব নিবিচৰাসকলে সততে এনে বক্তব্য দাঙি ধৰে। ভাৰসমতা ৰক্ষা কৰি স্তালিন-মূল্যায়ন মানে ত্ৰুটি-বিচ্যুতিৰ লগতে ২য় বিশ্বযুদ্ধত ফেচীবাদক প্রতিৰোধ কৰাত, পঞ্চবাৰ্ষিক পৰিকল্পনাৰ জৰিয়তে দেশখনক দ্ৰুত ঔদ্যোগীকৰণৰ দিশে আগুৱাই দিয়াত তেওঁৰ অগ্ৰণী ভূমিকাৰ আলোচনা। কিন্তু দুৰ্ভাগ্যৰ কথা, স্তালিনৰ ক্ৰুটি-বিচ্যুতিনো কি, সেই বিষয়ে বিতংকৈ জানিবলৈ হ’লে স্তালিনবাদী বাঁওপন্থাৰ ওচৰ চাপিলে নিৰাশ হ’ব লাগিব। তেওঁলোকে “ক্ৰুটি-বিচ্যুতি”-ক কেৱল আমোলাতন্ত্ৰৰ বৰ্ধিত প্রভাৱ বুলি কথা চমুৱাব বিচাৰে। শুদ্ধিকৰণ অভিযানৰ পৰ্যায়ত ঘটা নৰসংহাৰ আৰু গুলাগত ৰাজনৈতিক প্ৰতিপক্ষৰ ওপৰত চলোৱা অকথ্য নিৰ্যাতনৰ ঘটনা সম্পৰ্কত তেওঁলোকৰ নীৰৱতা বিস্ময়কৰ!
বৰ্তমানৰ আন্তৰ্জাতিক ৰাজনীতিলৈ কিছু মন দিয়া যাওক। ৰুচিয়াই ইউক্ৰেইনত চলোৱা নৰসংহাৰ ইজৰাইলে গাজাত চলোৱা নৰসংহাৰতকৈ কিহত বেলেগ? বিদ্যালয়-হাস্পতাল-আশ্ৰয় শিবিৰ বোমাৰে চাৰখাৰ কৰি দিয়া, শিশু সমন্বিতে অসহায় মুনিহ-তিৰোতাক নিৰ্বিচাৰ গুলী বা বোমাবৰ্ষণৰ লক্ষ্য কৰি লোৱাৰ নাৰকীয় ঘটনা উভয় ক্ষেত্ৰতে ঘটিছে। কিন্তু ভাৰতৰ বাওঁপস্থীসকল গাজাৰ ক্ষেত্ৰত যিমান প্রতিবাদমুখৰ, ইউক্ৰেইনৰ বেলিকা সিমান নীৰৱ আৰু উদাসীন। এই উদাসীনতাৰ কাৰণ কি? নৰসংহাৰৰ বিৰুদ্ধে প্রতিবাদ নকৰাকৈ থকা বাওঁপন্থী স্থিতিৰ সপক্ষে কিবা পতিয়নযোগ্য যুক্তি আছে নে? ৰুছিয়াখনত এতিয়াও যেন কমিউনিষ্ট শাসনেই অব্যাহত আছে—আমাৰ দেশৰ বাওঁপন্থীসকলৰ অনেকৰে যেন এনে ভ্ৰম। সেই দেশত কেতিয়াবাই পূৰ্ণমাত্ৰাৰ পুঁজিবাদে থিতাপি ল’লে। দেশখনে যে এতিয়া এখন আগ্ৰাসী সাম্ৰাজ্যবাদী দেশৰ দৰে আচৰণ কৰিবলৈ লৈছে, সেই বাস্তৱতালৈ তেওঁলোকৰ কাণসাৰ নাই। ৰুছিয়াই ইউক্ৰেইনত চলোৱা আগ্ৰাসন তথা নৰসংহাৰ সেয়ে এইসকল বাওঁপন্থীৰ বাবে হিচাপত ল’বলগীয়া ঘটনাই নহয়। এই সন্দৰ্ভত তেওঁলোকে প্ৰতিবাদ কৰি সামান্য বিবৃতি এটাও জাৰি কৰা চকুত নপৰে!
“কমিউনিষ্ট” (?) চীনৰ সৈতে থিঅ’ক্ৰেটিক ইৰান বা পাকিস্তানৰ সু-সম্পৰ্কৰ ৰসায়ন যেন বোধৰ অতীত! দেশকেইখন অন্ততঃ বৰ্তমান সময়ত আমেৰিকা-বিৰোধী। হয়তো সু-সম্পৰ্কৰ ইও এটা প্ৰধান কাৰণ। আমেৰিকা জড়িত থকা কোনো সামৰিক বা অসামৰিক বিবাদত চকু মুদি বাওঁপন্থীসকলে এইবোৰ দেশৰে পক্ষ লয়।
১৯৭০-৮০, আনকি ৯০-ৰ দশকৰ আন্তৰ্জাতিক পৰিস্থিতিও যে আজি একে ৰূপত নাই, এই সত্য কেনেকৈ অস্বীকাৰ কৰিব পাৰি‌? চীন আৰু ৰুছিয়া, দুয়োখন দেশৰে চুবুৰীয়া দেশৰ সৈতে সীমাবিবাদেই কেৱল নহয়, সামৰিক শক্তিৰ জোৰত তেওঁলোকৰ দ্বাৰা চুবুৰীয়া দেশৰ ভূমি দখল আজি যেন ইতিহাসৰে পুনৰাবৃত্তি! এই ইতিহাস আন একো নহয়, আমেৰিকাৰ দ্বাৰা ভিয়েটনাম দখল আৰু, সেই সৰু দেশখনৰ বিৰুদ্ধে ১৯৫০-৬০-৭০-ৰ দশক জুৰি আমেৰিকাই চলাই থকা দানৱীয় যুদ্ধ বা তাৰো আগৰ জাপানী সাম্ৰাজ্যবাদৰ দ্বাৰা চীনৰ বিৰুদ্ধে হোৱা আগ্ৰাসন তথা যুদ্ধৰ ইতিহাস। সম্প্ৰতি ভালেকেইখন ৩য় বিশ্বৰ দেশ চীনে আগবঢ়োৱা ঋণ গ্ৰহণ কৰি দেউলীয়া হোৱাৰ ঘটনা ঘটিছে। বাংলাদেশ আমাৰ একেবাৰে নিকট নিদৰ্শন। ৰুছিয়া, উত্তৰ কোৰিয়া, ইৰান আদিৰ দ্বাৰা আন দেশে প্ৰায়ে সামান্য কথাতে আগ্ৰাসন আৰু পাৰমাণবিক বোমাৰ ভাবুকি পায়। ভাৰতৰ অভিজ্ঞতা এই ক্ষেত্ৰত বৰ মধুৰ বুলি ক’ব নোৱাৰি। তিব্বতৰ কথা বাদ দিলেও, অৰুণাচল বা লাডাখ অঞ্চল নিজৰ বুলি কৰা দাবীত চীনৰ অটল হৈ থকা কথাটো আজি ভাৰতৰ বাঁওপন্থীসকলে সৰহ দিনলৈ আওকাণ কৰি থাকিব পাৰিব জানো? চীনৰ বেলিকা দেখা গৈছে যে সেই দেশৰ শ্রমিকশ্ৰেণী প্ৰচণ্ডভভাৱে শোষিত, তেওঁলোকে কম মজুৰিত কাম কৰিব লাগে। এই শোষিত শ্ৰমিকে উৎপাদন কৰা পণ্যৰে আন্তৰ্জাতিক প্ৰতিযোগিতাত চীন আজি অপ্ৰতিদ্বন্দ্বী। ফলত পৃথিৱীৰ বজাৰ আজি সস্তীয়া চৈনিক পণ্যৰে ভৰি পৰিছে। ভাৰতো এই পণ্য-আগ্রাসনৰ পৰা হাত সাৰিব পৰা নাই।‌
দ্বিতীয় বিশ্বযুদ্ধৰ কালত জাপান এখন আগাসী সাম্ৰাজ্যবাদী দেশ আছিল। ই আজিও তেনে নে? পুঁজিবাদী ব্যৱস্থাটো বাতিল নকৰাকৈয়ে সেই দেশত সলনি সম্ভৱ হৈছে। মানৱ উন্নয়ন সুচ্যাংকৰ বেলিকাও দেখা যায় জাপানৰ স্থান ওপৰৰ ফালে। একালত ফেচীবাদ-বিৰোধী মিত্ৰজোটৰ অংশীদাৰ আছিল আমেৰিকা। আজিও সেই দেশৰ তেনে গৌৰৱময় স্থিতি আছে নে? জাপান যদি ভাললৈ আহিল, আমেৰিকা বেয়ালৈ গ’ল। পৰৱৰ্তী কালত ভিয়েটনাম, ইৰাক, আফগানিস্তান, লেটিন আমেৰিকাৰ সৰু-বৰ দেশ আদিত আমেৰিকাৰ ভূমিকাৰ ইতিহাস ঘৃণনীয় আৰু গৰিহণাযোগ্য। আজি যদি ৰুছিয়া বা চীনে আমেৰিকাৰ পদাংক অনুসৰণ কৰিব বিচাৰে? কেৱল আমেৰিকাবিৰোধী হোৱাৰ গুণতে সেইবোৰ দেশক সমৰ্থন কৰি থাকিব পৰা যাব জানো? তেনে চৰ্তহীন সমৰ্থনে মানুহৰ মাজত বাঁওপন্থী ৰাজনীতিৰ অৱশিষ্ট সমৰ্থনকণো যে এসময়ত একেবাৰে নোহোৱা কৰিব, সেইটো খাটাং। এই গোটেইবোৰ কথা হিচাপত লৈ সাম্ৰাজ্যবাদ সম্পৰ্কীয় আমাৰ চিৰায়ত ধাৰণাৰে কিছু পুনৰ মূল্যায়ন তথা সংবর্ধনৰ আৱশ্যকতাই দেখা দিছে।
কমিউনিষ্ট ভাবাদৰ্শ কালিমালিপ্ত কৰিবলৈ পছিমীয়া পুঁজিবাদী প্ৰচাৰ-মাধ্যম সদাব্যস্ত। দুৰ্ভাগ্যৰ কথা ১৯৩০-ৰ দশকত ছোভিয়েট ইউনিয়নত ঘটা মানৱতা-বিৰোধী নাৰকীয় ঘটনাৱলী সম্পৰ্কে বিতংকৈ জানিবলৈ এই প্ৰচাৰমাধ্যমৰে ওচৰ চপাৰ বাদে আন উপায় অন্ততঃ সৌ সিদিনালৈকে প্রায় একো নাছিল। ফলত অনেক অপপ্ৰচাৰ তথা অসত্যৰ পতান জাৰি-জোকাৰি প্ৰকৃত সত্যৰ খুদকণ উলিওৱা সঁচাকৈয়ে দুষ্কৰ আছিল। এতিয়া তথ্য-প্রযুক্তিৰ বৈপ্লৱিক পৰিৱৰ্তনৰ পৰিৱেশত পৃথিৱীৰ যিকোনো দেশৰ ভিতৰুৱা অৱস্থাৰ বিষয়ে জ্ঞান লাভ তুলনামূলকভাৱে সহজ হৈ পৰিল। অৱশ্যে উত্তৰ কোৰিয়াৰ দৰে দেশৰ বিষয়ে এতিয়াও তেনে কথা ক’ব নোৱাৰি। তথ্য-প্রযুক্তিত ঘটা বিপ্লৱৰ বজ্ৰাঘাতেও এই দেশৰ দুৰ্গদুৱাৰ ভাঙিব পৰা নাই। গোপনীয়তাৰ বেহু সৰকি কিবাকৈ ওলাই অহা খবৰেই হ’ল সেই দেশৰ বিষয়ে আমাৰ অৰ্জিত জ্ঞানৰ ভিত্তি। চীনৰ ভিতৰৰ পৰাও প্রকৃত খবৰ সহজে বাহিৰলৈ নোলায়। তাৰ আভ্যন্তৰীণ গণতন্ত্ৰ, বাকস্বাধীনতা, ন্যায় ব্যৱস্থাৰ স্বচ্ছতা আৰু শ্ৰমিকশ্ৰেণীৰ অৱস্থাৰ বিষয়ে সঠিক জ্ঞান অৰ্জন সেয়ে এতিয়াও অতি দুষ্কৰ। অৱশ্যে তাৰ ‘কমিউনিষ্ট’ (?) দল আৰু চৰকাৰে সময়ে সময়ে জাৰি কৰা বিবৃতিবোৰকে পৰম সত্য বুলি শিৰোধাৰ্য কৰাসকলৰ বাবে কথাটো নিশ্চয় তেনে নহয়। সেই বিবৃতিবোৰেই তেওঁলোকৰ জ্ঞানৰ পথ সুগম কৰি থৈছে! চীনৰ চৰকাৰ বা সেই দেশৰ কমিউনিষ্ট দলৰ আমন্ত্ৰণত আমাৰ দেশৰ বাঁওপন্থী দলৰ অনেক নেতাকে বিভিন্ন সময়ত চীন দেশ ভ্ৰমণ কৰা দেখা যায়। তাৰ পৰা ওভতি আহি অভিজ্ঞতা বৰ্ণাই তেওঁলোকে আগবঢ়োৱা বক্তব্য বা লিখা ৰচনাবোৰ কিন্তু সৰহভাগ ক্ষেত্ৰতে চীনৰ চৰকাৰী বিবৃতি যেনহে লাগে। গৈ থৈ আমাৰ কমিউনিষ্টসকলো সেই দেশৰ চৰকাৰৰ বৈদেশিক বিভাগৰ মুখপাত্ৰত পৰিণত হোৱাৰ এই শোকাবহ পৰিণতি আজি বহুদিন ধৰি চলি আছে।

(দহ)
আমাৰ আলোচনাত ৰুছীয় কমিউনিষ্ট কু-কীৰ্তিৰ বিস্তাৰিত বিৱৰণ দাঙি ধৰাৰ অৰ্থ এইটো নহয় যে তেওঁলোকৰ সিদ্ধিৰ দিশটো লাঘব কৰিবলৈ বিচৰা হৈছে। ভৱিষ্যতৰ সমাজবাদত তেওঁলোকে কৰা ইচ্ছাকৃত বা অনিচ্ছাকৃত ভুলৰ পুনৰাবৃত্তি নিশ্চয় কাৰো কাম্য নহয়। কিন্তু ভুলবোৰ বিতংকৈ নেজানিলে সিবোৰৰ বিষয়ে সতৰ্ক হোৱা টান। তেতিয়া ভুলৰ পুনৰাবৃত্তি অৱধাৰিত। বেয়াখিনি বৰ্জন কৰিবলৈ হ’লেও বেয়াখিনিনো কি আছিল, তাক জানিব লাগিব, বিতংকৈ জানিব লাগিব। সেই দেশত ১৯২০-৩০ৰ দশক আছিল অন্ধকাৰৰ দশক। এই অন্ধকাৰ ইতিমধ্যে উল্লিখিত ৰাজনৈতিক নিৰ্যাতনৰ কাৰণেই কেৱল নহয়, ভয়ানক খাদ্যসংকট, নিৰক্ষৰতা, ঔদ্যোগিক অনগ্ৰসৰতাৰো তাত অৱদান যথেষ্ট। কিন্তু তাৰ পিছতেই অন্ততঃ আৰ্থিক জীৱনত যে দ্ৰুত পৰিৱৰ্তনৰ ঋতু আৰম্ভ হৈছিল, সেইটো গৌৰৱেৰে প্ৰচাৰ কৰিবলগীয়া বিষয়। অৱশ্যে বৰ্তমান আলোচনাত সেই প্ৰচাৰৰ কামটো কৰিবলৈ বিচৰা হোৱা নাই। বাঁওপন্থী মহলত, বিশেষকৈ দলীয়ভাৱে সেইবোৰ কৰা হৈয়ে থাকে। সমাজবাদী স্বৰ্গৰাজ্যৰ শ্ৰেষ্ঠতা প্রতিপন্ন কৰিবলৈ কৰা তেনে প্ৰচাৰত হয়তো অনেক অতিৰঞ্জিত কল্পকাহিনীৰ ভেজালো সোমাই পৰে। তাক স্বীকাৰ কৰাত এতিয়া কাৰো বিশেষ অসুবিধা থাকিব নেলাগে।
নতুন ‘সমাজবাদী’ ব্যৱস্থাটোৱে বিশ্ববাসীৰ মনোযোগ আৰু শ্ৰদ্ধা আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। শ্ৰমজীৱী মানুহৰ আৰ্থিক জীৱনত দ্ৰুত পৰিৱৰ্তনৰ যি প্রক্ৰিয়াৰ তাত আৰম্ভণি, আৰু যিবোৰ আঁচনিৰ ৰূপায়ণে তাক সম্ভৱ কৰি তুলিছিল, সেইবোৰ আজিও কেৱল শিক্ষাসদী কৌতূহলৰে নহয়, প্ৰেৰণাৰো বিষয়। নিৰক্ষৰতা আৰু দাৰিদ্ৰ দূৰীকৰণ, নিবনুৱা সমস্যাৰ অৱসান ঘটোৱা, স্বাস্থ্যসেৱাত ব্যাপক উন্নতি সাধন, বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত উন্নত পছিমীয়া দেশৰ সমকক্ষ হ’বলৈ সক্ষম হোৱা আদি এই সাফল্যৰ কেতবোৰ নিদৰ্শন। দেশী-বিদেশী ধ্ৰুপদী সাহিত্য আৰু বিভিন্ন জ্ঞান-বিজ্ঞানৰ পুথি, অনুদিত পুথি সৰ্বসাধাৰণে ঢুকি পাব পৰাকৈ নামমাত্ৰ দামত ছপোৱা আৰু বিতৰণৰ দিহা কৰা হৈছিল চৰকাৰী উদ্যোগতে। ১৯৩০ চনত ৰুছিয়ালৈ গৈ ৰবীন্দ্ৰনাথ মুগ্ধ হয়—“… রাশিয়ায় এসেছি—না এলে এ জন্মের তীৰ্থদৰ্শন অত্যন্ত অসমাপ্ত থাকত। … যে পুরাতন ধৰ্মতন্ত্ৰ এবং পুরাতন রাষ্ট্ৰতন্ত্ৰ বহু শতাব্দী ধরে এদের বুদ্ধিকে অভিভূত এবং প্রাণশক্তিকে নিঃশেষপ্ৰায় করে দিয়েছে, এই সোভিয়েট-বিপ্লবীরা তাদের দুটোকেই দিয়েছে নিৰ্মূল করে; এত বড়ো বন্ধনজৰ্জর জাতিকে এত অল্প কালে এত বড়ো মুক্তি দিয়েছে দেখে মন আনন্দিত হয়।” (ঠাকুর, রবীন্দ্ৰনাথ, ১৯৭০, রাশিয়ার চিঠি, কলকাতা-৭, বিশ্বভারতী গ্ৰন্থনবিভাগ, পৃষ্ঠা-১৬ আৰু ৬১)।
দেশবাসীৰ আটাইৰে বাবে মৌলিক প্রয়োজনবোৰ পূৰণ কৰা তথা ঔদ্যোগীকৰণৰ দিশত অগ্ৰগতিতো পুঁজিবাদতো সম্ভৱ। বৰ্তমান উত্তৰ ইউৰোপৰ স্কাণ্ডিনেভীয় দেশবোৰৰ আৰ্থৰাজনৈতিক-সামাজিক জীৱনলৈ চকু দিলেই কথাটো স্পষ্ট হৈ পৰিব। মানৱ উন্নয়ন সূচ্যাংক বা আনন্দ সূচ্যাংক নিৰিখত সেইবোৰ দেশ পৃথিৱীৰ শীৰ্ষস্থানত। অৰ্জিত সফলতাৰ বাবে তাত সমাজবাদ প্ৰতিষ্ঠাৰ প্রয়োজন হোৱা নাছিল। অতীতৰ বা বৰ্তমানৰো তথাকথিত ‘সমাজবাদী’ দেশে তেওঁলোকৰ লগত ফেৰ মৰা টান। কিন্তু যেতিয়া কোনো দেশ একেবাৰে অনগ্ৰসৰ হৈ থাকে বা অন্য ক্ষেত্ৰতো যদি দেশৰ শাসক দেশবাসীৰ বাবে বাঞ্ছিত উন্নয়নৰ দিহা কৰিবলৈ অসমৰ্থ বা অনিচ্ছুক হয়, তেতিয়া কমিউনিষ্টসকলৰ ওপৰতে সেই কাম সম্পন্ন কৰাৰ ঐতিহাসিক দায়িত্ব বৰ্তে। সেই কামৰ বাবে ৰাজনৈতিক ক্ষমতা আৱশ্যক। ক্ষমতাৰ বাহিৰত থাকি কেৱল হেঁচা প্রয়োগৰ ৰাজনীতিক আশ্ৰয় কৰি এই দিশত তেওঁলোকে বেছিদূৰ আগুৱাব নোৱাৰে। কিন্তু তাৰ বাবে শ্ৰমকাৰী মানুহক ৰাজনৈতিকভাৱে সচেতন আৰু সংগঠিত কৰি ক্ষমতা দখলৰ দিশেই তেওঁলোক আগ বাঢ়িব লাগিব। কিন্তু কিদৰে আগবাঢ়িলে সফলতা আহিব, তাক আগতীয়াকৈ কোৱা টান। বাস্তৱ পৰিস্থিতিৰ ওপৰতে সকলো কথা নিৰ্ভৰ কৰিব।
দেশৰ আৰ্থ-সামাজিক বা ৰাজনৈতিক গণতন্ত্ৰৰ দিশত পৃথিৱীৰ উন্নত পুঁজিবাদী দেশবিলাকত সম্ভৱ হোৱা সফলতা বা উন্নয়নৰ বিষয়টো অনবৰত হিচাপত ৰখা দৰকাৰ। বাঁওপন্থীসকলৰ প্ৰস্তাৱিত বা ৰূপায়িত ব্যৱস্থাটোত সেইবোৰ দেশৰ সফলতাৰ গোটেইখিনি উপাদান দৃশ্যমান হ’ব লাগিব। কেৱল সিমানেই নহয় তাতোকৈ অধিক আৰু কিবাকিবি তাত মানুহে পাবলৈ সক্ষম হ’ব লাগিব। নহ’লে সমাজবাদক পুঁজিবাদতকৈ শ্ৰেয়স বুলিবৰ কোনো কাৰণ নেথাকে। যদি সেয়ে হয়, তেনে এটা ব্যৱস্থা পত্তনৰ বাবেই বা মানুহে কিয় কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিবলৈ আগবাঢ়ি আহিব?
উন্নত পুঁজিবাদী দেশত বৰ্তি থকা গণতন্ত্ৰ, বাকস্বাধীনতা, ভিন্ন মতৰ প্রতি চৰকাৰী সহিষ্ণুতা আদি কথাবোৰ বুৰ্জোৱা গণতন্ত্ৰ, বুর্জোৱা চিন্তাৰ অভিব্যক্তি বুলিয়েই ইমান দিনে অবজ্ঞা কৰি থকা হৈছে। ভাল কথা হ’লে বুর্জোৱাৰ পৰা গ্ৰহণ কৰাত অসুবিধা কি? লেনিনে কমিউনিষ্ট যুৱ লীগৰ কংগ্ৰেছত দিয়া ভাষণ (২ অক্টোবৰ, ২০২০) এইখিনিতে অতি প্ৰাসংগিক। তাত তেওঁ অতীতৰ সকলো সদৰ্থক সিদ্ধি বা অৱদানৰ সাৰ্থক উত্তৰাধিকাৰী হিচাপে নিজকে গণ্য কৰিবলৈ আহ্বান জনাইছিল—“We can build communism only on the basis of the totality of knowledge, organisations and institutions, only by using the stock of human forces and means that have been left to us by the old society. . . . Proletarian culture must be the logical development of the store of knowledge mankind has accumulated under the yoke of capitalist, land owner and bureaucratic society. . . . You can become a Communist only when you enrich your mind with a knowledge of all the treasures created by mankind” (Lenin, V. I., 1977, Selected Works in 3 Volumes, vol-3, Moscow: Progress Publishers, pp 410 & 413)।  লেনিনে কিন্তু গণতান্ত্ৰিক অধিকাৰ, মত প্রকাশৰ অধিকাৰ আদি বিষয়বোৰ স্পষ্টকৈ উল্লেখ নকৰিলে। তেৱোঁ যেন কথাবোৰ যিমান পাৰি এৰাই চলাটোকে পছন্দ কৰিছিল। অথচ এইবোৰৰো মূল অতীতৰ পুঁজিবাদতে। পুঁজিবাদৰ লগত সম্পৰ্ক থকাৰ কাৰণেই সি আমাৰ বাবে এলাগী, তেনে কথা হ’ব নোৱাৰে। দৰাচলতে বিপ্লৱৰ জৰিয়তে ক্ষমতা দখলৰ পৰৱৰ্তী পৰ্যায়ত ৰুছিয়াত যি নেতা বা নেতাগোষ্ঠীয়ে অতি কৌশলেৰে ক্ষমতাৰ বাঘজৰী হস্তগত কৰিছিল আৰু তাক চিৰস্থায়ী কৰিব বিচাৰিছিল, সেইসকলৰ বাবে গণতান্ত্ৰিক অধিকাৰ, মত প্রকাশৰ অধিকাৰ আদি বিষয়বোৰ অসুবিধাজনক আৰু আহুকলীয়া। প্রতিক্রিয়াশীল বুৰ্জোৱা ব্যৱস্থা বা বাচনৰূপে সেইবোৰ ৰাইজৰ মাজত গৃহীত হ’লেই তেওঁলোকৰ ৰাজনৈতিক সুবিধা। তেওঁলোকৰ দ্বাৰা সমাজবাদী গণতন্ত্ৰৰ প্ৰচাৰিত ধাৰণাত ‘বুৰ্জোৱা গণতন্ত্ৰ’ৰ ৰাজনৈতিক দিশবোৰ শোচনীয়ভাৱে অনুপস্থিত। কেৱল শ্ৰমিক-কৃষকৰ আৰ্থিক মুক্তি বা স্বাধীনতা তেওঁলোকৰ ধাৰণাৰ গণতন্ত্ৰৰ সাৰমৰ্ম। ৰাজনৈতিক মুক্তি, অধিকাৰ বা বাকস্বাধীনতাৰ কথা তাত অবান্তৰ।
গণিতৰ ভাষাত বুৰ্জোৱা গণতন্ত্ৰ সমাজবাদী গণতন্ত্ৰৰ উপসংহতি (ইংৰাজীত চাবচেট)। তাৰ মানে বুৰ্জোৱা গণতন্ত্ৰৰ সকলোখিনি উৎকৃষ্ট উপাদান সমাজবাদী গণতন্ত্ৰত থাকিবই লাগিব, ওপৰঞ্চি আৰু কেতবোৰ উপাদান ইয়াত সন্নিবিষ্ট হ’ব। এই ওপৰঞ্চি উপাদান মানে আন অনেক কথাৰ লগতে উৎপাদনক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ প্রক্ৰিয়াত শ্রমিকশ্ৰেণীৰ অংশগ্ৰহণৰ নিশ্চিতি। এই অধিকাৰ সাধাৰণতে পুঁজিবাদত কাৰ্যতঃ অনুমোদিত নহয়। অন্যান্য সামাজিক-ৰাজনৈতিক প্রশ্নৰ বেলিকাও দেশৰ অগণন শ্রমকাৰী মানুহ নিৰ্ণায়কভাৱে জড়িত হৈ পৰাটো আৰু মুকলি তৰ্ক-বিতর্কত তেওঁলোকৰ অংশগ্ৰহণৰ নিশ্চিতি, চৰকাৰ বা প্রসাশনক সমালোচনা কৰাৰ অধিকাৰ এই ব্যৱস্থাৰ বৈশিষ্ট্য। লগতে মতপ্ৰকাশ অধিকাৰে কেৱল সমালোচনা কৰা, ঠাট্টা কৰা, পেংলাই কৰাটো বুজালেই নহ’ব, সমাজবাদী গণতন্ত্ৰত ই সুনিৰ্দিষ্টভাৱে ঈশনিন্দাৰ অধিকাৰ আৰু আনৰ ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অধিকাৰকো বুজাব লাগিব। ইউৰোপৰ উন্নত পুঁজিবাদী দেশবোৰত নাগৰিকৰ এইবোৰ অধিকাৰ আংশিকভাৱে হ’লেও স্বীকৃত। দেখা গৈছে যে সমাজবাদী গণতন্ত্ৰ ধৰ্মীয় তথা ৰাজনৈতিক মৌলবাদৰ উৎকৃষ্ট প্ৰতিষেধক।
বাঞ্ছিত পৰিৱৰ্তনৰ বাবে ভাৰতৰ প্রতিষ্ঠিত কমিউনিষ্ট দলবোৰ যে সাজু হৈ আছে, তেনে নহয়। ধৰ্মীয় সংখ্যালঘুৰ অধিকাৰৰ সপক্ষে থিয় দিয়াৰ বলিষ্ঠ নীতি তেওঁলোকে গৌৰৱ কৰিব পৰা বিষয়। কিন্তু এতিয়াও বহুক্ষেত্ৰতে যে সংখ্যালঘুৰ অধিকাৰৰ সপক্ষে থিয় দিয়াৰ প্রয়াস ঐশ্লামিক ধৰ্মাধিকাৰসকলক তুষ্ট ৰখাৰ প্ৰয়াসলৈ অধঃপতিত হয়, সেই কথা কেনেকৈ অস্বীকাৰ কৰিব পাৰি!
আনহাতে সনাতনী স্তালিনীয় চিন্তাৰ নাগপাশত তেওঁলোক এতিয়াও বন্দী। তাৰ এটা উল্লেখযোগ্য প্রমাণলৈ আঙুলিয়াব পাৰি। ৰুছিয়াৰ বলছেভিক দলৰ কেন্দ্ৰীয় সমিতিৰ দ্বাৰা নিয়োজিত আয়োগে সম্পাদনা কৰা আৰু সেই সমিতিৰ দ্বাৰাই অনুমোদিত ছোভিয়েট ইউনিয়নৰ কমিউনিষ্ট (বলছেভিক) পাৰ্টিৰ ইতিহাস। দৰাচলতে এই কিতাপখন স্তালিনৰ দ্বাৰাই ৰচিত। এই কিতাপ বা ইতিহাস (?) মতান্ধ মার্ক্সবাদৰ ধ্ৰুপদী নিদৰ্শন। যান্ত্ৰিক আৰু অতি সৰলীকৃত ৰূপত মার্ক্সবাদক যিদৰে তাত তুলি ধৰাৰ চেষ্টা কৰা হৈছে, সেই ‘মার্ক্সবাদ’ৰ অনুগামীৰ পৰা বৰ্তমান সময়ত বাঁওপন্থাই অন্ততঃ তত্ত্ব আৰু কাৰ্যপন্থা সলনিৰ দিশত খুব বেছি আশা কৰিব নোৱাৰে। আমাৰ এই বিৰূপ মন্তব্যৰ সত্যতা যাচাই কৰিবলৈ পাঠকে কিতাপখন নিজে পঢ়ি চোৱা দৰকাৰ। ট্ৰটস্কি, জিনভিয়েভ, কামেনেভ, বুখাৰিন আদি ৰাজনৈতিক বিৰোধীক কৰা সমালোচনাৰ নামত যি ভাষাত গালি-গালাজ বৰ্ষিত হৈছে, ইতিহাস গ্ৰন্থৰ মৰ্যাদাৰ তাত চিন-মোকাম নাই।
একালত ভাৰতত মার্ক্সবাদ সম্পৰ্কীয় কিতাপ-পত্ৰ পোৱাটো অতি টান আছিল। জ্যোতি বসুয়ে (১৯১৪-২০২০) পঢ়া সামৰি ১৯৪০ চনৰ জানুৱাৰীত ইংলেণ্ডৰ পৰা স্বদেশলৈ প্রত্যাৱৰ্তন কৰোঁতে গোপনে স্তালিনৰ এই কিতাপখনো ভাৰতলৈ লৈ অহা বুলি তেওঁ আত্মজীৱনী “জনগণের সংগে”-ত উল্লেখ কৰিছে। তেতিয়াৰ পৰা ই দলীয় মহলত অতি জনপ্ৰিয় আৰু আজিও বহুলভাৱে প্ৰচাৰিত পাঠ্যপুথি। তেতিয়াৰ কথা বেলেগ। আজিতো মার্ক্সবাদ সম্পৰ্কীয় উৎকৃষ্ট কিতাপ অতি সহজে ঘৰতে বহি পাব পাৰি। তথাপি এইখন কিতাপৰ ‘গৰিমা’ লাঘব হোৱা নাই। অতি সম্প্ৰতি এটা কমিউনিষ্ট দলৰ উদ্যোগত ইয়াৰ অসমীয়া অনুবাদো প্রকাশিত হৈছে। সেয়ে, অন্ততঃ ৰাজনৈতিক মৌলবাদৰ বিৰুদ্ধে যুঁজখন সহজ হৈ থকা বুলি ভাবিব নোৱাৰি। বাঁওপন্থাৰ পৰিসৰতে থাকি বাহিৰৰ পৰা এই দলবোৰলৈ আনে আগবঢ়োৱা সমালোচনাই যে তেওঁলোকৰ চিন্তা আৰু কাৰ্যপদ্ধতিত কিবা প্রভাৱ পেলায়, তাৰ নিদৰ্শন নাই। অথচ এনেদৰে চলি থাকিলেও দেশৰ বৰ্তমান পৰিস্থিতিত প্রয়োজন হোৱা গ্ৰহণযোগ্য বাঁওপন্থী বিকল্পই ঠন ধৰি উঠা দুষ্কৰ। বাঁওপন্থাৰ পৰিসৰতে বিকল্প পথৰ সন্ধানো সেয়ে আজি জৰুৰী হৈ পৰিছে।
পৰিস্থিতিৰ উপযোগীকৈ নতুন এটা বাঁওপন্থী দল সৃষ্টিৰ ভাবনা অবিমৃশ্যকাৰিতা হিচাপেই চিহ্নিত হোৱাৰ সম্ভাৱনা সৰহ। কিন্তু এই অভিলাষী চিন্তা এৰাই চলিলে আমাৰ হাতত থাকেগৈ কি? গোটেইবোৰ বিষয় আজি সেয়ে বাঁওপন্থী শিবিৰৰ সকলোকে জড়িত কৰা মুকলি আৰু মুক্ত আলোচনা-বিলোচনা তথা বিতৰ্কৰ এক দীঘলীয়া প্রক্ৰিয়াৰ মাজেৰে চালি-জাৰি চোৱাৰ সময় সমাগত। নতুন দল সৃষ্টিৰ ক্ষেত্ৰতো ইমানেই ক’ব পাৰি যে যেতিয়ালৈকে তেনে এটা নতুন দল গঢ় লৈ নুঠে, তেতিয়ালৈকে থকা বাঁওপন্থী দলবোৰেই অগতিৰ গতি। বাঁওপন্থীসকলে নিষ্ঠাৰে সেইবিলাক দলৰে হাত মজবুত কৰি যাব লাগিব। বিকল্পৰ সন্ধানৰ অজুহাত দেখুৱাই সেই কামলৈ পিঠি দিলে সমূলি বিপদ। কাৰণ, বিকল্প আৰ্থিক নীতি, গণতন্ত্ৰ আৰু ধৰ্মনিৰপেক্ষতাৰ প্ৰশ্নত বৰ্তমান ভাৰতত তেওঁলোকতকৈ অধিক বিশ্বাসযোগ্য, ৰাইজে ভৰসা কৰিব পৰা আন ৰাজনৈতিক দল অনুপস্থিত। নানান সীমাবদ্ধতা সত্বেও বাঁওপন্থী দলবোৰেই হ’ল গণতন্ত্ৰ আৰু ধৰ্মনিৰপেক্ষতাৰ অতন্ত্ৰ প্ৰহৰী।

One thought on “মৌলবাদ, স্তালিন আৰু বাঁওপন্থা ।। ধ্ৰুৱজ্যোতি বৰা

  • পঢ়ি ভাল পালোঁ। আনন্দ লাভ কৰিলোঁ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *