মোগল ইতিহাস বাতিলৰ প্ৰসংগত- (ৰূপক বৰুৱা)
“মোগল যুগ” এন চি ই আৰ টি ইতিহাসৰ পাঠ্যক্ৰমৰ পৰা মচি পেলোৱা হৈছে। মোগলক লৈ হিন্দুত্ববাদীসকলৰ মূৰৰ কামুৰণিৰ অন্ত নাই। প্ৰথম মোগল সম্ৰাট বাবৰৰ নামেৰে ভাৰতৰ মুছলমানসকলক “বাবৰ কে ওলাদ” বুলি বাবৰি মছজিদ ধ্বংসৰ সময়ত কৰ সেৱকসকলৰ মুখত শুনা গৈছিল। বাবৰি মছজিদ ধ্বংস কৰা হ’ল।মোগল-চৰাই ৰেলৱে ষ্টেচনৰ নাম দীনদয়াল উপাধ্যায়ৰ নামত কৰা হ’ল। ফৈজাবাদ ঠাইখনৰ নাম অযোধ্যা ৰখা হ’ল। দিল্লীত মোগল সম্ৰাট ঔৰংগজেৱৰ নামত থকা পথটোৰ নাম সলাই পেলোৱা হ’ল।এনেধৰণে মোগল যুগটোক ইতিহাসৰ বুকুৰ পৰা মচি পেলাবলৈ মিছা প্ৰয়াস কৰা হৈছে।
২০১৭ চনত সেই সময়ৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ দিনত ৰাজস্থান বিশ্ববিদ্যালয়ে “ৰাষ্ট্ৰৰত্ন মহাৰাণা প্ৰতাপ” নামৰ এখন কিতাপ পাঠ্যপুথিৰ অন্তৰ্গত কৰিছিল য’ত লিখা আছিল, হলদিঘাটৰ যুদ্ধত মেৱাৰৰ ৰাণা প্ৰতাপ সিংহ জয়ী হৈছিল! ইও আছিল বুৰঞ্জী বিকৃতকৰণৰ যোগেদি হিন্দুত্বৰ গৌৰৱগাঁথা লিখিবলৈ কৰা অপচেষ্টা। ইতিহাসবিদ সতীশ চন্দ্ৰই এই ঘটনাক ইতিহাসৰ ৰাজনীতিকৰণ বুলিছিল আৰু ক্ষোভ প্ৰকাশ কৰি কৈছিল- “I am hoping that liberal and secular voices will not allow this disruptive attitude. There is no evidence anywhere that Rana Pratap won the Battle of Haldighat. He is known for the valiant fight he put up. His guerilla tactics were later copied by Shivaji. It is wrong to characterise his fight with Akbar on religious lines you can not look at history through the prism of contemporary politics.”তেওঁ আৰু কৈছে- “The battle between the forces of Akbar led by a Rajput, Man Singh and those of Rana Pratap which included an Afghan contigent led by Hakim khan Sur, initially ended in a stalemate. It cannot be considered a struggle between Hindus and Muslims, nor one for Rajput independence as there were Rajputs on both sides.”
এনেধৰণৰ কাৰ্যবোৰ অতীততে মোগল তথা মুছলমানৰ লগত পৰাজিত হোৱা গ্লানি, নীচাত্মিকতাবোধ আৰু হতাশাৰ পৰা উদ্ভূত। এই হতাশা আৰু নীচাত্মিকতাবোধ শতিকাজুৰি আছে। নীচাত্মিকতাবোধ আৰু হতাশাত আক্ৰান্ত নোহোৱা হ’লে এনে কামবোৰ কৰিলেহেঁতেন জানো? হিন্দু জাতীয়তাবাদীসকলে হিন্দুৰ স্বৰ্ণযুগ, হিন্দুৰ শ্ৰেষ্ঠতা আৰু সনাতনী হিন্দুক লৈ গৰ্ব কৰে। মোগল তথা ইছলমাৰ লগত হোৱা পৰাজয়ে এওঁলোকৰ এই গৰ্বত আঘাত কৰে। মোগল যুগৰ কীৰ্তিচিহ্ন, সাহিত্য, শিল্পকলা আদিও এইসকলে ভেঙুচালি কৰে। প্ৰকৃততে গুপ্ত যুগৰ পিছতে সাহিত্য, চিত্ৰশিল্প, সংগীত আৰু স্থাপত্য ক্ষেত্ৰত মোগল যুগটো আছিল মহত্তম যুগ। এই সময়ছোৱাত যি সাংস্কৃতিক বিকাশ হৈছিল সি সংমিশ্ৰিত জাতীয় সংস্কৃতি নিৰ্মাণৰ দিশতে হৈছিল আৰু ইয়াৰ প্ৰভাৱ আছিল সুদূৰ প্ৰসাৰী। ইতিহাসবিদ সতীশ চন্দ্ৰই সেয়েহে কৈছে— There was an outburst of many-sided cultural activity in India under the Mughal rule. The traditions in the field of archetechture, painting, literture and music created during this period set a norm and deeply influenced the succeding generation. ————————————–,———-the development of art and culture in various region of India during the fourteenth and fifteenth centuries had led to a rich and varied development from which it was possible to draw upon. But for this the cultural efflorescence of the Mughal age would hardly have been possible. Peoples from different areas of India, as well as peoples belonging to different faiths and races contributed to this cultural development in various ways. In this sense the cultural development during this period was tending towards a composite national culture.” আধুনিক কালতো মোগল যুগৰ ইন্দো-পাৰস্য সংস্কৃতিৰ প্ৰভাৱ বিভিন্ন ক্ষেত্ৰত দেখা যায়। ৰবীন্দ্ৰনাথ ঠাকুৰ, সত্যজিৎ ৰায়ৰ সৃষ্টিতো এই সংস্কৃতিৰ প্ৰভাৱ পৰিছে বুলি কলকতা বিশ্ববিদ্যালয়ৰ অধ্যাপক অমিত দে’ই উল্লেখ কৰিছে। হিন্দুুত্ববাদীসকলে ইয়াক মানি ল’ব নোখোজে। মোগল যুগতেই ভৌগোলিকভাৱেও আজি ভাৰতৰ ৰূপটো গঢ়ি উঠিছিল। মোগলৰ ইতিহাস অস্বীকাৰ কৰিলে যে ভাৰতৰ ইতিহাস সম্পূৰ্ণ নহয় সেই কথাও হিন্দুত্ববাদীসকলে মানি ল’ব নোখোজে। মোগলক লৈ নীচাত্মিকতা আৰু হতাশগ্ৰস্ততাত ভুগি হিন্দুত্ববাদীসকলে এটাৰ পিছত এটাকৈ এনেদৰে অপকৰ্মবোৰ কৰি গৈ আছে। তেওঁলোকে ইতিহাসৰ বুকুত বিচাৰিছে কেৱল হিন্দুৰ গৌৰৱগাঁথা। তেওঁলোকে এই গৌৰৱ গাঁথা নিৰ্মাণো কৰি আছে। উপাখ্যানকে কৰি তোলা হৈছে ইতিহাস।
যদিও হিন্দু বুলি তেতিয়া কোনো ধৰ্ম নাছিল, নাছিল কোনো সম্প্ৰদায় তথাপি কথাবোৰ হিন্দু বুলিয়েই আলোচনা হৈ আহিছে। আচলতে ইচলামৰ লগত হোৱা সংঘাতত যেতিয়া হিন্দুসকল পৰাজিত হ’ল ই কিছু হিন্দুক হতাশ কৰি তুলিছিল। এই হতাশা শতিকা জুৰি আছিল আৰু আছে। হেম বৰুৱাই তেওঁৰ “ভাৰতীয় সংস্কৃতি” নামৰ প্ৰবন্ধত লিখিছে— “বুৰঞ্জীয়ে কয় মুছলিমৰ আৰু হিন্দুৰ মনত পোনতে বিপ্লৱৰ সৃষ্টি কৰিছিল। অৱশেষত বিপ্লৱৰ পতনে তেওঁলোকৰ মনত নৈৰাশ্যৰ জন্ম দিছিল। এই নৈৰাশ্যই ক্ৰমাৎ জীৱনৰ প্ৰতি উদাসীনতাৰ সৃষ্টি কৰিছিল। এই কাৰণেই স্বাভাৱিকতে হিন্দুৰ মনত বাস্তৱ জগতৰ কথা পাহৰি আত্মাৰ জগতলৈ গমন কৰিছিল। গতিকেই এনে এক পটভূমিত আধ্যাত্মিকতাৰ সমাদৰ বাঢ়িছিল। ইয়াৰ পৰিণতি ইমান সংকীৰ্ণ স্তৰলৈ অধোগামী হৈছিল যে আনকি হিন্দুৰ অভিযান, ৰাজ্যবিস্তাৰ, যুদ্ধ ইত্যাদি কাহিনীও সাধু কথালৈ ৰূপান্তৰিত হৈছিল। ইয়াতকৈ সৰহ গুৰুত্ব এইবোৰক দিয়া হোৱা নাছিল। বৰ্তমানৰ হতাশা আৰু পৰাজয়ৰ কাহিনী ঢাকি ৰাখিবলৈ ভৱিষ্যতৰ অনাগত স্বপ্ন ৰাজ্য গঢ়া হৈছিল। এনেদৰেই অতীন্দ্ৰিয়বাদ আৰু আধ্যাত্মিকতাৰ মোহজালে বাস্তৱ জীৱনৰ হৰা-জিকাৰ কথা তল পেলাইছিল।” বৰ্তমানেও হিন্দু জাতীয়তাবাদীসকলে মধ্যযুগৰ ঐতিহাসিক ঘটনা-পৰিঘটনাবোৰৰ মাজত পাকঘুৰণি খাই প্ৰগতিকে ৰুদ্ধ কৰিব খুজিছে।
বিভিন্ন ধৰ্ম, সম্প্ৰদায়, জাতি-জনগোষ্ঠীৰ লোকসকল এক জটিল পৰিক্ৰমাৰ মাজেৰে সংমিশ্ৰিত হৈ ইংৰাজৰ উপনিৱেশিক শাসনৰ বিৰূদ্ধে সংগ্ৰামৰ সময়কালত এক ভাৰতীয় জাতীয়তাবাদ গঢ় লৈ উঠিছিল। তাত হিন্দু মুছলমানৰ ভাগ নাছিল। কিন্তু ইয়াৰ সমান্তৰালকৈ শাসকৰ প্ৰৰোচনাত হিন্দু মুছলমানৰ ভেদা-ভেদ আহিল। হিন্দু জাতীয়তাবাদ গঢ় লৈ উঠিল। হিন্দুৰ ভৱিষ্যতৰ স্বপ্নৰাজ্য লৈ হিন্দু মহাসভা, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘকে আদি কৰি বিভিন্ন সংগঠন গঢ় লৈ উঠিল। ধৰ্মৰ আৰু সাম্প্ৰদায়িকতাৰ নিচা বিয়পাই কালক্ৰমত হিন্দু জাতীয়তাবাদ শক্তিশালী হৈ উঠিল। শাসনৰ গাদীও লাভ কৰিলে। এতিয়া তেওঁলোকৰ পাল পৰিছে মোগল যুগক ইতিহাসৰ বুকুৰ পৰা অপসাৰিত কৰা। কিন্তু মোগল যুগেই হওক বা আন যুগেই হওক— যেতিয়া ইতিহাসৰ বুকুৰ পৰা অপসাৰিত কৰিবলৈ চেষ্টা কৰা হয় তেতিয়া ই বেছি প্ৰাসংগিকহে হৈ পৰে। ইতিহাসবিদ অড্ৰে ট্ৰুস্কেয়ে ঔৰংগজেৱৰ নামত থকা পথটোৰ নাম সলনি কৰা সন্দৰ্ভত কৈছে— “নাম মচি পেলোৱাৰ উৎসাহী কৰ্মৰ দ্বাৰা সমাজৰ পৰা ঔৰংগজেৱৰ নাম গভীৰলৈ গৈ গণমানসৰ পৰা মোহাৰি পেলোৱাতো দূৰৰে কথা, ঔৰংগজেৱে হঠাতেই জনমানসৰ স্মৃতিত জাগৃত হৈ সংবাদমাধ্যমৰ আলোচনাত তীব্ৰভাৱে ওপৰলৈহে উঠি আহে।”
মোগলযুগৰ ইতিহাসক মছি পেলোৱাৰ চেষ্টা সঁচাকৈয়ে এটি বুদ্ধিভ্ৰষ্ট প্ৰয়াস। আমাৰ শিল্প-সংস্কৃতি, খাদ্য, পোচাক, সংগীত, ভাষা ইত্যাদি অলেখ বিষয়ে এই যুগত সৃষ্ট উপাদান বোৰ ভাৰতীয়তাৰ লগত একাত্ম হৈ আছে। এই প্ৰৱন্ধটোত এই বিষয়ে কৰা বিশ্লেষণক শলাগিছো।