মোক ওভতাই দিয়া মোৰ অধিকাৰ (মূল: যতীন্দ্ৰ চৌধুৰী; অনুবাদ : খগেশ সেন ডেকা)
মোক ওভতাই দিয়া মোৰ অধিকাৰ
হত্যাকাৰী ৰাতিৰ ভয়াৱহতা বুকুত সাৱটি
কুমজেলেকুৱা গতিৰে পাৰ হৈছে সময়।
তুমি মোৰ দুয়োখন ভৰি ভাঙি মোক পংগু কৰি থৈছা
আৰু কৈছা,
“নাচি থাকা, নাচিবলৈ তোমাক কোনে বাৰণ কৰিছে”?
তুমি মোৰ জিভাখন উভালি পেলাইছা
আৰু কৈছা,
“গোৱা, গান গাবলৈ তোমাক কোনে মানা কৰিছে”?
তেন্তে কিয় বাৰে বাৰে প্ৰতিধ্বনিত হয় তোমাৰ চাবুকৰ নিৰ্দেশ
যেতিয়াই মই নাচিবলৈ লওঁ!
কিয় বাৰু গৰজি উঠে তোমাৰ হাতৰ বন্দুক
যেতিয়াই মই গীত এটি গাবলৈ লওঁ!
মোৰ অধিকাৰ মই ওভতাই পাবই লাগিব,
অধিকাৰ, মোৰ প্ৰিয়তম অধিকাৰ।
তোমাক সকীয়াই থওঁ
আপামৰ জনগণ এতিয়া যুঁজিবৰ বাবে সাজু
এক ৰক্তাক্ত যুঁজ।