নিবন্ধ

মুক্তি (দীপ জ্যোতি দাস)

নিৰ্বাণ : ভাই এই সংসাৰৰ সকলো মিছা! এক প্লেট ম’ম’ খুৱাই নোপোৱা তহঁত, মা-দেউতা, কাহানিও শেষ নোহোৱা UPSC-ৰ চিলেবাছ…! এই চব বস্তুই মিছা। ভংগুৰ এই সংসাৰ! ফাইনেলি মই ডিচাইড কৰিছোঁ—মই মৰিম! মোক মুক্তি লাগে এইবোৰৰ পৰা!

শৰ্মা : নাপায় নাপায়…..

নিৰ্বাণ : কিয় নাপায়? পাৰ্মনেণ্ট্‌ বুলিবলৈ কি আছে ক’ এই সংসাৰত? যদি সকলো ক্ষণস্থায়ী, ক্ষণভংগুৰ, জীয়াই আছোনো কেলেই?

শৰ্মা : এতিয়াই মৰিলে মুক্তি নাপাঅ’,চিম্পল।

নিৰ্বাণ : হা হা! বুঢ়া হৈ হস্পিতালত কেঁকাই-বিষাই মৰিলেহে তহঁতৰ সেই চ’কল্ড মুক্তি পায় যেন পাইছোঁ!

শৰ্মা : নহয়! তই যদি এতিয়াই মৰ,পুনৰ জন্ম লৈ আকৌ একেখিনি কষ্টকে পাবি। সেয়ে কৈছোঁ নমৰিবি এতিয়াই।

নিৰ্বাণ : হেই! চা….চা। কি লাইন ললি আকৌ! পুনৰ জনম! ৰিদিকিউলাছ! কি প্ৰুফ আছে ক’ পুনৰ জনমৰ? কি প্ৰুফ আছে যে মোৰ পুনৰ জন্ম হ’ব? কাৰোবাক দেখিছ, পুনৰ জন্ম লোৱা?

শৰ্মা : শৰীৰ মৃত্যুমুখী, আত্মা কিন্তু অজৰ অমৰ! গীতাত কৈছে আত্মাক কোনো অস্ত্ৰই কাটিব নোৱাৰে, জুয়ে গলাব নোৱাৰে,পানীয়ে ভিজাব নোৱাৰে। মানুহে যেনেকৈ পুৰণা কাপোৰ ত্যাগ কৰি নতুন পৰিধান কৰে, আত্মাইও মৃত্যুৰ পিছত নতুন ভৌতিক শৰীৰ ধাৰণ কৰে।

নিৰ্বাণ : এই কথাটোৰ পৰা কিন্তু আত্মাৰ অস্তিত্ব প্ৰমাণিত নহয়!

শৰ্মা :(খঙত): হয়। তোৰ বুদ্ধিৰ কথাই ধৰি ল ফৰ একজাম্পল। বুদ্ধিৰ কোনো ভৌতিক প্ৰমাণ নাই, কিন্তু সেয়াই সিদ্ধ নকৰে ন’ যে তোৰ মূৰত বুদ্ধি নাই, গোবৰ এসোপা লৈ ঘূৰি আছ!

নিৰ্বাণ : ফেলাচি…!

আলী : পুনৰ জন্ম আছে নে নাই নাজানোঁ। কিন্তু তই এতিয়াই মৰ’ বা পিছতেই মৰ’, কেয়ামাতৰ দিনলৈ ৰ’বই লাগিব। তাৰ পাছতহে জন্নত বা জহন্নম পাবি।

নিৰ্বাণ : কি কৰিম মই জন্নত যায়? জন্নত যোৱাৰ আগতে মই মৰিব লাগিব, তেতিয়ালৈ মোৰ হাড়-মূৰত বন গজি যাব। তাৰ পিছত মই কি কৰিম ইন্দ্ৰিয়সুখ লৈ? যদি মোৰ শৰীৰেই নাথাকে, আঁতৰৰ চৌবাচ্ছাত গা ধুই মই কি কৰিম? ক’?

জৈন : মুক্তি পাবলৈ মৰিব নালাগে। জীয়াই থাকোঁতেই তই ভগৱান হৈ যাব পাৰ! তাৰ বাবে লাগিব, অহিংসা, সত্য।

নিৰ্বাণ : ডিস্কভাৰী চেনেলৰ বাঘ দেখিছ? সি যদি ভগৱান হ’বলৈ গৈ হৰিণা মৰা বন্ধ কৰে, বাঘ জীয়াই থাকিব জানোঁ?

জৈন : মানুহ হোৱা আৰু বাঘ হোৱা—বহুত পাৰ্থক্য আছে।

নিৰ্বাণ : মানে মুক্তিৰ অধিকাৰ অকল মানুহৰহে আছে?

জৈন উপাধিৰ ল’ৰাজনে কিবা এটা ক’বলৈ আৰম্ভ কৰিছিল মাথোঁ, হঠাৎ ক’ৰবাৰ পৰা ছোৱালী এজনী সিহঁতৰ কাষত উপস্থিত হ’ল। বয়স বাৰ-তেৰমান হ’ব। তাইৰ কাপোৰ মলিয়ন, ফটা, ভৰিত চেণ্ডেল নাই, চুলি তেলৰ অভাৱত জপৰা হৈ পৰিছে। কোলাত তাইৰ এটা পাঁচ-ছয় বছৰীয়া ল’ৰা (ভায়েক চাগে!)।

ছোৱালীজনী : ভাইয়া, কুচ্ছ খানে কে লিয়ে দিজীয়ে না, দিন ভৰ কুচ্চ নেহী খায়া হে…

নিৰ্বাণৰ চকু উজ্জ্বল হৈ আহিল, সি যেন এইমাত্ৰ বোধিবৃক্ষৰ তলত আত্মজ্ঞান পালে!

নিৰ্বাণ : “ক্যা খাওগে”?

ছোৱালীজনী : ও ৱালা আইক্ৰিম…

ছোৱালীজনীয়ে আঙুলিয়াই দেখুৱাই দিলে। নিৰ্বাণে আইচক্ৰিমটো হাতত দিলে তাইৰ।

নিৰ্বাণ : স্কুল যাটে হ’?

ছোৱালীজনী : নেহী

কণমানিজনিয়ে কৈয়েই দৌৰ দিলে। নিৰ্বাণে বহু সময় তাইলৈ চাই হাঁহি থাকিল, মুখত তাৰ পৰম সন্তুষ্টি।

নিৰ্বাণ : ভাই ডিচিচন কেনচেল্ড। মই নমৰোঁ, আৰু মোক এতিয়া মুক্তিও নালাগে!

সকলো : (আচৰিত হৈ) কিয়?

নিৰ্বাণ : চা, এতিয়াই যদি মই মৰি যাওঁ, অৰ ইন কেছ এই জন্ম মৃত্যুৰ চাইক’লৰ পৰা মুক্ত হৈ পৰম ব্ৰহ্মত মিলি যাওঁ, মোৰ এই দেশখন চাব কোনে? এইবোৰ অন্তহীন গৰিৱী মচিব কোনে? স্কুল কলেজ, হস্পিতাল খুলিব কোনে? এটা জনমেই যথেষ্ট নহ’ব বুইছ? কায়ামত আহিলেও দেৰীকৈ আহক। এইখন দেশত মোৰ আকৌ হাজাৰবাৰ জন্ম হয় যাতে…!

নিৰ্বাণে ওপৰলৈ চালে,‌ বাকীবোৰে হাঁহি দিলে।

আলি : (হাঁহি হাঁহি) বল বল, ম’ম’ খাবলৈ যাওঁ।

জৈন : মই নাখাওঁ, পিয়াঁজ দিয়ে।

নিৰ্বাণ : (হাঁহি) হ’ব! ব’ল ব’ল! তই জিলাপী খাবি।

Leave a Reply

Your email address will not be published. Required fields are marked *