মুক্ত চিন্তাৰ দ্বাৰা আয়োজিত ভূপেন হাজৰিকাৰ জন্মদিন উদযাপন অনুষ্ঠানৰ প্ৰতিবেদন – (সুজাতা হাতীবৰুৱা)
আজি জ্যোতিৰ নতুন দিগন্তলৈ ওলাই ওলাই আহ
যোৱা আঠ ছেপ্টেম্বৰৰ দিনটো ভূপেন হাজৰিকাৰ জন্মদিন উপলক্ষে ‘মুক্ত চিন্তা’ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্রীৰ এটা গোট ‘কৃষ্ণচূড়া’ৰ যুটীয়া উদ্যোগত কিছু ব্যতিক্ৰমীভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত সভাগৃহত বিয়লি অনুষ্ঠিত হৈ যায়৷ ইয়াৰ জৰিয়তে ভূপেন হাজৰিকাৰ সৃষ্টিৰ সাধাৰণতে চকুত নপৰাকৈ থাকি যোৱা দিশ এটাৰ ওপৰত আলোকপাত কৰাৰ চেষ্টা কৰা হৈছিল।
প্ৰায় দুঘন্টাজোৰা সভাখন বিশিষ্ট চিন্তাবিদ নৰেন পাটগিৰিদেৱৰ চমু অথচ মনোজ্ঞ ভাষণেৰে আৰম্ভ হয়। ইফালে ষ্টেজত সুদক্ষ কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে আৰম্ভ কৰিলে সেই দিনটো উপলক্ষে আঁকিবলগা বিশেষ এক স্কেছ অংকনৰ কাম। পাটগিৰিদেৱে আজি মানুহে দেৱতাৰ শাৰীত তুলি লোৱা ভূপেন হাজৰিকাজনক মানুহৰ শাৰীলৈ নমাই আনি তেখেতৰ সৃষ্টিৰ বিচাৰ-বিশ্লেষণৰ কথা উনুকিয়ালে। লোকনাথ গোস্বামীয়ে ভূপেন হাজৰিকাৰ জীৱনৰ তথা তেখেতৰ দুই-এক সৃষ্টিৰ আঁৰৰ ৰসাল আৰু গুৰুত্বপূৰ্ণ তথ্য জনালে। কেনেকৈ ভূপেন হাজৰিকা আছিল এফালে সাম্যবাদী চীনৰ প্ৰশংসক অথচ ভাৰতক ‘আক্ৰমণকাৰী’ চীনৰ কঠোৰ সমালোচক। কেনেকৈ তেখেতৰ আদৰ্শৰ স্থিৰতা ৰক্ষা হোৱা নাছিল সেয়া হেমাংগ বিশ্বাস আৰু অমলেন্দু গুহ আদিৰ পৰিপক্ব পৰ্যবেক্ষণত ধৰা পৰিছিল সেই কথাও গোস্বামীদেৱে ক’লে। আন্তৰিকতাশূন্য প্ৰদৰ্শনকামী জাতীয়তাবাদ আৰু অমানৱীয় সামাজিক নীতি-নিয়ম যে অপ্ৰয়োজনীয় ভূপেন হাজৰিকাই সেয়া নিজৰ কামে-কাজে দেখুৱাই থৈ গৈছে। স্বভাৱসুলভভাৱেই গীতৰ শুৱলা কলিসমূহে গোস্বামীদেৱৰ কথাৰ মাজে মাজে ভূমূকি মাৰিছিলহি। খুব কম সময়ৰ ভিতৰতে প্ৰায় এশ-ডেৰশ আগ্ৰহী শ্ৰোতা-দৰ্শকক সম্বোধি দুয়োজনে কোৱা কথাখিনিয়ে সময়ৰ কথা পাহৰাই ৰাখিছিল৷ দৰ্শকসকলৰ প্ৰায় আটাইবোৰেই আছিল নতুনচামৰপৰা অহা।
হয় গোস্বামীদেৱে কোৱা কথা এষাৰ আমাৰো মনৰ কথা যে ডাঙৰ ডাঙৰ সভাবোৰতকৈ এনেকৈ কম অথচ আগ্ৰহী মানুহ থকা সভাবোৰত কথা কোৱা বা ভাগ লোৱাই বেছি ভাল। এটাও টিভি চেনেল বা বাতৰিকাকতৰ এজনো সংবাদকৰ্মী উপস্থিত নথকা সভাখন আছিল যেন প্ৰদৰ্শনকামিতাৰপৰা দূৰত অৱস্থিত এক সৎ আৰু সাহসী প্ৰচেষ্টা ভূপেন হাজৰিকাৰ সৃষ্টিৰ গণমুখী চেতনাৰ ওপৰত আলোকপাত কৰাৰ।
ভাষণৰ মাজতেই আছিল গীত-মাত। গীতৰ নিৰ্বাচনো আছিল বাছকবনীয়া। সচৰাচৰ শুনিবলৈ নোপোৱা ভূপেন হাজৰিকাৰ দুই-এটি গীত বৰ সুন্দৰকৈ গালে আটাইকেইজন গায়ক-গায়িকাই। বিশেষকৈ অঞ্জন ফুকনৰ ‘আন্ধাৰ কাতিৰ নিশাতে’ আৰু ‘বিক্ষুব্ধ’ আৰু আজীম বৰাই গোৱা ‘তপ্ত তীখা’ বহু দিনলৈ মনত ৰৈ যাব। আনহাতে, প্ৰায় ডেৰ ঘন্টাতকৈয়ো অধিক সময় অলপো নবহাকৈ, গৰমত অহৰ্নিশে তুলিকা বুলাই নিতুপৰ্ণ ৰাজবংশীয়ে সম্পূৰ্ণ কৰি তুলিলে ভূপেন হাজৰিকাকে মুখ্য কৰি সাম্প্ৰতিক সময়ৰ এক অৰ্থৱহ কাৰ্টুন। তেখেতে চমুকৈ ছবিখনৰ বক্তব্য আৰু অনুপ্ৰেৰণাৰ কথা উল্লেখ কৰে। ‘মদাৰৰে ফুল’ শীৰ্ষক গীতটিৰ অনুপ্ৰেৰণাৰে এক ছবিৰ মাজেৰে পেৰ’ডি অঁকা বুলি কৈ তেখেতে বৰ্তমান সময়ৰ সৰহভাগ বুদ্ধিজীৱীৰে সুবিধাবাদী চৰিত্ৰৰ কথাও দোহাৰে। কাৰ্টুনটোত আছে ক্ষমতালোভী ৰাজনৈতিক নেতা, চকুত ছানি পৰা বুদ্ধিজীৱী, মিডিয়া, মদাৰৰ দৰে ব্যৱহৃত সাধাৰণ জনতাক দেখি জগা ভূপেন হাজৰিকাৰ ক্ষোভ।
গোটেই অনুষ্ঠানটো এগৰাকী ঘোষিকাসহ গোট দুটাৰ কেইগৰাকীমান সদস্য-সদস্যাই খুউব নিয়াৰিকৈ আৰু আন্তৰিকতাৰে চলাই নিলে। অনুষ্ঠানটোত উপস্থিত থাকি মনটো শান্তিৰে ভৰিল। অন্ততঃ সাক্ষী হ’লো যে শোষিতৰ হৈ মুকলি মনেৰে কথা কোৱা আৰু শুনাৰ, ৰঙীন চশমা খুলি থৈ চৌপাশ চোৱাৰ পৰিৱেশ এটা সিদিনা আকৌ আহিছিল।
মানসী গোস্বামীৰ সংযোজন :
“অনুষ্ঠানটোত সম্পূৰ্ণ নিজা হেঁপাহত গৈ দুজন এনেকুৱা ব্যক্তি উপস্থিত হৈছিল, যি অসমৰ প্ৰগতিশীল সামাজিক-সাংস্কৃতিক ক্ষেত্ৰখনৰ সতে ওতপ্ৰোতভাৱে জড়িত। প্ৰতিষ্ঠিত ভাস্কৰ্য তথা চিত্ৰশিল্পী জ্ঞানেন্দ্ৰ বৰকাকতি আৰু অলকা বৰকাকতি। তেওঁলোকৰ নাম দুটা উল্লেখ কৰিলো এইবাবেই যে দুয়োজন ব্যক্তিয়েই নিজা নিজা ক্ষেত্ৰখনত প্ৰগতিশীল চিন্তা-চৰ্চাৰ অভ্যাস তথা আলোচনা কৰি আহিছে। হয়তো এই দুয়োটা গোটৰ অনেকেই এওঁলোক দুজনৰ
বিষয়ে অৱগত নহয়। সেয়েই তেওঁলোকৰ কথাটো উল্লেখ কৰিলো। নিজস্ব চিনাকি থকা সত্ত্বেও নিতান্ত সাধাৰণভাৱে, কোনো ব্যক্তিগত নিমন্ত্ৰণ অবিহনেই এনেকুৱা এক অনুষ্ঠানত উপস্থিত থাকি তেওঁলোকে দিয়া উৎসাহ আৰু সমৰ্থনৰ কথা উল্লেখ নকৰিলে কথাখিনি আধৰুৱা হৈ ৰ’ব হয়তো!”
ভিডিঅ’টো আপলোড হ’ল নেকি বাৰু?