৬ষ্ঠ বছৰ (তৃতীয় সংখ্যা)অতিথি সম্পাদকৰ চ'ৰাগল্প-কবিতাষষ্ঠ বছৰ

মূলাগাভৰু গাৰ্লছ হোষ্টেলত নিশাৰ আৰ্দ্ৰতা (দীপালি দেৱী চৌধুৰী)

সন্ধিয়াৰ দোমোজাত কাণিমুনি পৰত ৰুম নম্বৰ সাতৰ পৰা এটা বিকট চিঞৰ ভাঁহি আহিল৷ চিঞৰটো কাৰ কোনেও ধৰিব নোৱাৰিলে৷

ছেমেষ্টাৰ পৰীক্ষা সমাগত৷ নিজ নিজ ৰুমত সকলোৱে সোমাই নিজকে পঢ়াত ব্যস্ত ৰখাৰ দৰে আন এটা চাম থাকে কৃষ্ণচূড়াৰ ছাঁত নিজকে বিলাই দিয়াত৷ গৰমৰ দীঘলীয়া আবেলিৰ পাছত যেতিয়া সন্ধিয়া নামে সি বৰ মোহনীয় হৈ উঠে৷

গতিকে হোষ্টেলৰ কিছুৱে কেম্পাচৰ বাহিৰত, কোনোৱে নাতিদূৰৈত, কোনোৱে আকৌ কিছু দূৰলৈ জনাকীৰ্ণ বাটেৰে জুৰ মলয়াৰ বা লৈ উলাহেৰে খোজ লৈছে৷ তাৰ মাজত কোনোজনী আকৌ ঠেহুৰী পাতি প্ৰেমাস্পদৰ আকুলতাত ডুব গৈছে যদি কোনোবা দুজনীমানৰ গোটত কেমেষ্ট্ৰিৰ চল্যুচনৰ তীব্ৰ আলোচনা, কোনোবা কেইজনীমানৰ ডিপাৰ্টমেণ্টত মাজবয়সৰ কটকী চাৰৰ নীতাৰ সৈতে গভীৰ প্ৰেমক লৈ উত্তাল আলোচনাৰ জোৱাৰ আদিৰে হাঁহিৰ এজাক উশাহে  কৃষ্ণচূড়াৰৰ বৃহৎ শিপাকো লৰাই দিছে ৷

মুঠতে অভিমানৰ উচুপনি ঠেহৰ পৰা হাঁহি আনন্দৰ বন্যালৈ এখন নৈ বৈ যায় গাৰ্লছ হোষ্টেলৰ আলিয়ে বাটে সকলোতে ৷

তেনেস্থলত কাণিমুনি সন্ধিয়াটোত হঠাৎ কাৰোবাৰ তীব্ৰ চিঞৰ এটা ৰুমৰ পৰা ভাঁহি আহিলে সচকিত হোৱাটো স্বাভাৱিক৷ সন্ধিয়াটোৰ পাছত সাত বজাত গ্ৰাউণ্ড ফ্ল’ৰত হোষ্টেল প্ৰিফেক্টে সাধাৰণতে এটেন্দেন্স লয়৷ তাত আনদিনাৰ দৰে আজিও সকলোৱে গোট খালে৷ সকলোৱে গম পালে সাত নম্বৰ ৰুমৰ পৰা চিঞৰটো তনুজাৰ আছিল৷

হোষ্টেলত যি চাম সাধাৰণতে পঢ়াৰ বাহিৰেও বাহিৰা চিন্তা ধাৰাৰেও কিছু মুক্ত সিহঁতক বেছিভাগেই জানে তনুজা অলপ ব্যতিক্ৰম৷ যথেষ্ট ইনট্ৰভাৰ্ত আৰু সংবেদনশীল ছোৱালী তনুজা৷ বাহিৰা পঢ়াশুনাৰে সমৃদ্ধ৷ লগতে ক্লাছৰ ছেমেষ্টাৰৰ ৰিজাল্টবোৰতো ভাল কৰি আছে৷

নীলয় তাইৰ ক্লাছমেট৷ এটা প্ৰগ্ৰেছিভ চিন্তাধাৰাৰে সবল আৰু পুষ্ট মনৰ অধিকাৰী সি তাইক ভাল পাব খোজে৷ এইটো বয়সত প্ৰেমৰ সৈতে এক নিবিড় সম্পৰ্ক কৰাৰ বয়স৷ নিশ্চয় ঠুনুকা কাঁচঘৰৰ দৰে নহয়৷ নীলয় তাইক লৈ যথেষ্ট কেয়াৰিং৷ তনুজাই এইটোও জানে৷ বুজি পায় তাই তাৰ মনটো৷ কিন্তু তাই মত দিব পৰা নাই৷ তাইৰ নীলয়লৈচোন অন্তৰত কোনো প্ৰেমৰ ভাবে অকণোই দোলা নকৰে!

আচলতে কোনো ল’ৰালৈ তাইৰ প্ৰেমৰ দৃষ্টি জাগি নুঠে৷

সচৰাচৰ এটা হোষ্টেলৰপৰা লগৰ বান্ধৱীয়ে ৱাৰ্ডেনৰ অনুমতি সাপেক্ষে আনটো লৈ অহাযোৱা কৰিব পাৰে৷

সেয়েহে নীতাদিৰ (চিনিয়ৰ বাবে দি সম্বোধন) অহাযোৱা তাইৰ হোষ্টেললৈ প্ৰথমে৷ তাৰ পাছত তাইৰ ৰুমলৈ৷

বেংগলী ডিপাৰ্টমেণ্টৰ ফাইনেল ছেমেষ্টাৰৰ নীতাদিৰ ঘৰ আগৰতলাত৷ অসমৰ পৰিৱেশ ভাল পায়৷ অসমৰ মানুহক ভাল পায়৷ ইয়াৰ কৃষ্টি-সংস্কৃতিৰ কথা যথেষ্ট শুনিছে৷ পঢ়িছে৷ বাস্তৱত চাবলৈ আৰু অনুভৱ কৰিবলৈ এই মাটিত থাকি উশাহত গোন্ধ ল’ব লাগিব৷ তাকেই মনত দকৈ লোৱা নীতা ঘোষ আগৰতলাৰ পৰা গুৱাহাটী ইউনিভাৰ্চিটিলৈ আহি ইয়াত পঢ়িবলৈ ল’লে৷

মোৰ কাহিনীৰ নায়িকা দুজনী৷ তনুজা আৰু নীতা দী ৷

মই তনুজাক এই ৰূপত আগবঢ়াব খুজিছোঁ যে তাইৰ মনৰ ভিতৰখন গভীৰ পানীৰ মাছ যেন৷ ভাৱনাৰ দোলা আছে৷ কিন্তু বিপৰীতধৰ্মিতা তাত নাই৷ তাইৰ এই কুৰি বছৰীয়া যৌৱনে গৰকা দেহত আলোড়ন আছে৷ ভাবগন্ধী মন আছে৷ কিন্তু সচৰাচৰ নৈৰ গতিৰ দৰে নহয়৷ তাই সাতুৰি-নাদুৰি পাৰ হ’ব খোজা নৈখন এক বিপৰীত সুঁতিৰে বাগৰি যোৱা নৈ৷ সাগৰৰ বিশালতা তাইৰ দুচকুত স্পষ্ট৷

আৰু নীতাদি? নীতাদি এক প্ৰত্যয়ৰ গভীৰ আৱাস৷

হাইস্কুলৰ দিনৰ পৰা মাৰ্ক্সিষ্ট-লেনিনিষ্ট মতবাদৰ চিন্তাধাৰাৰে পৰিপুষ্ট ছোৱালীজনী৷ দেশৰ কোনোবা চুকত বিনোদ মিশ্ৰৰ গ্ৰেপ্তাৰৰ বাতৰিয়ে নীতাদিক উদাত্ত কণ্ঠেৰে আলোড়িত কৰিবলৈ প্ৰেৰণা দিয়ে৷

কাহিনীভাগৰ শেষৰ পিনে এনেকুৱা হ’ল, তনুজা আৰু নীতাদি দুয়ো সমকামী এক সম্পৰ্কেৰে প্ৰেমিকা৷ বিশ্বৰ যি সময়ত সকলোতে এক প্ৰবল জনমতে এলজিবিটিকিউ-ৰ হকে আৱৰি ধৰিছে নীতাদি আৰু তনুজাৰ ঘড়ীয়ে যেন আহ্বান কৰিছে “সময় সমাগত৷”

আৰু মই ঠিক কৰিছোঁ মনক আগুৱাই নিবলৈ৷ সঁচাকৈয়ে সময় সমাগত৷ কোঠাটোৰ এচুকত কৰ্ণাৰ টেবুলখনত লেণ্ডলাইনৰ ফোনত এটা নম্বৰ ডায়েল কৰিবলৈ ৰিচিভাৰটো হাতত তুলি ললোঁ৷

সিমূৰে অম্বালিকা বাইদেউ৷

ফোনত কাৰো মুখত শব্দ নাছিল৷ মাথোঁ উশাহত ওলমি আছিল হেজাৰ বছৰৰ বন্ধ হুমুনিয়াহ, যি মুকলি পাই বাট বুলিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *