কেন্দ্ৰীয় নিবন্ধ

ন মনুষ্যাৎ : এক পৰিচয়মূলক টোকা  (হৃষিকেশ বৰপূজাৰী)

যোৱাটো বছৰৰ শেষৰটো মাহৰ ১৫ তাৰিখে অসমীয়া প্ৰগতিশীল সমাজৰ এক অন্যতম মাইলৰ খুঁটি, শিক্ষাবিদ, বিশিষ্ট বুদ্ধিজীৱী, লেখক, সম্পাদক, অনুবাদক শিৱনাথ বৰ্মনদেৱে শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ বিয়োগ অসমীয়া জাতীয় জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি। তেখেতৰ চিন্তাশীল, গৱেষণামূলক, প্ৰজ্ঞাৰ জ্যোতিৰে উদ্ভাসিত সাহিত্যৰাজিৰ যথোচিত বস্তুনিষ্ঠ আলোচনা-সমালোচনা আমাৰ বাবে অতি প্ৰয়োজনীয় আৰু এনেদৰেহে তেখেত আমাৰ মাজত বৌদ্ধিকভাৱে চলমান হৈ ৰ’ব। আমাৰ এই চুটি লেখাটোত তেখেতৰ জীৱনৰে এক উৎকৃষ্টতম সৃষ্টি ‘ন মনুষ্যাৎ’ৰ বিষয়ে পাঠকসকলক কিছু আভাস দিবলৈ চেষ্টা কৰিম। এয়া গ্ৰন্থখনৰ কোনো আলোচনা বা সমালোচনা বুলি আমি দাবী নকৰোঁ। অসমীয়া সাহিত্যজগতৰ এক অদ্বিতীয় তথা অগতানুগতিক প্ৰবন্ধৰ সংকলন উক্ত গ্ৰন্থখনৰ আমি মাত্ৰ এটি পৰিচয়মূলক টোকাহে লিখিবলৈ চেষ্টা কৰিছোঁ। আমাৰ লেখাটোৰ যোগেদি যাতে কিছু সংখ্যক লোকে গ্ৰন্থখনৰ বিষয়ে জ্ঞাত হয় আৰু ইয়াক এক নতুন ধৰণে বিশ্লেষণ কৰিবলৈ উদ্যত হয়, সেয়া আমাৰ কাম্য।

‘ন মনুষ্যাৎ’ গ্ৰন্থখনক এক অদ্বিতীয় প্ৰবন্ধ সংকলন বুলি কোৱাৰ আঁৰৰ কাৰণটোৰ এক সম্যক আভাস গ্ৰন্থখনত সন্নিৱিষ্ট প্ৰবন্ধসমূহৰ শিৰোনামবোৰ উল্লেখ কৰিলে পোৱা যাব আৰু ইয়াৰ বিশ্লেষণে কাৰণটোৰ যুক্তিযুক্ততা আৰু দৃঢ় কৰি তুলিব। গ্ৰন্থখনত সন্নিৱিষ্ট কেইটামান প্ৰবন্ধ হ’ল– ‘মাৰ্ক্সবাদ আৰু বৈজ্ঞানিক দৃষ্টিভঙ্গী, ‘ধৰ্ম, ঈশ্বৰ আৰু মাৰ্ক্স, ‘আধ্যাত্মিকতাৰ মৰ্ম, ‘ঐতিহাসিক বস্তুবাদ আৰু ব্যক্তি স্বাধীনতাৰ সমস্যা’, ‘মাৰ্ক্সীয় বস্তুবাদত কল্পনাৰ ভূমিকা’, ‘নাৰী, প্ৰেম আৰু মাৰ্ক্স’, ‘মাৰ্ক্স, এংগেলছ আৰু সাহিত্য, ‘আদিম কলা’ ইত্যাদি। সামগ্ৰিকভাৱে গ্ৰন্থখনৰ প্ৰবন্ধলানিয়ে সমাজ-বিজ্ঞানক কিয় বিজ্ঞান হিচাপে বিবেচিত কৰা হয়? আৰু সমাজৰ ঘটনা-পৰিঘটনাক এক যুক্তিবাদী চিন্তাৰে অধ্যয়ন কৰিবলৈ প্ৰয়োজনীয় চিন্তা তথা দৰ্শন কি? – এই দুটা যুক্তিশীল তথা বৈজ্ঞানিক প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিছে। তাৰ লগতে সংযুক্ত হৈছে বৈজ্ঞানিক দৃষ্টিভঙ্গী, মাৰ্ক্সীয় দৰ্শন, ধৰ্মৰ সাৰমৰ্ম ইত্যাদি।

গ্ৰন্থখনৰ প্ৰথমটো প্ৰবন্ধৰ নাম হ’ল ‘পূৰ্বভাষ’। প্ৰকৃতাৰ্থতে এই প্ৰবন্ধটোৰ বিষয়বস্তু গ্ৰন্থখনৰ পাতনি সদৃশ। সমাজ এখনৰ সৃষ্টি আৰু ইয়াৰ বিকাশ ব্যক্তিৰ চিন্তা আৰু শ্ৰমৰ দ্বাৰা হয়। যেতিয়া সমাজ বা বহল অৰ্থত দেশৰ স্বাৰ্থসিদ্ধিয়ে ব্যক্তি স্বাধীনতাক হৰণ কৰে তেতিয়া সেই সমাজৰ প্ৰগতিশীলতা ম্লান পৰে আৰু সি এক নিস্ক্ৰিয় অৱস্থালৈ অৱনমিত হয়। তেনে সময়তে সমাজখনক বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে পুনঃবিশ্লেষণ কৰা প্ৰয়োজনীয় হৈ পৰে। সাম্প্ৰতিক ভাৰতবৰ্ষৰ অৱস্থাও‌ অনুৰূপ, য’ত ৰাষ্ট্ৰপ্ৰীতিৰ আগত ব্যক্তিস্বাধীনতা তেনেই গৌণ হৈ পৰিছে। আমি সদায়ে নতুন নতুন ধৰণে এই স্বৈৰতন্ত্ৰৰ প্ৰত্যক্ষদৰ্শী হৈ ৰৈছোঁ। ৰবীন্দ্ৰনাথ‌ ঠাকুৰে কৈছিল– “Patriotism can’t be our final spiritual shelter. I will not buy glass for the price of diamonds and I will never allow patriotism to triumph over humanity as long as I live”। অৰ্থাৎ দেশপ্ৰেম কেতিয়াও মানৱ প্ৰেমৰ উৰ্দ্ধত হ’ব নোৱাৰে। ৰবীন্দ্ৰনাথৰ এনে উক্তিৰ মৰ্ম অতি গুৰুত্বপূৰ্ণ কিন্তু আজিৰ সময়ত যদি কোনোৱে এনেধৰণৰ মন্তব্য প্ৰক্ষেপ কৰে তেন্তে তেওঁ ৰাষ্ট্ৰদোহী Tag টোৰ বাহিৰে আন একো নাপায়। কিন্তু সমাজৰ এনে নিম্নগামী জনবিৰোধী অৱস্থাক বুজিবলৈ সমাজ-বিজ্ঞানৰ যথোচিত অধ্যয়ন সমীচিন‌। বৰ্মনদেৱে লিখিছে যে– “মাৰ্ক্সবাদ বিজ্ঞানৰ সমাৰ্থক” অৰ্থাৎ সমাজখনৰ বিজ্ঞানসন্মত অধ্যয়নৰ বাবে মাৰ্ক্সীয় চিন্তা নিশ্চয়কৈ এক আহিলা হ’ব পাৰে কিয়নো মাৰ্ক্সে সমাজৰ গতিবিধিক কিছুমান নিৰ্দিষ্ট সূত্ৰৰ যোগেদি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু কোনো ব্যক্তিয়ে যদি মাৰ্ক্স বা এংগেলছৰ সূত্ৰক বেদৰ বাণী ৰূপে গ্ৰহণ কৰে তেন্তে নিশ্চয় তেওঁ বৈজ্ঞানিক দৃষ্টিভঙ্গী আহৰণৰ পৰা বহু দূৰৈত অৱস্থিত। এনে ব্যক্তিৰ দ্বাৰা সমাজ ৰূপান্তৰ সম্ভৱ নহয়।– এই কথাও তেওঁ উল্লেখ কৰিছে। কিন্তু বৰ্তমান সমাজত যুক্তিবাদী লোকৰ সংখ্যা তাকৰ। কোনোবা যদি চৰকাৰ ভক্ত আন‌ কোনোবা আকৌ‌ মাৰ্ক্সৰ ভক্ত, কোনোবা আকৌ‌ লেনিনৰ ভক্ত; মুঠতে ভক্তৰে পৰিপূৰ্ণ আজিৰ সমাজ। এইক্ষেত্ৰত শিৱনাথ বৰ্মন আছিল নিশ্চয়কৈ ব্যতিক্ৰম। গতিকে ক’ব পাৰি যে উক্ত প্ৰবন্ধটোত উল্লেখিত ধাৰণাসমূহ সম্পূৰ্ণ বাস্তৱিক আৰু গ্ৰহণযোগ্য। প্ৰবন্ধটোৰ এটা শাৰী বৰ গুৰুত্বপূৰ্ণ– “সামাজিকীকৰণৰ নিচাই আমাক পাহৰালে নচলিব যে ব্যক্তি যিদৰে সামাজিক সম্পৰ্কৰ একো একোটা গোট, তেনেদৰে সমাজো হ’ল যূথচাৰী আৰু যূথকামী ব্যক্তিৰেই সমষ্টি”। “জীৱন চেতনাৰ দ্বাৰা নহয়, চেতনাহে জীৱনৰ দ্বাৰা নিৰ্ণীত হয়”– মাৰ্ক্সৰ এই উক্তিক সমালোচনা কৰি তেখেতে লিখিছে যে জীৱন আৰু চেতনাৰ সম্পৰ্ক নিত্যান্তই দ্বান্দ্বিক, জীৱনে চেতনাক নিৰ্ণয় কৰাৰ দৰে চেতনাই ও‌ জীৱনৰ গতিবিধিক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰে।

গ্ৰন্থখনৰ দ্বিতীয়টো প্ৰবন্ধৰ শিৰোনাম হ’ল– ‘বৈজ্ঞানিক দৃষ্টিভংগী: ইয়াৰ প্ৰয়োজনীয়তা’। বৈজ্ঞানিক দৃষ্টিভঙ্গী নো কি? সমাজত ইয়াৰ প্ৰয়োজন তথা প্ৰয়োগ ক’ত? সমাজ-বিজ্ঞান অধ্যয়নত বৈজ্ঞানিক দৃষ্টিভঙ্গী কিয় প্ৰাসংগিক? উক্ত প্ৰশ্নকেইটাৰ উত্তৰ আৰু তাৰ তাত্ত্বিক বিশ্লেষণৰে সমৃদ্ধ প্ৰবন্ধটোৰ বিশেষত্ব এয়ে যে ইমান গভীৰ তাত্ত্বিক কথাৰে সমৃদ্ধ প্ৰবন্ধটো পঢ়িবলৈ বা‌ তাক অনুধাৱন কৰিবলৈ পাঠকে বৰ বিশেষ কষ্ট কৰিব নালাগে। ই একেবাৰে সহজবোধ্য। সততে যুক্তি, তত্ত্ব, তথ্য আদিৰে পৰিপূৰ্ণ প্ৰবন্ধবোৰ পঢ়িবলৈ আৰু তাত ৰস বিচাৰি পোৱা টান হৈ পৰে। আজিকালি প্ৰায়সমূহ উৎকৃষ্টমানৰ প্ৰবন্ধত এই অসুবিধা পৰিলক্ষিত হয়। কিন্তু শিৱনাথ বৰ্মন ইয়াৰ সম্পূৰ্ণ ব্যতিক্ৰম। তেখেতৰ প্ৰবন্ধত যিমান গভীৰ তাত্ত্বিক কথা‌ সন্নিৱিষ্ট নহওঁক কিয় তাক অতি সৰল ৰূপত উদাহৰণৰ সৈতে পাঠকৰ আগত উপস্থাপন কৰিব পৰা বৈশিষ্ট্যটোৱে তেখেতক বিশেষ কৰি তোলে। বৈজ্ঞানিক দৃষ্টিভঙ্গীৰ দুটা ঘাই বৈশিষ্ট্য হ’ল– তথ্য আৰু যুক্তিৰ ওপৰত অগাধ বিশ্বাস আৰু বিষয়ানুগত্য। তথ্য আৰু যুক্তি সম্বন্ধে তেখেত উল্লেখ কৰিছে–“যুক্তি অবিহনে তথ্য নিষ্ক্ৰিয় আৰু তথ্য অবিহনে যুক্তি অন্ধ”। সমাজৰ তথা নৈসৰ্গিক জীৱনৰ যিকোনো বিষয় সহজে বুজিবলৈ তথ্য আৰু যুক্তিৰ গত্যন্তৰ নাই। আকৌ তেখেতে উল্লেখ কৰিছে যে বৈজ্ঞানিক দৃষ্টিভঙ্গী আহৰণৰ ক্ষেত্ৰত আমাৰ সন্মুখত থকা বৃহৎ বাধা হ’ল কেতবোৰ নৈতিক আৰু ধৰ্মীয় কু-সংস্কাৰ। এই কথা প্ৰতিষ্ঠা কৰিবলৈ তেখেতে কেইবাটাও উদাহৰণ দাঙি ধৰিছে। তাত তেখেতে উল্লেখ কৰিছে যে ব্ৰক্ষ্মগুপ্ত আদি প্ৰাচীন জ্যোতিৰ্বিদে চন্দ্ৰগ্ৰহণ, সূৰ্যগ্ৰহণ আদিৰ বিষয়ে ভালদৰে জানিছিল কিন্তু ধৰ্মীয় কু-সংস্কাৰবাদী সকলক সন্তুষ্ট কৰাৰ বাবেহে ৰাহু-কেতু আদিৰ ধাৰণা প্ৰচাৰ কৰিছিল। কিন্তু ব্ৰক্ষ্মগুপ্ত আদিয়ে প্ৰকৃত বৈজ্ঞানিক কাৰণ জানিছিল নে নাই তাৰ প্ৰমাণ আছে জানোঁ (থাকিব পাৰে আমি অজ্ঞাত হ’ব পাৰোঁ)? ব্ৰক্ষ্মগুপ্তৰ দৰে ভাৰতীয় তথাকথিত জ্যোতিৰ্বিদসকল নিজেও বহুসময়ত ধৰ্মীয় কু-সংস্কাৰবাদী আছিল। সেয়েহে আপাতদৃষ্টিৰে তেওঁলোকে ৰাহু-কেতু-শনি আদি বিশ্বাস কৰিছিল।

প্ৰবন্ধটোত তেখেতে উল্লেখ কৰা বৈজ্ঞানিক দৃষ্টিভঙ্গীৰ পথত হেঙাৰ হোৱা আন এক কাৰক হৈছে জাতীয় তথা মানৱীয় দম্ভ আৰু মানুহৰ চিন্তাৰ নান্দনিক জগত। নিজৰ জাতি, ভাষা-সংস্কৃতি এই সকলোৰে উৰ্দ্ধত দেশপ্ৰেম বুলি বিবেচনা কৰা ব্যক্তিয়ে বহুত সত্যৰ জ্ঞান আহৰণ কৰাৰ পৰা বিৰত থাকে। নান্দনিক জগতে কিদৰে বাধা হিচাপে থিয় হয় সেয়া বৰ আমোদজনক। এই কথা বৰ্ণনা কৰিবলৈ গৈ তেখেতে এৰিষ্ট’টলৰ উদাহৰণ দাঙি ধৰিছে। এৰিষ্ট’টলে কিয় সৌৰজগতৰ গ্ৰহসমূহৰ পথ বৃত্তাকাৰ বুলি গণ্য কৰিছিল? তাৰ কাৰণ নিশ্চয় বৃত্তৰ সৰলতা আৰু সুষমতা। গতিকে এই ভিত্তি বৈজ্ঞানিক নহয় বৰং নান্দনিকহে। শেষত তেখেতে উল্লেখ কৰিছে যে সৃষ্টিৰ বাবে কেবল বৈজ্ঞানিক দৃষ্টিভঙ্গীয়েই সৰ্বাত্ম নহয়। তাৰ বাবে কল্পনা, স্বজ্ঞা, প্ৰেৰণা আদিৰ দৰে অবৈজ্ঞানিক অৱদানৰ গুৰুত্ব‌ বেছি। কিন্তু এনে চেতনাই যাতে এক নিৰ্দিষ্ট সীমাৰেখা অতিক্ৰম কৰি অতি নান্দনিক সৃষ্টিৰ পিনে আগ নাবাঢ়ে তাৰ বাবে বৈজ্ঞানিক দৃষ্টিভঙ্গীৰ প্ৰয়োজনীয়তা সৰ্বাধিক।

‘মাৰ্ক্সবাদ আৰু বৈজ্ঞানিক দৃষ্টিভঙ্গী’, ‘ধৰ্ম, ঈশ্বৰ আৰু মাৰ্ক্স’, ‘মাৰ্ক্সীয় বস্তুবাদত কল্পনাৰ ভূমিকা’, ‘মাৰ্ক্স আৰু নীতিবোধ’, ‘নাৰী প্ৰেম আৰু মাৰ্ক্স’ আদি শিৱনাথ বৰ্মনদেৱে গ্ৰন্থখনত সন্নিৱিষ্ট কৰা মাৰ্ক্সবাদ সম্পৰ্কীয় কেইটামান প্ৰবন্ধ। প্ৰবন্ধ কেইটাক বেলেগ বেলেগ কৈ আলোচনা কৰাৰ পৰিৱৰ্তে আমি আটাইখিনি কথা একেলগে আলোচনা কৰিবলৈ চেষ্টা কৰিম যিহেতু আটাইকেইটাৰ সাৰবস্তু প্ৰায় অনুৰূপ।‌ বৈজ্ঞানিক দৃষ্টিভঙ্গী মানে বিজ্ঞান তথা গণিত অধ্যয়ন নহয়। ভাৰতবৰ্ষত প্ৰাচীন কালত বহুতোধৰণৰ বিজ্ঞান আৰু গণিতৰ চৰ্চা হৈছিল যদিও সেই সময়ত ইয়াত বৈজ্ঞানিক দৃষ্টিভঙ্গীৰ সূচনা হৈছিল বুলি দাবী কৰাটো অনাৰ্থক।‌ ঠিক একেদৰে সমাজবাদৰ সৃষ্টিও কেতবোৰ বিক্ষিপ্ত মানৱীয় ধাৰণাৰ দ্বাৰা নহয়। অতীত-প্ৰীতিত মত্তসকলে পাৰিলে ক’ব খোজে যে মহাভাৰততে সমাজবাদৰ বীজ অংকুৰিত হৈছিল। কিন্তু এনে‌ অমূলক তত্ত্বৰ আলোচনাও ক্ষতিকাৰক।‌ সমাজবাদী চিন্তাই প্ৰকৃতাৰ্থত ফৰাচী বিপ্লৱৰ পাছত জন্মলাভ কৰি মাৰ্ক্স-এংগেলছৰ লেখনিত পূৰ্ণতা লাভ কৰে।  বৰ্মনদেৱে উল্লেখ কৰিছে যে- “মাৰ্ক্সবাদ, ই অতিশায়োক্তি নহয়, এটা বিজ্ঞানসন্মত তত্ত্ব”। বিজ্ঞানৰ দৰে সমাজো যে কেতবোৰ বিশেষ নীতি আৰু সূত্ৰৰ দ্বাৰা পৰিচালিত এই কথা খুব স্পষ্টকৈ দ্বিধাহীনভাৱে তেখেতে লেখনিসমূহত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে আৰু ইয়াক বুজাবলৈ ব্যৱহাৰ কৰিছে বিভিন্ন সহজ‌ কিন্তু সমুচিত উদাহৰণ। সৃষ্টি আৰু সৃষ্টিকৰ্তাৰ সম্পৰ্ক কি? বিজ্ঞানৰ যিকোনো সূত্ৰৰ আলোচনা যেনেকৈ সূত্ৰটো আগ বঢ়োৱা বিজ্ঞানীগৰাকীৰ ব্যক্তিগত জীৱনৰ দ্বাৰা প্ৰভাৱিত নহয় ঠিক একেদৰে কলা-সাহিত্য আৰু সমাজ-বিজ্ঞানৰ নীতিসমূহো ব্যক্তিগত জীৱনৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ বিশ্লেষিত হ’লে ভাল। আকৌ‌ তেখেতে লিখিছে যে মানুহ যিহেতু সামাজিক প্ৰাণী সেয়েহে কম-বেছি পৰিমাণে তেওঁৰ চিন্তাৰ ওপৰত পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱ বিস্তাৰিত হয়। ই নিতান্তই এক দ্বান্দ্বিক বিষয়। কিন্তু এই দ্বন্দ্বৰ উপসম ঘটোৱাকৈ তেখেত উল্লেখ কৰিছে এক যুক্তিযুক্ত উদাহৰণৰ। সেয় হ’ল—“হৃতাধিকাৰীসকল‌ অধিকাৰপ্ৰাপ্ত হয়—কোনো পুঁজিবাদীৰ প্ৰতি থকা ব্যক্তিগত বিদ্বেষে মাৰ্ক্সক এই উক্তি‌ কৰিবলৈ উদগোৱা নাছিল।” কথাখিনি বৰ গুৰুত্বপূৰ্ণ। এইখিনিতে আন‌ এক উল্লেখযোগ্য কথা হ’ল যে ন সমাজৰ বিকাশ হয় প্ৰাচীন সমাজৰ ভিতৰতে। ন সমাজৰ জন্ম আৱশ্যম্ভাৱী। মাৰ্ক্সে কৈছিল যে ব্যৱহাৰিক প্ৰয়াসৰ দ্বাৰা মানুহে ন সমাজৰ জন্মকাল কিছু হ্ৰাস বা বৃদ্ধি কৰিব পাৰে; কিন্তু ইয়াৰ জন্ম ৰোধ কৰা বা নিৰ্দিষ্ট সময়ৰ বহু আগেয়েই ইয়াৰ জন্ম দিয়া মানৱীয় ক্ষমতাৰ অতীত। কিন্তু এই উক্তি তথা সূত্ৰ কিমান সমীচীন তাক লৈ আমাৰ প্ৰশ্ন হয়। নতুন সমাজৰ জন্ম অৰ্থাৎ সমাজ পৰিৱৰ্তন সময় হ’লে হ’ব বুলি হাত সাৱতি বহি থাকিলে জানোঁ হ’ব? তাৰ বাবে প্ৰয়োজনীয় পৰিৱেশ সৃষ্টি কৰাহে বেছি প্ৰাসংগিক। আকৌ তেখেতে মাৰ্ক্সবাদত সত্যৰ ধাৰণা কি? মাৰ্ক্সবাদত কিদৰে আশাবাদ নিহিত হৈ আছে আদি প্ৰশ্নোত্তৰৰো সূচনা কৰিছে। মাৰ্ক্সবাদৰ ওপৰত অগাধ বিশ্বাসী তেখেতে লিখিছে– “মাৰ্ক্সবাদৰ প্ৰতিটো ধাৰণা গতিশীল আৰু যৌৱনসুলভ উদ্যমেৰে উদ্দীপ্ত, মানৱীয় শক্তিৰ ওপৰত যি গভীৰ আস্থা আৰু জীৱনটো সুখৰ কৰি তুলিব খোজাৰ যি বলিষ্ঠ উদ্যম মাৰ্ক্সবাদত পোৱা যায় অন্যান্য দৰ্শনত সি দুৰ্লভ”।

ধৰ্ম তথা ঈশ্বৰ সম্পৰ্কে মাৰ্ক্সৰ যি চিন্তা তথা দৰ্শন সেই বিষয়ে এক বিশদ বিৱৰণ ‘ধৰ্ম, ঈশ্বৰ আৰু মাৰ্ক্স’ প্ৰবন্ধটোত পোৱা যায়। ধৰ্মৰ লগত ৰাজনীতি, সমাজনীতি, অৰ্থনীতিৰ সম্পৰ্কৰো বিশ্লেষণ লেখনিটোত সন্নিৱিষ্ট। হেগেলৰ ধৰ্ম সম্পৰ্কীয় মতবাদৰ দ্বাৰা প্ৰাৰম্ভিক বয়সত মাৰ্ক্স অতিশয় প্ৰভাৱান্বিত হৈছিল। “মানুহ ভগৱানৰ এটা বিচ্ছিন্ন ৰূপ”– হেগেলৰ এই ধাৰণাৰ মাজত বস্তুবাদী দৰ্শনত নকৈ দীক্ষিত মাৰ্ক্সে নাস্তিকতাৰ বীজ দেখা পাইছিল। পাছলৈ মাৰ্ক্সে হেগেলৰ  ভাৱবাদী দৰ্শনৰ পৰিৱৰ্তে ফয়েৰবাখৰ বস্তুবাদী ধৰ্মীয় দৰ্শনৰ দিশে আকৰ্ষিত হয়। ধৰ্ম সম্বন্ধে মাৰ্ক্সৰ চিন্তাৰ উত্তৰণৰ পৰিক্ৰমা বৰ সুন্দৰকৈ প্ৰবন্ধটোত ফুটি উঠিছে। তেখেতে লিখিছে যে- “ধৰ্মক মাৰ্ক্সে সমাজৰ অৰ্থনৈতিক পৰিস্থিতিৰ পৰা উদ্ভূত এটা উপ-প্ৰপঞ্চ হিচাপে গণ্য কৰিছিল”। লগতে তেখেতে উল্লেখ কৰিছে যে ফয়েৰবাখে ধৰ্মীয় জগতখনক বাস্তৱ জগতখনৰেই এটা প্ৰতিচ্ছবি বুলি বিবেচনা কৰাৰ বিপৰীতে মাৰ্ক্সে ইয়াৰ কাৰণো দাঙি ধৰিছিল। সমাজৰ এচামে আন এচামৰ ওপৰত চলোৱা নিপীড়নে ধৰ্ম বিস্তাৰৰ কাৰণ। বৰ্মনদেৱে ধৰ্ম সম্বন্ধে হেগেলৰ ভাৱবাদী মতবাদ, ফৰেয়বাখৰ বস্তুবাদী মতবাদ আদিৰ বিস্তৃত আলোচনা কৰাৰ লগতে ধৰ্মত সমাজৰ প্ৰতিফলনৰ তত্ত্ব সমৃদ্ধ মাৰ্ক্সীয় ধাৰণাও বহলাই উল্লেখ কৰিছে। ধৰ্মৰ লগত পুঁজিবাদী ব্যৱস্থাৰ সম্বন্ধ, দেশৰ অৰ্থনৈতিক পৰিস্থিতিৰ প্ৰভাৱ আদিও খুব সুন্দৰকৈ আলোচনা কৰিছে। আকৌ প্ৰবন্ধটোৰ শেষ কৰিছে এটা সুন্দৰ আৰু গুৰুত্বপূৰ্ণ শাৰীৰে– “মানুহেই মানুহৰ পৰম সত্তা”। প্ৰেম সম্পৰ্কে মাৰ্ক্সীয় ধাৰণাৰো‌ এক গুৰুত্বপূৰ্ণ অধ্যয়ন তেখেতে দাঙি ধৰিছে। তেখেতে কৈছিল– “প্ৰেমক মাৰ্ক্সে গণ্য কৰিছিল মানুহ আৰু মানুহৰ মাজত থকা সামাজিক সম্পৰ্কৰ এটা জীয়া অনুভূতিক উপাদান হিচাপে”।

বৰ্তমান অসমত বুৰঞ্জী পুনৰ লিখন আৰম্ভ হোৱা সময়তে শিৱনাথ বৰ্মনৰ ‘বুৰঞ্জী’ শীৰ্ষক প্ৰবন্ধটোৰ কেইটামান কথা অত্যন্ত প্ৰাসংগিক হৈ পৰিছে। বুৰঞ্জী মানেনো‌ প্ৰকৃতাৰ্থত কি? বিজ্ঞান বা সমাজ-বিজ্ঞান যিদৰে কেতবোৰ নিৰ্দিষ্ট নীতিৰ দ্বাৰা পৰিচালিত হয়, ঠিক একেদৰে বুৰঞ্জীও‌ কেতবোৰ সূত্ৰৰ দ্বাৰাহে পৰিচালিত হয় নেকি? তেখেতে লিখিছে যে বুৰঞ্জীৰ লগত অসুবিধাটো হ’ল বিজ্ঞান পদাৰ্থ সম্বন্ধে মানুহৰ ধাৰণা, কিন্তু বুৰঞ্জী হ’ল মানুহ সম্বন্ধে মানুহৰ ধাৰণা। গতিকে এক নিৰ্দিষ্ট সূত্ৰৰে ইয়াৰ চালনা অসম্ভৱ। আকৌ বুৰঞ্জী সম্বন্ধে মাৰ্ক্সৰ কিছু বিক্ষিপ্ত লেখনিৰ উমানো প্ৰবন্ধটোত পোৱা যায়। তেখেতে আকৌ কৈছে সততে আমি পাই থকাৰ দৰে বুৰঞ্জী কেৱল ৰজা-মহাৰজা আৰু যুদ্ধৰ কাহিনী নহয়। ই খাটি খোৱা‌ মানুহৰ জীয়াই থকাৰ‌‌ সংগ্ৰামৰো কাহিনী। এই দৃষ্টিকোণেৰে আজিলৈকে যে অসম তথা ভাৰত বুৰঞ্জী লিখা হোৱা নাই সেয়া সত্য। আজিকালি আকৌ ৰাজনৈতিক স্বাৰ্থতহে বুৰঞ্জী লিখা হৈছে। ‘চিচিফাছৰ শ্ৰম’ আৰু ‘কল্পনা আৰু বিজ্ঞান’ এই দুটা প্ৰবন্ধত তেখেতে বিজ্ঞানৰ আধ্যাত্মিকৰণ যে এটা ভুল তথা ভ্ৰান্ত পথ সেয়া উল্লেখ কৰিছে। কিয় এডিংটন বা জীন্সৰ দৰে দাৰ্শনিক পদাৰ্থ-বিজ্ঞানীয়ে পদাৰ্থৰ অস্তিত্ব বুজাৰ বিপৰীতে পদাৰ্থ-বিজ্ঞানক এক অলৌকিক বস্তু হিচাপে ধৰি লৈছিল আৰু মাৰ্ক্সীয় দৰ্শনেৰে ইয়াৰ আলোচনা কি হ’ব?– আদি দিশ সামৰি তেখেতে এক উৎকৃষ্ট চিন্তা পাঠক সমাজলৈ এৰি দিছে।

সাহিত্যৰ লগত দৰ্শনৰ সম্বন্ধ, মাৰ্ক্স-এংগেলছৰ সাহিত্য, কল্পনাত বিজ্ঞানৰ ভূমিকা আদি বিভিন্ন বিষয়ত অতি দায়িত্বশীলভাৱে শিৱনাথ বৰ্মনে যুক্তিনিষ্ঠ আলোচনা আগবঢ়াইছে। অৱশেষত ক’ব লাগিব যে আমাৰ অধ্যয়নৰ তেনেই তাকৰ পৰিসৰত অসমীয়া ভাষাত ৰাজনীতি, মাৰ্ক্সবাদ, বুৰঞ্জী চিন্তা তথা বৈজ্ঞানিক দৃষ্টিভঙ্গীক সামৰি ইমান বিষদ বিৱৰণ থকা চিন্তাশীল তথ্য সমৃদ্ধ আলোচনা খুবেই কম। যি গোটাচেৰেক আছে তাৰ ভিতৰত ‘ন মনুষ্যাৎ’ অন্যতম। গ্ৰন্থখনত সন্নিৱিষ্ট প্ৰবন্ধসমূহৰ যথোচিত সমালোচনা হোৱাটো অসমীয়া সমাজৰ বাবে বৰ গুৰুত্বপূৰ্ণ। এই ক্ষেত্ৰত আমি চেষ্টা অব্যাহত ৰাখিব লাগিব কিয়নো সাম্প্ৰতিক অত্যন্ত পাতল সামাজিক পৰিৱেশত ‘ন মনুষ্যাৎ’ সদৃশ সহজ-সৰল ভাষাত যুক্তিশীল তাত্বিক আলোচনা খুবেই প্ৰাসংগিক।

Leave a Reply

Your email address will not be published. Required fields are marked *