নৈশব্দগাঁথা ।। বৰ্ণালী ফুকন
বহুদিনৰ পিছত আজি মৈত্ৰেয়ীৰ মনটো ফৰকাল হৈ পৰিছে, একেবাৰে শৰৎকালৰ মেঘমুক্ত নীলা আকাশখনৰ দৰে ফৰকাল। যোৱা কিছুদিন ধৰি তেওঁ যেন হৈ পৰিছিল মৰুভূমিত দিশভ্ৰষ্ট হোৱা তৃষ্ণাতুৰ পথিক। ক্ৰমাৎ যেন তেওঁৰ মনৰ সুকোমল অনুভুতিৰ পথাৰখন জেঠমাহৰ বাৰখৰত শুকোৱা পথাৰৰ দৰেই চিৰালফাট মেলিছিল। এৰা, মৰম-ভালপোৱাৰে সজাই তোলা সংসাৰৰখন যদি অনাদৰ-অৱহেলাৰ কলীয়া ডাৱৰে আদৰে তেতিয়ানো মনটো কেনেকৈ ফৰকাল হৈ থাকিব! কিমাননো দিন হৈছিল মৈত্ৰেয়ী আৰু নিবিড়ৰ বিয়া হোৱাৰ, মাত্ৰ তিনিটা বছৰ! প্ৰেমবিবাহ নহয়, ঘৰৰ পৰা ঠিক কৰা বিয়া মৈত্ৰেয়ীৰ গৱেষক-বিজ্ঞানী নিবিড়ৰ লগত। সৰুৰে পৰাই শান্ত-মেধাৱী নিবিড়ে সুখ্যাতিৰে শিক্ষা জীৱন সমাপ্ত কৰি কৰ্মজীৱন আৰম্ভ কৰা দুবছৰমান হৈছিল। মৈত্ৰেয়ীয়ে তেতিয়া স্নাতকোত্তৰ শিক্ষা সমাপ্ত কৰি উঠিছিলহে মাত্ৰ। মোমায়েকে অনা নিবিড়ৰ প্ৰস্তাৱটো অৱসৰপ্ৰাপ্ত মাক-দেউতাক দুয়ো ভাল পালে। মৈত্ৰেয়ীয়ে চাকৰিএটাৰ বাবে চেষ্টা কৰি চাওঁচোন বুলি আপত্তি কৰিছিল যদিও মাকে তাইক বুজালে, “চা মাজনী, তোৰ পিছত আৰু দুজনী ভনীয়েৰ। দেউতাৰে ইতিমধ্যে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিলে, তাতে কিছুদিনৰ আগতে মানুহজনৰ হাৰ্ট এটেকো হৈ গৈছে। তেওঁ বৰ আশাৰে বাট চাইছে সম্পৰ্কটো হোৱালৈ। তাতে নিবিড়ৰ দৰে ইমান ভাল ল’ৰাটোৰ প্ৰস্তাৱ তোলৈ নিজেই দিছে যেতিয়া তই আৰু একো আপত্তি নকৰিবি। তই ঘৰৰ ডাঙৰ ছোৱালী যিহেতু, তই ভাল পথত গ’লেহে বাকী দুজনীৰো জীৱনটো থানথিত লাগিব। গতিকে পুনৰ একো ভুল নকৰি সোনকালে তই বিয়াত সন্মতি দে।”
অৱশেষত মাকৰ বুজনিত মান্তি হৈ মৈত্ৰেয়ীয়ে বিয়াত সন্মতি জনায়। বিয়াৰ আগতে নিবিড়ক বৰ বেছিকৈ তাই লগ পোৱাৰ সুযোগেই নাপালে।এমাহৰ ভিতৰতে তাইৰ নিবিড়ৰ সৈতে বিয়া হৈ যায়।
নিবিড় ঘৰৰ একমাত্ৰ সন্তান। গতিকে একমাত্ৰ বোৱাৰী বুলি শহুৰ-শাহুৱেকে তাইক মৰমেৰে আঁকোৱালি ল’লে। তাতে নিবিড়ৰ মাকৰ ছোৱালী এজনীৰ মাক হ’বলৈ বৰ আগ্ৰহ আছিল। নিবিড়ৰ জন্মৰ দহ বছৰৰ পিছত সুদীৰ্ঘ অপেক্ষাৰ অন্তত তেওঁলোকৰ জীৱনলৈ কণমানি পৰী এজনীৰ আগমনো হৈছিলে। কিন্তু পাঁচ বছৰৰ পিছত তাই আৰু এই পৃথিৱীত নাথাকিল। তেওঁলোক দুয়োজনে অনুভৱ কৰি থকা ছোৱালী এজনীৰ অভাৱ যেন মৈত্ৰেয়ীয়ে আহি পুৰণ কৰিলেহি। মৈত্ৰেয়ীয়ে যাতে কোনো কথাতেই অসুবিধা নাপায়, তাৰ প্ৰতি দুইজনেই সদায় চকু ৰাখিছিল। অৱশ্যে তাই শাহুৱেক-শহুৰেকৰ লগত বেছি দিন থাকিবলৈ নাপালে। এমাহ পিছতেই তাইক নিবিড়ে নিজৰ কৰ্মস্থলীলৈ লৈ আনে। ঘৰ এৰি অহাৰ দিনা তাইৰ পুনৰ বাহি বিয়াৰ দৰে চকুপানী ওলাইছিল, মৰমীয়াল মানুহহালৰ বুকুৰ পৰা ওলাই অহাৰ বাবে। কোৱাৰ্টাৰলৈও আহিও তাই কেইবাদিনলৈ মন মাৰি আছিল। পিছে নিবিড়ে তাইক বেছি সময় মন মাৰি থাকিবলৈ নিদিলে। ইমান গহীন-গম্ভীৰ ল’ৰাটোয়েও যে এনেকৈ তাইক প্ৰতিপল মৰমেৰে আবৰি ৰাখিবলৈ যত্ন কৰিব, তাই ভাবিবই পৰা নাছিল! তাতে নিবিড়ৰ মাকে কোৱা মতে সি হেনো সৰুৰে পৰাই অলপ গোমোঠা, জেদী স্বভাৱৰ। বেছিভাগ সময় নিজকে কিতাপৰ মাজতে ডুবাই ৰাখে। মৈত্ৰেয়ীয়েও প্ৰথম দিনাৰ পৰাই লক্ষ্য কৰিছিল তাৰ গহীন স্বভাৱটো। পিছে সি যে তাৰ বুকুত ইমান মৰম কোনেও নেদেখাকৈ থূপ খুৱাই ৰাখিছে তাই জনাই নাছিল। আজিকালি কামলৈ ওলাই যোৱা সময়খিনি বাদ দি সি তাইক অনবৰতে কাষত বিচাৰে, সন্ধিয়া পৰত তাই ধুনীয়াকৈ সাজি-কাচি তালৈ অপেক্ষা কৰাটো বিচাৰে। তাই মাজতে দিনটো ঘৰত অকলে থাকি আমনি পাই ওচৰৰে প্ৰাইভেট স্কুলখনত যোগদান কৰিবলৈ বিচাৰিছিল। কিন্তু নিবিড় মান্তি নহ’ল। তাৰ মতে কি দৰকাৰ কেইটামান পইচাৰ বাবে মৈত্ৰেয়ীয়ে কষ্ট কৰাৰ। তাতকৈ তাই ধুনীয়াকৈ ঘৰখন সজাওক, সিহঁতৰ সংসাৰখন সজাওক। অৱশেষত মৈত্ৰেয়ীও তাৰ কথাত মান্তি হয়। তাতে তাই লাহে লাহে নিবিড়ৰ মৰমত ডুবি তাৰ প্ৰেমত পৰিবলৈ লৈছিল।
প্ৰেম অৱশ্যে মৈত্ৰেয়ীৰ জীৱনলৈ আগতেও নহাকৈ থকা নাছিল। কলেজত পঢ়ি থাকোতেই এটি ফাগুনত শাৰী শাৰী কাঞ্চনৰ লঠঙা ডালত গুলপীয়া সানি সুকোমল ফুলবোৰে হাঁহি উঠাৰ সময়তে মৈত্ৰেয়ীৰ জীৱনলৈ প্ৰেম আহিছিল। সহপাঠী কামেঙৰ মুকুতাহেন আখৰেৰে লিখা নীলা খামৰ চিঠিখনে মৈত্ৰেয়ীৰ বুকুলৈ প্ৰেমৰ বৰষা নমাইছিল, দুগালত সানি দিছিল ফাগুনৰ আকাশত জুই লগোৱা শিমলু-পলাশৰ ৰঙা আবিৰ। সৰাপাত গছকি দুয়ো একেলগে শিমলু, পলাশ, কাঞ্চনৰ শোভা চাই চাই আবেলি খোজ কাঢ়িছিল, কলেজৰ কাষৰে সৰু চাহৰ দোকানখনৰ পৰা দুগিলাচ ৰঙা চাহ আৰু পকৰি খাই খাই কাঞ্চনৰ পাহি সৰি থকা বননিত বহি ঘণ্টা জুৰি কথা পাতিছিল, কামেঙৰ সুন্দৰ কণ্ঠৰে আবৃত্তি শুনিছিল, গান শুনিছিল। মৈত্ৰেয়ীৰ ক’লা ভোমোৰাৰ দৰে গভীৰ ক’লা চকুজুৰিৰ মায়াত কামেং ডুব গৈছিল। হীৰেন ভট্টাচাৰ্যদেৱৰ কবিতাৰ চিৰকাল ভক্ত কামেঙে প্ৰায়েই তাইৰ মুখখন আজলি পাতি লৈ গভীৰ ক’লা দুচকুত চকু থৈ গাইছিল “উজাগৰ ৰাতি / সপোন দেখিছোঁ মই / ফুল-আলসুৱা তোমাৰ মুখৰ শইচ-সোণালী হাঁহি”। প্ৰতি ৰাতিয়ে হেনো সি গাৰুটো সাৱটি মৈত্ৰেয়ীৰ মৰম-কোমল চকুহালিলৈ মনত পেলাই বহুপৰলৈকে উজাগৰে ৰৈছিল।
আৰু মৈত্ৰেয়ী ডুব গৈছিল কামেঙৰ সুমধুৰ কণ্ঠৰ আৱেশত। কামেঙৰ প্ৰতিটো কথাই যেন শব্দ নহয়, এটি সুমধুৰ বাঁহীৰ সুৰ। প্ৰেমৰ মাদকতাত উটি-ভাঁহি মৈত্ৰেয়ীও নিগৰাবলৈ লৈছিল মনৰ অনুভৱবোৰ কলমৰ চিঁয়াহীৰে। সেইবাৰ মহাবিদ্যালয় সপ্তাহৰ শ্ৰেষ্ঠ সাহিত্যিক আৰু কামেং শ্ৰেষ্ঠ গায়ক। কি যে মাদকতাসনা সপোন যেন সুন্দৰ আছিল সেই দিনবোৰ।
মৈত্ৰেয়ীৰ কোঠাৰ খিৰিকীখন খুলি দিলেই যেন সোমাই আহিছিল ডাকোৱাল বতাহে অনা এখনি ৰ’দৰ চিঠি। প্ৰতিনিশাই তাই ভাবিছিল, “সপোনৰ পৰীৰ / ভৰিৰ খোজ শুনি মনে মনে ভাবোঁ: জীৱন যিমান সুন্দৰ হ’ব পাৰে / সুন্দৰ তাতোকৈ”।
কিন্তু প্ৰেমত বাধা আহেই, মৈত্ৰেয়ী আৰু কামেঙৰ প্ৰেমতো আহিল। মৈত্ৰেয়ীৰ ঘৰত তাইৰ এটি জনজাতীয় ল’ৰাৰ সৈতে প্ৰেমৰ কথা গম পাই মাক-দেউতাক গৰজি উঠিল। তাতে তাই ঘৰৰ ডাঙৰ ছোৱালী, তাই এনেকুৱা কৰিলে ভনীয়েক দুজনীয়ে কি শিকিব বুলি তাইক বহুত গালি-শপনি পাৰিলে। অৱশেষত মাক-দেউতাকৰ সন্মুখত হাৰ মানি তাই কামেঙৰ কাষৰ পৰা আঁতৰি আহিবলৈ বাধ্য হ’ল। কলেজৰ শেষৰ দিনা তাই দুখত কামেঙলৈ মূৰ তুলি চাবও পৰা নাছিল। সি কিন্তু সকলো বুজিছিল। ডুবুডুবু বেলিটোৱে হেঙুলীয়া ৰংখিনি ঢালি দিয়া পুখুৰীটোৰ পাৰত ৰৈ কামেঙেই তাইক বুজাইছিল, “প্ৰতিটো সম্পৰ্কই সফল হ’বই লাগিব বুলিতো কথা নাই, যিখিনি পালোঁ তাকেই চিৰদিন বুকুত সাবটি ৰাখি আগ বাঢ়িম। এই পুখুৰীৰ মেটেকাখিনিলৈ চোৱাচোন। কোনেও গুৰুত্ব নিদিয়া এই গভীৰ বেঙুনীয়াখিনি বিষাদঘন, কিন্তু ধুনীয়া। প্ৰাপ্তিৰ অবিহনেও স্মৃতিৰ এই বেঙুনীয়া ৰঙো আজীৱন বুকুত সামৰি ৰাখিব পৰাকৈ বৰ ধুনীয়া। এই ডুব যোৱা বেলিটোলৈ চোৱাচোন, বিদায় মাগিলেও নিজৰ সমস্ত ৰং সদায়েই আকাশত সিঁচি থৈ যায়। আকাশখনেও সামৰি লয় ৰংবোৰ। বিদায়ৰ সেই মুহূৰ্তটোও কিমান সুন্দৰ। একেলগে থকা সময়খিনিৰ স্মৃতি সদায় সযতনে ৰাখি আমিও আগ বাঢ়ি যাব লাগিব, যোৱাৰ পৰত দুখ নকৰিবা, হাঁহি মাৰি জীৱনত তুমি আগ বাঢ়া মৈত্ৰেয়ী”। এই বুলিকৈয়ে সি আঁতৰি গৈছিল, তাইলৈ এবাৰো ঘূৰি নোচোৱাকৈ। কাৰণ তাইৰ দুচকুৰে পাৰ ভাঙি নামি অহা অশ্ৰুৰ প্লাৱন দেখিলে সি যে পুনৰ থমকি ৰ’ব।
কামেঙৰ প্ৰেমক বুকুত সামৰি মৈত্ৰেয়ীয়ে এম.এ পাচ কৰে আৰু তাৰ পিছতেই নিবিড়ৰ লগত বিয়া। যদিও এই বিয়াত সন্মতি নাছিল আৰু কামেঙৰ পিছত কাৰো প্ৰেমত পৰিম বুলি নভবা সত্ত্বেও নিবিড়ৰ মৰম, আদৰ-যত্নত মৈত্ৰেয়ীয়ে লাহে লাহে নিবিড়ৰ প্ৰেমত পৰিবলৈ ধৰে। লাহে লাহে তাইৰ নিবিড়ে ভালপোৱাধৰণে থাকি ভাললগা হ’ল। ঘৰখন পৰিপাটিকৈ সজাই ৰাখে, নিবিড়ে ভালপোৱা খোৱা বস্তুবোৰ ৰান্ধে, প্ৰতিদিনে সন্ধিয়া সি ভালপোৱা ৰঙৰ কাপোৰ পিন্ধি সি অহালৈ অপেক্ষা কৰে, কেতিয়াবা সন্ধিয়া দুয়ো ওলাই যায়, ৰাতিৰ সাজ বাহিৰত খাবলৈ। বৈবাহিক জীৱন দুয়ো সুন্দৰকৈ উপভোগ কৰিছিল। পিছে তাই দিনটো অকলে অকলে থাকিহে আমনি পাইছিল। কিমাননো আৰু ঘৰৰ কাম-বনবোৰকে কৰিব। চাকৰি কৰিব বিচাৰিলেও নিবিড়ে “ৰ’দে-বৰষুণে ওলাই গৈ তোমাৰ ইমান ধুনীয়া ৰংটো নষ্ট কৰিব নালাগেচোন” বুলি আব্দাৰ ধৰে।
এদিন একঘেয়ামী দিনবোৰৰ মাজতে পুৰণা বস্তু কিছুমান সামৰি থাকোতে তাইৰ ডায়েৰী এখনত চকু পৰিল। কামেঙে দিয়া ডায়েৰী সেইখন। সেই সময়ত তাই ডায়েৰীখনতেই নিজৰ মনৰ ভাববোৰ লিপিবদ্ধ কৰিছিলে। কিন্তু কামেং আতৰি যোৱাৰ লগে লগে যেন তাইৰ মনৰ সুকোমল অনুভুতিসমূহ মৰহি গ’ল। তাৰ পিছত আৰু তাই কোনোদিন হাতত কলম তুলি লোৱা নাছিলে। তাই লাহে লাহে ডায়েৰীখনৰ পাত লুটিয়াই এসময়ত নিজেই সজাই তোলা শব্দবোৰৰ মাজত ডুব গ’ল। কেনেকৈনো সময়বোৰ পাৰ হৈ সন্ধিয়া হ’ল তাই গমকেই নাপালে। নিবিড়ে আহি কলিং বেলটো বজোৱাতহে তাইৰ সম্বিৎ ঘূৰি আহিল।
পিছদিনা নিবিড় ওলাই যোৱাৰ পিছত পুনৰ তাই ডায়েৰীখন মেলি ল’লে। বহুদিনৰ মুৰত আজি দেখোন পুনৰ দুশাৰীমান লিখিবলৈ মন গৈছে। বহু কথাই মনত আহি ভীৰ কৰিছেহি, কিন্তু অনভ্যাসৰ বাবে কলমৰ গতি মন্থৰ হৈছে। দুদিনমান পিছত তাই নিজে লিখা কবিতা এটা নিবিড়ক দেখুৱাওঁ বুলি ভাবিলে। পিছে সি বা কেনেকুৱা প্ৰতিক্ৰিয়া দেখুৱাব! আগতে কামেঙে তাইৰ প্ৰতিটো লিখনিৰে সুন্দৰকৈ প্ৰশংসা কৰিছিলে, ভুল-ত্ৰুটিবোৰো আঙুলিয়াই দিছিল। সন্ধিয়া চাহ খোৱাৰ পিছতে তাই লাজ লাজকৈ নিবিড়ক কবিতাটো দেখুৱালে। পিছে তাই আশা কৰা ধৰণে সি একো প্ৰতিক্ৰিয়া নেদেখুৱালে, হাঁহি এটা মাৰি তুমি লিখা-মেলাও কৰা নেকি, ভাল হৈছে বুলিহে ক’লে। তাই শেঁতা হাঁহি এটা মৰা দেখি সি পিছে ক’লে, “মই বিজ্ঞানৰ মানুহটোৱে গল্প-কবিতা বৰ এটা বুজি নাপাওঁ, কিন্তু তুমি ভালপোৱা যেতিয়া লিখি থাকিবা”।
সেয়াই আৰম্ভণি। নিবিড় ওলাই যোৱাৰ পিছত ঘৰৰ কামকেইটা শেষ কৰি তাই লিখা-মেলা কৰিবলৈ বহিবলৈ ল’লে। সেইবাৰ ওচৰৰে ৰঙালী বিহু সমিতি এখনে আয়োজন কৰা গল্প-প্ৰতিযোগিতা এখনিত তাই পুৰস্কাৰো পালে। পুৰস্কাৰ গ্ৰহণ কৰি তাইৰ যে মনটো সেইদিনা কিমান ভাল লাগিছিল! আনন্দতে সেইদিনা ৰাতিলৈ নিবিড়ে ভালপোৱা চিকেন-পোলাও আৰু পদূলিতে গহৰা গঁজা লাইশাকেৰে গাহৰি মাংস ৰান্ধি তাৰ সহকৰ্মী দুজনমানকো খাবলৈ মাতিলে। নিবিৰেও “এইবোৰতে ব্যস্ত হৈ থাকিলে তোমাৰ মনতো ভাল লাগি থাকিব” বুলি কোৱাত তাইৰ আৰু ভাল লাগিল, কলম নেৰিবৰ বাবে প্ৰেৰণা পালে। লাহে লাহে তাই গল্পকাৰ ৰূপে নাম কৰিবলৈ ধৰিলে। মৈত্ৰেয়ী বৰুৱা সাহিত্যপ্ৰেমীৰ মাজত এটি চিনাকি নাম হৈ পৰিল। তাইৰ লিখনিয়ে কেইবাটাও পুৰস্কাৰ বুটলিবলৈয়ো সক্ষম হৈছে, বহুকেইগৰাকী নামজ্বলা সাহিত্যিকেও তাইৰ লিখনিৰ প্ৰশংসা কৰিছে। অৱশ্যে লিখা-মেলা, মেল-মিটিং আদিবোৰত বেছিকৈ ব্যস্ত হৈ থকা বাবেই নিবিড়ক তাই আগৰ দৰে সময় দিব নোৱৰা হ’ল। আগৰ দৰে সি সন্ধিয়া আহোতে ধুনীয়াকৈ সাজি-কাচি তাৰ প্ৰিয় খাদ্য এবিধ ৰন্ধা, বন্ধৰ দিনত বৰষুণৰ বতৰত একেলগে কফি আৰু পকৰি বনোৱা আদি সৰু সৰু, কিন্তু মৰমসনা কথাবোৰ নোহোৱা হ’ল। সিও দেখোন আজিকালি অলপ আঁতৰি আঁতৰি ফুৰে, আগৰ দৰে তাইক মৰম নকৰে, অনবৰতে অন্যমনস্ক হৈ থাকে, কিবা এটা সুধিলেও খঙেৰে উত্তৰ দিয়ে।
ক্ৰমাৎ মৈত্ৰেয়ী আৰু নিবিড়ৰ মাজৰ দুৰত্ব বাঢ়ি গ’ল। দুয়ো নিজৰ নিজৰ কামত ব্যস্ত। নিবিড় সোনকালে ওলাই যায়, দেৰিকে ঘৰ সোমায়, বন্ধৰ দিনবোৰতো তাইৰ লগত বৰকৈ কথা-বতৰা নাপাতে, এসোপা কিতাপ-পত্ৰ লেপটপ লৈ ব্যস্ত থাকে। ঘৰখনৰ পূৰ্বৰ সেই উমাল উমাল, ভাললগা পৰিৱেশটো হেৰাই গ’ল। লাহে লাহে মৈত্ৰেয়ীৰো লিখা-মেলা কৰিবৰ মন নোযোৱা হ’ল। মনটো ভাল হৈ নাথাকিলেনো কেনেকৈ লিখা-মেলা কৰে! পিছে বেছিদিন এইদৰে নগ’ল। নিবিড়ে কৰ্মক্ষেত্ৰত এটি আকাংক্ষিত পদোন্নতি পালে আৰু তাৰ এসপ্তাহ পিছতেই সি তাইৰ আগত দূৰণিৰ সৰু পাহাৰীয়া গাঁওখনলৈ ফুৰিবলৈ যোৱাৰ প্ৰস্তাৱ দাঙি ধৰে।
এতিয়া বৰ্ষা ঋতু। অহৰহ ডাৱৰৰ সৈতে লুকা-ভাকু খেলা সেউজীয়া পাহাৰৰ চূড়াবোৰ, জিৰিজিৰিকৈ বৈ অহা সৰ সৰু নিজৰাবোৰ, খৰস্ৰোতা পাহাৰীয়া নদীখন, নদীৰ শিলাময়পাৰ, সৰু সৰু জোপোহবোৰত ফুলা নানাৰঙী ফুলবোৰ, গছৰ ডালৰ অৰ্কিডবোৰ সকলোবোৰেই ইমান সুন্দৰ! প্ৰকৃতিয়ে অকৃপণ হাতেৰে সৌন্দৰ্য ঢালি সজাই তুলিছে ঠাইখনক। বহুদিনৰ পিছত ইয়ালৈ আহি আনন্দত তাইৰ মনত যেন ফুলি উঠিছে বসন্তৰ আশাৰ কপৌপাহি। তাতে নিবিড়ৰো মনটো এইকেইদিন ভাল। প্ৰকৃততে আশা কৰি থকা পদোন্নতিটো নোপোৱাৰ বাবে সি খিংখিঙীয়া হৈ পৰিছিল, কিন্তু এতিয়া সিওঁ সুখী। গাঁৱৰ মানুহখিনিৰ লগত মিলা-মিচা কৰি, প্ৰকৃতিৰ শোভা চাই তাই বহুকেইটা গল্পৰ সমলো ইয়ালৈ আহি বিচাৰি পাইছে। বুঢ়ী আইতাজনীৰ মুখত বিলৰ কাষৰ বহুপুৰণি বটগছ জোপাক পূজা কৰাৰ কাহিনী শুনিছে, টিলাটোৰ বেঙুনীয়া কাঞ্চনজোপাৰ তলত অতীজতে উমলি থকা ৰঙিলী আৰু ৰংমনৰ প্ৰেমৰ কাহিনী শুনিছে, মঙলতী বুঢ়ীৰ সাধু শুনিছে আৰু বহুত কিবাকিবি।
আজি পিছে দুপৰীয়া তাই নিবিড়ৰ লগত অলপ দূৰৈৰ পাহাৰৰ চূড়া এটি চাবলৈ আহিছে। নিবিড় আজি তেওঁলোক থকা সৰু চাং-বাংলাটোৰ চকীদাৰজনৰ লগত বিলৰ পাৰলৈ যোৱাৰ কথা আছিল, কিন্তু সি মন সলনি কৰিলে। মৈত্ৰেয়ীয়ে পিছে ভালেই পালে। পাহাৰৰ ওপৰৰ পৰা কমোৱা তুলা যেন ডাৱৰৰ লুকাভাকু চাবলৈ বৰ ভাল লগা হৈছে। তাতে কিছুসময় পূৰ্বে অহা বৰষুণজাক এতিয়া এৰিছে। কোমল ৰ’দৰ জিলিকনিত বৰষুণৰ টোপালবোৰ যেন মুকুতামণি হৈ জিলিকিছে। বৰ্ষা ঋতুত গছত নতুনকৈ ওলোৱা কুঁহিপাতবোৰ যেন বৰষুণৰ পৰশত অধিক সেউজ হৈ পৰিছে। জয়ন্ত হাজৰিকাই গোৱা “বৰষা ঋতু ভাল পাওঁ মই / প্ৰতিশ্ৰুতি আছে তাত / সেউজী ৰহণ মাথো সিয়ে সানে / শুকান গছৰ গাত” বুলি গোৱা গীতটোত ঠিকেই কৈছিল। শিল এটাত বহি তাইৰ প্ৰিয় মনজ্যোৎস্না মহন্তৰ “বাৰিষাৰে বৰষুণ শিহৰণ আছে গঁথা” গানটো ম’বাইলত শুনি শুনি কিমান দেৰি প্ৰকৃতিৰ এই অপৰূপ সৌন্দৰ্যত বিমুগ্ধ হৈ আছিল তাই গমেই নাপালে। নিবিড়ে তাইক পিছফালৰ পৰা সাবটি ধৰোতেহে সম্বিৎ ঘুৰি আহিল।
কিছু সময়ৰ পিছত নিবিড় পাহাৰৰ পৰা তললৈ নামি আহিল। পাহাৰীয়া ঠাইখনত সোনকালেই গধুলি হয়। গধুলি বাহিৰত থাকিলে বিপদ হ’ব পাৰে। খৰধৰকৈ ঘৰলৈ আগবঢ়াই ভাল। নিজৰ গাড়ীৰে আহিবলৈ বাৰু বেছি সময় নালাগে। আধাঘণ্টা মানৰ ভিতৰতে দুয়ো পাহাৰীয়া গাঁওখনৰ ওচৰ পালেহি। বৰষুণজাক পিছে এতিয়া বেছিকৈ আহিছে। কলীয়া ডাৱৰে আকাশ চানি ধৰিছে। শ্ৰাৱণী মেঘৰ সেমেকা সন্ধ্যাটোত লাহে লাহে গাড়ী চলাই সি চাং-বাংলা অভিমুখে আগবাঢ়িল। অৱশ্যে ৰাতিৰ আহাৰ ৰন্ধা ৰান্ধনীজন আহি পাবলৈ তেতিয়াও বহু সময় বাকী। নিবিড় আৰু চকীদাৰজন বিলৰ পাৰলৈ গৈ উভতি অহা দেৰি হ’ব বাবে তেওঁকো আজি পলমকৈ আহিবলৈ কৈছিল। এৰা, সকলোৱে জানে আজি যে নিবিড় বিলৰ পাৰলৈ চকীদাৰজনৰ লগত এবিধ কিছু দুষ্প্ৰাপ্য শেলাই বিচাৰি যোৱাৰ কথা। তাৰ গৱেষণাৰ বাবে প্ৰয়োজনীয় শেলাইবিধ। ইয়াৰ পৰা গৈয়ে সি গৱেষণাৰ কামত মনপুতি লাগিব। ইতিমধ্যে সি বহু ভাল ফলাফল লাভ কৰিছেই, এইবাৰ আৰু তাৰ সুন্দৰ কেৰিয়াৰটো মনৰ ইচ্ছাৰে গঢ়াত তাক কোনেও বাধা দিব নোৱাৰে।
প্ৰকৃততে সৰুৰে পৰাই নিজক লৈ নিবিড় অত্যন্ত সচেতন। নিজৰ মেধাৰে শৈশৱৰ পৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰা নিবিড়ে তাক সকলোৱে প্ৰশংসাৰ দৃষ্টিৰে চোৱাটো বিচাৰে, সকলোৰে পৰা সমীহ আদায় কৰিবলৈ বিচাৰে। আত্মসন্তুষ্টিত বুৰ গৈ প্ৰশংসাৰ বাবে তৃষ্ণাতুৰ নাৰ্চিচিষ্ট নিবিড়ে নিবিচাৰে তাৰ সন্মুখত অন্য কোনোবাই গুৰুত্ব পোৱাটো। মাক-দেউতাকে তাৰ বিয়াৰ পিছত মৈত্ৰেয়ীক মৰম কৰোতেও তাই তাৰ ভাগৰ মৰমখিনি কাঢ়ি লোৱা যেন লাগিছিল, সেইকাৰণে সি তাইক মাক-দেউতাকৰ পৰা আঁতৰাই আনিলে। এমাহমান আগতে তাক কোনোবাই আপুনি লেখিকা মৈত্ৰেয়ী বৰুৱাৰ হাজবেণ্ড নেকি বুলি সোধোতেও তাৰ খঙে চুলিৰ আগ পাইছিলগৈ। ইমান মেধাৱী বিজ্ঞানী হোৱাৰ পিছতো তাক কোনোবাই সাধাৰণ হাউচ-ৱাইফ মৈত্ৰেয়ীৰ নামেৰে চিনি পাব! এনেকুৱা খং তাৰ কৈশোৰ অৱস্থাতো উঠিছিল, যেতিয়া তাৰ কণমানি ৫-৬ বছৰীয়া ভনীয়েকজনীয়ে তাইৰ সুমধুৰ কণ্ঠৰ বাবে প্ৰশংসা বুটলিছিল। নিবিড়ে সৰুৰে পৰাই মিঠা খাই বেয়া পায়। কিন্তু ভনীয়েকে গান গাই পুৰস্কাৰ পোৱাৰ দিনা কোনোদিন ঘৰত সি বেয়া পাই বাবেই পায়স নবনোৱা মাকে সেইদিনা পায়স বনাইছিল, দেউতাকে ঘৰলৈ আহোতে ৰসগোল্লা আৰু জেলেপী আনিছিল, কিন্তু তালৈ তাৰ প্ৰিয় পিয়াঁজী আনিবলৈ পাহৰিছিল। সেইদিনা সি জপনামুখত ৰৈ থকা সত্ত্বেও দেউতাকে মৰমেৰে ভনীয়েকক কোলাত তুলি লৈছিলে। খোৱামেজত কেৱল মিঠা বস্তু দেখি সেইদিনা নিবিড়ে খঙতে একোনাই হৈ পায়সৰ বাটিটো পেলাই দিয়াৰ বাবে তাক কোনোদিনে গালিও নপৰা মাকে এঢকা মাৰিছিল। সকলোৰে অজ্ঞাতে নাৰ্চিচিষ্ট পাৰ্চ’নেলিটি ডিছঅৰ্ডাৰত আক্ৰান্ত নিবিড়ৰ আৰু সহ্য হোৱা নাছিল। পিছদিনা ভনীয়েকক চকলেট খাবলৈ দিম বুলি সি মৰমেৰে পুখুৰীৰ পাৰলৈ মাতি নিছিল। সেই পুৰণা কথাবোৰ মাজে মাজে নিবিড়ৰ মনলৈ আহিলেও সি পুনৰ সামৰি থয়। আচলতে নিবিড়ে যি বিচাৰে সেইটো সঁচাই পাবও খোজে। কলেজত থাকোতেও সি তাতকৈ জুনিয়ৰ সুন্দৰী মৈত্ৰেয়ীক পাবলৈ বিচাৰিছিল। অৱশ্যে কামেঙকেই সেই সময়ত পৃথিৱী কৰি লোৱা মৈত্ৰেয়ীয়ে এইবোৰ কথা গম নাপায়। সি মাথো সিহঁত দুয়োকে দূৰৈৰ পৰা লক্ষ্য হে কৰিছিল। তাৰেই ভাগ্য ভাল সি একো নকৰাকৈয়ে কামেং তাইৰ জীৱনৰ পৰা আঁতৰি যাব লগা হ’ল। সিও চাকৰি পোৱাৰ পিছত তাইৰ ঘৰলৈ বিয়াৰ প্ৰস্তাৱ পঠালে।
লাহে লাহে বৰষুণজাক ঘন হৈ আহিছে, লগত গাঁজনি-ঢেৰেকনিও। বাঢ়ি অহা মেঘৰ গৰ্জনে তাৰ কাণত বাজি থকা মৈত্ৰেয়ীৰ মৰণকাতৰ চিঞৰটো, বৰষুণৰ ঘন টোপালবোৰে তাৰ চকুৰ আগত ভাঁহি থকা পাহাৰৰ তলৰ দ খাৱৈটো দেখি তাইৰ সেই ভয়ত বিহ্বল চাৱনিটো যেন ম্লান কৰি আনিছে। বৰষুণজাক ফালি নিবিড়ৰ গাড়ীখন চাংবাংলাটোলৈ গৈ থাকিল, গৈ থাকিল….
Amazing story…lost myself in it!
Keep shining girl!