নিবন্ধবিজ্ঞান-প্ৰযুক্তি

নেফ্র’টিক ছিনড্ৰম-(ডাঃ পলাশ ৰঞ্জন গগৈ)

আমাৰ শৰীৰৰ এযোৰ অতি দৰকাৰী অংগ হৈছে বৃক্ক অৰ্থাৎ কিডনী । বৃক্ক দুটাক ‘নেফ্ৰ’জ’ (গ্ৰিক শব্দ) নামেৰেও জনা যায়। ইহঁত দুটা আমাৰ পিঠিৰ ফালে থাকে, ঠিক ৰাজহাড়ডালৰ দুয়োকাষে । সোঁহাতে এটা, বাঁওহাতে এটা। বিভিন্ন সময়ত, বিভিন্ন বয়সত, নানান ৰোগে এই বৃক্ক দুটাক আক্রান্ত কৰিব পাৰে। এনে এবিধ গুৰুত্বপূৰ্ণ ৰোগ হৈছে ‘নেফ্র’টিক ছিনড্ৰম’। আজি আমি এই ৰোগবিধৰ বিষয়ে আলোচনা কৰিম। প্ৰতিটো বৃক্কতে প্রায় নিযুতসংখ্যক সক্রিয় একক থাকে। এই এককবোৰক ‘নেফ্রন’ বুলি কোৱা হয়। প্ৰতিটো ক্ষুদ্র নেফ্ৰ’ন আকৌ এটা গ্ল’মেৰুলাছ আৰু এডাল দীঘল পাকযুক্ত নলিকাৰে গঠিত। আমাৰ শৰীৰৰ তেজভাগ এই গ্ল’মেৰুলাছতে পৰিশোধিত হয়। দৰাচলতে বৃক্ক দুটাক শৰীৰৰ ছেকনি বুলি ক’ব পাৰি। বৃক্ক দুটাই শৰীৰৰ কাৰণে দৰকাৰী ভালেমান গুৰুত্বপূৰ্ণ কাম কৰে। সেয়েহে বিভিন্ন ৰোগত এই অত্যাৱশ্যকীয় অংগযোৰ আক্ৰান্ত হ’লে দেহৰ দৈনন্দিন বিপাকীয় কাম-কাজ বিঘ্নিত হয় আৰু তেতিয়াই ৰোগীৰ অৱস্থা সংকটজনক হৈ বিপদ ঘটিব পাৰে।
নেফ্র’টিক ছিনড্ৰম কি?
স্বাভাৱিক অৱস্থাত এজন স্বাস্থ্যৱান ব্যক্তিৰ প্ৰস্ৰাৱত অতি সামান্য পৰিমাণৰ প্ৰ’টিন দেখা পোৱাটো সম্ভৱ। কিন্তু প্ৰস্ৰাৱত এক বৃহৎ পৰিমাণৰ প্ৰ’টিন দেহৰ বাহিৰ ওলাই যোৱাৰ কাৰণে ৰোগীৰ চকু, মুখ, ভৰি আৰু অৱশেষত পেট ফুলি যায়। এয়াই হৈছে ‘নেফ্ৰ’টিক ছিনড্ৰম’ নামৰ ৰোগটোৰ মূল বৈশিষ্ট্য। আমাৰ শৰীৰত বহুকেইবিধ প্ৰ’টিন আছে। ইহঁতৰ প্ৰকাৰভেদে কাম-কাজো বেলেগ বেলেগ। ইহঁতৰ মাজৰে এবিধ দৰকাৰী প্ৰ’টিন হৈছে ‘এলবুমিন’। স্বাভাৱিক অৱস্থাত এক নিৰ্দিষ্ট পৰিমাণৰ এলবুমিন আমাৰ তেজত মজুত থাকে। এই তেজত থকা এলবুমিনে স্পঞ্জৰ নিচিনা কাম কৰে। স্পঞ্জৰ জৰিয়তে যেনেদৰে পানী শুহি ধৰি ৰাখিব পাৰি, ঠিক তেনেদৰে তেজত থকা এলবুমিনেও তেজৰ নলিকাৰ ভিতৰত দেহৰস ধৰি ৰাখিব পাৰে। নেফ্র’টিক ছিনড্ৰমত আক্ৰান্ত ৰোগীৰ প্ৰস্ৰাৱত এক বৃহৎ পৰিমাণৰ এলবুমিন শৰীৰৰ পৰা ওলাই যোৱাৰ পৰিণতি স্বৰূপে তেজত এলবুমিনৰ পৰিমাণ কমি যায়। তেজত মজুত থকা এলবুমিনৰ পৰিমাণ লাহে লাহে কমি অহাৰ ফলত ইয়াৰ স্পঞ্জৰ দৰে গুণবিধো নোহোৱা হৈ আহে। সেই হেতু তেজৰ নলিকাৰ ভিতৰৰ পৰা দেহৰস সৰকি গৈ দেহৰ বিভিন্ন ঠাইত জমা হয়। ফলত চকু, মুখাৱয়ৱ, ভৰি, পেট আদি ক্রমান্বয়ে ফুলি উঠে। নেফ্র’টিক ছিনড্ৰম আচলতে বাল্যকালত হোৱা ৰোগ। বিশেষকৈ ২ ৰ পৰা ৬ বছৰ বয়সৰ শিশুসকল সঘনাই আক্ৰান্ত হোৱা দেখা যায়। এই ৰোগবিধ হোৱাৰ সম্ভাৱনা বয়সিয়াল লোকতকৈ ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত ১৫ গুণ বেছি। পৃথিৱীৰ সকলো ঠাইতে এই ৰোগ দেখা পোৱা যায়। বৃক্কৰ গ্ল’মেৰুলাছসমূহ আক্ৰান্ত হোৱাৰ কাৰণে নেফ্র’টিক ছিনড্ৰম হয়। মন কৰিবলগীয়া গুৰুত্বপূৰ্ণ কথাষাৰ হ’ল প্ৰায় সৰহ সংখ্যক ৰোগীৰ (প্ৰায় ৯৫%) ক্ষেত্ৰতে কিন্তু বৃক্কৰ ক্ষুদ্ৰ ক্ষুদ্ৰ গ্ল’মেৰুলাছসমূহ হঠাতে কেনেকৈ অকামিলা হৈ পৰে তাৰ সঠিক কাৰণ জনা নাযায়। বহু সংখ্যক শিশু ৰোগ চিকিৎসকৰ মতে আমাৰ শৰীৰৰ সুৰক্ষা তন্ত্ৰৰ বিসংগতিৰ কাৰণে সক্ৰিয় ভাৱে কাম কৰি থকা গ্ল’মেৰুলাছসমূহ হঠাতে অকামিলা হোৱাৰ ফলত নেফ্র’টিক ছিনড্ৰম হয়। এই ৰোগৰ লগত মানুহৰ খাদ্যাভ্যাসৰো কোনো সম্পর্ক নাই।
 
নেফ্র’টিক ছিনড্ৰমৰ উপসৰ্গবোৰ কি ?
 
এই ৰোগৰ প্ৰধান উপসৰ্গ হৈছে গা উখহি ফুলি উঠা। প্রথম প্রথম চকু ফুলি উঠে। ৰাতিপুৱা বিছনাৰ পৰা শুই উঠাৰ সময়ত চকুৰ চাৰিওকাষ উখহি ফুলি থাকে। পাছবেলালৈ চকুৰ ফুলাটো কমি আহে। আচলতে শুই থকাৰ সময়ত চকু-মুখত জমা হোৱা দেহৰস ভাগ দিনৰ ভাগত লাহে লাহে ভৰিৰ পিনে গতি কৰে। চকু উখহি উঠিলে বহুতেই প্রথমতে চকুৰ অসুখ বা এলাৰ্জি হৈছে বুলি ভাবে। চকুৰ অসুখ হ’লে চকু ৰঙা পৰে আৰু খজুৱায়। কিন্তু নেফ্র’টিক ছিনড্ৰমত চকু ৰঙাও নপৰে, খজুৱতিও নহয়। এটা কথা লক্ষ্য কৰিব লগা যে আক্রান্ত ৰোগীজনক শাৰীৰিকভাৱে অসুস্থ বা পীড়িত যেন দেখা নাযায়। ৰোগীজন সকলো সময়তে সক্রিয় যেন লগাৰ উপৰি প্ৰথম অৱস্থাত খোৱা-বোৱা ভালকৈয়ে কৰি থাকিব পাৰে। ইয়াৰ পাছত লাহে লাহে ভৰি, হাত, পেট উখহি পৰে। এই সময়তে চিকিৎসা নকৰিলে ৰোগীৰ শৰীৰত বহুধৰণৰ জটিলতাই দেখা দিব পাৰে। গা ফুলাটো লাহে লাহে বাঢ়ি অহাৰ পাছত প্ৰস্ৰাৱৰ পৰিমাণ কমি অহা পৰিলক্ষিত হয়।
 
নেফ্র’টিক ছিনড্ৰম ধৰা পেলোৱাৰ উপায় কি?
 
নেফ্ৰ’টিক ছিনড্ৰম ৰোগটো ধৰা পেলাবৰ কাৰণে প্ৰস্ৰাৱ আৰু তেজৰ পৰীক্ষা কৰা হয়। প্ৰস্ৰাৱৰ পৰীক্ষা হৈছে এই ৰোগৰ কাৰণে এটা প্ৰাথমিক আৰু গুৰুত্বপূৰ্ণ পৰীক্ষা। প্ৰস্ৰাৱত থকা প্ৰ’টিন এই পৰীক্ষাৰ সহায়ত ধৰা পেলাব পাৰি। আনহাতে তেজৰো কেতবোৰ নিৰ্দিষ্ট পৰীক্ষা কৰিব লগা হয়। ইয়াৰ ভিতৰত তেজৰ এলবুমিন, ক’লেষ্টৰেল আদি অন্যতম।এই ৰোগত আক্ৰান্ত ল’ৰা-ছোৱালীৰ পিতৃ-মাতৃ তথা ৰোগীৰ অভিভাৱকসকলে ৰোগটোৰ বিষয়ে আৰু ৰোগৰ চিকিৎসাবিধি সম্পর্কে খৰচি মাৰি জানি থোৱাটো ভাল। আধুনিক চিকিৎসা বিজ্ঞানে এই ৰোগৰ বিধান আগবঢ়াইছে। এই ৰোগৰ চিকিৎসা দীৰ্ঘদিনীয়া; কিন্তু ফলপ্রসূ।
 
নেফ্র’টিক ছিনড্ৰম সম্পর্কে কেইটামান দৰকাৰী কথা :
 
(ক) এই অসুখ এবাৰ আৰম্ভ হ’লে চিকিৎসা কৰি ভাল পোৱাৰ পাছতো পুনৰ উপসৰ্গসমূহে দেখা দিব পাৰে। ইয়াক ৰোগৰ ‘ৰিলাপছ্’ অৰ্থাৎ ‘ৰোগৰ পুনৰাক্ৰন’ হোৱা বুলি কয়।
(খ) এই ৰোগৰ গতি-বিধি সকলো ৰোগীৰ ক্ষেত্ৰত সমান বা একে নহয়। কিছুমান ৰোগীৰ ঘনাই ঘনাই এই অসুখ হ’ব পাৰে আৰু কিছুমান ৰোগীৰ ক্ষেত্ৰত এবাৰ বা দুবাৰ হৈ সম্পূৰ্ণৰূপে শাম কটা পৰিলক্ষিত হয়।
(গ) আগতেই উল্লেখ কৰিছোঁ যে যদিও নেফ্ৰ’টিক ছিনড্ৰম এটা দীর্ঘকালীন ৰোগ, তথাপি উপযুক্ত চিকিৎসাৰ সহায়ত সম্পূৰ্ণকৈ আৰোগ্য লাভ কৰিব পাৰি।
(ঘ) চিকিৎসকৰ পৰামৰ্শ মতে নিয়মীয়াকৈ প্ৰস্ৰাৱৰ পৰীক্ষা কৰি থাকিলে ৰোগটোৰ ‘ৰিলাপছ্’ আগতীয়াকৈ ধৰা পেলাব পাৰি আৰু দৰকাৰী বিধান ততালিকে আগবঢ়াব পাৰি।
(ঙ) আধুনিক চিকিৎসা বিজ্ঞানৰ চিকিৎসাবিধিৰ বাহিৰে এই অসুখৰ অইন চিকিৎসা নাই। বনদৰবৰ চিকিৎসা ৰোগীৰ কাৰণে হানিকাৰক ।
(চ) এই ৰোগ বংশগত নহয়।
(ছ) এই ৰোগৰ উপসর্গই মাজে মাজে দেখা দিব পাৰে, অৰ্থাৎ “ৰিলাপছ্” হোৱাটো অস্বাভাৱিক নহয়। নিৰোগী হৈ থকা কালছোৱাত ল’ৰা-ছোৱালীৰ পঢ়া-শুনা, খেলা-ধূলা আদি কামত বাধা দিব নালাগে।
ওপৰত উল্লেখিত উপসৰ্গসমূহে দেখা দিলে ততালিকে শিশুৰোগ চিকিৎসকৰ ওচৰ চপাটোৱেই মংগলজনক‌। 
Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *