কেন্দ্ৰীয় নিবন্ধ

নাৰীবাদ সম্পৰ্কে এটি আধৰুৱা টোকা- (টুনুজ্যোতি গগৈ)

মানৱ সমাজত ­শোষণ-অৱদমনৰ ইতিহাস খুবেই প্ৰাচীন। শোষণ-অৱদমনৰ বিৰুদ্ধে প্ৰতিবাদী সংগ্ৰামৰ ইতিহাসো সমানেই প্ৰাচীন। ক্ৰীতদাস প্ৰথাৰ বিৰুদ্ধে দাস বিদ্ৰোহ, সামন্ত প্ৰথাৰ বিৰুদ্ধে কৃষক বিদ্ৰোহ, পুঁজিবাদৰ বিৰুদ্ধে শ্ৰমিক বিদ্ৰোহ আদিয়ে সংগ্ৰামৰ সুদীৰ্ঘ ইতিহাসত একো একোটা সোণালী অধ্যায়ৰ সৃষ্টি কৰি আহিছে। লক্ষণীয় যে নাৰী অৱদমনৰ ইতিহাস সিবোৰতকৈ প্ৰাচীন হোৱাৰ পাছতো পুৰুষতন্ত্ৰৰ বিৰুদ্ধে নাৰী বিদ্ৰোহ মানৱ সংগ্ৰামৰ ইতিহাসত এক অৰ্বাচীন অধ্যায়হে। এই প্ৰসংগটোৱে উন্মোচন কৰা গুৰুত্বপূৰ্ণ দিশটো হ’ল, পুৰুষতান্ত্ৰিক মূল্যবোধ সমাজৰ মজ্জাত এনেদৰে শিপাই থাকিল যে বহু ক্ষেত্ৰত শোষিত-অৱদমিত নাৰীসকলে পুৰুষতান্ত্ৰিক ব্যৱস্থাক ন্যায্য আৰু কাম্য বুলি অনুভৱ কৰিবলৈ ধৰিলে। ‘ফে’চ বুকত প্ৰচাৰিত এক লেখাত কৌশিক  দাসে সামন্তপ্ৰথাত অৱদমিত কৃষকসকলৰ বিষয়টো উত্থাপন কৰি কৈছে—

‘কৃষকসকলে বিদ্ৰোহ কৰিছিল সামন্তপ্ৰথাৰ বিৰুদ্ধে, নিষ্পেষণ-নিপীড়নৰ অৱসানৰ অৰ্থে। কিন্তু এইটো কথা সদায় প্ৰচ্ছন্ন হৈ থাকি গৈছিল যে কৃষক শ্ৰেণীটোৰ মাজৰ নাৰীৰ গোটটো, আনৰ পৰাই মাথোন নহয়, কৃষক শ্ৰেণীটোৰ পুৰুষ গোটটোৰ দ্বাৰা পুৰুষতান্ত্ৰিক নিষ্পেষণৰ কবলত পৰি আছিল। লগতে আছিল সামন্ত শ্ৰেণীটোৰ সেই একেই লিংগভিত্তিক নিপীড়ন। অৰ্থাৎ নাৰী-অৱদমনৰ এটা বহুমাত্ৰিক ৰূপ আছে আৰু তাক মাত্ৰ অৰ্থনৈতিক শ্ৰেণী-শোষণৰ কথাৰে তত্ত্বায়ন কৰিব নোৱাৰি (দ্ৰষ্টব্য: https;//www.facebook.com!groups!304120299601792!permalink/1270227799657699!)।

নাৰীবাদৰ ধাৰণাটোৱে জন্ম লাভ কৰাৰ পূৰ্বৰপৰাই অৰ্থাৎ ফৰাচী বিপ্লৱৰ সময়ৰপৰা বিশ্বৰ বিভিন্ন ঠাইত নাৰী মুক্তি আন্দোলনৰ এক গণতান্ত্ৰিক ধাৰা আৰম্ভ হৈছিল। ১৭৯১ চনত প্ৰকাশিত অলিমপে দা গজৰ Declaration Of the Rights Of  Women আৰু ১৭৯২ চনত প্ৰকাশিত মেৰী ঊলষ্টনক্ৰাফটৰ A Vindication of the Rights of Women নামৰ গ্ৰন্থ দুখনে নাৰী অধিকাৰৰ প্ৰসংগ সবলভাবে তুলি ধৰিছিল। ঊলষ্টনক্ৰাফটৰ গ্ৰন্থখনৰ মূল বাৰ্তা হ’ল — নাৰী কেৱল যৌনসত্ত্বা নহয়, নাৰী এক মানৱ সত্ত্বাহে (Human being)। ইপিনে, আমেৰিকাত ক্ৰীতদাস প্ৰথাৰ বিৰোধী আন্দোলনক কেন্দ্ৰ কৰিয়েই নাৰী অধিকাৰ আন্দোলনৰ সূত্ৰপাত হৈছিল। নাৰী মুক্তি আন্দোলনক এক নতুন মাত্ৰা দিছিল উদ্যোগ বিপ্লৱেও। সামন্তীয় ব্যৱস্থাৰ পতনৰ পাছত পঁুজিবাদৰ উত্থান ঘটাৰ লগে লগে প্ৰশস্ত হৈছিল উদ্যোগ বিপ্লৱৰ পথ। ইউৰোপৰ দেশসমূহত বৃহৎ বৃহৎ উদ্যোগ প্ৰতিষ্ঠা হোৱাত উদ্যোগবোৰ চলমান কৰি ৰাখিবলৈ প্ৰয়োজন হৈছিল বৃহৎ সংখ্যক শ্ৰমিকৰ। সেই উদ্যোগবোৰত পুৰুষ শ্ৰমিকৰ উপৰি মহিলা শ্ৰমিককো নিয়োগ কৰিবলগা হৈছিল। ঘৰৰ চাৰিবেৰৰ মাজৰপৰা ওলাই নাৰীয়ে উদ্যোগবোৰত শ্ৰমদান কৰিলেও তেওঁলোকক পুৰুষৰ সমান মজুৰি নিদিয়াৰ লগতে অন্যান্য সা-সুবিধাৰপৰাও বঞ্চিত কৰি ৰাখিছিল।

লক্ষণীয় যে পুৰুষৰ গৰ্ভধাৰণ আৰু দুগ্ধপান কৰোৱাৰ ক্ষমতা নাথাকিলেও এটি সন্তানক মৰমৰ উমেৰে আৰু পৰম যতনেৰে প্ৰতিপালন কৰাৰ ক্ষমতা থাকে। কিন্তু, পুৰুষতান্ত্ৰিক সমাজে সন্তান লালন-পালনৰ সকলো দায়িত্ব আদিম যুগৰপৰাই নাৰীৰ ওপৰতে ন্যস্ত কৰি আহিছিল। নাৰীৰ সামাজিক ভূমিকা যেন কেৱল সন্তান জন্ম দিয়া আৰু লালন-পালন কৰাতে সীমাবদ্ধ আছিল। এনে ভূমিকা পালন নকৰাকৈ নাৰীয়ে যৌন সুখ লাভ কৰাটো পুৰুষতান্ত্ৰিক সমাজে সমৰ্থন নকৰিছিল বাবে সমাজত সমকামী, সন্তানহীন আৰু অবিবাহিতা নাৰীসকলৰ স্থান বহু দিনলৈকে অস্পৃশ্য বুলি গণ্য কৰা হৈছিল। পুৰুষতান্ত্ৰিক সমাজৰ এনেবোৰ বদ্ধমূল ধাৰণাই নাৰীসকলক ভিতৰি ভতিৰি ক্ষুণ্ণ কৰিলেও তেওঁলোকে প্ৰকাশ্যে প্ৰতিবাদ কৰিব পৰা নাছিল। পুৰুষৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব লগা হোৱা বাবেই নাৰীসকলে সকলো বঞ্চনা-লাঞ্চনা নীৰৱে সহি-সামৰি থাকিছিল। কিন্তু, অৰ্থনৈতিক ক্ষেত্ৰত নাৰীৰ অংশগ্ৰহণ বৃদ্ধি পোৱাৰ লগে লগে আৰু তেওঁলোকৰ মাজৰপৰা এক শিক্ষিত শ্ৰেণী আৰ্বিভাৱ হোৱাৰ লগে লগে তেওঁলোক নিজৰ মৰ্যাদা আৰু অধিকাৰৰ প্ৰতি সজাগ-সচেতন হৈ পৰিল। 

সি যি হওক, পুৰুষতান্ত্ৰিক সমাজৰপৰা লিংগ বৈষম্য দূৰীকৰণ, ৰাজনীতিত নাৰীৰ সক্ৰিয় অংশগ্ৰহণ, নাৰী শিক্ষাৰ প্ৰসাৰ, আৰ্থিক আৰু আইনী সুৰক্ষা প্ৰতিষ্ঠা আদি বিভিন্ন লক্ষ্যৰে নাৰীবাদ (Feminism)ৰ ধাৰণাটো পাশ্চাত্যত জন্ম হৈছিল। নাৰীবাদৰ ইংৰাজী প্ৰতিশব্দ ‘Feminism’ ফৰাচী ভাষাৰ ‘Feminine’ শব্দৰপৰা আহিছে। ‘Feminine’-ৰ অৰ্থ হ’ল ‘নাৰী। পাশ্চাত্যত জন্ম হোৱা নাৰীবাদী ধাৰণাটো বিশ্বৰ বিভিন্ন প্ৰান্তলৈ লাহে লাহে সম্প্ৰসাৰিত হয়। এই নাৰীবাদী আন্দোলনৰ তিনিটা স্তৰ বা তৰংগ পৰিলক্ষিত হয়। ঊনবিংশ শতিকাৰ শেষৰ আৰু বিংশ শতিকাৰ প্ৰথমছোৱাৰ নাৰীবাদৰ তৰংগই হ’ল নাৰীবাদৰ প্ৰথম তৰংগ। এই সময়ছোৱাত নাৰীৰ ভোটাধিকাৰ, সম্পদৰ অধিকাৰ আদিৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। উল্লেখ্য যে গণতন্ত্ৰৰ অন্যতম পীঠস্থান ইংলেণ্ডত মহাৰাণী ভিক্টোৰিয়াৰ আমোলত ১৮৬৭ চনত  দাৰ্শনিক জন ষ্টুৱাৰ্ট মিলৰ উদ্যোগত নাৰীসকলৰ ভোটাধিকাৰ প্ৰতিষ্ঠাৰ বাবে প্ৰথম আন্দোলন আৰম্ভ হৈছিল। ১৮৬৯ চনত প্ৰকাশিত মিলৰ The Subjection of Women গ্ৰন্থত নাৰীবাদী চিন্তাধাৰা বলিষ্ঠভাবে উন্মোচিত হৈছিল। মিলৰ জীৱনসংগী হেৰিয়েট টেইলেও The Enfranchisement of Women প্ৰবন্ধটিৰ জৰিয়তে নাৰীৰ ভোটাধিকাৰৰ দাবী জনাইছিল। ইংলেণ্ডৰ ত্ৰিশ উৰ্ধৰ নাৰীসকলে ১৯১৮ চনতহে বিভিন্ন বাধ্যবাধকতাৰ মাজেদি সংসদীয় নিৰ্বাচনত ভোটাধিকাৰ লাভ কৰে।

এই ছেগতে উল্লেখ কৰিব পাৰি যে আমেৰিকাৰ ছ’চিয়েলিষ্ট পাৰ্টিয়ে কৰা এটা ঘোষণাৰ পাছত ১৯০৯ চনৰ ২৮ ফেব্ৰুৱাৰিত প্ৰথমবাৰৰ বাবে আমেৰিকাত ‘আন্তৰ্জাতিক নাৰী দিৱস’  পালন কৰা হৈছিল। ১৯১০ চনৰ আগষ্ট মাহত ‘আন্তৰ্জাতিক নাৰী সন্মিলন’ গঠিত হৈছিল আৰু এই সন্মিলনে কোপেন হেগেনত অনুষ্ঠিত ছ’চিয়েলিষ্ট পাৰ্টিৰ দ্বিতীয় আন্তৰ্জাতিক সাধাৰণ সভাত অনুমোদন লাভ কৰিছিল। আমেৰিকাৰ ছ’চিয়েলিষ্টসকলৰ দ্বাৰা অনুপ্ৰাণিত হৈ জাৰ্মান ছ’চিয়েলিষ্ট লুই জিয়েজে সেই সন্মিলনতে প্ৰতি বছৰে এক আন্তৰ্জাতিক নাৰী দিৱস পালনৰ প্ৰস্তাৱ উত্থাপন কৰে। ১৭খন দেশৰ ১০০ মহিলা প্ৰতিনিধিয়ে ভাগ লোৱা সন্মিলনখনত নাৰীৰ ভোটাধিকাৰ, পুৰুষৰ সমানেই অধিকাৰ আদিৰ দাবীত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। ১৯১১ চনৰ ১৮ মাৰ্চত অষ্ট্ৰিয়া, ডেনমাৰ্ক, ছুইজাৰলেণ্ড আৰু জাৰ্মানীতো আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হৈছিল। ১৯১৭ চনৰ ঐতিহাসিক ছোভিয়েট বিপ্লৱৰ পাছত ৰাছিয়াত আঠ মাৰ্চ দিনটোক আন্তৰ্জাতিক নাৰী দিৱস হিচাবে চৰকাৰীভাৱে গ্ৰহণ কৰা হয়। সেই সময়ৰ পৰাই নাৰী দিৱসটো সমাজবাদী ৰাষ্ট্ৰসমূহে বিস্ত´ত কাৰ্যসূচীৰে পালন কৰিবলৈ ধৰে। উল্লেখ্য যে ১৯৭৭ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহক আঠ মাৰ্চ দিনটো নাৰীৰ অধিকাৰ আৰু আন্তৰ্জাতিক শান্তিৰ বাবে ৰাষ্ট্ৰসংঘৰ দিন হিচাবে পালন কৰিবলৈ আহবান জনায়। তাৰ পাছৰে পৰা পশ্চিমীয়া দেশসমূহতো নাৰী দিৱস জনপ্ৰিয় হ’বলৈ ধৰে।

১৯৬০ চনৰপৰা ১৯৮০ চনৰ ভিতৰত নাৰীবাদে এক নতুন গতি লাভ কৰে। এই সময়ছোৱাক নাৰীবাদৰ দ্বিতীয় তৰংগ বুলি কোৱা হৈছিল। দ্বিতীয় তৰংগতে নাৰীবাদী ভাৱধাৰাই প্ৰসাৰ লাভ কৰিছিল আৰু নাৰীৰ যৌনতাকেন্দ্ৰিক বিষয়সমূহ, যেনে — কৰ্মক্ষেত্ৰত নাৰীৰ যৌন নিৰ্যাতন, নাৰীৰ গৰ্ভধাৰণৰ লগত জড়িত অধিকাৰ, মাতৃত্বকালীন ছুটি, পাৰিবাৰিক হিংসা, পত্নীৰ ইচ্ছাৰ বিপৰীতে স্বামীৰদ্বাৰা সংঘটিত যৌন উৎপীড়ন আদি বিষয়সমূহে বেছি গুৰুত্ব পাইছিল। নাৰীৰ বাসস্থান সম্পৰ্কীয় অধিকাৰ, সমান দৰমহা সহ কৰ্মক্ষেত্ৰৰ অধিকাৰ, বিৱাহ বিচ্ছেদ সম্পৰ্কীয় আইনৰ সংশোধন আদিৰ প্ৰসংগও সজোৰে উত্থাপন হৈছিল। উল্লেখ্য যে এই সময়ছোৱাতে নাৰীবাদীসকলে সমাজত পুৰুষতন্ত্ৰৰ পৰিৱৰ্তে পুনৰ নাৰীতন্ত্ৰ প্ৰতিষ্ঠাৰ দাবী জনাইছিল। নাৰীবাদৰ প্ৰথম তৰংগত মূলতঃ পাশ্চাত্যৰ মধ্যবিত্ত শ্ৰেণীৰ নাৰীৰ অধিকাৰ আৰু মৰ্যাদাৰ প্ৰসংগ আলোচিত হোৱাৰ বিপৰীতে দ্বিতীয় তৰংগত নিম্নবৰ্গীয় আৰু উন্নয়নশীল দেশসমূহৰ নাৰীৰ অধিকাৰ-মৰ্যাদাৰ প্ৰসংগও আলোচিত হৈছিল।

১৯৯০ চনৰপৰা নাৰীবাদৰ তৃতীয় তৰংগ আৰম্ভ হয়। তৃতীয় তৰংগত নাৰীয়ে অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত সন্মুখীন হৈ অহা বৈষম্যৰ প্ৰসংগটোৱে অধিক গুৰুত্ব লাভ কৰে। এই সময়ছোৱাতে নাৰীবাদৰ দ্বিতীয় তৰংগত অনালোচিত হৈ থকা বিষয়সমূহো, বিশেষকৈ LGBTQ-ৰ প্ৰসংগ আলোচিত হ’বলৈ ধৰে। ছেলি এন ড্ৰাকাৰে ব্যাখ্যা কৰা মতে—

 ‘This ideology seeks to challenge the definitions of femininity that grew out of the ideas of the second-wave, arguing that the second-wave over-emphasized experiences of upper middle-class white women. The third-wave sees women’s lives as intersectional, demonstrating how race, ethnicity, class, religion, gender, and nationality are all significant factors when discussing feminism. It examines issues related to women’s lives on an international basis. (Betty Friedanজ্ঞ The Three Waves of Feminism, http://www.ohiohumanities.org)

সাম্প্ৰতিক সময়ত পুৰুষতান্ত্ৰিক অৱদমনৰ বিৰুদ্ধে নাৰীবাদী ধ্যান-ধাৰণা আৰু আন্দোলনে পূৰ্বতকৈ অধিক প্ৰসাৰ লাভ কৰা দেখা গৈছে। প্ৰবল আত্মশক্তিৰ জাগৰণ, অবিৰত সংগ্ৰাম আৰু অক্লান্ত পৰিশ্ৰমৰ অন্তত আজিৰ নাৰীয়ে বিভিন্ন ক্ষেত্ৰত স্বাধীনতা অৰ্জন কৰিছে আৰু মুক্তিৰ পথত নিজস্ব শক্তি-সামৰ্থ্যৰ পৰিচয় দিছে। কিন্তু, ইমানৰ পাছতো বহু ‘আধুনিক’ নাৰী যেন বিভিন্ন কাৰণত কৃত্ৰিম মৰ্যাদাৰদ্বাৰা পৰিবেষ্টিত হৈয়ে আছে। এইসকল নাৰীৰ সামাজিক অৱস্থান বৰ্বৰ যুগৰ কঠোৰ পৰিশ্ৰমী নাৰীতকৈ বহু তলত বুলিয়েই ক’ব পাৰি। বহু পুৰুষে¸ আজিও তেওঁলোকক ব্যক্তিগত সম্পত্তি বুলি ভাবে আৰু কেৱল যৌনক্ষুধা পূৰণৰ বাবেই তেওঁলোকৰ ওপৰত কৰ্তৃত্ব বিস্তাৰ কৰিবলৈ বিচাৰে। ক’বলৈ গ’লে, পুৰুষৰ এই কৰ্তৃত্ব বিস্তাৰৰ অপচেষ্টাই যৌনপ্ৰেমৰ ইতিহাসক ক্ৰমশঃ ভাৰসাম্যহীন আৰু বিকৃত কৰি তুলিব পাৰে। যৌনতাৰ ক্ষেত্ৰত এনে পুৰুষতান্ত্ৰিক আধিপত্য নাৰী নিৰ্যাতনৰো মূল কাৰণ বুলি ইতিহাসে বাৰে বাৰে সোঁৱৰাই আহিছে।

লক্ষণীয় যে নাৰীবাদী আন্দোলনে প্ৰসাৰতা লাভ কৰাৰ সময়তে পাশ্চাত্য দেশসমূহত পুৰুষতান্ত্ৰিক সমাজৰ উদ্যোগত বিবাহ বিচ্ছেদৰ সংখ্যা বৃদ্ধি, সতি-সন্তানৰ আলৈ-আথানি আদি প্ৰসংগবোৰ উনুকিয়াই নাৰীবাদ বিৰোধী প্ৰচাৰ অভিযান চলোৱা হৈছিল। নাৰী মুক্তি আন্দোলনৰ ফলত নাৰীয়ে লাভ কৰা অধিকাৰ, মৰ্যাদা আদিৰ বিষয়ে চৰ্চা কৰাতকৈ নাৰীবাদৰ কিছুমান সৰু-সুৰা বিচ্যুতিক বহল ৰূপ দি অধিক চৰ্চা কৰা হৈছিল। উপৰুৱাকৈ চৰ্চা হৈছিল যে আমেৰিকাৰ নাৰীবাদীসকলে কেৱল পুৰুষকহে অনুকৰণ কৰে। যেনে— পুৰুষে নাৰীৰ নগ্ন নৃত্য দৰ্শন কৰে বাবে তেওঁলোকেও পুৰুষৰ নগ্ন নৃত্য দৰ্শনৰ ব্যৱস্থা কৰিছে, পুৰুষে মন গ’লেই বহু নাৰীৰ সৈতে যৌন সম্পৰ্ক কৰে বাবে তেওঁলোকেও তেনে সম্পৰ্ক কৰিছে ইত্যাদি । উল্লেখ্য যে  পশ্চিমীয়া সমাজৰ বহু স্থিতাৱস্থাৰ সমৰ্থকে আজিও নাৰীবাদক সামাজিক সুস্থিৰতাৰ শত্ৰু বুলি অভিহিত কৰি অতীতৰ ব্যৱস্থালৈ উভতি যোৱাৰ পোষকতা কৰে আৰু নাৰীৰ ‘কুমাৰীত্ব’, ‘পৱিত্ৰতা’ আদিৰ ক্ষেত্ৰত জোৰ দিয়ে। ইপিনে, মধ্যপ্ৰাচ্যৰ কেইখনমান দেশত নাৰীবাদক ঘৃণাৰ চকুৰে চোৱাই নহয়; নাৰীৰ মৰ্যাদা আৰু অধিকাৰৰ হকে সৰৱ হোৱা নাৰীৰ কণ্ঠ ভয়-ভাবুকিৰে স্তব্ধ কৰিব বিচৰা হয়। মধ্যপ্ৰাচ্যৰ কেইবাখনো দেশত আজিও নাৰীক মধ্যযুগৰ দৰেই পদানত আৰু শৃংখলিত কৰি ৰখা হৈছে। শেহতীয়াকৈ তালিবানে দখল কৰা আফগানিস্তানত নাৰীৰ অৱস্থা খুবেই দুখলগা হৈ পৰিছে।

ঐতিহ্যমুগ্ধ ব্যক্তিসকলে ভাৰতীয় সমাজত নাৰীৰ স্থান অতীজৰপৰাই উচ্চ আছিল বুলি উল্লেখ কৰি গাৰ্গী, মৈত্ৰেয়ী, লীলাৱতী আদি প্ৰাচীন নাৰীসকলৰ উদাহৰণ দিব বিচাৰে। কিন্তু, বস্তুনিষ্ঠ ইতিহাস অধ্যয়নে প্ৰমাণ কৰে যে ভাৰতীয় নাৰীৰ সামাজিক স্থান কোনোদিনেই অলপো উচ্চ নাছিল। আঙুলিৰ মূৰত গণিব পৰা দুগৰাকীমান নাৰীৰ সামাজিক স্থান তুলনামূলকভাৱে উচ্চ হ’লেও বা দুগৰাকীমান কাল্পনিক নাৰীক দেৱী সাজি পূজা-অৰ্চনা কৰিলেও বাস্তৱত নাৰী আছিল অৱনমিত, অৱদমিত আৰু শৃংখলিত। মন কৰিবলগীয়া যে দুৰ্গতিনাশিনী হিচাবে পূজিতা দেৱী দুৰ্গা আকৌ বিষ্ণু, ব্ৰহ্মা, বিষ্ণু, শিৱ, ইন্দ্ৰ আদি পুৰুষ দেৱতাৰ মিলিত তেজৰ দ্বাৰাহে সৃষ্টি হৈছিল আৰু তেওঁৰ দহ হাতৰ অস্ত্ৰসমূহ পুৰুষ দেৱতাৰহে আছিল। অৰ্থাৎ নাৰী শক্তিশালী হ’লেও পুৰুষৰ সহায়তহে শক্তিশালী হ’ব পাৰিব, নিজাববীয়াকৈ নহয়। দেৱীপ্ৰসাদ চট্টোপাধ্যায়ে ‘নিষিদ্ধ কথা আৰ নিষিদ্ধ দেশ’ (ধ্ৰুপদ সাহিত্যাঙ্গন, ২০১৫) গ্ৰন্থখনত সতী, সীতা, সাৱিত্ৰী, দময়ন্তী আদি মহাকাব্যিক চৰিত্ৰসমূহৰ অভিধাৰে বিভূষিত ভাৰতীয় নাৰীৰ নিস্তেজ আৰু কৰুণ ছবিখনৰ প্ৰসংগ উল্লেখ কৰি কৈছিল যে ভাৰতীয় নাৰীৰ প্ৰাণ আছে, কিন্তু উৎপাদনৰ আহিলা হোৱাৰ বাহিৰে আন সকলো সামাজিক মৰ্যাদাৰ পৰাই বঞ্চিত। শ্ৰমে মানুহক মানুহ কৰিলেও নাৰীৰ ক্ষেত্ৰত সেই শ্ৰমৰ কোনো মৰ্যাদা নাই। দেশৰ সাধাৰণ মানুহ নিপীড়িত, কিন্তু নাৰীৰ ওপৰত এই নিপীড়ন দুগুণ। 

পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাই যৌনতাৰ ওপৰত আধিপত্য বিস্তাৰ কৰাৰ লক্ষ্যৰে সতীত্ব, কুমাৰীত্ব, পৱিত্ৰতা, অশ্লীলতা আদি ধাৰণবোৰ সৃষ্টি কৰি লৈছিল। সমাজে নাৰীৰ দৈহিক সুষমাৰ ওপৰত বেছি গুৰুত্ব দি নাৰীৰ দেহটো যত্নেৰে আৰু সাৱধানেৰে ৰাখিব লাগে সম্পদ বুলি প্ৰতিপন্ন কৰিছিল, যাতে পুৰুষে সেই সম্পদ ভোগ কৰি আনন্দ লভিব পাৰে। নাৰী এগৰাকী মানসিকভাৱে বুদ্ধিদীপ্ত হ’লেই নহ’ব, তেওঁৰ শৰীৰো কমনীয় আৰু আবেদনময়ী হ’ব লাগিব— এনে ধাৰণা প্ৰতিষ্ঠাৰে নাৰীক সমাজৰ বিভিন্ন দিশত আগবাঢ়ি যোৱাত বাধাৰ সৃষ্টি কৰি নাৰীৰ শৰীৰক দমন আৰু শোষণৰ প্ৰধান আহিলা হিচাবে প্ৰতিষ্ঠা কৰিছিল। নক’লেও হয় যে এনে ধাৰণাবোৰৰ সহায়ত নাৰীৰ মনত এক অহেতুক ভয় আৰু হীনমন্যতা সঞ্চাৰ কৰা হৈছিল।

পতি আৰু সন্তানৰ বাবে নিজৰ জীৱন পৰ্যন্ত ত্যাগ কৰিবলৈ সকলো সময়তে সাজু হৈ থকা, সকলোধৰণৰ দুখ-যন্ত্ৰণা বিনা প্ৰতিবাদে সহ্য কৰিব পৰা নাৰী গৰাকীয়েই হ’ল ভাৰতীয় সমাজৰ দৃষ্টিত আদৰ্শ নাৰী। মনুৱে কৈ গৈছে যে নাৰী সদায় হাস্যমুখৰ, ঘৰুৱা কামত সুনিপুণ, বাচন-বৰ্তন চাফা কৰাত সাৱধান আৰু মিতব্যয়ী হ’ব লাগিব; কোনো পুণ্যভাৱ নাথাকিলেও বা অন্যৰ সংগসুখ বিচাৰিলেও বা ভাল গুণৰ অধিকাৰী নহ’লেও পতিক ভগৱানৰ দৰে সদায় পূজিব লাগিব। মনুৱে বন্ধ্যা পত্নীক আঠ বছৰত, সকলো সন্তান মৃত্যু মুখত পৰা পত্নীক দহ বছৰত আৰু কেৱল কন্যা সন্তান জন্ম দিয়া পত্নীক এঘাৰ বছৰত ত্যাগ কৰা উচিত বুলি বিধান দিছিল। কাজিয়াখোৰ অৰ্থাৎ প্ৰতিবাদী নাৰীক তৎক্ষণাৎ ত্যাগ কৰিবলৈ পৰামৰ্শ দিছিল। উল্লেখ্য যে বৰ্ণবাদী আৰু পুৰুষ প্ৰধান ভাৰতীয় সমাজখনে নিম্নবৰ্ণ লোকসকলৰ উপৰি নাৰীৰ ওপৰত শোষণ-দমন দীৰ্ঘস্থায়ী কৰি তোলাৰ স্বাৰ্থত মনুৰ বিধানবোৰ প্ৰয়োগ কৰিবলৈ সকলোধৰণৰ চেষ্টাই চলাইছিল। গুপ্ত যুগৰ শাসকপক্ষই মনুৰ কেতবোৰ বিধানক আইনলৈ ৰূপান্তৰিত কৰাত বৰ্ণবাদ আৰু লিংগ বৈষম্যই ভাৰতীয় সমাজক ছানি ধৰিছিল।

প্ৰাচীন ভাৰতত বৰ্ণবাদ ব্যৱস্থা জীয়াই ৰাখিবলৈ বাল্য বিৱাহত গুৰুত্ব দিয়া হৈছিল। ৰক্ষণশীল সমাজৰ জ্যেষ্ঠ ব্যক্তিসকলে ভাবিছিল যে এগৰাকী কন্যাক কম বয়সতে বিয়া দিলে তেওঁ অন্য বৰ্ণৰ যুৱকৰ সৈতে মিলা-মিছা কৰিবলৈ সুবিধা নাপাব আৰু তেওঁৰ সতীত্ব ৰক্ষা পৰিব। অৰ্থাৎ ৰক্ষণশীল সমাজখনে বিৱাহযোগ্যা কন্যাগৰাকী ফুলৰ দৰে পৱিত্ৰ আৰু অনাঘ্ৰাত হৈ থকাটোত অধিক গুৰুত্ব আৰোপ কৰিছিল। কন্যাৰ সতীত্ব বা কুমাৰীত্ব সম্পৰ্কে নিশ্চিত হ’বৰ বাবেই নাৰীসকলক সম্পূৰ্ণভাবে পুৰুষৰ অধীন কৰা হৈছিল। কন্যাৰ সতীত্ব বা কুমাৰীত্ব অটুট আছে নে নাই, সেয়া নিৰ্ণয় কৰিছিল কন্যাৰ যোনিৰ অক্ষত যোনিচ্ছেদ বা সতীচ্ছেদে। নাৰীৰ যোনি গহ্বৰ আবৃত কৰি ৰখা পাতল ছালখনক ‘সতীচ্ছেদ’ বুলি নামকৰণ কৰাটোৱেই বুজাই দিয়ে ভাৰতীয় সমাজে সতীত্ব বা কুমাৰীত্বৰ ধাৰণাক কিমান গুৰুত্ব দিছিল! বিয়াৰ পূৰ্বে কেনেবাকৈ নাৰীৰ সতীচ্ছেদ ফাটিলে পতিয়ে ধাৰণা কৰিছিল যে নাৰীগৰাকীয়ে অন্য কোনো পুৰুষৰ সৈতে যৌন সম্পৰ্ক কৰি আহিছে; গতিকে তেনে অসতী নাৰীক পত্নীৰ মৰ্যাদা দিয়াটো উচিত নহ’ব।

ঊনবিংশ শতিকাত ভাৰতত ‘বাল্যবিৱাহ প্ৰথা’ই ভয়াবহ ৰূপ লৈছিল। সম্ভৱতঃ বিদেশী সংস্কৃতিৰ আগমনে ভাৰতীয় সভ্যতা-সংস্কৃতি ধ্বংস কৰিব বুলি ৰক্ষণশীল সমাজ শংকিত হৈ পৰিছিল। নিজৰ সাংস্কৃতিক পৰম্পৰা জীয়াই ৰাখিবলৈ, বিশেষকৈ বৰ্ণ বৈষম্য দীৰ্ঘস্থায়ী কৰিবলৈ নাৰীৰ ওপৰত পূৰ্বতকৈ কঠোৰ অনুশাসন জাপি দিয়া হৈছিল। তথাকথিত উচ্চবৰ্ণ পৰিয়ালৰ এগৰাকী কন্যাক ছয়-সাত বছৰতে বিয়া দিয়া হৈছিল। পুষ্পিতা হোৱাৰ আগতে কন্যাক বিয়া দিব নোৱাৰিলে কন্যাৰ সামাজিক স্থানতো নাথাকেই, গোটেই পৰিয়ালটোকে সমাজচ্যুত কৰা হৈছিল। এঘৰীয়া হোৱাৰ ভয়তে অভিভাৱকে উপযুক্ত পাত্ৰ নাপালে নিজৰ ছয়-সাত বছৰীয়া কন্যাক অশীতিপৰ বৃদ্ধলৈ বিয়া দিয়াৰ উদাহৰণো আছিল। উল্লেখ্য যে বাল্য বিৱাহ প্ৰথা বিংশ শতিকালৈকে প্ৰচলন হৈ আছিল। ১৯৩০ চনত তৎকালীন চৰকাৰে সাৰদা আইন প্ৰণয়ন কৰি ১৪ বছৰতকৈ কম বয়সৰ অপৰিণত কন্যাক বিয়া দিয়াটো দণ্ডনীয় অপৰাধ বুলি ঘোষণা কৰাৰ পাছতহে বাল্য বিৱাহৰ প্ৰচলন হ্ৰাস হৈছিল।

ভাৰতত বাল্য বিবাহৰ ব্যাপক প্ৰচলনেই প্ৰমাণ কৰে যে পুৰুষতান্ত্ৰিক সমাজে নাৰীক ‘অবিবাহিত হৈ থকাৰ অধিকাৰ’পৰাও বঞ্চিত কৰি আহিছে। প্ৰাচীন হিন্দু শাস্ত্ৰৰ পাতে পাতে বিবাহক নাৰী জীৱনৰ প্ৰধান প্ৰাপ্তি আৰু পৰম সাৰ্থকতা ৰূপেই অভিহিত কৰা হৈছে। কন্যাক বিয়া দিব নোৱাৰিলে পিতৃ-মাতৃয়ে শাস্ত্ৰ নিৰ্দেশিত বিবিধ দুৰ্দশাত ভুগিব লগা হয়। মহাভাৰতত উল্লেখ আছে যে মহৰ্ষি কুনীগৰ্গৰ কন্যা শ্ৰুভ্ৰাই কঠোৰ তপস্যাত ব্ৰতী হৈ বৃদ্ধা বয়সলৈকে অবিৱাহিতা হৈ ৰৈছিল। শেষত তেওঁ ‘পৰলোক গমন’ৰ ইচ্ছা প্ৰকাশ কৰিলেও ‘অসংস্কৃতা’ কন্যাৰ বাবে উৎকৃষ্টলোকত স্থান ৰখা নাই বুলি তেওঁৰ ইচ্ছাপূৰণ কৰা নহৈছিল। অৱশেষত তেওঁ বাধ্য হৈ মৃত্যুৰ আগে আগে এদিনৰ বাবে প্ৰাকশৃংগবান নামৰ এজন ঋষিপুত্ৰৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ ‘সংস্কৃতা’ হয়। পাত্ৰৰ অভাৱত অবিৱাহিতা নাৰীৰ জন্তু, গছ, শিল আদিৰ সৈতে প্ৰতীকী বিৱাহ হোৱাৰ খবৰ আজিও মাজে-সময়ে পোৱা যায়। কিন্তু, পুৰুষৰ ক্ষেত্ৰত তেনেকুৱা কৰ্ম-কাণ্ড কোনোদিনেই চকুত নপৰে। মহাভাৰতৰ আখ্যানত চিৰকুমাৰ ভীষ্মই কোনোদিনেই অসংস্কৃত আখ্যা পোৱা নাছিল, বৰং অবিৱাহিত হৈ থকাৰ সিদ্ধান্তৰ বাবে তেওঁ সমাজৰপৰা দুগুণ শ্ৰদ্ধাহে পাইছিল।

পুৰুষতান্ত্ৰিক সমাজত সবাতোকৈ লাঞ্চিত আৰু বঞ্চিত হৈ আহিছে বিধৱা নাৰীসকল। মনুৱে কৈ গৈছিল যে স্বামীৰ মৃত্যুৰ পাছত কোনো বিধৱা নাৰীয়ে স্বামীৰ ভ্ৰাতৃ বা ককায়েকৰ দ্বাৰা ধৰ্মানুসৰি সন্তান জন্ম দিলেও পাছত তেওঁলোকে সেই স্ত্ৰীৰ প্ৰতি গুৰুপত্নী বা পুত্ৰবধুৰ দৰেই ব্যৱহাৰ কৰিব লাগিব। এগৰাকী নাৰীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাৰ পাছত তেওঁক মাতৃ বা বধু বুলি ভবাটো সম্ভৱ জানো? ভবাটো অসম্ভব হ’লেও সমাজক দেখুৱাই পুৰুষজনে তেওঁক মাতৃ বা বধুজ্ঞানেই কৰিব লাগিছিল। মনুৰ বিধান অনুসৰিয়েই খোজে পতি বিভিন্ন বাধা-নিষেধ আৰোপ কৰি বিধৱা নাৰী এগৰাকীৰ জীৱন দুৰ্বিসহ কৰি তোলা হৈছিল। বিধৱাসকলক কেৱল স্বাভাৱিক যৌন সুখৰপৰা বঞ্চিত কৰি ৰখাই নহয়, বহু মানৱীয় অধিকাৰৰপৰাও বঞ্চিত কৰি ৰাখিছিল। পিতৃ গৃহত থকা অৱস্থাতে স্বামীহাৰা হোৱা কোনো বালিকা বিধৱাৰ জীৱন হৈ পৰিছিল অতি কৰুণ; সমাজে তেওঁৰ চুলি কাটি পেলাইছিল, দিনটোত কেৱল এসাঁজ খাবলৈ দিছিল আৰু সমগ্ৰ জীৱন হুমুনিয়াহ-কান্দোন-বঞ্চনাৰ মাজত কটাবলৈ বাধ্য কৰাইছিল।

ভাৰতীয় সমাজত দীৰ্ঘ সময়ৰপৰা প্ৰচলিত হৈ অহা অন্য এক ভয়ংকৰ কুপ্ৰথা হৈছে—  কন্যা ভ্ৰূণহত্যা আৰু কন্যা সন্তান হত্যা। মনু সংহিতাত কোৱা হৈছিল যে এগৰাকী ব্যক্তিৰ চিতাগ্নি কৰিবলৈ পুত্ৰ সন্তান নাথাকিলে তেওঁৰ আত্মাই কেতিয়াও মুক্তিলাভ নকৰে। ভাৰতীয় সমাজত প্ৰচলিত এনেধৰণৰ অন্ধবিশ্বাস আৰু যৌতুক প্ৰথাৰ বাবেই ভাৰতৰ বেছিভাগ অঞ্চলত পুত্ৰ সন্তানক আশীৰ্বাদ আৰু সম্পদ হিচাবে গণ্য কৰাৰ পৰিৱৰ্তে কন্যা সন্তানক বোজা হিচাবে জ্ঞান কৰা হয়। কন্যা সন্তান জন্ম হ’লে এনে মানসতা কেৱল অশিক্ষিত-অৰ্ধশিক্ষিত ব্যক্তিসকলেই নহয়, উচ্চ শিক্ষিত ব্যক্তিসকলেও পোষণ কৰে। ফলত কেইবাখনো কঠোৰ আইন প্ৰণয়ন কৰাৰ পাছতো সৰু-বৰ নগৰসমূহত গঢ়ি উঠা ক্লিনিকসমূহত এচাম অসাধু চিকিৎসকৰ পৃষ্ঠপোষকতাত প্ৰশাসনৰ অজ্ঞাতেই কন্যা ভ্ৰুণহত্যা পূৰ্বৰ দৰে চলিয়েই আছে। ২০১১ চনত প্ৰকাশিত ভাৰতৰ লোকপিয়ল মতে দেশত ১০০০ জন পুৰুষৰ বিপৰীতে নাৰী আছে ৯৪০ গৰাকী।

ভাৰতত অতীজৰপৰাই সন্তানহীনা নাৰী এগৰাকীয়েও অলেখ সামাজিক গ্লানি সহ্য কৰিবলগা হৈ আহিছে। সন্তানহীনা নাৰীক পৰিয়ালৰ লোকসকলেই নহয়, সমাজেও ভাল চকুৰে নাচাইছিল। প্ৰথম পত্নী গৰাকীয়ে সন্তান জন্ম দিব নোৱাৰিলে পুৰুষৰ বাবে অন্য এগৰাকী নাৰী বিয়া কৰোৱাৰ সামাজিক বিধান আছিল। কিন্তু, পুৰুষতান্ত্ৰিক সমাজে কোনোদিন বিচাৰ কৰি চোৱা নাছিল যে পুৰুষৰ অক্ষমতাৰ বাবেও এগৰাকী নাৰীয়ে সন্তান জন্ম দিব নোৱাৰিব পাৰে। বিচাৰ কৰি চোৱা নাছিল (জনাও নাছিল) যে কন্যা সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত পত্নীৰ কোনো দোষ নাই, সন্তানৰ লিংগ নিৰ্ধাৰক ক্ৰমজ’ম পুৰুষৰ দেহতহে থাকে। শৰীৰ বিজ্ঞানৰ এই সত্যটো নজনাকৈ কন্য সন্তান জন্ম দিয়াৰ বাবেই পুৰুষে নাৰীৰ ওপৰত দৈহিক আৰু মানসিক নিৰ্যাতন চলোৱাটো আছিল অৰ্থহীন দাম্ভিকতাৰ পৰিচায়ক মাথোন।

বুজা গ’ল, পুৰুষতান্ত্ৰিক হিন্দু সমাজখনে ভাৰতৰ নাৰীৰ জীৱন যুগে যুগে  দুৰ্বিসহ কৰি আহিছে। অৱশ্যে,  খৃষ্টপূৰ্ব ষষ্ঠ শতিকাত হিন্দু ধৰ্মক প্ৰত্যাহ্বান জনাই উদ্ভৱ হোৱা বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মই নাৰীৰ স্বাধীনতা আপেক্ষিকভাৱে বঢ়াবলৈ চেষ্টা কৰিছিল। ড০ দিলীপ দত্তৰ মতে, এই ধৰ্ম দুটাই নাৰীক ধৰ্ম প্ৰচাৰিকা হ’বলৈ সুবিধা দি নাৰীসকলক গতানুগতিক জীৱন এৰি আন পুৰুষৰ সমকক্ষ জীৱন পথ ল’বলৈ সুবিধা দিলে। এনেকুৱা উদাৰ দৃষ্টিভংগীয়ে হয়তো সেই সময়ত বা তাৰ পাছৰ যুগত কিছু প্ৰভাৱ পেলাইছিল। ‘খৃষ্টপূৰ্বব ষষ্ঠ শতিকাৰপৰা খৃষ্ট জন্মলৈকে এই কালছোৱাত ভাৰতীয় সমাজত নাৰীৰ স্থানৰ বিষয়ে নানা ধৰণৰ সমিধান পোৱা যায়। এইবিলাকৰপৰা এইটো বিশ্বাস হয় যে  ভাৰতৰ বিভিন্ন অঞ্চলত বা ভিন ভিন জাতৰ মাজত, বা ভিন ভিন শ্ৰেণীৰ মাজত নাৰীৰ স্থান বা অধিকাৰৰ বিশেষ পাৰ্থক্য আছিল। যেনে— দক্ষিণ ভাৰতত পত্নীয়ে স্বামীৰ লগত খোৱা-বোৱা কৰাটো গ্ৰহণীয় আছিল, কিন্তু উত্তৰ ভাৰতত ই সম্পূৰ্ণ মানা আছিল। সেইদৰে অঙহী-বঙহীৰ মাজত বিৱাহৰ বাধাও দক্ষিণৰ পিনে উত্তৰতকৈ অনেক শিথিল আছিল।’ (নিৰ্মলপ্ৰভাৰ গীত আৰু নাৰীৰ জীৱন-নদী, শ্ৰীভূমি পাব্‌লিচিং কোম্পানী, কলিকতা, ১৯৮৫, পৃ.৮-৯)

ব্ৰিটিছ উপনিৱেশ আৰম্ভ হোৱাৰ পাছত ভাৰতীয় নাৰীৰ অৱস্থা পূৰ্বতকৈ কিছু উন্নত হৈছিল। ব্ৰিটিছ প্ৰশাসনে সতীদাহ প্ৰথা, পৰ্দা প্ৰথা, দেৱদাসী প্ৰথা আদি বন্ধ কৰিবলৈ উদ্যোগ লোৱাৰ বিপৰীতে বিধৱা বিৱাহ, স্ত্ৰী শিক্ষা আদিৰ প্ৰচলনত গুৰুত্ব দিছিল। ব্ৰিটিছ প্ৰশাসনক এইক্ষেত্ৰত সহায় কৰিছিল বিদ্যাসাগৰ, ৰামমোহন ৰায়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, স্বামী বিবেকানন্দ আদি নব্য উত্থিত ভাৰতীয় মধ্যশ্ৰেণীৰ প্ৰতিনিধিয়ে। ব্ৰিটিছ প্ৰশাসনৰ পৃষ্ঠপোষকতাত ভাৰতীয় শিক্ষিত শ্ৰেণীয়ে গঢ়ি তোলা ব্ৰহ্ম সমাজ, প্ৰাৰ্থনা সমাজ, ৰামকৃষ্ণ মিছন আদি অনুষ্ঠানে স্ত্ৰী শিক্ষাত যথেষ্ট গুৰুত্ব দিছিল। ৰামমোহন ৰায়ৰ প্ৰচেষ্টাতে ১৮২৯ চনত আইন প্ৰণয়ন কৰি সতীদাহ প্ৰথা বন্ধ কৰা হৈছিল। উল্লেখ্য যে ঊনবিংশ শতিকাৰ আদিভাগত কলকাতাৰ আশে-পাশে প্ৰতি বছৰে পাঁচ শতাধিক সতীদাহ সংঘটিত হৈছিল। সেইদৰে, ১৮৫৬ চনত প্ৰণয়ন কৰা বিধৱা বিৱাহ আইনখনে বিধৱাসকলৰ জীৱনলৈ এক নতুন জ্যোতি কঢ়িয়াই আনিছিল।

জ্ঞাতব্য যে  ১৯১৭ চনত গঠন হোৱা ‘উইমিন্‌ছ ইণ্ডিয়ান এছোচিয়েচন’ আৰু ১৯২৭ চনত গঠন হোৱা ‘নিখিল ভাৰতীয় মহিলা সন্মিলন’ এই নাৰীবাদী সংগঠন দুটাই প্ৰথম অৱস্থাত ভাৰতবৰ্ষত নাৰীবাদী চিন্তাধাৰাৰ বিকাশত বিশেষ গুৰুত্ব প্ৰদান কৰে। ভাৰতত ১৯২৯ চনত প্ৰথম বাৰৰ বাবে তিনিটা বিশেষ চৰ্ত সাপেক্ষে নাৰীক ভোটাধিকাৰ প্ৰদান কৰা হৈছিল। সেই চৰ্তকেইটা আছিল— ভোট দান কৰা নাৰীগৰাকী শিক্ষিত, বিৱাহিত আৰু সম্পত্তিৰ অধিকাৰী হ’ব লাগিব। স্বাধীনতা লাভ কৰাৰ সময়ৰপৰাই ভাৰতৰ সকলো শ্ৰেণীৰ নাৰীয়ে ভোটাধিকাৰ সাব্যস্ত কৰি আহিলেও কিছুমান বিশেষ ক্ষেত্ৰক বাদ দি ভাৰতীয় নাৰীৰ ৰাজনৈতিক চিন্তা পৰিয়ালৰ প্ৰধান পুৰুষজনৰ চিন্তা-ভাৱনাৰদ্বাৰা নিয়ন্ত্ৰিত হৈ থাকিল। সেইদৰে, ১৯৬১ চনত যৌতুক নিবাৰণ আইন, ১৯৭৬ চনত সম মজুৰি আইন, ১৯৮৩ চনত ধৰ্ষণ বিৰোধী আইন প্ৰণয়ন কৰাৰ ফলত নাৰীৰ বাবে কিছু অধিকাৰ সুনিশ্চিত নোহোৱা নহয়। তথাপি, ক’ব লাগিব যে ব্ৰিটিছ উপনিৱেশিক শাসন-শোষণৰ অন্ত পৰাৰ পাছত ভাৰতৰ নাৰীসকলৰ সামাজিক অৱস্থান যেনেদৰে উন্নীত হ’ব লাগিছিল, তেনেদৰে উন্নীত নহ’ল। নাৰীসকল পূৰ্বৰ দৰেই অৱদমিত-শৃংখলিত হৈ থাকিল।

১৯৭৪ চনত Committee On The Status Of Women in India (CSWI)-ৰ উদ্যোগত প্ৰকাশিত Towards Equality নামৰ প্ৰতিবেদন খনে এই তথ্য পোহৰলৈ আনে যে স্বাধীনতাৰ ২৫ বছৰ পাছতো অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক আদি সকলো ক্ষেত্ৰতে ভাৰতৰ নাৰীসকলৰ অৱস্থানৰ বিশেষ উন্নতি হোৱা নাই, বৰং পূৰ্বতকৈ অৱনতিহে হৈছে। এই প্ৰতিবেদনখন প্ৰকাশ পোৱাৰ পাছতেই ভাৰতৰ শিক্ষিতা নাৰীসকল নিজৰ অধিকাৰ আৰু মৰ্যাদা সম্পৰ্কে পূৰ্বতকৈ সৰব হৈছিল। নাৰীসকলৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ভাৰত চৰকাৰে নাৰীৰ অৱস্থান পূৰ্বতকৈ উন্নীত কৰিবলৈ সময়ে সমযে ‘নাৰী সবলীকৰণ আঁচনি’ গ্ৰহণ কৰিছিল। ১৯৮৮ চনত তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে গ্ৰহণ কৰা ‘নেচনেল পাৰ্ছপেক্‌টিভ প্লেন’ৰ আধাৰত ১৯৯৩ চনত ৭৩ আৰু ৭৪ তম সংবিধান সংশোধনৰ জৰিয়তে নাৰীৰ বাবে পঞ্চায়তত ৩৩ শতাংশ আসন সংৰক্ষণ বিধেয়ক গ্ৰহণ কৰা হৈছিল। কিন্তু, দেশৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰণ তথা সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত নাৰীৰ অংশগ্ৰহণ নিশ্চিতকৰণৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ বিধেয়ক গৃহীত কৰাৰ ক্ষেত্ৰত শাসক আৰু বিৰোধী উভয় পক্ষই আজিও বিভিন্ন অপযুক্তিৰে প্ৰতিবন্ধকতা সৃষ্টি কৰি আছে। বিধেয়কখনৰ সপক্ষে কেৱল বাঁওদলবোৰহে সবল যুক্তি উত্থাপন কৰা দেখা যায়।

অতীজত পুৰুষ প্ৰাধান্যই পুৰুষতান্ত্ৰিক ব্যৱস্থাটোৰ জন্ম দিলেও পৰৱৰ্তী সময়ত ব্যৱস্থাটো কেৱল পুৰুষেই জীয়াই নাৰাখিল; নাৰীসকলেও নিজৰ অজ্ঞাতে ব্যৱস্থাটোক সাৰ-পানী যোগাই আহিছে। ফলত ভাৰতৰ বেছিভাগ নাৰীয়ে পুৰুষতান্ত্ৰিক ব্যৱস্থাটোৰ বিৰুদ্ধে মাত মতাৰ বিপৰীতে বহু সময়ত মুকলি সমৰ্থনহে আগবঢ়ায়। উদাহৰণ স্বৰূপে, ব্ৰিটিছে সতীদাহ প্ৰথা বন্ধ কৰিবলৈ লোৱাৰ সময়ত একাংশ নাৰীয়েই ইয়াৰ প্ৰবল বিৰোধিতা কৰি প্ৰথাটো বৰ্তি থকাটো বিচাৰিছিল। ঔপনিৱেশিক কালৰ তেনে পৰম্পৰাগত মানসতা একবিংশ শতিকাতো সলনি নহ’ল। সেইদৰে, অসমৰ বৰপেটাস্থ কীৰ্তন ঘৰত মহিলা প্ৰৱেশৰ প্ৰসংগটোক লৈ বিতৰ্ক আৰম্ভ হ’লে একাংশ মহিলাই কীৰ্তন ঘৰত মহিলাৰ প্ৰৱেশৰ অধিকাৰ নথকাৰ পৰম্পৰাটোকহে সমৰ্থন জনায়। ১৯৮৮ চনৰ তিনি জানুৱাৰীত অসম লেখিকা সমাৰোহ সমিতিৰ এক প্ৰতিনিধি দলে বৰপেটা কীৰ্তন ঘৰ দৰ্শনৰ অৰ্থে যাওঁতে সত্ৰৰ একাংশ মহিলাই বাধা দিছিল আৰু অযুক্তিকৰভাবে চিঞৰি চিঞৰি কৈছিল—‘পূৰ্বৰপৰা প্ৰচলিত পৰম্পৰা কোনো কাৰণতে ভংগ কৰিবলৈ দিয়া নহ’ব।’

মনুবাদী ধ্যান-ধাৰণাক পুনৰ শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত পৰম্পৰাগত নাৰীসকলেই সহায় কৰিছে। উল্লেখ্য যে বিজেপিৰ পিতৃ সংগঠন ৰাষ্ট˜ীয় স্বয়ং সেৱক সংঘৰ মহিলা শাখা ৰাষ্ট˜ীয় সেৱিকা সমিতি ১৯৩৬ চনত গঠিত হৈছিল। এই সংগঠনটোৰ সদস্যাসকলৰ কাম-কাজ মূলতঃ ঘৰৰ চাৰিসীমাতে আবদ্ধ কৰি ৰখা হ’লেও বাবৰি মছজিদ ধ্বংসৰ সময়ত তেওঁলোকক দুৰ্গা বাহিনী, মাতৃ মণ্ডল, মহিলা মৰ্চাৰ ৰূপত ৰাজপথলৈ উলিয়াই অনা হৈছিল। অৱশ্যে, পাছত তেওঁলোকক পুনৰ ঘৰৰ চাৰিসীমালৈ ঘূৰাই পঠিওৱা হয়। লক্ষণীয় যে এই সেৱিকা সমিতি লিংগ সমতা বা লিংগ সমস্যাক লৈ কোনোদিনে সৰৱ হৈ উঠা নাছিল, কেৱল হিন্দু শাস্ত্ৰই নিৰ্ধাৰণ কৰি থোৱা কিছু দৃষ্টিভংগীৰ সমৰ্থনতহে তেওঁলোকে অৱস্থান কৰিছিল।

ইউৰোপীয় দেশসমূহত নাৰী অধিকাৰ আৰু বিকাশৰ প্ৰসংগ উত্থাপন হোৱাৰ সময়ত ভাৰতৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক প্ৰেক্ষাপট সম্পূৰ্ণ পৃথক আছিল। সেই সময়ত ভাৰতত স্বাধীনতা আন্দোলনে উত্তাল ৰূপ ধাৰণ কৰিছিল বাবে নাৰী অধিকাৰ প্ৰসংগটোতকৈ ব্ৰিটিছ উপনিৱেশিকৰপৰা ভাৰতৰ মুক্তিৰ প্ৰসংগটোৱেহে অধিক গুৰুত্ব পাইছিল। তেতিয়া নাৰীসকলে সম অধিকাৰ বিচাৰি আন্দোলন কৰিলেও বিদেশী শাসকৰ সন্মুখত তেওঁলোকৰ প্ৰতিবাদী চিঞৰবোৰ অৰণ্য ৰোদনলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনাই বেছি আছিল। আৰু এটা কথা —পাশ্চাত্যত নাৰীবাদী আন্দোলনৰ নেতৃত্ব নাৰীসকলেই লোৱাৰ বিপৰীতে ভাৰতত প্ৰথমাৱস্থাত পুৰুষসকলেহে নাৰীবাদী আন্দোলনৰ ভেটি প্ৰতিষ্ঠা কৰিছিল।

ভাৰতত নাৰীবাদী আন্দোলনে আশাব্যঞ্জক সফলতা নোপোৱাৰ অন্য এটা কাৰণ হৈছে — আধুনিকতাৰ অপবাখ্যা। ভাৰতৰ বেছিভাগ নাৰীয়ে আধুনিকতা মানে অদ্ভূত বেশ-ভূষা, দামী গাড়ী কিনা, মদ্যপান কৰা, সঘনাই প্ৰেমিক সলোৱা, উচ্ছৃংখল জীৱন শৈলী আদিকেই বুজে। এনে তথাকথিত আধুনিকতাবাদৰপৰা মুক্ত হ’ব নোৱাৰিলে ভাৰতীয় নাৰীসকল নিজৰ অধিকাৰ সম্পৰ্কে কোনোদিনে সচেতন নহ’ব, পুৰুষতন্ত্ৰৰ প্ৰভাৱৰপৰাও মুক্ত নহ’ব। আধুনিক নাৰীৰ যৌক্তিক অনুশীলন, বিস্তৃত অধ্যয়ন আৰু পৰ্যবেক্ষণ, সমালোচনাৰ প্ৰতি সহনশীলতা আদিয়েহে ভাৰতত এতিয়াও শক্তিশালী ৰূপ নোপোৱা নাৰীবাদী আন্দোলনক শক্তিশালী আৰু সফল কৰি তুলিব পাৰিব। সুখৰ বিষয়, বৰ্তমান ভাৰতৰ প্ৰায়বোৰ অগ্ৰণী মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত ‘নাৰী অধ্যয়ন কেন্দ্ৰ’ স্থাপন হোৱাত আৰু¸ ‘নাৰী অধ্যয়ন’ এক বিদ্যায়তনিক বিষয় হিচাবে স্বীকৃতি পোৱাত নাৰীবাদে ভাৰতীয় সমাজত তাত্ত্বিক স্তৰত প্ৰতিষ্ঠা লাভ কৰিছে আৰু বহু নতুন চিন্তাৰ দ্বাৰ মুকলি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *