নাৰীবাদী দৃষ্টিৰে পৃথিৱীখন
মূল : নিবেদিতা মেনন
অনুবাদ : ময়ূৰ চেতিয়া
আগকথা
আপুনি বাৰু কেতিয়াবা ‘ন্যুড মেকআপ’ৰ কথা শুনিছেনে?
কেতিয়াও শুনা নাই? তেনেহলে শুনক :
‘ন্যুড মেকআপ হৈছে এনে এবিধ কৌশল যাৰদ্বাৰা আপোনাৰ ছালখন সতেজ আৰু আর্দ্র যেন দেখুৱাব পৰা যায়। কেইবিধমান বিশেষ সঁজুলি – এই ধৰক আইলাইনাৰ, মাস্কাৰা, ন্যুড লিপষ্টিক, ব্লাছ আদি প্রয়োগ কৰি আপুনি আপোনাৰ ছালখন প্রাকৃতিকভাৱেই যেন সতেজ – এনে এক ইমেজ সৃষ্টি কৰিব পাৰে! আপোনাৰ সমুখৰ ব্যক্তিজনে গমেই নেপাব যে আচলতে আপুনি মেকআপ কৰি আহিছে!’
আন কথাত : ঘণ্টাৰ পাছত ঘন্টা ধৰি আপুনি নিজৰ মুখখনত ৰং ঘঁহি থাকক যাতে মানুহে ভাবিবলৈ বাধ্য হয় – আপোনাৰ ছালখন স্বাভাৱিকভাৱেই ধুনীয়া আৰু আপুনি কোনো মেকআপ কৰা নাই!
আমাৰ সামাজিক ব্যৱস্থাসমূহকো ন্যুড মেকআপৰে নামান্তৰ বুলি ক’ব পাৰি। অন্যায় আৰু অবিচাৰেৰে পৰিপূর্ণ সামাজিক ব্যৱস্থা একোটাক স্বাভাৱিক বা প্রাকৃতিক যেন প্রতীয়মান কৰিবলৈ কেতবোৰ বিশেষ সঁজুলিৰ ব্যৱহাৰ কৰা হয়। কেতবোৰ বিশেষ পৰম্পৰা অহৰহভাৱে পালন কৰি যোৱা হয়; প্রায়েই সিবিলাক হয় অদৃশ্যমান। সাংস্কৃতিক পুনঃউৎপাদনৰ অসংখ্য জটিল নেটৱর্ক কেৱল এই কামটোৰ বাবেই সর্বদা ব্রতী হৈ ৰয় বুলি ক’ব পাৰি। পিছে এই আটাইবোৰৰে অন্তিম লক্ষ্য হৈছে একেটাই : সমাজখনৰ অন্যায়-অবিচাৰসমূহক স্বাভাৱিক বা প্রাকৃতিক যেন প্রতীয়মান কৰা
এইক্ষেত্রত নাৰীবাদী দৃষ্টিকোণ বুলি কওঁতে মাইক্রছফট ৱর্ডৰ ‘Reveal Formatting’ বুটামটোৰ কথা মনত পেলাব পাৰি। মসৃণ-নিমজ যেন লগা সামাজিক চিত্রখনৰ আঁৰত কিদৰে বিভিন্নধৰণৰ জটিল আৰু কৌশলপূর্ণ formattingএ ক্রিয়া কৰে, এই সমস্ত অপ্রিয় সত্যসমূহ নাৰীবাদী বিশ্লেষণে পোহৰলৈ আনে।
নাৰীবাদ বুলি কওঁতে মই কি বুজাব খুজিছো? প্রথমেই, নাৰীবাদে বিশ্বাস কৰে যে অন্যায়পূর্ণ সামাজিক ব্যৱস্থা একোটাক স্বাভাৱিক প্রতিপন্ন কৰিবলৈ সদায়েই জেণ্ডাৰৰ ধাৰণাটোৰ আধাৰত সমস্ত পৃথিবীখনকে পদানুক্রমিকভাৱে গঠন কৰা হয়। কথাষাৰ এনেদৰেও ক’ব পাৰি : জেণ্ডাৰ এনে এটি ধাৰণা যাৰ সহায়ত অন্যায়পূর্ণ সামাজিক সম্বন্ধসমূহক স্বাভাৱিক বা ন্যায়োচিত প্রতিপন্ন কৰা হয়। তদুপৰি, ‘পুৰুষ’ বা ‘মহিলা’ৰ ৰূপত জীয়াই থকাৰ অর্থ হৈছে দুটা ভিন ভিন জীৱন পৰিস্থিতি বা বাস্তৱৰ সম্মুখীন হোৱা। লগতে নাৰীবাদে এইবুলিও বিশ্বাস কৰে – সকলোধৰণৰ প্রভুত্বকামী ফ্রেমৱর্কে সৃষ্টি কৰা প্রান্তীয় তথা শক্তিহীন অৱস্থানসমূহৰ সৈতে সহমর্মিতা প্রকাশ কৰাটো হৈছে নাৰীবাদী দৃষ্টিভংগীৰ অনন্য বৈশিষ্ট্য। উদাহৰণস্বৰূপে, এই কিতাপখনিৰ পাঠিকা মধ্যবিত্তীয় মহিলা এগৰাকীয়ে দৈনন্দিন জীৱনত সন্মুখীন হোৱা বহুতো শ্রমজীৱী পুৰুষ যেনে, অটোৰিক্সা চালক, জেনিটৰ বা গৃহকর্মী আদিৰ সমুখত এক ক্ষমতাশালী স্থিতিত অৱস্থান কৰে। তেওঁ যদি এগৰাকী উচ্চ জাতিৰ মহিলা বা শ্বেতাংগ আমেৰিকান মহিলা হয়, তেনেহলে দলিত পুৰুষ বা অ-শ্বেতাংগ পুৰুষৰ সমুখতো তেওঁ কিছু ক্ষমতাশালী অৱস্থান লাভ কৰিব। পিছে একে সময়তে যৌন আক্রমণৰ সন্মুখীন হ’লে মহিলাগৰাকীৰ জাত-পাত বা শ্রেণী যিয়েই নহওক কিয়, তেওঁ এই সকলো পুৰুষৰ তুলনাত এক ক্ষমতাহীন স্থিতিত অৱস্থান কৰিবলৈ বাধ্য হ’ব। তদুপৰি নিজৰ একে শ্রেণীৰ পুৰুষসকলৰ সৈতে যদি মহিলাগৰাকীৰ সুযোগ-সুবিধা তথা স্বায়ত্ততাৰ তুলনা কৰা হয়, তেতিয়াও দেখা যাব যে সিবিলাকৰ তুলনাত তেওঁৰ স্থিতি নিম্ন স্থানত অৱস্থিত। অর্থাৎ কেৱল মহিলাসকলেই নহয়, পুৰুষসকলেও নাৰীবাদক এক ৰাজনৈতিক অৱস্থান তথা জীৱন প্রণালী হিচাপে গ্রহণ কৰিব পাৰে; কিন্তু পুৰুষ-মহিলা যিয়েই নহওক কিয় সকলো নাৰীবাদী লোকেই নিজে ভোগ কৰা বিশেষাধিকাৰখিনিৰ প্রতি সচেষ্ট হোৱাটো দৰকাৰ, যাতে সিবিলাকে প্রদান কৰা ক্ষমতাখিনিৰ বিপৰীতে এক সক্রিয় অবস্থান গ্রহণ কৰিব পৰা যায়।
নাৰীবাদ কোনো পুৰুষ-বিশেষ বা নাৰী-বিশেষৰ আলোচনা নহয়; বৰং কিদৰে বিভিন্ন সময়ত তথা বিভিন্ন ৰূপত ‘পুৰুষ’ তথা ‘মহিলা’ৰ নির্মাণ কৰা হয়, তথা সিবিলাকক বিভিন্ন ৰূপৰ পিতৃতান্ত্রিক গাঁথনিসমূহত সন্নিবিষ্ট কৰি লোৱা হয় – ই তাৰহে বিশ্লেষণ কৰে। এই কিতাপখনিৰ নামটো জেমছ স্কটৰ গ্রন্থ Seeing Like a Stateঅৰপৰা ধাৰ কৰা হৈছে। পিছে ৰাষ্ট্রৰ দৃষ্টি (Seeing) আৰু নাৰীবাদী দৃষ্টি – এই দুয়োটাৰে মাজত কিছু পার্থক্যও আছে। ৰাষ্ট্রৰ দৃষ্টি বুলি ক’লে নিয়ন্ত্রণৰ ধাৰণাটোৱেই প্রথমে মনলৈ আহে; বিভিন্ন ধৰণৰ বৈচিত্র্যময় সামাজিক অনুশীলনসমূহক ৰাষ্ট্রই নিৰীক্ষণ, নিয়ন্ত্রণ তথা পঠনীয় কৰিব বিচাৰে যাতে সিবিলাকৰ ওপৰত শাসন কায়েম কৰিব পৰা যায়। ৰাষ্ট্রই যেতিয়া কোনো এটি সত্তাৰ ওপৰত দৃষ্টি নিক্ষেপ কৰে, একে সময়তে ই সত্তাটিক নিজৰ মতে অনুশাসিত কৰিব বিচাৰে। দৃষ্টিৰ জৰিয়তে ৰাষ্ট্রই বিভিন্ন পৰিচয়সমূহক ‘চিনাক্ত’ কৰে; সিবিলাকক মূর্তিমান ৰূপ দিয়ে আৰু এই প্রক্রিয়াৰদ্বাৰাই ৰাষ্ট্রই সমাজখনক শৃংখলাবদ্ধ বা অনুশাসিত কৰে। ইয়াৰ বিপৰীতে, নাৰীবাদে প্রান্তীয় বা শক্তিহীনজনৰ স্থিতিৰপৰা পৃথিৱীখন চাবলৈ যত্ন কৰে; অর্থাৎ ই সমাজৰ ক্ষমতা-সম্পর্কসমূহক প্রত্যাহ্বান জনায়; ই অনুশাসিত আৰু শৃংখলাবদ্ধ ফিল্ডখনত বিশৃংখলতা আৰু প্রশ্নৰ উত্থাপন কৰে; ই সকলোকে একে ৰূপতে গঢ়ি তুলিবলৈ কৰা চেষ্টাৰ বিৰোধিতা কৰে। ই বিভিন্ন বৈচিত্র্যময় সম্ভাৱনাসমূহ উন্মোচিত কৰে আৰু সিবিলাকক আবদ্ধ কৰিবলৈ ৰাষ্ট্রই কৰা সকলো প্রচেষ্টাৰ তীব্র বিৰোধিতা কৰে।
নাৰীবাদী হোৱাৰ অর্থ হৈছে এই কথাটো অনুধাৱন কৰা যে বিভিন্ন পৰিচয়সমূহক স্থান-কাল ভেদ অনুসৰি ভিন ভিনভাৱে নির্মাণ কৰা হয়; ‘আধিপত্য আৰু অধীনতাৰ সম্পর্ক’ সিবিলাকৰ মাজত সদায়েই মজুত থাকে; তদুপৰি জেণ্ডাৰিঙৰ প্রক্রিয়াটোৰদ্বাৰা এই সকলো নির্মাণ প্রক্রিয়াকে এক প্রাকৃতিক ৰূপ দিবলৈ চেষ্টা কৰা হয়। জেণ্ডাৰিং বুলি ক’লে মানুহক ‘পুৰুষ’ বা ‘নাৰী’ ৰূপত নির্মাণ কৰিবলৈ ক্রিয়ান্বিত হোৱা বিভিন্ন সামাজিক প্রক্রিয়াসমূহকে বুজা যায়; এনে কেতবোৰ প্রক্রিয়া মানুহে নিজেই অন্তৰীণ কৰি লয়; আন কেতবোৰক জোৰ-জুলুমকৈ বা হিংসা প্রয়োগ কৰি ক্রিয়াশীল কৰা হয়। নাৰীবাদী হোৱাৰ অর্থ হৈছে এই কথাটোও অনুধাৱন কৰা যে জেণ্ডাৰ আধাৰিত অন্যায়ৰ বাহিৰেও সমাজত অন্যান্য গাঁথনিগত অন্যায়ো অস্তিত্বমান হৈ আছে; সিবিলাকে একেলগে মিলিয়েই অন্যায়পূর্ণ সামাজিক ব্যৱস্থাটো নির্মাণ কৰিছে। তদুপৰি নাৰীবাদীসকলে সদায়েই মানি চলে এই এই সমস্ত অন্যায়ৰ বিৰোধিতা কৰাটো সম্ভৱপৰ, সিবিলাকৰ বিৰুদ্ধে সংগ্রাম কৰি এখন বৈকল্পিক সমাজ নির্মাণ কৰাটোও সম্ভৱপৰ। যিকোনো স্তৰতেই সম্ভৱ হওক, সকলোৱেই এই প্রক্রিয়াটোৰ অংশীদাৰ হ’ব পাৰে। নাৰীবাদ মাথোঁ কোনো সংগঠন নহয় যে য’ত আপুনি আনুষ্ঠানিকভাৱে যোগদান কৰিবই লাগিব; কোনো নাৰী-বিশেষৰ বিছিন্নভাৱে সম্ভৱপৰ হোৱা নিজা কৃতিত্বকো নাৰীবাদ বুলি ক’ব নোৱাৰি (উদাহৰণ : প্রধানমন্ত্রীৰ ৰূপত ইন্দিৰা গান্ধীৰ অধিষ্ঠিতকৰণ)। নাৰীবাদী হোৱাৰ অর্থ হৈছে সংগ্রামৰ দীর্ঘ ইতিহাসৰ সৈতে একাত্মবোধ কৰা; বিভিন্ন জাতি-ৰাষ্ট্রৰ সীমনা ভাঙি, বিভিন্ন জটিল আৰু বহুতৰপীয়া স্তৰৰ মাজেৰে বিকশিত হোৱা সংগ্রামখনিৰ সৈতে নিজকে সংযোজিত কৰা; সহস্রজনৰ সহস্র ভাষাত উচ্চাৰিত মাত, চকুপানী, খং আৰু বিদ্রোহৰ গানবোৰ, শ্ল’গানবোৰ কাণপাতি শুনা; আমাৰ পূর্বৰ প্রজন্ম, আমাৰ নায়িকা, আমাৰ সংগ্রামী আই -পূর্বমহিলাসকলক স্মৰণ কৰা; সংগ্রামৰ ধাৰাটোক ভবিষ্যতেও আগুৱাই নিবলৈ সংকল্প লোৱা; তাৰ বাবে গভীৰ কর্তব্যবোধ অনুভৱ কৰা।
………………
এই কিতাপখনক ভাৰতৰ বিষয়ে লিখা কিতাপ বুলি ক’ব পাৰিনে? মোৰ বোধেৰে নোৱাৰি। যেতিয়া আমি জার্মেইন গ্রেৰ Female Eunuch বা ছিমনৰ The Second Sex গ্রন্থকেইখন পঢ়ো তেতিয়া আমি এইবুলি নাভাবো যে কিতাপকেইখনে কেৱল অষ্ট্রেলিয়া বা ফৰাচী দেশৰ পৰিস্থিতিহে বর্ণনা কৰিছে। বৰঞ্চ আমি মানি লওঁ যে এই লেখিকাসকলে তেওঁলোকৰ নির্দিষ্ট অৱস্থানৰপৰাই মহিলা তথা পিতৃতন্ত্র সম্পর্কে কেতবোৰ সাধাৰণ সূত্র বিকশিত কৰিছে। কেতিয়াবা এই সূত্রবোৰ আন আন স্থানৰ ক্ষেত্রত খাটিব পাৰে, কেতিয়াবা নাখাটে। ময়ো মোৰ কিতাপখন আমাৰ দেশৰ বিশেষ পৰিস্থিতি, আমাৰ নিজা নাৰীবাদী ৰাজনীতি, নিজা আন্দোলন, অধ্যয়ন তথা অভিজ্ঞতাৰ ভিত্তিত লিখিছো। বিশ্বৰ বিভিন্ন নাৰীবাদীসকলৰ অভিজ্ঞতাৰ স’তে মই আমাৰ অভিজ্ঞতাবোৰ ৰিজাই চাইছো; সিবিলাকৰ বিভিন্ন বিতর্ক তথা তত্ত্ব নির্মাণ প্রক্রিয়াৰ লগত মই আমাৰ বিতর্ক তথা তত্ত্ব নির্মাণ প্রক্রিয়াসমূহৰ এটা কথোপকথন প্রক্রিয়া স্থাপন কৰিছো।
এইক্ষেত্রত এটাই পার্থক্য থাকিব পাৰে : আমি অনা-পছিমীয়া দেশসমূহৰ মানুহে যেতিয়া আমাৰ নিজা দেশসমূহৰ অভিজ্ঞতাৰ ভিত্তিত তত্ত্ব নির্মাণ কৰো, তেতিয়া আমি সিবিলাক সার্বজনীনভাৱে গ্রহণযোগ্য হ’বই বুলি ধৰি নলওঁ। কিন্তু আমি বিশ্বাস কৰো যে আন আন নাৰীবাদৰ স’তে কথোপকথন কেৱল সম্ভৱপৰেই নহয়, লগতে ই অতিশয় প্রয়োজনীয়ও। সেয়েহে এই কিতাপখনত মই বাৰম্বাৰ বিশ্বৰ বিভিন্ন নাৰীবাদী কণ্ঠৰ স’তে কথা পাতিছো, সিবিলাকৰ অস্তিত্ব সম্পর্কে সচেতন হৈছো।
এই কিতাপখনৰ কেন্দ্রবিন্দু হৈছে নাৰীবাদী ৰাজনীতি; বিভিন্ন ক্ষমতা সম্পর্কসমূহ কেনেদৰে জেণ্ডাৰগত ৰূপৰ মাজেদি ক্রিয়ান্বিত হয় – সেয়া নাৰীবাদী দৃষ্টিৰে চিনাক্ত কৰাটো হ’ব কিতাপখনৰ বিশেষ লক্ষ্য। সেয়েহে কিতাপখনৰ কেন্দ্রবিন্দু কেৱল ‘ৰাজনৈতিক পথাৰত নাৰীৰ যোগদান’ নহয়। চাবলৈ গ’লে আজিৰ ভাৰতৰ ৰাজনৈতিক ক্ষেত্রখনত বহুতো অগ্নিবর্ষা, স্বাধীন তথা সংগ্রামী মহিলাই দপদপাই আছে – মেধা পাটেকাৰে দীর্ঘদিন ধৰি পৰিবেশগতভাৱে বহনক্ষমতাহীন তথা অন্যায়পূর্ণ পুঁজিবাদী বিকাশৰ বিৰূদ্ধে সংগ্রাম কৰি আহিছে। ঠিক তেনেদৰে এক দশকতকৈও অধিক দিন ধৰি মণিপুৰৰ ইৰম শর্মিলাই সশস্ত্র বাহিনী বিশেষ অধিকাৰ আইনখনৰ বিৰুদ্ধে সংগ্রাম কৰি আহিছে। এই আইনখনে তেওঁৰ ৰাজ্য মণিপুৰ তথা উত্তৰ-পূর্বাঞ্চলক দখলীকৃত অঞ্চল হিচাপে গণ্য কৰাত সহায় কৰি আহিছে। দীর্ঘ দিন ধৰি শর্মিলাক গৃহবন্দী কৰি ৰখা হৈছে, তেওঁৰ অনশন ধর্মঘট ভংগ কৰিবলৈ ৰাষ্ট্রই তেওঁৰ মুখেৰে বলপূর্বক সুমুৱাই দিছে খাদ্যৰ পাইপ। তথাপি শর্মিলাৰ সংগ্রামী দৃঢ়তাৰ অন্ত পৰা নাই। আনহাতে ভাৰতৰ দলিতসকলৰ অন্যতম বৃহৎ সংগঠন – বহুজন সমাজ পার্টিৰ নেতৃত্ব বহন কৰি আহিছে মায়াৱতীয়ে। সোঁপন্থী হিন্দুত্ব সংগঠন তথা সংৰক্ষণবিৰোধী উচ্চ জাতিৰ আন্দোলনৰ মাজতো মহিলাৰ সক্রিয় অংশগ্রহণ দেখা গৈছে। বিভিন্ন পৰিবেশ আন্দোলন, ভূমি আন্দোলন তথা মাওবাদী সশস্ত্র আন্দোলনতো মহিলাৰ ভূমিকা দেখা গৈছে। এই আটাইবোৰকে নাৰীবাদী দৃষ্টিৰে বিশ্লেষণ কৰাটো সম্ভৱপৰ – সেয়া কৰা হৈছেও – পিছে বর্তমানৰ কিতাপখনত সিবিলাক সম্পর্কে মই আলোচনা কৰা নাই। বৰঞ্চ যিসমূহ আন্দোলন তথা আইডিয়াই প্রত্যক্ষভাৱে ক্ষমতা সম্পর্কৰ জেণ্ডাৰগত ৰূপ লৈ চিন্তা-চর্চা তথা অনুশীলন কৰি আছে, সিবিলাকহে এই কিতাপখনৰ মূল কেন্দ্রবিন্দু হ’ব।
‘নাৰীবাদী আন্দোলন’ আৰু ‘নাৰী আন্দোলন’ – এই দুয়োটাকে মই সদ্যহতে দুটা পৃথক কেটেগৰি হিচাপে গণ্য কৰিছো। প্রায় সকলো আন্দোলনতেই নাৰীৰ ভূমিকা তথা অংশগ্রহণ থাকে। সেই হিচাপত এই আটাইবোৰেই নাৰী আন্দোলন। কিন্তু নাৰীবাদী আন্দোলন বুলিলে সেইসমূহ আন্দোলনকহে বুজোৱা হৈছে – য’ত ক্ষমতা সম্পর্কৰ জেণ্ডাৰগত বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰে। অৱশ্যে এনেধৰণৰ শ্রেণীকৰণৰ সমস্যাও নোহোৱা নহয়। উদাহৰণস্বৰূপে, পৰিবেশগত বহনক্ষমতা তথা মাছমৰীয়াসকলৰ জীৱিকাক কেন্দ্র কৰি বিকশিত হোৱা বিভিন্ন আন্দোলনত দীর্ঘ দিন ধৰি জড়িত কর্মকর্তা নলিনী নায়কে পৰিবেশগত আন্দোলনসমূহক ‘নাৰীবাদী সমলৰ বিশেষ আধাৰ’ বুলি ঘোষণা কৰিছে। তেওঁৰ মতে নাৰীবাদী আন্দোলনক অন্যান্য আন্দোলনৰপৰা ফটকৈ পৃথক কৰি চাব নোৱাৰি। নিশ্চিতভাৱে নাৰীবাদীসকলে এই আন্দোলনসমূহৰ স’তে ৰাজনৈতিকভাৱে বার্তালাপ কৰিবই লাগিব। কিন্তু মাত্র এই কিতাপখনত বিষয়বস্তুৰ সৰল উপস্থাপন তথা স্বচ্ছতাৰ প্রতি লক্ষ্য ৰাখি মই নাৰীবাদী আন্দোলনটোক অন্যান্য আন্দোলনৰ পৰা কিছু পৃথককৈ চাইছো।
এই একেটা কাৰণতে মই ভাৰতীয় নাৰীবাদৰ ইতিহাস সম্পর্কে বিশেষ আলোচনা কৰা নাই। ঊনবিংশ শতিকাতেই ভাৰতত নাৰীবাদৰ উত্থান ঘটিছিল, এই বিষয়ে ইতিমধ্যেই বহুতো লেখামেলা পোৱা যায়। সিবিলাকৰ কিছুমানৰ কথা মই এই কিতাপখনত উল্লেখ কৰিছো। মই মূলতঃ সমকালীন নাৰীবাদী আন্দোলনসমূহকেই কেন্দ্রীয় বিষয় হিচাপে বাছি লৈছো আৰু মাজে-সময়েহে প্রয়োজনবশতঃ ঐতিহাসিক দিশসমূহত ভূমুকি মাৰিছো যাতে বর্তমানৰ বহুতো বৈশিষ্ট্যৰ ইতিহাস বুজিব পৰা যায়।
ভাৰতীয় ৰাজনীতি বিষয়ক মোৰ ধাৰণাসমূহে কিতাপখনৰ পৃষ্ঠভূমিটো নিশ্চিতভাৱে নির্মাণ কৰিছে; দেশৰ ৰাজনীতিৰ বিষয়ে বিতংকৈ মই আন এখন কিতাপত লিখিছো, আদিত্য নিগমৰ স’তে যুটীয়াভাৱে। আগ্রহী পাঠকে এই Contestation(2007) কিতাপখন পঢ়ি চাব পাৰে। কিতাপখনত আমি ভাৰতীয় এলিটৰ দুটা মূল প্রকল্প – ৰাষ্ট্র নির্মাণ তথা পুঁজি গঠন – সম্পর্কে বিস্তৰভাৱে আলোচনা কৰিছো। কেনেদৰে এলিটৰ এই দুয়োটা প্রকল্প বিভিন্ন প্রত্যাহ্বানৰ মুখামুখি হৈ আহিছে, কেনেদৰে সিবিলাকে প্রকল্প দুটাক হায়ৰাণ কৰি তুলিছে – কিদৰে এই বিভিন্ন ধৰণৰ বিৰোধী প্রত্যাহ্বানৰ মাজতেই দ্বন্দ্বই মূৰ দাঙি উঠিছে – আমি সিবিলাক সম্পর্কেও আলোচনা কৰিছো। এই পূর্বৰ কিতাপখনিয়েও ভাৰতীয় ৰাজনীতিৰ প্রতি নাৰীবাদী দৃষ্টিভংগীৰ পোষকতা কৰিছিল। কিন্তু বর্তমানৰ কিতাপখনিত মই প্রত্যক্ষভাৱে ক্ষমতাৰ জেণ্ডাৰগত চৰিত্র আৰু ই উত্থাপন কৰা প্রশ্নসমূহ সম্পর্কে আলোচনা কৰিছো।
এই কিতাপখনক ছ-টা অধ্যায়ত ভগোৱা হৈছে; প্রতিটো অধ্যায়তে একোটা বিশেষ বিষয়বস্তু বাছি লোৱা হৈছে। যিসকল পাঠকে বিদ্যায়তনিক প্রশিক্ষণৰ বিৰল অভিজ্ঞতাৰপৰা হাত সাৰি থকাৰ সৌভাগ্য লাভ কৰিছে, তেওঁলোকক উদ্দেশি এষাৰ কথা ক’ব বিচাৰিছো : এই কিতাপখনত বিভিন্ন প্রবন্ধ তথা পুথিৰ নাম উল্লেখ কৰা হৈছে; সিবিলাক পঢ়িবই লাগিব বুলি কোনো কথা নাই। নোট আৰু গ্রন্থপঞ্জীৰ তালিকাখন পাঠকে সম্পূর্ণভাৱে উলাই কৰিব পাৰে। সিবিলাকক দুটা কাৰণতেই স্থান দিয়া হৈছে – কিদৰে মোৰ নিজা তত্ত্বসমূহ আন আন কর্মকর্তা তথা তত্ত্ববিদৰ সৈতে কথোপকথনৰ মাজেৰে বিকশিত হৈছে সেয়া স্পষ্ট কৰা তথা আগ্রহী পাঠকৰ বাবে কিছু প্রসংগসূচী প্রদান কৰা।
শেহান্তৰত এটাই কথা ক’ব বিচাৰো : কিতাপখনৰ উদ্দেশ্য কোনো অন্তিম উত্তৰ প্রদান কৰা নহয়। বৰঞ্চ মোৰ উদ্দেশ্য হৈছে নতুন কেতবোৰ প্রশ্ন উত্থাপন কৰা, কেতবোৰ নতুন অবজেক্ট আলোচনাৰ পোহৰলৈ অনা। স্থিৰতা নাৰীবাদৰ কাম্য নহয়, বৰঞ্চ নাৰীবাদে নিত্য-নতুন অস্থিৰতাহে সৃষ্টি কৰিব বিচাৰে। যিমানেই আমি বেছিকৈ বুজি পাম, সিমানেই আমাৰ দিগন্তও প্রসাৰিত হ’ব।