অনুবাদপ্ৰবন্ধ

নাৰীমুক্তিৰ ৰাজনৈতিক অৰ্থনীতি— (মূলঃ মাৰ্গাৰেট বেনষ্টন,অনুবাদ : জুলি বৰগোহাঁই)

[টোকা:মার্ক্সীয় দৃষ্টিকোণৰ পৰা নাৰীমুক্তিৰ প্ৰশ্নটো মাৰ্গাৰেট বেনষ্টনে তেওঁৰ ধ্ৰুপদী প্ৰবন্ধ ‘The political economy of Women’s Liberation’ ত যথাসম্ভৱ বিশদভাৱে আলোচনা কৰিবলৈ যত্ন কৰিছে। লিংগবৈষম্য শ্ৰেণীবৈষম্যৰ অন্তৰ্ভুক্ত হয়নে, শ্রেণীমুক্তিয়ে নাৰীমুক্তি আনিব পাৰেনে, শ্ৰেণীসংগ্ৰামৰ বাহিৰেও নাৰীমুক্তিৰ বাবে আন এখন সংগ্ৰামৰ প্ৰয়োজন হব নেকি ইত্যাদি প্ৰশ্নৰ উত্তৰ মার্ক্সীয় দৃষ্টিকোণৰ পৰা এই লেখাটোত বাখ্যা বিশ্লেষণ দাঙি ধৰিবলৈ যত্ন কৰিছে। পুৰুষতান্ত্ৰিক ধ্যান-ধাৰণাৰ উৎস কি, এনেধৰণৰ বিতৰ্কৰ স্পষ্টতাও পাঠকে উক্ত প্ৰবন্ধটোৰ মাজত পোৱাৰ সম্ভাৱনা আছে। এনে ধৰণৰ বিষয়ৰ গুৰুত্ব অনুধাৱন কৰিয়েই এই প্ৰবন্ধটোৰ অনুবাদ মুক্ত চিন্তাৰ পাঠক সমাজলৈ আগবঢ়োৱা হ’ল। এই প্ৰৱন্ধটো Monthly Review আলোচনীৰ ১৯৬৯ ৰ ছেপ্তেম্বৰ সংখ্যাত প্রকাশিত হৈছিল। প্ৰৱন্ধটো অসমীয়ালৈ অনুবাদ কৰি প্ৰথম প্ৰকাশ পাইছিল ‘নতুন পদাতিক’ আলোচনীত আৰু পৰৱৰ্তী সময়ত শিৱসাগৰৰ পৰা প্ৰকাশিত অধুনালুপ্ত ক্ষুদ্ৰ আলোচনী ‘চিন্ময়’ত। মূল ইংৰাজীৰ পৰা প্ৰবন্ধটোৰ অনুবাদিকা জুলি বৰগোহাঁইৰ অনুমতি সাপেক্ষে মুক্ত চিন্তাৰ পাঠকৰ বাবে প্ৰকাশৰ ব্যৱস্থা কৰা হ’ল। মুক্ত চিন্তা আলোচনীৰ তৰফৰ পৰা চিন্ময়, নতুন পদাতিক আলোচনীৰ কৰ্মকৰ্তা তথা অনুবাদিকালৈ কৃতজ্ঞতা জনালোঁ।- মুক্ত চিন্তা] 
“আমাৰ জটিল সমাজখনৰ আন প্ৰতিটো বিষয়ৰ দৰেই নাৰীৰ অৱস্থানো এটা অর্থনৈতিক আধাৰৰ ওপৰত বৰ্তি থাকে।” – Eleanor Mars & Edward Aveling
সমাজৰ শ্ৰেণীবিশ্লেষণত সাধাৰণতেই “নাৰী বিষয়ক প্রশ্ন”টো আওকাণ কৰা হয়। ইয়াৰ কাৰণ হ’ল – এহাতে উৎপাদনৰ আহিলাসমূহৰ (means of production) সৈতে থকা সম্পৰ্কৰ ভিত্তিত শ্রেণীসমূহক সংজ্ঞায়িত কৰা হয় আৰু অন্যহাতে উৎপাদনৰ আহিলাৰ সৈতে নাৰীৰ কোনো অনন্য (unique) সম্পৰ্ক আছে বুলি ধৰাই নহয়। বৰঞ্চ সকলো শ্ৰেণীৰ সীমা ভেদি যেন এই গোটৰ উপস্থিতি – সেয়েহে, শ্রমিক শ্ৰেণীৰ নাৰী, মধ্যবিত্ত শ্ৰেণীৰ নাৰী, এইদৰে কোৱা হয়। নাৰীৰ মৰ্য্যদা দেখদেখকৈ পুৰুষতকৈ হীন, কিন্তু এই অৱস্থাৰ বিশ্লেষণ সচৰাচৰ সামাজিকীকৰণ, মনস্তত্ব, ব্যক্তিৰ পাৰস্পৰিক সম্পৰ্ক অথবা এক সামাজিক অনুষ্ঠান হিচাপে বিবাহৰ ভূমিকা আদি বিষয়ক আলোচনাৰ মাজতে আৱদ্ধ থাকে। যেনেকৈয়ে নহওঁক, এইবোৰেই প্ৰাথমিক কাৰকনে? নাৰীৰ গৌণ অৱস্থানৰ মূল কাৰণ যে অৰ্থনৈতিক, এই কথা সাব্যস্ত কৰিবলৈ যাওঁতে দেখুৱাব পাৰি যে প্ৰকৃততে উৎপাদনৰ আহিলাসমূহৰ সৈতে এটা গোট হিচাপেই নাৰীৰ সুনিৰ্দিষ্ট সম্পৰ্ক আছে আৰু এই সম্পৰ্ক পুৰুষৰ ক্ষেত্ৰত থকা সম্পৰ্কতকৈ পৃথক। এই বিশেষ উৎপাদন সম্পৰ্কৰ পৰাই ব্যক্তিগত তথা মনস্তাত্বিক কাৰকসমূহ গঢ় লৈ উঠে আৰু প্ৰথমটোৰ পৰিৱৰ্তন দ্বিতীয়টোৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত আৱশ্যকীয় (পর্যাপ্ত নহয়) চৰ্ত হৈ দেখা দিয়ে। যদিহে উৎপাদনৰ সৈতে নাৰীৰ এই বিশেষ সম্পৰ্ক মানি লোৱা হয়, তেন্তে নাৰীৰ অৱস্থান সম্পর্কীয় বিশ্লেষণ স্বাভাৱিকভাৱেই সমাজৰ শ্রেণী বিশ্লেষণৰ সৈতে খাপ খাই পৰে।
উৎপাদনৰ আহিলাসমূহৰ গৰাকী আৰু মজুৰিৰ বাবে নিজৰ শ্রমশক্তি বিক্ৰী কৰা সকলৰ মাজত থকা পাৰ্থক্যই হৈছে এখন পুঁজিবাদী সমাজত শ্রেণীবিষয়ক আলোচনাৰ প্ৰাৰম্ভিক বিন্দু। আর্ণেষ্ট মণ্ডেলে (Ernest Mandel ) কোৱাৰ দৰে—
“একেবাৰে কম কথাত ক’বলৈ গলে, উৎপাদনৰ আহিলা বা জীৱিকা নিৰ্বাহৰ উপায়ৰ ওপৰত কোনো নিয়ন্ত্রণ নথকা অৱস্থাই হ’ল সৰ্বহাৰা অৱস্থা যি ব্যাপক হাৰত পণ্য উৎপাদন কৰা এখন সমাজত সৰ্বহাৰাক তেওঁৰ শ্ৰম শক্তি বিক্ৰী কৰিবলৈ বাধ্য কৰে। এই শ্রম শক্তিৰ বিনিময়ত লাভ কৰা মজুৰিৰ জৰিয়তে তেওঁ নিজৰ পৰিয়ালৰ প্ৰয়োজন পূৰোৱাৰ বাবে দৰ্কাৰ হোৱা উপভোগৰ উপাদানসমূহ আহৰণ কৰিবলৈ সক্ষম হয়।
এয়া হৈছে মজুৰি আৰ্জোতা, সৰ্বহাৰাৰ গাঁথনিগত সংজ্ঞা। ইয়াৰ পৰা যথাযথ ৰূপতেই তেওঁৰ কাম, কামৰ জৰিয়তে কৰা উৎপাদন তথা সমাজত তেওঁৰ সামগ্ৰিক অৱস্থানৰ এটা বিশেষ সম্পৰ্ক ওলাই আহে যিটোক অতি প্ৰচলিত বিচ্ছিন্নকৰণ (alien- ation) শব্দটোৰ দ্বাৰা চমুৱাব পাৰি। কিন্তু এই গাঁথনিগত সংজ্ঞাৰ পৰা তেওঁৰ উপভোগৰ স্তৰ, প্রয়োজনৰ পৰিসৰ অথবা সিবিলাকৰ কিমানখিনি তেওঁ পূৰাব পাৰে, সেই সম্পৰ্কীয় কোনো দৰ্কাৰী সিদ্ধান্ত টানিব পৰা নাযায়।”
নাৰীৰ বাবে তেনে কোনো গাঁথনিগত সংজ্ঞা নাই। নাৰীৰ গৌণ অৱস্থানৰ লক্ষণাৱলীৰ সামগ্ৰীক বিশ্লেষণেই প্রাথমিক প্রয়োজনৰ বিষয় হ’ব নোৱাৰে। বৰঞ্চ প্ৰথমে পুঁজিবাদী (আৰু অন্যান্য) সমাজত— ‘নাৰী’ সমষ্টিটোক সংজ্ঞায়িত কৰা বস্তুগত অৱস্থাৰহে এটা ব্যাখ্যা দিয়া প্রয়োজন। এই চৰ্তসমূহৰ ভিত্তিতে আমি জনা বিশেষ উপৰিসৌধৰাজি নিৰ্মিত। মাণ্ডেলৰ ৰচনাৰ এটা মনোগ্রাহী টোকাই এনে এটা সংজ্ঞাত উপনীত হোৱাৰেই পথ প্রশস্ত কৰে।
“………প্রত্যক্ষ উপভোগৰ বাবে প্ৰস্তুত কৰা কিবা এটাৰ বিপৰীতে পণ্য বস্তু হৈছে বজাৰত বিনিময়ৰ বাবে সৃষ্টি কৰা উৎপাদন। প্ৰত্যেক পণ্যবস্তুৰেই ব্যৱহাৰিক মূল্য (use value) আৰু বিনিময় মূল্য (Exchange – value) দুয়োটাই থাকিব লাগিব।
বস্তুটোৰ এটা ব্যৱহাৰিক মূল্য থাকিবই লাগিব, অন্যথা কোনেও ইয়াক নিকিনিব। কাৰো বাবেই ব্যৱহাৰিক মূল্য নথকা এটা বস্তু স্বাভাৱিকতে বিক্রীযোগ্যও নহ’ব; বৰঞ্চ ব্যৱহাৰহীন উৎপাদনহে হ’ব; ব্যৱহাৰিক মূল্য নথকাৰ বাবেই তাৰ কোনো বিনিময় মূল্যও নাথাকিব ।
আনহাতে ব্যৱহাৰিক মূল্য থকা প্ৰতিবিধ বস্তুৰে বিনিময় মূল্য নাথাকিবও পাৰে। বস্তুটো উৎপাদিত হোৱা সমাজত যি পৰিসৰ জুৰি বিনিময়ৰ সাৰ্বজনীন প্রচলন থাকে সেই পৰিসৰলৈকেহে মাথো বস্তুটোৰ বিনিময় মূল্য থাকিব।
পুঁজিবাদী সমাজত পণ্যবস্তুৰ উৎপাদনে অর্থাৎ বিনিময় মূল্যৰ সৃষ্টিয়ে চূড়ান্ত বিকাশ অৰ্জন কৰিছে। মানুহৰ ইতিহাসত এইখনেই প্রথম সমাজ য’ত উৎপাদনৰ অধিকাংশই পণ্যদ্ৰৱ্য। অৱশ্যে পুঁজিবাদী সমাজত সকলো উৎপাদনেই পণ্য উৎপাদন বুলি কোৱা ভুল হ’ব। দুই শ্ৰেণীৰ উৎপাদন এতিয়াও মাথো ব্যৱহাৰিক মূল্য সম্পন্ন হৈয়ে আছে।
ইয়াৰ প্ৰথমবিধে কৃষকে নিজৰ উপভোগৰ বাবে উৎপাদন কৰা সকলো বস্তুকে সামৰি লয় এনে উৎপাদনকাৰী পাম বিলাকে প্রতিবিধ বস্তুকে প্রত্যক্ষভাৱে ভোগ কৰে।
পণ্যবস্তু নহয় বৰং সাধাৰণ ব্যৱহাৰিক মূল্য সম্পন্ন হৈ ৰোৱা পুঁজিবাদী সমাজৰ দ্বিতীয়বিধ উৎপাদনে ঘৰুৱাভাৱে উৎপাদিত আটাইবোৰ বস্তুকে সামৰি লয়। উল্লেখনীয় পৰিমাণৰ মানৱ শ্ৰম জড়িত হৈ থকা সত্বেও এনেবোৰ ঘৰুৱা উৎপাদন এতিয়াও মাথো ব্যৱহাৰিক মূল্য সম্পন্ন হৈয়ে আছে, পণ্য দ্ৰৱ্য হৈ উঠিব পৰা নাই। প্ৰত্যেকৰ চুৰুহা তৈয়াৰ কৰোতে অথবা চোলাত বুটাম লগাওঁতে উৎপাদন কাৰ্য্য চলিয়েই থাকে কিন্তু এই উৎপাদন বজাৰৰ বাবে নহয়।
পণ্যবস্তু উৎপাদনৰ সূচনা আৰু পৰৱৰ্তী সময়ত ইয়াৰ নিয়মীয়াকৰণ তথা সাধাৰণীকৰণে মানুহৰ পৰিশ্ৰম কৰাৰ ধৰণৰ লগতে সমাজ সংগঠনৰ প্ৰক্ৰিয়াৰো মূলগত ৰূপান্তৰ ঘটায়।
ৰচনাখনৰ শেষৰ ছেদটো আছিল সন্দেহাতীতভাৱে সত্য যিটো হয়তো মাণ্ডেলেও লক্ষ্য কৰা নাছিল। পণ্যদ্ৰৱ্য উৎপাদনৰ সূচনাই প্ৰকৃততে মানুহৰ পৰিশ্ৰম কৰা ধৰণৰ ৰূপান্তৰ সাধিছিল। তেওঁ আঙুলিয়াই দিয়াৰ দৰেই বেছিভাগ ঘৰুৱা শ্ৰমেই পুঁজিবাদী সমাজত (এনে কাৰণতে প্রচলিত সমাজবাদী সমাজবোৰতো) বজাৰ ব্যৱস্থা প্ৰচলনৰ পূৰ্বৰ স্তৰতে আছে। এই কামেই হৈছে নাৰীৰ বাবে সংৰক্ষিত কাম আৰু এই সত্যৰ মাজতে নাৰীৰ এটা সংজ্ঞা নিৰূপণ কৰাৰ বাবে আমি ভিত্তি বিচাৰি পাব পাৰোঁ।
পৰিমাণগত দিশৰ বিচাৰ কৰিলে দেখা যায় সন্তানৰ প্ৰতিপালনকে ধৰি ঘৰুৱা শ্ৰমে সামাজিকভাৱে প্ৰয়োজনীয় উৎপাদনৰ বুজন অংশ গঠন কৰে। তৎসত্বেও ব্যৱসায়-বাণিজ্য তথা বজাৰ বর্হিভূত হোৱাৰ বাবেই পণ্য উৎপাদনৰ ওপৰত আধাৰিত এখন সমাজত ইয়াক সাধাৰণতে “প্রকৃত কাম” বুলি গণ্য কৰা নহয়। যথোপযুক্ত অর্থতেই ই প্রাক-পুঁজিবাদী। গৃহস্থালি কর্মক এক বিশেষ গোট “নাৰী”ৰ বাবে নিৰ্দিষ্ট কৰাৰ অৰ্থ হৈছে এয়ে যে উৎপাদনৰ স’তে এই গোটৰ সম্পৰ্ক “পুৰুষ” গোটতকৈ পৃথক। তেনেহ’লে আমি পৰীক্ষা মূলকভাৱে নাৰীক সংজ্ঞায়িত কৰিম এনেকৈ — “নাৰী হৈছে এক জনসমষ্টি যি ঘৰ আৰু পৰিয়ালৰ সৈতে সম্পর্কিত কাম কাজ সমূহত সাধাৰণ ব্যৱহাৰিক মূল্য সৃষ্টি কৰাৰ প্ৰতি দায়বদ্ধ থাকে।”
যিহেতু এনে উৎপাদনৰ ক্ষেত্ৰত পুৰুষে কোনো দায়িত্ব বহন নকৰে, সেয়েহে, দুয়ো গোটৰ মাজৰ পাৰ্থক্যও থাকে ইয়াতেই। মন কৰক – নাৰীক পণ্য উৎপাদনৰ পৰা বাদ দিয়া নহয়। মজুৰি শ্ৰম প্ৰক্ৰিয়াত তেওঁলোকে অংশ লয় ঠিকেই, কিন্তু এই ক্ষেত্ৰত এটা গোট হিচাবে তেওঁলোকৰ কোনো গাঁথনিগত দায়বদ্ধতা নাথাকে আৰু এনে অংশ গ্রহণক সচৰাচৰ সাময়িক বুলিহে গণ্য কৰা হয়। আনহাতে পুৰুষ হৈছে পণ্য উৎপাদনৰ প্রতি দায়বদ্ধ। নীতিগতভাৱে তেওঁলোকৰ ওপৰত ঘৰুৱা শ্ৰমৰ কোনো দায়িত্ব অর্পণ কৰা হোৱা নাই উদাহৰণস্বৰূপে তেওঁলোকে যেতিয়া ঘৰুৱা উৎপাদনত ভাগ লয়, ইয়াক যে কেৱল ব্যতিক্রমী বুলিয়েই গণ্য কৰা হয় এনে নহয়, তদুপৰি ধৰা হয় ই পুৰুষৰ মনোবল টুটায়, তেওঁলোকক বীর্যহীন কৰে, আৰু স্বাস্থ্যৰো অৱনতি ঘটায়।
(Vancouver Sun “(January 1969)” আলোচনীখনৰ প্ৰথম পৃষ্ঠাতে প্রকাশিত এটা লেখাত কোৱা হৈছিল যে ইংলেণ্ডৰ পুৰুষসকলৰ স্বাস্থ্য বিপদাপন্ন হোৱাৰ মূলতে আছিল গৃহস্থালি কর্মত তেওঁলোকে অত্যাধিক খাটিব লগা হোৱাটো!)
নাৰীৰ হীন অৱস্থানৰ বস্তুগত ভিত্তি ওপৰত উল্লেখ কৰি অহা নাৰীৰ সংজ্ঞাৰ মাজতে বিচাৰি পাব লাগিব। মুদ্রাই মূল্য নিৰ্দ্ধাৰণ কৰা এখন সমাজত নাৰী হৈছে এনে এটা গোট যি মুদ্রা অর্থনীতি (Money economy)ৰ বাহিৰত থাকি কাম কৰে। তেওঁলোকৰ কামৰ পৰা যিহেতু, ধন-বিত একো পাব লগীয়া নাথাকে সেয়েহে সেই কাম মূল্যহীন, আনকি তাক প্রকৃত কাম বুলিবও নোৱাৰি। তেনে অৱস্থাত এই মূল্যহীন কামবোৰ যি কৰে সেই নাৰীয়ে নিজকে টকাৰ বিনিময়ত কাম কৰা পুৰুষৰ সমানে মূল্যবান ৰূপত আশা কৰিবই নোৱাৰে। সুনির্দিষ্টভাৱে ক’বলৈ গ’লে নাৰীৰ অৱস্থা দাস আৰু কৃষকসকলৰ অৱস্থাৰ লগতহে তুলনীয় যি সকলৰ অৱস্থান আগেয়ে বা আজিও পণ্য উৎপাদন ক্ষেত্ৰৰ বাহিৰত।
জুলিয়ে’ত মিশ্বেলে তেওঁৰ নাৰী কেন্দ্ৰীক শেহতীয়া ৰচনাখনত বিষয়টোৰ অৱতাৰণা কৰিছে ঠিক এনেকৈ-
“উন্নত উদ্যোগিক সমাজত নাৰীৰ কাম সমগ্ৰ অৰ্থনীতিৰ তুলনাত যৎসামান্য। তথাপি কামৰ জৰিয়তেহে মানুহে প্রাকৃতিক প্ৰাৱস্থা সমূহৰ পৰিৱৰ্তন ঘটায় আৰু তাৰ দ্বাৰাই সমাজৰ সৃষ্টি কৰে। উৎপাদন ব্যৱস্থাত এক বিপ্লৱ সংঘটিত নোহোৱা পৰ্য্যন্ত শ্ৰম পৰিস্থিতিয়ে পুৰুষৰ পৃথিৱীতহে নাৰীৰ কামৰ বিধান দিব।”
নাৰীয়ে কৰা কাম যে পুৰুষে কৰা কামতকৈ পৃথক – তাকেই এক অবিশ্লেষিত স্বীকৃতি প্ৰদান কৰে নাৰীৰ কামৰ প্ৰান্তিকতা (Marginality) সম্পর্কীয় ব্যাখ্যাই। এনেবোৰ কাম যৎসামান্য (Marginal) নহয় – আচলতে এইবোৰ মজুৰি পোৱা শ্ৰম নহয় বাবেহে সিবিলাকৰ গুৰুত্ব বিবেচিত নহয়। একেটা প্ৰৱন্ধৰ শেষৰফালে তেওঁ আনকি এনেকৈও কৈছে – “উৎপাদনশীল শ্ৰমৰ মাধ্যমত বিচাৰ কৰিলে দেখা যায় আনকি আজিও বৃহৎ পৰিমাণৰ গৃহস্থালি শ্ৰম বৰ্তি আছে।” উদাহৰণস্বৰূপে তেওঁ কেতবোৰ তথ্যও দাঙি ধৰিছে; যথা – চুইডেনত নাৰীয়ে উদ্যোগক্ষেত্ৰত বছৰি ১,২৫০ নিযুত ঘণ্টা ব্যয় কৰাৰ বিপৰীতে গৃহস্থালি কৰ্মত বছৰি ২,৩৪০ নিযুত ঘণ্টা খৰচ কৰে। ঠিক এনেকৈ চেজ মানহাট্টন (Chase Manhattan ) বেকংৰ গণনা অনুসৰি সামগ্ৰিকভাৱে এগৰাকী নাৰীৰ কর্মসপ্তাহত থাকে প্রায় ৯৯.৬ ঘণ্টা।
যেই নহওক, মিশ্বেলে প্রাথমিক অর্থনৈতিক কাৰকসমূহৰ ওপৰত গুৰুত্ব কমকৈ দিছে (দৰাচলতে বেছিসংখ্যক মার্ক্সবাদীকে তেওঁ “যান্ত্রিক অর্থনীতিবিদ” হোৱাৰ বাবে দোষাৰোপ কৰিছে।) আৰু খৰখেদাকৈ উপৰিসৌধস্থিত কাৰক সমূহৰ কাষ চাপিছে; কাৰণ তেওঁ লক্ষ্য কৰিছে যে — “উদ্যোগীকৰণৰ সূচনাই নাৰীক এই পৰ্য্যন্ত মুক্ত কৰিব পৰা নাই।” কিন্তু কোনো সমাজতেই যে গৃহস্থালি কর্ম এতিয়াও উদ্যোগিকৃত হোৱা নাই, এইটো লক্ষ্য কৰাত তেওঁ ব্যৰ্থ হৈছে। এঙ্গেলছে আঙুলিয়াই দেখুৱাইছে যে- “ৰাজহুৱা উদ্যোগত সমগ্ৰ নাৰী জাতিৰ পুনৰ অন্তৰ্ভুক্তি হৈছে নাৰী মুক্তিৰ প্ৰাথমিক আধাৰ। ………….আৰু বৃহৎ সংখ্যক নাৰীৰ নিয়োজনত অনুমোদন জনোৱাৰ উপৰিও ব্যক্তিগত গৃহস্থালি কৰ্মক ৰাজহুৱা উদ্যোগলৈ ৰূপান্তৰৰ প্ৰচেষ্টা চলোৱা বৃহৎ উদ্যোগ সমূহৰ পৰিণতিতহে যে এইয়া সম্ভৱ হৈছে সেইটো নহয়, বৰং প্রকৃততেই ই এক উদ্যোগিক প্রয়োজন হৈ দেখা দিছে।” একেটা টোকাতে তেখেতে আৰু কৈছে যে- “ইয়াত আমি ইতিমধ্যে দেখা পাইছো যে নাৰীৰ মুক্তি আৰু পুৰুষৰ স’তে তেওঁলোকৰ সমতা স্থাপন অসম্ভৱ আৰু যেতিয়ালৈকে নাৰী সামাজিক ভাবে উৎপাদনশীল কামৰ পৰা বাদ পৰি থাকিব তথা ব্যক্তিগত গৃহস্থালি কৰ্মৰ মাজতে আৱদ্ধ থাকিব, তেতিয়ালৈকে পৰিস্থিতিও অপৰিবৰ্তিত হৈ থাকিব।” মিশ্বেলে গণিতা নকৰা কথাটো হ’ল এইয়ে যে এয়া মাথো বর্তি থকা উদ্যোগিক উৎপাদন ক্ষেত্ৰত নাৰীৰ অন্তৰ্ভুক্তিৰ সাধাৰণ সমস্যা নহয়; বৰং ব্যক্তিগত গৃহস্থালি উৎপাদনক ৰাজহুৱা উৎপাদনলৈ পৰিবৰ্তন ঘটোৱাৰ দৰে জটিল সমস্যা।
সংখ্যাগৰিষ্ঠ উত্তৰ আমেৰিকাবাসীৰ বাবেই “ৰাজহুৱা উৎপাদন”ৰ ৰূপত গৃহস্থালি কর্মই এক “বিভীষিকাময় নতুন জগৎ” বা এক বিশাল প্ৰতিষ্ঠানৰ তাৎক্ষণিক প্রতিচ্ছবি আনি দিয়ে – এক অনাথ আশ্রম আৰু এক সামৰিক ছাউনিৰ সহাৱস্থান। য’ত আমাৰ সকলোকে থাকিবলৈ বাধ্য কৰা হ’ব। সম্ভৱতঃ এই কাৰণেই ইয়াত প্ৰণালীবদ্ধ আৰু সহজবোধ্য ৰূপত ঔদ্যোগিকৰণৰ স্বৰূপ ব্যাখ্যাৰ প্ৰয়োজন ।
প্রাক-উদ্যোগিক উৎপাদন গোটৰ ক্ষেত্ৰত উৎপাদন হয় ক্ষুদ্ৰ পৰিসৰৰ। তেনে উৎপাদন ব্যৱস্থাত বৃহৎ সংখ্যক ক্ষুদ্র ক্ষুদ্র গোট থাকে যিবিলাকৰ প্রত্যেকেই স্বয়ং সম্পূৰ্ণ আৰু আনবিলাকৰ সৈতে হুবহু একেই। সাধাৰণতে এনে উৎপাদন গোটবোৰ কিছুমান ক্ষেত্ৰত পৰম্পৰাগতভাৱে চলি অহা আৰু বহু লক্ষ্য বিশিষ্ট হয়। ইবিলাকে অর্থনৈতিক কাৰ্যৰ লগতে ধৰ্মীয়, বিনোদনমূলক, শৈক্ষিক আৰু যৌনবিষয়ক ভূমিকাও পালন কৰে। এনে এটা পৰিস্থিতিত ব্যক্তিৰ মৰ্য্যদা বৃদ্ধি কৰা প্ৰত্যাশিত গুণাৱলীৰ কেৱল বিশুদ্ধ অৰ্থনৈতিক কাৰকৰ ভিত্তিত বিচাৰ কৰা নহয়। উদাহৰণ স্বৰূপে সামাজিকভাৱে অনুমোদিত চাৰিত্ৰিক বৈশিষ্টাৱলীৰ কথাই ক’ব পাৰি। এইবোৰৰ অন্যতম হৈছে আত্মীয় কুটুম্বৰ প্ৰতি সদাচাৰ প্ৰদৰ্শন কৰা অথবা কিছুমান বাধ্যবাধকতা মানি চলাৰ বাবে সাজু থকা ইত্যাদি ইত্যাদি।
আদিতে এনে উৎপাদন বিনিময়ৰ বাবে নাছিল। কিন্তু যদিহে বস্তুৰ বিনিময় যথেষ্ট গুৰুত্বপূৰ্ণ হৈ উঠে তেন্তে উৎপাদন ক্ষমতা বঢ়োৱাৰ প্ৰয়োজন বৃদ্ধি পায়। পৰম্পৰাগতভাৱে চলি অহা উৎপাদন গোট বিলাকক আঁতৰাই উদ্যোগিক উৎপাদনৰ বাট বুলিব পাৰিলেহে এনে দক্ষতা অৰ্জন কৰা সম্ভৱ। ইয়াকে কৰিবলৈ যাওঁতে, ক্ষুদ্র ক্ষুদ্র গোট বিলাকৰ ঠাইত একোটা বৃহৎ উৎপাদন গোট প্ৰতিস্থাপন কৰা হয়। এনে বৃহৎ উৎপাদন গোট বিলাক গাঁথনিগতভাৱে অখণ্ডনীয়। অর্থাৎ ইবিলাকক বিভাজনৰ জৰিয়তে স্বয়ংসম্পূর্ণ ক্ষুদ্র ক্ষুদ্ৰ গোটত পৰিণত কৰিব পৰা নাযায়। এনে গোটৰ কামো একেবিধেই- অর্থনৈতিক কাম আৰু এই ক্ষেত্ৰত মৰ্য্যদাৰ বিচাৰো হয় অর্থনৈতিক দক্ষতাৰ ভিত্তিত। উৎপাদন কাৰ্যক যুক্তিসিদ্ধ (Rationalized), ব্যাপক অৰ্থত দক্ষ আৰু ক্রমশঃ অধিক ৰাজহুৱা কৰি তোলা হয় যেন এক অন্যান্য সামাজিক নেটৱৰ্কৰ অংশহে। মানুহৰ উৎপাদনী সম্ভাৱনাৰ ব্যপক প্ৰসাৰণ ঘটে। পুঁজিবাদৰ অধীনত এনে সামাজিক উৎপাদনী শক্তিসমূহক মাথো ব্যক্তিগত মুনাফা অৰ্জনৰ বাবেই ব্যৱহাৰ কৰা হয়। এইবোৰক পুঁজিবাদী ৰূপৰ উৎপাদন বুলিও ক’ব পৰা যায়।
গৃহস্থালি কাম-কাজ আৰু সন্তান প্ৰতিপালনৰ বিষয়টো এই দিশৰ পৰা বিচাৰ কৰি চালে দেখা যায় যে এজন কৃষক বা এজন তাঁতীৰ দৰেই প্ৰত্যেকটো পৰিয়াল, প্ৰতিখন ঘৰেই একো একোটা ব্যক্তিগত উৎপাদন গোট, একোটা প্রাক-উদ্যোগিক সত্ত্বা। প্রাক-উদ্যোগিক উৎপাদনী গোটৰ প্ৰধান বৈশিষ্টসমূহো পৰিয়ালৰ ক্ষেত্ৰতে স্পষ্ট। উদাহৰণস্বৰূপে একে ধৰণৰ বহু স্বয়ংসম্পূর্ণ ক্ষুদ্র ক্ষুদ্ৰ গোটৰ উপস্থিতি, পৰম্পৰাগত প্ৰকৃতি, ব্যক্তিগত চৰিত্ৰৰ কাম কাজ ইত্যাদি ইত্যাদি। (আন বিলাক বৈশিষ্ট্যৰ উপস্থিতিও লক্ষণীয়; যেনে – পৰিয়ালৰ বহু লক্ষ্য নিৰ্দ্ধাৰিত কাম কাজ, নাৰীৰ বাঞ্ছিত গুণাৱলীৰ নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত অৰ্থনৈতিক দক্ষতাৰ কোনো কেন্দ্ৰীয় ভূমিকা নথকা ইত্যাদি।) বৃহৎ খণ্ডৰ উদ্যোগলৈ হোৱা উত্তৰণে উৎপাদন প্ৰক্ৰিয়ালৈ আনি দিয়া যুক্তিসিদ্ধ ৰূপ এই ক্ষেত্ৰত দেখা নাযায়।
মানুহৰ কল্যাণৰ প্ৰশ্নত ঔদ্যোগিকৰণ এক মহৎ শক্তি। শোষণ আৰু মানৱীয় উপাদানৰ বিলোপ সাধন পুঁজিবাদৰ বৈশিষ্ট্য হ’লেও ঔদ্যোগিকৰণৰ ক্ষেত্ৰতো একোটা কথাই প্রযোজ্য হ’ব লাগিব বুলি কোনো কথা নাই। পুঁজিবাদৰ অধীনত ব্যক্তিগত ঘৰুৱা শ্ৰমক ৰাজহুৱা উদ্যোগলৈ ৰূপান্তৰ কৰিবলৈ কোৱা আৰু সমাজবাদী ব্যৱস্থাত এনে ৰূপান্তৰৰ পোষকতা কৰাৰ অৰ্থ সম্পূর্ণ পৃথক। দ্বিতীয় ক্ষেত্ৰত উৎপাদনী শক্তিসমূহে মানুহৰ কল্যাণৰ বাবে কাম কৰিব – ব্যক্তিগত লাভালাভৰ বাবে নহয় আৰু সেই বাবেই পৰিণতি হ’ব মুক্তি – মানৱীয় উপাদানৰ অৱলুপ্তি নহয়। ইয়াকে আমি সমাজবাদী ৰূপৰ উৎপাদন বুলি কব পাৰোঁ।
এই সংজ্ঞাবোৰক কেৱল কাৰিকৰী অৰ্থত ল’লে ভুল কৰা হ’ব – ইবিলাকে প্ৰকৃততে ঔদ্যোগিকৰণৰ দুটা গুৰুত্বপূৰ্ণ দিশৰ মাজত থকা পাৰ্থক্য স্পষ্ট কৰি দিয়ে। সেই অনুসৰি গৃহস্থালি কৰ্মক ৰাজহুৱা অৰ্থনীতিৰ অন্তৰ্ভূক্ত কৰাৰ ফলত সামৰিক ছাউনী সদৃশ পৰিস্থিতিৰ উদ্ভৱ হ’ব বুলি কৰা আশংকা পুঁজিবাদী সমাজ ব্যৱস্থাৰ ক্ষেত্ৰতহে সর্বাধিক প্রযোজ্য। মুনাফা আদায়ৰ অভিপ্রায় আৰু তাৰ সৈতে সম্পর্কিত বিচ্ছিন্ন শ্ৰমৰ প্ৰসংগটো বাদ দিলে, এখন উদানিকৃত সমাজত সামাজিকীকৃত উৎপাদন ব্যৱস্থাৰ জৰিয়তে গৃহস্থালি কৰ্মৰ ঔদ্যোগিকৰণ ঘটালে বৰ্তমানৰ একক পৰিয়ালৰ তুলনাত অধিক ভাল উৎপাদন যথা- ভাল আহাৰ, অধিক বুদ্ধিদীপ্ত তথা স্নেহপূৰ্ণ ৰূপত সন্তানৰ প্ৰতিপালন ইত্যাদি নোপোৱাৰ কোনো কাৰণ থাকিব নোৱাৰে।
এইটো প্ৰায়েই কোৱা হয় যে নব্য পুঁজিবাদৰ অধীনত ঘৰুৱা কামৰ পৰিমাণ বহু পৰিমাণে কমি গৈছে। এইটো যদি সঁচাও হয় তথাপি কিন্তু গাঁঠনিগত অর্থত সম্পর্কিত নহয়। অতি চহকী শ্ৰেণীক বাদ দি কেইজনেনো এইবোৰ কামৰ বাবে মানুহ ৰাখিব পাৰে। বেছিভাগ নাৰীৰ কাৰণেই ঘৰ, স্বামী আৰু সন্তান প্রতিপালন সম্পর্কীয় ন্যূনতম দায়-দায়িত্ব থাকেই। সন্তান নথকা বিবাহিত মহিলাই এই ন্যূনতম কামৰ সপ্তাহত গড় হিচাপত ১৫ ৰ পৰা ২০ ঘণ্টা পর্যন্ত সময় দিব লগা হয়। শিশু সন্তান থকা বিবাহিতা নাৰীৰ বাবে নুন্যতম শ্ৰমৰ বাবে দিব লগা সাম্ভাব্য সময় হৈছে সপ্তাহত গড়ে সত্তৰৰ পৰা আশী ঘণ্টা (সন্তান লালন-পালন কৰা কাৰ্যক জীৱিকাৰ ৰূপত চোৱাত কিছু বাধাই কাম কৰি থাকে। কামটোত যি পৰিমাণৰ শ্ৰম জড়িত হৈ থাকে অথবা যি পৰিমাণৰ ব্যৱহাৰিক মূল্য উৎপাদিত হয়, বিনিময় মূল্যৰ বৰ্তমানতহে সেয়া স্পষ্টকৈ বুজা যায়। উদাহৰণ স্বৰূপে শিশুৰ চোৱা-চিতাৰ বাবে টকাৰ বিনিময়ত কোনো ধাত্রী নিয়োগ কৰা, শিশু প্রতিপালন কেন্দ্ৰত নাম ভৰ্ত্তি কৰা, অথবা কোনো শিক্ষকৰ সহায় লোৱা আদি কাৰ্যলৈ আঙুলিয়াব পাৰি। জনৈক অর্থনীতিবিদে এটা বঢ়িয়া সাঁথৰ উল্লেখ কৰিছে। এজন ব্যক্তিয়ে যেতিয়া তেওঁ ঘৰৰ বনকৰা তিৰোতাগৰাকীক বিয়া কৰায়, তেতিয়া তেওঁ জাতীয় আয়ৰো হ্ৰাস ঘটায়। কাৰণ বিয়াৰ পিছত মানুহজনে মানুহগৰাকীক দিয়া টকাবোৰ আৰু পৰিশ্ৰমিক বুলি গণ্য কৰা নহ’ব।) ন্যূনতম পৰিমাণলৈ হ্ৰাস কৰাৰ পিছতো গৃহস্থালি কর্ম ব্যয়বহুল হৈয়ে ৰয়। তদুপৰি, নিম্ন আয়ৰ পৰিয়ালবোৰত ঘৰুৱা কামত বেছিকৈ খাটিব লগা হয়। যি কোনো ক্ষেত্ৰতে গৃহস্থালি কৰ্মৰ গাঁথনিগত ৰূপ একেই থাকে -ই এক ব্যক্তিগত উৎপাদনৰ বিষয় হৈয়ে ৰয়।
সাধাৰণভাৱে এইটো মানি লোৱা হয় যে পৰিয়ালৰ অন্যতম কাম হৈছে বিভিন্ন আবেগিক প্রয়োজনসমূহ পূৰণ কৰা যথা, অন্তৰংগ সম্পর্ক, যৌথ জীৱন, উষ্ণ নিৰাপদ সম্পৰ্কৰ প্রয়োজনীয়তা ইত্যাদি। বিদ্যালয়তো আনকি আমাক এই শিক্ষাই দিয়া হয়। সমাজৰ আন কেতবোৰ সম্পৰ্কৰ জৰিয়তেও এনেবোৰ প্ৰয়োজন পূৰ্ণ কৰিব পৰা যায়; উদাহৰণস্বৰূপে, কর্মক্ষেত্ৰত সহকর্মী সকলৰ সৈতে হোৱা সম্পৰ্ক, বন্ধু-বান্ধৱৰ সৈতে হোৱা সম্পর্ক ইত্যাদি। কিন্তু আন কোনো সম্পৰ্কই পুৰুষ-নাৰী-শিশু সম্পৰ্কৰ সমান গুৰুত্বপূৰ্ণ নহয়। আনকি আন আন আত্মীয়ৰ সৈতে থকা সম্পর্কও ক্রমশঃ গৌণ হৈ যায়। পৰিয়ালৰ এই ভূমিকা পৰিয়ালটো সুস্থিৰ কৰি ৰখাৰ বাবেই জৰুৰী হৈ পৰে যাতে ওপৰত আলোচনা কৰি অহা দ্বিতীয় গুৰুত্বপূৰ্ণ প্রয়োজনটো (যিটো সম্পূর্ণভাৱেই অর্থনৈতিক) ঠিক মতে পূৰাব পৰা যায়। মজুৰি অৰ্জন কৰা স্বামী-পিতৃজনে তেওঁৰ উপাৰ্জনৰ দ্বাৰা যে মাথো নিজৰ প্রয়োজনেই পুৰ কৰে এনে নহয়, তাৰ পৰাই তেওঁ মাতৃ-পত্নী গৰাকীৰ শ্ৰমৰ ‘পাৰিশ্রমিক দিয়ে’ আৰু সন্তান প্ৰতিপালনৰ বাবে ব্যয় কৰে। এজন পুৰুষৰ মজুৰিৰে দুজন মানুহৰ শ্ৰম কিনা হয়। পৰিয়ালৰ এই দ্বিতীয় ভূমিকাৰ গুৰুত্ব তেতিয়াই ভালকৈ বুজা যায় যেতিয়া বিচ্ছেদৰ ফলত এটা পৰিয়াল ভাগি যায়। য’ত সন্তানৰ প্ৰসংগ জড়িত হৈ থাকে তাত অর্থনৈতিক দায়িত্ব পালন কৰি যোৱাটোৱেই মুখ্যতঃ গুৰুত্ব পায়; পুৰুষজনে নাৰীগৰাকীৰ শ্ৰমৰ মূল্য দি যাবলগীয়া হয়। মজুৰিৰ টকাৰে দ্বিতীয় এটা পৰিয়াল পোহপাল দিয়াটো সাধাৰণতে সম্ভৱ হৈ নুঠে। এই ক্ষেত্ৰত তেওঁৰ আবেগিক প্রয়োজনবোৰ প্ৰাক্তন পত্নী আৰু সন্তানৰ প্ৰয়োজন পুৰোৱাৰ স্বাৰ্থত বিসর্জন দিব লগা হয়। অৰ্থাৎ পৰিয়ালৰ মাজত সংঘাট আহি পৰিলেই আবেগিক চাহিদাৰ তুলনাত অর্থনৈতিক প্রয়োজনে অগ্ৰাধিকাৰ পায়। এটা অৰ্থনৈতিক গোটৰ ৰূপত একক পৰিয়ালে পুঁজিবাদী সমাজত এক গুৰুত্বপূর্ণ ভাৰসাম্য ৰক্ষাকাৰী শক্তি হিচাপে কাম কৰে। যিহেতু ঘৰুৱাভাৱে হোৱা উৎপাদনৰ দাম স্বামী-পিতৃজনৰ উপাৰ্জনৰ পৰাই দিব লগা হয়, সেয়েহে বজাৰ প্ৰক্ৰিয়াৰ পৰা তেওঁৰ নিজৰ শ্ৰম যুক্ত কৰাৰ ক্ষমতাও বহু পৰিমাণে হ্ৰাস পায়। আনকি জীৱিকা ক্ষেত্ৰ সলনি কৰাৰ সম্ভাৱনাও তেওঁৰ বাবে সীমিত হয়। আনহাতে বজাৰ প্ৰক্ৰিয়াত সক্ৰিয় অংশ লোৱাৰ পৰা বঞ্চিত নাৰীৰ নিজৰ জীৱনক পৰিচালনা কৰা শক্তিবোৰৰ ওপৰত বিশেষ কোনো নিয়ন্ত্রণ নাথাকে। নাৰীৰ অর্থনৈতিক নিৰ্ভৰশীলতা প্রতিফলন হয় তেওঁৰ আবেগিক নিৰ্ভৰশীলতাৰ মাজত, তেওঁৰ নিষ্ক্রিয়তা আৰু অন্যান্য “মার্কামৰা” নাৰীসূলভ চাৰিত্ৰিক বৈশিষ্টৰ ৰূপত। নাৰী সাধাৰণতে সংৰক্ষণশীল, ভয়াতুৰ আৰু স্থিতাৱস্থাৰ অনুগত।
পৰিয়ালৰ গঠনেই এনেকুৱা যে ই এটা আদর্শ উপভোক্তা গোট (Consumption Unit) হিচাবে কাম কৰে। নাৰী সম্পৰ্কীয় বিভিন্ন লেখাত এই কথাটো বহুলভাৱে আলোচিত হৈছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে এয়াই হৈছে পৰিয়ালৰ প্ৰাথমিক কাম। যদিহে ওপৰত কৰি অহা আলোচনা শুদ্ধ হয়, তেন্তে পৰিয়ালক ঘৰুৱা কাম-কাজ আৰু সন্তান প্ৰতিপালনৰ বাবে তৈয়াৰী এটা উৎপাদন গোট বুলি গণ্য কৰাটো যুগুত হ’ব। পুঁজিবাদী সমাজত প্রত্যেক ব্যক্তিয়ে একোজন উপভোক্তা আৰু পৰিয়ালৰ গঠনে সাধাৰণ ভাৱে মাথো এইটোৱেঁই কয় যে উপভোগ কার্যক উৎসাহিত কৰাৰ বাবে ই বিশেষভাৱে উপযোগী। নাৰীসকল বিশেষকৈ ভাল উপভোক্তা। ঘৰুৱা বিষয়ৰ প্ৰতি থকা নাৰীৰ দায়বদ্ধতাৰেই এইয়া স্বাভাৱিক পৰিণতি। ইয়াৰ উপৰিও নাৰীৰ অৱস্থানগত হীনতা তথা নাৰীৰ মূল্য (Worth) আৰু আত্মপৰিচয় (Identify) সম্পৰ্কত এটা যথাযোগ্য ধাৰণাৰ সামগ্রিক অভাৱে পুৰুষৰ তুলনাত নাৰীৰ শোষণ অধিক সহজ কৰি তোলে আৰু সেইবাবেই তেওঁলোক তুলনামূলকভাৱে ভাল উপভোক্তা।
অৰ্থনীতিৰ উদ্যোগখণ্ডত নাৰীৰ ইতিহাস মূলতঃ নিৰ্ভৰ কৰিছে সেই খণ্ডৰ শ্ৰমৰ প্ৰয়োজনীয়তাৰ ওপৰত। নাৰীয়ে শ্রমিকৰ এক বিশাল সংৰক্ষিত বাহিনী হিচাবে কাম কৰে। যেতিয়াই শ্ৰমৰ নাটনি হয়, (উদ্যোগীকৰণৰ প্ৰাৰম্ভিক পৰ্যায়ত বা ১ম আৰু ২য় বিশ্বযুদ্ধৰ সময়ত হোৱাৰ দৰে) তেতিয়াই নাৰীয়ে শ্রমিক শ্ৰেণীৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈ পৰে। আনহাতে যেতিয়াই শ্ৰমৰ চাহিদা কমি যায়, (এতিয়া নব্য পুঁজিবাদৰ অধীনত হোৱাৰ দৰে) নাৰী এক উদ্ধৃত শ্ৰমিকৰ গোটত পৰিণত হয়। কিন্তু এই অৱস্থাত তেওঁলোকৰ ভৰণ-পোষণৰ দায়িত্ব সমাজে নহয়, বৰঞ্চ স্বামী সকলেহে ল’ব লগা হয়। শ্ৰমিকৰ যোগান অতিৰিক্ত থকাৰ সময়ত নাৰীৰ “গৃহলক্ষ্মী”ৰ ধাৰণাটোৰ পুনৰ আৱিৰ্ভাৱ ঘটে আৰু ই কাৰ্যতঃ বজাৰ অৰ্থনীতিৰ পৰা নাৰীৰ নিৰ্বাসনৰ বাট প্রশস্ত কৰে। এনে কৰাটো আপেক্ষিকভাৱে সহজ হয় এই কাৰণেই যে প্রচলিত আদৰ্শই নাৰী-পুৰুষৰ কাকোৱেই নাৰী শ্ৰমিকৰ ধাৰণাটো গুৰুত্ব সহকাৰে ল’বলৈ নিশিকায়। আমাক শিকোৱা হয় নাৰীৰ আচল কাম ঘৰত। বিবাহিত, অবিবাহিত, ঘৰৰ মুৰব্বী যিয়েই নহওঁক কিয় সকলো নাৰীৰ ক্ষেত্ৰতে এই কথা প্রযোজ্য।
গৃহস্থালি কৰ্মৰ দায়িত্ব সদায় নাৰীৰ হাততেই ন্যস্ত থাকে। তেওঁলোকে যেতিয়া ঘৰৰ বাহিৰত কাম কৰিবলৈ যায়, বাহিৰা কামৰ লগতে ঘৰুৱা কামো যাতে সুচাৰুৰূপে সম্পন্ন হয় সেই কথাটোও যেনেতেনে হ’লেও তেওঁলোকে নিশ্চিত কৰিব লগা হয়। (অথবা ঘৰুৱা কাম তদাৰকৰ বাবে তেওঁলোকে আন কাৰোবাক নিযুক্তি দিব লগা হয়।) ঘৰৰ বাহিৰত কাম কৰিবলৈ যোৱা নাৰীয়ে বিশেষকৈ সন্তান থকা বিবাহিতা নাৰীয়ে দুইবিধৰ কাম কৰিব লগা হয়; গৃহস্থালি কৰ্মৰ প্ৰাথমিক দায়িত্বখিনি তেওঁলোকে যথাযথ ৰূপত পালন কৰি যোৱাটো নিশ্চিত কৰিব পাৰিলেহে মাথোন শ্রমিক বাহিনীত তেওঁলোকৰ, অংশগ্ৰহণত অনুমোদন জনোৱা হয়। এইটো বিশেষভাৱে স্পষ্ট হৈছিল ৰাছিয়া আৰু পূৱ ইউৰোপৰ দেশসমূহৰ দৰে ৰাষ্ট্ৰসমূহত যিবিলাক ৰাষ্ট্ৰৰ শ্রমিক বাহিনীত নাৰীৰ সুযোগ সুবিধা বৃদ্ধি কৰা সত্বেও সেই অনুপাতে তেওঁলোকৰ স্বাধীনতাৰ পৰিসৰ বৃদ্ধি পোৱা নাছিল। ঘৰৰ বাহিৰত কাম কৰাৰ বাবে সমান সুবিধা পোৱাটো নাৰী মুক্তিৰ অন্যতম পূর্বচত। কিন্তু নাৰীক সম অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত ই অকলেই পর্যাপ্ত নহয়। যেতিয়ালৈকে গৃহস্থালি কাম-কাজ ব্যক্তিগত উৎপাদনৰ বিষয় হৈ ৰ’ব আৰু নাৰীৰ দায়িত্ব হৈ থাকিব সেই পর্যন্ত নাৰীয়ে কামৰ দুগুণ বোজা বহন কৰি যাব লাগিব মাত্র।
ওপৰৰ আলোচনাৰ পৰা স্পষ্ট হয় যে বর্তমানে ব্যক্তিগত উৎপাদনৰ ৰূপত বৰ্তি থকা গৃহস্থালি কাম-কাজ বিলাকক ৰাজহুৱা ক্ষেত্ৰৰ অৰ্থনৈতিক ৰূপান্তৰ কৰাই হৈছে নাৰীমুক্তিৰ দ্বিতীয় পূর্বচত। অধিক সুনির্দিষ্টভাৱে ক’বলৈ গ’লে, সন্তানৰ প্ৰতিপালন মাথো পিতৃ-মাতৃৰ দায়িত্ব হৈ থাকিব নালাগে। সমাজে শিশুৰ দ্বায়িত্ব ল’বই লাগিব। স্বামী-পিতৃৰ ওপৰত নাৰীৰ অৰ্থনৈতিক নিৰ্ভৰশীলতা শেষ কৰিবই লাগিব। আন আন ঘৰুৱা কাম কাজৰো পৰিৱৰ্তন ঘটাবই লাগিব। উদাহৰণস্বৰূপে খোৱা-বোৱা, কাপোৰ ধোৱা ইত্যাদি ব্যক্তিগতভাৱে কৰা ঘৰুৱা কাম-কাজবিলাক সমূহীয়া ভিত্তিত হ’ব লাগিব। যেতিয়াই এনেবোৰ কাম-কাজ ৰাজহুৱা খণ্ডৰ অধীনলৈ যাব, নাৰীৰ প্ৰতি কৰা বৈষম্যমূলক আচৰণৰ বস্তুগত ভিত্তিও তেতিয়াই নোহোৱা হ’ব।
এইবোৰ মাথো পূৰ্বচৰ্তহে। নাৰীৰ সামাজিক মৰ্যদা যে পুৰুষতকৈ হীন, এই ধাৰণাটো সমাজত অতি গভীৰভাৱে শিপাই আছে আৰু সেয়েহে ইয়াৰ নিৰ্মূল কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰিবই লাগিব। কিন্তু এনে ধাৰণাৰ জন্ম দিয়া আৰু লালন কৰা বাধাবোৰৰ সালসলনি সুনিশ্চিত কৰিব পাৰিলেহে আমি প্ৰগতিৰ আশা কৰিব পাৰো। উদাহৰণস্বৰূপে খোৱা-বোৱাৰ ব্যৱস্থা ৰাজহুৱা হৈ উঠাৰ এটা সাধাৰণ অৰ্থ হ’ব পাৰে নাৰীয়ে ব্যক্তিগত পাকঘৰৰ পৰা সমূহীয়া পাক ঘৰলৈ ঠাই সলোৱা। বিশেষকৈ সমাজবাদী সমাজতহে ই এটা অগ্রগতি বুলি বিবেচিত হ’ব য’ত প্ৰকৃতিগতভাৱেই কাম-কাজবোৰ আজিৰ দৰে শোষণ ধৰ্মী হৈ নাথাকিব বুলি নিশ্চিতকৈ ক’ব পৰা যায়। এবাৰ ব্যক্তিগত ঘৰুৱা উৎপাদন ক্ষেত্ৰৰ পৰা নাৰী মুক্ত হ’ব পাৰিলেই দীৰ্ঘদিনৰ বাবে কামৰ লিঙ্গভিত্তিক বিভাজন জীয়াই ৰখাটো সম্ভৱতঃ কঠিন হৈ পৰিব। ইয়াৰ পৰাই উল্লিখিত পূৰ্বচৰ্ত দুটাৰ আন্তঃ সম্পৰ্কৰ ব্যাখ্যা পোৱা যায়- গৃহস্থালি কৰ্মৰ পৰা মুক্তি নিশ্চিত নোহোৱা পৰ্যন্ত কর্মসংস্থানৰ সুযোগ-সুবিধাৰ ক্ষেত্ৰত প্ৰকৃত সমতা আশা কৰা বৃথা। অন্যহাতে নাৰীয়ে কাম কৰিবলৈ ঘৰৰ বাহিৰ নোহোৱা পৰ্যন্ত গৃহস্থালি কৰ্মৰ উদ্যোগীকৰণ অসম্ভৱ।
সৈদ্ধান্তিক স্তৰত এনে যেন বোধ হ’ব পাৰে যে নাৰীক ঘৰৰ বাহিৰলৈ উলিয়াই অনাৰ বাবে উৎপাদন প্ৰক্ৰিয়াৰ মাজত যি যি পৰিৱৰ্তন অনাৰ দৰকাৰ, পুঁজিবাদৰ জৰিয়তে সেয়া সম্ভৱ। পুঁজিবাদী ৰূপৰ ঘৰুৱা উৎপাদন ক্ষেত্ৰত বৰ্তি থকা বিকল্পৰ উপস্থিতি নাৰী মুক্তি আন্দোলনৰ অন্যতম উৎস হ’ব পাৰে। উদাহৰণস্বৰূপে, সস্তীয়া আৰু সহজলভ্য নহ’লেও ঘৰৰ দৈনন্দিন কাম-কাজখিনি কৰাৰ বাবে মানুহ নিয়োগ কৰাৰ সুবিধা, কম আয়াসতে প্রস্তুত কৰিব পৰা খাদ্যবস্তু, ঘৰতে খাদ্যৰ যোগান দি যোৱাৰ ব্যৱস্থা, অথবা মন গ’লেই বাহিৰত খাই অহাৰ সুবিধা, কম খৰচতে ধোবাৰ ঘৰত সৰহকৈ কাপোৰ কানি ধোৱাৰ ব্যৱস্থা আদিলৈ আঙুলিয়াব পাৰি। যি কি নহওঁক, খৰচৰ বাবেই এনেবোৰ সুবিধাৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ কৰা টান। তদুপৰি সকলো ঠাইতে আনকি উত্তৰ আমেৰিকাতো এনেবোৰ সুবিধা সহজলভ্য নহয়। সম্ভৱতঃ সেইবাবেই এইবোৰে সম্পূৰ্ণ বিকশিত ৰূপ পাইছে বুলি ধৰাতকৈ চালুকীয়া অৱস্থাত আছে বুলি গণ্য কৰাই যুগুত। যি কি নহওঁক এইবোৰক আমি একেবোৰ কামৰ ক্ষেত্ৰত বৰ্তমানে প্রচলিত থকা ব্যৱস্থা সমূহৰ বিকল্প হিচাবে ধৰিব পাৰোঁ। বিশেষকৈ উত্তৰ আমেৰিকাত, য’ত অৰ্থনীতিৰ বিকাশ জাৰি ৰখাৰ বাবে “সেৱাখণ্ডৰ উদ্যোগসমূহ”ৰ বিকাশে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, উল্লিখিত বিকল্পসমূহ আৰু নাৰীক ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰখাৰ দ্বন্দ্বটো নিশ্চিতভাবেই ক্রমশঃ বৃদ্ধি পাব।
নাৰীক ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰখাৰ প্ৰয়োজনটো বর্তমান প্রচলিত থকা ব্যৱস্থাৰ দুটা মূল দিশৰ পৰা উদ্ভৱ হয়। প্রথম কথা হ’ল কোনো পাৰিশ্রমিক অবিহনেই নাৰীৰ পৰা বৃহৎ পৰিমাণৰ শ্ৰম আদায় কৰা হয় যিটো উৎপাদনী আহিলাৰ গৰাকীসকলৰ বাবে অত্যন্ত লাভজনক। আনকি ন্যূনতম হাৰতো নাৰীৰ শ্ৰমৰ মূল্য দিবলৈ হ’লে বৃহৎ হাৰত সম্পদৰ পুনবিতৰণ হোৱা প্ৰয়োজন। বৰ্তমান পৰিস্থিতিত পৰিয়ালৰ ভৰণ-পোষণ নহ’লেও, যদি প?

পুঁজিবাদী ব্যৱস্থাত গৃহস্থালি উৎপাদনৰ ক্ষেত্ৰত দিবলগীয়া হোৱাটো মজুৰি আৰ্জোতা জনৰ ওপৰত আৰোপিত এক প্ৰকাৰ ছদ্মবেশী কৰ। তেওঁ নিজৰ মজুৰিৰ টকাৰে দুজন মানুহৰ শ্ৰম শক্তি ক্ৰয় কৰিব লগা হয়। দ্বিতীয় সমস্যাটো হ’ল, সাধাৰণ পৰিস্থিতিত বৰ্তি থকা অৱস্থাত নিয়োজিত শ্রমিক বাহিনীৰ অংশ সকলো নাৰীকে কৰ্ম সংস্থান দিব পৰাকৈ অৰ্থনীতিৰ সম্প্ৰসাৰণ সম্ভৱনে? যুদ্ধকালীন অর্থনীতিয়ে আংশিকভাৱে নাৰীক অৰ্থনীতিৰ পৰিসৰৰ ভিতৰলৈ অনাত সমৰ্থ হ’লেও সকলো বা অধিকাংশ নাৰীকেই কৰ্ম সংস্থান দিব পৰাৰ প্ৰয়োজনীয়তা তৈয়াৰ কৰিব নোৱাৰে। যদিহে এই কথা সাব্যস্ত কৰিব খোজা হয় যে গৃহস্থালি কৰ্মৰ ঔদ্যোগিকৰণৰ ফলত সৃষ্টি হোৱা পদৰ জৰিয়তে এই প্রয়োজন পূৰণ কৰিব পৰা যাব, তেন্তে তলত দিয়া প্ৰসংগ দুটালৈ আঙুলিয়াই কোনোবাই তাৰ বিৰোধিতা কৰিব পাৰে। প্ৰথমটো হৈছে পুঁজিবাদীকৰণৰ বিৰুদ্ধে কাম কৰি থকা ইতিমধ্যে উল্লেখ কৰি অহা, স্থিতাৱস্থাপন্থী অর্থনৈতিক শক্তি সমুহ। দ্বিতীয়তে, কিছু পৰিমাণে উক্ত শক্তি সমূহৰ বিৰুদ্ধাচৰণ কৰি বৰ্তি থকা সেৱাখণ্ডৰ উদ্যোগসমূহ শ্রমিক বাহিনীৰ বৃদ্ধিৰ সৈতে সঙ্গতি ৰাখি বিকশিত হ’বলৈ সক্ষম হোৱা নাই।
সেৱাখণ্ডৰ উদ্যোগসমূহৰ বৰ্তমান প্ৰৱণতাই ঘৰুৱা ক্ষেত্ৰত “আংশিক নিয়োজন” হে সুনিশ্চিত কৰিব পাৰে। কিন্তু সিবিলাকে নাৰীৰ বাবে নতুন কর্ম সংস্থানৰ সৃষ্টি নকৰে। এই পৰিস্থিতি বৰ্তি থকা পৰ্যন্ত নাৰী সংৰক্ষিত উদ্যোগিক বাহিনীৰ এটা অংশ হৈ থাকিব। সমতাৰ ভিত্তিত শ্রমিক শ্ৰেণীৰ অংশ হৈ উঠাতো তেওঁলোকৰ বাবে মাথো তেতিয়াই সম্ভৱ হ’ব যেতিয়া পূৰ্ণ পৰ্যায়ৰ যুদ্ধ সদৃশ সম্পদ ব্যৱস্থাপনাৰ জৰিয়তে ন পুঁজিবাদী শক্তিয়ে অর্থনৈতিক সম্প্ৰসাৰণ ঘটাব পাৰিব। ই নিঃসন্দেহে গৃহস্থালি কৰ্মৰ পুঁজিবাদীকৰণৰ ওপৰতো হেঁচা প্ৰয়োগ কৰিব।
তদুপৰি এনেধৰণৰ গাঁথনিগত পৰিৱৰ্তনৰ অৰ্থই হৈছে বৰ্তমানৰ একক পৰিয়ালৰ ব্যৱস্থা বিলোপ সাধন। উপভোক্তা গোট হিচাপে পৰিয়ালৰ ভাৰসাম্যৰক্ষাকাৰী ভূমিকা আৰু তাৰ লগতে নাৰীক গৃহলক্ষ্মীৰ ৰূপত বিবেচনা কৰা পৰম্পৰাগত ধাৰণাই ন-পুঁজিবাদক ইমান বেছি সহায় কৰে যে তাৰ পৰা সহজে আঁতৰি অহাৰ কথাই নুঠে। কোনো মৌলিক অর্থত নহ’লেও, যদি পুঁজিবাদী ব্যৱস্থাত গৃহস্থালি উৎপাদনৰ ক্ষেত্র প্ৰয়োজনীয় ৰূপান্তৰ ঘটাব পৰা যায়, ইয়াৰ সৈতে সকলো মানবীয় সম্পৰ্কক পণ্য বস্তুৰ ৰূপত গণ্য কৰাৰ এক অস্বস্তিকৰ পৰিণতি জড়িত হৈ থাকিব। পশ্চিমীয়া সমাজত দেখা দিয়া ক্ষুদ্রাতিক্ষুদ্ৰ ৰূপৰ বিভাজন আৰু বিচ্ছিন্নতাকামী প্ৰৱণতাই ইতিমধ্যে এনে এক চূড়ান্ত পর্যায় পাইছেগৈ যে এনে সম্পূৰ্ণৰূপৰ মনস্তাত্ত্বিক বিচ্ছিন্নতা আৰু কিমান দূৰ সহনীয় হৈ থাকিব সেইটো কোৱা টান। নাৰীমুক্তি আন্দোলনে যথোপযুক্ত সঁহাৰি নোপোৱাৰ আঁৰতো নিশ্চয় এনে একোটা আশংকাই কাম কৰি থাকে। আৰু যদি এইটোৱেই হয়, তেন্তে সমবায়, কিটছ (Kibbuts- ইজৰাইলৰ সামুহিক কৃষি পাম) আদি বিভিন্ন সাম্ভাব্য বিকল্প ব্যৱস্থাৰ জৰিয়তে আন্তৰিকতাপূর্ণ যৌথ-জীৱন যাপনৰ যি মানসিক চাহিদা সেয়া প্ৰকৃততে একক পৰিয়ালতকৈ বেছি ভালকৈহে পুৰণ কৰিব পৰা যায়।
গৃহস্থালি কৰ্মৰ পুঁজিবাদীকৰণে নাৰীক খুব বেছি হ’লে পুঁজিবাদী ব্যৱস্থাত অধিকাংশ পুৰুষক প্ৰদান কৰা সীমিত মুক্তি দিব। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে নাৰীয়ে নাৰীৰ প্ৰতি প্ৰদৰ্শিত বৈষম্যপূর্ণ আচৰণৰ পৰা মুক্তি দাবী কৰিবলৈ ৰৈ থাকিব। সমাজত নাৰীৰ অৱস্থানৰ এটা বস্তুগত ভিত্তি আছে। আমি মাথো বৈষম্যপূর্ণ আচৰণৰে বলি নহওঁ, আমি শোষণৰো চিকাৰ। বৰ্তমান গোটেই ব্যৱস্থাটো বৰ্তি থকাৰ স্বাৰ্থতেই আমাৰ পাৰিশ্ৰমিকবিহীন ঘৰুৱা শ্ৰমৰ প্ৰয়োজন। যিসকল নাৰীয়ে তেওঁলোকৰ পৰম্পৰাগত ভূমিকাক প্রত্যাহ্বান জনায়, তেওঁলোকৰ হেঁচাই উক্ত শোষণ মাত্ৰা হ্ৰাস কৰিব। তদুপৰি এনে প্ৰত্যাহ্বানে পৰিয়ালৰ কাম-কাজ সুচাৰুৰূপে চলাই যোৱাত বাধা জন্মাব আৰু সম্ভৱতঃ নাৰীক শ্রমিক বাহিনীৰ পৰা আঁতৰ কৰাৰ প্ৰৱণতা ৰোধ কৰাত সহায়ক হ’ব। আশা কৰিব পৰা যায় এই সকলোবোৰে সোনকালেই এনে এখন সমাজলৈ আমাৰ উত্তৰণ ঘটাত সহায় কৰিব যি সমাজৰ উৎপাদন ব্যৱস্থালৈ প্ৰকৃততেই গাঁথনিগত পৰিৱৰ্তন অনাটো সম্ভৱ। মোৰ কোনো সন্দেহ নাই যে এনে ধৰণৰ উত্তৰণৰ বাবে এটা বিপ্লবৰ প্ৰয়োজন হ’ব; আমাৰ কাম হ’ব সমাজৰ বৈপ্লৱিক ৰূপান্তৰে যাতে সচাকৈয়ে নাৰীৰ ওপৰত হোৱা নিষ্পেষণৰ অন্ত পেলায়, সেইটো নিশ্চিত কৰা।

Leave a Reply

Your email address will not be published. Required fields are marked *