বিবিধ চিন্তা

নাৰীৰ ৰীতি নীতি-(মীনাক্ষী বৰুৱা)

আমাৰ সমাজত নাৰীৰ বাবে অনেক নিয়ম। পুৰুষৰ বাবে কি নিয়ম সেয়া চিন্তা কৰি থাকিলেও মনলৈ নাহে। কাৰণ পুৰুষপ্ৰধান সমাজ এখনত শাস্ত্ৰ নিৰ্মাতা পুৰুষে নিয়মসমূহ প্ৰণয়ন কৰোঁতে পুৰুষৰ পাচিটো পিছফালে ৰাখিছিল। নাৰীগৰাকীক বহুৱাই লৈছিল সমুখৰ পাচিটোত। “শাস্ত্ৰৰ কথা শিলৰ ৰেখা” বুলি মানি অহা আমাৰ সমাজখনে সেই নিয়মসমূহ বাচ বিচাৰ নোহোৱাকৈ মানি চলিবলৈ ধৰিলে। কাৰণ নিয়ম নামানিলে পাপত ডুবাৰ কথাও শাস্ত্ৰবোৰত উল্লেখ আছিল। সজ্ঞানে বিপদ চপাই ল’বলৈ কোননো আগবাঢ়ি যাব? ফলত অসুবিধা ভোগ কৰি হ’লেও নাৰীয়ে নিয়মবোৰ মানি চলিবলৈ বাধ্য হ’ল। দমন, নিপীড়ণে শীৰ্ষ বিন্দু স্পৰ্শ নকৰা পৰ্যন্ত সমাজ এখনত যিকোনো অস্বস্তিকৰ আৰু অশান্তিদায়ক নিয়ম এটা যুগ যুগলৈকে বৰ্তি থাকে। এই নিয়মবোৰেই নাৰীক সমাজৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গঢ় দিলে। মানুহৰ মজ্জাই মজ্জাই এই কথা সুমুৱাই দিয়া হ’ল যে নাৰী সদায় পুৰুষৰ অধীন। স্বামী আৰু স্বামীৰ ঘৰখনৰ সুখ-সুবিধাৰ প্ৰতি চকু ৰখাটোৱেই এগৰাকী পত্নীৰ মূখ্য উদ্দেশ্য বুলি শিশু অৱস্থাৰেপৰা এটি কন্যা সন্তানক প্ৰস্তুত কৰোৱা হয়। পত্নী গৰাকীয়েও নিজৰ সৰ্বস্ব ত্যাগ কৰি স্বামী আৰু স্বামীৰ ঘৰখনৰ সকলো শাসন নিৰ্বিবাদে মানি লোৱাটো নিয়ম হৈ পৰিল। নহলে ঘৰখনৰ সমস্ত অশান্তিৰ দায় কুলক্ষণীয়া পত্নী গৰাকীলৈ যায়। কুলক্ষণা অৰ্থাৎ নিয়ম ভঙা নাৰীৰ সমাজত স্থান নাই। এনে নাৰী সমাজৰদ্বাৰা লেই লেই চেই চেই হয়। সুলক্ষণা নাৰীকহে সমাজে আদৰ কৰে। যিমানে সহিব পাৰে সিমানেই নাৰী এগৰাকী সুলক্ষণা হিচাপে পৰিগণিত হয়। অৱশ্যে তাৰ মাজতো নিয়ম ভাঙি সমাজ সংস্কাৰৰ বাবে ওলাই অহা নাৰী এইখন অসমতে আছে। চন্দ্ৰপ্ৰভা শ‌ইকীয়ানী তাৰেই জ্বলন্ত উদাহৰণ। নিয়ম এটা ভাঙি, প্ৰতিবাদ বা বিৰোধ কৰি সমাজ এখনৰ মানসিকতা সলনি কৰোঁতে যুগৰ পাছত যুগ পাৰ হৈ যায়। সেইখিনি মানসিক শক্তি আৰু সাহস সমাজৰ গৰিষ্ঠ সংখ্যক মহিলাৰে নাথাকে। পাতৰ তলৰ লাও হৈ থাকিবলৈ বহু নাৰী নিজেও আগ্ৰহী। মানুহ হিচাপে জীয়াই থকাত নাৰীৰো যে পুৰুষৰ সমান অধিকাৰ আছে আৰু সমাজে নাৰীক যে সেই অধিকাৰৰপৰা বঞ্চিত কৰি ৰাখিছে, সেই কথা বুজিব পৰাকৈ আমাৰ সমাজৰ বহু নাৰী এতিয়াও অজ্ঞ হৈয়েই আছে। সেয়ে তেওঁলোকে শাস্ত্ৰৰ ৰীতি নীতিৰ খামোচটো সহজতে এৰি দিব নোখোজে। এইক্ষেত্ৰত পুৰুষৰ অৰিহণাও তাকৰ নহয়। নিয়মসমূহৰ পৰিবৰ্তন বা বিলোপনৰ কথা চিন্তা কৰিবলৈ পুৰুষসকল প্ৰথমেই আগবাঢ়ি নাহে। এয়া কেৱল এখন সমাজৰ কথাই নহয়, সমগ্ৰ বিশ্বতে নাৰীয়ে নিজৰ প্ৰাপ্য অধিকাৰ, মৰ্যাদা আৰু সন্মানৰ বাবে “নাৰী মুক্তি আন্দোলন” গঢ়ি তুলিবলৈ বাধ্য হৈছে। নাৰী আৰু পুৰুষৰ প্ৰতি পৃথক দৃষ্টিয়ে এখন সমাজ আৰু দেশৰ কিমান ক্ষতি কৰে সেই কথা কোনে নাজানে? মানুহে সমাজ পাতি বসবাস কৰিবলৈ আৰম্ভ কৰাৰ আগলৈকে পৃথিৱীত নাৰী আৰু পুৰুষৰ স্থান একেই আছিল। পিছলৈ সমাজ ব্যৱস্থা আৰম্ভ হোৱাৰ পাছত কথাবোৰ সলনি হৈ পৰিল। শাৰীৰিক শক্তিৰে নাৰীতকৈ পুৰুষ বলৱান হোৱাৰ বাবেই হয়তো নাৰীয়ে সমাজিক দমন, শোষণ, অৱজ্ঞা, উপেক্ষা স্বীকাৰ কৰি লবলৈ বাধ্য হ’ল। নাৰী আৰু পুৰুষৰ শাৰীৰিক শক্তিৰ পাৰ্থক্য প্ৰকৃতিগত। প্ৰকৃতিগত পাৰ্থক্যত উচ্চ-নীচৰ কথা নাথাকে। বুদ্ধিবৃত্তিৰ ফালৰপৰা নাৰী পুৰুষতকৈ হীন নহয়। ইতিহাসৰ পাতত নাৰীৰ বুদ্ধিমত্তাৰ অনেক উদাহৰণ পোৱা যায়। আবেগিক দিশৰপৰা যদি চাওঁ, তেন্তে দেখা পাওঁ, নাৰী পুৰুষতকৈ অধিক মৰমীয়াল। এই পাৰ্থক্যবোৰত উৎকৃষ্ট নিকৃষ্টৰ যুক্তি নাখাটে। কিয়নো দুৰ্বলী পুৰুষ যেনেকৈ আছে বলশালী মহিলাও আছে। কিন্তু পুৰুষপ্ৰধান সমাজে বিভিন্ন কাৰণত নাৰীৰ শক্তিক স্বীকাৰ কৰি নল’লে। অৱশ্যে সময় স্থিতিশীল নহয়। নিয়মেৰে নাৰীক বান্ধি ৰখা সদায় সম্ভৱ নহয়। স্ত্ৰী শিক্ষাৰ প্ৰসাৰ, বাল্য বিবাহ, বহু বিবাহ আৰু সতীদাহ প্ৰথাৰ বিলোপন, বিধৱা বিবাহ আইন আদিৰ জড়িয়তে ধীৰ গতিৰে পৰিৱৰ্তনবোৰ আহিবলৈ ল’লে। এইক্ষেত্ৰত অসমীয়া সমাজত “অৰুনোদ‌ই”ৰ জড়িয়তে মিছনেৰী সকলে লোৱা ভূমিকাৰ কথাও বিশেষভাৱে স্মৰণীয়। গুণাভিৰাম বৰুৱা, আনন্দ ৰাম ঢেকিয়াল ফুকন, পদ্মাৱতী দেৱী ফুকননী, হেমচন্দ্ৰ বৰুৱা প্ৰমূখ্যে স্বনামধন্য ব্যক্তিসকলে নাৰীৰ অধিকাৰৰ প্ৰসংগত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিলে। অৱশ্যে পুৰুষ আৰু মহিলাৰ সমশিক্ষাৰ প্ৰতি মিছনেৰীৰ প্ৰচেষ্টাক মুষ্টিমেয় কেইজনমানৰ বাদে সমগ্র দেশীয় বিদ্বৎ সমাজে ভাল পোৱা নাছিল। তথাপি এনেকৈয়ে পৰিৱৰ্তন আহিছিল আৰু বৰ্তমানলৈকে সেই ধাৰা অব্যাহত আছে। অব্যাহত আছে কিন্তু শেষ হোৱা নাই। নাৰীৰ অধিকাৰৰ ক্ষেত্ৰত এতিয়ালৈকে বহু আইন প্ৰণয়ন হৈছে যদিও সামাজিক গ্ৰহণযোগ্যতা আহোঁতে বছৰৰ পাছত বছৰ পাৰ হৈ যায়। নাৰীৰ সম অধিকাৰৰ প্ৰসংগ যেতিয়া আলোচনালৈ আহে তেতিয়া কেৱল পুৰুষেই নহয় বহু নাৰীয়েও এঙাই দিয়া দেখিবলৈ পাওঁ। এইবোৰৰপৰাই স্পষ্ট হয় আইনেও সমাজৰ মন তৎক্ষণাত সলনি কৰিব নোৱাৰে। মন আৰু দৃষ্টিভংগী সলনি হ’বলৈ সমাজক যথেষ্ট সময় লাগে। আৰু সেইবাবেই ৰীতি নীতি অথবা পৰম্পৰাৰ পৰিৱৰ্তন মানুহে সহজতে মানি ল’ব নোৱাৰে। ৰক্ষণশীল মানুহে সহজতে মানি ল’ব পাৰে কেৱল শাস্ত্ৰৰ নিয়ম, য’ত বৈজ্ঞানিক যুক্তিৰ পৰিমাণ কম। উদাহৰণ স্বৰূপে আমি যদি নাৰীৰ মাহেকীয়াৰ কথাটোকে ধৰি ল‌ওঁ তেন্তে আমাৰ সমাজত কিমান সংখ্যক মানুহে এই সময়ত নাৰীক অস্পৃশ্য বুলি গ্ৰহণ নকৰে সেই কথা চালেই হ’ল। ১০/১২ বছৰ বয়সতে তোলনী বিয়াৰ আয়োজনেৰে এটি কন্যা শিশুক পুৰুষৰ অধীন কৰি তুলিবলৈ প্ৰস্তুত কৰোৱা হয়। তোলনী বিয়াত যিবোৰ নিয়ম পালন কৰিবলৈ দিয়া হয় সেইবোৰৰ বেছিভাগেই পুৰুষমুখী। প্ৰথম মাহেকীয়াৰ দিন সময় চাই গণকে নিৰ্ধাৰণ কৰি দিয়ে ছোৱালীৰ ভৱিষ্যত বিবাহিত জীৱনৰ সুখ-দুখ। যদি পতিহীনা যোগ পৰে স্বামীৰ মৃত্যুৰ আশংকা সেই ফুলকুমলীয়া বয়সতে ছোৱালী এজনীৰ মূৰত সুমুৱাই দিয়া হয়। কিন্তু আচৰিত কথা, ব্ৰত আৰু বিভিন্ন বিধানেৰে এই দোষ খণ্ডন কৰাৰো উপায় থাকে। সাতদিন ঘৰৰ চুকত সূৰ্য্য আৰু পুৰুষৰ দৃষ্টিৰপৰা আঁতৰাই ৰাখি ছোৱালী এজনীক সেই সময়তে সমাজৰ দ্বিতীয় নাগৰিক কৰি গঢ়ি তোলাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ যায়। তোলনী বিয়াৰ নামত শিশু অৱস্থাতে এজনী ছোৱালীয়ে কত যে নিয়ম মানিব লগা হয়! অথচ এটি পুত্ৰ সন্তানৰো তেনে বয়সতে প্ৰথম শাৰীৰিক পৰিৱৰ্তন আৰম্ভ হয়। কিন্তু সিহঁতৰ বাবে সাংসাৰিক জীৱনৰ পাঠ সেই কুমলীয়া বয়সত নাথাকে। পত্নীক সুখত ৰখাৰ কৌশল সিহঁতক কোনোদিনে শিকোৱা নহয়। তেনেকৈ বিয়াৰ আঙঠিটো, খাৰুপাত বা অনাঅসমীয়া সমাজৰ মংগলসূত্ৰডাল পত্নীয়ে খুলি থোৱাৰ নিয়ম নাই। খুলিলে স্বামীৰ বাবে বিপদৰ সম্ভাৱনা আহি পৰে। কিন্তু পত্নীৰ বিপদ নহ’বৰ বাবে পুৰুষে পালন কৰিব লগা একো নিয়মেই সমাজত নাই। তোলনী হোৱাৰ পাছত প্ৰতি মাহে মাহে ছোৱালী এজনী নাৰী হৈ গৈ থাকে। ইটো নুচুবি, সিটো নাখাবি, ওলাই নাযাবি আদি অজস্ৰ নিয়ম। লখিমী বোৱাৰীৰ গুণাৱলীৰে সমৃদ্ধ লক্ষ্মী চৰিত পুথি পঢ়ি আমি ভাল নাৰী হ’বলৈ চেষ্টা কৰোঁ। লক্ষ্মী পুত্ৰ – লক্ষ্মী জোঁৱাই হ’বলৈ কিন্তু কোনো পুথিৰ প্ৰয়োজন নাই। কাৰণ দমন, দম্ভ, অহংকাৰ, অত্যাচাৰ পুৰুষৰ ভূষণ বুলিয়েই বিবেচিত হয়। “মতাটোক নিজৰ কৰি ৰাখিব নোৱৰাটো নাৰীগৰাকীৰ দোষ”, কিন্তু নাৰীক নিজৰ কৰি ৰাখিব নোৱাৰিলে নাৰীয়ে বদনামী হয়। নাৰীৰ নিজা জীৱন নাথাকে। নাৰীৰ জীৱন পুৰুষক কেন্দ্ৰ কৰিয়েই ঘূৰি থাকে। সেই পুৰুষ স্বামীয়েই হ‌ওক বা ককাই-ভাই অথবা পিতৃয়েই হ‌ওক। বিবাহৰ পাছত ন-বোৱাৰীক শৰণ দি শুচি কৰি লোৱা নিয়ম এতিয়াও, এই বিশ্বায়নৰ যুগতো আমাৰ সমাজত আছে। কিন্তু ন-জোঁৱাইৰ পৱিত্ৰতাৰ কোনো নিয়ম কাহানিও আমি শুনা নাই। স্বাধীন বা অকলশৰীয়া নাৰীৰ প্ৰতি আমাৰ সমাজত এতিয়াও শেনচকু চলি থাকে। কিন্তু অকলশৰীয়া পুৰুষৰ ঘৰলৈ কাৰ আহ-যাহ চলে সেই কথা লক্ষণীয় নহয়। ধৰ্ষিতা নাৰী অস্পৃশ্য। ধৰ্ষক পুৰুষ ক্ষমাৰ যোগ্য। পুৰুষৰ মন পিচলাটো জন্মগত অধিকাৰ। আৰু যে কত কি! নাৰীৰ ন্যায়ৰ বাবে নাৰী ৰাজপথলৈ ওলাই অহাটো এটা সাধাৰণ কথা। কিন্তু পুৰুষে নিজৰ ন্যায় বিচাৰি ৰাজপথত ভৰি দিয়া কেতিয়াবা শুনিছেনে? প্ৰগতিশীল হ’বলৈ মানুহৰ চিন্তাত বৈজ্ঞানিক যুক্তিৰ প্ৰয়োজন। অশিক্ষিতৰপৰা সেয়া আশা কৰা নাযায়। আশা কৰা যায় শিক্ষিতৰপৰা। কিন্তু আমাৰ শিক্ষিত সমাজখনে পুৰণি ৰীতি-নীতি, পৰম্পৰাক খামুচি থকাটোকেই সংস্কাৰ বুলি ভাবে। এতিয়াতো নতুনকৈ সেই সংস্কাৰৰ জোৱাৰ উঠিছে। নদী-পূজন, ভূমি-পূজন, সদন-পূজন আদিৰে দেশৰ নাগৰিকক অন্ধবিশ্বাসৰ ভেটিটোত গজগজীয়া কৰি ৰখাৰ প্ৰচেষ্টা চলিছে। নাৰীৰ বাবে উদ্ভাৱন কৰা হৈছে বিবাহ-কেন্দ্ৰিক ন ন আঁচনি। নাৰী অবলা, অজলা, দুৰ্বলা – এই ধাৰণাৰ পৰা নাৰীক ওলাই অহাৰ পথ কোনে ৰচনা কৰিব সেয়া এক চিন্তাৰ বিষয়। নাৰীৰ ৰীতি নীতিৰ কথাবোৰ উপেক্ষা কৰি পুৰুষৰ লগে লগে খোজ মিলাব পৰা সময় এটা চাবলৈ আৰু কত যুগ অপেক্ষা কৰিব লাগিব নাজানো। বোৰ্খা, সেন্দূৰ-ওৰণিৰ আঁৰত লুকাই থকা সকলো নাৰীয়ে বোৰ্খা, সেন্দূৰ-ওৰণি ওফৰাই স্বাধীন সত্তাৰে সমাজৰ কামত নিজকে নিয়োজিত কৰিবলৈ ওলাই আহিব লাগিব। সেয়া হয়তো সহজ নহয়। তাৰ বাবে নাৰীয়ে ঘৰখনতে প্ৰথম যুঁজখন দিব লাগিব। অৱশ্যে সেন্দূৰ-ওৰণি আঁতৰিলেও বোৰ্খা আঁতৰোৱা সাহস সহজতে নাহিব। আফগানিস্তানত আজি কি হৈছে আমি চকুৰ আগতে দেখি আছোঁ। ইয়াৰ বাবে লাগিব পুৰুষৰ সহযোগিতা। নাৰী-পুৰুষৰ সমান সহযোগিতাৰেহে সমাজৰ শুধৰণি সম্ভৱ। সামাজিক সাহস থাকিলে নাৰীয়ে কৰিব নোৱৰা কাম একো নাই। লাভলীনা বৰগোঁহাই তাৰেই উৎকৃষ্ট উদাহৰণ। নাৰী আৰু পুৰুষৰ বাবে একেখন আইন, একে দণ্ড এদিন সম্ভৱ হ’ব – আমি সেই দিনৰ বাবে অপেক্ষাৰত।

One thought on “নাৰীৰ ৰীতি নীতি-(মীনাক্ষী বৰুৱা)

  • Pranamika Gogoi

    সময়োপযোগী,সুন্দৰ লেখা।বৰ ভাল লাগিল দেই।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *