নাছাৰ কেনেডি স্পেছ চেণ্টাৰ’ত ভ্ৰমণৰ এক চমু অভিজ্ঞতা- (নিতাশ্ৰী ডেকা)
National Aeronautics and Space Administration বা চমুকৈ NASA হৈছে ১৯৫৮ চনৰ ১ অক্টোবৰত স্থাপিত হোৱা আমেৰিকান চৰকাৰৰ এটি সংস্থা, যি আমেৰিকাৰ সকলো মহাকাশ সম্পৰ্কীয় বিষয় নিয়ন্ত্ৰণ কৰে। চেটেলাইট বনোৱাৰ পৰা আৰম্ভ কৰি, সৌৰজগতৰ বিভিন্ন গ্ৰহ-উপগ্ৰহৰ বিষয়ে তথ্য সংগ্ৰহ কৰা, চন্দ্ৰত মানু্হ পঠিওৱা আদি বিভিন্ন অভিযানৰ ক্ষেত্ৰত এই সংস্থাই সফলভাৱে গুৰি ধৰি আহিছে।
আমেৰিকাৰ বিভিন্ন চহৰত NASA ৰ সৰ্বমুঠ ১০ টা কাৰ্যালয় আছে আৰু প্ৰধান কাৰ্য্যালয়টো Washington, D.C ত অৱস্থিত। ইয়াৰ উপৰিও তেওঁলোকৰ আন সাতটা সৰু work-station আছে, য’ত তেওঁলোকে পৃথিৱী তথা মহাকাশ সম্পৰ্কীয় বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰে। বহু হাজাৰ লোকে NASA ৰ বাবে কাম কৰে, তাৰ ভিতৰত যদিও astronaut (মহাকাশচাৰী) সকলৰ কামটোৱে সকলোতকৈ বেছি জনপ্ৰিয়, তেওঁলোক গোটেই workforce টোৰ সামান্য এটা অংশহে। তেওঁলোকৰ বাহিৰেও ইয়াত অভিযন্তা, বৈজ্ঞানিক, চেক্ৰেটেৰী, লেখক, উকিল তথা শিক্ষকসকলেও কাম কৰে। সাধাৰণ নাগৰিকৰ বাবে এই অভিযানসমূহৰ বাস্তৱ অভিজ্ঞতা আহৰণ কৰাৰ সুবিধাৰ বাবে NASA ৰ ১৪ টা visitors’ center আছে। তাৰে ভিতৰত যোৱা এপ্ৰিল মাহত Florida স্থিত ‘Kennedy Space Center’ ৰলৈ যোৱাৰ সৌভাগ্য হৈছিল।
এই center টো 35th US President John F. Kennedy ৰ নামেৰে নামাকৰণ কৰা হৈছে। এই চেণ্টাৰটো ৰাতিপুৱা ১০ বজাৰ পৰা আবেলি ৫ বজালৈ খোলা থাকে আৰু প্ৰবেশ মূল্য প্ৰায় ৬০ ডলাৰ (প্ৰায় ৪৩০০ টকা), annual pass ৰো ব্যৱস্থা আছে, যাৰ মূল্য প্ৰায় ৯০ ডলাৰ (প্ৰায় ৬৫০০ টকা)। ভিতৰলৈ সোমোৱাৰ পিছত বহুতো exhibits and displays, historic spacecrafts, movie shows আদি আছে যাৰ বাবে আৰু বেলেগকৈ মূল্য পৰিশোধ কৰিব নালাগে। গোটেই visitors’ center টো এদিনতে চাই শেষ কৰা সম্ভৱ নহয় বাবে বেছিভাগ মানুহেই annual paas লয়। প্ৰতিটো experience ৰ বাবে প্ৰায় আধা ঘণ্টাৰ পৰা দুই ঘণ্টা লৈ শাৰী পাতিবলগীয়া হয় বাবেও সময় কিছু কম পোৱা যায়।
আমি প্ৰথমতে চালো ‘Journey to March’, তাত এটা live show দেখুওৱা হৈছিল, লগতে বিভিন্ন ধৰণৰ ‘march-rover’ সমূহ প্ৰদৰ্শন কৰা হৈছিল। ‘Mars-rover’ সমূহ হৈছে স্বয়ংচালিত motor-vehicle বা গাড়ী যি গ্ৰহটোৰ মাটিত ঘূৰি ঘূৰি বিভিন্ন তথ্য সংগ্ৰহ কৰে। তাৰ পিছত আমি গ’লো “Space Shuttle Atlantis” চাবলৈ, যিখনে মহাকাশৰপৰা ২০১১ চনৰ ২১ জুলাই তাৰিখে শেষবাৰৰ বাবে পৃথিৱীলৈ ঘুৰি আহিল। নিজৰ জীৱনকালত Atlantis এ পৃথিৱীক ৪৮৪৮ বাৰ প্ৰদক্ষিণ কৰিলে আৰু প্ৰায় ২০,৩০,০০,০০০ কিঃ মিঃ দূৰত্ব অতিক্ৰম কৰিলে। জীৱনত প্ৰথমবাৰৰ বাবে মহাকাশৰপৰা ঘূৰি পৃথিৱীলৈ অহা এটা বস্তু দেখি হোৱা অভিজ্ঞতা সঁচাই অতুলনীয়। তাৰ পিছতে আমি IMAXত ‘ASTEROID HUNTERS’ নামৰ 3D educational film খন চালো। ASTEROID বা গ্ৰহাণুসমূহ হৈছে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থকা পাথৰৰ টুকুৰা। কেতিয়াবা এইবোৰ পৃথিৱীৰ মাধ্যাকৰ্ষণিক শক্তিৰ বলত কক্ষচ্যুত হৈ পৃথিৱীৰ ফালে গতি কৰে। আকাৰত সৰু ‘ASTEROID’বোৰ বায়ুমণ্ডলত সোমোৱাৰ পিছত জ্বলি যায় যাক আমি meteors বা উল্কা বুলি কওঁ। কিন্তু কিছুমান আকাৰত বহুত বেছি ডাঙৰ হোৱা বাবে পৃথিৱীপৃষ্ঠৰ ক্ষতি সাধন কৰিব পৰা সম্ভাৱনা থাকে। এনে ঘটনা নহʼবলৈ asteroid-scientists সকলে দিনে নিশাই অধ্যয়ন কৰি থাকে যাতে আকাৰত ডাঙৰ ‘ASTEROID’ বোৰ তেওঁলোকে পৃথিৱীৰ মাধ্যাকৰ্ষণিক শক্তিৰ কবলৰ পৰা মুক্ত কৰি আতঁৰাই পঠাব পাৰে বা বায়ুমণ্ডল পোৱাৰ আগতেই ধ্বংস কৰিব পাৰে, অথবা বিস্ফোৰিত কৰি সৰু সৰু টুকুৰালৈ পৰিৱৰ্তিত কৰিব পাৰে। আন বহু ঠাইত 3D movie চাইছো যদিয়ো এইখনৰ নিচিনা quality ৰ এয়াই প্ৰথম৷ দৃশ্যবোৰ একেবাৰে চকুৰ আগতেই ঘটি থকাৰ দৰে অনুভৱ হৈছিল। ইয়াৰ উপৰিও আমি ‘Shuttle Launch Experience’ কৰিবলৈ পালো। ‘Shuttle Launch Experience is an amusement-ride-cum-astronaut-flight-simulator designed to mimic the 17,500-mph liftoff of a NASA shuttle orbiter.’ মহাকাশযান এখন পৃথিৱী এৰি যাওতে মহাকাশচাৰীসকলৰ হোৱা অভিজ্ঞতা এই ride টোৰ জৰিয়তে বাস্তৱত অনুভৱ কৰিব পাৰি। সকলোকে সুৰক্ষিত কৰি ৰাখিবলৈ ইয়াত ফোন, বেগ ইত্যাদি একো লগত নিবলৈ দিয়া নহয়। তাৰে লগতে থকা ‘Astronaut Training Experience’ আমাৰ চোৱা নহ’ল। তাতে মাধ্যাকৰ্ষণ নথকা পৰিৱেশত খোজকঢ়া, মহাকাশচাৰীসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ সমাধান কৰা আদি activities আছে। ইয়াৰ বাবে অতিৰিক্ত কিছু মূল্য পৰিশোধ কৰিব লাগে।এই visitors’ center ৰতে পোন প্ৰথমবাৰৰ বাবে ‘Hubble Space Telescope’ ৰ এটা replicaও দেখা পালো। Edwin P. Hubble নামৰ বৈজ্ঞানিকজনৰ নামেৰে এই telescopeৰ নামকৰণ কৰা হৈছে। ১৯৯০ চনত NASA ই ইয়াক মহাকাশলৈ পঠিয়াইছিল। এই telescope এ পৃথিৱীৰ চাৰিওফালে ঘূৰি digital camera ৰ সহায়ত তোলা বিভিন্ন ফটো radio waves ৰ যোগেৰে পৃথিৱীলৈ পঠিয়ায়।
অতীজৰেপৰা মানুহৰ মহাকাশৰ প্ৰতি থকা কৌতূহল সীমাহীন! আমেৰিকাৰ বহুতো observatory, Park আদিত জনসাধাৰণৰ বাবে telescope ৰ সুবিধা আছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলেও সহজেই আকাশত দেখা পোৱা নক্ষত্ৰমণ্ডলীৰ চিনাক্তকৰণ কৰিব পাৰে। উল্কাবৃষ্টি, চন্দ্ৰগ্ৰহণ আদি মহাজাগতিক পৰিঘটনা চাবলৈ ইয়াতে মানুহে পাহাৰৰ ওপৰত, নদীৰ পাৰত প্ৰায়ে camping কৰে। ফেচবুকত এনে ‘event organise’ কৰিও বহুলোকে একগোট হৈ এনে পৰিঘটনা চাবলৈ যায়। Kennedy Space Center ত মাক-দেউতাক, ককা-আইতাকৰ লগত অহা সৰু সৰু ল’ৰা-ছোৱালীবোৰে তেওঁলোকক প্ৰশ্ন সুধি ব্যতিব্যস্ত কৰি তোলা দেখিও মনত ভাৱ হৈছিল যে তেওঁলোকৰ মাজৰ পৰাই চাগে নৱপ্ৰজন্মৰ কিমানজন বৈজ্ঞানিক ওলাই আহিব! যদিও গোটেই দিনটো ঘূৰিও Space Centerটোৰ আধা অংশও আমি চাই শেষ কৰিব নোৱাৰিলো, এই অভিজ্ঞতা চিৰস্মৰণীয় হৈ থাকিব।