নব্য ফেচীবাদঃ পটভূমি আৰু পৰিৱৰ্তন ।। কমল নয়ন মিশ্ৰ
জনগণৰ মাজৰ এক বুজন অংশক প্ৰভাৱিত কৰিব পৰাকৈ কেতবোৰ নতুন সাংস্কৃতিক তথা সামাজিক ভাষাশৈলীৰো উদ্ভাৱনৰ বিশেষভাৱে প্ৰয়োজন। কিয়নো, ভাৰ্চুৱেল পৃথিৱীৰ সামাজিক অৰ্থনীতিয়ে পূৰ্বৰ বিচ্ছিন্ন মানুহক এক নতুন বাস্তৱতাৰ সৈতে মুখামুখি কৰাইছে ।। মুক্ত চিন্তা, দশম বছৰ, প্রথম সংখ্যা, জুলাই, ২০২৪ ।।
I don’t care a damn—ইটালীত ফেচীবাদী আন্দোলন তুংগত উঠাৰ সময়তে ইয়াৰ সমৰ্থকসকলে পৰিধান কৰা ক’লা ৰঙৰ চাৰ্টৰ পিছফালে খোদিত উপৰিউক্ত শ্ল’গানে অভাৱনীয়ভাৱে জনপ্ৰিয়তা অৰ্জন কৰিছিল। ১৯২২-১৯২৫ চনৰ ভিতৰত ইটালীত বিৰোধী পক্ষক প্ৰবল আক্ৰমণেৰে তচনচ কৰা ফেচীবাদীসকলৰ অন্য এক জনপ্ৰিয় শ্ল’গান আছিল, War is to man as childbirth is to woman and better to live one day as a lion than a hundred years as a sheep (দ্ৰষ্টব্য: Roger Eatwell, Fascism A History)।
আজিৰ যুগতো আমি এক সিংহ ৰূপী ৰাষ্ট্ৰনেতা আৰু বিপৰীতে শত-সহস্ৰ কুকুৰ-শৃগালসদৃশ বিৰোধীনেতাৰ কাল্পনিক ফেণ্টাচী বা উন্মাদনাই ঘোৰ জনপ্ৰিয়তা অৰ্জন কৰা প্ৰত্যক্ষ কৰোঁহক।
ইছলামিক খলিফাতন্ত্ৰই ইয়াৰ আদিছোৱা সাম্ৰাজ্য বিস্তাৰৰ কালছোৱাত পুৰুষ যোদ্ধাসকলক অবিৰতভাৱে যুদ্ধক্ষেত্ৰত নিয়োজিত কৰি ৰাখিবলৈ, যুদ্ধত ছহিদৰ মৃত্যুবৰণ কৰিলে মৃত্যুৰ পিছত বেহেস্তত ৭২-গৰাকী হুৰ বা পৰীৰ শাৰীৰিক সংগ লাভৰ এক অদ্ভুত যৌন ফেণ্টাছীৰ বীজ সিঁচি দিছিল। বিকৃতি, পৰিৱৰ্তন, পুনৰ্বাখ্যাৰ দ্বাৰা এনে বহু কথাই স্বয়ং ৰছুলৰ মুখনিসৃত বাণী বুলি সামন্তীয় ইছলামিক পুৰুষতন্ত্ৰই বিশ্বৰ বিভিন্ন দেশত আজিও প্ৰচাৰ চলাই আহিছে, যাৰ ফলস্বৰূপেই বিভিন্ন ৰঙৰ প্ৰতিবিপ্লৱী সশস্ত্ৰ মৌলবাদী শক্তিক আজিও সংগঠিত কৰি ৰখাত সহায়ক হৈ আহিছে। একেই বিকৃতি আৰু প্ৰ’পাগণ্ডাকেই সাৰথি কৰি লৈ বিংশ শতিকাৰ আৰম্ভণিৰে পৰাই আমেৰিকা তথা পশ্চিমীয়া ঔপনিৱেশিক শিবিৰৰ ঔৰষত খ্ৰীষ্টান মৌলবাদী তথা শ্বেতাংগ বৰ্ণবাদীসকলেও সমগ্ৰ ইছলামিক সভ্যতা আৰু মুছলমানসকলৰ বিৰুদ্ধে ঘৃণাৰ বীজ ৰোপন কৰিবলৈ আৰম্ভ কৰিছিল।
প্ৰাচীন গোষ্ঠীবাদী অথবা জনজাতীয় স্তৰৰ নানা লোকবিশ্বাস, পৰম্পৰা, উপাসনা-পদ্ধতি আদিয়ে এক সুসংহত সামন্তীয় সামৰিক শাসনৰ স্তৰলৈ আহি প্ৰাতিষ্ঠানিক ধৰ্মৰ ৰূপ লাভ কৰিছে। বিশ্বৰ সকলো প্ৰান্ততে সামন্তবাদে সমভাৱে বিকাশ লাভ কৰা নাই, বিভিন্ন দেশত স্থানীয় সামাজিক-সাংস্কৃতিক পৰম্পৰা আৰু ধৰ্মীয় বিশ্বাসে বাহিৰৰ পৰা অহা আক্ৰমণকাৰী শাসকক সিহঁতৰ তেনেই আদি স্তৰীয় ৰাজনৈতিক ‘ধৰ্ম’ তথা গোষ্ঠীবাদী পৰম্পৰা আৰু চৰিত্ৰক সলাই পেলাবলৈ বাধ্য কৰিছে।
আধুনিক যুগত আমি যি ধৰ্মীয় আৰু বৰ্ণবাদী উত্থানসমূহক ভিন্ন ৰূপত মৌলবাদ আৰু ফেচীবাদৰ দিশে গতি কৰা প্ৰত্যক্ষ কৰিছোঁ; সেইসমূহ প্ৰতিক্ৰিয়াশীল মতাদৰ্শ অতীজৰে পৰা জনসমাজত চলি অহা, তদানীন্তন কোনো ধৰ্মীয় বিশ্বাসৰ অৱধাৰিত পৰিণতি নাছিল। উদাহৰণস্বৰূপে ভাৰতবৰ্ষত, বিংশ শতিকাৰ তৃতীয় দশকৰ পৰা শক্তিশালী হ’বলৈ আৰম্ভ কৰা হিন্দুত্বৰ আঁৰৰ কেন্দ্ৰীয় ভাবধাৰাও মূলতঃ সাধাৰণ ধৰ্মীয় বিশ্বাস তথা হিন্দু পৰম্পৰাৰ উৰ্ধত এক উগ্ৰ সাংস্কৃতিক অসহিষ্ণুতা আৰু ফেচীবাদী সাংগঠনিক শক্তিৰ বলেৰে ৰাষ্ট্ৰক্ষমতা দখলৰ লক্ষ্যৰ ওপৰত প্ৰতিষ্ঠিত। কিন্তু হিন্দুত্বই প্ৰচলিত লোকবিশ্বাস তথা উচ্চ বৰ্ণৰ ধৰ্মীয় ৰীতি নীতিক এক মূৰ্ত, সাকাৰ (Reified ) ঐতিহাসিক প্ৰতীকৰ ৰূপ দি সামাজিকভাৱে পৰিৱৰ্তনশীল ধৰ্মৰ নানা সংস্কৰণৰ বিপৰীতে ইয়াৰ এক নিজস্ব সংস্কৰণ তৈয়াৰ কৰি লয়। বিনায়ক দামোদৰ ছাভাৰকাৰে হিন্দু ধৰ্ম তথা ইয়াৰ ৰাজনৈতিক, জাতি ৰাষ্ট্ৰবাদী সামৰিক সংস্কৰণ হিন্দুত্বৰ মাজত এক স্পষ্ট সীমাৰেখা অংকন কৰিছিল।
বস্তুতঃ মৌলবাদ বা Fundamentalism এক সম্পূৰ্ণ আধুনিক মতাদৰ্শ। মৌলবাদ অথবা ফেচীবাদৰ উত্থান দৰাচলতে পশ্চিমীয়া জাতিৰাষ্ট্ৰবাদৰেই এক সংগঠিত ৰাজনৈতিক আত্মপ্ৰকাশ।
প্ৰবুদ্ধি (Enlightenment), আধুনিকতা, সামাজিক কাঠামোৰ উৰ্ধত ব্যক্তিস্বাতন্ত্ৰ্যবাদ, বৈজ্ঞানিক যুক্তিবাদ, লিংগ সমতা তথা এক বিশ্বজনীন মানৱ সত্ত্বাৰ ৰোমাণ্টিক কল্পনা, এই সকলোবোৰ পশ্চিমীয়া লিবাৰেল চিন্তা আৰু দাৰ্শনিক মূল্যবোধৰ বিৰুদ্ধে এক উগ্ৰ প্ৰতিক্ৰিয়া ৰূপে বিশ্বৰ ইতিহাসত মৌলবাদ আৰু ফেচীবাদে মূৰ ডাঙি উঠিছে। ইউৰোপীয় প্ৰবুদ্ধিৰ অন্য এক ৰাজনৈতিক প্ৰাপ্তি আছিল শ্ৰেণীচেতনাৰ ভিত্তিত গঢ়ি উঠা সাম্যবাদী ভাবধাৰাৰ শ্ৰমিক আন্দোলনসমূহ। অথচ, পোন-প্ৰথমৰ পৰাই শ্ৰমিক শ্ৰেণীৰ ৰাজনৈতিক পৰিচিতিৰ সংগ্ৰামৰ বিপৰীত মেৰুত এক বিকল্প শক্তি ৰূপে ফেচীবাদে ইয়াৰ সবল উপস্থিতি ঘোষণা কৰিছিল।
আজি একবিংশ শতিকাৰ দুটা দশক অতিক্ৰম কৰাৰ পিছত, সমগ্ৰ বিশ্বই যুদ্ধ আৰু বৰ্বৰতাৰ কাহানিও অন্ত নপৰা এক ভয়ানক পথত খোজ পেলাইছে। বিশ্বৰ বৃহৎ সাম্ৰাজ্যবাদী অস্ত্ৰৰ উদ্যোগৰ স্বাৰ্থত গাজা আৰু ইউক্ৰেইনত অবিৰতভাৱে নৰসংহাৰ চলোৱা হৈছে। আনফালে অকল্পনীয় হাৰত শক্তি বৃদ্ধি হোৱা এলগৰিথিম নিৰ্ভৰ Cloud Capital-ৰ দৌৰাত্ম্য আৰু ক্লাইমেট চেইঞ্জৰ বিভীষিকা নামি আহিছে, অথচ এই সামগ্ৰিক পটভূমিৰ পৰা উদ্ধাৰৰ কোনো বাস্তৱসন্মত গণতান্ত্ৰিক পথৰ উদ্ভাৱন কৰিবলৈ অনিচ্ছুক, যুদ্ধ আৰু সাম্ৰাজ্যবাদৰ পক্ষে থকা তথাকথিত লিবাৰেল গণতন্ত্ৰৰ আমেৰিকান আৰু ইউৰোপীয় পীঠস্থানসমূহৰ অহমিকা আৰু গৰ্ব চূৰমাৰ হ’বলৈ ওলাইছে, বিশেষকৈ সমগ্ৰ ইউৰোপীয় উপমহাদেশ জুৰি ধ্বনিত হ’বলৈ ধৰা নব্য ফেচীবাদী শক্তিসমূহৰ ক্ৰমবৰ্ধিত ৰণডংকাত। আমেৰিকাত পুনৰ ডনাল্ড ট্ৰাম্পৰ দৰে অশুভ শক্তিৰ পুনৰুত্থানো প্ৰায় নিশ্চিত হৈ পৰিছে।
দ্বিতীয় বিশ্বযুদ্ধৰ যুগত ক্লাছিকেল ফেচীবাদক প্ৰত্যক্ষ কৰা ইউৰোপে ইয়াৰ যুদ্ধোত্তৰ কালছোৱাত নিজ জনগণৰ মাজত প্ৰৱৰ্তন কৰা Welfare state বা চ’ছিয়েল ডেম’ক্ৰেচীৰ সুবাদত, বিজ্ঞানৰ অভাৱনীয় অগ্ৰগতি, শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰভূত গুৰুত্ব আৰোপেৰে এক বিশেষ গণতান্ত্ৰিক তথা যুক্তিবাদী সমাজৰ পৰিকাঠামো নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল। কিন্তু তাৰ পিছতো বিশ্বৰ অন্যত্ৰ ক্ষুধা আৰু দৰিদ্ৰতাৰ সৃষ্টিৰে বৰ্ণবাদী শাসন, সামৰিক স্বৈৰতন্ত্ৰ ,শাসনতন্ত্ৰ সলনি (regime change) তথা উগ্ৰ মৌলবাদী ইছলামিক শক্তিসমূহক নানাধৰণে প্ৰদান কৰা পৃষ্ঠপোষকতা, ইজ্ৰায়েল ৰাষ্ট্ৰৰ দৰে এক গণধ্বংসী দৈত্যকায় ঔপনিৱেশিক শক্তিক সুসংগঠিত কৰি ৰখা আৰু সন্ত্ৰাসবাদ দমনৰ নামত সিখনৰ পিছত সিখন দেশ ধ্বংস কৰা আমেৰিকান সাম্ৰাজ্যবাদ তথা ইয়াৰ নুমলীয়া সহযোগী ইউৰোপীয় শাসনৰ কেন্দ্ৰসমূহে আজি নিজৰেই সৃষ্ট আভ্যন্তৰীণ সংকটৰ মুখামুখি হ’ব লগাত পৰিছে।
এই সংকটৰ কেন্দ্ৰত আছে ক্ৰমাগতভাৱে যুদ্ধই বিধ্বস্ত কৰা দাৰিদ্ৰ্যতা, কৰ্মহীনতা, লিংগ বৈষম্য, অশিক্ষাৰ ভৰত পিষ্ট নানা বিফল ৰাষ্ট্ৰৰ (failed state) অগণিত জনগণ, যি শেষ আশ্ৰয়স্থল হিচাপে দলে দলে দুৰ্গম জলপথ আৰু স্থলপথেৰে বিগত সময়ছোৱাত ‘লিবাৰেল ইউৰোপ’ অভিমুখে ধাপলি মেলিছে। আনফালে সস্তীয়া শ্ৰমিকৰ সন্ধানত থকা ইউৰোপীয় বহুজাতিক কোম্পানী তথা বৃহৎ ব্যক্তিগত কৃষি আৰু ঔদ্যোগিক ফাৰ্মবোৰক লগা শ্ৰমিকৰ চাহিদা পূৰণ কৰিবলৈ অনুন্নত বিশ্বৰ কৰ্মহীন নাগৰিকৰ সোঁত অব্যাহত আছে। মাত্ৰ কেইটিমান ইউৰো উপাৰ্জনৰ আশাৰে নিজ দেশৰ সংকুচিত শ্ৰমক্ষেত্ৰ এৰি ইটালীৰ কিৱি ফলৰ বাগানসমূহত ক্ৰীতদাসৰ দৰে কাম কৰিবলৈ প্ৰব্ৰজন কৰা শ শ ভাৰতীয় শিখ সম্প্ৰদায়ৰ শ্ৰমিকসকলৰ কৰুণ জীৱন-সংগ্ৰাম আৰু বিপদসংকুল যাত্ৰাৰ মৰ্মন্তুদ গাঁথা প্ৰকাশিত হৈছে ‘দ্য ৱায়াৰ’-ত (Behind the Sweetness of Italy’s Kiwi Fruit Lie the Trafficking and Exploitation of Indian Workers,14 April, 2023)।
প্ৰব্ৰজনে সৃষ্টি কৰা অৰ্থনৈতিক তথা সাংস্কৃতিক পৰিচিতিমূলক সংকটৰ মোকাবিলা কৰিবলৈ অক্ষম ইউৰোপৰ কেন্দ্ৰীয় তথা বাঁওপন্থী ধাৰাৰ ৰাজনৈতিক শিবিৰসমূহৰ বিপৰীতে সোঁপন্থী, নব্য ফেচিষ্টসকলে অভূতপূৰ্ব জনপ্ৰিয়তা অৰ্জন কৰিছে। ইটালীৰ জৰ্জা মেল’নিৰ Brothers of Italy, জাৰ্মানীৰ নব্য নাজী ভাবাদৰ্শৰ AFD (Alternative for Germany), হাংগেৰীৰ প্ৰধান মন্ত্ৰী ভিক্টৰ অ’ৰবেন আদিৰ ক্ষেত্ৰত জনপ্ৰিয়বাদ (Populism), উগ্ৰ সোঁপন্থা আৰু নব্য ফেচীবাদৰ সীমাৰেখাডাল তেনেই অস্পষ্ট।
আমি এই পটভূমিতেই জাৰ্মান চিন্তানায়ক Walter Benjamin-ৰ এষাৰ কথা পুনৰাই সুঁৱৰিব খুজিছোঁ। Every rise of fascism is a product of a failed revolution।
জাৰ্মানীত নাৎসী বাহিনী ক্ষমতালৈ অহাৰ আগেয়ে যি ভাৰ্চাইৰ যুক্তিৰ দ্বাৰা প্ৰথম বিশ্বযুদ্ধৰ পিছত ৬.৬ বিলিয়ন ডলাৰ পৰ্যন্ত ক্ষতিপূৰণ দিবলৈ দেশখনক বাধ্য কৰোৱা হৈছিল, সেই আৰ্থিক সংকটে এক অভূতপূৰ্ব ঋণগ্ৰস্ততাৰ ফালে দেশখনক ঠেলি দিছিল। সেই পৰিস্থিতিৰ মোকাবিলাৰে হিটলাৰৰ উত্থানত বাধা দিবলৈ জাৰ্মানীত বামপন্থী তথা চ’ছিয়েল ডেম’ক্ৰেটসকলে এক সন্মিলিত এলায়েন্স গঢ়াত চূড়ান্ত ভাৱে ব্যৰ্থ হৈছিল। Walter Benjamin-এ আগ বঢ়োৱা তত্ত্ব অনুসৰি আজিৰ পৃথিৱীত তাৎক্ষণিক কোনো বিফল বিপ্লৱৰ অন্ধকাৰৰ ছায়া ঘনীভূত হোৱা দেখা নাযায় সঁচা, কিন্তু তাৰপিছতো এই সময় নিজেই যেন এক পৰাজিত বিধ্বংসনা আৰু নিৰাশাময় অন্ধকাৰৰ সময়। সমকালৰ এই সংকটে একে সময়তে আধুনিকতা তথা লিবাৰেলিজিমৰো প্ৰতিও সংকট মাতি আনিছে। এই যুগতেই এফালে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিৰ আদি ক্ষণলৈ বিজ্ঞানে যদি দৃষ্টি নিক্ষেপ কৰাৰ ক্ষমতা অৰ্জন কৰিছে, তেন্তে আনফালে সামগ্ৰিক মানৱ-সমাজে ইয়াৰ ভৱিষ্যত সম্পৰ্কে লক্ষ্যহীন চেতনা তথা উদাসীন অজ্ঞানতাৰ অন্ধকাৰৰ দিশত আগ বাঢ়িছে। আনহাতে বিশ্বৰ Cloud পুঁজিৰ মালিক তথা প্ৰযুক্তিবাদী সামন্ত প্ৰভুহঁতৰ অপাৰ আৰু বিস্ময়কৰ ক্ষমতাই নিত্য-নতুন সীমা অতিক্ৰম কৰিছে (দ্ৰষ্টব্যঃ Yanis Varoufakis: Techno Feudalism, What Killed Capitalism)।
যি আধুনিকতা, বৈজ্ঞানিক যুক্তিবাদ আৰু বহুত্ববাদী, বৈচিত্ৰ্যময় বিশ্বৰ ধাৰণাৰে এক বৌদ্ধিক বিপ্লৱ আছিল যোৱা শতিকাৰ বিশ্ব প্ৰগতিশীলতাৰ অন্যতম দস্তুৰ; তাৰ বিৰোধধৰ্মী প্ৰতিবিপ্লৱৰ বীজ বা antithesis-ও স্বয়ং জাতিৰাষ্ট্ৰবাদতেই নিহিত আছিল। একোটা জনসমষ্টিৰ সাংস্কৃতিক পৰিচিতি, কল্পিত ইতিহাসৰ চেতনা, পৰম্পৰাগত মূল্যবোধ, পুৰুষতান্ত্ৰিকতা, বিশুদ্ধতা বা শ্ৰেষ্ঠত্বৰ ধাৰণা আদি সকলোবোৰ উপাদানেৰে নিৰ্মিত আধুনিকতাবিৰোধী ‘জাতি ৰাষ্ট্ৰবাদে’ চৌপাশৰ পৰিৱৰ্তনৰ ধুমুহাৰ মাজত ব্যক্তিক সদায়েই এক সাম্প্ৰদায়িক, গোষ্ঠীবাদী পৰিচয়ৰ সৈতে আৱেগিকভাৱে একাত্ম হৈ থাকিবলৈ প্ৰৰোচিত কৰি ৰাখিছে। সেয়েহে ক্ষয়ংকৰী পুঁজিতন্ত্ৰৰ বিৰুদ্ধে এসময়ৰ যি বৈপ্লৱিক বিশ্বজোৰা শ্ৰমিক ঐক্যতাৰ শ্লোগান আছিল, এক অৰ্থত শ্ৰেণী-একতাৰ হকে যি সংগ্ৰামৰ আহ্বান আছিল, সিও কাৰ্যতঃ বিফল হ’বলৈ বাধ্য হৈছিল।
ইউৰোপ তথা পশ্চিমীয়া দেশত লিংগৰ ধাৰণাৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন নামি আহিছে ,পৰিয়ালসমূহৰ প্ৰাচীন সম্পৰ্কৰ গাঁথনিবোৰ ক্ৰমাৎ ভাঙোনৰ মুখলৈ গৈছে, বিশ্বায়ন তথা বজাৰ অৰ্থনীতিয়ে বিত্তীয় পুঁজিৰ স্বাৰ্থত মেলি দিয়া দেশৰ সীমাবোৰে পূৰ্বৰ সাংস্কৃতিক পৰিচিতিবোৰক দ্ৰুততাৰে সলাই পেলাইছে। অথচ, এই সামগ্ৰিক পৰিৱৰ্তনবোৰৰ লক্ষ্যহীনতা তথা সিবোৰক এক নিৰ্দিষ্ট অৰ্থপূৰ্ণ, মানৱীয় দিশ প্ৰদান কৰিব পৰা আদৰ্শ বা দৰ্শন হিচাপে লিবাৰেলিজিমৰ পৰাজয়ে সমগ্ৰ বিশ্বতে এক গুৰুতৰ নৈতিক সংকটৰ সূচনা কৰিছে। সেয়েহে অৰ্থনৈতিক সংকট আৰু নিৰাপত্তাহীনতাৰ মাজত সাংস্কৃতিক পৰিচিতিৰ প্ৰতি ‘অন্য’ (others) জনসমষ্টিৰ পৰা আহিব পৰা ‘ভাবুকি’ আৰু বিশ্বাসহীনতাৰ পৰা উদ্ভুত ঘৃণাই আজিৰ গণমানসিকতাত ভাইৰাছজনিত ৰোগৰ দৰে বিয়পি গৈছে। কাৰ্যতঃ এই গণভীতিক ব্যৱহাৰ কৰিয়েই দেশে দেশে নব্য ফেচীবাদী দল-সংগঠনসমূহে শক্তিশালী ৰূপত মূৰ ডাঙি উঠিছে।
ভাৰতবৰ্ষত নব্য ফেচীবাদক ৰাজনৈতিক তথা সামাজিকভাৱে পৰাভূত কৰাৰ বাবে যিদৰে ২০২৪ চনৰ নিৰ্বাচনৰ দৰেই এক সন্মিলিত, জনগণৰ সাংবিধানিক গণতন্ত্ৰৰ অধিকাৰ ৰক্ষাৰ হকে ঐক্যবদ্ধ সংগ্ৰামৰ দীৰ্ঘম্যাদী কাৰ্যসূচীৰ প্ৰয়োজন হ’ব, একেদৰে জনগণৰ মাজৰ এক বুজন অংশক প্ৰভাৱিত কৰিব পৰাকৈ কেতবোৰ নতুন সাংস্কৃতিক তথা সামাজিক ভাষাশৈলীৰো উদ্ভাৱনৰ বিশেষভাৱে প্ৰয়োজন। কিয়নো, ভাৰ্চুৱেল পৃথিৱীৰ সামাজিক অৰ্থনীতিয়ে পূৰ্বৰ বিচ্ছিন্ন মানুহক এক নতুন বাস্তৱতাৰ সৈতে মুখামুখি কৰাইছে। পুৰুষতান্ত্ৰিক পৰিয়ালসমূহৰ বিবাহনিৰ্ভৰ যৌন-নৈতিকতাৰ বান্ধোন সুলকি পৰিছে। এনে পৰিৱৰ্তনৰ কোবাল বতাহে পূৰ্বৰ সামাজিক ৰক্ষণশীলতাৰ ওপৰত প্ৰচণ্ড প্ৰহাৰ শোধাইছে। এক ব্যাপক আন্তঃসংঘাতে সৃষ্টি কৰা মানসিক অস্থিৰতা, অবিশ্বাস, নিৰাপত্তাহীনতাৰ ফল হৈ উঠিছে অমানুষিক ক্ৰুৰতা আৰু নিষ্ঠুৰতাৰ প্ৰদৰ্শন, যাৰ ফলত সাধাৰণ সংঘাত তথা পাৰিবাৰিক কন্দলেই ৰোমহৰ্ষক হত্যাকাণ্ডৰ ৰূপ লৈছে।
নিঃসীম ব্যক্তিকেন্দ্ৰিক শূন্যতা তথা সৰ্বত্ৰ ভাৰ্চুৱেলিটিৰ বিপৰীতে সজীৱ, সংবেদনশীল লিংগসমতাভিত্তিক, সামাজিক-সাংস্কৃতিক সংগঠনমূলক নতুন কাৰ্যকলাপৰ দ্বাৰা পৰিৱৰ্তিত প্ৰজন্মৰ ওচৰ চাপিব পৰা যায়, মানুহৰ ওপৰত হেৰুওৱা বিশ্বাসক পুনৰ ঘূৰাই অনাৰ লগতে আধুনিক ব্যক্তি-জীৱনকো অৰ্থময় কৰি তোলাৰ সম্ভাৱনাক জগাই তুলিব পৰা যায়।
নব্য ফেচীবাদৰ বিৰুদ্ধে সংগ্ৰামৰত বিশ্বৰ প্ৰগতিশীল শক্তিসমূহে এক নতুন সাংস্কৃতিক তথা সাংগঠনিক ভাষাশৈলী আয়ত্ত্ব কৰিব নোৱাৰাটোও এই যুগৰ মানৱতাৰ প্ৰবল সংকটৰ আঁৰৰ এক অন্যতম কাৰণ হিচাপে চিহ্নিত হৈ ৰ’ব।